Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

 হাইকু নো কি

Jona Mahanta, July 5, 2023

হাইকু পৃথিৱীৰ আটাইতকৈ চুটি জাপানী কবিতা ৷ হাইকু মাত্ৰ তিনিটা শাৰীত সোতৰটা ধবনি বা মাত্ৰাৰে লিখা এক বিশেষ ধৰণৰ কবিতা ৷ প্ৰথম শাৰীত পাঁচ, দ্বিতীয় শাৰীত সাত আৰু তৃতীয় শাৰীত পাঁচটা মাত্ৰাৰে কোনো এক মুহূৰ্তৰ চিত্ৰই মনৰ মাজত কৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কাব্যৰূপ ৷ জাপানৰ পুৰণি আৰু আধুনিক সকলো কবিতাৰ ভিতৰত হাইকু আটাইতকৈ জনপ্ৰিয় ৷ সোতৰ শতিকাতে আৰম্ভ হোৱা হাইকুৰ প্ৰচলন আজি পৰ্যন্ত ম্লান হোৱা নাই ৷ বৰ্তমানো জাপানত হাইকুৰ চৰ্চা অব্যাহত আছে ৷ জাপানৰ প্ৰতিখন চহৰতে হাইকু ক্লাৱ আছে য’ত সদস্যসকলে নিয়মিত ভাৱে মিলিত হৈ হাইকু চৰ্চা কৰে ৷ জাপানী আৰু ইংৰাজী বাতৰি কাকতত প্ৰতি মাহে হাইকু ছপাৰ বাবে নিৰ্ধাৰিত পৃষ্ঠা থাকে ৷ ট’কিঅত হাইকু মিউজিয়াম আছে য’ত পৃথিৱীৰ বিভিন্ন দেশত প্ৰকাশিত হাইকু কিতাপ, আলোচনী আদি সংৰক্ষণ কৰা হয় ৷ একবচনত হাইকুক ‘হাইকি’ বুলি কোৱা হয় ৷ 

যদিও হাইকুৰ উৎপত্তি জাপান বৰ্তমান সমগ্ৰ বিশ্বৰ প্ৰায়ভাগ দেশতে ইয়াৰ জনপ্ৰিয়তা দেখা যায় ৷ সুখ-দুখ, বিৰহ-বেদনা, প্ৰেম, নিসংগতা আদি মানৱ জীৱনৰ অনিবাৰ্য অঙ্গ ৷ এই ব্যক্তিগত অনুভূতিবোৰ প্ৰকৃতিৰ নৈব্যৰ্ক্তিক মাধ্যমেৰে আত্মাৰ শান্তি আৰু মনৰ প্ৰশান্তিৰ বাবে এটি নিৰ্মল মাধ্যম হৈছে হাইকু পঢ়া আৰু লিখা ৷ দৈনন্দিন জীৱনত ঘটি থকা ঘটনাৰ লগে লগে প্ৰকৃতিৰ সংস্পৰ্শলৈ আহি যি আকস্মিক আৰু সাধাৰণ অনুভূতিৰ সঞ্চাৰ হয় তাকেই হাইকুত প্ৰতিফলিত কৰা হয় ৷ সৰল অৰ্থৰ ভিতৰত সোমাই থাকে জীৱন, প্ৰকৃতি আৰু বিশ্ব-ব্ৰহ্মাণ্ডৰ সম্পৰ্কে গভীৰ উপলদ্ধি ৷ তাৰ ফলত হাইকুত প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম, আধ্যাত্মিকতা আৰু দাৰ্শনিকতা মিলি এক হৈ পৰা পৰিলক্ষিত হয় ৷ অৰ্থাৎ প্ৰকৃততে হাইকু সাময়িক চখৰ বিষয় নহয় ৷

পোন প্ৰথমতে কোনে কেতিয়া হাইকু কবিতা লিখিছিল তাৰ কোনো নিৰ্ভৰযোগ্য তথ্য নাই ৷ কোৱা হয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগতে হাইকুৰ প্ৰচলন হৈছিল ৷ হায়াকুনি ইচ্ছু (Hayakunin Issu ) নামৰ বিখ্যাত তাংকা কবিতাৰ সংকলনত ফুজিৱাৰা নো চাদাই (Fujiwara No Sadai ) নামৰ এজন কবিয়ে প্ৰথম ১২৩৫ চনতে কিছু হাইকু কবিতা প্ৰকাশ কৰিছিল ৷ এই সংকলনত প্ৰকাশিত সকলো হাইকুতে, হাইকুৰ বৈশিষ্ট্য নাছিল৷ তেওঁ লিখা এটা হাইকুৰ ভাৱানুবাদ এনেধৰণৰ –

