মূল কবিতা- পহচান
কবি – অমৃতা প্ৰীতম ।
তোমাক পালেতো
আৰু কেবাটাও জনম
মোৰ হৃদয়ৰ স্পন্দন চলি থাকিব
মোৰ নিশ্বাসে যেতিয়া তোমাৰ নিশাহৰ স’তে মিলি গ’ল
যেন বহু কাল উলটি গ’ল মুৰৰ ওপৰেৰে…
এটা গুহা আছিল
য’ত মই আছিলোঁ আৰু এজন যোগী ।
যোগীয়ে যেতিয়া বাহুৰে আৱদ্ধ কৰি
মোৰ নিশ্বাস চুইছিল
ভগৱানৰ শপত !
এই একেই সুবাস যি তেওঁৰ ওঁঠৰ পৰা আহিছিল…
এয়া কেনে মায়া কেনে লীলা
হয়তো তুমিয়েই কেতিয়াবা সেই যোগী আছিলা
অথবা তুমিয়েই সেই যোগী…
যিয়েই তোমাৰ ৰূপত মোৰ ওচৰলৈ আহিছে
আৰু সেয়া ময়েই …আৰু সেই সুবাস….।
অসমীয়া অনুবাদ – জোনা মহন্ত ।