এটা বাক্যৰ গল্প
১/ স্মৃতি
সুদীৰ্ঘ ৩৫ বছৰৰ পাছত স্কুলীয়া বন্ধু কেইজনমানে একেলগ হৈ সোণোৱালী শৈশৱৰ কথা কৈ হাঁহি-ধেমালি কৰি থকা সময়তে এচুকত অকলশৰীয়াকৈ বহি থকা মৃগাংকই মনে মনে গৃহবন্দী মাকৰ ওপৰত কৰা তীব্ৰ অত্যাচাৰৰ আৰ্তনাদ আৰু প্ৰতিটো মুহূৰ্ততে আতংক আৰু বিষণ্ণতাৰে ভৰা তাৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি আছিল ।
২/ নষ্ট প্ৰজাপতি
চলচলীয়া চকুজুৰিৰে পৰীয়ে নীৰৱে বিয়াৰ নিমন্ত্ৰণী চিঠিখন অসীমলৈ আগবঢ়াই দিয়াত হৃদয়ত কাল-ধুমুহাৰ সৃষ্টি হ’লেও মিচিকিয়া হাঁহিৰেই শুভেচ্ছা জনাই— “নিবনুৱাৰ অনুভুতিৰ জানো মূল্য থাকে” বুলি অসীমে মনতে ভাবিলে ।
৩/ নিঃসন্তান
এপাৰ্টমেন্টৰ প্ৰথম মহলাৰ পৰিয়ালৰ সন্তানৰ জন্মদিনৰ পাৰ্টীৰ হুলস্থুলত দ্বিতীয় মহলাৰ বিছনাত টোপনি নহাৰ অজুহাতত দম্পতি হালে ইকাটি-সিকাটিকৈ পৰি থাকিলেও টোপনি নহাৰ প্ৰকৃত কাৰণ এজনেও প্ৰকাশ নকৰিলে ।
৪/ আত্মম্ভৰী
গাঁৱৰ ৰাস্তাতো নিৰ্মাণৰ সময়ত এফুট মাটিও এৰি নিদিওঁ বুলি দাংকোপ মৰা ৰমাকাই আজি একমাত্ৰ সন্তান পৰেশৰ নিথৰ দেহাটো সাৱটি হিয়া ধাকুৰি কান্দিছে — ” তোৰ অবিহনে এই ঘৰ-বাৰী কাক দি যাম অ বোপাই ।”
৫/ অঘটন
ৰাজনৈতিকভাবে প্ৰতিপত্তি থকা বুলিয়েই অশোক বেৰীয়াই অনৈতিক ভাবে সুউচ্চ এপাৰ্টমেন্টটো নিৰ্মাণ কৰা সময়ত ওচৰ চুবুৰীয়াই কোনো প্ৰতিবাদ নকৰা বাবেই আজি এনে এটা সাংঘাতিক অঘটন সংঘটিত হ’বলৈ পালে ।
৬/ ঘৃণা
ইমান বছৰে এজন শ্ৰদ্ধেয় ব্যক্তি বুলি গণ্য কৰি অহা মৌজাদাৰ প্ৰতাপ চলিহাৰ অশালীন ব্যৱহাৰত তেওঁৰ প্ৰকৃত পৰিচয় পাই ইন্দ্ৰানীৰ তেওঁলৈ ঘৃণাৰ চকুৰে চাবলৈকো ঘৃণা হ’ল ।
জোনা মহন্ত