Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

ঐতিহ্যমণ্ডিত ৰাজস্থান

Jona Mahanta, December 12, 2015July 5, 2023

           

 

ৰাজস্থানৰ ব্যয়বহুল প্ৰাসাদ, দুৰ্গ আদিৰ স্থাপত্য শিল্পকাৰ্য ভাৰতৰ আন ৰাজ্যসমূহতকৈ যথেষ্ট সূক্ষ্ম আৰু উন্নত ৷ ৰাজস্থানৰ শাসকসকলৰ সমৃদ্ধ তথা সামৰিক ইতিহাস আৰু পৰম্পৰাগত বৈশিষ্ট্যই দেশ-বিদেশৰ বহু পৰ্যটককে আকৰ্ষণ কৰি আহিছে ৷ সেয়ে প্ৰতি বছৰে বহু পৰ্যটকৰ ৰাজস্থানলৈ  আগমন  ঘটে ৷ ইয়াৰ উপৰিও পৰ্যটকৰ আকৰ্ষণীয় চহৰসমূহে ৰঙৰ দ্বাৰাই নিজৰ পৰিচয় দাঙি ধৰে ৷ সৰুৰে পৰাই ৰাজস্থানৰ ৰাজধানী জয়পুৰক ‘পিঙ্ক চিটি’ বুলি কোৱা শুনি আহিছো ৷ জয়ছলমেৰৰ প্ৰতিটো প্ৰাসাদ, হাউলি মৰুভূমিৰ সোণবৰণীয়া বালিৰ ওপৰত স্থানীয় চেণ্ডষ্টোনেৰে নিৰ্মিত বাবে সোণৰ চহৰ বা গোল্ডেন চিটি, ঠিক তেনেদৰে উদয়পুৰক হোৱাইট চিটি আৰু যোধপুৰক ব্লু-চিটি বুলি কোৱা হয় ৷ এই সমূহৰ উপৰিও ৰাজস্থানৰ স্থানীয় মহিলা সকলৰ পৰম্পৰাগত শৈলীত পৰিধান কৰা ৰঙা, হালধীয়া, কমলা আদি উজ্জ্বল ৰঙৰ কাপোৰত আইনা খটোৱা পোছাক, ৰূপৰ গধুৰ অলঙ্কাৰ আৰু পুৰুষসকলৰ পাগুৰি আৰু গোফৰ ষ্টাইল আদি ভাৰতৰ আন ৰাজ্যসমূহতকৈ পৃথক ৷  আমাৰ ৰাজস্থান ভ্ৰমণৰ আন এটি মুখ্য  উদ্দেশ্য আছিল বিস্তীৰ্ণ এলেকা জুৰি আগুৰি থকা থৰ মৰুভূমি আৰু ৰাজস্থানৰ ৰাজকীয় ঐতিহ্যসমূহ  দৰ্শন কৰা ৷  

            গৰমৰ দিনত মৰুভূমিলৈ যোৱা সম্ভৱ নহয় ৷ সেয়ে আমি চাৰি বান্ধৱী জোনা বৰবৰুৱা, ভূপালী হাজাৰিকা, ৰুমা শৰ্মা আৰু মই ডিচেম্বৰ মাহেত যোৱাটো ঠিক হ’ব বুলি ২০১৫ চনৰ ১২ ডিচেম্বৰত  জয়পুৰলৈ উৰা মাৰিলোঁ ৷ জয়পুৰ এয়াৰপোৰ্টৰ পৰাই আগতে ঠিক কৰি থোৱা গাড়ীৰে  আমি প্ৰায় ১৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত পুষ্কৰলৈ যাওঁ ৷ পুষ্কৰ ভাৰতৰ অন্যতম পুৰণি চহৰ ৷ আজেমৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত ৷

তীৰ্থ নগৰী পুষ্কৰ

            আজেমৰৰ  পৰা আৰাৱলী পথেৰে নাগপাহাৰ পাৰ হৈ হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থান পুষ্কৰ অৱস্থিত ৷ ভাৰতৰ প্ৰাচীন চহৰবোৰৰ ভিতৰত অন্যতম পুষ্কৰ ৷ ‘পুষ্কৰ’ শব্দৰ অৰ্থ হৈছে নীলা পদুম ৷ পুষ্কৰ গৈ পাওঁতে বহু পলম হ’ল ৷ পুস্কৰৰ ‘তীৰ্থ পেলেচ’ হোটেলত ৰাতিটো কটাই ৰাতিপুৱাই  পৱিত্ৰ স্থান ‘পুষ্কৰ হ্ৰদ’ আৰু প্ৰাচীন তথা গুৰুত্বপূৰ্ণ ব্ৰহ্মা মন্দিৰ দৰ্শনৰ বাবে ওলালোঁ ৷ 

             পুষ্কৰ হ্ৰদৰ ইতিহাস খৃষ্টপূৰ্ব চতুৰ্থ শতাব্দীৰ ৷ গ্ৰীক আৰু কুশান বংশৰ মুদ্ৰাত এই হ্ৰদৰ উল্লেখ আছিল ৷ হিন্দু ধৰ্মগ্ৰন্থ পুৰাণ, মহাকাব্য ৰামায়ণ, মহাভাৰত আদিতো এই হ্ৰদৰ উল্লেখ আছে ৷ চীনা পৰিব্ৰাজক ফাহিয়ানেও ভ্ৰমণকাহিনীত এই হ্ৰদৰ বিষয়ে উল্লেখ কৰিছে ৷ এই সমূহৰ পৰা ঠাৱৰ কৰিব পাৰি বহু অতীজৰে পৰা পুষ্কৰ এখন তীৰ্থস্থান আছিল ৷ পুষ্কৰ হ্ৰদৰ চাৰিওফালে বহুতো মন্দিৰ আছে ৷ কোৱা হয় এই হ্ৰদত গা ধুলে সকলো পাপ খণ্ডন হয় আৰু ছালৰ ৰোগ নিৰাময় হয় ৷ ভক্তসকল হ্ৰদলৈ নামি যোৱাৰ সুবিধাৰ বাবে চিৰি আছে ৷ গা ধোৱাৰ বাবে মুঠ ৫২ টা ঘাট আছে যদিও আটাইকেইটা ব্যৱহাৰৰ যোগ্য নহয় যেন অনুমান হ’ল ৷ আমিও চিৰিৰে  নামি গৈ পুষ্কৰ হ্ৰদৰ পানীৰে হাত-ভৰি কেইটা তিয়াই ল’লো ৷ পাপ খণ্ডন কৰিবলৈ নহয়, তাত থকা ব্ৰহ্মা মন্দিৰ দৰ্শন কৰাৰ বাবেহে ৷ মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগতে ভৰি-হাত কেইটা তিয়াই ল’লে নিজৰেই ভাল লাগে ৷

            এসময়ত পুষ্কৰত ৫০০ৰো অধিক মন্দিৰ থকা বুলি কোৱা হয় ৷ ইয়াৰ বহুতো প্ৰাচীন মন্দিৰ মোগল সম্ৰাট ঔৰংজেবৰ শাসনকালত লুণ্ঠনৰ ফলত ধবংস হৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ নিৰ্মাণ কৰা হৈছিল ৷ বৰ্তমানো চাৰিওফালে বহুতো মন্দিৰ এতিয়াও সিঁচৰিত হৈ আছে ৷ পুষ্কৰৰ এই মন্দিৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল ব্ৰহ্মা মন্দিৰ ৷

            পুষ্কৰ হ্ৰদ আৰু ব্ৰহ্মা মন্দিৰৰ উৎপত্তি সম্পৰ্কে বহুতো আখ্যান আছে ৷ প্ৰৱাদ আছে জগতপিতা ব্ৰহ্মাই নিজেই এই স্থানত এই মন্দিৰ স্থাপন কৰিছিল ৷ পৌৰাণিক আখ্যান অনুসৰি পৃথিৱীক পাপমুক্ত কৰিবলৈ ব্ৰহ্মাই এক মহাযজ্ঞ কৰিবলৈ মন মেলিলে ৷ যজ্ঞৰ স্থান নিৰ্ণয় কৰিবলৈ ব্ৰহ্মাই হাতত তিনিপাহপদুম লৈ ঘূৰি ফুৰোঁতে পদুম কেইপাহ পুষ্কৰত হাতৰ পৰা সৰি পৰিল আৰু সেই স্থানৰ পৰা পানী ওলাই আহিল  ৷ এই পানীৰ ধাৰতেই সৃষ্টি হ’ল পুষ্কৰ হ্ৰদ৷ সেই স্থানতেই ব্ৰহ্মাই যজ্ঞৰ আয়োজন কৰে ৷ কোৱা হয় ব্ৰহ্মাই নিজেই এই মন্দিৰ তাত নিৰ্মাণ কৰিছিল ৷   কিছুমানৰ মতে আকৌ ব্ৰহ্মাৰ যজ্ঞৰ পাছত এই মন্দিৰটো বিশ্বামিত্ৰ মুনিয়ে নিৰ্মাণ কৰিছিল ৷ সমগ্ৰ বিশ্বতে ব্ৰহ্মাৰ নামত উৎসৰ্গিত এইটোৱেই একমাত্ৰ মন্দিৰ বুলিও কোৱা হয় যদিও পুষ্কৰত থকা এই মন্দিৰটো বৰ্তমান ব্ৰহ্মাৰ একমাত্ৰ মন্দিৰ নহয় ৷ তথাপিও ভাৰতত ব্ৰহ্মাৰ নামত উৎসৰ্গিত কম সংখ্যক মন্দিৰৰ ভিতৰত এই মন্দিৰ অন্যতম ৷

ব্ৰহ্মাৰ একমাত্ৰ মন্দিৰ বুলি কোৱাৰ আঁৰতো আছে এক পৌৰাণিক কাহিনী ৷ আন্তৰ্জাতিক বিজনেছ টাইমছত প্ৰকাশিত এটা প্ৰবন্ধত পুষ্কৰ হ্ৰদ আৰু এই ব্ৰহ্মাৰ মন্দিৰক বিশ্বৰ দহখন ধৰ্মীয় চহৰৰ ভিতৰত অন্যতম হিচাপে  চিহ্নিত কৰিছে আৰু হিন্দুসকলৰ পাঁচখন পবিত্ৰ তীৰ্থস্থানৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰিছে ৷ হিন্দু ধমাৰ্ৱলম্বীৰ দৰে শিখসকলৰো পৱিত্ৰ ঠাই পুষ্কৰ৷ পুষ্কৰত গুৰু  নানক আৰু গুৰু গোবিন্দ সিংহৰ গুৰুদ্বাৰ আছে ৷ আনকি পুষ্কৰ হ্ৰদৰ এটা ঘাট গুৰু গোবিন্দ সিংহৰ স্মৃতিত সজা হৈছে ৷ কোৱা হয় শিখসকলৰ গুৰু গোবিন্দ সিংহ আৰু গুৰু নানক ৰাজপুতনা (আজি-কালি ৰাজস্থান) ভ্ৰমণৰ কালত এই চহৰলৈ আহিছিল ৷ গোবিন্দ সিংহ য’ত আছিল তাতেই তেওঁৰ নামৰ ঘাট সজা হৈছে ৷

