অসমৰ বিভিন্ন জাতি, জনজাতিৰ প্ৰতিটোৰে নিজ নিজ লোক উৎসৱ আছে। বছৰটোৰ নিৰ্ধাৰিত সময়ত প্ৰত্যেকেই নিজৰ উৎসৱসমূহ অতি উলহ-মালহেৰে উদযাপন কৰে। এই পৰম্পৰাবোৰে কেৱল যে থলুৱা কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰ কৰি আহিছে এনে নহয়, ই অসমত বাস কৰা জাতি জনজাতিক একত্ৰিত কৰি ঐক্য, মৈত্ৰী, সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীৰে বান্ধি ৰাখিছে। এই পৰম্পৰাসমূহে অতীজৰে পৰা অসমীয়াৰ মনত উদাৰ জাতীয়তাবাদ জগাই আহিছে ।
অসমৰ লোক উৎসৱসমূহৰ ভিতৰত জাকত- জিলিকা উৎসৱ হ’ল বিহু। কৃষিভিত্তিক বিহু উৎসৱে অসমীয়াৰ লোকৰ মনত আলোড়নৰ সৃষ্টি কৰে। বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত তিনিটা বিহু পালন কৰা হয়। কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ব’হাগ বিহু বা ৰঙালী বিহু, পথাৰত ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্ৰান্তিত কাতি বা কঙালী বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰাৰ সময়ত অৰ্থাৎ পুহ-মাঘ মাহৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয়। বিহু বসন্তকালীন প্ৰকৃতিৰ সজীৱতা আৰু কৃষি উৎপাদনৰ কামনাক কেন্দ্ৰ কৰি বিকশিত হৈছে।
‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে বিভিন্নজনে বিভিন্ন মত পোষণ কৰে যদিও কোনোটোৱেই সৰ্বসন্মতভাৱে গ্ৰহণযোগ্য নহয় । কোনো কোনো গৱেষকৰ মতে সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। কিন্তু যিসময়ত জ্যোতিষশাস্ত্ৰই হোজা গাঁৱলীয়া সমাজক স্পৰ্শ কৰা নাছিল সেইসময়তে কৃষিভিত্তিক উৎসৱ পালন কৰিছিল। সভ্যতাৰ উত্তৰণৰ পথত প্ৰথম খোজ হৈছে কৃষি।ইতিহাসে ঢুকি নোপোৱা দিনতে কোনো বিশেষ দিনত বসন্তৰ আগমনত কৃষিৰ হাড় ভঙা পৰিশ্ৰম আৰম্ভ হোৱাৰ আগে আগে হ’বলগীয়া কৃষিৰ উন্নত মানৰ ফচল কামনা কৰি প্ৰাণ ঢালি নৃত্য-গীত কৰিছিল। ঢোলত মেঘৰ গৰ্জনৰ চেও তুলি ধৰা জীপাল কৰিবলৈ বৰষুণক আমন্ত্ৰণ কৰিছিল। সময়ৰ লগে লগে হয়তো ই নিয়মীয়া উৎসৱলৈ পৰিণত হৈছিল। যি সময়ত মানুহে খেতি কৰিবলৈ শিকিছিল সেই সময়তে শষ্য উৎপাদনৰ আনন্দ প্ৰকাশৰ বাবে সমূহীয়া উৎসৱেই কালক্ৰমত বৰ্তমানৰ বিহুৰ ৰূপ ল’লে । আচলতে বিহু আৰ্য্য -অনাৰ্য্যসকলো জনগোষ্ঠীৰে সমূহীয়া আনন্দ প্ৰকাশৰ এক উৎসৱ ,যি সময়ৰ পৰিৱৰ্তনৰ ধাৰাত বিহু নামলৈ ৰূপান্তৰিত হৈ অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃত হৈছে।
