Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

 শ্বিলং ফুৰি আহিলোঁ

Jona Mahanta, July 1, 2023July 21, 2023

কেইগৰাকীমান বান্ধৱী লগ হৈ মাজে মাজে এদিন- দু্‌দিনৰ বাবে ফুৰিবলৈ ওলাই যাওঁ ৷ সেই দুদিনতে মনবোৰ সতেজ হৈ ব্যস্ততা ভৰা জীৱনৰ বহু অৱসাদ যেন দুৰ হয় । কিন্ত ল’কডাউন, ক’ভিডৰ বাবে বহু দিন ক’লৈকো যাব পৰা নাই ৷ লাহে লাহে পৰিস্থিতি কিছু স্বাভাৱিক হোৱা যেন দেখি আমি বান্ধৱীকেইজনীমান শ্বিলংত দুৰাতি কটাই আহোঁ বুলি ভাবিলোঁ । কমেও চাৰিজনী মান হ’লে ভাল লাগে । কিন্তু আজিকালি ওলাই যাবলৈও ভয় কৰে । কোন কোন যাব ? ৰুমাজনীও নাই বহুদিনৰ পৰা মাইনাৰ লগত দিল্লীত আছে । দীপিকা বাইদেউ মাইনি কানাডা যাব বাবে গোটেই পৰিয়াল হেনো আউটিং যাব। অঞ্জলি বাইদেউৰ আকৌ ভৰিৰ বিষ । অৱশেষত যেনিবা বনুবা, পূৰ্ণিমা, অপৰ্না আৰু মই গাড়ী এখন ভাড়া কৰি শুক্ৰবাৰে ৰাতিপুৱাই গৈ দেওবাৰে উভতি অহাৰ প্ৰগ্ৰেম ফাইনেল হল ৷ পূৰ্ণিমাই ফুৰি মেলি সিমান ভাল নাপায় যদিও আমাৰ জোৰতে যাবলৈ ওলাল ৷ তাইৰ লৰা-ছোৱালী হালেও ক’ভিদৰ বাবে তাইক যাব দিব বিচৰা নাই ৷ অৱশেষত যেনিবা আমাৰ অনুৰোধত যাবলৈ দিলে ৷ মেখেলা চাদৰ বা শাৰীৰ বাহিৰে আন ড্ৰেচ নিপিন্ধা পূৰ্ণিমাক এইবাৰ দুযোৰ চেলোৱাৰ কামিজ চিলাবলৈও বাধ্য কৰিলোঁ ৷ শুক্ৰবাৰে ৰাতিপুৱা সোনকালেই আমাৰ যোৱাৰ কথা আছিল যদিও গাড়ীখনে আটাইকেইগৰাকীকে এজনী এজনীকৈ ঘৰৰ পৰা লৈ মোৰ জু-ৰোডৰ ঘৰ আহি পাওঁতে প্ৰায় দহ বাজিল ৷ হাঁহি ধেমালিৰে আমাৰ শ্বিলং যাত্ৰা আৰম্ভ হ’ল ৷ বনু বাইদেউয়ে ঠিক কৰি থোৱা অসম ভৱনৰ কোঠাত সোমাই ফ্ৰেচ হৈ দুপৰীয়াৰ আহাৰ খাই অলপ ৰেষ্ট ললোঁ৷ নৱেম্বৰ মাহ যদিও খুব বেছি ঠাণ্ডা অনুভৱ কৰা নাই ৷ শ্বিলংলৈ গৈ পুলিচ বজাৰলৈ এবাৰ নগ’লে দেখোন ভালেই নালাগে ৷ কাইলৈ চেৰাপুঞ্জীলৈ যাম সময় নহ’ব ৷ সেয়ে পাক এটা মাৰি আহোঁ বুলি ওলাই আহিলোঁ ৷ পুলিচ বজাৰত ঘূৰি ফুৰোঁতে বৰষুণ এজাক আহি আমাৰ সকলো পন্দ কৰি দিলে । অৰ্পনাই মুখৰ ভিতৰতে ভোৰভোৰালে মই আহিবই খোজা নাছিলোঁ এইকেইজনীহে….৷

আন উপায় নেদেখি পুলিচ বজাৰৰ টাৰ্নিংটোতে থকা ছাতিৰ দোকান খনৰ পৰা দুটা ছাতিকে কিনি আনি অৰ্পনাৰ হাতত দিলোঁ ৷ বলা আমি এটা ছাতিৰ তলতে দুজনীকৈ কোনোমতে গাড়ীলৈ যাওঁ৷ ছাতি দুটা মেলি লৈ দোকানৰ পৰা নামি ৰাস্তা পাইছোঁহে মোৰ ভৰি পিচলি ধপচ্‌ কৈ পৰিলোঁ । কেনেকৈনো পিচল খালোঁ একো ধৰিবই নোৱাৰিলোঁ৷ লাজতে খপজপকৈ উঠি মাটিতে বহি দিলোঁ ৷ চকু মেলি দেখো মই দেখোন বিচনাৰ কাষত মাটিতহে বহি আছোঁ

জোনা মহন্ত।

Short Stories

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes