
বৰষাৰ বিদায়ত আকাশ নিৰ্মল
শুকুলা ডাৱৰৰ শুভ্ৰ সমদল
নীলাৰ বুকুত কপাহ কোমল
মেঘে পাতে ধেমালিৰ মেলা ।
ৰূপালী জোনাকে আৱৰে আকাশ ।
নিয়ৰে তিয়াই সেউজীয়া বননি
দুৱৰিৰ বুকুত মুকুতাৰ মালা
বতাহত কঁহুৱাৰ মায়াবী খেলা।
ধাননি পথাৰত সেউজী সাজ
প্ৰকৃতিৰ বুকুত নতুন লেপন
পদূলিত শেৱালিৰ শুভ্ৰ দলিচা
সুবাসে হিয়া-মন কৰে উতলা ।
শাৰদীয় আকাশত শংখ-ডবাৰ ধ্বনি
চৌদিশে ধূপ-ধূনাৰ আমোলমোল সুবাস
ধৰাৰ বুকুত উলাহৰ চাকি জ্বলে
আহিনৰ শুভ্ৰ ক্ষণত ভকতিৰ সুঁতি বলে
অসূৰবিনাশী দুৰ্গতিনাশিনীৰ
মহিমাই ধৰা উপচায়
তুলসী তলৰ চাকিৰ পোহৰ
আকাশবন্তিৰ মিচিকিয়া হাঁহি
কাতিৰ আকাশ উজলি
আঁকে এক ভক্তিৰ ছবি ।
লখিমী আইৰ পোহৰৰ শিখাই
দৰিদ্ৰতা নেওচি আনে সমৃদ্ধি।
শৰৎ মাথোঁ এটা ঋতু নহয়
বিনন্দীয়া শৰতৰ মোহময়ী ৰূপে
আনে অন্তৰত শান্তিৰ অমিয়া
আনে আনন্দ উলাহৰ বতৰা।
