মূল- তসলিমা নাসৰিন ; অসমীয়া ভাৱানুবাদ- জোনা মহন্ত
যদি মই তোমাৰ বাবে চকুত কাজল লগাবলগীয়া হয়,
চকু মুখত প্ৰসাধন কৰিবলগীয়া হয়,
গাত সুগন্ধি চটিয়াবলগীয়া হয়
যদি আটাইতকৈ ধুনীয়া শাৰীখন পিন্ধিবলগীয়া হয়,
কেৱল তুমি দেখিবা বুলিয়েই মালা-খাৰু পিন্ধিবলগীয়া হয়,
যদি তল পেটৰ মেদ,
ডিঙি বা চকুৰ ভাঁজ কৌশলেৰে লুকাবলগীয়া হয়,
তেন্তে তোমাৰ স’তে আন কিবা… প্ৰেম নহয় ।
প্ৰেম হ’লে মই যেনেকৈয়ে নাথাকোঁ
যিকোনো খুঁত, ভুল ভাল, অপৰিপাটি হৈ থাকিলেও
মই যেনেকৈয়ে তোমাৰ আগত থিয় দিওঁ
তুমি ভালপাবাই ।
কোনে কৈছে প্ৰেম খুব সহজ বিচাৰিলেই হয় !
ইমান যে পুৰুষ দেখোঁ চাৰিওফালে, ক’তা , প্ৰেমিকতো দেখা নাই !!
জোনা মহন্ত ।