স্নিগ্ধ জোনাক সদৃশ তোমাৰ
নিষ্পাপ হাঁহিতেই সতেজ হৈ
পুনৰ ফুলি উঠে
হৃদয়ৰ মৰহা ফুলপাহ ।
তোমাৰ মিঠা কোমল স্বৰধ্বনিত
পাওঁ এক গভীৰ প্ৰশান্তি ৷
হৃদয়ত সাগৰৰ কল্লোল তোলা
তোমাৰ ৰমন্যাসিক চাৱনিত
পাওঁ এক অনাবিল প্ৰেৰণা
জীয়াই থকাৰ এক অদম্য হেঁপাহ ।
তোমাৰ আন্তৰিক ভাৱনাৰ
উল্লসিত মনৰ সজীৱ ভাবে
অলেখ ৰঙীন ছবি আঁকি যায়
মোৰ জীৱনৰ উকা কেনভাচত ।
জোনা মহন্ত
বৰ ভাল লাগিল,সুন্দৰ লিখনি।
Thank you Sanjib
সুন্দৰ, নিষ্পাপ, নিৰ্ভেজাল অন্তৰৰ পৰাহে এনেবোৰ কৱিতাৰ উদ্ভাসিত হয়।
ভাল লাগিল আকৌ পঢ়িলো।
তোমাৰ সুন্দৰ মন্তব্যই আপ্লুত কৰিলে ।