প্ৰতি গৰাকী মহিলাৰ বাবেই ২৮ মে’ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন। সমগ্ৰ বিশ্বতে এই দিনটো ‘Menstrual Hygiene Day’ হিচাবে অৰ্থাৎ ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুৰুত্বৰ বিষয়ে সজাগতা আনিবলৈ উদযাপন কৰা হয় । ২০১২ চনত জনস্বাস্থ্যৰ সৈতে জড়িত কেইবাটাও সংস্থাই বিশ্বজুৰি ঋতুস্ৰাৱৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰে । ২০১৩ চনৰ মে’ মাহত WASH United নামৰ জাৰ্মানৰ বেচৰকাৰী সংস্থাটোৱে ছ’চিয়েল মিডিয়াৰ সহায়ত Menstravaganz ‘ নামেৰে ২৮ দিনীয়া এটি অভিযান অনুষ্ঠিত কৰে । এই অভিযানৰ ইতিবাচক প্ৰতিক্ৰিয়াৰ ফলতেই প্ৰতি বছৰেই ২৮ মে’ত ঋতুস্ৰাৱৰ বাবে বিশ্বব্যাপী সজাগতা দিৱস উদযাপনৰ সিদ্ধান্ত লয় । ২০১৪ চনৰ ২৮ মে’ত বিশ্বৰ বহু দেশে প্ৰথমবাৰৰ বাবে ৰেলী, প্ৰদৰ্শনী, চিনেমা প্ৰদৰ্শন, কৰ্মশালা আৰু ভাষণেৰে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱস উদযাপন কৰে । তেতিয়াৰপৰাই সমগ্ৰ বিশ্বই প্ৰতি বছৰে ২৮ মে’ দিনটো ” Menstrual Hygiene Day” হিচাপে পালন কৰি আহিছে । সমাজত চলি অহা নিষেধাজ্ঞাসমূহ আঁতৰ কৰি বিশ্বজুৰি ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য । এই দিৱসৰ বাবে ২৮ মে’ দিনটো ধাৰ্য্য কৰাৰ কাৰণো হ’ল ঋতুস্ৰাৱ সম্বন্ধীয় । সাধাৰণতে ঋতুচক্ৰৰ সময় ২৮ দিন আৰু ৰক্তস্ৰাৱ সাধাৰণতে ৫ দিনলৈ হয় । সেইবাবেই ২৮/৫/ দিনটো এই দিৱসৰ বাবে ধাৰ্য্য কৰা হৈছে ।
এজনী ছোৱালীৰ উপযুক্ত বয়সত প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হ’লে বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁৰ মনলৈ অহাৰ ওপৰিও নিজৰ শৰীৰৰ বিকাশ আৰু পৰিৱৰ্তনৰ বিষয়ে অজ্ঞতাৰ ফলত মনত ভয় বা শঙ্কা হোৱাটো স্বাভাৱিক । ঋতুস্ৰাৱ ছোৱালীৰ জীৱনৰ এটা অনন্য প্ৰক্ৰিয়া হ’লেও অতীজৰে পৰা সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ সম্পৰ্কে বিভিন্ন নিষেধাজ্ঞা আৰু বহুতো পুৰণিকলীয়া ধ্যান-ধাৰণাৰ দ্বাৰা আজিও পৰিবেষ্টিত হৈ আছে ৷ এই নিষেধাজ্ঞাসমূহৰ বাবে ঋতুস্ৰাৱ সম্পৰ্কে মুকলিকৈ আলোচনা কৰিবলৈ লাজ বা শঙ্কা কৰাৰ উপৰিও ভুল ধাৰণাৰ বাবে নীৰৱে থাকিবলৈ বাধ্য হয় । ইয়াৰ ফল স্বৰূপে যুগ যুগ ধৰি ছোৱালী আৰু মহিলাৰ মানসিক অৱস্থা, মানসিক আৰু সামাজিক জীৱন তথা আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৱে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আহিছে । এই সামাজিক-সাংস্কৃতিক নিষেধাজ্ঞা আৰু বিশ্বাসবোৰক প্ৰত্যাহ্বান জনাই আগবাঢ়ি গ’লেও বিভিন্ন সময়ত বহুতো সমস্যাৰ সৃষ্টি হোৱা দেখা যায় । ইয়াৰ প্ৰধান কাৰণ হ’ল স্বাস্থ্য, ঋতুস্ৰাৱ, প্ৰজনন প্ৰক্ৰিয়া আদিৰ সম্পৰ্কে জানিবলগীয়া কথাৰ বিষয়ে উপযুক্ত বয়সত অৱগত নকৰা বা অৱগত কৰিবলৈ লাজ বা সংকোচবোধ কৰা । সেয়ে কৈশোৰ অৱস্থাত হোৱা দৈহিক পৰিৱৰ্তন, ঋতুস্ৰাৱ, যৌনাঙ্গৰ ৰোগ, স্বাস্থ্যৰ প্ৰতি সচেতনতা, প্ৰজনন আদিৰ বিষয়ে মুকলিকৈ আলোচনা কৰা অতি প্ৰয়োজন ।
বৰ্তমানো কিছুমান ঠাইত চলি অহা সামাজিক-সাংস্কৃতিক, ধৰ্মীয় প্ৰভাৱ আদিৰ ফলত এই বিষয়ে জ্ঞানৰ অভাৱৰৰ বাবে বাধাৰ সন্মুখীন হ’বলগীয়া হয় । ভাৰতত অতীজতে ঋতুস্ৰাৱৰ বিষয়ে উল্লেখ কৰাও নিষিদ্ধ আছিল । বৰ্তমানো বহুতো অঞ্চলত লেতেৰা, অপৱিত্ৰ বুলি পূজা, ৰান্ধনীশাল আদিৰ বাহিৰেও সামাজিক কামত অংশ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয় । বৈদিক যুগৰ পৰাই চলি অহা এই নিষেদ্ধাজ্ঞাৰ উৎপত্তি ইন্দ্ৰদেৱতাই বৃত্ৰাসুৰ হত্যাৰ লগত জড়িত বুলি প্ৰবাদ আছে । মহিলাসকলে ইন্দ্ৰৰ এই হত্যাৰ অপৰাধৰ কিছু অংশ নিজৰ গা পাতি লৈছিল । বেদত কোৱা হৈছে ব্ৰাহ্মণ হত্যাৰ অপৰাধত প্ৰতিমাহে ঋতুস্ৰাৱ প্ৰৱাহৰ প্ৰচলন হয় । সেয়ে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলৰ স্বাভাৱিক জীৱনৰ কামত অংশগ্ৰহণ কৰা নিষেধ । পাৰিবাৰিক কামকাজলৈ অহাৰ আগতে শুদ্ধ কৰাৰো নিয়ম প্ৰচলিত হৈ আহিছে । শুদ্ধিকৰণৰ পাছতহে দৈনন্দিন কামৰ মাজলৈ উভতি আহিব পাৰে ।
বৈজ্ঞানিকভাৱে ঋতুস্ৰাৱৰ প্ৰকৃত কাৰণ সম্পূৰ্ণ বেলেগ । ডিম্বানু পৰিপক্ক হৈ গৰ্ভ ধাৰণ কৰাৰ সুযোগ নোপোৱাৰ ফলত এণ্ডোমেট্ৰিয়াল (Endometrial vessel)ৰ পৰা ৰক্তক্ষৰণ হয় । ইয়াত অপবিত্ৰতাৰ কোনো কাৰণ নাই ।
দৈনন্দিন জীৱনত ছোৱালী বা মহিলাসকলে যিবোৰ নীতি-নিয়ম আৰু নিষেধাজ্ঞাৰ সন্মূখীন হ’বলগীয়া হয় তাৰ অন্তৰ্নিহিত কাৰণ হ’ল ঋতুস্ৰাৱৰ লগত জড়িত অন্ধবিশ্বাস । বিশ্বাস কৰা হয়—ঋতুমতী মহিলা অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ, তাৰোপৰি ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰৰ পৰা একধৰণৰ গোন্ধ আৰু ৰশ্মি নিৰ্গত হয় যাৰ ফলত সংৰক্ষিত খাদ্য নষ্ট হয় । ঋতুস্ৰাৱৰ সময়ত খাদ্য প্ৰস্তুত কৰাত বা খাদ্য নষ্ট হোৱাত বা অইন কিবা প্ৰভাৱ পেলোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই । অৱশ্যে ঋতুস্ৰাৱৰ সময়ত নিজক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় । ঋতুস্ৰাৱৰ সময়ত খোৱা-লোৱাৰ প্ৰতি যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন যদিও খাদ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাহে দেখা যায় ।
বিভিন্ন অঞ্চলত কৰা এটি সমীক্ষা অনুসৰি শতকৰা প্ৰায় ৭০ গৰাকী ছোৱালীয়ে ঋতুস্ৰাৱ সম্বন্ধে অৱগত নহয় । আনকি তেওঁলোকৰ পৰিয়ালবৰ্গই এই বিষয়ে আলোচনা কৰিবলৈ ভয় বা উদ্বেগ প্ৰকাশ কৰে । ভাৰতৰ ঋতুমতী মহিলাৰ শতকৰা ৩৬ ভাগেহে চেনেটাৰী পেড ব্যৱহাৰ কৰে । বাকীসকলে পুৰণি কাপোৰ, টয়লেট পেপাৰ, টিচু পেপাৰ, মোজা, ভুছি, ছাই, গছৰ পাত, বোকা জাতীয় স্বাস্থ্যৰ বাবে হানিকাৰক উপকৰণ ব্যৱহাৰ কৰে । প্ৰতি বছৰে বহুতো ছাত্ৰীয়ে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পাছতে স্কুল এৰি দিয়াও দেখা যায় । ইয়াৰ মূল কাৰণ হ’ল স্কুলসমূহত পানী, পেড সলনি কৰিবলৈ বা পেলাবলৈ নিৰাপদ পৰিষ্কাৰ ঠাই নাই অৰ্থাৎ উপযুক্ত সা-সুবিধাৰ অভাৱ । তাৰ উপৰিও লগ-সমনীয়াৰ পৰা লাজ, ভয়ত আঁতৰি থকাৰ মানসিকতা ।
আচৰিত যেন লাগিলেও গড়ে এগৰাকী মহিলাই তেওঁৰ জীৱনৰ সাত-বছৰ সময় ঋতুস্ৰাৱত অতিবাহিত কৰে । প্ৰতিবন্ধী আৰু বিশেষ ভাবে সক্ষম ছোৱালীৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া অতি কষ্টকৰ আৰু প্ৰত্যাহ্বানৰ বিষয় ।
প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱাৰে পৰা এজনী ছোৱালীক শিকোৱা হয়—এই প্ৰক্ৰিয়া যিমানেই স্বাভাৱিক নহওঁক কিয় এয়া অত্যন্ত লজ্জাজনক, ঘৃণনীয়, অপবিত্ৰ আৰু নিষিদ্ধ । প্ৰকৃততে ঋতুস্ৰাৱ এনে এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা এজনী ছোৱালী মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় ।
সমাজৰ সচেতন নাগৰিক হিচাবে আমি প্ৰত্যেকেই এই সম্পৰ্কে সজাগ হোৱা উচিত । সামাজিক নিষেধাজ্ঞাই এগৰাকী উঠি অহা কিশোৰীৰ ওপৰত কেনে ধৰণৰ মানসিক, শাৰীৰিক প্ৰভাৱ পেলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা আমাৰ কৰ্তব্য । যদি আমি ঋতুস্ৰাৱৰ দৰে স্বাভাৱিক প্ৰক্ৰিয়াটোক নিষেধাজ্ঞা আৰু বৈষম্যৰ দৃষ্টিৰে চাওঁ, তেন্তে আমি কেনেকৈ আশা কৰিব পাৰোঁ যে তেওঁলোক ডাঙৰ হৈ আত্মবিশ্বাসী আৰু স্পষ্টবাদী হ’ব ? ঋতুস্ৰাৱৰ সময়ত কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাই নহয় নিষেধাজ্ঞসমূহ যে মহিলাৰ আৱেগিক আৰু মানসিক বৃদ্ধিৰ বাবে ক্ষতিকাৰক এই কথা বুজি চলি অহা বিশ্বাসৰ পৰা মুক্ত হোৱাটোও গুৰুত্বপূৰ্ণ ।
সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণে ঋতুস্ৰাৱৰ নেতিবাচক প্ৰভাৱ পৰিলক্ষিত হয় । সমীক্ষাৰ পৰা জানিব পৰা গৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশতো শতকৰা ৪০ ভাগ মহিলাই লাজ, ভয় আৰু আন সহকৰ্মীৰ পৰা সংকোচিত হ’বলগীয়া হয় । বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় গোষ্ঠীৰ ঋতুস্ৰাৱৰ তাৎপৰ্য বেলেগ বেলেগ । উত্তৰ আমেৰিকাৰ চেৰোকি (Cheroke nation) জনজাতিৰ লোকসকলে ঋতুমতী মহিলাসকলক পবিত্ৰ আৰু শক্তিশালী বুলি বিশ্বাস কৰে । এনে ইতিবাচক দৃষ্টিভঙ্গীৰ দৃষ্টান্ত বিৰল ।
বৰ্তমান বহুতো বেচৰকাৰী সংন্থা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ঋতুস্ৰাৱ সম্পৰ্কে সজাগতা আৰু স্বাস্থ্যবিধি প্ৰচাৰৰ অভিযান বিভিন্ন আঁচনিৰ জৰিয়তে কাৰ্যকৰী কৰি আছে । তাৰোপৰি স্কুলৰ আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ কিশোৰীসমূহক ঋতুস্ৰাৱৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে যদিও সেয়া কিন্তু প্ৰয়োজন সাপেক্ষে যথেষ্ট নহয় ।
ঋতুস্ৰাৱ মহিলাৰ শৰীৰৰ অন্যতম প্ৰাকৃতিক প্ৰক্ৰিয়া, নাৰীত্ব আৰু উৰ্ব্বৰতাৰ চিহ্ন—যি পৃথিৱীৰ সকলো প্ৰজাতিৰ প্ৰাণীৰ বংশ বৃদ্ধিৰ বাবে অপৰিহাৰ্য্য ৷ বৰ্তমান ঋতুস্ৰাৱ যে এটি জৈৱিক প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়, ইয়াত লাজ বা ভয়ৰ কোনো কাৰণ নাই—এই কথা বুজাই দিয়াৰ সময় সমাগত । এজনী ছোৱালীৰ পূৰ্ণতা প্ৰাপ্তিক অপবিত্ৰ আখ্যা দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে ।
জোনা মহন্ত, গুৱাহাটী । ২৮ মে’ ” Menstrual Hygiene Day” উপলক্ষে
প্ৰকাশিত -গণ অধিকাৰ, ২৮ /০৫/২০২২.