            পুষ্কৰৰ পৰা আজেমৰৰ দূৰত্ব মাত্ৰ ১৫ কিলোমিটাৰ ৷ সেয়ে আমি আজেমৰৰ বিখ্যাত তথা পৱিত্ৰ¸ প্ৰাচীন দৰগাহ দৰ্শনৰ সুবিধাকণ এৰি নিদিলোঁ ৷ কোৱা হয় এই দৰগাহ দৰ্শন কৰিলে দৰ্শনকাৰীৰ মনোকামনা পূৰণ হয় আৰু  দুখ সমস্যা আদি নাইকিয়া হয় ৷ এই দৰগাহ মোগল সম্ৰাট হুমায়ুণে নিমাৰ্ণ কৰিছিল ৷ আকবৰ, শ্বাহজাহানকে আদি কৰি বহুতো মোগল সম্ৰাটৰ এই দৰগাহ নিৰ্মাণত অৰিহণা আছে ৷ চুফী সাধক মঈনুদ্দিন চিস্তি (Moinuddin Chishti) ১১৯২-১২৩৬ খৃষ্টাব্দত যি স্থানত বসবাস কৰিছিল সেই স্থানতে তেওঁক সমাধিস্থ কৰা হৈছিল আৰু সেই স্থানতে এই দৰগাহ নিৰ্মাণ কৰা হৈছে ৷  বিশ্বাস কৰা হয় এই দৰগাহ সাতবাৰ দৰ্শন কৰিলে মক্কা দৰ্শনৰ  সমান পুণ্য হয় ৷ দৰগাহলৈ সোমাই যোৱা পথত পূজা অৰ্চনাৰ বাবে লাগতিয়াল বিভিন্ন সামগ্ৰীৰে ভৰা বহুতো জকমকীয়া দোকান আছে ৷ দৰগাহৰ মুখ্য দুৱাৰ হায়দৰাবাদৰ নিজামৰ অনুদানেৰে নিৰ্মাণ কৰা বাবে ‘নিজাম গেট’, দ্বিতীয় গেটখনক ‘শ্বাহজাহানী গেট’ আৰু তৃতীয় দুৱাৰখনক ‘বুলণ্ড দৰৱাজা’ বুলি কোৱা হয় ৷ এই তিনিখন দুৱাৰ অতিক্ৰম কৰি মঈনুদ্দিনৰ পৱিত্ৰ সমাধি দৰগাহৰ মাজত অৱস্থিত ৷ পূজা অৰ্চনাৰ বাবে ফুল, চাদৰ আৰু মিঠাই আদি দিয়া হয় ৷ আমিও ফুল, চাদৰ দি প্ৰাৰ্থনা কৰি জয়ছলমেৰ অভিমূখে যাত্ৰা কৰিলোঁ ৷

গোল্ডেন চিটি জয়ছলমেৰ

            আজমেৰৰ পৰা  জয়ছলমেৰলৈ দূৰত্ব পাঁচশ কিলোমিটাৰৰো বেছি ৷ বাট-পথ সুন্দৰ, ডিচেম্বৰ মাহ বাবে গৰমো নাছিল ৷ সেইবাবে ইমান দূৰ যদিও  আমাৰ আমনি লগা নাছিল ৷ এই দীঘলীয়া দূৰত্ব অতিক্ৰম কৰি আমাৰ পূৰ্ব নিৰ্ধাৰিত জয়ছলমেৰৰ হোটেল ‘হিম্মতগড় পেলেচ’ গৈ পাওঁতে ৰাতি প্ৰায় ন মানেই  বাজিল ৷ ভাগৰ লগা বাবে নিশা আমি ৰূমতে খালোঁ, ডাইনিং হললৈ যাবলৈ মন নগ’ল ৷ 

            ৰাতিপুৱা শুই উঠি বাহিৰলৈ ওলাই আহি প্ৰাসাদ সদৃশ আমাৰ হোটেলখন দেখি মন নাচি উঠিল ৷ এনে লাগিল হোটেলখন হয়তো আগতে হাউলি আছিল ৷ আগদিনা দেৰি হোৱা বাবে আমাৰ মন কৰাই নহ’ল ৷  মূল পথৰ পৰা কিছু ওখ টিলাত বৃহৎ এলেকা জুৰি ঐতিহাসিক জয়ছলমেৰৰ হাউলিৰ আৰ্হিত নিৰ্মাণ কৰা হোটেলখন ৰাজস্থানৰ ঐতিহ্যৰ প্ৰতিবিম্ব ৷ জয়ছলমেৰ দুৰ্গ নিৰ্মাণ কৰা চেণ্ডষ্টোনেৰেই নিৰ্মাণ কৰা হোটেলখনৰ স্থাপত্য শিল্পও একেই ৷ বিল্ডিঙৰ ওপৰৰ পৰাই মৰুভূমিত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ মনোমোহা ৰূপ প্ৰত্যক্ষ কৰিব পাৰি ৷ ৰাস্তাৰ আনটো ফালে টিলাৰ ওপৰত সোণালী ৰঙৰ বালিৰ ওপৰত প্ৰকাণ্ড  দেৱালৰ ভিতৰত  দুৰ্গ সদৃশ ঘৰসমূহ ৰাতিপুৱাৰ কোমল ৰ’দৰ কিৰণত সোণালী ৰঙেৰে জিলিকি কি যে এক অপৰূপ দৃশ্যৰ সৃষ্টি কৰিছে ! হয়তো বহু যুগ ধৰি কবি, সাহিত্যিকসকলৰ সাহিত্য সৃষ্টিত  সমল যোগাই আহিছে এই দৃশ্যৰাজিয়ে ৷ এয়াই বিখ্যাত জয়ছলমেৰ দুৰ্গৰ দেৱাল, যিটো দুৰ্গ চাবলৈ দেশ-বিদেশৰ বহু পৰ্যটক প্ৰতিদিনে জয়ছলমেৰলৈ আহে ৷   

             আঠশ বছৰ আগতে এই দুৰ্গটোৱেই আছিল জয়ছলমেৰ চহৰ ৷ ১৭ শতিকাৰ পৰাহে জনসংখ্যা বৃদ্ধিৰ লগে লগে দুৰ্গৰ বাহিৰত লোকে বসতি কৰিবলৈ ধৰে ৷ বৰ্তমানো  জয়ছলমেৰ চহৰখনৰ এক চতুৰ্থাংশ লোক এই দুৰ্গৰ ভিতৰত বাস কৰে ৷ এনেদৰে দুৰ্গৰ ভিতৰত মানুহ বাস কৰা দুৰ্গৰ সংখ্যা গোটেই পৃথিৱীতে তেনেই কম ৷ সেইবাবে এই দুৰ্গক ‘জীৱন্ত দুৰ্গ’ বুলিও কোৱা হয় ৷ বিশাল থৰ মৰুভূমিৰ ত্ৰিকুটা পাহাৰৰ বালিৰ ওপৰত নিৰ্মাণ কৰা বাবে বহু আঁতৰৰ পৰাই  দুৰ্গৰ টাৱাৰসমূহ দেখা যায় ৷ প্ৰবাদ মতে জয়ছলমেৰৰ পৰা ১৫ কিলোমিটাৰ আঁতৰত লোধ্ৰুৱা (Lodhruva) নামৰ ঠাই এখনত ভাটি ৰাজপুত ৰাজবংশৰ প্ৰাচীন ৰাজধানী আছিল ৷ ১১৫৬ খৃষ্টাব্দত  ভাটি ৰাজপুত ৰাৱাল জয়ছালে তাৰ পৰা গুচি আহি এই স্থানতে দুৰ্গটো নিৰ্মাণ কৰে ৷ তেওঁৰ নামেৰেই দুৰ্গৰ নামো জয়ছলমেৰ দুৰ্গ ৰখা হয় ৷ ১২৯৩-১২৯৪ খৃষ্টাব্দত আলাউদ্দিন খিলিজীৰ লগত হোৱা সংৰ্ঘষৰ কালত নবছৰ এই দুৰ্গ আলাউদ্দিন খিলিজীয়ে অৱৰোধ কৰি ৰাখিছিল ৷ অৱৰোধৰ শেষৰ সময়ত হোৱা সংৰ্ঘষত মহিলাসকলে ‘জৌহাৰ’(jauhar) কৰি আটাইয়ে মৃত্যু বৰণ কৰিছিল আৰু পুৰুষসকলৰ আলাউদ্দিন খিলিজীৰ সৈন্যৰ হাতত মৃত্যু হৈছিল ৷ তাৰ  পাছত বহু বছৰ ধৰি এই দুৰ্গটো পৰিত্যক্ত অৱস্থাত আছিল ৷ পিছত জীয়াই থকা ভাটি বংশৰ লোকে পুনৰ দুৰ্গটো নিজৰ আয়ত্বলৈ আনে ৷

            জৌহাৰ সতীদাহ প্ৰথাৰ দৰেই ৷ আক্ৰমণকাৰীৰ হাতৰ পৰা নিজৰ সতীত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া প্ৰথাকে জৌহাৰ বুলি কোৱা হয় ৷ উত্তৰ-পশ্চিম ভাৰতত এনে উদাহৰণ আৰু বহুতো আছে ৷ বিশেষকৈ ৰাজস্থানৰ ৰাজপুতসকলৰ বিৰোধী সেনাৰ লগত হোৱা সংৰ্ঘষত এনে ঘটনা ঘটিছিল ৷ অৱশ্যে যেতিয়া জয়লাভ কৰাৰ কোনো সম্ভাৱনা নাথাকে তেতিয়াহে ৰাজপুত মহিলাসকলে একগোট হৈ সন্তান সহ একেলগে জুইত জঁপিয়াই মৃত্যুক সাবটি লৈছিল ৷ ভাবিলে আচৰিত যেন লাগে ৷ আন এনে এটা ঘটনা ঘটিছিল ‘ৰাওল লুনাকৰণ’ৰ ৰাজত্ব কালত ৷ তেওঁৰ ৰাজত্বকালত আফগান সেনাই আমীৰ আলিৰ নেতৃত্বত এই দুৰ্গ আক্ৰমণ কৰিছিল ৷ যেতিয়া ৰাৱল বাহিনীয়ে গম পাইছিল যুদ্ধত তেওঁলোক পৰাস্ত হোৱা নিশ্চিত আৰু জৌহাৰ ব্যৱস্থা কৰাৰ বাবেও পৰ্যাপ্ত সময় নাই তেতিয়া তেওঁলোকে মহিলাসকলক হত্যা কৰিছিল ৷ কোৱা হয় শেষত দলিল সম্পাদনৰ সময়ত ৰাজপুত সেনাই নিজৰ  শক্তি বৃদ্ধি কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷

            প্ৰথমতে জয়ছলমেৰৰ সকলো জনগোষ্ঠী দুৰ্গতে বাস কৰিছিল ৷ বৰ্তমানো বহু লোক দুৰ্গতে বাস কৰে৷ দুৰ্গত জয়ছলমেৰৰ শাসকৰ বাসস্থানৰ উপৰিও দ্বাদশ শতিকাৰ পৰা ষোড়শ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা লক্ষ্মী মন্দিৰ, বিষ্ণু মন্দিৰ, সাতটা জৈন মন্দিৰ  আৰু বহুতো হাউলি আছে, যিবোৰত বৰ্তমানো নিৰ্মাতাসকলৰ উত্তৰাধিকাৰী আছে ৷ দুৰ্গৰ সকলোবোৰ নিদৰ্শনেই চূণশিল আৰু স্থানীয় চেণ্ডষ্টোনেৰে নিৰ্মিত বাবে দিনত সূৰ্যৰ ৰশ্মিত সিংহৰ গাৰ বৰণ আৰু সূৰ্যাস্তৰ সময়ত মৌৰ হালধীয়া ৰং লয় আৰু মৰুভূমিৰ বালিৰ সৈতে মিলি হৈ পৰে সোণবৰণীয়া৷ সেইবাবে ‘গোল্ডেন ফোৰ্ট’ বা ‘সোণৰ কিল্লা’ বুলিও কোৱা হয় ৷ চিনেমা জগতৰ প্ৰখ্যাত নিৰ্দেশক সত্যজিত ৰায় ‘সোনাৰ কেল্লা’ নামৰ কিতাপখন এই দুৰ্গৰ আধাৰতেই লিখা যিখনৰ আধাৰত তেওঁ ‘সোনাৰ কেল্লা’ নামৰ চিনেমা এখনো কৰিছিল ৷

            ‘দেৱানজী কি হাউলি’ বা ‘নাথমলজী কি হাউলি’ নামে পৰিচিত হাউলিটো  প্ৰধান মন্ত্ৰী দেৱান মোহতা নাথমলৰ বাসস্থান আছিল ৷ বৰ্তমানো তেওঁৰ উপৰিপুৰুষ তাত আছে ৷ প্ৰকৃততে এইটো দেৱান পৰিয়ালৰ ব্যক্তিগত সম্পত্তি ৷  হাউলিৰ দেৱাল, খুটা আদিত বিভিন্ন  সূক্ষ্ম চিত্ৰ খোদিত কৰা আছে ৷ কোৱা হয় এই আৰ্হিসমূহ সোণৰ অলঙ্কাৰ বনোৱা লোকে কৰিছিল বাবেই কামবোৰ ইমান নিখুঁত আৰু সূক্ষ্ম ৷ যিহেতু তাত দেৱান পৰিয়াল থাকে ভিতৰত প্ৰৱেশ নিষেধ ৷ মাত্ৰ প্ৰথম কোঠাত থকা পৰিয়ালৰ লোকেই চলোৱা বিভিন্ন স্থানীয় শিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰী পোৱা দোকানখনতহে সোমাব পাৰি ৷ এই হাউলিৰ কাষতেই  স্থাপত্য শিল্পৰ আন এটি নিদৰ্শন জৈন মন্দিৰো দৰ্শন কৰিলোঁ ৷

            চহৰখনক আকৰ্ষণীয় কৰা আন এটি হাউলি হৈছে  ‘পতোৱা কী হাউলি’ বা ‘ব্ৰোকেড মেনচ’৷ গুমন চান্দ পতোৱা  নামৰ এজন সোণ, ৰূপ আৰু কাপোৰত সোণ-ৰূপৰ সূতাৰে কাম কৰা অত্যন্ত  ধনী ব্যৱসায়ীয়ে তেওঁৰ পাঁচজন পুত্ৰৰ বাবে পাঁচটা ব্যয়বহুল হাউলি সজাৰ প্ৰয়াসেৰে এই হাউলিটো নিৰ্মাণ কৰিছিল ৷ এই হাউলিটো পতোৱা পৰিয়ালৰ ব্যক্তিগত  আৱাস গৃহ আছিল ৷ বৰ্তমান ৰাজস্থান চৰকাৰৰ ‘আৰ্ট আৰু শিল্প বিভাগ’ৰ অধীনত এটি মিউজিয়াম, য’ত ৰাজস্থানৰ জন-জীৱনৰ ধাৰা আৰু শিল্প আদিৰ বিষয়ে আভাস পোৱা যায় ৷ কোৱা হয় ১৮০৫ চনত নিৰ্মাণৰ কাম আৰম্ভ কৰা এই হাউলিৰ কাম সম্পূৰ্ণ কৰিবলৈ ৫০ বছৰ সময় লাগিছিল ৷ হাউলিৰ সুন্দৰ ভাস্কৰ্য শিল্প, আইনাৰ সৃজনীশীল কাৰুকাৰ্য, বেৰসমূহৰ নিখুঁত  আৰ্হিসমূহে পৰ্যটকক আকৰ্ষণ কৰে ৷ আৰু চাবলগীয়া বহুতো আছিল যদিও আমি ইমানতেই সামৰি চৌদিশে দেখি থকা স্থানীয় হস্তশিল্পৰ পৰম্পৰাগত ৰং-বিৰঙৰ পোছাক, গহনা, বেগ, চেণ্ডেল আদি বিভিন্ন সামগ্ৰীৰ বজাৰখন এপাক ঘূৰি কিবাকিবি অলপ কিনি হোটেললৈ উভতিলোঁ ৷

            ৰাজকীয় দুৰ্গ, প্ৰাসাদ, হাউলি, বজাৰ আদিৰ উপৰিও জয়ছলমেৰ ভ্ৰমণৰ অন্যতম আকৰ্ষণেই হৈছে থৰ মৰুভূমিৰ ৰোমাঞ্চকৰ আমোদ আৰু অভিজ্ঞতা ৷ সেয়ে আবেলি ওলালোঁ মৰুভূমিত জীপ চাফাৰিৰ অভিজ্ঞতাৰ লগতে উটৰ পিঠিত উঠি মৰুভূমিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে স্থানীয় লোকসকলৰ নৃত্য-গীতৰ সোৱাদ ল’বলৈ ৷ মৰুভূমিত চাফাৰিৰ বাবে সেৱা আগবঢ়োৱা বহুতো সংস্থা আছে, যিসমূহে পৰিব্ৰাজকৰ বাজেট অনুসৰি চাফাৰিৰ বাবে জীপ, উট আৰু থকাৰ বাবে টেণ্ট, খোৱা আদিৰ সকলো ব্যৱস্থা কৰি দিয়ে ৷ ইয়াৰ উপৰিও স্থানীয় লোকসকলে পৰিৱেশন কৰা নৃত্য-গীত উপভোগ কৰাৰ ব্যৱস্থা কৰি দিয়ে ৷

            আমি  চহৰৰ পৰা প্ৰায় পয়ঁত্ৰিশ কিলোমিটাৰ আঁতৰত ‘সাম চেণ্ড ড্যুন’ (Sam Sand Dunes) নামৰ সংস্থাটো গৈ পোৱাৰ লগে লগে স্থানীয় পোছাক পৰিহিত মৰম লগা ছোৱালী এগৰাকীয়ে আমাক কপালত ফোঁট আৰু আৰতিৰ লগতে শীতল চৰবত একো গিলাচেৰে আদৰণি জনালে ৷ গুজৰাট ভ্ৰমণৰ সময়ত মৰুভূমিত জীপ চাফাৰি কৰিছিলোঁ যদিও জীপসমূহ বন্ধ আছিল ৷ কিন্তু ৰাজস্থানত জীপসমূহ খোলা সেয়ে বালিৰ টিলাসমূহত উঠা-নমাৰ সময়ত বেছ ৰোমাঞ্চকৰ হোৱাৰ উপৰি ভালদৰে গাড়ীৰ সুবিধাজনক অংশত ধৰি নল’লে বাগৰি পৰাৰো ভয় থাকে ৷ দিগন্ত জুৰি সোণালী বালিত সূৰ্যাস্তৰ সোণালী কিৰণৰ বৰ্ণনাতীত দৃশ্য উপভোগ কৰি উভতি আহি কেম্প পাওঁতে এন্ধাৰৰ বুকুত হেৰাই গৈছিল বিশাল বালিৰ উদ্যান ৷ ৰাতি তাত থকা-খোৱাৰ ব্যৱস্থা আছিল যদিও কিছু সময় স্থানীয়  নৃত্য-গীতৰ অনুষ্ঠান চাই আমি হোটেললৈ উভতিলোঁ ৷  

ব্লু চিটি যোধপুৰ

            পিছদিনা হোটেলত ব্ৰেকফাষ্ট কৰি সোনকালেই ৰাজস্থানৰ দ্বিতীয় বৃহত্তম চহৰ এসময়ত যোধপুৰ ৰাজ্যৰ ৰাজধানী যোধপুৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ ৷ যোধপুৰলৈ প্ৰায় তিনিশ কিলোমিটাৰ, তদুপৰি মাত্ৰ এনিশা থাকিম বাবে দৰ্শনীয় ঠাইসমূহ চোৱাৰ বাবে  আমাৰ হাতত সময় তেনেই কম ৷ সোণ বৰণীয়া বালিৰ পথাৰ, গাঁৱৰ সৰু সৰু  সোণালী ৰঙৰ ঘৰবোৰৰ মাজেৰে ৰাজস্থানৰ প্ৰকৃত সৌন্দয্যৰ্ উপভোগ কৰি আহি থাকোঁতে দুপৰীয়াই হ’ল ৷ ইফালে ভোকো লাগি আহিল ৷  আটাইকেইগৰাকীয়ে কিবা অলপ খোৱাৰ মনস্থ কৰি বাটতে ‘হেৰিটেজ হোটেল’ত সোমালোঁ ৷ হোটেলৰ গেটতে পৰম্পৰাগত পোছাক পৰিহিত লোকৰ আদৰণি, গছ-গছনিৰে আৱৰা সোণবৰণীয়া পঁজা, আশ্ৰম সদৃশ হোটেলৰ পৰিৱেশে আমাক বৰকৈ আকৃষ্ট কৰিলে ৷ পৰম্পৰাগত পোছাক পৰিহিত লোকসকলে পৰিৱেশন কৰা স্থানীয় সুস্বাদু আহাৰৰ সোৱাদ লৈ আগুৱালোঁ আমাৰ গন্তব্য স্থান যোধপুৰলৈ ৷

            যোধপুৰ পোৱাৰ প্ৰায় দহ কিলোমিটাৰ মান আগতে এসময়ৰ ঐতিহাসিক চহৰ মেণ্ডোৰ গাৰ্ডেন ৷ এই মেণ্ডোৰতেই এসময়ত মাৰোৱাৰ ৰাজ্যৰ ৰাজধানী আছিল ৷ মাৰোৱাৰ ৰাজ্যৰ ৰাজধানী মেহৰাণ্‌গড় দুৰ্গলৈ স্থানান্তৰ কৰাৰ পিছত পৰিত্যক্ত হৈ আছিল যদিও বৰ্তমান বাগিচা, প্ৰাচীন মন্দিৰ আৰু স্মৃতি স্তম্ভবোৰে ভ্ৰমণকাৰীসকলক আকৰ্ষণ কৰে ৷ কোৱা হয় ৰাৱণৰ পত্নী মণ্ডোদৰীয়ে এই স্থানতে জন্ম গ্ৰহণ কৰিছিল ৷ এতিয়াও কিছু ব্ৰাহ্মণ পৰিয়ালে ৰাৱণক জোঁৱাই  বুলি বিবেচনা কৰে ৷ বিভিন্ন মন্দিৰ আৰু স্মৃতিস্তম্ভৰ বাহিৰেও এটি মিউজিয়াম আছে  য’ত মেণ্ডোৰ গাৰ্ডেনৰ ইতিহাস আৰু সেই অঞ্চলত পোৱা বিভিন্ন নিদৰ্শন, মূৰ্তি আদি সংৰক্ষণ কৰা আছে ৷ যদিও গাৰ্ডেন বুলি কোৱা হয় প্ৰকৃততে ই মন্দিৰ আৰু স্মৃতিস্তম্ভৰ সমষ্টি– ‘৩৩ কৌটি দেৱতাৰ মন্দিৰ’, ৰাৱণৰ মন্দিৰ আদিৰ উপৰিও ‘হল অৱ হিৰোজ্‌’ যিটো স্থানীয় জনপ্ৰিয় বীৰসকলৰ স্মৃতিত নিৰ্মিত ৷ তাত মোৰ আটাইতকৈ ভাল লগা কথাটো আছিল ৰাজকীয় পোছাক পৰিধান কৰি ফটো তোলাৰ ব্যৱস্থাটো ৷ মিউজিয়ামসমূহত প্ৰদৰ্শিত ৰাজকীয় পোছাকসমূহ দেখি নিজেই এসাজ ৰাজকীয় পোছাক পিন্ধাৰ ইচ্ছাও জাগিছিল মনত ৷ সেয়ে সুবিধা পাওঁতেই ৰাজকীয় পোছাকেৰে মই আৰু ভূপালী বাইদেৱে ফটো উঠিলোঁ ৷  তাৰ পাছত আমি যশৱন্ত থাড়ালৈ অগ্ৰসৰ হ’লোঁ ৷   

            প্ৰকৃততে যশৱন্ত থাড়া মাৰোৱাৰ ৰাজপুত ৰাজপৰিয়ালৰ স্মৃতিস্তম্ভ ৷ এই স্থানত মহাৰাজ চৰ্দাৰ সিংহই তেওঁৰ পিতৃ মহাৰাজ যশৱন্ত সিংহৰ স্মৃতিত বগা মাৰ্বলেৰে নিৰ্মাণ কৰা স্মৃতিসৌধটো মাৰোৱাৰ তাজমহল নামেৰে পৰিচিত ৷ এই ঘৰটোৰ মুখ্য কোঠাটো মন্দিৰৰ দৰে তাত ৰাজপুতসকলে পূৰ্বপুৰুষসকলৰ উপাসনা কৰে ৷ মাৰোৱাসকলৰ ইতিহাস সমৃদ্ধ মিউজিয়াম এটাও আছে ৷ ইয়াৰ উপৰিও বহুতো স্মৃতিস্তম্ভ আছে ৷ 

              ৰাজপুত শাসক যোধা ৰাৱে ১৪৫৯ খৃষ্টাব্দত ভাকুৰচেৰিয়া নামৰ পাহাৰত নিৰ্মাণ কৰা মেহৰাণগড় যোধপুৰ পৰিব্ৰাজকৰ আটাইতকৈ আকৰ্ষণীয় নিদৰ্শ ন৷ ৰাঠোৰ ৰাজবংশই সূৰ্য্যক সকলো ভগৱানতকৈ শ্ৰেয় বুলি বিবেচনা কৰিছিল, সেইবাবেই এই দুৰ্গৰ নাম মেহৰাণ গড় ৷ মিহিৰ মানে সূৰ্য্য আৰু গড় মানে দুৰ্গ অৰ্থাৎ মিহিৰ গড় ৷ স্থানীয় লোকসকলে লাহে লাহে মেহেৰ গড় আৰু স্থানীয় উচ্চৰণত মেহৰাণ গড় বুলি কোৱাৰ ফলতেই এই দুৰ্গৰ নাম হ’ল মেহৰাণ গড় ৷ এই দুৰ্গৰ নিৰ্মাণ সম্পৰ্কে এটা আখ্যান আছে ৷ ভাকুৰচেৰিয়া পাহাৰখনত চেৰিয়া নাথজী নামৰ সন্ন্যাসী এজনে বাস কৰিছিল ৷ যোধা ৰাৱে তাত দুৰ্গ সজাৰ সিদ্ধান্ত লোৱাৰ ফলত তেওঁ তাৰ পৰা আঁতৰি যাব লগা হোৱাত তেওঁ অভিশাপ দিছিল যে এই দুৰ্গ পানীৰ অভাৱত ভুগিব ৷ অভিশাপৰ পৰা মুক্ত হ’বলৈ যোধা ৰাৱে তেওঁৰ বাবে দুৰ্গৰ ভিতৰত মন্দিৰ আৰু ঘৰো সাজি দিছিল ৷ প্ৰবাদ আছে ৰাজিয়া বাম্বি নামৰ লোক এজনক হেনো জীৱন্ত  কবৰো দিছিল ৷ কোৱা হয় এতিয়াও এই দুৰ্গত প্ৰতি তিনি-চাৰি বছৰৰ মুৰত  পানীৰ অভাৱ হয় ৷ দুৰ্গৰ ডাঠ আৰু ওখ দেৱালৰ ভিতৰত কেবাটাও প্ৰাসাদ আছে আৰু  প্ৰতিটোৱেই ৰাজপৰিয়ালৰ আভিজাত্যৰ পৰিচয় বহন কৰে ৷ মহলসমূহৰ নিৰ্মাণ শৈলীৰ লগত সামঞ্জস্য ৰাখি প্ৰতিটো মহল বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে– মোতি মহল, ফুল মহল, চীচ মহল, দৌলত খানা, চিনেহ খানা ৷ প্ৰতিটো মহলেই বিভিন্ন কাৰুকাৰ্য্যৰে ভাস্কৰ্য্য শিল্পৰ অনন্য নিদৰ্শন বহন কৰে ৷ দুৰ্গৰ ওপৰৰ পৰা তলত দেখা নীলা ৰঙৰ ঘৰ সমূহৰ পৰা যোধপুৰক ব্লু-চিটি বুলি কোৱাৰ তাৎপৰ্য ধৰিব পাৰি ৷  দুৰ্গৰ দেৱালত জয়পুৰ সৈন্য বাহিনীয়ে কৰা আক্ৰমণৰ কামানৰ চিন বৰ্তমানো সুস্পষ্ট ৷ জয়পুৰ আৰু বিকানেৰ সৈন্যৰ লগত হোৱা যুদ্ধত জয়লাভ কৰাৰ পিছত মহাৰাজ মান সিংহই সাতখন গেট নিৰ্মাণ কৰিছিল যাক জয়পোল আৰু পাছত মহাৰাজ অজিত সিংহই মোগলৰ লগত জয়ী হৈ নিৰ্মাণ কৰা গেটখনক ফটেহপোল অৰ্থাৎ বিজয় দুৱাৰ বুলি কোৱা হয় ৷ সতী দাহ প্ৰথাৰ বাবে মৃত্যুক সাবটি লব লগা হোৱা ৰাণীসকলৰ হাতৰ ছাপ এখন দেৱালত সংৰক্ষণ কৰা হৈছে ৷

ৰাঠোৰ বংশৰ বৰ্তমান প্ৰধান উত্তৰাধিকাৰীয়ে  তেওঁলোকৰ পূৰ্বপুৰুষৰ চিন স্বৰূপ এই দুৰ্গটো সংৰক্ষণ কৰিছে ৷  জনসাধাৰণৰ বাবে  ৰাজপৰিয়ালৰ ব্যৱহূত বিভিন্ন সামগ্ৰীৰে মিউজিয়াম এটাও স্থাপন কৰিছে ৷ মিউজিয়ামত প্ৰদৰ্শিত সামগ্ৰীসমূহে ৰাজপৰিয়ালৰ ঐতিহ্যৰ পৰিচয় ডাঙি ধৰিছে ৷ বহু বিখ্যাত চলচিত্ৰৰ চুটিং এই দুৰ্গত কৰা হৈছে ৷ হলিউদৰ বিখ্যাত চিনেমা ‘The Dark Night Rises’ৰ কিছু দৃশ্যৰ উপৰিও বলীউদৰ “আৱাৰাপন’, ‘হাম সাথ সাথ হ্যায়’ আদি বহুতো চিনেমাৰ চুটিং কৰা হৈছে ৷ ইয়াৰ বাহিৰে আৰু চাবলগীয়া আছিল যদিও আমি ভাগৰি পৰিলোঁ ৷ সেয়ে আমাৰ পূৰ্বৰ নিৰ্ধাৰিত হোটেল ‘প’লো হেৰিটেজ’লৈ আহি নিশাটো কটালোঁ ৷

            পিছদিনা ৰাতিপুৱা হোটেলত ব্ৰেকফাষ্ট কৰি যোধপুৰৰ চিত্তোৰ পাহাৰৰ ওপৰত মহাৰাজ উমাইদ সিংহই নিৰ্মাণ কৰা  পৃথিৱীৰ বৃহত্তম ব্যক্তিগত ভৱন সমূহৰ ভিতৰত এটা বুলি পৰিচিত ‘উমাইদ ভৱন’লৈ গ’লো ৷ এই ভৱনটোও সন্ন্যাসীজনৰ অভিশাপৰ বাবেই নিৰ্মাণ কৰিবলগীয়া হোৱা বুলি বিশ্বাস ৷

১৯২০ চনৰ পৰা তিনি-চাৰি বছৰ ধৰি যোধপুৰত সাংঘাতিক খৰাং বতৰৰ ফলত পানীৰ অভাৱত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল ৷ খেতিয়কসকলক দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিবলৈ শাসনকৰ্তা উমাইদ সিংহই  এটা প্ৰাসাদ সজাৰ সিদ্ধান্ত ল’লে ৷ নিৰ্মাণ কাৰ্যত প্ৰজাসকলক নিযুক্ত কৰিলে অন্ততঃ জীৱিকাৰ পথ মুকলি হ’ব ৷ সেইবাবেই নিৰ্মাণৰ কামো ধীৰ গতিত কৰা হৈছিল যাতে খেতিয়কসকলৰ বেছি দিনৰ নিযুক্তিৰ ব্যৱস্থা হয় ৷ ১৯২৯ চনত আৰম্ভ কৰি ভাৰত স্বাধীন হোৱাৰ মাত্ৰ চাৰিবছৰ আগতে অৰ্থাৎ ১৯৪৩ চনত নিৰ্মাণ সম্পূৰ্ণ কৰা এই ভৱনটো নিৰ্মাণত দিনে দুইৰ পৰা তিনি হাজাৰ লোকে কাম কৰিছিল বুলি কোৱা হয় ৷ নিৰ্মাণৰ সময়ত ৩৪৭ টা কোঠাৰে যোধপুৰ ৰাজপৰিয়ালৰ বাসস্থান আছিল যদিও বৰ্তমান  তিনিটা ভাগত বিভক্ত কৰা হৈছে ৷ এটা ভাগত ৰাজপৰিয়ালৰ লোকেই বাস কৰে, এটা ভাগত বিলাসবহুল হোটেল ‘তাজপেলেচ’ আৰু আনটো ভাগত ৰাজপৰিয়ালৰ মিউজিয়াম ৷ বৃহৎ এলেকা আগুৰি বিভিন্ন গছ-গছনি আৰু সেউজীয়া লনেৰে সোণালী ৰঙৰ তাজমহলৰ আৰ্হিত নিৰ্মিত উমাইদ ভৱন বাহিৰৰ পৰাই দেখিবলৈ অতি সুন্দৰ ৷ আমি সোনকালে যোৱা বাবে মিউজিয়াম খোলাৰ সময় হোৱা নাছিল বাবে ভিতৰখন চোৱাৰ সৌভাগ্য নহ’ল ৷ বাহিৰৰ পৰাই চাই উদয়পুৰলৈ ৰাওনা হ’লোঁ ৷ 

