১/
বসন্তৰ আগমন
পলাশ শিমলুৰ নাচোন
ৰূপৰ হাট ।
২/
যদি বিচৰা
সেউজীয়া বাগিচা
ভালপোৱা দিয়া ।
৩/
সূৰুজৰ ধেমালি
শুকুলা মেঘৰ স’তে
জালিকটা ধৰণী ।
৪/
লঠঙা গছ
লমালমে আতলচ
বান্দৰৰ কিৰিলি ।
৫/
সমুদ্ৰ যাত্ৰা
ঢৌ আহে আৰু যায়
অভিবাদন জনায় ।
৬/
নীলা আকাশ
উৰিছে অনেক চৰাই
সপোন সন্ধানত ।
৭/
প্ৰকৃতি , প্ৰেম
বিশ্বব্ৰহ্মাণ্ড ব্যাপি
আলোড়িত মানৱ ।
৮/
সেউজীয়া ঘাঁহনি
সুৰুজৰ লীলা খেলা
গছ পাত জক।
৯/
ফাগুনৰ ধূলিয়ৰি
আহে যায় বছৰি
নাহে সময় উলটি ।
১০/
পূৰ্ণিমাৰ মাজনিশা
জোনাকৰ স্নিগ্ধ হাঁহি
কাৰ চিনাকি সুৰভি !
১১/
কুঁৱলী ফালি
ৰদৰ জিলিকনি
আঃ সতেজ পুৱা ।
১২/
ফাগুনৰ বা
ৰঙা পলাশৰ দলিচা
মন বিষণ্ণ ।
১৩/
সেউজ দলিচা
শুভ্ৰ বগা শেৱালি
পুলকিত হিয়া ।
১৪/
সোণালী ধাননি
হালে-জালে বা লাগি
হিয়া জুৰাই ।
15/
গ্ৰীষ্মত হাতত
চেণ্ডেল লৈ নদী পাৰ হোৱা
মজাই বেলেগ ।
16/
কাহিলি পুৱাতে
তোমাক লগ পাম বুলিয়েই
নৈৰ গৰা লৈ গৈছিলোঁ ।
17/
জোনাক নিশা
ৰূপালী কোমল আভা
তোমাৰ ছায়া ।
১৮/
নীলা আকাশ
সূৰুজৰ কোমল পৰশ
শীতৰ দুপৰীয়া
১৯/
বাৰিষা আহে
পানীৰ ধল নামে
সংহাৰ ৰূপ ।
জোনা মহন্ত ,গুৱাহাটী ।