(ইউৰোপ ভ্ৰমণৰ ৭ তম খণ্ড)

উত্তৰ সাগৰৰ উপকূলৰ কাষে কাষে উত্তৰ-পশ্চিমে অৱস্থিত আমষ্টাৰ্ডাম নেদাৰলেণ্ডৰ ৰাজধানী আৰু প্ৰধান বাণিজ্যিক তথা বিত্তীয় কেন্দ্ৰ ৷ ই ডাচ প্ৰদেশ উত্তৰ হলেণ্ডৰ এটা অংশ ৷ হলেণ্ডক আজি-কালি নেদাৰলেণ্ড বুলি কোৱা হয় ৷ প্ৰবাদ অনুসৰি আমষ্টাৰ্ডাম প্ৰথমতে দুজন মাছমৰীয়াৰ চকুত পৰিছিল ৷ পাছলৈ ইউৰোপৰ এক স্পন্দনশীল বন্দৰলৈ পৰিণত হৈছিল ৷ পুনৰুদ্ধাৰ কৰা মাটিৰ পৰা গঢ়ি উঠা আমষ্টাৰ্ডাম ত্ৰয়োদশ শতিকাৰ পৰাই এক চহকী ইতিহাসেৰে ডাচ শিল্প সংস্কৃতিৰে সমৃদ্ধ চহৰ ৷ সুন্দৰ সজীৱ পৰিৱেশ,¸ অনন্য ঐতিহাসিক স্থাপত্য শিল্প আৰু সজীৱ নৈশ জীৱনৰ বাবেই পৰিচিত ৷ চহৰখনৰ ইতিহাস যথেষ্ট দীঘলীয়া আৰু পৰিঘটনাপূৰ্ণ ৷ কলাত্মক ঐতিহ্যৰ বাবে পৰিচিত আমষ্টাৰ্ডাম প্ৰথমতে ‘আমষ্টেলৰ্ডাম’ নামেৰে জনাজাত আছিল, যিয়ে আমষ্টেল নদীৰ চাৰিওফালে থকা বান্ধক বুজায় ৷
আমষ্টাৰ্ডামৰ খাল ব্যৱস্থা বিশ্বজুৰি সুপৰিচিত ৷ চাৰিশ বছৰতকৈও অধিক পুৰণি অসংখ্য চিত্ৰময় কেনেল বা খালৰ বাবে ইয়াক ‘উত্তৰৰ ভেনিচ’ (Venice of North) বুলিও কোৱা sq ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ আমষ্টাৰ্ডামৰ ৰাস্তাবোৰ কেনেলসমূহ অনুসৰণ কৰি নিৰ্মাণ কৰাৰ ফলত চহৰখনৰ এক কলাত্মক আকৰ্ষণীয় ডিজাইন দেখা যায় ৷ চহৰখনৰ মাজেৰে বৈ যোৱা কেনেলবোৰৰ বাবেই প্ৰতি বছৰে লাখ লাখ পৰিব্ৰাজকক আকৰ্ষণ কৰি আহিছে ৷ কোৱা হয় প্ৰতি ঘণ্টাত ছয় শতাধিকতকৈও অধিক পৰিব্ৰাজকৰ আগমণ ঘটে এই চহৰলৈ ৷ এই কেনেলসমূহ ক্ৰুজৰ বাবে বিখ্যাত ৷ পৰ্যটকৰ বাজেট আৰু পচন্দৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰুজত ভাগ ল’ব পৰা কেইবাটাও বিভিন্ন ধৰণৰ ক্ৰুজ সেৱা উপলব্ধ ৷ আমি এন ফ্ৰাংক হাউচৰ (Anne Franks House) কাষৰ পৰা কেনেল ক্ৰুজলৈ গৈছিলোঁ ৷ ক্ৰুজৰে ভ্ৰমণ কৰাৰ সময়ত ক্ৰুজৰ অডিঅ’ গাইডৰ সহায়ত ইতিহাসেৰে ভৰি থকা আমষ্টাৰ্ডামৰ বিষয়ে বহু নজনা কথা জনাৰ সুবিধা পোৱা যায় ৷ ক্ৰুজত সপ্তদশ শতিকাৰ ঐতিহাসিক অট্টালিকা, একবিংশ শতিকাৰ নতুন অট্টালিকাসমূহৰ লগতে কেনেলৰ ব্ৰীজৰ আদিৰ মাজেৰে পাৰ হৈ যায় ৷ সেয়ে কম সময়ৰ ভিতৰতে বহুতো স্থাপত্য অন্বেষণ কৰাৰ সুবিধা পোৱা যায় ৷ কেনেলৰ পাৰে পাৰে অনন্য স্থাপত্য শিল্পৰে নিৰ্মিত ধুনীয়া আৰু আকৰ্ষণীয় ঘৰসমূহৰ স্থাপত্যই প্ৰতিজন পৰিব্ৰাজককে মুগ্ধ কৰে ৷ আনকি এই কেনেলৰ ওপৰত নিৰ্মাণ কৰা দলংসমূহৰ স্থাপত্য শৈলীও চকুতলগা ৷