চেৰী ফুলৰ পাহি

বতাহত ফুৰ্তিতে উৰিছে

ধুমুহা আহি আছে

ইয়াৰ প্ৰায় আঢ়ৈশ বছৰ পিছতহে হাইকুৰ জনপ্ৰিয়তা বৃদ্ধি হয়৷ ষষ্ঠদশ শতিকাত আন দুজন খ্যাতনামা হাইকু কবি আছিল মৰিটাকে (Maritake) আৰু সোকানে (Sokane) ৷ মৰিটাকে লিখা এটি হাইকু কবিতাৰ ভাৱানুবাদ প্ৰায় এনেধৰণৰ – 

সৰা পাহি উৰি আহে

আগৰ ডালত

ওহ্‌/ সকলো পখিলা 

আনহাতে সোকানেৰ হাইকু– 

জোনৰ একাষে

কোনোবাই যদি ঠেনু লগাই

ধুনীয়া বিচনি হ’ব

বিশেষজ্ঞৰ মতে ইয়াত হাইকুৰ বৈশিষ্ট্য নাই যিহেতু কোনো আবেগ প্ৰকাশ হোৱা নাই ৷ 

হাইকুৰ ইতিহাস বুলি ক’লে আদিতে ৫-৭-৫-৭-৭ মাত্ৰাৰে পাঁচ শাৰীৰ ৰেঙ্গা (Renga)কবিতা লিখাৰ প্ৰচলন আছিল ৷ ৰেঙ্গা কবিতাক তান্‌কা (Tanka) বা ওয়াকা নামেও জনা যায় ৷ বিভিন্ন কবি, ৰাজদৰবাৰ আদিত অভিজাত ব্যক্তিৰ মাজত ৰেঙ্গা সীমাবদ্ধ আছিল ৷ সাধাৰণতে এইসমূহ লঘু আৰু হাস্য ৰসাত্মক কবিতা আছিল ৷ ৰেঙ্গা কবিতা কেবাজনো কবি যেতিয়া লগ হয় ৫-৭-৫ স্বৰেৰে কবিতাৰ প্ৰথম ভাগ এজন কবিয়ে ৰচনা কৰে ৷ দ্বিতীয় অংশ আন এজনে, এনেদৰে পৰ্যায় ক্ৰমে কেবাজনো কবিৰ দ্বাৰা ৰেঙ্গা কবিতাৰ ৰচনা ৷ ৰেঙ্গা এজন কবিয়ে ৰচনা কৰা অংশক হোক্কু বোলা হৈছিল ৷ এনেদৰে ৰেঙ্গা কবিতাৰ সভাত মাতসুও বাশো আছিল দক্ষ আৰু জনপ্ৰিয় ৷ পিছত বাশোয়ে ৫-৭-৫ মাত্ৰাৰে হোক্কু লিখাৰ প্ৰচলন আৰম্ভ কৰে ৷ সেয়ে বাশোক হাইকুৰ জন্মদাতা বোলা হয়৷ 

অৰ্থাৎ আদিতে হাইকুৰ নাম আছিল ‘হোক্কু ’(Hakku) যাৰ অৰ্থ ৰঙ্গা কবিতাৰ প্ৰথম ভাগ বা অংশ ৷ মাশ্বাওকা শ্বিকিয়ে বাশোৰ কবিতাক হাইকু নামেৰে নামাকৰণ কৰে ৷ হাইকুৰ প্ৰাণপুৰুষ বিখ্যাত কবি বাশোৰ মত অনুযায়ী হাইকুত প্ৰকৃতিৰ স্পৰ্শ থাকিবই লাগিব ৷ ব্যক্তিগত আবেগক কেন্দ্ৰ কৰি লিখা হাইকুতো ঋতুৰ ইঙ্গিত থকা বাঞ্ছনীয়৷ অৰ্থাৎ প্ৰতক্ষ্য বা পৰোক্ষ ভাৱে ঋতুৰ বৈচিত্ৰ থাকিব লাগে ৷ তেওঁৰ মতে যিজনে জীৱনত তিনিৰ পৰা পাঁচটা হাইকু লিখিব পাৰে তেওঁ হাইকু কবি আৰু দহটা হাইকু লিখিব পৰা জন হাইকু মাষ্টাৰ ৷ যিসকলে হাইকু লিখে তেওঁলোকক ‘হাইজিন’ বুলি কোৱা হয় ৷

হাইকুৰ বৈশিষ্ট্য প্ৰধানকৈ তিনিটা– পৰম্পৰাগত ৰূপত হাইকুত সোতৰটা মাত্ৰা বা ধবনি থাকে ৷ জাপানী ভাষাত ‘অন’ (ধবনি) আৰু ‘জি’ (বৰ্ণ) লগ লাগি এটা উচচ্চাৰিত বৰ্ণ (phonetic Character) গঠিত হয় ৷ এই সোতৰটা ধবনি তিনিটা শাৰীত পাঁচ-সাত-পাঁচটাকৈ ভগোৱা হয় ৷

যি কোনো এটা শাৰীৰ শেষত ‘কিৰেজি’ (Kireji) এটা থাকিব ৷ দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণক এটা শব্দৰ দ্বাৰা সাঙোৰা হয় ৷ এই শব্দটোকে ‘কিৰেজি’ বোলা হয় ৷ ‘কিৰেজি’য়ে চিত্ৰকল্প বা ধাৰণা দুটাক লগ কৰাৰ উপৰিও সেই উপাদান কেইটা কি অৰ্থত সাঙোৰা হৈছে তাক নিৰ্ণয় কৰে ৷ 

হাইকুত এটা ঋতুবাচক শব্দ থাকে৷ ইয়াক ‘কিগো’ (Kigo )বোলা হয় ৷ এই কিগো সাধাৰণতে ‘ছাইজিকি’ (Saijiki )

নামৰ ঋতুবাচক শব্দৰ তালিকা এখনৰ পৰা লোৱা হয় ৷ ‘কিগো’ শব্দটো প্ৰকৃতিৰ মাজৰ পৰা লোৱা হয় বাবে হাইকুক প্ৰকৃতিৰ কবিতা বুলিও কোৱা হয় ৷ জাপানী ভাষাত সাধাৰণতে হাইকু এটা শাৰীতে লিখা হয় ৷

আধুনিক জাপানী হাইকুত সোঁতৰ মাত্ৰাৰ নিয়মটো সদায় মানি চলা নহয় ৷ আনকি প্ৰকৃতিৰ উল্লেখো সদায় নহয় ৷ অৱশ্যে দুটা ভিন্ন চিত্ৰকল্পৰ উপস্থাপনা ৰীতি এতিয়াও মানি চলা হয় ৷ এই চিত্ৰকল্পবোৰ সাধাৰণতে দেখি থকা ঘটনা হ’ব লাগে বুলি কোৱা হয় ৷ বাশোই লিখা এটি বিখ্যাত হাইকুৰ অসমীয়া ভাৱানুবাদ এনে ধৰণৰ–

বহুতো বিষয়

মনত পৰি যায়

ফুলি থকা চেৰীফুলত

আজিকালি পৃথিৱীৰ অইন ভাষাত হাইকু তিনিটা শাৰীত লিখা হয় যদিও পাচঁ, সাত, পাঁচ এই শব্দগত শৃঙ্খলা বা সোঁতৰ মাত্ৰাৰ চৰ্ত মানি চলা নহয় ৷ প্ৰকৃততে শব্দৰ এই শৃঙ্খলা কেৱল জাপানী ভাষাতেই সম্ভৱ অইন ভাষাৰ ক্ষেত্ৰত সম্ভৱ নহয় ৷ 

সীমাবদ্ধতাৰ মাজেৰে অৰ্থপূৰ্ণ, মনোগ্ৰাহী অতুলনীয় ৰচনাই হৈছে হাইকু ৷

জোনা মহন্ত, গুৱাহাটী৷

Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes