মূল _ হিন্দী
কবি -মংগলেশ ডব্ৰাল।
সেউজীয়া পাহাৰবোৰ ৰাতি
শিতানত থিয় দিয়ে
শিখৰৰ সৈতে খুন্দা খাই
তোমাৰ কণ্ঠস্বৰ সেমেকা উপত্যকাত বিয়পে
আৰু অতীতৰ দৃশ্যবোৰ
ধূলিৰে ধূসৰ হৈ অাহে।
তোমাৰ শাৰীৰিক বয়স
শিলৰ ওপৰত ঢলি পৰা ঘাঁহ
কামনাৰ অলেখ নিজৰা
সুগন্ধী নথকা মৃত্যু আৰু এই সকলো
যিবোৰেৰে তোমাৰ শৰীৰ গঢ় লৈছে
পুনৰ উভতি আহে তেজলৈ
আকৌ এবাৰ চিঞৰিবলে।
