
আজি ৮ মাৰ্চ “আন্তৰ্জাতিক নাৰী দিৱস”
১৯১১চনৰ পৰাই উদযাপিত
নাৰীৰ সম অধিকাৰ আৰু
নাৰী সত্বাৰ জয়গানৰ দিৱস ।
সমগ্ৰ বিশ্বতে সমাদৃত আৰু জনপ্ৰিয়
Whats app, face book আদি
বিভিন্ন সামাজিক মাধ্যমেৰে
শ্বেয়াৰ কৰাৰ উপৰিও
বৰ আড়ম্বৰপূৰ্ণ ভাবে পালিত দিৱস ।
এগৰাকী নাৰীয়ে সম অধিকাৰ পোৱা উচিত
কিন্তু পায় নে ?
এক শতিকাৰ পিছতো কৰবাত
আজিৰ দিনটোতে —
হয়তো কোনো কিশোৰী
বলি হ’ল পাশৱিক অত্যাচাৰৰ
কোনো পাষণ্ডৰ হাতত ।
হয়তো কোনো অসহায় যুৱতীক
ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ফুচুলাই আনি
অনিচ্ছা স্বত্বেও বাধ্য কৰিলে
আনৰ বিচনাৰ সংগী হ’বলৈ
কিছু টকাৰ বিনিময়ত ।
হয়তো কোনো প্ৰসূতিয়ে
হাসপাতালৰ বিচনাত প্ৰসৱ বেদনাত
চটফটাই মনে মনে কম্পিত
বংশৰ প্রদীপ বুলি
যদি নহয় পুত্ৰ সন্তান ?
হয়তো কোনো নৱবিবাহিতাই
যৌতুক নিদিয়াৰ অপৰাধত
জীৱনকে হেৰুৱাব লগা হ’ল
শাৰীৰিক, মানসিক নিৰ্যাতনত।
আজি নাই সতীদাহ প্ৰথা
কিন্তু আছে তাৰ অস্তিত্ব
অন্য ভাবে অন্য ৰূপে ।
ঐতিহাসিক যুগৰ পৰাই
শোষিত, অনাদৃত হলেও
কঠিন পথেৰে বাট বুলিও
উজলাই আহিছে বিশ্বক নাৰীয়েই
নাৰীৰ গৰ্ভতেই জনম
সমগ্ৰ বিশ্ব-প্ৰসিদ্ধ ব্যক্তিৰ।
নাৰী অবিহনে সমগ্ৰ বিশ্বই অসম্পূৰ্ণ
নাৰী-পুৰুষ বেলেগ নহয়, পৰিপূৰক হে ।
আছে জানো প্ৰয়োজন নাৰী দিৱসৰ ?
জোনা মহন্ত । ৮ মাৰ্চ ২০২২ ।
তুমি ঠিকেই কৈছা। নাৰী-পুৰুষ ইজনে সিজনৰ পৰিপূৰক ! সম্পূৰ্ণ সত্য বুলি ময়ো বিবেচিত কৰোঁ।