
ৰাছিয়াৰ কথা মনলৈ আহিলেই এই দেশৰ ৰাজকীয় অতীতৰ সাম্ৰাজ্যবাদ, ইভান দি টেৰিবল (Ivan the Terrible), পিটাৰ দি গ্ৰেট (Peter the Great) আদিৰ নামে মনত ভূমুকি মাৰে ৷ সৰুৰে পৰাই শুনি থকা ইতিহাসৰ পাতত উজলি থকা এইসকলৰ বীৰত্বৰ গাথা, আনহাতে সমগ্ৰ বিশ্বক কঁপাই তোলা ৰাছিয়ান বিপ্লৱ আৰু লেনিনৰ বিষয়ে পঢ়ি দেশখনলৈ যোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছিলোঁ ৷ সেয়ে ২০১৭ চনৰ জুলাই মাহৰ গৰমৰ বন্ধত ৰাছিয়ালৈ যোৱাৰ মন মেলিলোঁ ৷ দেশৰ পৰা বাহিৰলৈ যোৱাৰ চৰকাৰী নীতি-নিয়ম পালন কৰি ভিছা আদি গোটাবলৈ প্ৰায় তিনি মাহমান সময় লাগে৷সেয়ে আগৰ পৰাই যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ ৷ আমাৰ লগতে মোৰ বান্ধৱী পাঁচগৰাকীও যাবলৈ ওলাল– ৰূপা ফুকন, ৰুমা শৰ্মা, অঞ্জলিগোস্বামী, ভূপালী হাজৰিকা, জোনাবৰবৰুৱা৷ আমি লগ হৈ বহুবাৰ ফুৰিবলৈ গৈছোঁ ৷ এনেদৰে ফুৰিও ভাল লাগে আৰু ফূৰ্তিও হয় ৷
ৰূপাৰ ঘৰ যোৰহাটত আৰু বাকী আমাৰ আটাইৰে ঘৰ গুৱাহাটীত৷ আমি আটায়ে ছয় জুলাইত গুৱাহাটীৰ গোপীনাথ বৰদলৈ এয়াৰপোৰ্টত লগ হোৱা কথা ৷ ৰূপা দুদিনমান আগতে আহি গুৱাহাটী পালেহি ৷ আমি মানে মই আৰু মোৰ জীৱন সংগী ডাঃ হৰেশ্বৰ মহন্তগৈ এয়াৰপোৰ্ট পোৱাৰ আগতে ভূপালী হাজৰিকাৰ বাহিৰে বাকী আটাইকেইগৰাকী আহি পালে ৷ ভূপালী বাইদেউ সদায় নিৰ্ধাৰিত সময়তকৈ আগতেই আহি পায় ৷ কি হ’ল বুলি বাৰে বাৰে ফোন কৰিও নোপোৱাত চিন্তাত পৰিলোঁ ৷ অৱশেষত প্ৰায় মূৰামূৰি সময়ত আহি ওলাল ৷ বাইদেউৰ ৰাতিৰ পৰা গা হেনো খুব বেয়া৷ নোযোৱাৰ সিদ্ধান্ত লৈছিল যদিও এওঁ ডাক্তৰ বাবে সেই সাহসতে ওলাই আহিছে ৷ নিৰ্ধাৰিত সময়তে আবেলি প্ৰায় চাৰি-বজাত আমি গৈ দিল্লী পালোঁ ৷ দিল্লীৰ আগতে ঠিক কৰি থোৱা হোটেললৈ গৈ ৰাতিটো তাতেই কটালোঁ৷ সন্ধিয়া কাজী (ভূপালীবাৰ ল’ৰা) আৰু নীৰনীতা (মোৰ ভনীৰ ছোৱালী) আহিল হোটেললৈ আমাক লগ কৰিবলৈ ৷ তেওঁলোক দুয়ো দিল্লীত কৰ্মৰত৷ তেওঁলোকৰ লগত সন্ধিয়াটো হাঁহি-ধেমালিৰ মাজেৰে পাৰ হ’ল ৷
সাত জুলাইত দিনৰ চাৰে-এঘাৰ বজাত দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টৰ টাৰ্মিনেল-৩ পৰা আস্তানা (Astana) বিমান সেৱাৰে আমাৰ যাত্ৰা কাঝাখস্তানৰ (Kazakhstan) আলমাটিলৈ ৷ আমি সোনকালে গৈ বিমানত উঠাৰ আগৰ যাৱতীয় আনুষ্ঠানিকতাখিনি কৰিলোঁ ৷ প্ৰায় চাৰে-চাৰি ঘণ্টা উৰণৰ পাছত আমাৰ বিমানে আলমাটিৰ স্থানীয় সময় আবেলি প্ৰায় চাৰে-চাৰি বজাত আলমাটিৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টত অৱতৰণ কৰে ৷ আলমাটি কাঝাখস্তানৰ আটাইতকৈ ডাঙৰ এয়াৰপোৰ্ট আৰু বৃহত্তম চহৰ ৷ আলমাটিৰ পৰা আমাৰ বিমান ৰাতি আঠ বজাত বাবে আমি তাত কিছু সময় অপেক্ষা কৰিব লগা হ’ল ৷ আলমাটিৰ পৰা কাজানলৈ উৰণকাল মাত্ৰ এঘণ্টা ৷ আমি নিশা ন বজাত গৈ কাজান এয়াৰপোৰ্ট পাওঁ ৷

টাটাৰস্থানৰ ৰাজধানী কাজান
কাজান এয়াৰপোৰ্ট চহৰৰ দক্ষিণ-পূবত মূল কাজান চহৰৰ পৰা প্ৰায় পঁচিশ কিলোমিটাৰ নিলগত আৰু টাটাৰস্থানৰ বৃহত্তম এয়াৰপোৰ্ট ৷ আমি ইমিগ্ৰেশ্বন কৰি বয়-বস্তু লৈ ওলাই আহিয়েই বেচ ওখ, বগা, ক্ষীণ ল’ৰা এজন (নামটো পাহৰিলোঁ) আমাৰ নামৰ প্লে-কাৰ্ড লৈ ৰৈ থকা দেখিবলৈ পালোঁ ৷ সুন্দৰকৈ ইংৰাজী ক’ব পৰা ল’ৰাজনে আমাক গাড়ীৰ ভিতৰতে কাজানৰ বিষয়ে কিছু কথা অৱগত কৰাৰ লগতে দ্বিতীয় দিনৰ আমাৰ ভ্ৰমণৰ কাৰ্য্যসূচীও জনালে ৷ কথা-বতৰাত জানিব পাৰিলোঁ তেওঁ ৰাছিয়াৰ স্থানীয় বাসিন্দা নহয়৷ কাজান বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু নিজৰ খৰচৰ বাবে এনেদৰে কিছু উপাৰ্জন কৰে ৷ আমাৰ পূৰ্ব নিৰ্ধাৰিত হোটেল অছ’বন্যাক না টিট্ৰালনয় (Osobnyak na Teatralnoy) হোটেলৰ আনুষ্ঠানিকতাখিনি শেষ কৰি তেওঁ আমাৰ পৰা বিদায় লওঁতে ৰাতি প্ৰায় বাৰ বাজিল ৷ আন ঠাইৰ দৰে ৰূমত কোনো খোৱা পানীৰ ব্যৱস্থা নেদেখি হোটেলৰ অভ্যৰ্থনা কক্ষলৈ গৈ পানী বিচৰাত একো বুজি নোপোৱাতহে বৰ সমস্যাত পৰিলোঁ ৷ কি কৰোঁ একো উপায় নাপাই ইফালে-সিফালে ঘূৰি থাকোঁতে হোটেলৰ এটা কোণত একুৱাগাৰ্ড জাতীয় এটা দেখা পোৱাত আমাৰ লগত থকা বটলত নিজেই পানী ভৰাই আনিলোঁ ৷ যথেষ্ট ৰাতিও হৈছে আৰু খোৱা বস্তু বিচাৰি আমি জানো কিবা বুজাব পাৰিম বুলি ভাবি ৰাতি আমি লগত নিয়া কিবাকিবি খাই শুই থাকিলোঁ ৷ কাজানত ইংৰাজী ক’ব পৰা লোক তেনেই তাকৰ ৷ আমি বিভিন্ন সময়ত ৰাছিয়াত থকা দিন কেইটাত ভাষাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল ৷ হোটেলৰ কোনো কৰ্মচাৰীয়ে ইংৰাজী ক’ব নোৱাৰে আনকি একো বুজিও নাপায় ৷
কাজান ভল্গা আৰু কাজানকা নদীৰ সংগম স্থলত ৰাছিয়াৰ দক্ষিণ-পশ্চিমত অৱস্থিত টাটাৰস্তানৰ ৰাজধানী৷ ৰাছিয়াৰ পঞ্চম বৃহৎ চহৰ কাজান টাটাৰ আৰু ৰাছিয়াৰ সংস্কৃতিৰ সংমিশ্ৰণৰ বাবে বিখ্যাত ৷ কাজানৰ ঐতিহাসিক ক্ৰেমলিনৰ বাবে প্ৰতি বছৰে বহু লক্ষ পৰ্যটকৰ আগমণ ঘটে ৷
প্ৰাগৈতিহাসিক কালতেই এই অঞ্চলটোত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰিছিল ৷ মধ্যযুগত ভল্গা বুলগেৰিয়া নামেৰে ইছলামিক ৰাজ্য এখন গঢ় লৈ উঠে৷ কালক্ৰমত তুৰ্কী, মধ্য-পূব এচিয়া, ইউৰোপ, আফ্ৰিকাৰ কিছু জনগোষ্ঠীয় লোকে বসবাস কৰিবলৈ লয় আৰু টাটাৰ নামেৰে এটি জনগোষ্ঠীয়ে বসতি কৰিবলৈ লয় ৷ ষোড়শ শতিকাত কাজান খানাটেৰ অধীনলৈ যায় আৰু ১৫৫২ চনত ইভান দি টেৰিবলে দখল কৰে ৷ তাৰ পাছতেই ৰাছিয়ানসকলে এই অঞ্চলটোত বসতি কৰিবলৈ লয় আৰু তাৰ অধিবাসীসকলক খৃষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ নেৰানেপেৰা চেষ্টা চলায় ৷ অক্টোবৰ বিপ্লৱৰ সময়ত ১৯১৭ চনত টাটাৰসকলৰ জাতীয় চেতনা জাগি উঠে আৰু কেইবাবছৰো গৃহযুদ্ধৰ পিছত ছোভিয়েট চৰকাৰে এখন স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰে ৷
আঠ জুলাইত হোটেলত ব্ৰেকফাষ্ট কৰি আমি কাজানৰ দৰ্শনীয় ঠাইসমূহলৈ যাবলৈ সাজু হ’লোঁ ৷ ব্ৰেকফাষ্টৰ বাবে সজাই ৰখা বেছিভাগেই স্থানীয় আহাৰ যদিও ব্ৰেড, কৰ্ণফ্লেক্স, কণী আছিল বাবে আমাৰ বিশেষ অসুবিধা নহ’ল ৷ কোনবিধ বস্তু কিহেৰে প্ৰস্তুত কৰিছে একো ধৰিব নোৱাৰি বাবে আমি স্থানীয় আহাৰৰ সোৱাদ নল’লোঁ ৷ ইতিমধ্যে কাজানত থকা কেইদিন আমাক সকলো দিশতে সহায় কৰিবলৈ আমাৰ গাইড ভেৰোণিকা আহি পালে ৷ প্ৰায় চাৰে ছয় ফুট ওখ সুন্দৰ চেহেৰাৰ ভেৰোণিকা স্কুলৰ শিক্ষয়িত্ৰী৷ ৰাছিয়াত গাইড নহ’লে চলা-ফুৰা কৰা সমস্যা ৷ সকলোতে স্থানীয় ভাষাহে চলে৷ আনকি পৰিব্ৰাজকৰ দৰ্শনীয় ঠাইসমূহৰ ফলক, হোটেলৰ খোৱাৰ তালিকা সকলো স্থানীয় ভাষাত লিখা ৷ ভেৰোণিকাই আমাক প্ৰতিটো দৰ্শনীয় নিদৰ্শনৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰিছিল বাবে আমাৰ বিশেষ অসুবিধা হোৱা নাছিল ৷
প্ৰথমতেই আমি টাটাৰস্তানৰ প্ৰাচীনতম মছজিদ, মাৰ্কানি (Marcani) বা মাৰ্ডজানি (Mardzhani) মছজিদলৈ যাওঁ ৷ এই মছজিদ টাটাৰস্তানৰ প্ৰাচীনতম মছজিদ হোৱাৰ উপৰিওএইটোৱেই একমাত্ৰ মছজিদ যিটো ৰাছিয়াৰ শাসন কালতো বন্ধ হোৱা নাছিল ৷ বহু দশক ধৰি ৰাছিয়ানসকলৰ নিপীড়ণৰ পিছত ১৭৬৬-৭০ চনত ক্যাথেৰিণ দি গ্ৰেটৰ অনুদান আৰু জনসাধাৰণৰ বৰঙনিৰে এই মছজিদটো নিৰ্মাণ কৰা হৈছিল ৷ ক্যাথেৰিণ দি গ্ৰেট ১৭৬২ৰ পৰা ১৭৯৬লৈ ৰাছিয়াৰ সম্ৰাজ্ঞী আছিল আৰু তেওঁৰ ৰাজত্ব কালতেই ৰাছিয়াৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাই ইউৰোপৰ অন্যতম বৃহৎ শক্তি হিচাবে স্বীকৃত হৈছিল ৷ এই মছজিদৰ নামকৰণ টাটাৰ ইমাম শিহাবেতদিন মাৰ্কানিৰ (Sihabetdin Marcani) নামেৰে কৰা হৈছে ৷ টাটাৰসকলৰ মধ্যযুগৰ স্থাপত্য আৰু পিটাৰ্চবাৰ্গৰ বাৰোক (Baroque) শৈলীৰে নিৰ্মিত মছজিদটো দুই মহলীয়া আৰু দুটা প্ৰকাণ্ড হল আছে ৷ ওপৰ মহলাৰ হলত প্লেটফৰ্মৰ ওপৰত এখন ডাঙৰ কাঠৰ চকী থোৱা আছে ৷ ভেৰোণিকাই কোৱা অনুসৰি সেইখন মক্কাৰ পোনে পোনে ৰখা হৈছে ৷ আমি মছজিদ গৈ পোৱা সময়ত তাত বিয়া এখনৰ আনুষ্ঠানিকতা চলি আছিল ৷ কোনো জাকজমকতা নোহোৱাকৈ মাত্ৰ ছয়জনমান লোকেৰে অনুষ্ঠিত বিয়াখন আমিও উপভোগ কৰিলোঁ আৰু শেষত দৰা-কইনাৰ লগত ফটোও উঠিলোঁ ৷ আচৰিত লাগিল, দৰা-কইনাই কোনো বিশেষ পোছাক পিন্ধা নাছিল ৷ সাধাৰণ পেণ্ট-চাৰ্ট পিন্ধিয়েই বিয়াত বহা দেখিলোঁ ৷ মাত্ৰ মূৰত টুপী পিন্ধিছিল কাৰণ মছজিদৰ ভিতৰত মূৰত কাপোৰ লোৱা বা টুপী পিন্ধা বাধ্যতামূলক ৷ আমিও টুপী আৰু ভৰিত মোজা পিন্ধিয়ে সোমাইছিলোঁ কাৰণ ভৰিৰ আঙুলিও ঢাকিহে মছজিদত প্ৰৱেশ কৰিব পাৰি ৷
তাৰ পৰা ওলাই বহু দিনৰ পৰা শুনি অহা কাজান ফেডাৰেল বিশ্ববিদ্যালয়লৈ যাওঁ ৷ ক’ৰবাত পঢ়া মনত আছিল, ছোভিয়েট ৰাছিয়াৰ বিপ্লৱৰ মূল নায়ক লেনিনক এই বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷ সেয়ে ৰাছিয়ালৈ যাওঁতেই এই বিশ্ববিদ্যালয়খন এবাৰ চোৱাৰ কথা মনতে পুহি ৰাখিছিলোঁ ৷ ১৮০৪ চনত ৰুছ সম্ৰাট আলেকজেণ্ডাৰে ‘কাজান ইম্পিৰিয়েল ইউনিভাৰ্চিটি (Kazan Imperial University) স্থাপনৰ স্বীকৃতি পত্ৰত স্বাক্ষৰ কৰিছিল আৰু ১৮০৫ চনৰ পৰা শিক্ষাৰ্থী ভতিৰ্ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ বৰ্তমান এই বিশ্ববিদ্যালয় আধুনিক বিষয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা, শিল্প আদি সকলো দিশতে সক্ৰিয়ভাৱে জড়িত ৷ বহু বিশ্ববিখ্যাত সাহিত্যিক, বিজ্ঞানী, গণিতজ্ঞ, ৰাজনীতিবিদ, সুৰকাৰ, চিত্ৰশিল্পী বিভিন্ন সময়ত এই শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আছিল ৷ ১৮৮৭ চনৰ আগষ্ট মাহত লেনিনে এই বিশ্ববিদ্যালয়ত আইনৰ ছাত্ৰ হিচাবে ভৰ্তি হৈছিল আৰু তাৰ তিনি-চাৰি মাহ পিছতেই তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷ ১৯২৫ চনত ‘কাজান ফেডাৰেল ইউনিভাৰ্চিটি’ৰ নাম সলনি কৰি ভ্লাদিমিৰ উলিয়ানভ-লেনিন কাজান ষ্টেট ইউনিভাৰ্চিটি’ (Vladimir Ulyanov- Lenin Kazan State University) ৰখা হয় ৷ ২੦১੦ চনত বিশ্ববিদ্যালয়খনক ফেডাৰেল মৰ্যাদা দিয়াৰ পিছত ‘কাজান ফেডাৰেল ইউনিভাৰ্চিটি’ নামেৰে নামকৰণ কৰা হয় ৷ বৰ্তমান ইয়াত প্ৰতি বছৰে বিভিন্ন দেশৰ ৫੦ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে৷ বায়োমেডিচিন, ফাৰ্মাচিউটিক্স, তেল নিষ্কাসন, তেল পৰিশোধন, পেট্ৰোকেমিষ্টি˜, যোগাযোগ, মহাকাশ প্ৰযুক্তি আদি বিষয়ৰ গৱেষণাক¸ অগ্ৰাধিকাৰ দিয়া হয় ৷ বগা আৰু নীলা ৰঙৰ বিল্ডিংসমূহৰ নিৰ্মাণ শৈলী অতি সুন্দৰ ৷ শান্ত সুন্দৰ পৰিষ্কাৰ পৰিৱেশ ৷ পৃথিৱীৰ বহু বিখ্যাত লোকে অধ্যয়ন কৰা প্ৰতিষ্ঠানখন চাই আপ্লুত হ’লো ৷ উল্লেখনীয় যে ইউনিভাৰ্চিটিত শিক্ষা আৰু সকলো কাৰ্য্যক্ৰম ৰাছিয়ান ভাষাতেই অনুষ্ঠিত হয় ৷ যিসকল শিক্ষাৰ্থীয়ে ৰাছিয়ান ভাষা নাজানে তেওঁলোকে বিশ্ববিদ্যালয়তে থকা আন্তৰ্জাতিক প্ৰস্তুতিমূলক বিদ্যালয়ত এবছৰ ভাষা প্ৰশিক্ষণ ল’ব লাগে ৷ মুখ্য প্ৰৱেশদ্বাৰত লেলিনৰ পূৰ্ণ অৱয়ৱৰ মূৰ্তি এটিও স্থাপন কৰা আছে ৷ কাজান ফেডাৰেল ইউনিৰ্ভাচিটিৰ মুখ্য কেম্পাচৰ পৰা কিছু আঁতৰতেই কাজান ক্ৰেমলিন অৱস্থিত ৷ তাৰ পৰা আমি কাজান ক্ৰেমলিনলৈ যাওঁ ৷

কাজান ক্ৰেমলিনৰ ইতিহাস অতি প্ৰাচীন ৷ ৰাছিয়াত বিভিন্ন সময়ত বহু চহৰত ক্ৰেমলিন নিৰ্মাণ কৰা হৈছিল ৷ ক্ৰেমলিন হৈছে চহৰৰ কেন্দ্ৰবিন্দুত বহিঃশত্ৰুৰ পৰা ৰক্ষা পাবলৈ সজা দুৰ্গ৷ ভল্গা আৰু কাজানকা নদীৰ সংগমস্থলত নিৰ্মাণ কৰা ক্ৰেমলিনৰ পৰা দেখা কাজান চহৰৰ দৃশ্য অতি মনোৰম৷ ইভান দি টেৰিবলে কাজান খানাটে অধিকাৰ কৰাৰ পিছত কাজান খানাটেৰ কিল্লাসমূহ ধবংস কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে সেই স্থানতে ১৫৫২ চনত ক্ৰেমলিন নিৰ্মাণ কৰা হৈছিল ৷ বৰ্তমান ক্ৰেমলিনত বহুতো ঐতিহাসিক স্থাপত্যশিল্পৰ¸ প্ৰত্নতাত্বিক নিদৰ্শন আছে ৷ যিবোৰ আজিও ক্ৰেমলিনৰ ইতিহাসৰ ধাৰাবাহিকতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সাক্ষী হৈ আছে ৷ ২੦੦੦ চনত ইউনেস্কোয়ে (UNESCO) কাজান ক্ৰেমলিনক বিশ্বৰ ঐতিহ্য বুলি অভিহিত কৰিছে ৷ কাজান ক্ৰেমলিনত নিৰ্মাণ কৰা বিভিন্ন বিল্ডিংসমূহৰ ভিতৰত ষোড়শ শতিকাতে নিৰ্মিত এনান্সিয়েশ্বন কেথেড্ৰল (Annunciation Cathedral) আটাইতকৈ প্ৰাচীন৷ কাজানৰ আন প্ৰাচীন বিল্ডিংসমূহৰ দৰে এই কেথেড্ৰল ইটাৰ ব্যৱহাৰ নকৰাকৈ স্থানীয় চেণ্ডষ্টোনেৰে নিৰ্মিত ৷ বৰ্তমানৰ গীৰ্জা নিৰ্মাণ কৰা স্থানতে পূৰ্বতেমাত্ৰ তিনিদিনৰ ভিতৰতে এটি কাঠৰ গীৰ্জা ইভান দি টেৰিবলে নিৰ্মাণ কৰিছিল ৷ বৰ্তমান এই গীৰ্জা ধৰ্মীয় শিক্ষা আৰু ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰবিন্দু ৷ টাটাৰ আৰু ৰাছিয়ানসকলৰ মিশ্ৰিত সংস্কৃতি, ধৰ্ম, স্থাপত্য শিল্প আদিৰ প্ৰতিচ্ছবি আন ঠাইতকৈ কাজান ক্ৰেমলিনত স্পষ্ট ৰূপত পৰিলক্ষিত হোৱা যেন অনুমান কৰিলোঁ ৷
ক্ৰেমলিনৰ দক্ষিণত অৱস্থিত মূল প্ৰৱেশদ্বাৰত থকা স্পাছকায়া টাৱাৰ (Spasskaya Tower) স্থাপত্যৰ আন এটি নিদৰ্শন ৷ এই টাৱাৰৰ কাষতে থকা স্পাছ্কি মঠৰ (Spassky monestery) নামেৰেই ইয়াৰ নামকৰণ কৰা হৈছে ৷ ক্ৰেমলিনৰ উত্তৰ দিশত আন এটি টাৱাৰ আছে যাক চিক্ৰেট টাৱাৰ বুলিও কোৱা হয় কাৰণ তাত গোপনে পানী সৰবৰাহ কৰা নাদ আছিল ৷ বৰ্তমান খোজকাঢ়ি অহা পৰিব্ৰাজক এই টাৱাৰৰ মাজেৰে প্ৰৱেশকৰিব লাগে ৷
সুয়াম্বাইক (Suyambike Tower) টাৱাৰ কাজান ক্ৰেমলিনৰ এটি অন্যতম স্থাপত্য শিল্পৰ নিদৰ্শন ৷ এই টাৱাৰটোৰ নিৰ্মাণ সম্পৰ্কে বিভিন্ন মতামত আছে ৷ কিছুসংখ্যক বুৰঞ্জীবিদৰ মতে অষ্টাদশ শতিকাত আৰু কোনো কোনোৱে কয় ক্ৰেমলিনৰ আনবোৰ নিদৰ্শনৰ দৰেই চৰ্তুদশ-পঞ্চদশ শতিকাতে নিৰ্মিত ৷ ক্ৰেমলিনৰ আনবোৰ নিদৰ্শনতকৈ ইয়াত কিছু পাৰ্থক্য দেখিবলৈ পালোঁ ৷ পিছাৰ বিখ্যাত হেলনীয়া টাৱাৰৰ দৰেই কিছু হেলনীয়া এই টাৱাৰ ইটা ৰঙৰ ৷ বাকী প্ৰায়বোৰেই বগা আৰু নীলা ৰঙৰ সংমিশ্ৰণ আৰু একেবাৰে ওপৰৰ গম্বুজসমূহৰ ৰং সোণালী ৷ এই টাৱাৰক খান মছজিদ বুলিও কোৱা হয়৷ সম্ভৱতঃ এসময়ত এই টাৱাৰটো কাজান চহৰৰ আটাইতকৈ উচ্চ অৱয়ৱ আছিল ৷ ভেৰোণিকাই কোৱা মতে– লোক প্ৰবাদ আছে ইভান দি টেৰিবলৰ আগমনৰ প্ৰতিবাদত কাজান খানাটেৰ শেষ সম্ৰাজ্ঞী সুয়াম্বাইকে এই টাৱাৰৰ ওপৰৰ পৰা জঁপিয়াইছিল ৷ সেইবাবেই তেওঁৰ নামেৰেই এই টাৱাৰৰ নাম ‘সুয়াম্বাইক টাৱাৰ’৷
আকৰ্ষণীয় বগা টাৱাৰ আৰু প্ৰাচীৰসমূহ ষোড়শ-সপ্তদশ শতিকাতে নিৰ্মাণ কৰা যদিও বিভিন্ন সময়ত এইসমূহ পুনৰ নিমাৰ্ণ কৰা হৈছে৷ বিখ্যাত কুল শ্বৰিফ মছজিদ আটকধুনীয়াকৈ, নতুনকৈ ক্ৰেমলিনৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে ৷ পূৰ্বতে নিৰ্মাণ কৰা সময়ত কুল শ্বৰিফ মছজিদ ইস্তানবুলৰ বাহিৰে সমগ্ৰ ইউৰোপৰ ভিতৰত বৃহত্তম মছজিদ আছিল ৷ কুল শ্বৰিফ নামেৰে এজন ইছলাম ধৰ্মৰ পণ্ডিত আছিল৷ ১৫৫২ চনত কাজানক ৰাছিয়াৰ সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰাৰ সময়ত তেওঁ বহুতো অনুগামীৰ সৈতে মৃত্যুবৰণ কৰিছিল ৷ তেওঁৰ নামেৰেই এই মছজিদৰ নাম কুল শ্বৰিফ ৰখা হয়৷ কাজান দখলৰ সময়ত ইভান দি টেৰিবলে এই মছজিদ ধবংস কৰি পেলাইছিল ৷ বৰ্তমান পুৰণি মছজিদৰ কোনো চিন-চাব নাই ৷ আনকি প্ৰকৃততে কোন ঠাইত এই মছজিদ আছিল সেই কথাও ঠাৱৰকৈ কোৱা টান৷ বৰ্তমান ২০০৫ চনত নৱনিৰ্মিত কুল শ্বৰিফ মছজিদ ইউৰোপৰ বৃহৎ মছজিদসমূহৰ ভিতৰত এটা ৷ আদিতে এই মছজিদ ষোড়শ শতিকাতে ইভান দি টেৰিবলে অধিকাৰ কৰাৰ সময়ত অৰ্থাৎ ১৫৫২ চনৰ আগতে যিখিনি ঠাইত মছজিদ আছিল সেই ঠাইতে কুল শ্বৰিফ মছজিদ নিৰ্মাণ কৰা হৈছে বুলি কোৱা হয় ৷ এই মছজিদক কাজান আৰু টাটাৰস্তানৰ মিলনৰ সেঁতু বুলিও কোৱা হয় ৷ মছজিদৰ ভিতৰত গ্ৰন্থাগাৰ, প্ৰকাশন ঘৰ, ইমামৰ কাৰ্যালয় আদিও আছে ৷ এই সমূহৰ উপৰিও চাৰিওফালে আৰু বহুতো টাৱাৰ দেখিবলৈ পাইছিলোঁ ৷
ক্ৰেমলিনৰ চৌহদতে ১৮৪৩-৫৩ চনৰ ভিতৰত স্থপতিবিদ কনষ্টাণ্টিন থনৰ ডিজাইনেৰে নিৰ্মাণ কৰা গৱৰ্ণৰ হাউচ বৰ্তমান টাটাৰস্তান প্ৰজাতন্ত্ৰৰ ৰাষ্ট˜পতিৰ চৰকাৰী বাসভৱন৷ প্ৰৱাদ আছে পূৰ্বৰ খান প্ৰাসাদৰ ঠাইতে এই প্ৰাসাদটি নিৰ্মাণ কৰা হৈছে ৷ কাজান ক্ৰেমলিন টিলাত অৱস্থিত বাবে তাৰ পৰা কাজান চহৰৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ উপৰিও আক বাৰ্চ এৰেনা (AK Bars Arena) ষ্টেডিয়ামখনো আঁতৰৰপৰাই দেখিলোঁ ৷ আমি যোৱাৰ সময়ত ফিফা ৱল্ডৰ্ কাপৰ বাবে ষ্টেডিয়ামখন সজাই আছিল৷ উল্লেখযোগ্য যে ২০১৮ চনত ফিফা ৱল্ডৰ্ কাপৰ ছয়খন খেল এই ষ্টেডিয়ামখনত অনুষ্ঠিত হৈছিল ৷ ৪৫ হাজাৰৰো অধিক লোকে খেল উপভোগ কৰিব পৰা এই ষ্টেডিয়ামখন স্থানীয় সংস্কৃতিৰ আৰ্হিত নিৰ্মিত ৷
কাজান ক্ৰেমলিনৰ পৰা উভতি হোটেললৈ আহোঁ৷ ভেৰোণিকাই আমাক হোটেলত থৈ আমাৰ পৰা বিদায় ল’লে ৷ সন্ধিয়া আমি ওচৰতে থকা বজাৰ এখনলৈ খোজকাঢ়ি ওলাই গ’লোঁ যদিও ভাষাৰ সমস্যাৰ বাবে উভতি আহি আমি থকা হোটেলখনৰ তলতে থকা ৰেস্তোৰাঁখনতে ৰাতিৰ বাবে কিবা খাওঁ বুলি সোমালোঁ ৷ মেনুখন ৰাছিয়ান ভাষাত লিখা বাবে একো বুজি নাপালোঁ ৷ কি কৰো বুলি ভাবি লোক এজনে ওচৰতে খাই থকা চাওমিন জাতীয় এবিধকে দেখুৱাই তাকেই খালোঁ ৷ আচৰিত লাগিল ৰেস্তোৰাঁৰ কৰ্মচাৰীয়ে আনকি ভডকাও বুজি নাপায় ৷ ভডকাৰ বাবে যিহেতু ৰাছিয়া বিখ্যাত নিশ্চয় বুজি পাব বুলি ভাবি আমি বহু চেষ্টা কৰিও বুজাব নোৱাৰিলোঁ ৷
ভল্গা আৰু স্বিয়াগা নদীৰ সঙ্গমত স্বিয়াস্ক
পিছদিনা ভেৰোণিকাৰ লগত কাজানৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ আঁতৰৰ ভল্গা আৰু স্বিয়াগা নদীৰ সংগমত অৱস্থিত স্বিয়াস্ক (Sviyazhsk) নামৰ ঐতিহাসিক এলেকালৈ যায়৷ ৰাছিয়াৰ সৰু দ্বীপ বিলাকৰ ভিতৰত এটি সৰু দ্বীপ স্বিয়াস্ক৷ যদিও দ্বীপ বুলি কোৱা হয় মূল ভূখণ্ডৰ সৈতে স্থলপথেৰেও যোগাযোগ আছে৷ আমি স্থলপথেৰেই যাওঁ ৷ যাওঁতে বাটত ‘টেম্পল অফ অল ৰিলিজিয়ন’ (Temple of All Religion) বা ‘ইউনিভাৰ্চেল টেম্পল’ সোমালোঁ ৷ বিভিন্ন ধৰ্মৰ সংমিশ্ৰণেই এই মন্দিৰৰ বিশেষত্ব ৷ মন্দিৰৰ ভিতৰত গীৰ্জাঘৰ, মছজিদ আৰু আন ধৰ্মীয় লোকৰ বাবে উপাসনাথলীও আছে ৷ ১৯৯২ চনতে নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা এই মন্দিৰ আমি যোৱা সময়লৈকে সম্পূৰ্ণ হোৱা নাছিল বাবে মন্দিৰৰ ভিতৰত সোমোৱাৰ অনুমতি দিয়া হোৱা নাই ৷ এই মন্দিৰ সজাৰ বাবে যি গৰাকী ব্যক্তিয়ে নেতৃত্ব লৈ আছিল তেওঁৰ ব্যক্তিগত সমস্যাৰ বাবে নিৰ্মাণৰ কাম অসম্পূৰ্ণ হৈ আছে বুলি ভেৰোণিকাই ক’লে ৷ তথাপিও এই মন্দিৰ কাজানৰ এটি জনপ্ৰিয় প্ৰতীক৷ ইছলামিক টাটাৰ, গোড়া ৰাছিয়ানবাসী বা বিভিন্ন সংস্কৃতিৰ অন্যান্য লোকসকলে শান্তি আৰু সমন্বয়ৰ প্ৰতীক বুলি গৰ্ব অনুভৱ কৰে ৷ অনন্য স্থাপত্য কলাৰে নিৰ্মিত এই সৰ্ব ধৰ্মৰ মন্দিৰ বিভিন্ন ৰঙেৰে অতি সুন্দৰ আৰু চকুত লগাকৈ সজোৱা ৷ কাজানৰ অতি সুন্দৰ বিল্ডিংসমূহৰ ভিতৰত অন্যতম৷ অস্বাভাৱিক নিৰ্মাণ শৈলীয়ে স্থানীয় আৰু বিদেশী সকলো পৰ্যটককে আকৰ্ষণ কৰে ৷ যদিও নামটোৱে ধৰ্মীয় স্থান সূচায় প্ৰকৃততে ই কোনো মন্দিৰ, গীৰ্জা বা মছজিদ নহয়, এটি ব্যক্তিগত আৱাসগৃহহে ৷ তাৰ পৰা আমি স্বিয়াস্ক অভিমুখে ৰাওনা হ’লোঁ ৷
স্বিয়াস্ক এটা টিলাৰ ওপৰত সাতটা গীৰ্জা, দুটা মঠৰ উপৰিও বহুতো স্মৃতিস্তম্ভৰে ভৰা এটি দুৰ্গ৷ এই দুৰ্গৰ সৈতে ৰাছিয়াৰ বহু ইতিহাস জড়িত হৈ আছে৷ ২০১৭ চনত ইউনেস্কোয়ে তাত থকা এজাম্পশ্বন কেথেড্ৰল (Assumption Cathedral) আৰু মঠ বিশ্বৰ ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ ইভান দি টেৰিবলে কেবাবাৰো চেষ্টা কৰিও কাজান অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পিছত ১৫৫১ চনত এই দুৰ্গ নিৰ্মাণ কৰিছিল ৷ মাত্ৰ চাৰি সপ্তাহৰ ভিতৰত নিৰ্মাণ কৰা এই দুৰ্গটো সেই সময়ত ৰাছিয়ান সৈন্যবাহিনীৰ সামৰিক ঘাটি আছিল৷ বৰ্তমান ইয়াৰ নিৰ্মাণ শৈলী,¸ স্থাপত্যশিল্প আৰn ইতিহাসৰ বাবে সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰে ৷
ভেৰোণিকাৰ পৰা মূল নিদৰ্শনসমূহৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ যদিও সেই ঠাইৰ প্ৰকৃতিৰ সৌন্দৰ্যইহে মোক যথেষ্ট মোহিত কৰিলে৷ শান্ত নিৰিবিলি পৰিবেশ, ভল্গা আৰু স্বিয়াগা নদীৰ সৌন্দৰ্যৰ লগত বিলীন হোৱা আকাশৰ গাঢ় নীলা ৰঙৰ মাজে মাজে শুকুলা ডাৱৰৰ প্ৰতিবিম্বই বাৰুকৈয়ে আকৰ্ষণ কৰিলে৷ আজিও চকুত ভাহি আছে সেই ছবি৷
প্ৰায় ৪৭০ বছৰ পুৰণি নিদৰ্শনসমূহৰ ভিতৰত কাঠেৰে নিৰ্মিত ট্ৰিনিটি গীৰ্জা (Trinity Church)টোৰ নিৰ্মাণ শৈলী বিৰল৷ উগলিচ (Uglich) নামৰ হাবি এখনৰ পৰা বৃহৎ আকাৰৰ লাৰ্চ গছ কাটি ভল্গা নদীৰ পানীত পেলাই দিয়া হৈছিল ৷ সেই উটি অহা কাঠেৰে কোনো গজালৰ ব্যৱহাৰ নকৰাকৈ সজা হৈছিল ট্ৰিনিটি গীৰ্জা ৷ বহুবাৰ এই গীৰ্জাঘৰটো মেৰামতি কৰা হৈছে যদিও পূৰ্বতে দেখাত যেনেকুৱা আছিল বৰ্তমানো ঠিক একেদৰেই ৰখাহৈছে, কোনো সালসলনি কৰা নাই ৷ কোৱা হয় ইভান দি টেৰিবলে সেই সময়ত নিৰ্মাণ কৰা দুৰ্গৰ সকলো নিদৰ্শনেই এনেদৰেই সাজিছিল যদিও বৰ্তমান বাকী নিদৰ্শনসমূহৰ তাত কোনো চিন দেখিবলৈ নাপালোঁ ৷
স্বিয়াস্কৰ মুখ্য মিউজিয়ামত ইভান দি টেৰিবলে স্থাপন কৰা ঐতিহাসিক চহৰখনৰ ইতিহাসৰ বিশদ বিৱৰণ প্ৰদৰ্শন কৰা আছে ৷ ঐতিহাসিক নথি-পত্ৰ, ফটো, প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ পৰা উদ্ধাৰ হোৱা ধবংসাৱশেষ আৰু অনুপ্ৰেৰণামূলক শিল্পকৰ্মৰ লিপি প্ৰদৰ্শিত কৰা আছে ৷ ইয়াৰ উপৰিও ভল্গা আৰু স্বিয়াগা নদীৰ পৰিবহণৰ ইতিহাসৰ বিৱৰণ দিয়া আছে ৷ ৰাছিয়া প্ৰজাতন্ত্ৰৰ অৰ্থোডস্ক পুৰুষ এজাম্পশ্বন কেথেড্ৰলটোও স্বিয়াস্কৰ ভিতৰতে৷ ইয়াৰ বাহিৰেও নতুনকৈ নিমাৰ্ণ কৰা গীৰ্জা আৰু আন আন নিদৰ্শনসমূহ চাই উভতিলোঁ ৷
সেইদিনা ট্ৰেভেল এজেন্সিৰ ফালৰ পৰা আমাৰ বাবে শুভেচ্ছামূলক নিশাৰ আহাৰৰ আয়োজন কৰিছিল Tugar Avylum নামৰ ৰেস্তোৰাঁ এখনত ৷ এখন সৰু পৰীৰ দেশৰ দৰে চাৰিওফালে ফুলেৰে ভৰা স্থানীয় সংস্কৃতিৰে সুন্দৰকৈ সজোৱা ৰেস্তোৰাঁখন সপোনপুৰীতকৈ কম নাছিল ৷ আমি গৈ পোৱাৰ লগে লগে স্থানীয় পোছাক পৰিহিত বৰ মৰমলগা ল’ৰা-ছোৱালী কেইগৰাকীমানে আমাক হাঁহিমুখে সম্ভাষণ জনাই আদৰি বিভিন্ন স্থানীয় আৰু সুস্বাদু আহাৰেৰে আমাক আপ্যায়ন কৰিলে ৷ তেওঁলোকৰ আতিথ্য আজিও পাহৰিব পৰা নাই ৷ ভেৰোণিকা আমাৰ লগতে থকা বাবে সেইদিনা আমাৰ একো অসুবিধা নহ’ল ৷ তেওঁ আমাক পৰিৱেশন কৰা স্থানীয় আহাৰবোৰৰ নাম কৈছিল যদিও মনত ৰখা সম্ভৱ নহয় ৷ সুন্দৰ এটি পাহৰিব নোৱৰা সন্ধিয়া কটাই হোটেললৈ উভতি আহিলোঁ আৰু ভেৰোণিকায়ো আমাৰ পৰা বিদায় ল’লে ৷ পিছদিনা আমাৰ যাত্ৰা বহু আশাৰ ইতিহাস প্ৰসিদ্ধ মস্কো চহৰলৈ ৷ হয়তো আৰু কেতিয়াও ভেৰোণিকাৰ লগত দেখা নহ’ব ৷ কিন্তু মাত্ৰ দুদিনতে আমাৰ অতি আপোন হৈ পৰিছিল তেওঁ ৷ আমাৰ লগত এনেদৰে মিলি পৰিছিল, এনে অনুভৱ হৈছিল তেওঁ যেন আমাৰ লগতে ৰাছিয়া ফুৰিবলৈহে আহিছে ৷ তেওঁৰ কথা চিৰদিন মনত থাকিব ৷
পিছদিনা অৰ্থাৎ দহ জুলাইত ৰাতিপুৱা হোটেলত ব্ৰেকফাষ্ট কৰি থাকোঁতেই কাজান পৰ্যটন মন্ত্ৰালয়ত কৰ্মৰত এনাচ্টাচিয়া আৰু আয়ডৰ, কম বয়সীয়া মৰমলগা স্থানীয় ল’ৰা-ছোৱালী এহাল মোক লগ কৰিবলৈ আহিল ৷ মোৰ ভাতৃসম কৌশিক দাস (ত্ৰিধাৰা ট্ৰেভেল এজেন্সিৰ স্বত্বাধিকাৰ)ৰ লগত তেওঁলোকৰ ভাল সম্পৰ্ক বাবে আমি যোৱা বুলি গম পাই লগ কৰিব আহিছে৷ দুয়ো ভালদৰে ইংৰাজী ক’ব পাৰে বাবে তেওঁলোকৰ লগত কথা পাতিবলৈ অসুবিধা নহ’ল৷ তেওঁলোক অহাত মোৰো সুবিধা হ’ল৷ পিছত অসুবিধা হ’ব বুলি ভাবি তেওঁলোকৰ লগত বেংকলৈ গৈ আমেৰিকান ডলাৰৰ পৰা ৰাছিয়াৰ স্থানীয় মুদ্ৰা ৰুবল (ৰাছিয়াৰ মুদ্ৰাক ৰুবল বুলি কোৱা হয়) সলনি কৰি ল’লোঁ ৷ আমাৰ ইয়াত আন দেশৰ মুদ্ৰা সিমান সহজলভ্য নহয় বাবে বিদেশলৈ গ’লে আমেৰিকান ডলাৰ লগত লৈ যোৱা হয়, বিদেশলৈ গৈ আকৌ স্থানীয় মুদ্ৰা সংগ্ৰহ কৰিবলগীয়া হয় ৷ তেওঁলোকৰ বাবে কৌশিকে দি পঠোৱা অসমৰ চাহপাত আৰু গামোচা পাই খুব আনন্দিত হ’ল ৷ তেওঁলোকে অসমৰ চাহপাতৰ বিষয়ে হেনো শুনি আছিল ৷ অসমৰ পৰা পোনপটীয়াকৈ চাহপাত পোৱা বাবে তেওঁলোক যথেষ্ট আনন্দিত৷ অৱশ্যে গামোচাৰ বিষয়ে তেওঁলোকে জনা নাছিল ৷
তেওঁলোক যোৱাৰ পিছত আমি দাঁতি কাষৰীয়া অঞ্চলটো চাই আহোঁ বুলি খোজ কাঢ়িয়েই ওলাই আহিলোঁ ৷ কোনো হাই-উৰুমি নোহোৱা পৰিষ্কাৰ আহল-বহল বাট-পথসমূহ আৰু সুন্দৰ স্থাপত্য শিল্পৰে নিৰ্মিত বিল্ডিংসমূহেৰে চহৰখনৰ মনোৰম দৃশ্য চাই ভাল লাগিল ৷ উভতি আহি হোটেলত অলপ জিৰণি লৈ সাজু হ’লোঁ ৰাছিয়াৰ ৰাজধানী তথা সৰ্ববৃহৎ চহৰ মস্কোলৈ বুলি ৷ নিৰ্দিষ্ট সময়ত এজেন্সিৰ গাড়ীৰে আহি কাজানস্কি ৰেলৱে ষ্টেচন পালোঁহি ৷
ষ্টেচনত আমাৰ দেশৰ দৰে কোনো কুলী পৰিলক্ষিত নহ’ল ৷ বিদেশত মই যোৱা প্ৰায়ভাগ চহৰতেই কুলী বা হোটেলত বাকচ আদি কঢ়িয়াবলৈ কোনো লোক নাথাকে ৷ নিজেই নিজৰ বয়-বস্তুবোৰ কঢ়িয়াব লাগে ৷ সেয়ে ভ্ৰমণত যিমান পাৰি কম ওজন অৰ্থাৎ অতি লাগতিয়ালখিনিহে ল’ব লাগে নহ’লে কেতিয়াবা বৰ অসুবিধা হয় ৷ বিশেষকৈ আমি মহিলাসকলে কাপোৰ-কানি যথেষ্ট লগত লওঁ আৰু ঠাণ্ডা দেশ হ’লেতো কথাই নাই ৷ আমাৰ লগতো দুগৰাকীমানৰ বাকচৰ ওজন বেছি হোৱা বাবে যথেষ্ট অসুবিধা পালে ৷ যদিও আজিকালি বাকচবোৰত টানি নিব পৰা ব্যৱস্থা থাকে তথাপিও কোনো কোনো ঠাইত দাঙিব লগা হয়েই ৷ নিৰ্দিষ্ট সময় নিশা ঠিক আঠ বজাৰ লগে লগেই আমাৰ ৰেল মস্কো অভিমূখে ৰাওনা হ’ল ৷ ৰাতিৰ খোৱাৰ বাবে টিকট কৰোঁতেই অৰ্ডাৰ কৰা আছিল বাবে সময়ত আমাৰ খোৱা দি গ’ল ৷ আমাৰ অসুবিধা নহ’ল ৷ নহ’লে একো বুজাব নোৱাৰি আমি লঘোনে ৰাতি কটাবলগীয়া হ’লহেঁতেন ৷ কাজানৰ পৰা মস্কোলৈ দুৰত্ব প্ৰায় ৭৯০ কিলোমিটাৰ ৷ ৰেলেৰে আমাৰ প্ৰায় এঘাৰ ঘণ্টা লাগিল ৷ ভ্ৰমণসূচী মতে পিছদিনা ৰেল ষ্টেচনৰ পৰা বাহিৰে বাহিৰে মস্কোৰ বিখ্যাত ৰেড-স্কোৱাৰ ঠাই চাবলৈ যোৱাৰ কথা৷ সেইবাবে বেছি পলম নকৰি সোনকালেই শুলোঁ৷ ৰাতিপুৱা ৭.১০ বজাত আহি মস্কোৰ ৰেলৱে ষ্টেচন পালোঁ ৷
মস্কোৰ মেট্ৰো সেৱা
বিদেশত প্ৰায়বোৰ ঠাইতে হোটেলৰ প্ৰৱেশৰ সময় দুইবজাৰ পিছত ৷ সেইবাবে আমি আটায়ে ৰেলতে সাজু হৈ লৈছিলোঁ ৷ ৰেলৰ ব্যৱস্থাবোৰ আমাৰ ইয়াতকৈ যথেষ্ট উন্নতমানৰ বাবে আমাৰ একো অসুবিধা নহ’ল ৷ ষ্টেচনৰ পৰা ওলাই আহিয়েই মস্কোত সেইদিনাৰ বাবে আমাৰ গাইড শ্বেভেতাক লগ পালোঁ ৷
প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰি ভূগৰ্ভৰ ভিতৰলৈ এস্কেলেটৰেৰে সোমাই গ’লোঁ ৷ মস্কোৰ মেট্ৰো ষ্টেচনৰ কথাহে কৈছোঁ ৷ যিসমূহ কাৰণত মস্কো বিখ্যাত সেই সমূহৰ ভিতৰত ‘মস্কোৰ মেট্ৰো’ অন্যতম ৷ মস্কোৰ পৰিবহণৰ মূল মাধ্যমেই হৈছে মেট্ৰো ৷ মস্কো মেট্ৰোৰ পৰিকল্পনা ৰাছিয়ান সাম্ৰাজ্যৰ দিনৰ পৰাই আছিল যদিও প্ৰথম বিশ্বযুদ্ধ, অক্টোবৰ বিপ্লৱ আৰু ৰাছিয়াৰ গৃহযুদ্ধৰ বাবে বাস্তৱত ৰূপায়িত কৰিব পৰা নাছিল ৷ জাৰসকলৰ চিন্তা-চৰ্চাক শেষত ষ্টেলিনে কাৰ্য্যকৰী কৰা মেট্ৰোসেৱাৰ ষ্টেচনসমূহ জনসাধাৰণৰ কাৰণে ৰাজপ্ৰাসাদ সদৃশ ৷ ১৯৩১ চনত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰি মুঠ ১৩ টা ষ্টেচন আৰু ১১ কিলোমিটাৰ দৈঘ্যৰ্ৰ মেট্ৰো সেৱা ১৯৩৫ চনত জনসাধাৰণৰ বাবে মুকলি কৰিছিল ৷ ৰাছিয়াৰ মেট্ৰো পৃথিৱীৰ ভিতৰতে দক্ষ আৰু সুলভ পৰিবহণ ব্যৱস্থা হোৱাৰ উপৰিও আন এটা উল্লেখনীয় দিশ হৈছে ষ্টেচনসমূহৰ অতুলনীয় স্থাপত্যশিল্প ৷ বৰ্তমান ২৭৬ টা মেট্ৰো ষ্টেচনেৰে চাৰিশ কিলোমিটাৰৰো অধিক দূৰত্ব ৰাতিপুৱা পাঁচবজাৰ পৰা ৰাতি এক বজালৈ মেট্ৰো সেৱা অহৰহ চলে ৷ ৰাছিয়াৰ মেট্ৰো সেৱা ইউৰোপৰ ভিতৰত আটাইতকৈ ব্যস্ত হোৱাৰ উপৰিও পৰিব্ৰাজকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ প্ৰতিদিনে ষাঠী লাখৰ পৰা নব্বৈ লাখলৈকে লোকে যাতায়াত কৰে৷ কিয়েভস্কায়া (Kiyevskaya) ষ্টেচনৰ দেৱাল আৰু স্তম্ভসমূহ বগা মাৰ্বলৰ ওপৰত বিশেষ শিল্পকলাৰে ৰুছ আৰু ইউক্ৰেইনৰ একতাৰ চিত্ৰৰ উপৰিও অক্টোবৰ বিপ্লৱ আৰু গৃহযুদ্ধৰ বিভিন্ন চিত্ৰ চালে চকুৰোৱাকৈ অংকিত কৰা ৷ এই ডিজাইন ইউক্ৰেইনত অনুষ্ঠিত এটি প্ৰতিযোগিতাত প্ৰথম হৈ নিৰ্বাচিত হৈছিল আৰু এই প্ৰতিযোগিতাত ৭৩ গৰাকী প্ৰতিদ্বন্দ্বীয়ে অংশ গ্ৰহণ কৰিছিল ৷ ভূগৰ্ভৰ ইমান তলতো যে এনে অভাৱনীয় স্থাপত্য কলাৰ নিদৰ্শন দেখিবলৈ পাম সেয়া কল্পনাও কৰিব পৰা নাছিলোঁ ৷ ভূগৰ্ভত এনে আশ্চৰ্যজনক শিল্পকলাৰ নিপুণ সৃষ্টিয়ে প্ৰতিজন পৰ্যটককে স্তম্ভিত কৰে ৷ মস্কোৰ মেট্ৰো বিখ্যাত হোৱাৰ মূল কাৰণেই হৈছে ভূগৰ্ভস্থ ষ্টেচনসমূহৰ অনন্য নিৰ্মাণ শৈলী আৰু স্থাপত্য শিল্প ৷ আটাইতকৈ গভীৰ মেট্ৰো ষ্টেচনটো হৈছে ‘পাৰ্ক-পোবেডি’ (Park Pobedy), ভূগৰ্ভৰ ৮৪ মিটাৰ তলত ৷ এটি ২৮ মহলা বিল্ডিঙৰ উচ্চতাৰ সমান ৷ এই ষ্টেচনৰ এস্কেলেটৰৰ দীঘ ১২৬ মিটাৰ ৷ তলত থিয় হ’লে ওপৰ দেখা পোৱা নাযায় ৷ আমি কিয়াভস্কায়া মেট্ৰো ষ্টেচনত মেট্ৰোত উঠি ৰেড-স্কোৱাৰৰ ওচৰত নামি অলপ খোজকাঢ়ি গৈয়েই ৰেড-স্কোৱাৰ পালোঁ ৷ খোজকাঢ়ি গৈ থাকোঁতে ৰাছিয়াৰ সংস্কৃতিৰ অন্যতম বলছয় থিয়েটাৰ (Bolshoi Theatre) ভৱনটো প্ৰত্যক্ষ কৰিলোঁ ৷ এই ভৱনৰ ফুলনিখন বিভিন্ন ৰঙৰ ফুলে আকৰ্ষণীয় কৰি তুলিছে ৷ থিয়েটাৰ ভৱনৰ সন্মুখত ৰাস্তাৰ আনফালে কাৰ্ল মাক্সৰ্ৰ মূৰ্তি এটিও স্থাপন কৰা আছে৷ বাট-পথবোৰ যথেষ্ট আহল-বহল, সুন্দৰ পৰিবেশ ৷ আমি তাত কিছু সময় কটাই ফটো উঠি ৰেড-স্কোৱাৰৰ মূল দ্বাৰেৰে ভিতৰত প্ৰৱেশ কৰিলোঁ ৷
ৰেড-স্কোৱাৰৰ কিছু ইতিহাস
ঐতিহাসিক নিদৰ্শন আৰু চালে চকুৰোৱা স্থাপত্য কলাৰে সমৃদ্ধ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ ৰেড-স্কোৱাৰ (Red Square) ৷ ৰেড স্কোৱাৰৰ ইতিহাস তথা ঐতিহ্যৰ বাবেই প্ৰতি দিনে হাজাৰ হাজাৰ পৰিব্ৰাজকৰ আগমন ঘটে মস্কো চহৰলৈ ৷ যদিও ৰেড-স্কোৱাৰ বুলি কোৱা হয় প্ৰকৃততে ইয়াৰ আকাৰ স্কোৱাৰ বা বৰ্গাকাৰ নহয় ৷ ৩৩০ মিটাৰ দৈঘ্যৰ্ আৰু ৭০ মিটাৰ প্ৰস্থৰে আয়তাকাৰ ৷ পূৰ্বতে চেণ্ট বাছিল কেথেড্ৰল (St.Basil Cathedral) আৰু স্পাছকায়া টাৱাৰৰ (Spasskaya Tower] মাজৰ মুকলি ঠাইখিনিক ৰেড-স্কোৱাৰ বুলি কোৱা হৈছিল ৷ এলেক্সি মিখাইলোভিচে (Alexei Mikhailovich) সম্পূৰ্ণ এলেকাটো আগুৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰে ৷ বিভিন্ন সময়ত বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল যদিও সপ্তদশ শতিকাৰ পৰা ৰেড-স্কোৱাৰ নামটোৱেই ধাৰাবাহিকভাৱে চলি আহিছে ৷ ৰাছিয়ানসকলে ৰেড-স্কোৱাৰক Krasnaya Ploshchad বা Beautiful square বুলিও কয় ৷ পঞ্চদশ শতিকাৰ শেষৰ ভাগত ক্ৰেমলিনৰ দেৱাল সম্পূৰ্ণ হোৱাৰ পাছৰে পৰাই ই ৰাছিয়া আৰু ছোভিয়েট ইউনিয়নৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ কেন্দ্ৰবিন্দু হৈ আছে ৷ বৰ্তমান ৰাছিয়াৰ প্ৰশাসনিক কাকেন্দ্ৰবিন্দু ক্ৰেমলিন আৰু সংলগ্ন ৰেড-স্কোৱাৰৰ নিৰ্মাণশৈলী আৰু স্থাপত্য শিল্প সঁচাকৈ অতুলনীয়৷ নানা শৈল্পিক কাৰুকাৰ্যৰে সজ্জিত আৰু নান্দনিক সৌন্দৰ্যৰ প্ৰতিটো নিদৰ্শনেই নিৰ্মাণ সময়ৰ ভাস্কৰ্যৰ স্পষ্ট পৰিচয় দাঙি ধৰে ৷ ৰেড-স্কোৱাৰৰ অধিকাংশ নিদৰ্শনেই ৰঙা ৰঙৰ যদিও কোনো কোনো নিদৰ্শনত ৰঙা ৰঙৰ লগত আন ৰঙৰ সংমিশ্ৰণো আছে ৷ ৰাছিয়াত ৰঙা ৰঙক সুন্দৰৰ প্ৰতীক হিচাবে গণ্য কৰা হয় বাবেই হয়তো ৰঙা ৰঙৰ প্ৰাধান্য বেছি আৰু নামকৰণ ৰেড-স্কোৱাৰ কৰা হৈছে ৷ ৰেড-স্কোৱাৰৰ চৌদিশে জাৰসকলৰ (Tsar-ৰাছিয়াৰ শাসকসকলক জাৰ বুলি কোৱা হয়) শাসনকালৰ স্থাপত্যশিল্প, ৰাজনৈতিক, ঐতিহাসিক প্ৰেক্ষাপট ফুটি উঠাৰ উপৰিও ই আধুনিক কালত ছোভিয়েট সমাজতান্ত্ৰিক বিপ্লৱৰ পাছত কমিউনিষ্ট বিপ্লৱৰ স্মৃতিও বহন কৰে৷ বৰ্তমান ৰেড-স্কোৱাৰত ৰাজ্যিক ঐতিহাসিক মিউজিয়াম (State Historical Museum), ৰিচাৰেকশ্বন গেট (Resurrection gate), প্ৰাক্তন চৰকাৰী প্ৰশাসনৰ বিল্ডিং (Former Government Administration Building) ,কাজান কেথেড্ৰল (Kazan Cathedral), জিইউএম ডিপাৰ্টমেণ্ট ষ্টোৰ (GUM Department Store), প্ৰাক্তন পাইকাৰী বিক্ৰী কেন্দ্ৰ (Former Wholesale Buliding), লোবনোজে মেস্তো (Lobnoje Mesto) , মিনিন আৰু পোজহাৰ্স্কি স্মৃতিস্তম্ভ (Monument to Minin and Pozharsky), চেণ্ট বাচিল কেথেড্ৰল (Saint Basil’ব্দ Cathedral), পূব ক্ৰেমলিন প্ৰাচীৰ (Eastern Kremlin Wall), লেনিনৰ সমাধি (Lenin Mausoleum), ক্ৰেমলিন ওৱাল নেক্ৰোপলিচ্ (Kremlin Wall Necropolis) অন্তৰ্ভুক্ত ৷ এই ঐতিহাসিক বিল্ডিংসমূহ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্যৰ বাবেই ৰেড-স্কোৱাৰ পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ স্কোৱাৰ হিচাপে পৰিচিত ৷
ৰেড-স্কোৱাৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত গাঢ় ৰঙা ৰঙৰ বিল্ডিংটোৱেই ঐতিহাসিক মিউজিয়াম ৷ পৰম্পৰাগত ৰাছিয়ান ষ্টাইলত ১৮৭৫-১৮৮৩ চনতে নিৰ্মাণ কৰা বিল্ডিংটো দেখিবলৈ গোড়া ৰাছিয়ান গীৰ্জা ঘৰৰ দৰেই৷ ৰাছিয়াৰ বৃহৎ আৰু বিখ্যাত এই মিউজিয়ামত প্ৰাগৈতিহাসিক যুগৰ পৰা বৰ্তমানলৈ ৰাছিয়াৰ ইতিহাসৰ লগত জড়িত বহু লক্ষ সামগ্ৰী প্ৰদৰ্শিত কৰা আছে ৷
ৰিচাৰেকশ্বন গেট ৰাছিয়ান সম্ৰাজ্যৰ দিনত মস্কো চহৰত প্ৰৱেশৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা হৈছিল৷ ৰাজ অভিষেকৰ সময়ত জাৰসকল সেই দুৱাৰখনেৰেই প্ৰজাৰ আগলৈ অভিষেক অনুষ্ঠানৰ বাবে আহিছিল৷ ১৯৩১ চনত ৰাজ্যৰ কতৃৰ্পক্ষই মিলিটেৰি পেৰেডৰ সুবিধাৰ বাবে আগৰ দুৱাৰখন ভাঙি ডিজাইনৰ কোনো সালসলনি নকৰাকৈ নতুনকৈ নিৰ্মাণ কৰে৷ আমিও ৰেড স্কোৱাৰৰ ভিতৰলৈ সেইখন দুৱাৰেদিয়েই প্ৰৱেশ কৰিছিলোঁ৷ ৰেড-স্কোৱাৰত প্ৰৱেশৰ দুৱাৰ দুখন৷ আনখন ঐতিহাসিক মিউজিয়ামৰ কাষেৰে৷
ৰিচাৰেকশ্বন গেট আৰু কাজান কেথেড্ৰলৰ মাজত ১৭৩৩-১৭৪০ চনৰ ভিতৰত নিৰ্মাণ কৰা ভৱনটো সেই সময়ৰ পৰাই মস্কোৰ প্ৰশাসনৰ মুখ্য কাৰ্যালয় আছিল ৷ নেপোলিয়নৰ লগত হোৱা যুদ্ধৰ সময়ত এই ভৱনৰ কিছু অংশ ধবংস হোৱা বাবে পুনৰ আন এটা ভৱন নিৰ্মাণ কৰে যদিও দুয়োটা ভৱন বৰ্তমান ঐতিহাসিক মিউজিয়ামৰ অন্তৰ্ভুক্ত ৷

প্ৰাক্তন চৰকাৰী প্ৰশাসন ভৱনৰ সোঁফালে কাজান কেথেড্ৰল ৷ ১৬২০ চনত প্ৰথমে কাঠেৰে নিৰ্মাণ কৰা হৈছিল যদিও পিছত শিলেৰে নিৰ্মাণ কৰা কেথেড্ৰলটো ১৯৩৬ চনত জোচেফ ষ্টেলিনৰ নিৰ্দেশক্ৰমে ধবংস কৰি পেলোৱা হৈছিল ৷ পুনৰ ১৯৯৩ চনত নিৰ্মাণ কৰা হয় ৷ নিৰ্মাণৰ কিছু বছৰ পিছত লিথুয়ানিয়াম কমনওয়েলথৰ সেনাবাহিনীক পৰাস্ত কৰা ৰাছিয়ান পিপুল বাহিনীৰ সেনা কুজমা মিনিন আৰু ডিমিত্ৰি পোঝাৰস্কিৰ নামত এই কেথেড্ৰলটো উছৰ্গা কৰা হয় ৷
ৰেড-স্কোৱাৰৰ পূবদিশত ৰাছিয়ান স্থাপত্য শিল্পৰ আকৰ্ষণীয় বিল্ডিংটো স্থানীয় আৰু বিশেষকৈ পৰিব্ৰাজকৰ বাবে আকৰ্ষণীয় জি.ইউ.এম.ডিপাৰ্টমেণ্ট ষ্টোৰ ৷ ১৮১৫ চনৰ পৰাই সেই স্থানত ব্যৱসায়ৰ বিভিন্ন প্ৰতিষ্ঠান আছিল৷ ষ্টোৰখনৰ সামগ্ৰীসমূহে আকৰ্ষণ কৰে যদিও দাম বৰ বেছি ৷
প্ৰাক্তন পাইকাৰী ভৱন নামেৰে থকা বিল্ডিংটো বৰ্তমান ৰাছিয়ান সেনাবাহিনীৰ অন্তৰ্ভুক্ত বাবে জনসাধাৰণৰ প্ৰৱেশৰ অনুমতি নাই ৷ সপ্তদশ শতিকাৰ পৰাই এই স্থানত ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ আছিল ৷ কমিউনিষ্ট পাৰ্টি ক্ষমতালৈ অহাৰ পিছৰ পৰা ব্যৱসায়ৰ বাবে ব্যৱহাৰ হোৱা নাই ৷ চেণ্ট বাছিল কেথেড্ৰলৰ সন্মুখত বগা পাথৰেৰে নিৰ্মিত এখন প্লেটফৰ্ম যাক ‘লোবনোজ মেস্তো’ নামেৰে নামকৰণ কৰা হৈছে ৷ কোৱা হয় ১৫৪৯ চনতে যেতিয়া ইভান দি টেৰিবলৰ মাত্ৰ ১৯ বছৰ বয়স তেতিয়াই তেওঁ প্ৰথম এই প্লেটফৰ্মৰ ওপৰত উঠি বক্তৃতা দিছিল ৷ অনুমান কৰা হয় এই প্লেটফৰ্মৰ পৰাই জাৰসকলে অধিসূচনা জাৰি কৰিছিল ৷ মস্কোৰ পৰা চেণ্ট পিটাৰ্চবাৰ্গলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ পিছৰে পৰা এই প্লেটফৰ্মখন স্মৃতিস্তম্ভ হিচাপে আছে ৷
ডিপাৰ্টমেণ্ট ষ্টোৰৰ সন্মুখত আন এটি স্মৃতিস্তম্ভ দেখিবলৈ পালোঁ ৷ ১৮১২ চনৰ পৰা ১৮১৮ চনৰ ভিতৰত নিৰ্মাণ কৰা ২০ টন ওজনৰ ব্ৰোঞ্জৰ নিৰ্মিত এই স্মৃতিস্তম্ভটো ৰাছিয়াৰ জাতীয় নেতা কুজমা মিনিন ৰাজকুমাৰ ডিমিত্ৰি পোঝাৰস্কিৰ স্মৃতিত নিৰ্মিত ৷
ৰেড-স্কোৱাৰৰ অন্যতম ডিজাইনৰ নিদৰ্শন হৈছে চেণ্ট বাছিল কেথেড্ৰল৷ নিঃসন্দেহে এইটো মস্কোৰ বিখ্যাত আৰু প্ৰধান চিহ্ন ৷ এই কেথেড্ৰলৰ সম্পূৰ্ণ নামটো Cathedral of Protection and Intercession of the Virgin Mary. এসময়ত জাৰসকলৰ প্ৰধান উপাসনাৰ থলী আছিল যদিও বৰ্তমান ৰেড-স্কোৱাৰৰ ভিতৰত থকা ঐতিহাসিক মিউজিয়ামৰ এটি অংশ ৷ মস্কোৰ আন গীৰ্জা বা ৰেড-স্কোৱাৰৰ আন নিদৰ্শনৰ ডিজাইনৰ লগত মিল নথকা অনন্য সুন্দৰ স্থাপত্যৰে নিৰ্মিত ৷ বিভিন্ন আকাৰৰ নটা গম্বুজ আৰু প্ৰতিটোৱেই বেলেগ বেলেগ ডিজাইনৰ লগতে বিভিন্ন উজ্জ্বল ৰঙেৰে ৰং কৰা, বহু আঁতৰৰ পৰাই চকুত পৰে ৷ প্ৰবাদ আছে এই কেথেড্ৰলটো নিৰ্মাণ কৰাৰ পিছত ইভান দি টেৰিবলে এই কেথেড্ৰলৰ স্থপতিবিদগৰাকীৰ চকু নষ্ট কৰিব বিচাৰিছিল যাতে তেওঁ দ্বিতীয় এটা সাজিব নোৱাৰে ৷ সেই সময়ত সামৰিক জয়লাভৰ পাছত কেথেড্ৰল নিৰ্মাণ কৰা প্ৰচলিত প্ৰথা আছিল ৷ চলি অহা পৰম্পৰা অনুসৰি ১৫১৫ চনত ইভান দি টেৰিবলে কাজান খানাটে জয় কৰাৰ পাছত তেওঁৰ নিৰ্দেশত এই কেথেড্ৰলটো নিৰ্মাণ কৰা হৈছিল ৷ মুখ্য দুৱাৰ নথকা বাছিল কেথেড্ৰল বিভিন্ন দিশৰ পৰা দেখাত বেলেগ বেলেগ ৷ পূৰ্বতে বগা পাথৰেৰে নিৰ্মিত আছিল যদিও সপ্তদশ শতিকাত পুনৰ নিৰ্মাণৰ সময়ত ৰঙৰ ব্যৱহাৰ কৰা হয় ৷
কমিউনিষ্ট বিপ্লৱ যাক অক্টোবৰ বিপ্লৱ বুলিও জনা যায় অৰ্থাৎ ৰুছ বিপ্লৱৰ জন্মদাতা লেনিনৰ মৃতদেহ ৰেড-স্কোৱাৰতে সংৰক্ষণ কৰি ৰখা হৈছে ৷ প্ৰতিজন পৰিব্ৰাজকেই লেনিনৰ সমাধি দৰ্শনৰ বাবে হেঁপাহ কৰে ৷ আমাৰ অৱশ্যে লেনিনৰ মামী দেখাৰ সৌভাগ্য নহ’ল ৷ সকলো সময়তে লেনিনৰ দেহ সংৰক্ষিত স্থানৰ ভিতৰত প্ৰৱেশৰ অনুমতি নাথাকে ৷ আমি যোৱাৰ সময়ত বন্ধ আছিল৷ নিৰ্দিষ্ট সময়তহে খোলে আৰু খোলা থকা সময়তো দীঘলীয়া শাৰী৷ শ্বেভেতাই কোৱা অনুসৰি চাৰি-পাঁচ ঘণ্টা শাৰীত থিয় হৈ হে দৰ্শন কৰিবলগীয়া হয় ৷
লেনিনৰ সমাধিৰ ঠিক পিছতেই ক্ৰেমলিন দেৱালৰ লগত নেক্ৰোপলিচ নামেৰে এখন বিশাল কবৰস্থান ৷ ১৯১৭ চনৰ নৱেম্বৰ মাহত নিৰ্মাণ কৰা এই নেক্ৰোপলিচত অক্টোবৰ বিপ্লৱৰ সময়ত মৃত্যু হোৱা প্ৰায় আঢ়ৈশ সৈিনকক কবৰ দিয়া হৈছিল ৷ প্ৰকৃততে নেক্ৰোপলিচত কবৰ দিয়া বিষয়টো সন্মানৰ প্ৰতীক ৷ ১৯২০-৮০ চনলৈ ৰাষ্ট্ৰৰ সৰ্বোচ্চ উপযুক্ত ব্যক্তি বুলি বিবেচনা কৰা সকলক ইয়াত সমাধিস্থ কৰা হয় ৷ প্ৰথম মহাকাশচাৰী য়ুৰি গেগাৰিণ, বিপ্লৱী লেখক মেক্সিম গৰ্কী আদিৰ দৰে বহুতো বিখ্যাত লোকক তাত কবৰ দিয়া হৈছিল ৷ বৰ্তমান নেক্ৰোপলিচ এটি স্মৃতিস্তম্ভ ৷ ১৯৮৫ চনৰ পাছত তাত আৰু কোনো লোককে কবৰ দিয়া হোৱা নাই ৷ ৰেড-স্কোৱাৰ আৰু মস্কো ক্ৰেমলিন লগালগি যদিও এদিনত চাই শেষ কৰা সম্ভৱ নহয় ৷ সেয়ে ৰেড-স্কোৱাৰৰ এটাৰ পিছত আনটো বিল্ডিং, মিউজিয়াম, স্মৃতিস্তম্ভ চাই আমি সেইদিনা হোটেল ‘মেক্সিমা আৰবিচ’লৈ (Maxima Irbis) আহিলোঁ ৷ ভাল লাগিল শ্বেভেতাৰ দৰে বহু গাইডে প্ৰতিদিনে এনেদৰে হাজাৰ হাজাৰ ভ্ৰমণকাৰীক নিজৰ দেশৰ ইতিহাসৰ কথা কৈ গৌৰৱ কৰাৰ লগতে নিজৰ উপাৰ্জনো কৰে ৷ আমাক হোটেলত থোৱাৰ পিছত শ্বেভেতাই আমাৰ পৰা বিদায় ল’লে ৷
পিছদিনা বাৰ জুলাই আমি ৰাতিপুৱাই হোটেলত ব্ৰেকফাষ্ট কৰি হোটেলৰ দাঁতি-কাষৰীয়া ঠাইবোৰ ঘূৰি-ফুৰি চাই থাকোঁতে সেইদিনাৰ আমাৰ গাইড মিষ্টাৰ দ্ৰোণ আহি পালে ৷ আমি দ্ৰোণৰ লগত প্ৰথমতে গ’লো ইঝমাইলোভো ক্ৰেমলিনলৈ ৷
ইঝমাইলোভো ক্ৰেমলিন
ৰেড-স্কোৱাৰ আৰু মস্কোৰ ক্ৰেমলিনক যদিও ৰাছিয়াৰ গৌৰৱ আৰু প্ৰতীক হিচাবে গণ্য কৰা হয় ইয়াৰ উপৰিও মস্কোৰ উত্তৰ-পূবত ইঝমাইলোভো জিলাত (Izmailovo District) আন এটি ক্ৰেমলিন চাবলগীয়া ৷ পুৰণি ৰাছিয়ান স্থাপত্য কলাৰে নিৰ্মিত এই ক্ৰেমলিন সাধুকথাৰ পৰীৰ দেশৰ দৰেই ৷ প্ৰকৃততে ইঝমাইলোভো ক্ৰেমলিন নামেৰে জনাজাত এই ক্ৰেমলিনটো ৰোমানভ (Romanov) ৰাজপৰিয়ালৰ পৈত্ৰিক সম্পত্তি ৷ ই দ্বিতীয় ৰোমানভ জাৰ এলেক্সি মিখাইলোভিচৰ (Alexey Mikhailovich) গ্ৰীষ্ম কালৰ বাসস্থান আছিল ৷ সাংস্কৃতিক আৰু বিনোদনৰ কেন্দ্ৰ এই ক্ৰেমলিন বৰ্তমান নাগৰিকৰ বিয়াৰ বাবেও ব্যৱহাৰ কৰা হয় ৷ বাইজেণ্টাইন আৰ্হিত কাঠেৰে নিৰ্মিত এই ক্ৰেমলিনত চতুৰ্দশ-সপ্তদশ শতিকাৰ মস্কোৰ ইতিহাসৰ চিত্ৰ অংকন কৰাৰ উপৰিও ৰাছিয়ান সকলৰ মাজত প্ৰচলিত সাধুকথাৰ বৰ্ণনা চিত্ৰৰে প্ৰতিফলিত কৰিছে ৷ তাত ৰাছিয়ান নৌ-সেনাবাহিনীৰ ইতিহাসৰ মিউজিয়াম, ভডকাৰ ইতিহাসৰ মিউজিয়াম, ব্ৰেডৰ ইতিহাসৰ মিউজিয়ামকে আদি কৰি কেবাটাও সৰু সৰু মিউজিয়াম আছে ৷ ক্ৰেমলিনটোৰ নিৰ্মাণ শৈলী আৰু বিভিন্ন মিউজিয়াম আদিয়ে পৰিব্ৰাজকক আকৰ্ষণ কৰে ৷ তাৰ উপৰিও ভ্ৰমণকাৰীয়ে ৰাছিয়াৰ পৰম্পৰাগত পুতলা তৈয়াৰ কৰা শিল্পৰ বিষয়ে শিকিবও পাৰে আৰু নিজে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিবও পাৰে ৷ ভাৰ্নিছেজ মাৰ্কেট (Vernissage Market) নামৰ মুকলি বজাৰ এখন এই ক্ৰেমলিনৰ সংলগ্ন ৷ এই বজাৰখনত ৰাছিয়ান শিল্পকলাৰ বিভিন্ন স্মৃতিচিহ্নৰ উপৰিও নোমাল টুপী, দবা খেলৰ সুন্দৰ চেট আদি বিভিন্ন সামগ্ৰী পোৱা যায় বুলি দ্ৰোণে ক’লে যদিও আমি বজাৰখনলৈ নগ’লোঁ ৷ সপ্তদশ শতিকাৰ পৰাই এই বজাৰখন তাত অৱস্থিত ৷ বিভিন্ন ৰাছিয়ান ৰন্ধনৰ খোৱাবস্তুৰ ৰেস্তোৰাঁ এই বজাৰ খনৰ বৈশিষ্ট্য ৷
মস্কো ক্ৰেমলিন
তাৰ পৰা ওলাই ৰেড-স্কোৱাৰৰ পশ্চিমত অৱস্থিত বিখ্যাত মস্কো ক্ৰেমলিনলৈ আহোঁ ৷ বোৰোভিটস্কি (Borovitsky) পাহাৰত অৱস্থিত অতুলনীয় স্থাপত্য শিল্প আৰু বহু স্মৃতি জড়িত টাৱাৰ, প্ৰাসাদ, কেথেড্ৰল আদি মস্কো ক্ৰেমলিনৰ অন্তৰ্ভুক্ত৷ মস্কো ক্ৰেমলিনক সাধাৰণতে ক্ৰেমলিন বুলিয়েই কোৱা হয় ৷ মস্কো ক্ৰেমলিনৰ ইতিহাস বহু পুৰণি ৷ মস্কোৰ ইতিহাসৰ প্ৰথম ২০০ বছৰ এই ক্ৰেমলিনক চহৰ বুলিয়েই কৈছিল ৷ লাহে লাহে জনসংখ্যা বৃদ্ধিৰ ফলত ক্ৰেমলিনৰ দেৱালৰ বাহিৰত মানুহে বসতি কৰিবলৈ ল’লে ৷ ফলত ১৩৩১ চনৰ পৰা ‘ক্ৰেমলিন’ বুলি অভিহিত কৰা হ’ল ৷ সেই সময়ত ক্ৰেমলিনৰ দেৱাল দুৰ্গৰ চাৰিসীমা আৰু নগৰবাসীৰ সীমা হিচাপে ব্যৱহূত হৈছিল ৷ মস্কোৰ প্ৰতিষ্ঠাপক যুৱৰাজ য়ুৰি ড’লগোৰুকিৰ (Yuri Dolgorukiy) নিৰ্দেশত দ্বাদশ শতিকাতে কাঠেৰে এটি দুৰ্গ নিৰ্মাণ কৰা হৈছিল ৷ তাৰ ২০০ বছৰ পিছত অৰ্থাৎ চতুৰ্দশ শতিকাত ক্ৰেমলিন শব্দৰ ব্যৱহাৰ হয় ৷ বৰ্তমানৰ ক্ৰেমলিন ইভান দি গ্ৰেটৰ (Ivan the Great) সপোনৰ চহৰ ৷ তৃতীয় ৰোম গঢ়ি তোলাৰ প্ৰয়াসেৰে তেওঁ ইটালীৰ পৰা স্থপতিবিদ আনি ক্ৰেমলিন সজাৰ দায়িত্ব দিছিল ৷ ক্ৰেমলিনৰ দক্ষিণত মস্কোভা নদী, পূবত ৰেড-স্কোৱাৰ আৰু বাচিল কেথেড্ৰল, পশ্চিমত আলেকজেণ্ডাৰ গাৰ্ডেন৷ পাঁচটি প্ৰাসাদ, চাৰিটা কেথেড্ৰল, ক্ৰেমলিন ওৱাল আৰু ক্ৰেমলিন টাৱাৰৰ উপৰিও গ্ৰেণ্ড ক্ৰেমলিন পেলেচ্ ক্ৰেমলিনৰ অন্তৰ্ভুক্ত ৷ সকলোবোৰতে জনসাধাৰণক প্ৰৱেশ কৰিব দিয়া নহয় ৷ মাত্ৰ আৰ্মোৰি চেম্বাৰ (Armoury), জাৰ কেনন (Tsar Cannon), জাৰ বেল (Tsar Bell),আৰ্টিলাৰি টুকুৰা আৰু কাঠেৰে নিৰ্মিত ভাস্কৰ্য্যহে জনসাধাৰণৰ বাবে খোলা ৷ ক্ৰেমলিনৰ প্ৰাচীৰ আৰু টাৱাৰসমূহ ১৪৮৫-৯৫ চনৰ ভিতৰত নিৰ্মিত ৷ প্ৰাচীৰৰ বেধ ১১ ৰ পৰা ২১ ফুট পৰ্য্যন্ত ৷
পূৰ্বতে ১৮ টা টাৱাৰ আছিল সপ্তদশ শতিকাত, পাছলৈ আৰু নিৰ্মাণ কৰি ২০ টালৈ বৃদ্ধি কৰা হয়৷ এই সমূহৰ ভিতৰত ট্ৰটস্কায়া (Troitskaya) টাৱাৰটো আটাইতকৈ ওখ যাৰ উচ্চতা নিৰ্মাণৰ সময়ত ৮০ মিটাৰ আছিল ৷ এই টাৱাৰসমূহৰ দুটা টাৱাৰৰ বাহিৰে বাকী আটাইবোৰেৰে নাম আছে ৷ নাম নথকা টাৱাৰকেইটাক ‘The first unnamed’ আৰু ‘The second unnamed’ বুলি কোৱা হয় ৷ এই টাৱাৰসমূহৰ ভিতৰত স্পাছকায়া (Spasskaya) বা Clock towerটো আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ এই টাৱাৰৰ ঘড়ীৰ সময়েই মস্কোৰ সময় নিৰ্ধাৰণ কৰে ৷
১৪৭৯ চনতে নিৰ্মিত মুঠ ছয়টা বিল্ডিঙেৰে কেথেড্ৰল স্কোৱাৰ ক্ৰেমিলনৰ কেন্দ্ৰত অৱস্থিত ৷ মুখ্য কেথেড্ৰল ডৰমিশ্বন (Dormition) বা এজামশ্বন (Assumption) কেথেড্ৰল বুলিও কোৱা হয় ৷ ৰাছিয়াৰ স্মৃতিস্তম্ভসমূহৰ ভিতৰত ইতিহাস, ৰাজনীতি, সংস্কৃতি, গোড়া বিশ্বাসৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ এই কেথেড্ৰলটো বাইজেণ্টাইন আৰু ইটালীৰ ৰেনেচাঁ (Italian Renaissance) স্থাপত্যশিল্পৰে নিৰ্মিত৷ কেথেড্ৰলৰ গম্বুজ পাঁচটা সোণালী ৰঙৰ, সুৰুযৰ কিৰণত উজলি থকা দেখিবলৈ পালোঁ ৷ ইয়াতেই এসময়ত জাৰ সকলৰ ৰাজ্যাভিষেক, বিবাহ কাৰ্য্য সম্পন্ন কৰা হৈছিল ৷ চেণ্ট পিটাৰ্চবাৰ্গলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ পাছতো প্ৰতিজন শাসকৰ ৰাজ্যাভিষেক অনুষ্ঠান এই কেথেড্ৰলটোতে অনুষ্ঠিত হৈছিল ৷ পাছত এই কেথেড্ৰলটোত পীটাৰ, মাকাৰিকে আদি কৰি বহুতো গণ্য-মান্য ব্যক্তিক কবৰ দিয়া হৈছিল ৷
এই কেথেড্ৰলটোৰ কাষতেই এনান্সিয়েশ্বন (Annunciation) গীৰ্জাঘৰটো গ্ৰেণ্ড ক্ৰেমলিন পেলেচৰ লগত সংলগ্ন যিটো ৰাজপৰিয়ালৰ সম্পূৰ্ণ ব্যক্তিগত গীৰ্জা আছিল ৷
কেথেড্ৰল স্কোৱাৰত নিৰ্মিত আন এটি গোড়া ৰাছিয়ান কেথেড্ৰল যিটো আৰ্কেঞ্জেল মাইকেলৰ (Archangel Michael) নামত নিবেদন কৰা হৈছে ৷ ১২৫০ চনত কাঠেৰে নিৰ্মাণ কৰা এই কেথেড্ৰলটো ১৩৩৩ চনত ইভান কলিতাই (Ivan Kalita) শিলেৰে নতুনকৈ নিৰ্মাণ কৰিছিল ৷ বৰ্তমান এই কেথেড্ৰলটো ক্ৰেমলিন মিউজিয়ামৰ অন্তৰ্ভুক্ত ৷ ইভান বেল টাৱাৰ আৰু গ্ৰেণ্ড ক্ৰেমলিন পেলেচৰ মাজত ইটালীয়ান স্থাপত্যৰে নিৰ্মাণ কৰা এই কেথেড্ৰলটো প্ৰকৃততে চেণ্টপিটাৰ্চবাৰ্গলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ আগলৈকে জাৰসকলৰ সমাধি স্থল আছিল ৷ প্ৰথম ইভান কলিতাক তাত সমাধিস্থ কৰা হৈছিল ৷ বৰ্তমান তাত ৫৪ টা সমাধি আছে ৷

সৰুৰে পৰা শুনি অহা পৃথিৱী বিখ্যাত মস্কোৰ ঘণ্টাও ক্ৰেমলিনৰ অন্তৰ্ভুক্ত ৷ ইভান দি গ্ৰেট বেল টাৱাৰ আৰু ক্ৰেমলিন দেৱালৰ মাজত ৰখা ব্ৰোঞ্জেৰে নিৰ্মিত পৃথিৱীৰ বৃহত্তম ঘণ্টাটোৰ উচ্চতা ২০ ফুট, ব্যাস ২২ ফুট আৰু ওজন ২০০ টনৰো অধিক ৷ এই ঘণ্টাটো পিটাৰ দি গ্ৰেটৰ ভতিজী আন্না ইভানোভনাৰ (Anna Ivanovna) নিৰ্দেশত ১৭৩৩ চনত নিৰ্মাণ কৰা হৈছিল ৷ এই ঘণ্টাটোক তৃতীয় জাৰ কোলোকোল (Tsar Kolokol III) বুলিও কোৱা হয় কাৰণ বৰ্তমানৰ ঘণ্টাটো তৃতীয়বাৰ নিমাৰ্ণ কৰা ৷ প্ৰথম দুবাৰ নিৰ্মাণৰ সময়তে বিভিন্ন কাৰণত ভাঙি গৈছিল ৷ এই ঘণ্টাটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ঠিক আগে আগে ১৭৩৭ চনত ক্ৰেমলিনত জুই লগা বাবে কাঠৰ অৱলম্বনটোত লগা জুই নুমাবলৈ পানী মৰাৰ ফলত প্ৰায় ১১ টন ওজনৰ এটা টুকুৰা ভাঙি পৰে ৷ বৰ্তমান এই ভঙা টুকুৰাডোখৰ ঘণ্টাটোৰ কাষতে মাটিত থিয়কৈ ৰখা হৈছে ৷ প্ৰথমতে ঘণ্টাটো ফ্ৰান্সৰ ৰাজকীয় স্থাপত্যবিদৰ দ্বাৰা নিৰ্মাণ কৰিব বিচাৰিছিল যদিও জাৰ্মানিৰ আদালতে বাৰণ কৰাত আন্নাই ৰুছ স্থপতিবিদ ইভান মতোৰিন (Ivan Motorin) আৰু তেওঁৰ পুত্ৰ মিখাইলক (Mikhail) এই কামৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ উল্লেখনীয় যে ঘণ্টাটো কোনো দিনেই বজা নাই ৷ বিশ্বাস কৰা হয় ঘণ্টাটো বজোৱা হ’লে ৫০-৬০ কিলোমিটাৰ আঁতৰৰ পৰা ইয়াৰ শব্দ শুনা গ’লহেঁতেন ৷ ঘণ্টাটোৰ পৃষ্ঠত আন্না আৰু জাৰ এলেক্সিৰ উপৰিও এঞ্জেল আদিৰ চিত্ৰ খোদিত কৰা হৈছে ৷ ৰাছিয়াত ঘণ্টাৰ ইতিহাস বহু পুৰণি ৷ দশম শতিকাৰ পৰাই ঘণ্টাৰ প্ৰচলন আছিল যদিও গীৰ্জাৰ কাম-কাজৰ বাবে নহয় ৷ গুৰুত্বপূৰ্ণ ঘোষণা, বিপদৰ সংকেত, শত্ৰুৰ আক্ৰমণ আদিৰ জাননী দিয়াৰ বাবেহে ঘণ্টা ব্যৱহাৰ কৰা হৈছিল ৷ জনসাধাৰণে ঘণ্টাৰ শব্দ শুনিয়েই ধৰিব পাৰিছিল কিহৰ সংকেত দিয়া হৈছে ৷
ক্ৰেমলিনত পৰিব্ৰাজকৰ আন এটি আকৰ্ষণীয় নিদৰ্শন হৈছে জাৰ কেনন ৷ মস্কো ঘণ্টাৰ আৰ্মোৰিৰ ঠিক সন্মুখতে ১৫৮৬ চনত নিৰ্মিত এই কামানটো এটি স্মৃতিস্তম্ভহে ৷ কোনো যুদ্ধত কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই ৷ অৱশ্যে এবাৰ গুলি চলোৱাৰ চিন আছে বুলি কোৱা হয় ৷ এটা তিনি চকা যুক্ত সুন্দৰ ডিজাইন কৰা লোহাৰ ফ্ৰেমৰ ওপৰত কিছু হেলনীয়াকৈ ৰখা হৈছে ৷ ব্ৰোঞ্জেৰে নিৰ্মিত প্ৰায় ৪০ হাজাৰ টন ওজনৰ কামানটোৰ পৃষ্ঠত জাৰ ফিয়োডৰ ইভানোভিচে (Fyodor Ivanovich) মুকুট পিন্ধি হাতত ৰাজদণ্ড লৈ ঘোঁৰাৰ পিঠিত উঠি থকা চিত্ৰ খোদিত কৰাৰ উপৰিও বিভিন্ন চিত্ৰ খোদিত কৰা আছে ৷ কামানৰ ঠিক সন্মুখত মাটিত চাৰিটা (প্ৰতিটোৰ ওজন প্ৰায় এক টন) কামানৰ বল ৰখা আছে ৷ কোৱা হয় ফিয়োডৰ ইভানোভিচৰ চিত্ৰৰ বাবেই জাৰ কেনন নামেৰে অভিহিত কৰা হৈছে ৷
ক্ৰেমলিনৰ আটাইতকৈ ওখ টাৱাৰটোৱেই হৈছে ইভান দি গ্ৰেট বেল টাৱাৰ ৷ ক্ৰেমলিন স্কোৱাৰৰ আন বিল্ডিংসমুহৰ দৰেই বগা ৰঙৰ ১৫০৮ চনত নিৰ্মিত এই টাৱাৰটো তিনিটা অষ্টভুজ ড্ৰামৰ আকৃতিৰ, ওপৰলৈ ক্ৰমে সৰু ৷ ওপৰৰ গম্বুজৰ ৰং সোণালী আৰু তাৰ ওপৰত সাত মিটাৰ দীঘল ক্ৰ ছ৷ প্ৰতিটো খলপতে ঘণ্টা ওলমাবলৈ খিৰিকীৰ দৰে কটা আছে ৷ বিভিন্ন আকাৰৰ মুঠ ২২ টা ঘণ্টা ওলমোৱা আছে ৷ উচ্চতাৰ বাবে এই টাৱাৰটো শত্ৰুৰ আক্ৰমণ, জুই আদিৰ পৰ্যবেক্ষণৰ বাবেও ব্যৱহাৰ কৰিছিল ৷ ৮১ মিটাৰ উচ্চতাৰ এই টাৱাৰৰ ওপৰলৈ উঠিবলৈ অঁকোৱা-পকোৱা ৩২৯ টা চিৰি আছে যদিও তাত ভ্ৰমণকাৰীৰ প্ৰৱেশ নিষেধ ৷
গ্ৰেণ্ড ক্ৰেমলিন পেলেচ্ বা গ্ৰেট ক্ৰেমলিন পেলেচ্ চৰ্তুদশ শতিকাতে জাৰ সকলে নিৰ্মাণ কৰা স্থানতে নতুনকৈ ১৮৩৭ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ১৮৪৯ চনত সম্পূৰ্ণ কৰা হয় ৷ কনস্টানটিন থনৰ নেতৃত্বত এদল স্থপতিবিদৰ দ্বাৰা ডিজাইন কৰা এই প্ৰাসাদটি ৰাছিয়াৰ একনায়ত্ববাদৰ প্ৰদৰ্শনৰ বাবেই আগৰ নিদৰ্শনসমূহ উচ্ছেদ কৰি নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৷ মুঠ ৭০০ টাৰো বেছি কোঠাৰ উপৰিও পুৰণি টেৰেম (Terem) পেলেচ, চৰ্তুদশ, ষোড়শ আৰু সপ্তদশ শতিকাত নিৰ্মাণ কৰা নটা গীৰ্জা এই প্ৰাসাদৰ অন্তৰ্ভুক্ত ৷ টেৰেম পেলেচ হৈছে সপ্তদশ শতিকাত ৰাছিয়ান জাৰসকলৰ মুখ্য বাসগৃহ ৷ গ্ৰেণ্ড ক্ৰেমলিনৰ মুঠ দৈৰ্ঘ্য ১২৪ মিটাৰ, উচ্চতা ৪৭ মিটাৰ আৰু ২৫০০০ বৰ্গ মিটাৰ কালিৰ প্ৰাসাদটো দেখিবলৈ তিনিমহলীয়া যেন লাগে যদিও প্ৰকৃততে দুইমহলীয়াহে, ওপৰ মহলাৰ খিৰিকীসমূহ দুই খলপীয়া বাবে বাহিৰৰ পৰা দেখিবলৈ তিনিমহলীয়া যেন দেখি ৷ এই প্ৰাসাদটি বাইজেনণ্টাইন (Byzantine) আৰু ৰাছিয়ান স্থাপত্যৰ সংমিশ্ৰণত এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ক্ৰেমলিনৰ ভিতৰত জাৰসকলে আগতে নিৰ্মাণ কৰা বিল্ডিঙৰ লগত মিলি যায় ৷ ১৯৯১ চনৰ পৰা ৰাছিয়ান ফেডাৰেশ্বনৰ ৰাষ্ট্ৰ˜পতিৰ চৰকাৰী বাসভৱন বুলি কোৱা হয় যদিও তেওঁ তাত বাস নকৰে ৷ নিৰাপত্তাজনিত কাৰণত তেওঁৰ বাসস্থান সম্পৰ্কে অজ্ঞাত ৷ যানজঁট ৰোধ কৰিবলৈ ২০১৩ চনত ভ্লাদিমিৰ পুতিনৰ নিৰ্দেশত ক্ৰেমলিন চৌহদৰ ভিতৰত হেলিপেড নিৰ্মাণ কৰা হয় ৷ চৰকাৰী কাম-কাজৰ বাবে ৰাষ্ট্ৰপতি হেলিকপ্টাৰেৰে ক্ৰেমলিনত অৱতৰণ কৰে ৷ লেনিন, স্টেলিনকে আদি কৰি ছোভিয়েট চৰকাৰৰ বহু সদস্যই এই পেলেচত বাস কৰিছিল ৷ প্ৰাসাদত পাঁচটা আটকধুনীয়া অভ্যৰ্থনা কক্ষ আছে ৷ প্ৰতিটো অভ্যৰ্থনা কক্ষ বিভিন্ন উচ্চ পৰ্য্যায়ৰ চৰকাৰী অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয় ৷
আৰ্মোৰি চেম্বাৰ (Armoury Chamber), ক্ৰেমলিনৰ আন এটি মিউজিয়াম দৰ্শকৰ বাবে মুক্ত ৷ এই মিউজিয়ামত ৰাছিয়া, ইউৰোপ আৰু পূবৰ দেশসমূহৰ জাৰসকলৰ ৰাজকীয় পোছাক, ৰাজ্য অভিষেকৰ পোছাক, বহুমূলীয়া অলংকাৰ, আনুষ্ঠানিক অস্ত্ৰ-শস্ত্ৰকে আদি কৰি চাৰি হাজাৰৰো অধিক সামগ্ৰী সংগ্ৰহ কৰি ৰখা হৈছে ৷ ইউনেস্কোয়ে ৰেড-স্কোৱাৰ আৰু ক্ৰেমলিনক বিশ্বৰ ঐতিহ্য বুলি অভিহিত কৰিছে ৷
মস্কো ক্ৰেমলিনৰ স্থাপত্য শিল্পৰ অতুলনীয় নিদৰ্শন চাই আৰু গাইড দ্ৰোণৰ পৰা ৰাছিয়া তথা ক্ৰেমলিনৰ বহু ইতিহাস জানিব পাৰিলোঁ যদিও সেয়া ৰাছিয়াৰ ইতিহাসৰ নামমাত্ৰহে ৷ ইয়াৰ উপৰিও আন কেইটামান কথাই বৰ আমোদ দিছিল ৷ তাৰ ভিতৰত এটা আছিল মস্কোত হেনো ৰাতি ১১ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ কুকুৰে ভুকিব নোৱাৰে ৷ এয়া কিমান কাৰ্যকৰী সেয়াহে ধৰিব নোৱাৰিলোঁ ৷
ৰাছিয়ান চাৰ্কাছ
পাছদিনা আমাৰ নিজাববীয়াকৈ ফুৰাৰ দিন আছিল ৷ আগতেই উল্লেখ কৰিছোঁ ৰাছিয়াত গাইড বা নিজে ৰাছিয়ান ভাষা নাজানিলে ফুৰা-চকা কৰা অসুবিধা৷ গাইড আগতে ঠিক কৰা নাথাকিলে সময়ত পোৱা নাযায় ৷ প্ৰতিদিনে হাজাৰ হাজাৰ ভ্ৰমণকাৰীৰ তুলনাত গাইডৰ সংখ্যা তেনেই কম ৷ সেয়ে সন্ধিয়া ৰাছিয়াৰ সংস্কৃতিৰ অন্যতম ৰাছিয়ান বেলে (Russian Ballet) নৃত্যৰ অনুষ্ঠান উপভোগ কৰাৰ কথা ভাবি দ্ৰোণৰ লগত যোগাযোগ কৰিলোঁ ৷ দ্ৰোণে কথাটোত বিশেষ গুৰুত্ব নিদি টিকট নাই বুলি ক’লে৷ পাছতপৃথিৱী বিখ্যাত ৰাছিয়ান চাৰ্কাছ চোৱাকে ঠিক কৰিলোঁ ৷ দুপৰীয়া দ্ৰোণে আহি চাৰ্কাছৰ টিকট দি গ’ল ৷ দিনটো এনেয়ে থকাতকৈ মেট্ৰোৰে ফুৰি আহোঁ বুলি ওলাই গ’লোঁ যদিও উভতি আহিবলৈ অসুবিধা হব পাৰে বুলি সেই আশা বাদ দি খোজ কাঢ়িয়েই ওলাই গ’লোঁ ৷ ডিপাৰ্টমেণ্ট ষ্টোৰ এখন দেখি তাতেই সোমালোঁ ৷ প্ৰকাণ্ড ষ্টোৰখনত ঘূৰি ঘূৰি চাই থাকোঁতে হঠাৎ চকুত পৰিল চাউলৰ পেকেট৷ মই চাউল আৰু আলু এক কেজিকৈ কিনি হোটেললৈ উভতিলোঁ ৷ চাউল আৰু আলু কিনাৰ বিষয়ে পাছত লিখিম ৷
মস্কোত প্ৰতিদিনে দুটা দলে দুটি ভিন্ন ঠাইত দুবাৰকৈ চাৰ্কাছ প্ৰদৰ্শন কৰে৷ এটা দলৰ নাম ‘নিকুলিন চাৰ্কাছ’ (Nikulin Circus) আৰু আনটো ‘দি গ্ৰেট মস্কো ষ্টেট চাৰ্কাছ’ (The Great Moscow State Circus) ৷ আমি ‘দি গ্ৰেট মস্কো ষ্টেট চাৰ্কাছ’ চাবলৈ গৈ ৩৪০০ লোক বহিব পৰা বিশাল অডিটৰিয়ামত নিজ নিজ আসনত বহিলোঁ ৷ ১৯৭১ চনত মুকলি কৰা ৩৬ মিটাৰ উচ্চতাৰ অডিটৰিয়ামৰ ভিতৰতেই খেল প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম আৰু প্ৰযুক্তিৰ সকলো আহিলা সুসজ্জিত ৷ আমি সৰুতে দেখা অস্থায়ী মুকলি ঠাইত প্ৰদৰ্শিত চাৰ্কাছৰ দৰে নহয় ৷ প্ৰতিদিনে আবেলি তিনি বজাত আৰু সন্ধিয়া সাত বজাত দুবাৰকৈ প্ৰদৰ্শিত চাৰ্কাছত বহু শতাধিক শিল্পীয়ে প্ৰায় ৫০ টাৰো অধিক খেল প্ৰদৰ্শন কৰে ৷ খেলৰ মান আৰু কাৰিকৰী ব্যৱস্থাও যথেষ্ট উন্নত মানৰ ৷ প্ৰায় চাৰি ঘণ্টা ধৰি অবিৰত বিভিন্ন খেলৰ প্ৰদৰ্শন ৷ অষ্টাদশ শতিকাৰ পৰাই চাৰ্কাছে ৰাছিয়াৰ সংস্কৃতিৰ ঐতিহ্যৰ মূল ভূমিকা বহন কৰি আহিছে ৷ তাৰ উপৰিও যথেষ্ট পাৰদৰ্শিতা থকা শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা বাবে বৰ্তমানো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই শিল্পীসমূহৰ ভিতৰত বহুতো ৰাছিয়ান ফেডাৰেশ্বন পিপলচ আৰ্টিষ্টচ (Russian Federation People’s artists) আৰু সন্মানিত আৰ্টিষ্ট হিচাবে পুৰস্কৃত কৰা শিল্পীও আছে ৷ প্ৰদৰ্শিত খেলসমূহত ৰাছিয়ান নৃত্যৰ প্ৰভাৱো পৰিলক্ষিত কৰিলোঁ ৷ যদিও ৰাছিয়ান চাৰ্কাছ বুলি কোৱা হয় চাৰ্কাছৰ জন্মদাতা চাৰ্লচ হিউজ (Charles Hughes) এজন ইংৰাজ লোক আছিল৷
১১৪৭ চনত যেতিয়া মস্কো চহৰ প্ৰতিষ্ঠা হৈছিল সেইসময়ত এই চহৰখনৰ নাম আছিল মস্কোভা (Moskova) ৷ সম্ভৱতঃ মস্কোভা নদীৰ পৰাই এই নামৰ উৎপত্তি ৷ মস্কো চহৰৰ ৪০ শতাংশ ঠাই পাৰ্ক, গাৰ্ডেন আৰু হাবিৰে ভৰা এখন সেউজীয়া চহৰ ৷ ১৭৫৫ চনত মিখাইল লোমোনোচভে (Mikhail Lomonosov) প্ৰতিষ্ঠা কৰা ‘মস্কো ষ্টেট ইউনিভাৰ্চিটি’ৰ বিল্ডিংটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটি বিল্ডিং ৷ মস্কো ৰাছিয়া তথা পূব ইউৰোপৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, শিক্ষা আদিৰ প্ৰাণকেন্দ্ৰ ৷ যথেষ্ট ব্যয়বহুল চহৰ আৰু বহু কোটিপতিৰ বাসস্থানো এই চহৰ ৷ আন এটি কথা শুনি আচৰিত হৈছিলোঁ– অষ্টাদশ শতিকাতে নেগলিনায়া (Neglinnaya) নদীৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহ আৱাসিক অঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে এই নদীখনক এটি সুৰংগত পৰিণত কৰি ভূগৰ্ভৰে বোৱাই নি মস্কোভা নদীৰ লগত সংযোগ কৰা হৈছিল ৷ কথাটো শুনি চকুৰ আগত ভাঁহি উঠিছিল আমাৰ ঘৰৰ কাষেৰে বৈ যোৱা ভৰলু নদীখনে এজাক বৰষুণতে আমাৰ এলেকাত কৰা পৰিস্থিতিৰ দৃশ্যৰ লগতে সমগ্ৰ গুৱাহাটীৰ কদৰ্যময় ৰূপ ৷
পিছদিনা আমি ৰাছিয়াৰ দ্বিতীয় বৃহত্তম তথা দুই দশক ধৰি ৰাছিয়াৰ ৰাজধানী হিচাপে পৰিচিত পৰ্যটকৰ আৰ্কষণীয় চহৰ চেণ্ট পিটাৰ্চবাৰ্গলৈ যাবলৈ সাজু হ’লোঁ ৷ নিৰ্দিষ্ট সময়ত দ্ৰোণৰ লগত মস্কোৰ লেনিনগ্ৰেডস্কি (Leningradsky) ৰেলৱে ষ্টেচনলৈ আহিলোঁ ৷ ষ্টেচনৰ আদৱ-কায়দাসমূহ বিমান বন্দৰৰ দৰেই ৷ ঠিক সময়তে দিনৰ ডেৰ বজাত দ্ৰুতবেগী চাপচান (Sapsan) ট্ৰেইনখন চেণ্ট পিটাৰ্চবাৰ্গ অভিমুখে ৰাওনা হ’ল ৷ ট্ৰেইনৰ ভিতৰখন উৰা-জাহাজতকৈও বেছি আৰামদায়ক যেন অনুভৱ হ’ল ৷ সকলো অত্যাধুনিক সুবিধাৰে ট্ৰেইনখন যথেষ্ট আহল-বহল ৷ বহা আসনসমূহ নিজৰ সুবিধা অনুযায়ী অগা-পিছা কৰিব পাৰি ৷ প্লেনৰ নিচিনাকৈ কুচি-মুচি বহিব লগা নহয় ৷ উৰাজাহাজৰ দৰেই চিটৰ ওপৰত সৰু বেগ আদি ৰাখিবলৈ বক্স আছে ৷ পৰিচাৰিকা কেইগৰাকীয়েও ইউনিফৰ্ম পিন্ধি উৰাজাহাজৰ পৰিচাৰিকাৰ দৰেই সকলো নিৰীক্ষণ কৰে ৷ মস্কোৰ পৰা চেণ্ট পিটাৰ্চবাৰ্গলৈ প্ৰায় সাতশ কিলোমিটাৰ ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ মাত্ৰ চাৰে তিনিঘণ্টা লাগিল ৷ আমি প্ৰায় পাঁচবজাত চেণ্ট পিটাৰ্চবাগৰ মস্কোভস্কি (Moskovsky) ৰেলৱে ষ্টেচন পালোঁ ৷
চেন্ট পিটাৰ্চবাৰ্গ
গাড়ী, ড্ৰাইভাৰ সহ গাইড নাটাছা আমাৰ বাবে ৰৈয়েই আছিল ষ্টেচনত ৷ আমি তেওঁৰ লগত আমাৰ চেণ্ট পিটাৰ্চবাৰ্গৰ ঠিকনা ‘আৰ্ট হাউছ’লৈ (Art House) আহিলোঁ ৷ আৰ্ট হাউছ হোটেল নহয়, বি এণ্ড বি হে অৰ্থাৎ তাত থকা আৰু ব্ৰেকফাষ্ট দিয়ে বাকী খোৱাৰ বাবে নিজে ৰান্ধি খাব পৰাকৈ আধুনিক সা-সুবিধাৰে ৰন্ধাঘৰৰ লগতে বাচন-বৰ্তন আদি সকলো থাকে ৷ নিজৰ ইচ্ছা অনুযায়ী ৰান্ধি খাব পাৰি, নিজেই সকলো পৰিষ্কাৰ কৰিও থব লাগে ৷ বৰ্তমান আমাৰ ইয়াতো এনে সুবিধাবোৰ হৈছে ৷ আৰ্ট হাউছৰ আদৱ-কায়দাবোৰ সুকীয়া আৰু আমাৰ বাবে আচহুৱা আছিল ৷ মূল ৰাস্তাৰ লগতে থকা প্ৰকাণ্ড গেটখন ভিতৰৰ পৰা তলা লগোৱা ৷ ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ একো নেদেখি ৷ বাকছবোৰত নম্বৰ মিলাই তলা খোলা বা বন্ধ কৰাৰ দৰেই নম্বৰ মিলাইহে গেট খুলিব লাগে ৷ গেটখন খোলাৰ পিছতেই চাৰিওফালে ওখ দেৱালেৰে এটা প্ৰকাণ্ড ৰূম ৷ ৰূমৰ উচ্চতা প্ৰায় ৪০ ফুট মান হব ৷ ৰূমটো পাৰ হৈ ওপৰলৈ উঠি যোৱা চিৰি ৷ চিৰিৰে উঠি গৈ তিনি মহলাত গেষ্ট থকা ৰূম৷তিনি মহলাৰ ওপৰলৈ লিফ্ট নোহোৱাকৈ নিজেই উঠা সমস্যা, তাতে আকৌ বয়-বস্তু লৈ ৷ আমাৰ হাহাকাৰ লাগিল ৷ পাছত যেনিবা আৰ্ট হাউছৰ কতৃৰ্পক্ষই এজন লোক ঠিক কৰি দিলে বাকচবোৰ কঢ়িয়াবলৈ যাৰ বাবে আমি তেওঁক মাননি দিব লগা হ’ল ৷ আৰ্ট হাউছৰ কতৃৰ্পক্ষক সুধি জানিব পাৰিলোঁ সন্মুখতে এখন ডিপাৰ্টমেন্ট ষ্টোৰ আছে ৷ আমি নিজেই ৰান্ধি খাবলৈ তাৰ পৰা বস্তু কিনিব পাৰোঁ ৷ কিন্তু বইল জাতীয়হে ৰান্ধিব পাৰিম ৷ কাৰণ ধোঁৱা ওলালে চাইৰেণৰ শব্দত গোটেইখন ৰজনজনাই যাব ৷ সেয়ে চাউল আৰু আলু মই মস্কোত দেখা পাই লৈয়েই আহিছিলোঁ, গৈ পায়েই ক’ত বিচাৰি ফুৰিম বুলি ভাবি৷ সন্ধিয়া ডিপাৰ্টমেন্ট ষ্টোৰখনলৈ গৈ ৰাতিৰ যোগাৰ আনি ভাতসাঁজ বৰ তৃপ্তিৰে খালোঁ আটাইয়ে ৷ নিজৰ দেশ এৰি যোৱা দিনৰে পৰা ভাতৰ মুখ দেখাই নাছিলোঁ ৷ ভাত, সিদ্ধ দাইল আৰু আলু কণী পিটিকাৰে সেইদিনাৰ ভাতসাঁজ অমৃত যেনেই লাগিছিল ৷
পিছদিনা নাটাছাৰ লগত গ’লোঁ ঐতিহাসিক চহৰ চেণ্ট পিটাৰ্চবাৰ্গৰ দৰ্শনীয় ঠাইসমূহ চাবলৈ ৷ ৰাছিয়ান সাম্ৰাজ্যৰ দুশ বছৰৰ ইতিহাস আৰু সংস্কৃতিৰ ঐতিহ্যৰে ভৰা চেণ্ট পিটাৰ্চবাৰ্গৰ অনন্য স্থাপত্য শিল্প আৰু ইতিহাসেই পৰিব্ৰাজকক আকৰ্ষণ কৰে ৷ ইয়াৰ ঐতিহাসিক কেন্দ্ৰসমূহক ইউনেস্কোয়ে বিশ্বৰ ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ চেণ্ট পিটাৰ্চবাৰ্গ ফিনলেণ্ড উপসাগৰৰ পাৰত ১৭০৩ চনতে পিটাৰ দি গ্ৰেটে প্ৰতিষ্ঠা কৰা ৷ চহৰখন দুশ বছৰৰো অধিক কাল ৰাছিয়াৰ ৰাজধানী হোৱাৰ উপৰিও ৰাছিয়াৰ ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ সাক্ষী ৷ চেণ্ট পিটাৰ্চবাৰ্গক ইয়াৰ ভৌগোলিক অৱস্থিতি, সাংস্কৃতিক পৰিৱেশ আদিৰ বাবে বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে ৷ এই চহৰখনক ‘বিশ্বৰ সাংস্কৃতিক ৰাজধানী’ বুলিও কোৱা হয়৷ চাৰিওফালে পানীৰে আৱৰা বাবে এই চহৰখনক ‘Venice of the North’ বুলিও কোৱা হয় ৷ চেণ্ট পিটাৰ্চবাৰ্গৰ আন এটি বৈশিষ্ট্য হ’ল মেৰু অঞ্চলৰ কাষত হোৱা বাবে মে’ মাহৰ শেষ ভাগৰপৰা জুলাইৰ মাজ ভাগলৈ ৰাতি সম্পূৰ্ণ আন্ধাৰ নহয় ৷ সেইবাবে ইয়াক ‘City of White Night’ বুলিও কোৱা হয় ৷ জুলাই মাহত যোৱা বাবে আমি সেই অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ৷ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ পিছত চহৰখনৰ নাম সলনি কৰি ‘পেট্ৰোগ্ৰাড’ (Petrograd) অৰ্থাৎ পিটাৰৰ চহৰ আৰু লেনিনৰ মৃত্যুৰ পাছত ‘লেনিনগ্ৰাড’(Leningrad) অৰ্থাৎ লেনিনৰ চহৰ নামেৰে নামকৰণ কৰা হৈছিল ৷ ১৯৯১ চনৰ পৰা আকৌ চেণ্ট পিটাৰ্চবাৰ্গ ৰখা হয় ৷ ৰাছিয়ানসকলে ইয়াক পৰম্পৰাগতভাৱে ‘Window of West’ বুলিও কয় ৷ চেণ্ট পিটাৰ্চবাৰ্গৰ সকলো নিদৰ্শনৰ আকাৰ যথেষ্ট ডাঙৰ ৷ ৰাজকীয় প্ৰাসাদ, বিশাল গীৰ্জা আনকি বাট-পথো যথেষ্ট বহল ৷ দুশটাৰো অধিক মিউজিয়ামকে আদি কৰি বিভিন্ন দৰ্শনীয় স্থানসমূহ দুদিনৰ ভ্ৰমণত চোৱা সম্ভৱ নহয় ৷
চেণ্ট পিটাৰ্চবাৰ্গৰ চেনেট স্কোৱাৰ (Senate Square)ত দেখিবলৈ পাইছিলোঁ পিটাৰ দি গ্ৰেটৰ ঘোঁৰাৰ ওপৰত উঠি থকা এটি ব্ৰোঞ্জৰ মূৰ্তি ৷ ‘The Bronze Horseman’ নামেৰে জনাজাত এই মূৰ্তিটো ১৭৮২ চনতে কেথেৰিণ দি গ্ৰেটৰ আদেশত নিৰ্মাণ কৰা হৈছিল ৷ পূৰ্বতে মূৰ্তিটো গ্ৰেণাইট জাতীয় এটা শিলৰ ওপৰত স্থাপন কৰা হৈছিল ৷ কোৱা হয় ডেৰ হাজাৰ টন ওজনৰ এই শিলটো মানুহৰ দ্বাৰা কঢ়িয়াই আনি তাৰ ওপৰত মূৰ্তিটো স্থাপন কৰা হৈছিল ৷ কিন্তু বৰ্তমান আমি দেখা মূৰ্তিটো ডিজাইন কৰা এখন ঘূৰণীয়া প্লেটফৰ্মৰ ওপৰতহে দেখিলোঁ ৷ আন এটি উল্লেখনীয় কথা হ’ল আলেকজেণ্ডাৰ পুস্কিনে (Alexander Pushkin) ১৮৩৩ চনত এই মূৰ্তিটোৰ ওপৰত এটি কবিতা লিখিছিল ৷ কিন্তু তেওঁৰ জীৱিত কালত এই কবিতাটো প্ৰকাশ কৰিব পৰা নাছিল৷ কাৰণ তেওঁ এজন ৰাজনৈতিক সমালোচক বুলি পৰিচিত হোৱা বাবে তেওঁৰ লিখনি নিষিদ্ধ কৰা হৈছিল ৷ পিছত এই কবিতাটো ৰাছিয়ান সাহিত্যৰ অন্যতম প্ৰভাৱশালী ৰচনা হিচাবে বিবেচিত হোৱাৰ উপৰিও তেওঁক ৰাছিয়াৰ আধুনিক সাহিত্যৰ প্ৰতিষ্ঠাপক বুলি অভিহিত কৰাৰ কাৰণসমূহৰ ভিতৰত এই কবিতাটিৰো অৰিহণা আছে ৷
আমি তাত চোৱা নিদৰ্শনসমূহৰ ভিতৰত অন্যতম উল্লেখনীয় নিদৰ্শন আছিল ‘কাজান কেথেড্ৰল’ বা Our Lady of Kazan ৷ নেভস্কি প্ৰস্পেক্টত (Nevsky Prospekt) নিৰ্মাণ কৰা অৰ্থোডস্ক ৰাছিয়ান কেথেড্ৰলটোৰ ডিজাইন আমি ৰোমত দেখি অহা Peters Basilica টোৰ দৰেই৷ অৱশ্যে ৰোমৰ ভ্ৰমণ বৃত্তান্ত এই কিতাপত সন্নিৱিষ্ট কৰা নাই ৷‘Our Lady of Kazan’ যিয়ে ভাৰ্জিন মেৰিক তেওঁৰ অভিভাৱক আৰু পৃষ্ঠপোষক হিচাবে গণ্য কৰিছিল, ৰাছিয়ান অৰ্থোডস্ক গীৰ্জাসমূহত তেওঁক সৰ্বোচ্চ মৰ্যাদা দিয়াৰ লগতে পবিত্ৰ আৰু সন্মানীয় বুলি গণ্য কৰা হয় ৷
দুৰ্গৰ পৰা নেভা নদীৰ নৈসৰ্গিক দৃশ্যই মোহিত কৰে ৷ চেণ্ট পিটাৰ্চবাৰ্গলৈ ৰাজধানী স্থানান্তৰ হোৱাৰ সময়তে ১৭০৩ চনত পিটাৰ দি গ্ৰেটে প্ৰথমতে নেভা নদীৰ দ্বীপত ‘পিটাৰ আৰু প’ল’ (Peter and Paul Fortress) নামৰ দুৰ্গটো নিৰ্মাণ কৰিছিল ৷ প্ৰকৃততে এই দুৰ্গটো চেণ্ট পিটাৰ্চবাৰ্গৰ জন্মস্থান ৷ বৰ্তমান এই দুৰ্গটো পিটাৰ্চবাৰ্গৰ ৰাজ্যিক মিউজিয়াম ৷ নেভা নদীৰ ব-দ্বীপত অৱস্থিত এই অঞ্চলত জলাশয় থকা বাবে বহুতো শহাপহু আছিল ৷ সেইবাবে এই দ্বীপক The Island of Hares বুলিও কোৱা হয় ৷ এসময়ত এই দুৰ্গটো ৰাজনৈতিক অপৰাধীৰ কাৰাগাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল ৷ এই স্থানত ৰাজধানী নিৰ্মাণ কৰাৰ বাবে পিটাৰ দি গ্ৰেটৰ এক অভাৱনীয় প্ৰয়াস আছিল বুলি কোৱা হয় ৷ এই স্থানত থকা বেল টাৱাৰৰ সৈতে কেথেড্ৰলটো জাৰ পৰিয়ালৰ কবৰস্থান হিচাপে ব্যৱহূত হৈছিল ৷ বৰ্তমান এই দুৰ্গটো চহৰখনৰ আকৰ্ষণীয় স্মৃতিস্তম্ভ ৷
তাৰ পাছত আমি ১৯২০ চনত নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা ‘চেণ্ট পিটাৰ্চবাৰ্গ মছজিদ’টোলৈ যাওঁ ৷ নিৰ্মাণ কৰাৰ সময়ত ই পাঁচহাজাৰ ভক্তই একেলগে উপাসনা কৰিব পৰা ইউৰোপৰ বৃহত্তম মছজিদ আছিল ৷
‘ক্ৰুইজাৰ অৰোৰা (Cruiser Aurora) ৰাছিয়ান ইতিহাসৰ বিভিন্ন যুদ্ধৰ লগত জড়িত বিখ্যাত জাহাজ ৷ ক্ৰুইজাৰ অৰোৰা আজিও সংৰক্ষিত কৰা আছে নেভা নদীৰ বুকুত এক নান্দনিক দৃশ্যৰ মাজত ৷ এই জাহাজখন আজিও এনেদৰে সংৰক্ষিত কৰাৰ মূল কাৰণ হ’ল ১৯১৭ চনত পিটাৰ্চবাৰ্গৰ জাৰসকলৰ শীতকালীন প্ৰাসাদলৈ এই জাহাজখনৰ পৰাই শূন্যলৈ গুলিচালনা কৰি অক্টোবৰ বিপ্লৱৰ সূচনা কৰা হৈছিল ৷ বৰ্তমান নৌ-সেনা বাহিনীৰ ইতিহাসৰ মিউজিয়াম ৷ আমি অৱশ্যে বাহিৰৰপৰাই চালোঁ ৷
ৰাছিয়ান স্থাপত্যশিল্পৰ আধাৰত নিৰ্মিত আন এটি চালে চকু ৰোৱা নিদৰ্শন ‘Church of the Savior on Spilled Blood’ নামৰ গীৰ্জা ৷ এই গীৰ্জাৰ স্থাপত্য শৈলীয়ে ভাবিবলৈ বাধ্য কৰিছিল ইমান বছৰ আগতে, যি সময়ত আজিৰ দৰে আধুনিক নিৰ্মাণ সঁজুলি নথকা সত্বেও কেনেদৰে সম্ভৱ হৈছিল এনে কাৰুকাৰ্য্যৰ নিদৰ্শন নিৰ্মাণ কৰা ৷ এই গীৰ্জাটো পিটাৰ্চবাৰ্গৰ আটাইতকৈ চাবলগীয়া স্থাপত্য শিল্পৰ নিদৰ্শন৷ ইয়াৰ নিৰ্মাণ শৈলী আন নিৰ্মাণসমূহতকৈ সম্পূৰ্ণ পৃথক ৷ এই গীৰ্জাটোৰ নিৰ্মাণ লৈও এটি ইতিহাস জড়িত হৈ আছে ৷ ১৮১৮ চনত দ্বিতীয় আলেকজেণ্ডাৰক কৰা আক্ৰমণৰ ফলত যি ঠাইত তেওঁৰ মৃত্যু হৈছিল সেই ঠাইতে তেওঁৰ মৃত্যুৰ দুবছৰ পাছত পুত্ৰ তৃতীয় আলেকজেণ্ডাৰে পিতৃৰ স্মৰণত এই গীৰ্জাটো নিৰ্মাণ কৰিছিল ৷ আমি তাত যথেষ্ট পৰিব্ৰাজকৰ সমাগম দেখিবলৈ পাইছিলোঁ ৷ গীৰ্জাৰ বাহিৰৰ মুকলি ঠাইত বহু সংখ্যক স্থানীয় লোকে বিভিন্ন ধৰণে যেনে– নাচ, গান, ছবি অঁকা আদিৰে পৰিব্ৰাজকক আমোদ দি থকা পৰিলক্ষিত কৰিলোঁ ৷ আমিও তেওঁলোকৰ আমোদজনক কাৰ্য্যকলাপৰ আমোদ লোৱাৰ লগতে ফটোও উঠিলোঁ তেওঁলোকৰ লগত ৷ ইয়াৰ উপৰিও বিভিন্ন ঠাইত নেভা নদীৰ মনোৰম দৃশ্যই আমাক বৰকৈ আকৰ্ষণ কৰিলে ৷ পিছদিনা আমি বিশ্ব ইতিহাসৰ বিভিন্ন গঠনমূলক আৰু ঘাত-প্ৰতিঘাতৰ সাক্ষী পিটাৰ্চবাৰ্গৰ আটাইতকৈ আকৰ্ষণীয় আৰু বিখ্যাত ‘পেলেচ স্কোৱাৰ’লৈ যাওঁ ৷ ৰাছিয়াৰ উত্থান-পতনৰ লগত জড়িত এই স্কোৱাৰতেই ১৯০৫ চনত ৰুটীৰ বাবে কৰা বিক্ষোভৰ বাবে জাৰৰ সৈন্যই প্ৰতিবাদীসকলক গুলিয়াই হত্যা কৰিছিল ৷ এই শোকাবহ ঘটনাৰ দিনটোক ‘Bloody Sunday’ বুলি কোৱা হয় ৷ আনকি অক্টোবৰ বিপ্লৱৰ কিছু ঘটনাও ইয়াতেই সংঘটিত হৈছিল ৷এই স্কোৱাৰৰ সোমাজত আলেকজেণ্ডাৰ স্তম্ভ (Alexander Column) ৷ নেপোলিয়নৰ লগত হোৱা যুদ্ধত জয়ী হোৱাৰ পিছত সামৰিক জয়ৰ স্মৃতিস্তম্ভ হিচাবে নিৰ্মাণ কৰা এই স্তম্ভৰ উচ্চতা ১৫৫ ফুট৷ প্ৰথম আলেকজেণ্ডাৰৰ নামেৰে নামকৰণ কৰা স্তম্ভৰ ওপৰত ‘এঞ্জেল’ এগৰাকী হাতত ক্ৰুছ সহ প্ৰত্যক্ষ কৰিলোঁ ৷
পিটাৰ্চবাৰ্গৰ আটাইতকৈ বিখ্যাত বিল্ডিং তথা এসময়ত জাৰসকলৰ ৰাজকীয় বাসস্থান শীতকালীন প্ৰাসাদ (Winter Palace) বৰ্তমান ৰাছিয়াৰ বৃহত্তম আৰু বিশ্বৰ দ্বিতীয় বৃহত্তম আৰ্ট মিউজিয়াম হাৰ্মিটেজ পেলেচ স্কোৱাৰতে অৱস্থিত ৷ আমি গৈ পোৱাৰ আগৰে পৰা হাৰ্মিটেজৰ প্ৰৱেশ দ্বাৰত বিভিন্ন দেশ বিদেশৰ ভ্ৰমণকাৰী শাৰী পাতি ৰৈ আছিল ৷ এই শাৰীত যথেষ্ট বয়সীয়া লোক কিছুমানে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ বয়স দেখাত ৮০ ৰ ঊৰ্ধত যেনেই অনুমান কৰিছিলোঁ, পিন্ধনত কিন্তু চফল ডেকা-গাভৰুৰ স্মাৰ্ট সাজ-পাৰ, কাণত হেডফোন ৷ ওপৰলৈ উঠি যাওঁতে এজনে আনজনক সহায় কৰি লৈ গৈছে ৷ লগত গাইডগৰাকীৰ বাহিৰে আন কোনো সহায়কাৰীও নেদেখিলোঁ ৷ সেইসময়ত আমাৰ বয়সীয়া লোকসকলে অতীতক সুঁৱৰি ঘৰতে বহি সময় কটোৱা কথা বৰকৈ মনলৈ আহিছিল ৷
হাৰ্মিটেজৰ ভিতৰলৈ সোমাই তাত প্ৰদৰ্শিত সংগ্ৰহসমূহতকৈও দেৱালসমূহৰ অনন্য শিল্পৰ কাৰুকাৰ্য্য দেখি বিস্ময় মানিলোঁ ৷ বিল্ডিঙৰ প্ৰকাণ্ড খুঁটা, দেৱাল আৰু চালৰ ডিজাইনসমূহত সোণৰ কাৰুকাৰ্য ৷ চকু থৰ লাগি যোৱা মুঠ ছয়টা আন্তঃসংযুক্ত বিল্ডিঙত প্ৰায় ৩০ লক্ষাধিক বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা আছে ৷ কোৱা হয় এই প্ৰদৰ্শনসমূহৰ প্ৰতিটো এক মিনিটৰ বাবেও যদি চোৱা হয় তিনিবছৰ লাগিব ৷ মুঠ ছয়টা বিল্ডিঙৰ শীতকালীন প্ৰাসাদ, ক্ষুদ্ৰ হাৰ্মিটেজ (Small Hermitage), পুৰণি হাৰ্মিটেজ (Old Hermitage), নতুন হাৰ্মিটেজ (New Hermitage) আৰু হাৰ্মিটেজ থিয়েটাৰ (Hermitage Theatre]– এইকেইটাহে জনসাধাৰণৰ বাবে মুকলি ৷ আমি চোৱা বিভিন্ন প্ৰদৰ্শিত বস্তুৰ ভিতৰত দুটামান বস্তুৱে মোক বৰকৈ আকৰ্ষণ কৰিলে ৷ তাৰ ভিতৰত সোণেৰে নিৰ্মিত এটা ঘড়ী ৷ ঘড়ীটোত তিনিটা চৰাই– ময়ূৰ, ফেঁচা আৰু কুকুৰা আছে ৷ প্ৰতিটো চৰাই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৰচৰ কৰে ৷ ময়ূৰজনীয়ে সঁচা চৰাইৰ দৰেই পাখি মেলি পেখম ধৰে ৷ প্ৰতিটো ৰূমৰ স্থাপত্য শৈলী চমক লগা৷ Picasso, Rambrandt, Cezanne আদি কৰি বহুতো পৃথিৱী বিখ্যাত চিত্ৰকাৰৰ বিখ্যাত চিত্ৰ চোৱাৰ সৌভাগ্য হ’ল যদিও আমি হয়তো এক শতাংশহে চালোঁ ৷
হাৰ্মিটেজৰ অৰ্থ হৈছে আনৰ পৰা আঁতৰি নিজৰ মাজতে সময় কটোৱা ৷ সম্ৰাজ্ঞী কেথেৰিন দি গ্ৰেটে ১৭৬৪ চনতে শীতকালীন প্ৰাসাদত ব্যক্তিগত পছন্দৰ বিভিন্ন শিল্পকৰ্ম বিশেষকৈ বিভিন্ন চিত্ৰকাৰৰ পৰা সংগ্ৰহ কৰা আৰ্টসমূহৰ দ্বাৰা এই মিউজিয়ামটো প্ৰতিষ্ঠা কৰিছিল আৰু এনেদৰেই হাৰ্মিটেজ মিউজিয়ামৰ আৰম্ভ হৈছিল ৷ চেণ্ট কেথেৰিন দিৱস হিচাপে প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ সাত তাৰিখে এই মিউজিয়ামৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷
আন এটি আমোদজনক কথা, হাৰ্মিটেজৰ বেচমেণ্টত মেকুৰীৰ বাসস্থান আৰু এই মেকুৰীসমূহক চোৱা-চিতাৰ বাবে চাৰিজন লোক নিয়োগ কৰা হৈছে ৷ মেকুৰীসমূহৰ খোৱাৰ বাবে আচুতীয়া পাকঘৰ আৰু বেমাৰ-আজাৰৰ বাবে হস্পিতালো আছে ৷ ১৮ শতিকাতে পিটাৰ দি গ্ৰেটৰ জীয়েক এলিজাবেথে নিগনিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰথমে মেকুৰী প্ৰাসাদলৈ আনিছিল ৷ বৰ্তমান ৫০-৭০ টাৰো অধিক মেকুৰী প্ৰাসাদত বাস কৰে ৷
হাৰ্মিটেজৰ কাষতে ‘Saint ISAACS Cathedral’ যিটো বৰ্তমান মিউজিয়াম ৷ আমি বাহিৰৰ পৰাই চালোঁ ৷ এই কেথেড্ৰলৰ ৩৩৩ ফুট উচ্চতাৰ মুখ্য গম্বুজটো সোণেৰে নিৰ্মিত ৷ নিৰ্মাণ সমাপ্তিৰ সময়ত এই কেথেড্ৰলটো ইউৰোপৰ আটাইতকৈ ব্যয়বহুল কেথেড্ৰল হিচাপে খ্যাতি অৰ্জন কৰিছিল ৷ কেথেড্ৰলটো বাহিৰৰ পৰাই সোণৰ গম্বুজ, বিলাসবহুল স্থাপত্য শিল্প আৰু প্ৰকাণ্ড মূল্যৱান শিলৰ খুঁটাৰে দেখিবলৈ আটকধুনীয়া ৷
তাৰ পৰা হোটেললৈ উভতি আহি সন্ধিয়া আমি ৰাছিয়ান বলছয় (Bolshoi) চাবলৈ যাওঁ ৷ বলছয় চাম বুলি ৰাতিপুৱা আৰ্ট হাউছৰ অভ্যৰ্থনা কক্ষলৈ গৈ ক’ত কেনেকৈ বলছয়ৰ টিকট সংগ্ৰহ কৰিব লাগে খবৰ কৰাত তেওঁলোকে বিশেষ গুৰুত্ব দিয়া যেন নালাগিল ৷ কথাটো এৰাই চলিব বিচৰা যেনহে অনুভৱ হ’ল ৷ আনকি মস্কোত আমাৰ গাইড দ্ৰোণক সোধোঁতেও বিশেষ আগ্ৰহ নেদেখুৱাই টিকট নাই বুলি ক’লে ৷ কিয় এনে কৰিছে একো ধৰিব নোৱাৰিলোঁ ৷ কি কৰো, একো ভাবি নাপাই গুৱাহাটীৰ আমাৰ ট্ৰেভেল এজেঞ্চিৰ স্বত্বাধিকাৰ কৌশিক দাসক ফোন কৰি আমাৰ টিকটৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ কৰিলোঁ ৷ তেওঁ ৰাছিয়াত আমাৰ ভ্ৰমণত যিসকলে তদাৰক কৰি আছে তেওঁলোকৰ লগত কথা পাতি আমাক জনালে যে এই অনুষ্ঠান আমাৰ বয়সৰ বাবে নহয় ৷ সেইবাবেই তেওঁলোকে কথাটো এৰাই চলিছে ৷ পাছতহে প্ৰকৃত কথাটো বুজি পালোঁ ৷ আমি তেওঁলোকক ৰাছিয়ান বেলে বুলি কোৱা বাবেই এই সকলো সমস্যা ৷ আচলতে ৰাছিয়াত বেলে বুলি ক’লে আৰবিয়ান বেলে (Arabian Bellet) নৃত্যৰ কথাহে বুজে ৷ যিবোৰ নৃত্য সাধাৰণতে ক্লাব, বাৰ, হোটেল আদিত পৰিৱেশন কৰে ৷ বলছয় (Bolshoi) বা অপেৰা বুলি কোৱা হ’লে আমাৰ ইমান অসুবিধাই নহয় ৷ অৱশেষত যেনিবা ৰাছিয়া ভ্ৰমণৰ শেষ নিশা আমাৰ বলছয় চোৱাৰ সৌভাগ্য হ’ল ৷
সেইদিনা পৃথিৱী বিখ্যাত Swan Lake নামৰ অনুষ্ঠানটি প্ৰদৰ্শিত হৈছিল ৷ এই অনুষ্ঠানত শিল্পীসকলৰ নৃত্য প্ৰতিভা দেখি তবধ মানিলোঁ ৷ মঞ্চৰ তলত সন্মুখত বহি বজাই থকা বিভিন্ন বাদ্য যন্ত্ৰৰ শব্দৰ তালে তালে শিল্পীসকলৰ নৃত্যৰ ভংগী দেখি ভাবিবলৈ বাধ্য হৈছিলো– এই শিল্পীসকলৰ দেহত হাড় আছে নে ?
ৰাছিয়াৰ দৰে এখন বৃহৎ দেশ এখনৰ বাবে দহ দিনৰ ভ্ৰমণ যথেষ্ট নহয় ৷ ৰাছিয়া প্ৰায় এশৰো অধিক বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সংমিশ্ৰণৰ দেশ৷সেয়ে ভাষা, ধৰ্ম আৰু সাংস্কৃতিক পৰম্পৰাও অনেক ৷ ৰাছিয়াৰ ইতিহাস, সংস্কৃতি আৰু অনন্য স্থাপত্যৰ কিছু আভাস লৈ পিছদিনা পিটাৰ্চবাৰ্গৰ পৰা আলমাটি আৰু আলমাটিৰ পৰা দিল্লী আহি পাওঁ ৷
পৰ্যটকৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক ৰাছিয়া ৷ ৰাছিয়া ভ্ৰমণৰ বাবে তাৰ হোটেল, ব্যক্তি বা কোনো অনুষ্ঠানৰ পৰা আমন্ত্ৰণ পত্ৰ বাধ্যতামূলক ৷ ইমিগ্ৰেশ্বন বা হোটেলত প্ৰৱেশৰ সময়ত এই আমন্ত্ৰণ পত্ৰ নিতান্তই প্ৰয়োজনীয় ৷ তাৰ উপৰিও এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গ’লে আগতে থাকি অহা ঠাইখনৰ হোটেলৰ পৰা দিয়া প্ৰমাণ পত্ৰখনো বাধ্যতামূলক ৷ অৱশ্যে হোটেল কতৃৰ্পক্ষই সেই প্ৰমাণপত্ৰ নিজেই হোটেলৰপৰা ওলাই অহা সময়ত দিয়ে ৷ আমাক কোৱা অনুসৰি ৰাতি হোটেলৰ সকলো গেষ্টৰ তালিকা পৰ্যটন বিভাগলৈ পঠিয়াব লাগে ৷
আচৰিত যেন লাগিলেও এইটো সত্য যে এনে এখন উন্নত আধুনিক দেশৰ লোকসকল যথেষ্ট অন্ধবিশ্বাসী ৷ তেওঁলোকে বিশ্বাস কৰে নতুনকৈ ঘৰ সজাৰ পাছত যিয়ে প্ৰথমে তাত প্ৰৱেশ কৰে তেওঁৰ মৃত্যু হয় ৷ সেয়ে নতুন ঘৰত প্ৰথমে মেকুৰীক সোমাবলৈ দিয়ে৷ যদি মেকুৰীটো নোসোমায় তেন্তে সেই ঘৰ ভাঙি আন ঠাইত ঘৰ সাজে ৷ ৰাছিয়ানসকলৰ কাৰোবাক ফুল দিয়াৰো বহুত নিয়ম ৷ তেওঁলোকৰ মতে ফুল কেৱল সৌন্দৰ্য্যৰ প্ৰতীকেই নহয় ৷ ফুলৰ ৰং, সংখ্যা আদিৰো নিজস্ব অৰ্থ আছে ৷ কাৰোবাক ফুল দিব বিচাৰিলে অযুগ্ম সংখ্যাতহে দিব লাগে কাৰণ যুগ্ম সংখ্যাৰ ফুল মৃতলোক বা সমাধিতহে দিয়া হয় ৷ হালধীয়া ফুলে দুখ, প্ৰতাৰণা আদি সূচায় ৷
আমি ঘূৰি ফুৰোঁতে এটা কথা মন কৰিছিলোঁ– দৰ্শনীয় ঠাইত বিবাহিত দৰা-কইনাই বিয়াৰ সাজেৰেই ঘূৰি ফুৰা৷ মনৰ খুদুৱনি মাৰিবলৈ নাটাছাক সোধাত তেওঁ ক’লে বিয়াৰ পাছতেই এনেদৰে দৰা-কইনাই চহৰখন ফুৰা হেনো ৰাছিয়ানসকলৰ এটি পৰম্পৰা৷ বাটত বা আন ক’ৰবাত কাৰোবাক দেখিলে এজনে আনজনলৈ চাই হঁহাটো ৰাছিয়ানসকলে শিষ্টাচাৰৰ বাহিৰত বুলি ভাবে ৷ সেয়ে স্কুলত ছাত্ৰ-ছাত্ৰীক নাহাঁহিবলৈ শিকায় বুলি কোৱা হয় ৷ আনকি ঘৰলৈ অহা আগন্তুকক দুৱাৰ মুখত হেণ্ডচেক কৰাটো অশোভনীয় বুলি বিবেচনা কৰে ৷
আন এটি হাঁহিৰ খোৰাক জগোৱা কথা নাটাছাৰ পৰা জানিব পাৰি বৰ আমোদ পাইছিলোঁ ৷ কোৱা হয় ৰাছিয়াৰ মুখ্য নেতা এবাৰ যদি তপা হয় তাৰ পিছৰজন চুলি থকা লোক হোৱাটো নিয়ম ৷ ১৮২৫ চনৰ পৰা অৰ্থাৎ প্ৰায় দুই দশক ধৰি ৰাছিয়াই ৰাজনীতিত এই নিয়ম বজাই ৰাখিবলৈ সক্ষম হৈছে ৷ চাবলৈ গ’লে কথাটো অসত্যও নহয় ৷ ১৮২৫ চনত প্ৰথম নিকোলছ্ তপা আছিল আৰু তেওঁৰ পিছত দ্বিতীয় আলেকাজেণ্ডাৰৰ চুলি আছিল ৷ ঠিক তেনেদৰে প্ৰতিবাৰেই এই পৰম্পৰা অব্যাহত আছে ৷ আনকি লেনিন (তপা) আৰু তেওঁৰ পিছত ষ্টেলিনৰ চুলি আছিল ৷ বৰ্তমানো এই পৰম্পৰা অব্যাহত, হয়তো এয়া দৈৱ-সংযোগ ৷ এতিয়া পুতিনৰ (তপা) পিছত কোন ৰাষ্ট্ৰপতি হয় সেয়াহে লক্ষ্যণীয় হ’ব ৷
( প্ৰকাশিত, কৰণি অক্টোবৰ,২০২১ )
জোনা মহন্ত, ২੦১৭ জুলাই