কিছুসংখ্যক গৱেষকৰ মতে অসমৰ খিলঞ্জীয়া জনজাতি যেনে বড়োসকলৰ বৈচাগু, ডিমাচাসকলৰ বুচু, তিৱাসকলৰ পিচু আদি কৃষিভিত্তিক উৎসৱৰ দৰে উজনি অসমৰ বিহুৰ গুৰি হৈছে উজনি অসমৰ বড়োমূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱাল, সকলৰ ‘বিচু ‘ উৎসৱ। পৰৱৰ্তীকালত অসমীয়া ভাষাত ‘চ’ উচ্চাৰণ ‘হ’ লৈ ৰূপান্তৰিত হৈ ‘বিহু’ শব্দৰ উৎপত্তি। ডঃ পৱন চন্দ্ৰ শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে চুতীয়া ভাষাত বিহুক ‘বিচু’ বুলি কোৱা হয়। বি মানে অতি, চু মানে আনন্দময়। বিহুৱে আজিৰ এই ৰূপ পোৱাৰ আগতে এই জনগোষ্ঠীসমূহৰ মাজতে স্বতঃস্ফূৰ্তভাৱে উদযাপিত হৈছিল। এই জনগোষ্ঠীৰ উৎসৱ মিলি আৰু এৰা ধৰাৰ মাজেৰে আহি বিহুৰ আজিৰ ৰূপ পাইছে।
বিহুৰ উৎপত্তি
বৰ্তমানৰ বিহুৰ সৃষ্টি হৈছিল উজনি অসমত। হলিৰাম ঢেকিয়াল ফুকনে লিখিছে ” বিহু কামৰূপে নাই সৌমাৰে (উজনি অসম) অধিক” (হলিৰাম ঢেকিয়াল ফুকনৰ ৰচনাৱলী)। অসমৰ এক আদিম জনগোষ্ঠী তথা ভূমিপুত্ৰ হৈছে চুতীয়াসকল। অসমৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰতো চুতীয়াসকলৰ অৱদান অসীম । বহুতো গৱেষকৰ মতে অসমীয়াৰ অবিচ্ছেদ্য অংগ বিহু চুতীয়াসকলৰ অৱদান। চুতীয়া ৰজাসকলৰ বিহুৰ পৃষ্ঠপোষকতাৰ কথা উল্লেখনীয়। পূৰ্বতে চুতীয়া ৰাজ্যৰ দিনত বিহু প্ৰধান উৎসৱ হিচাপে গঢ়ি উঠিছিল। সাঁচিপতীয়া দেওবুৰঞ্জীৰ মতে চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়াৰ কেঁচাইখাতী বা কলিমতী দেৱী বিহুৰ স্ৰষ্টা। ১৪০১ খ্ৰীষ্টাব্দত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ তাম্ৰলিপিত বিহুৰ উল্লেখ পোৱা যায়। য’ত পবিত্ৰ বিহুৰ দিনা ব্ৰাহ্মণক ভূমিদানৰ কথা পোৱা যায়, ইয়াৰ পৰাই সেই সময়ত বিহুৰ সামাজিক গুৰুত্ব বুজা যায়। বিহুক আমি বাপতিসাহোন বুলি কওঁ। এই ‘বাপতিসাহোন’ চুতীয়া ভাষাৰ শব্দ। চুতীয়া ভাষাত ‘বাপ’ মানে দেউতা, ‘বাপতি’ মানে দেউতাৰ আৰু ‘সাহোন’ মানে সম্পত্তি। গতিকে বিহু চুতীয়াৰ বাবে পৈতৃক সম্পত্তি। পুৰণি বিহু নাম বা গীতত চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া আৰু চুতীয়াসকলৰ আৰাধ্যা দেৱী কেঁচাইখাতী দেৱীৰ উল্লেখ থকাৰ পৰা বিহুৰ উৎপত্তি শদিয়া বা দাঁতি কাষৰীয়া অঞ্চলৰ পৰা হৈছে বুলি ভবাৰ থল আছে । বিহুৱে আজিৰ মৰ্যাদা পাবলৈ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আহিছে। আজিৰ পৰা কেইটামান দশক আগলৈকে তথাকথিত উচ্চ জাত বা উচ্চ বংশৰ লোকে বিহুক নীচ লোকৰ লেতেৰা উৎসৱ বুলি বৰ্জন কৰিছিল।
পৌৰাণিক বিহুৰ ৰীতি নীতি
আগৰ দিনত চ’ত মাহত মানুহে ৰাতি বিহু উদযাপন কৰিছিল। গাঁৱৰ পথাৰত চাকি জ্বলাই বা দেউৰী পূজাৰীয়ে ঘৰৰ চোতালত নাচি বিহু উদযাপন কৰিছিল। ইয়াৰ পাছত বহাগৰ প্ৰথম বুধবাৰে থানত পূজা আৰম্ভ হৈছিল। পুৱাৰ ভাগত গৰুক গা ধুৱাই গৰু বিহু পালন কৰিছিল। যিটো পৰম্পৰা আজিও পালন কৰা হয়। এই প্ৰথা বড়োসকলৰ বৈচাগু উৎসৱতো পালন কৰা হয়। কণী যুঁজ, কুকুৰা যুঁজ আদি ৰং ধেমালিৰ আয়োজন কৰা হৈছিল। আবেলি বিহু গাই গাই থানৰ চোতাললৈ বিহু লৈ যোৱা হৈছিল আৰু কেঁচাইখাতী (কলিমতী) দেৱীকে ধৰি চাৰি শাল গোসাঁনীক স্বৰ্গৰ পৰা পৃথিৱীলৈ বিহুৰ আশীৰ্বাদ দিবলৈ নমাই অনা হৈছে। এয়াই ‘বিহু নামাই অনা’ বুলি কোৱা হয়। পাছদিনা বৃহস্পতিবাৰৰ পৰা বলি দিয়া কাৰ্য্য আৰম্ভ কৰা হৈছিল। সেইদিনা অৰ্থাৎ মানুহ বিহুৰ দিনা দুপৰীয়া দেওধনি আৰু বাৰিকে গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ নিৰ্দেশ দিছিল। দেওধনিসকলে আবেলি বলি বিধান শেষ কৰাৰ পাছত সাজপাৰ পিন্ধি বলি কটা স্থানত গাঁৱৰ কুশল মংগল আৰু বিপদ আপদৰ সন্দৰ্ভত আলোচনা কৰিছিল তাৰপাছত দেওধনিয়ে নৃত্য কৰিছিল, ঢুলীয়াই ঢোল বজাইছিল। থানঘৰৰ চোতালৰ পুৰুষ মহিলাৰ নাচৰ চেও বেলেগ বেলেগ আছিল। দেওধনি নৃত্য শেষ হোৱাৰ পাছত গাঁৱৰ ডেকা-গাভৰু বিহুৱাসকলে গাঁৱৰ মানুহৰ ঘৰে ঘৰে গৈ বিহু মাৰিছিল, ইয়াকে বিহু হুঁচৰি বুলি কোৱা হয়। পিছৰ সপ্তাহত বুধবাৰে সকলোৱে পুনৰ থানঘৰৰ পৰা বিহু উলিয়াই আনি গাঁৱৰ এমূৰত থকা নদী বা পুখুৰীত বিহু থৈ আহিছিল। কলগছৰ নাও সাজি নাওখন ফুলেৰে সজাই এটা সৰু কুকুৰা পোৱালি নাৱত বান্ধি উটিৱাই দিয়া হৈছিল। তাৰপিছত ঢোল পেঁপা সামৰি বিহুৱা সমাজ গাঁৱলৈ ঘূৰি আহিছিল।
বিহুৰ ক্ৰমবিকাশ
বিহুৰ আৰম্ভণিৰ কোনো নিৰ্ভৰযোগ্য ইতিহাস পাবলৈ নাই। অতীতত মিলনৰ বাবে উন্মুখ ডেকা- গাভৰুৱে মনৰ কথা খুলি ক’ব নোৱাৰি গীতৰ মাজেৰেই প্ৰকাশ কৰিছিল মনৰ কথা। নাচ গানৰ ৰঙেৰে জীপাল হৈ পৰা সেই ক্ষণটিতে বহুতে জীৱনৰ সুখ দুখৰ লগৰী বিচাৰি লৈছিল। নাচ গানেৰে মতলীয়া হৈ সকলোৱে আনন্দ প্ৰকাশ কৰিছিল। সংস্কৃতিৰ এই ধাৰাটো হয়তো এনেদৰেই আগবাঢ়িছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে লাহে লাহে এই নাচ-গানৰ মাজত সংস্কৃতিৰ বীজ এটি শিপাইছিল।
বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই দিখৌৰ পাৰত নতুনকৈ এখন নগৰ নিৰ্মাণ কৰি ৰংপুৰ নাম দিয়ে। এই নৱনিৰ্মিত নগৰখনলৈ স্বৰ্গদেউ ৰুদ্ৰসিংহই গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰ কৰি ৰাজকাৰ্য্য চলাইছিল। এই ৰংপুৰতে স্বৰ্গদেৱে ৰজা আৰু প্ৰজাৰ মনোৰঞ্জনৰ বাবে এটা ৰংঘৰ সাজে। প্ৰথমতে কাঠ-বাঁহেৰে নিৰ্মাণ কৰা ৰংঘৰটো পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইটাৰে পকীকৈ নিৰ্মাণ কৰে। এই ৰংঘৰটোৱেই অসমৰ বাৰেবৰণীয়া সাংস্কৃতিক বুৰঞ্জীৰ এটি উল্লেখযোগ্য কীৰ্তিস্তম্ভ। সেই সময়ৰ আহোম শাসনৰ অন্যতম বৈশিষ্ট্য আছিল সকলো জাতি ধৰ্মগোষ্ঠীৰ নিজা কৃষ্টি সাংস্কৃতিক সন্মান প্ৰদৰ্শন কৰা। এনেদৰে চহা ডেকা-গাভৰুৱে গছৰ তলত নচা বিহু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আমোলতেই ৰংঘৰৰ বাকৰিত প্ৰদৰ্শিত হৈছিল। আজিৰ বিহুৰ ৰূপৰ কঠীয়া আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আমোলতেই ৰোৱা হৈছিল। এইজনা স্বৰ্গদেউৰ দিনতে ৰাজকাৰেঙলৈ ৰাইজক হুঁচৰি গাবলৈ নিমন্ত্ৰণ কৰি হুঁচৰি দলৰ আগত আঁঠুলৈ আশীর্বাদ লোৱাৰ পৰম্পৰা প্ৰতিষ্ঠা হৈছিল। লাহে লাহে সকলোৰে ঘৰৰ চোতালত ৰাইজৰ হুঁচৰি দলৰ পৰা গৃহস্থই আশীৰ্বাদ লোৱাৰ পৰম্পৰাও ঠন ধৰি উঠিল। বিহু হৈ পৰিল ৰাজকীয় স্বীকৃতি পোৱা এটি অনুষ্ঠান, যিটো ৰজাৰ পৰা প্ৰজালৈ সকলোৱে একেলগে মিলি উদযাপন কৰিব পাৰে। বিহু কোনো জাতি বা ধৰ্মৰ হৈ নাথাকিল। বিহুক সমাজৰ সকলো শ্রেণীৰ লোকে সমানে আদৰি ল’লে। লাহে লাহে কালৰ সোঁতত আহোমৰ ৰাজত্বৰ সোণসেৰীয়া দিনবোৰ জহি খহি গ’ল। ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ গ’ল। ব্ৰিটিছৰ আগ্ৰাসনৰ লগে লগে কিছু সংখ্যক অসমীয়া ডাঙৰীয়াই বিহুক নিষিদ্ধ কৰিবলৈ ব্ৰিটিছ বিষয়াৰ ওচৰত আৰ্জি দিলে। সেই সময়ত লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে কেইজনমান মুষ্টিমেয় হিতৈষী অসমীয়াৰ সামূহিক প্ৰচেষ্টাৰ বাবে অসমীয়াৰ প্ৰাণস্বৰূপ বিহুটি এলাগী হোৱাৰ পৰা ৰক্ষা পৰিল।
লাহে লাহে পশ্চিমীয়া সংস্কৃতিৰ দৰে অসমতো মঞ্চ ব্যৱহাৰ কৰি বিভিন্ন সাংস্কৃতিক কাৰ্য্যক্ৰম প্ৰদৰ্শন আৰম্ভ হ’ল। ঠিক এনে সময়তে মহেশ্বৰ নেওগৰ দৰে কেইজনমান প্ৰতিভাৱান অসমীয়া লোকে ১৯৪১ চনত শিৱসাগৰত বিহুক মঞ্চলৈ আদৰি আনে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাই ১৯৫১ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চ বিহুৰ আৰম্ভ কৰে। এইসকল প্ৰকৃত অসমীয়াৰ অসীম প্ৰচেষ্টাত বিহু আহি মঞ্চ পালে।
এসময়ৰ গছৰ তলৰ বিহু আহি মঞ্চত উঠিল। বৰ্তমান ঘৰে ঘৰে গৈ হুঁচৰি গোৱা ৰীতিও অসমৰ বহু ঠাইত মৃতপ্ৰায়। গোলকীকৰণ, নৱপ্ৰজন্মৰ মানসিকতা পৰিৱৰ্তনৰ ঢৌ আদি কাৰণত অতীত আৰু বৰ্তমানৰ বিহুৰ মাজত বহু পাৰ্থক্য দেখা যায়।
