জীৱনৰ প্ৰতি ক্ষণত,
উজুটি খোৱা খহটা বাটৰ
খলা ব’মা কলুষিত জীৱনৰ
অধ্যায়ৰ পাতখিলাৰ পৃষ্ঠা নম্বৰ নোহোৱা
পৃষ্ঠা বিচাৰি হাবাথুৰি খাই
ৰৈ যাওঁ কোনোবা এটি পেৰাগ্ৰাফত।
বহু অমাবস্যাৰ পিছত
বহু কাল ৰাত্ৰিৰ পিছত
একিৰণ জোনাকে
যেতিয়া মনটো পৰশি যায়,
উল্লসিত মনে তেতিয়া সজীৱ ভাবেৰে
তোমাক কবিতাতেই বন্দী কৰি
আঁকোৱালি লোৱাৰ হাবিয়াস যে
মধুৰ ক্ষণৰ অনুভৱ —
জোনা মহন্ত