            যোধপুৰৰ পৰা কিছুদূৰ অহাৰ পিছতেই এখন ঠাইত ফুট পাথৰ কাষতে এডাল গছৰ কাষত  ৰমেশে  (আমাৰ গাড়ী চালক) আমাৰ গাড়ীখন ৰখালে ৷ গছডালত আমাৰ দূৰ্গা পূজাত দশমীৰ দিনা মণিবন্ধত বান্ধিবলৈ দিয়া  সূতাৰ দৰে অসংখ্য সূতা গছডালত মেৰিয়াই বান্ধি থোৱা আছে ৷ ৰমেশক গাড়ীখন ৰখোৱা বাবে কি হ’ল বুলি সোধাত তেওঁ  আমাক যি ক’লে আমাৰ আটাইকেইজনীৰ গাৰ নোম শিয়ৰি উঠিল– তেওঁ কোৱামতে কিছু বছৰ আগতে এই ঠাইখিনিত বাইক দুৰ্ঘটনাত এজন ল’ৰাৰ মৃত্যু হৈছিল ৷ মৃত্যুৰ কিছুদিন আগতে তেওঁ  বিয়াও কৰাইছিল ৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখন কৰ্মৰত পুলিচে এই ঠাইৰ পৰা উঠাই লৈ যোৱাৰ পিছদিনা আকৌ বাইকখন এই ঠাইতে উদ্ধাৰ হয় ৷ বাইকখন পুলিচ ষ্টেচনৰ পৰা আকৌ কেনেকৈ আহিল সেয়া আজিও সাঁথৰ হৈয়ে ৰ’ল ৷ সেইবাবে এই ঠাইডোখৰৰ কিবা অলৌকিক শক্তি আছে বুলি এই অঞ্চলৰ লোকে বিশ্বাস কৰে আৰু সেইফালে পাৰ হৈ যাওঁতে গছডালত সূতা বান্ধে ৷ তেতিয়াৰে পৰা বাইকখন আৰু তাৰ পৰা নিয়া নাই, তাতেই সৰুকৈ সাধাৰণ মন্দিৰৰ দৰে সাজি ৰখা হৈছে ৷ আমিও নামি গৈ সেৱা জনাই আগবাঢ়িলোঁ ৷

            যোধপুৰৰ পৰা উদয়পুৰলৈ যোৱা পথছোৱাত আমি ৰাজস্থানৰ গাঁৱৰ জীৱনৰ চিত্ৰ এখন সুন্দৰকৈ  উপভোগ কৰিলোঁ ৷ পৰম্পৰাগত সাজেৰে মূৰত দীঘল ওৰণিৰে কলহ লৈ পানী আনিবলৈ যোৱা মহিলা, ক’ৰবাত আকৌ বয়সস্থ লোক মূৰত পাগুৰি মাৰি ঘৰৰ চোতালত চালপীৰাত বহি কথা পাতি থকা, ঘৰমুৱা হোৱা পোহনীয়া জন্তুৰ জাকৰ মাজে মাজে আমাৰ গাড়ী লাহে লাহে অগ্ৰসৰ হোৱা দৃশ্যসমূহে  বৰকৈ আনন্দ দিছিল ৷ মাজতে গাড়ীখন ৰখাই স্থানীয় মহিলা কেইগৰাকীমানৰ লগত মই ফটোও উঠিলোঁ ৷

            আৰাৱলী পৰ্বতমালাৰ প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি  বাটতে ৰণকপুৰ জৈন মন্দিৰ দৰ্শন কৰিলোঁ ৷ ৰণকপুৰ আৰাৱলী পৰ্বতৰ উপত্যকাত পালী জিলাত এখন সৰু গাওঁ ৷ গাওঁখন ১৫ শতিকাতে নিৰ্মাণ কৰা জৈন মন্দিৰৰ বাবেই বিখ্যাত ৷

কোৱা হয় সেই স্থানত ১৫ শতিকাতে ধৰ্ণা শ্বাহ নামৰ স্থানীয় জৈন ধৰ্মাৱলম্বী ব্যৱসায়ী এগৰাকীক সপোনত এটি জৈন মন্দিৰ নিৰ্মাণৰ আদেশ দিছিল ৷ বৃহৎ এলেকা আগুৰি থকা মাৰ্বলেৰে নিৰ্মিত মন্দিৰটো এক অসাধাৰণ স্থাপত্যৰ নিদৰ্শন ৷ ১৮৮৮ টা  মাৰ্বলৰ স্তম্ভৰ প্ৰতিটোতে বিভিন্ন শিল্পৰ কাৰুকাৰ্য ৷ এটা শিলতে ১০৮ ডাল সাপৰ মুখৰ মূৰ্তি নিমাৰ্ণ কৰা শিল্পকাৰ্য্য অনন্য প্ৰতিভাৰ নিদৰ্শন ৷

            মন্দিৰৰ পৰা ওলাই সুন্দৰ পাহাৰীয়া ঠাই এখনৰ টিলা এটাৰ ওপৰত থকা ‘চন্দ্ৰ হিল ৰিজৰ্ট’ত প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ উপভোগ কৰি দুপৰীয়াৰ আহাৰ কৰিলোঁ ৷ উদয়পুৰ পোৱাৰ ৪০ কিলোমিটাৰ মান আগতে মহাৰাণা প্ৰতাপ সিংহ আৰু মোগল সম্ৰাট আকবৰৰ সেনাৰ মাজত হোৱা যুদ্ধৰ স্থান হলদিঘাট ৷ তাত প্ৰতাপ সিংহৰ ঘোঁৰা ‘চেতক’ৰ স্মৃতিসৌধ  ৰখা হৈছে ৷  এই ঠাইৰ মাটিৰ ৰং হালধিৰ নিচিনা বাবেই বোধহয় ঠাইখনৰ নাম হলদিঘাট ৷

চিটি অব লেক উদয়পুৰ

            উদয়পুৰ আহি পাওঁতে আবেলি হ’ল ৷ উদয়পুৰত চাবলগীয়া বহুত কিন্তু আমাৰ হাতত সময় তেনেই কম ৷ প্ৰথমতে আমি ‘ফতেহ সাগৰ’ হ্ৰদৰ পাৰত নিৰ্মাণ কৰা ‘চহেলীও কী বাৰী’লৈ যাওঁ ৷ যদিও বাৰী বুলি কোৱা হয় আচলতে  পুখুৰী, মাৰ্বলৰ মূৰ্তি, মিউজিয়াম,  বিভিন্ন গছ-গছনি, ফুল আদিৰে ভৰা এখন বিশাল বাগিচা ৷ প্ৰৱাদ আছে ৰাণা সংগ্ৰাম সিংহই ১৮ শতিকাতে নিজেই ডিজাইন কৰি এই বাগিচাখন নিৰ্মাণ কৰি তেওঁৰ পত্নীক উপহাৰ স্বৰূপে দিছিল ৷ ৰাণীয়ে যৌতুক হিচাবে ৪৮ গৰাকী লিগিৰী তথা সংগিনী আনিছিল ৷ ৰাণীয়ে এই সকলৰ লগত ফুৰা-চকা আৰু সময় কটোৱাৰ বাবেই এই বাগিচাখন নিৰ্মাণ কৰা হৈছিল ৷ ভাৰতৰ ইতিহাস বিশ্লেষণ কৰিলে দেখা যায় যে সাধাৰণতে মহিলাৰ গুৰুত্ব খুব কম ৷ আগ্ৰাৰ তাজমহলৰ দৰে মেৱাৰৰ ৰজা সংগ্ৰাম সিংহৰ দ্বাৰা নিৰ্মিত এই বাগিচাখনে যেন ইয়াৰ ব্যতিক্ৰম দিশ এটাৰহে পৰিচয় ডাঙি ধৰিছে ৷ প্ৰকৃতি আৰু নিৰ্মাণ শৈলীৰ স্থাপত্যই ৰজাৰ পত্নীৰ প্ৰতি থকা সুহূদয়ৰ ছবি স্পষ্ট ৷ মিউজিয়ামত ৰাজপৰিয়ালৰ ব্যৱহূত  বিভিন্ন সামগ্ৰী প্ৰদৰ্শিত কৰা আছে ৷ তাৰ পৰা ওলাই উদয়পুৰৰ আন এটি আকৰ্ষণীয় নিদৰ্শন মহাৰাণা প্ৰতাপ সিংহৰ  স্মৃতিত নিৰ্মিত স্মৃতিসৌধ চাবলৈ যাওঁ ৷

             চিচোদিয়া ৰাজবংশৰ ৰাজপুত্ৰ মহাৰাণা প্ৰতাপ সিংহই তেওঁৰ ২৭ বছৰীয়া শাসন কালত দেখুৱা সাহস  আৰু বীৰত্বৰ প্ৰতি সন্মান জনাই নিৰ্মাণ কৰা ‘মহাৰাণা প্ৰতাপ স্মাৰক’ উদয়পুৰৰ পাৰ্ল হিল বা মুক্তা পাহাৰৰ  ওপৰত নিৰ্মাণ কৰা হৈছে ৷ মহাৰাণা প্ৰতাপ সিংহৰ গৌৰৱময় ইতিহাসৰ ভিতৰত হলদিঘাটৰ যুদ্ধ উল্লেখনীয় ৷ সেই যুদ্ধত তেওঁৰ বিশ্বাসী ঘোঁৰা ‘চেতক’ আঘাতপ্ৰাপ্ত হৈয়ো মহাৰাণা প্ৰতাপ সিংহক যুদ্ধক্ষেত্ৰৰ পৰা নিৰাপদে ঘূৰাই আনি নিজে পিছত   মৃত্যুক  সাবটি লৈছিল ৷ সেয়ে প্ৰতাপ সিংহৰ চেতকৰ পিঠিত উঠি পূৰ্ণকায় আকাৰৰ ব্ৰোঞ্জৰ মূৰ্তিটো এই স্মৃতিসৌধৰ অন্যতম বৈশিষ্ট্য আৰু বহু আঁতৰৰ পৰাই দেখা যায় ৷ অতি সুন্দৰকৈ সজোৱা এই স্মৃতিসৌধ  প্ৰকৃততেই দৰ্শনীয় ৷ তাৰ উপৰিও তাত স্থাপন কৰা মিউজিয়ামত সেই সময়ৰ জীৱন প্ৰণালী, চিত্ৰশিল্প, বিভিন্ন আকৰ্ষণীয় মূৰ্তি আদি চকুত লগাকৈ প্ৰদৰ্শিত কৰা হৈছে ৷ মুঠতে এটি ইতিহাস সমৃদ্ধ মিউজিয়াম ৷ ইতিমধ্যে দৰ্শনীয় স্থানসমূহ বন্ধ হোৱাৰ সময় হ’ল ৷ সেইবাবে পূৰ্ব নিৰ্ধাৰিত হোটেল ‘স্বৰূপ বিলাস পেলেচ’ লৈ আহিলোঁ ৷ স্বৰূপ সাগৰ হ্ৰদৰ পাৰত এখন সুন্দৰ পৰিৱেশৰ ৰাজস্থানী ঐতিহ্যৰ হোটেল স্বৰূপ বিলাস পেলেচ’ ৷  

