
কেতিয়াবা তুমি বৰষুণৰ শীতল টোপাল
কেতিয়াবা তুমি আকৌ ৰ’দৰ উত্তাপ
কণ্ঠৰ যাদুৰে জনতাৰ প্ৰাণত বিলোৱা
প্ৰেৰণা জীয়াই থকাৰ ।
তোমাৰ গীতত আছে অৰণ্যৰ সুবাস
প্ৰকৃতিৰ প্ৰতি নিভাঁজ অসীম ভালপোৱা
লুইতৰ পাৰৰ সেই চিনাকি নিৰ্জনতা
তোমাৰ গীতেই প্ৰেম তোমাৰ গীতেই আৱেগ
অসমৰ সংস্কৃতিৰ তুমি উজ্জ্বল নক্ষত্ৰ।
তুমি কেৱল এজন শিল্পী নহয়,
তুমি এটা যুগৰ স্পন্দন
তোমাৰ অভিমানী মন স্পষ্টবাদী কথা
আৰু নিস্বাৰ্থ মমতাৰ বাবেই
সকলোৰে হৃদয়ত থাকা প্ৰাণৰ আপোন হৈ।
তুমি সাগৰৰ দৰে বিশাল
পাহাৰী নিজৰাৰ দৰে চঞ্চল
কেতিয়াবা আকৌ ‘মায়া’ৰ উন্মাদনা
কেতিয়াবা তুমি ‘অনামিকা’ৰ দুখ
সেইবাবেই তুমি সকলোৰে হিয়াৰ আমঠু।
তোমাৰ কণ্ঠত আছে শোষিতৰ অধিকাৰ
তুমি জ্বলি থাকা সমাজৰ অৰাজকতাত
তুমি বোৱা জ্বলন্ত জোঁৰ হৈ আমাৰ তেজৰ সোঁতত
তোমাৰ কণ্ঠত জনতা জাগে কৰে অন্যায়ৰ প্ৰতিবাদ
তুমি আমাৰ বাবে এক অনিৰ্বান শিখা ।
তুমি অৰণ্যৰ সেই বনজুই
যিয়ে পুৰি ছাৰখাৰ কৰে অন্যায়ৰ শিপা।
তোমাৰ কণ্ঠত-
নিৰ্যাতিতৰ বাবে আৰ্তনাদ
অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ ফিৰিঙতি
যিয়ে ধুমুহা হৈ দুৰ্নীতিৰ ভেটি কঁপায়।
তুমি সদায় জীয়াই থাকা আমাৰ মাজত
আমাৰ প্ৰতিটো উশাহৰ সংগীত হৈ ।