চহৰখনত বহুতো আগশাৰীৰ মিউজিয়াম আছে যদিও এদিনৰ ভ্ৰমণত এইবোৰ সাঙুৰি লোৱা সম্ভৱ নহয় ৷ আমষ্টাৰ্ডামৰ মাজমজিয়াত আন এটা আকৰ্ষণীয় পৰ্যটন স্থান হৈছে ‘এন ফ্ৰাংক হাউচ’ যিটো ইহুদী লেখিকা এন ফ্ৰাংকৰ নামত উৎসৰ্গিত আৰু তেওঁৰ জীৱনীমূলক মিউজিয়াম ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী নিৰ্যাতনৰ পৰা নিজৰ পৰিয়াল আৰু আন মানুহৰ সৈতে লুকাই থকা এগৰাকী ইহুদী যুৱতী এন ফ্ৰাংকৰ কাহিনীৰ সৈতে প্ৰায় সকলোৰে পৰিচিত ৷ সেই সময়ত তেওঁ লিখা ডায়েৰীখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সন্মুখীন হোৱা বিপৰ্যয়ৰ বৰ্ণনা কৰা এক অমূল্য ঐতিহাসিক নথিত পৰিণত হৈছে ৷ এই মিউজিয়ামে এন ফ্ৰাংকৰ বিশ্ব বিখ্যাত ডায়েৰীখন পঢ়ি মনত হোৱা মোৰ প্ৰতিক্ৰিয়া আকৌ সজীৱ তুলিলে ৷ মিউজিয়ামটো চাই অনুভৱ কৰিব পাৰি সেই সময়ত জীয়াই থাকিবলৈ লুকাই থকাৰ অনুভৱ কেনেকুৱা হৈছিল ৷
আৰ্ট গেলেৰি আমষ্টাৰ্ডামৰ আন এটা বৈশিষ্ট্য, এইসমূহৰ উন্নতমানৰ শিল্পৰ বাবেও শিল্পপ্ৰেমীসকলে ইয়াত ভিৰ কৰেহি ৷ ইউৰোপৰ আন চহৰৰ তুলনাত আমষ্টাৰ্ডামত চাইকেল আৰোহীৰ সংখ্যা বহুত বেছি ৷ ৰাস্তাত গাড়ীতকৈ চাইকেলৰ সংখ্যাহে অধিক দেখিবলৈ পোৱা যায় ৷ কেৱল আমষ্টাৰ্ডামেই নহয় সমগ্ৰ নেদাৰলেণ্ডতে চাইকেল আৰেহীৰ সংখ্যা যথেষ্ট, সেয়ে ইয়াক বিশ্বৰ ‘চাইকেলৰ ৰাজধানী’ বুলিও কোৱা হয় ৷
আমষ্টাৰ্ডামত অসংখ্য কফিৰ দোকান দেখিবলৈ পোৱা যায় ৷ আচৰিত যেন লাগিলেও চহৰখন কফিৰ দোকানৰ বাবে বিখ্যাত ৷ প্ৰকৃততে এইসমূহ সাধাৰণ কফিৰ দোকান নহয় ৷ এইবোৰত গাঞ্জা বিক্ৰী আৰু ধূমপান কৰাটো এটা নিয়মীয়া ব্যৱসায় ৷ ইয়াৰ ফলত পৰ্যটন উদ্যোগ যথেষ্ট লাভৱান হৈছে ৷
প্ৰকৃততে আমষ্টাৰ্ডাম উৎকৃষ্ট শিল্প, বিনোদনমূলক কাৰ্যকলাপ, ঐতিহাসিক স্থান আৰু পাৰ্টি কৰি ভালপোৱা লোকেৰে এখন প্ৰগতিশীল চহৰ ৷ আন এটি পৰ্যটকৰ আকৰ্ষণীয় স্থান ‘টিউলিপ গাৰ্ডেন’ যিখন চোৱাৰ সৌভাগ্য আমাৰ নহ’ল ৷ বসন্ত কালত টিউলিপ ফুলাৰ সময়ৰ বাহিৰে আন সময়ত এই বাগিচাখনৰ পুনৰ নিৰ্মাণৰ কাম চলে সেয়ে আমি যোৱা সময়ত বন্ধ আছিল ৷
আমষ্টাৰ্ডাম চহৰখনৰ কিছু অংশ খোজকাঢ়ি আৰু ক্ৰুজেৰে অনন্য স্থাপত্য উপভোগ কৰি আমি নেদাৰলেণ্ডৰ হেগ চহৰৰ পৰ্যটকৰ আকৰ্ষণীয় উদ্যান মাডুৰোডাম (Madurodam)লৈ যাওঁ ৷ এই উদ্যানখনত বিখ্যাত ওলন্দাজ দুৰ্গ, ঔদ্যোগিক প্ৰকল্প আৰু ৰাজহুৱা ভৱনসমূহ ১:২৫ স্কেলত প্ৰতিৰূপ আছে ৷ প্ৰকৃততে মাডুৰোডাম ভ্ৰমণত কম সময়ৰ ভিতৰতে সমগ্ৰ নেদাৰলেণ্ড ভ্ৰমণ কৰাৰ সুযোগ পোৱা যায় ৷ উদ্যানখনত তিনিটা বিষয় বস্তুৰে তিনিটা ভাগত সজোৱা হৈছে ৷ নেদাৰলেণ্ডৰ প্ৰতীক হিচাপে নিৰ্মাণ কৰা অঞ্চলটোৱে ওলন্দাজসকলৰ উদ্ভাৱন, স্থাপত্য, ডিজাইন আৰু মনোৰঞ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ আন এটা ভাগত পানীক বন্ধু আৰু শত্ৰু হিচাপে প্ৰতিফলিত কৰিছে আৰু আনটো ভাগত পুৰণি চহৰখনৰ আৰ্হি ৷ এই অঞ্চল উদ্যানখনৰ কেন্দ্ৰবিন্দু ৷ মাডুৰোডামত নেদাৰলেণ্ডৰ উদ্ভিদ, ৰাস্তাৰ সজ্জাকে ধৰি সকলো বস্তুকে ১: ২৫ স্কেল অনুসৰি নিৰ্মাণ কৰা হৈছে ৷ আনকি জনসাধাৰণৰ বাস্তৱ জীৱনৰ ছবিও প্ৰতিফলিত কৰিছে ৷ এই উদ্যানখন জৰ্জ মাডুৰো (George Maduro) নামৰ সৈনিক এজনৰ নামেৰে নামকৰণ কৰা হৈছে ৷ জৰ্জ মাডুৰো এজন ওলন্দাজ আইনৰ ছাত্ৰ আছিল যিয়ে নাজীসকলৰ বিৰুদ্ধে যুঁজিছিল ৷ ১৯৪৫ চনত Dachau Concentration Camp ত মৃত্যু বৰণ কৰা জৰ্জৰ পিতৃ-মাতৃয়ে এই উদ্যানখন নিৰ্মাণত আৰ্থিক বৰঙণি আগবঢ়াইছিল ৷ এতিয়াও ইয়াৰ পৰা লাভ কৰা ধনৰ অংশ শিশুৰ কল্যাণৰ বাবে দান কৰা হয় ৷
নেদাৰলেণ্ড বায়ুকলৰ [Windmill) বাবেও জনাজাত ৷ সাগৰ পৃষ্ঠৰ পৰা তলত থকা নিম্ন ভূমিৰ পৰা পানী নিষ্কাসন কৰা, শস্য গুড়ি কৰা, কাগজ আৰু ৰং উৎপাদন কৰা আদিৰ উপৰিও কাঠ কটাৰ দৰে ঔদ্যোগিক প্ৰক্ৰিয়াৰ বাবেও বতাহৰ চক্ৰ বা বায়ুকল ব্যৱহাৰ কৰিছিল ৷
বৰ্তমানো পৰম্পৰাগত ওলন্দাজসকলে ব্যৱহাৰ কৰা বায়ুকল কাৰ্যক্ষম অৱস্থাত আছে ৷ অৱশ্যে এইসমূহ এতিয়া ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়, ওলন্দাজ ঐতিহ্যৰ প্ৰতীক হিচাপে সংৰক্ষণ কৰা হৈছে ৷ তেনে এটি ঐতিহাসিক বায়ুকল বিপুলে আমাক দেখুৱাইছিল ৷ বৰ্তমানো উন্নত প্ৰযুক্তিৰ বায়ুকল যথেষ্ট দেখিবলৈ পোৱা যায় ৷ বায়ুকল আৰু সৌৰশক্তিৰ পৰা উৎপন্ন হোৱা বিদ্যুতৰ দ্বাৰাই ৰাষ্ট্ৰীয় পথসমূহ পোহৰাই তোলা হয় ৷
ত্ৰয়োদশ শতিকাৰ পৰাই নেদাৰলেণ্ডত কাঠৰ জোতাৰ প্ৰচলন আছিল ৷ ইয়াৰ প্ৰকৃত কাৰণ আছিল বিশেষকৈ নিম্ন ভূমি ৷ আমি আমষ্টাৰ্ডামৰ পৰা আধা ঘণ্টা মান বাছেৰে গৈ সাধাৰণ ওলন্দাজ গাঁও এখনলৈ গৈছিলোঁ ৷ তাত ঔদ্যোগিক বিপ্লৱৰ সময়ত ভাপ ইঞ্জিনেৰে চলোৱা ক্লগ মেচিনেৰে কাঠৰ জোতা প্ৰস্তুত কৰা পৰম্পৰাগত শৈলী দেখিলোঁ৷ মধ্যযুগৰ পৰাই নেদাৰলেণ্ডত কাঠৰ জোতা (যাক ‘ক্লগ’ বুলি কোৱা হয়) ব্যৱহাৰ কৰি আহিছে ৷ বিশ্বজুৰি বিভিন্ন ধৰণৰ ক্লগ ব্যৱহাৰ কৰা হয় যদিও হাতেৰে ৰং কৰা কাঠৰ জোতা সাধাৰণতে ‘ডাচ ক্লগ’ হিচাপে জনা যায় ৷ তাত তৈয়াৰ কৰা প্ৰতিযোৰ জোতাই অতি সুন্দৰ আৰু আকৰ্ষণীয় ৷ এই জোতা বৈশিষ্ট্যপূৰ্ণ চিত্ৰকলা আৰু সজ্জাৰ বাবে জনাজাত ৷ পৰম্পৰাগত কাঠৰ জোতা হালধীয়া ৰঙৰ হয় যদিও তাত বিভিন্ন ৰঙৰ জোতা দেখিছিলোঁ ৷সাধাৰণতে ক্লগত টিউলিপ আৰু বায়ুকলৰ চিত্ৰ অঙ্কন কৰা হয় ৷ পানীত পিন্ধিবলৈ সুবিধা আৰু চামৰাৰ জোতা এসময়ত যথেষ্ট ব্যয়বহুল আছিল বাবে পূৰ্বতে সমগ্ৰ ইউৰোপতে কৃষক, মাছমৰীয়া আৰু শ্ৰমিকসকলে কাঠৰ জোতা ব্যৱহাৰ কৰিছিল ৷ বৰ্তমানো বহুতো লোকে কাঠৰ জোতা ব্যৱহাৰ কৰে ৷ বিশেষকৈ তিতি থকা মাটিৰ বাবে সুবিধাজনক হোৱা বাবে কৃষকসকলে, ঘাম শোষণ কৰে বাবে নাৰ্চ আৰু শ্ৰমিক শ্ৰেণীয়ে ব্যৱহাৰ কৰে ৷ ময়ো সজাবলৈ আৰু উপহাৰৰ বাবে কেইযোৰ মান সৰু সৰু কাঠৰ জোতা কিনিলোঁ ৷ এই জোতাৰ ফেক্টৰীৰ লগতে চিজ (Cheese) প্ৰস্তুত আৰু বিক্ৰী কেন্দ্ৰ এটাও আছিল ৷
বিশ্বৰ উন্নত মানৰ চিজ যে নেদাৰলেণ্ডত প্ৰস্তুত হয় এই কথা মই নাজানিছিলোঁ ৷ বিভিন্ন প্ৰকাৰৰ সুস্বাদু চিজ প্ৰস্তুতেৰে নেদাৰলেণ্ড বিশ্বৰ ভিতৰতে অন্যতম ৷ আমি তাত চিজ প্ৰস্তুত কৰা প্ৰণালীও চালোঁ ৷ চিজবোৰ আমাৰ ইয়াত পোৱা চিজতকৈ বেলেগ ৷ আমাৰ ইয়াত পোৱা চিজৰ দৰে কোমল নহয়, যথেষ্ট টান ৷
প্ৰকৃততে এদিনতে এখন ঠাই চোৱা সম্ভৱ নহয়, ভূমুকিহে মাৰিব পাৰি ৷ আমাৰো তেনেকুৱাই হ’ল ৷ এদিনতে নেদাৰলেণ্ডৰ পৰ্যটকৰ আকৰ্ষণীয় ঠাইসমূহৰ কিছু অংশ চাই আমি আমষ্টাৰ্ডামৰ পৰা বেলজিয়ামৰ এণ্টৱাৰ্প (Antwerp)লৈ যাত্ৰা কৰিলোঁ ৷ আহি থাকোতে বাটতে ভাৰতীয় ৰেস্তোৰাঁ এখনত ৰাতিৰ আহাৰ কৰি আমাৰ পূৰ্ব নিৰ্ধাৰিত হোটেল TRYP by Wyndham Antwerp আহি পাওঁতে নিশা প্ৰায় চাৰে ন টা বাজিছিল যদিও তেতিয়াও দূৰ আকাশৰ পৰা সূৰুযে পোহৰ বিলায় আছিল, চহৰখনক ৰাতিৰ এন্ধাৰে সাৱটি ল’বলৈ তেতিয়াও বহু সময় বাকী ৷
(আগলৈ)