            চৌদিশে আৰাৱলী পাহাৰেৰে বেষ্টিত আৰু নীলা পানীৰ হ্ৰদেৰে উদয়পুৰ চহৰখন প্ৰাকৃতিক অৱদানেৰে ভৰপূৰ হোৱাৰ উপৰিও মানৱ সৃষ্ট প্ৰাসাদ, মন্দিৰ আদিৰে ভাৰতৰ সুন্দৰ চহৰসমূহৰ ভিতৰত অন্যতম ৷ ইতিহাস, সংস্কৃতি, স্থাপত্য শিল্পৰে ভৰপূৰ এখন ৰাজকীয় পৰ্যটন কেন্দ্ৰ ৷ পূৰ্বতে মেৱাৰ ৰজাৰ ৰাজধানী উদয়পুৰ চহৰখনক  ‘চিটি অব লেক’ বা ‘সৰোবৰ নগৰী’ আৰু ‘প্ৰাচ্যৰ ভেনিচ’ বুলিও কোৱা হয় ৷

            পিছদিনা আমি উদয়পুৰৰ ৰাজপুত বংশৰ স্থাপত্যৰ আটাইতকৈ  উৎকৃষ্ট নিদৰ্শন  উদয়পুৰ ‘চিটি পেলেচ’লৈ যাওঁ ৷ চিচোদিয়াৰ ৰাজপুত ৰাজবংশৰ মাহাৰাণা দ্বিতীয় উদয় সিংহই নিজ ৰাজ্যৰ নিৰাপত্তাৰ বাবে চিত্তোৰতকৈ  চাৰিওফালে আৰাৱলী পৰ্বতেৰে আৱৰা উদয়পুৰ ৰাজধানীৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি ১৫৫৯ চনত ৰাজধানী স্থানান্তৰ কৰাৰ সিদ্ধান্ত  লয় ৷ সেয়ে উদয়পুৰত চিটি পেলেচ নিৰ্মাণ কৰি ৰাজধানী তালৈ স্থানান্তৰিত কৰে ৷ তাৰ পাছত তেওঁৰ উত্তৰাধিকাৰীসকলে চাৰিশ বছৰ ধৰি বিভিন্ন সময়ত এই প্ৰাসাদৰ সম্প্ৰসাৰণ কৰে ৷

ৰাজস্থানী আৰু মোগল স্থাপত্য শিল্পৰে নিৰ্মিত প্ৰাসাদৰ অভ্যন্তৰ ভাগৰ নিৰ্মাণ শৈলী আটকধুনীয়া ৷ প্ৰাসাদলৈ সোমোৱা মূখ্য দুৱাৰখনক ‘বাড়ী পল’ বুলি কোৱা হয় ৷ অভ্যন্তৰ ভাগৰ বিভিন্ন ভাগক বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে– অমৰ বিলাস, ভীম বিলাস, দৰবাৰ হল, দিলখুচ মহল আদি বহুতো ৷ পাহাৰৰ ওপৰত অৱস্থিত হোৱা বাবে প্ৰাসাদৰ পৰা চহৰখনৰ এক নান্দনিক দৃশ্য উপভোগ কৰিব পাৰি ৷ উদয়পুৰৰ পিছোলা হ্ৰদ, জগ মন্দিৰ, বৰ্ষা বা মনচুন পেলেচ, লেক পেলেচ, নিমাচ মাতাৰ মন্দিৰ আদি ঐতিহাসিক নিদৰ্শনসমূহ এই প্ৰাসাদৰ আশে-পাশেই অৱস্থিত ৷ শাসনকৰ্তা সকলে নিজ ৰাজ্যৰ প্ৰশাসনিক কাম-কাজ এই প্ৰাসাদৰ পৰাই চলাইছিল ৷ ১৯৮৩ চনত জেমচ্‌ বণ্ডৰ ‘অক্টোপুচী’ (Octopussy) আৰু সঞ্জয় লীলা বানচালি পৰিচালিত ‘গোলিয়োঁ কী ৰাসলীলা’ নামৰ চিনেমাৰ কিছু দৃশ্যৰ চিত্ৰ এই প্ৰাসাদত লোৱা হৈছিল ৷ ৮০০ ফুট দীঘল আৰু ১০০ ফুট উচ্চতাৰ প্ৰকাণ্ড প্ৰাসাদৰ কিছু থুল-মূল আভাস লৈ আমি গুলাব বাগত অৱস্থিত এসময়ত ৰজাৰ গাড়ীৰ গেৰেজ বুলি পৰিচিত বৰ্তমান ‘ভিনটেজ এণ্ড ক্লাচিক কাৰ মিউজিয়াম’লৈ আহোঁ ৷ বিভিন্ন সময়ত ৰজাসকলে যাতায়াতৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন মডেলৰ গাড়ী, ঘোঁৰাই টনা বাহন সুন্দৰকৈ প্ৰদৰ্শিত কৰা আছে ৷ উল্লেখনীয় যে প্ৰদৰ্শিত পুৰণি গাড়ীসমূহ বৰ্তমানো চলন্ত অৱস্থাতে আছে ৷ যিসকল গাড়ীৰ প্ৰতি চৌখিন তেওঁলোকৰ বাবে আকৰ্ষণীয় ৷

             পিছোলা হ্ৰদৰ দ্বীপত অৱস্থিত জগ মন্দিৰ বা লেক গাৰ্ডেন প্ৰাসাদ নামেৰে পৰিচিত প্ৰাসাদটি  চিচোদিয়াৰ মেৱাৰ ৰাজবংশৰ তিনিজন মহাৰাজৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ৷ প্ৰথমতে ১৫৫১ চনত অমৰ সিংহই আৰম্ভ কৰিছিল, তাৰপিছত  কৰণ সিংহ আৰু  জগত সিংহৰ ৰাজত্ব কালত  সম্পূৰ্ণ হোৱা বাবে তেওঁৰ নামেৰে জগৎ মন্দিৰ বা জগ মন্দিৰ নামেৰে নামকৰণ কৰা হৈছিল ৷ এই প্ৰাসাদটি ৰাজপৰিয়ালে গ্ৰীষ্মৰ দিনত ব্যৱহাৰ কৰাৰ উপৰিও আনন্দ বিলাসৰ বাবে ব্যৱহাৰ কৰিছিল ৷  এই জগ মন্দিৰ মোগল সম্ৰাট শ্বাহজাহানৰ জীৱনৰ  লগত জড়িত বুলি ইতিহাসে সোঁৱৰায় ৷ শ্বাহজাহান সম্ৰাট হোৱাৰ আগতে যুৱৰাজ ‘খুৰৰাম’ নামে পৰিচিত আছিল ৷ ১৬২৩ খৃষ্টাব্দত খুৰৰামে ৰাজ্য বিচাৰি পিতৃ জাহাঙ্গীৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ৷ নিজৰ বিপদৰ আগজাননীপাই খুৰৰামে মেৱাৰৰ শাসনকৰ্তা কৰণ সিংহৰ ওচৰত আশ্ৰয় বিচাৰিছিল৷  সেয়ে কৰণ সিংহই খুৰৰাম, পত্নী মমতাজ আৰু দুই পুত্ৰ দাৰা আৰু ঔৰংজেৱক প্ৰথমতে চিটি পেলেচত ৰাখিছিল যদিও পিছত নিৰাপত্তাৰ বাবে হ্ৰদৰ মাজত নিৰাপদ হ’ব বুলি জগ মন্দিৰত  গুল মহল নামেৰে এটি গম্বুজ নিৰ্মাণ কৰি তাত ৰাখিছিল ৷ খুৰৰামৰ বাবে নিৰ্মাণ কৰা বাবে এই গম্বুজটোক খুৰৰামৰ প্ৰাসাদ বুলি কোৱা হয় ৷ খুৰৰামৰ মাক এগৰাকী ৰাজপুত হিন্দু মহিলা আছিল বাবেই কৰণ সিংহই এনেদৰে খুৰৰামক আশ্ৰয় দিছিল বুলি ধাৰণা কৰা হয় ৷

             পিছোলা হ্ৰদৰ দ্বীপ চাৰিটা ৷ আন এটা দ্বীপত মহাৰাণা দ্বিতীয় জগৎ সিংহই গ্ৰীষ্মৰ প্ৰাসাদ জগ নিৱাস বা লেক পেলেচ নিৰ্মাণ কৰিছিল ৷ বৰ্তমান এই প্ৰাসাদত বিলাসবহুল তাজ হোটেল ৷ শুদ্ধ বগা ‘লেক পেলেচ’ৰ ভাস্কৰ্যই  আঁতৰৰ পৰাই ৰাজ পৰিয়ালৰ ৰাজকীয় আভিজাত্যৰ পৰিচয় দিয়ে ৷

            প্ৰাচ্যৰ ভেনিচ বুলি খ্যাত চহৰখনৰ বিশাল প্ৰাসাদ, স্মৃতিস্তম্ভ, বিশাল হ্ৰদ আৰু আৰাৱলী পৰ্বতৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাতীত দৃশ্য, ঐতিহাসিক মন্দিৰসমূহৰ স্থাপত্য শিল্পৰ চমক বাহিৰৰ পৰাই (সময়ৰ বাবে মন্দিৰ দৰ্শন কৰা নহ’ল) চাই  উদয়পুৰ ভ্ৰমণৰ ইমানতেই সামৰণি মাৰি আমাৰ ৰাজস্থান ভ্ৰমণৰ শেষ গন্তব্য স্থান জয়পুৰ অভিমুখে ৰাওনা হওঁ ৷

পিঙ্ক চিটি জয়পুৰ

             দিনটোৰ ভাগৰে আটাইকেইজনীকে হেঁচি ধৰিছিল ৷  মাজে মাজে টোপনিয়ে চকু টানি নিছিল ৷ কেতিয়ানো  জয়পুৰ গৈ পাই বিছনাত বাগৰিব পাম বুলি ভাবি ভাবি আহি থাকোঁতে আমাৰ হোটেল ‘মহাৰাণী পেলেচ’ পাওঁতে ৰাতি প্ৰায় ন মানেই বাজিল ৷ গা-পা ধুই সোনকালে  ৰাতিৰ সাঁজ খাই শুম বুলি ডাইনিং হল পালোঁগৈ ৷ তাত সুন্দৰ পৰিৱেশত দুজন শিল্পীয়ে পৰিবেশন কৰি থকা গজল অনুষ্ঠানে আমাক এনেদৰে মুগ্ধ কৰিলে, আমি সময় আৰু ভাগৰৰ কথা পাহৰিয়েই থাকিলোঁ ৷ জগজিৎ সিং, অনুপ জলোতাৰ কণ্ঠত শুনি থকা গজলসমূহ ইমান সুন্দৰকৈ গাইছিল আঁতৰৰ পৰা শুনি থাকিলে আনে গাইছে বুলি ধৰিবই নোৱাৰি ৷

    পিছদিনা আমি জয়পুৰৰ পৰা প্ৰায় এঘাৰ কিলোমিটাৰ আঁতৰত অৱস্থিত আমেৰ দুৰ্গ বা আমেৰ প্ৰাসাদলৈ যাওঁ ৷ মাওতা হ্ৰদৰ পাৰত মাত্ৰ চাৰি-বৰ্গ কিলোমিটাৰৰ এখন সৰু চহৰ আমেৰ ৷ এই চহৰৰ ইতিহাস বহু পুৰণি যদিও বৰ্তমান ১৬০০ খৃষ্টাব্দত  ৰজা মান সিংহই নিৰ্মাণ কৰা আমেৰ দুৰ্গৰ বাবে ৰাজস্থান ভ্ৰমণকাৰীৰ আকৰ্ষণৰ কেন্দ্ৰ ৷ চিলা কা টিলা  নামৰ পাহাৰত মাওতা হ্ৰদৰ পাৰত নিৰ্মিত এই দুৰ্গৰ নিৰ্মাণ শৈলী ৰাজস্থান আৰু মোগল স্থাপত্য শিল্পৰ সংমিশ্ৰণ ৷ মান সিংহ আকবৰৰ ৰাজসভাৰ নৱ ৰত্নৰ এজন আৰু মূখ্য সেনাপতি আছিল বাবেই নিৰ্মাণ শৈলীত মোগল স্থাপত্যৰ প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হয় ৷ ৰঙা চেণ্ডষ্টোন আৰু মাৰ্বলেৰে নিৰ্মিত এই দুৰ্গৰ নিৰ্মাণ প্ৰথমে মান সিংহই  আৰম্ভ কৰিলেও প্ৰায় ডেৰশ বছৰ ধৰি তেওঁৰ উত্তৰাধিকাৰীসকলে বিশেষকৈ চাৱাই জয়সিংহই তেওঁৰ  ৰাজত্ব কালত সম্প্ৰসাৰণ কৰিছিল ৷ দুৰ্গত প্ৰৱেশৰ বাবে তিনিখন পোল বা দুৱাৰ– সূৰ্য্য পোল, চন্দ্ৰ পোল আৰু গণেশ পোল ৷ সূৰ্য্য পোলেৰে প্ৰৱেশ কৰাৰ পাছতেই জালেব চৌক নামেৰে বিশাল মুকলি ঠাই য’ত সেনাবাহিনীৰ পেৰেড আদি হৈছিল ৷ আস্তাবল আৰু সেনাবাহিনীৰ থকা ঘৰ সমূহো এই জালেব চৌকত আছে ৷ কাষতে শীলা মাতাৰ মন্দিৰ ৷ গণেশ পোল প্ৰাসাদৰ মুখ্য দুৱাৰ৷ গছৰ পাত, হালধি, ফুল আদিৰে তৈয়াৰ কৰা প্ৰাকৃতিক ৰঙেৰে বিভিন্ন  আৰ্হি অংকন কৰাৰ লগতে গণেশৰ চিত্ৰ অংকন কৰা গণেশ পোল অতি চকুত লগা৷ গণেশ পোলৰ ওপৰত বহুতো সৰু সৰু খিৰিকীৰে সুহাগ মন্দিৰ ৷ ৰাজপৰিয়ালৰ বিবাহিতা মহিলাই এই খিৰিকীৰে তলত হোৱা অনুষ্ঠান প্ৰত্যক্ষ কৰিছিল ৷ দুৰ্গৰ নিৰ্মাণ শৈলীত ৰাজপৰিয়ালৰ দূৰদৰ্শিতাৰ পৰিচয় বিদ্যমান ৷ জনসাধাৰণৰ লগত তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনাৰ বাবে দিৱান-ই-আম, বিশিষ্ট লোকৰ লগত আলোচনাৰ বাবে দিৱান-ই-খাচ, চীচমহল বা জয় মন্দিৰ আটকধুনীয়া শিল্পকৰ্মৰে নিৰ্মিত ৷ জয় মন্দিৰৰ দেৱালত অংকিত এটি ফুলৰ চিত্ৰশিল্পই সকলো পৰিব্ৰাজককে আকৰ্ষিত কৰে ৷ এনেই দেখিলে ফুলৰ চিত্ৰ  যেন লাগিলেও বিভিন্ন কোণৰ পৰা চালে মাছৰ ফিচা, পদুম ফুল, সাপ, সিংহৰ নেজ, বৃশ্চিক, মাকৈ আৰু হাতীৰ শুঁৰ সাতটা ভিন্ন ছবি পৰিলক্ষিত হয় ৷ সুখ নিবাস য’ত কৃত্ৰিম ভাৱে পানীৰ সহায়ত ঠাণ্ডা বতাহ সৃষ্টি কৰি কোঠা শীতল কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ প্ৰাসাদৰ দেৱাল সমূহ অংকন কৰা বিভিন্ন চিত্ৰসমূহত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ কৰা হৈছিল ৷ এই সমূহৰ উপৰিও ৰজা মান সিংহৰ বাৰ গৰাকী পত্নীৰ বাবে বিভিন্ন কোঠা এনেদৰে সজা হৈছিল, ৰজা কোন সময়ত কোন গৰাকী ৰাণীৰ কোঠাত প্ৰৱেশ কৰিছে সেয়া আন ৰাণীয়ে ধৰিব নোৱাৰে ৷ আমেৰ দুৰ্গৰ লগত সুৰক্ষিত সুৰঙ্গৰে সংলগ্ন জয়গড় দুৰ্গ ৷ যুদ্ধৰ সময়ত এই সুৰঙ্গৰ পথেৰে ৰাজপৰিয়াল আৰু দুৰ্গৰ লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছিল ৷ ২০১৩ চনত ৰাজস্থানৰ আন পাঁচটা দুৰ্গৰ সৈতে এই দুৰ্গকো বিশ্বৰ ঐতিহ্যৰ মযাৰ্দা দিয়া হয় ৷ আমেৰ দুৰ্গৰ অভাৱনীয়  শিল্পকলাই প্ৰতিজন ভ্ৰমণকাৰীকে আকৰ্ষণ কৰাৰ লগতে ভাবিবলৈ বাধ্য কৰে  নিপুণ কাৰিকৰী পাৰদৰ্শিতাৰ বিষয়ে ৷

            আমেৰ দুৰ্গৰ পৰা জয়পুৰলৈ অহা পথত মন সাগৰ হ্ৰদৰ মাজত জলমহল আঁতৰৰ পৰাই চালোঁ ৷ ৰঙা চেণ্ডষ্টোনেৰে ৰাজস্থানৰ স্থানীয় শৈলীৰে নিৰ্মিত পাঁচমহলীয়া মহলৰ মাত্ৰ ওপৰৰ মহলাটোহে দেখা যায় বাকী চাৰিটা মহলা বৰ্তমান পানীৰ তলত ৷

            সেউজীয়া পাহাৰ, নীলা হ্ৰদৰ পানীৰ সুন্দৰ দৃশ্য উপভোগ কৰি আমি মহাৰাজ দ্বিতীয় জয় সিংহই আমেৰ দুৰ্গত পানীৰ নাটনি আৰু জনসংখ্যা বৃদ্ধিৰ বাবে নিজ ৰাজ্যৰ ৰাজধানী জয়পুৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈ জয়পুৰত (বৰ্তমান পুৰণি জয়পুৰ বুলি কোৱা হয়) নিৰ্মাণ কৰা প্ৰাসাদলৈ আহোঁ ৷

             ১৭৩২ চনত নিৰ্মিত এই প্ৰাসাদটি  আমেৰ প্ৰাসাদৰ লগত বহু সদৃশ ৷ ৰাজস্থান, মোগল আৰু ইউৰোপীয় স্থাপত্য শিল্পৰ নিখুঁত মিশ্ৰণৰ আটকধুনীয়া প্ৰাসাদ ৷ সমগ্ৰ পুৰণি জয়পুৰৰ বৃহৎ এলেকা আগুৰি থকা চিটি পেলেচ নামেৰে জনাজাত প্ৰাসাদটি বিভিন্ন ভাগত বিভক্ত কৰি নিৰ্মিত ৷ প্ৰকাণ্ড মুকলি ঠাই, বাগিচা, প্ৰাসাদ, মন্দিৰ আদি সজা হৈছে ৷ প্ৰৱেশৰ বাবে চাৰিখন পোল বা গেট আছে ৷ প্ৰতিখনকে বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে–  ত্ৰিপোলিয়া পোল (তিনিখন গেট) যিখন বৰ্তমানো ৰাজপৰিয়ালৰ লোকৰ বাবে সংৰক্ষিত, দৰ্শনাৰ্থীয়ে উদয় পোল বা বীৰেন্দ্ৰ পোলেৰে পেলেচৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে ৷ সাধাৰণ জনতাৰ সমস্যা আদিৰ বিষয়ে জনসাধাৰণৰ লগত আলোচনাৰ বাবে দিৱান-ই-আম, বিশিষ্ট লোকৰ বাবে দিৱান-ই-খাচ, ৰাজপৰিয়ালৰ অতিথিক স্বাগত জনাবলৈ মুবাৰক মহল, প্ৰীতম নিৱাস চৌক অৰ্থাৎ প্ৰিয়জনৰ বাবে প্ৰাসাদ, য’ত চাৰিখন দুৱাৰ ৷ প্ৰতিখন দুৱাৰে শৰৎ, হেমন্ত , গ্ৰীষ্ম আৰু বৰ্ষা চাৰিটা ঋতুক প্ৰতিনিধিত্ব কৰে ৷

             দিৱান-ই-খাচত দুটা  প্ৰকাণ্ড ৩৪০ কিলোগ্ৰাম ওজনৰ চাৰি হাজাৰ লিটাৰ পানী ধৰা কলহ সদৃশ পাত্ৰ ৰখা আছে৷ ৰূপৰ মুদ্ৰা গলাই তৈয়াৰ কৰা এই পাত্ৰত মহাৰাজ মাধো সিংহই ১৯০২ চনত ইংলণ্ডলৈ যাওঁতে গংগাৰ পানী নিছিল বাবে এই পাত্ৰৰ নাম ‘গংগাজলী’৷ এই পাত্ৰ দুটা ‘গিনিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ড’ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰূপৰ পাত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ৷

             এই সমূহৰ উপৰিও সাত মহলীয়া চন্দ্ৰমহেলা চিটি পেলেচৰ এটি অংশ যি বৰ্তমানো ৰাজপৰিয়ালৰ লোকৰ বাসস্থান ৷ চন্দ্ৰ মহলৰ প্ৰতিটো মহলাকে বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে– মুকুট মন্দিৰ, ছবি নিৱাস, শ্ৰী নিৱাস, ৰং মন্দিৰ, প্ৰীতম মন্দিৰ আৰু সুখ নিৱাস৷ ভগৱান শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গিত গোবিন্দ দেৱজীৰ মন্দিৰ চিটি পেলেচৰ আন এটি মুখ্য আকৰ্ষণ ৷

            বৰ্তমান মহাৰাজা দ্বিতীয় চাৱাই মান সিংহ  ট্ৰাস্ট খনে চিটি পেলেচৰ বিভিন্ন ভাগত ভাগে ভাগে মিউজিয়াম প্ৰতিষ্ঠা কৰিছে ৷ সভা নিৱাসত দুখন সিংহাসনেৰে দৰবাৰ হলৰ দৰে সজাই ৰখাৰ ওপৰিও বিভিন্ন ফটো পেইণ্টিং ৰখা হৈছে যিসমূহে শাসকসকলৰ বিভিন্ন সময়ৰ সাফল্যৰ পৰিচয় ডাঙি ধৰে ৷ মুবাৰক হলত ৰাজপৰিয়ালৰ বিশিষ্ট দিনত ব্যৱহাৰ কৰা পোছাক যিটো হলত ৰখা হৈছে সেইটো টেক্সটাইল গেলেৰি, আৰ্মাৰ গেলেৰিত যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ, পেইন্টিং আৰু ফটোগ্ৰাফি গেলেৰিত প্ৰদৰ্শিত প্ৰায় তিনিহাজাৰৰো অধিক ফটো, পেইন্টি ৰখা হৈছে যিসমূহে বিভিন্ন সময়ৰ সাংস্কৃতিক ইতিহাস আৰু পৰম্পৰাসমূহৰ ছবি ডাঙি ধৰে ৷

             মহাৰাজ চাৱাই প্ৰতাপ সিংহই ১৭৯৯ চনত নিৰ্মাণ কৰা হাৱামহল চিটি পেলেচৰ কাষতেই ৷ ৰঙা আৰু গোলাপী ৰঙৰ চেণ্ডষ্টোনেৰে নিৰ্মিত পাঁচমহলীয়া প্ৰাসাদটি ‘পেলেচ অব উইণ্ড’ বুলিও কোৱা হয় ৷ মুঠ ৯৫৩ খন মৌচাকৰ দৰে জালি খিৰিকীৰ বাবেই এই প্ৰাসাদটো জনাজাত ৷ পৰ্দা প্ৰথাৰ বাবে ৰাজপৰিয়ালৰ মহিলাসকলৰ প্ৰত্যক্ষ ভাৱে জনসাধাৰণৰ আগত ওলোৱাৰ অনুমতি নাছিল ৷ সেইবাবে তেওঁলোকে এই খিৰিকীসমূহেৰে বাহিৰৰ দৈনন্দিন ঘটি থকা ঘটনাসমূহ উপভোগ কৰিছিল ৷  এটাৰ পিছত আনটো নিদৰ্শন চাই চাই আমি ভাগৰি পৰিছিলোঁ যদিও আধাতে এৰি আহিবলৈও মন যোৱা নাছিল বাবে যিমান পাৰি সোনকালে আটাইবোৰ চালোঁ ৷

            আন এটি উল্লেখনীয় নিদৰ্শন হৈছে মহাৰাজ চাৱাই জয় সিংহই ১৭৩৪ চনত নিৰ্মাণ কৰা ১৯টা জ্যোতিৰ্বিদ্যাৰ যন্ত্ৰৰে যন্তৰ-মন্তৰ৷ জয় সিংহই ‘জিজ’ৰ  দ্বাৰা মহাকাশৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত টেবুলৰ গণনাৰ লগত পাৰ্থক্য লক্ষ্য কৰিছিল ৷ সেয়ে নিৰ্ভুল জিজ তৈয়াৰ কৰাৰ বাবে  দিল্লী, মথুৰা, উজ্জয়িনী, বেনাৰস আৰু জয়পুৰ এই পাঁচখন চহৰত পাঁচটি পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল যিসমূহ¸ যন্তৰ-মন্তৰ নামে পৰিচিত ৷ জয়পুৰত স্থাপন কৰা কেন্দ্ৰটো  হাৱামহলৰ কাষতে আৰু সবাতোকৈ ডাঙৰ ৷ যন্তৰ-মন্তৰ নামটো সংস্কৃতৰ পৰা যন্তৰ মানে যন্ত্ৰ আৰু মন্তৰ মানে গণনা অৰ্থাৎ যন্তৰ-মন্তৰৰ অৰ্থ হৈছে ‘গণনাৰ যন্ত্ৰ’৷ জয়সিংহই নিৰ্মাণ কৰা জিজক ‘জিজ ই মহম্মদ শাহী’ নামে পৰিচিত আৰু বহু বছৰ ধৰি ভাৰতত ব্যৱহৃত হৈছিল ৷ স্থানীয় সময়, সূৰ্য্য আৰু আন নক্ষত্ৰ সমূহৰ অৱস্থিতি, চন্দ্ৰগ্ৰহণ, সূৰ্য্যগ্ৰহণ আদি নিৰূপণ কৰিবলৈ নিৰ্মাণ কৰা এই যন্ত্ৰসমূহ বৰ্তমানো জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় হিচাপ-নিকাচৰ বাবে উপযোগী হৈ আছে ৷   

            ৰাম নিৱাস উদ্যানত অৱস্থিত এলবাৰ্ট হলত আন এটি মিউজিয়াম আছে৷ ওৱেলচৰ  ৰাজকুমাৰ এলবাৰ্ট এডৱাৰ্ড জয়পুৰ ভ্ৰমণৰ বাবে অহাৰ সময়ত তেওঁ আধাৰ শিলা স্থাপন কৰিছিল বাবে এই হলৰ নাম এলবাৰ্ট হল ৷ লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট হলৰ আৰ্হিত নিৰ্মিত এই হল মহাৰাজ ৰাম সিংহই সংগীতানুষ্ঠানৰ বাবে নিৰ্মাণ কৰিছিল যদিও তেওঁৰ উত্তৰাধিকাৰী দ্বিতীয় মাধো সিংহই এই হলত মিউজিয়াম স্থাপন কৰে ৷ বৰ্তমান ই চৰকাৰী কেন্দ্ৰীয় মিউজিয়াম ৷ পুৰাতাত্ত্বিক আৰু হস্তশিল্পৰ বহুতো সামগ্ৰীৰ লগতে বিদেশৰো সামগ্ৰী সংগৃহীত কৰা হৈছে ৷ বিভিন্ন ভাগত ৰাজকীয় সাজ-পোছাক, অলংকাৰ, বাদ্যযন্ত্ৰ, অস্ত্ৰ-শস্ত্ৰ, কাৰ্পেট, বিভিন্ন সময়ৰ মুদ্ৰা আদিৰ উপৰিও ৰাজস্থানী সংস্কৃতিৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শিত কৰা আছে ৷ ইজিপ্তৰ ‘মামী’ মিউজিয়ামৰ অন্যতম আকৰ্ষণ ৷

             চাবলগীয়া আৰু বহু থাকি গ’ল যদিও আমি ইমানতেই ৰাজস্থান ভ্ৰমণৰ সামৰণি মাৰিলোঁ ৷ কোনো এখন ঠাইলৈ ফুৰিবলৈ গ’লে হাতত লৈ যোৱা সময়খিনিৰে দৰ্শণীয় ঠাইসমূহ চাই ফুৰোঁতে সেই ঠাইখনৰ কলা-সংস্কৃতি, শিল্প আদিৰ বিষয়ে আভাস লোৱাৰ সময়েই নহয় ৷ তাৰেই কিছু আভাস ল’ম বুলি ৰমেশক কোৱাত তেওঁ আমাক জয়পুৰৰ ভিতৰুৱা অঞ্চল এটালৈ নিলে ৷ সৰু সৰু গলিত পুৰণি মহল সদৃশ ঘৰ ৷ প্ৰতিটো ঘৰেই একো একোটা কাৰখানা ৷ প্ৰায়বোৰ ঘৰতেই সোণ-ৰূপৰ অলংকাৰ, মূৰ্তি আদি তৈয়াৰ কৰে আৰু মহিলাসকলে হাতেৰে এম্ব্ৰোইডাৰী কৰি আকৰ্ষণীয় বেগ, পুতলা, আদি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে ৷ তেওঁলোকৰ লগত কিছুসময় কটাই আমি জয়পুৰ  বজাৰৰ পৰা স্থানীয় হস্তশিল্পৰ কিবাকিবি অলপ কিনিলোঁ ৷ পিছদিনা ৰাতিপুৱাই জয়পুৰৰ পৰা গুৱাহাটীলৈ উৰা মাৰিলোঁ ৷

            ৰাজস্থানৰ ঐতিহাসিক দুৰ্গ, প্ৰাসাদসমূহৰ অসাধাৰণ নিৰ্মাণ, স্থাপত্য শৈলী আৰু লানি নিছিগা ইতিহাসে প্ৰতিজন পৰ্যটককে আকৰ্ষণ কৰে ৷ ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয় ৷ বিভিন্ন মূল্যৱান পাথৰ-হীৰা, মুকুতা, পান্না আদিৰে তৈয়াৰ কৰা নিখুঁত সূক্ষ্ম অলংকাৰৰ বাবেও ৰাজস্থান বিখ্যাত ৷ সোণ আৰু ৰূপত বিশেষ শৈলীৰে মিনা কৰা অলংকাৰসমূহ পৰ্যটকৰ অন্যতম আকৰ্ষণ ৷ ইয়াৰ উপৰিও হাতেৰে মণি, মাইকা, কড়ি, আইনা আদি ব্যৱহাৰ কৰি applique, patch work ৰে প্ৰস্তুত কৰা বেডকভাৰ, ওৱাল হেঙিং, দলিচা, সাজ-পোছাক আদি ৰং-বিৰঙৰ সামগ্ৰীসমূহে সকলো শ্ৰেণীৰ লোককে আকৰ্ষণ কৰে ৷ নাচ-গান কৰি ফুৰা দলসমূহ ৰাজস্থান সংস্কৃতিৰ অন্যতম অংগ ৷ প্ৰায়বোৰ দৰ্শনীয় স্থানতে থলুৱা বাদ্যযন্ত্ৰ বজাই স্থানীয় গীত-মাত পৰিৱেশন কৰা পৰিলক্ষিত হয় ৷ আন এটি উল্লেখনীয় কথা হ’ল দৰ্শনীয় স্থানসমূহত অতি কম মাননিতেই গাইড পোৱা যায় ৷ তেওঁলোকে  ঠাইখনৰ প্ৰতিটো সৰু সৰু  কথা ভ্ৰমণকাৰীক জনাবলৈ ইচ্ছুক ৷ ৰাজকীয় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা বিষয়সমূহ অৱগত কৰাই তেওঁলোকে অতি গৌৰৱ অনুভৱ কৰে ৷ আন এটি মন কৰিবলগীয়া কথা ৰাজস্থানৰ স্থানীয় পৰম্পৰা আজিও চৌদিশে বিৰাজমান আৰু বহুতো ঠাইত ৰাজকীয় ঐতিহ্যৰ স্পষ্ট ছবি দেখিবলৈ পোৱা যায় ৷

                      

            জোনা মহন্ত, ২੦১৫ ডিচেম্বৰ

           

             

           

           

    

              

           

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • ‘বিহু’ নামৰ উৎপত্তি আৰু ইতিহাস
  • অন্তৰাল
  • জুবিন তুমি অন‍ন‍্য
  • শৰৎ
  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • May 2026
  • April 2026
  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes