মূল ৰাজবংশী– মিনাক্ষী ৰায় ডাকুৱা ।
কিছু কথা যিবোৰ মাথোঁ তোমাকেই কোৱা যায়
কেৱল মাথোঁ তোমাকেই কোৱা গ’লহেঁতেন
কিছু সুখৰ মুহুৰ্ত যিবোৰ মাথোঁ
তোমাৰ লগতেই ভগোৱা গ’লহেঁতেন
তোমাকেই দিয়া গ’লহেঁতেন
কিছু উপহাৰ কিছু আনন্দ কিছু গান
যিবোৰ আন কাকো দিয়া নাযায়
মোৰ জীৱনৰ মসৃণবিহীন পথত
মোৰ হৃদয়ৰ গভীৰৰ পৰা গভীৰতালৈ
অতিবাহিত কৰা প্ৰতিদিনৰ
বিৰহ শোক গ্লানিত তুমিয়েই আছিলা
প্ৰাণৰ শীতলতাৰ আশ্বাস হৈ
তুমি আঁতৰি গলা চিৰদিনৰ বাবে
পৃথিৱীৰ পৰা—
এতিয়া সেইবোৰ সপোনৰ কল্পনা হ’ল
সংগীতৰ মূর্ছনা হৈ বই যায় হাহাকাৰত
বুকুত উতলি উঠা তাপ শুকান মৰুদেশত।
তথাপিও আশা-
অন্তৰৰ গোপন কোঠাত
সুসময়ত হব কথা হৃদয়ে হৃদয়ে
দুয়োৰে হাঁহিৰ খলকণিত
গুঞ্জৰিত হব চৌদিশে
কলকল স্বৰৰ ধ্বনিত
হেৰোৱা আবেগ উথলি উঠিব
অফুৰন্ত ফোৱাৰৰ দৰে।
তোমাৰ হৃদয়ৰ অশ্ৰুই সোঁৱৰিব
আমাৰ সপোন আমাৰ ভালপোৱা।
আজি নহয়-
ময়ো নাজানোঁ হয়তোবা কোনো পৰজনমত।
অনুবাদ- জোনা মহন্ত