Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

দুহেজাৰ বছৰীয়া বিশ্ব ইতিহাসে গৰকা মহানগৰ লণ্ডন

Jona Mahanta, November 13, 2023November 22, 2023

(ইউৰোপ ভ্ৰমণৰ ষষ্ঠ খণ্ড)

২৫ জুনত ‘যাত্ৰা ডট কম’ নামৰ ট্ৰেভেল এজেন্সিৰ দ্বাৰা ব্যৱস্থা কৰা ইউৰোপৰ কেইখমান দেশ ভ্ৰমণৰ বাবে আমাৰ নিৰ্ধাৰিত কৰা আছিল ৷ বাবুলৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত কাম থকা বাবে আমি তেওঁলোকক তাতেই এৰিলোঁ ৷ তেওঁলোকে তাৰ পৰাই গুৱাহাটীলে উভতিব ৷ সেইবাবে তেওঁলোকক এডিনবাৰ্গতে এৰি আমি দুয়ো ৰাতিপুৱাই এডিনবাৰ্গৰ পৰা লণ্ডনলৈ উৰা মাৰিলোঁ ৷ এডিনবাৰ্গৰ স্থানীয় সময় মতে আমাৰ বিমানৰ উৰণৰ সময় আছিল দহ বজাত ৷ নিৰ্দিষ্ট সময় চাৰে এঘাৰ বজাত আহি লণ্ডনৰ হিথ্ৰো এয়াৰপোৰ্ট পালোঁ ৷ আমি দুজন অকলে প্ৰথম বিদেশত ৷ মনত সংশয়, আমি যদি এতিয়া আমাৰ গ্ৰুপৰ সদস্যসকলক লগ নাপাওঁ তেন্তে কি হ’ব ! লাগেজ বেল্টৰ পৰা নিজৰ বয়বস্তু লৈ ওলাই আহোঁতেই আমাৰ ইউৰোপ ভ্ৰমণৰ গ্ৰুপ মেনেজাৰ তথা গাইড মিঃ বিপুল কৃত্তিকুমাৰ মুক্তিয়াৰে আহি আমাক নিজৰ পৰিচয় দি সম্ভাষণ জনোৱাতহে সকাহ পালোঁ ৷ ইতিমধ্যে গ্ৰুপৰ আন সদস্যসকল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি এয়াৰপোৰ্টতে আমাৰ বাবে অপেক্ষা কৰি আছিল ৷ আমি আটায়ে নিজ নিজ বয়-বস্তু কঢ়িয়াই আমাৰ বাবে ৰৈ থকা Mercedez Benz ৰ প্ৰকাণ্ড বাছখনত উঠিলোঁ ৷ সেই সময়তে মন কৰিলোঁ গ্ৰুপত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঠমহীয়া কেঁচুৱা, হনিমুনলৈ অহা নৱ-দম্পত্তিৰ পৰা পঁয়সত্তৰ বছৰীয়া বৃদ্ধলৈকে মুঠ ২৯ গৰাকী সদস্য ৷ কোনো এজনকো কেতিয়াও দেখা নাই ৷ মনতে ভাব হ’ল দহ-বাৰ দিন এওঁলোকৰ লগত একেলগে কটাই বা কেনে লাগিব ! কাৰো লগতে কাৰো মাতৃভাষা নিমিলে যদিও দুই এজনৰ বাহিৰে আটায়ে হিন্দী ক’ব পাৰে ৷ যিকি নহওক লণ্ডন এয়াৰপোৰ্টৰ পৰাই আৰম্ভ হ’ল আমাৰ ইউৰোপ ভ্ৰমণৰ সূচী ৷

লণ্ডন আই

বিশ্বৰ অন্যতম মন্ত্ৰমুগ্ধকৰ চহৰ লণ্ডন ৷ আধুনিক স্থাপত্যৰ আশ্চৰ্য, ঐতিহাসিক স্মৃতিসৌধ, উচ্চমানৰ দোকান, প্ৰাচীন থিয়েটাৰ হল, চিত্ৰময় ৰাস্তা, বাকিংহাম পেলেচ, ৱেষ্টমিনষ্টাৰ এবে, চেণ্ট পল কেথেড্ৰলৰ দৰে বিখ্যাত আকৰ্ষণীয় স্থানসমূহৰ চাৰিওফালে ঘূৰি ফুৰোঁতে দৰ্শকে তাৰ সৌন্দৰ্য দেখি অভিভূত হৈ পৰাটো একো আচৰিত কথা নহয় ৷ প্ৰতিটো স্মৃতিসৌধকে কেমেৰাত বন্দী কৰিবলৈ মন যায় ৷ ফলত নিজৰ ম’বাইলৰ ফটো ষ্ট’ৰেজ শেষ হয় ৷ ইমানবোৰ আকৰ্ষণীয় পৰ্যটনস্থলী আৰু কৰিবলগীয়া বিভিন্ন আকৰ্ষণীয় কামৰ বাবে লণ্ডন বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি লোকে ভ্ৰমণ কৰা চহৰসমূহৰ ভিতৰত এখন হোৱাটো স্বাভাৱিক ৷ প্ৰতি বছৰে দুই কোটিতকৈ অধিক পৰ্যটক আহে এই চহৰখনলৈ ৷ ব্ৰিটেইনৰ ব্যস্ত ৰাজধানীখনত বিভিন্ন পৰ্যটক যেনে খাদ্যপ্ৰেমী, দুঃসাহসিক যাত্ৰী, ইতিহাসবিদ, ল’ৰা-ছোৱালীকে ধৰি সকলোৰে বাবে কিবা নহয় কিবা এটা আছে, ইয়াৰ ফলত প্ৰথমে কি কৰিব লাগে সেইটো নিৰ্বাচন কৰাটোহে কঠিন হৈ পৰে ৷ গাইড বিপুলৰ নেতৃত্বত সেইদিনা আমি ট্ৰেফালগাৰ স্কোৱাৰ, লণ্ডন আই আৰু লণ্ডন টাৱাৰ ব্ৰীজ আদি বিভিন্ন ঠাইলৈ যাওঁ

টেমছ নদীৰ দক্ষিণ পাৰত থকা কেণ্টিলিভাৰ পৰ্যবেক্ষণ চকা লণ্ডন আই বা মিলেনিয়াম হুইল (London Eye, Millennium Wheel) ৷ সাধাৰণ ভাৱে ক’বলৈ হ’লে দেখিবলৈ আনন্দ মেলাৰ চকৰীটোৰ দৰেই ৷ এই গঠনটো ১৩৫ মিটাৰ ওখ আৰু চকাৰ ব্যাস ১২০ মিটাৰ, ২০০০ চনত যেতিয়া ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল তেতিয়া ই আছিল বিশ্বৰ আটাইতকৈ ওখ ফেৰিছ হুইল (Ferris Wheel) ৷ পাছত অৱশ্যে ষ্টাৰ অৱ নানচাং, ছিংগাপুৰ হুইল (যিটোত মই ২০১১ চনত ছিংগাপুৰলৈ যাওঁতে উঠিছিলোঁ), হাইৰোলাৰ আদিয়ে ইয়াৰ উচ্চতা অতিক্ৰম কৰিছে ৷ হুইলটোত যাত্ৰী কঢ়িয়াই নিবলৈ শীত-তাপ নিয়ন্ত্ৰিত ৩২ টা ডিম্বাকৃতি কেপছুল আছে য’ত প্ৰতিটোতে ২৫ জনকৈ লোক উঠিব পাৰে ৷ এই কেপছুলবোৰত ১৩ নম্বৰ বাদ দি ১ পৰা ৩৩ লৈ নম্বৰ দিয়া আছে ৷ এই হুইলটো এপাক ঘূৰিবলৈ ৩০ মিনিট লাগে ৷ হুইলৰ পৰা লণ্ডনৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে সুন্দৰ সুন্দৰ ফটো তোলাৰ সুবিধা পোৱা যায় ৷ অতি লেহেমীয়া গতিত হুইলটো ঘূৰি থকাৰ সময়ত পেলেচ অৱ ৱেষ্টমিনষ্টাৰ, বিগ বেন, দুয়োফালে পাৰ বন্ধা টেমছ নদীৰ ওপৰৰ ব্ৰীজসমুহৰ মনোমুগ্ধকৰ দৃশ্যই আপ্লুত কৰিলে ৷

লণ্ডন আইৰ ওপৰৰ পৰা লণ্ডনৰ পাহৰিব নোৱাৰা দৃশ্য মনৰ মাজত আঁকি মধ্য লণ্ডনৰ ৱেষ্টমিনষ্টাৰ অঞ্চলৰ বিখ্যাত ৰাজহুৱা চৌহদ ট্ৰেফালগাৰ স্কোৱাৰলৈ যাওঁ ৷ এই স্কোৱাৰটো ঊনবিংশ শতিকাৰ আৰম্ভণিতে পূৰ্বতে চেৰিং ক্ৰছ নামেৰে জনাজাত অঞ্চলটোৰ আশে-পাশে স্থাপন কৰা হৈছিল ৷ সম্ভৱতঃ লণ্ডনৰ সকলোবিলাক স্কোৱাৰৰ ভিতৰত এই স্কোৱাৰটো বিখ্যাত হোৱাৰ মূল কাৰণ ইয়াত প্ৰতিষ্ঠা কৰা এডমিৰেল হ’ৰেচিও নেলচন (Horatio Nelson)ৰ মূৰ্তি থকা এটা ওখ স্তম্ভ ৷ এই স্তম্ভটো ১৮০৫ চনৰ ২১ অক্টোবৰত কেপ ট্ৰেফালগাৰ উপকূলৰ ওচৰত ফ্ৰান্স আৰু স্পেইনৰ বিৰুদ্ধে যুদ্ধত ব্ৰিটিছ নৌসেনাৰ বিজয়ৰ স্মৃতিত নিৰ্মিত ৷ এই যুদ্ধখন ট্ৰেফালগাৰৰ যুদ্ধ নামে জনাজাত ৷ এই স্মৃতিসৌধটো ১৪৫ ফুট উচ্চতাৰ এটা স্তম্ভৰ ওপৰত ১৭ ফুট ওখ নেলচনৰ মূৰ্তি ৷ তলৰ ভেটিৰ চাৰিটা চুকত চাৰিটা ব্ৰঞ্জৰ সিংহ ৷ ট্ৰেফালগাৰ স্কোৱাৰৰ চাৰিওফালে থকা ঠাইখন দ্বাদশ শতিকাৰ পৰাই এক উল্লেখযোগ্য লেণ্ডমাৰ্ক হৈ পৰিছিল ৷ যুগ যুগ ধৰি চাৰিং ক্ৰছৰ পৰা জুখি উলিওৱা দূৰত্বই স্থান চিহ্নক হিচাপে কাম কৰি আহিছে ৷ বৰ্তমানৰ চৌহদটোৰ স্থানত পূৰ্বতে আছিল বিশৃংখলভাৱে ডিজাইন কৰা, আবদ্ধ চোতাল ৷ ১৮৮৭ চনৰ ব্লাডি চানডে (Bloody Sunday), যুদ্ধ বিৰোধী প্ৰতিবাদ, জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে অভিযান আদিৰ বাবে এই চৌহদটো ব্যৱহাৰ কৰা হৈছিল ৷ বৃহৎ আকাৰৰ চৌহদটোৰ চৌদিশ নেশ্বনেল গেলেৰি, গীৰ্জা, দক্ষিণ আফ্ৰিকা হাউচ, কানাডা হাউচ, মল আদিয়ে আৱৰি আছে ৷
ট্ৰেফালগাৰ স্কোৱাৰৰ পৰা প্ৰায়ে টিভি, চিনেমা আদিত দেখা বিখ্যাত লণ্ডন ব্ৰীজলৈ যাওঁ ৷ আচলতে লণ্ডনৰ টেমছ নদীৰ ওপৰত লণ্ডন চহৰ আৰু চাউথৱাৰ্কৰ মাজত কেইবাখনো ব্ৰীজ বিস্তৃত হৈ আছে ৷ প্ৰতিখনকে যদিও লণ্ডন ব্ৰীজ বুলি কোৱা হয়, প্ৰত্যেক খনকে বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে ৷
প্ৰথমখন শিলৰ লণ্ডন ব্ৰীজৰ ইতিহাস অতি বিস্ময়কৰ ৷ শিলৰ ব্ৰীজ সজাৰ পূৰ্বেও কাঠৰ ব্ৰীজ নিৰ্মাণ কৰা হৈছিল ৷ ইয়াৰে প্ৰথমখন নিৰ্মাণ কৰিছিল লণ্ডনৰ ৰোমান প্ৰতিষ্ঠাপকসকলে ৷ ১১৭৬ চনত পিটাৰ ক’লচাৰ্চৰ নিৰ্দেশনাত প্ৰথমখন শিলৰ ব্ৰীজ নিৰ্মাণ কৰা হৈছিল ৷ ১২০৯ চনত সম্পূৰ্ণ হোৱা এই নতুন লণ্ডন ব্ৰীজখন নিৰ্মাণ কৰিবলৈ ৩৩ বছৰ সময় লাগিছিল আৰু ই ৬০০ বছৰতকৈও অধিক কাল ধৰি চলাচলৰ বাবে ব্যৱহৃত হৈ আছিল ৷ সুনিৰ্মিত শিলৰ ব্ৰীজখনত মানুহে ঘৰ-দুৱাৰ আৰু ব্যৱসায়ীসকলে দোকান-পোহাৰ নিৰ্মাণ কৰাত অতি সোনকালেই ই সম্পূৰ্ণৰূপে অট্টালিকাৰে আবৃত হৈ পৰিছিল ৷ মানুহৰ ভিৰ আবদ্ধ হৈ পৰাত ১২১২ চনত দুটা অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ এই দুৰ্ঘটনাৰ ফলত বহুতো লোক মৃত্যুমুখতো পৰিছিল ৷ ব্ৰীজৰ ওপৰত এটা ষ্টোন গেট হাউচ আছিল আৰু তাৰ চালত বিশ্বাসঘাতকৰ মূৰ কাটি থোৱা খুঁটা থিয় হৈ আছিল ৷ এই প্ৰথাৰ আৰম্ভণি হৈছিল ১৩০৪ চনত ৷ এই ব্ৰীজ নিৰ্মাণত এটাও গজাল ব্যৱহাৰ কৰা হোৱা নাছিল ৷ ১৬২৩ চনত পুনৰ ব্ৰীজখনত জুই লাগে ৷ এগৰাকী দাসীয়ে কাঠৰ চিৰিৰ তলত ছাইৰ বাটি এটা এৰি থৈ যোৱাৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি কোৱা হয় ৷ ইয়াৰ ফলত বহুতো ঘৰ আৰু দোকানো ক্ষতিগ্ৰস্ত হয় ৷ পাছত ব্ৰীজৰ ওপৰত নিৰ্মাণ কৰা সকলো ঘৰ ভাঙি পেলোৱা হৈছিল ৷ ব্ৰীজখন বহল কৰি আংশিকভাৱে বহল আৰু কেন্দ্ৰীয় তোৰণেৰে পুনৰ নিৰ্মাণ কৰে ৷ ১৮৩১ চনলৈকে বছৰ বছৰ ধৰি এই ব্ৰীজখন এনেকৈয়ে থিয় হৈ আছিল ৷ ১৮২৫ চনত নতুন ব্ৰীজ নিৰ্মাণৰ উদ্দেশ্যেৰে আধাৰশিলা স্থাপন কৰা হয় ৷ ছয় বছৰৰ পাছত চতুৰ্থ উইলিয়াম আৰু কুইন এডিলেইডে নতুন লণ্ডন ব্ৰীজ মুকলি কৰাত পুৰণি ব্ৰীজখন ভাঙি পেলায় ৷ নতুন লণ্ডন ব্ৰীজখন গ্ৰেনাইটেৰে নিৰ্মিত ৷ লণ্ডনত ৰেলসেৱা আৰম্ভ হোৱাৰে পৰা ই যাতায়তৰ মুখ্য আধাৰ হৈ পৰিছিল ৷ ব্ৰীজখনৰ ঠিক দক্ষিণে ‘লণ্ডন ব্ৰীজ ষ্টেচন’ মুকলি কৰা হৈছিল ৷ ১৯৬২ চনত গম পোৱা গ’ল যে সময়ৰ লগে লগে যাতায়ত বৃদ্ধি হোৱা বাবে ব্ৰীজখনৰ পৰিবহণ ক্ষমতা পৰ্যাপ্ত নহয় আৰু লাহে লাহে ই টেমছ নদীত ডুব গৈ আছে ৷ সেয়ে লণ্ডন চহৰৰ কতৃৰ্পক্ষই ১৩০ বছৰ পুৰণি ব্ৰীজখন নিলামৰ বাবে ৰখাৰ সিদ্ধান্ত লয় আৰু তাৰ ঠাইত নতুন ব্ৰীজ নিৰ্মাণৰ পৰিকল্পনা কৰে ৷ পুৰণি ব্ৰীজখনৰ ওচৰতে নিৰ্মাণ কৰা হৈছিল নতুন ব্ৰীজখন ৷ বৰ্তমানৰ ব্ৰীজখন পুল অৱ লণ্ডনৰ পশ্চিম মূৰত পূৰ্বৰ খনৰ পৰা ৩০ মিটাৰ আঁতৰত থিয় হৈ আছে ৷ ১৯৭৩ চনত যাতায়তৰ বাবে মুকলি হোৱা বৰ্তমানৰ ক্ৰছিংটো কংক্ৰিট আৰু তীখাৰে নিৰ্মিত বক্স গাৰ্ডাৰ ব্ৰীজ ৷ লণ্ডন ব্ৰীজক শিল্প, সাহিত্য, আৰু গীতত কেইবাটাও ৰূপত চিত্ৰিত কৰা হৈছে৷ ব্ৰীজখন কেইবাটাও ঐতিহাসিক পতনৰ সৈতে জড়িত হৈ আছে ৷ সমগ্ৰ বিশ্বত হয়তো এনে এজন লোক নাই যিয়ে ‘লণ্ডন ব্ৰীজ ইজ ফলিং ডাউন ফলিং ডাউন’ নাৰ্চাৰী কবিতাটো শুনা নাই ৷ লণ্ডন ব্ৰীজ বহুবাৰ এনেদৰে হোৱা ভঙা-পতা হোৱাৰ ফলতেই এই বিশ্ব বিখ্যাত কবিতাটোৰ সৃষ্টি৷ প্ৰথম শিলেৰে নিৰ্মাণ কৰা লণ্ডন ব্ৰীজখন বিশ্বৰ আটাইতকৈ প্ৰাচীন সম্পদ হিচাপে পৰিচিত ৷ ব্ৰীজখন ভাঙি পেলোৱাৰ পাছত কালিফৰ্ণিয়াৰ ‘লং বিচ’ বন্দৰলৈ জলপথেৰে কঢ়িয়াই নিয়া হয় ৷ তাৰ পাছত স্থলপথেৰে লেক হাৱাছু (Lake Havasu) লৈ নি নতুনকৈ ব্ৰীজখন নিৰ্মাণ কৰা হয় ৷ ব্ৰীজখন কঢ়িয়াবলৈ তিনি বছৰ সময় লাগিছিল ৷ লেক হাৱাছুত ১৯৭১ চনৰ অক্টোবৰ মাহত এই ব্ৰীজখন মুকলি হোৱাৰ লগে লগে লেক হাৱাছু চহৰখন বিশ্বৰ বিখ্যাত আকৰ্ষণৰ স্থান হিচাপে পৰিচিত হয় ৷ লেক হাৱাছুত নিৰ্মাণ কৰা লণ্ডন ব্ৰীজে বছৰি লাখ লাখ দৰ্শকক লেক হাৱাছু চহৰলৈ আকৰ্ষণ কৰি আহিছে ৷
আমি বিভিন্ন আলোচনী, কিতাপ বা চিনেমা আদিত দেখা দুটা টাৱাৰৰ সৈতে লণ্ডনৰ টেমছ নদীৰ ওপৰত দেখা ব্ৰীজখন ‘টাৱাৰ ব্ৰীজ নামে পৰিচিত৷ ‘লণ্ডন টাৱাৰ ব্ৰীজ’ লণ্ডনৰ উল্লেখযোগ্য লেণ্ডমাৰ্ক ৷ এই টাৱাৰ ব্ৰীজ বিখ্যাত হোৱাৰ মূলতে হৈছে ইয়াৰ নব্য-গথিক (Neo-Gothic) স্থাপত্য আৰু কেন্দ্ৰত থকা অংশ উত্তোলন কৰিব পৰা ব্যৱস্থাৰ বাবে ৷ কেন্দ্ৰৰ উত্তোলন কৰিব পৰা অংশক ‘বাস্কিউল’ (Bascule) বুলি কোৱা হয় ৷ নিৰ্মাণৰ সময়ত ই আছিল পৃথিৱীৰ আটাইতকৈ অত্যাধুনিক বাস্কিউল ব্ৰীজ ৷ ১৮৮৬-১৮৯৪ চনৰ ভিতৰত নিৰ্মাণ কৰা এই ব্ৰীজখন লণ্ডন টাৱাৰৰ ওচৰতে নিৰ্মাণ কৰা আন পাঁচখন ব্ৰীজৰ ভিতৰত অন্যতম আৰু পৰিব্ৰাজকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ এইখনে ঊনৈশ শতিকাত বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল ৷ ৮০০ ফুট দীঘল দলংখনৰ ২১৩ ফুট উচ্চতাৰ দুটা টাৱাৰ আছে আৰু ওপৰৰ স্তৰত টাৱাৰ দুটা অনুভূমিক পদ পথেৰে সংযুক্ত কৰা হৈছে ৷ কেন্দ্ৰৰ বাস্কিউল দুটা মুকলি কৰি তাৰ তলেৰে জাহাজ চলাচল কৰাৰ ব্যৱস্থা আছে ৷ অৱশ্যে বৰ্তমান জাহাজ চলাচলৰ বাবে এই বাস্কিউল মুকলি কৰাৰ ২৪ ঘণ্টা আগতে জাননী দিয়া হয় ৷
লণ্ডন ব্ৰীজৰ পৰা আহি আমি হিথ্ৰো এয়াৰপোৰ্টৰ কাষতে পূৰ্ব নিৰ্ধাৰিত ‘পাৰ্ক ইন ৰেডিচন’ হোটেলত নিশাটো কটালোঁ ৷ ৰাতিপুৱা হোটেলতে ব্ৰেকফাষ্ট কৰি নিজৰ বয়-বস্তু সামৰি হোটেলৰ পৰা ওলালোঁ ৷
সেইদিনা অৰ্থাৎ ২৬ জুনত প্ৰথমতে ব্ৰিটেইনৰ অন্যতম কনচাৰ্ট হল, প্ৰিন্স এলবাৰ্টৰ স্মৃতিসৌধ হিচাপে পৰিচিত “ৰয়েল এলবাৰ্ট হল”লৈ যাওঁ ৷ ১৮৭১ চনত ৰাণী ভিক্টোৰিয়াই আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা এই হলটো যুক্তৰাষ্ট্ৰৰ আটাইতকৈ মূল্যবান বিল্ডিঙসমূহৰ ভিতৰত এটা ৷ ১৫২ বছৰীয়া ইতিহাসত এই হলটোত বিশ্বৰ আগশাৰীৰ শিল্পীসকলৰ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ৷ মূল প্ৰেক্ষাগৃহত প্ৰতি বছৰে ৩৯০টাতকৈও অধিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰথমতে এই হলটোৰ নাম “ চেণ্ট্ৰল হল অৱ আৰ্টছ এণ্ড চাইন্স” বুলি কোৱা হৈছিল যদিও আধাৰশিলা স্থাপন কৰাৰ সময়ত ৰাণী ভিক্টোৰিয়াই নামটো সলনি কৰি তেওঁৰ স্বামী প্ৰিন্স এলবাৰ্টৰ স্মৃতিত “ ৰয়েল এলবাৰ্ট হল অৱ আৰ্টছ এণ্ড চাইন্স” কৰে ৷ আমি অৱশ্যে এলবাৰ্ট হল বাহিৰৰ পৰাই চালোঁ ৷ গাইড বিপুলে কোৱা অনুসৰি এই হলত পাঁচ হাজাৰৰো বেছি দৰ্শকে একেলগে অনুষ্ঠান উপভোগ কৰিব পাৰে ৷ ১৯০৬ চনত এটা সংগীতানুষ্ঠানৰ বাবে ন হাজাৰ দৰ্শকেৰে অভিলেখ গঢ়িছিল ৷

ৰয়েল এলবাৰ্ট হল


ৰয়েল এলবাৰ্ট হলৰ পৰা আমি পিকাডিলি চাৰ্কাছলৈ যাওঁ ৷ পিকাডিলি চাৰ্কাছ বুলি কোৱা হয় যদিও ই কোনো চাৰ্কাছৰ স্থান নহয় ৷ ই হৈছে ৱেষ্টমিনষ্টাৰ চহৰৰ শেষৰ ফালে এটা চাৰ্কল অৰ্থাৎ এটা পথ সংযোগী¸ ৰাজহুৱা স্থান ৷ চাৰ্কাছ এই শব্দটো লেটিন শব্দৰ পৰা লোৱা হৈছে যাৰ অৰ্থ ‘বৃত্ত’৷ অৰ্থাৎ ৰাস্তাৰ সংযোগ স্থলত থকা এডোখৰ ঘূৰণীয়া মুকলি ঠাই ৷ ইয়াৰ চাৰিওফালে লণ্ডন পেভিলিয়ন, ক্ৰাইটেৰিয়ান থিয়েটাৰকে ধৰি কেইবাটাও উল্লেখযোগ্য অট্টালিকা আছে ৷ তাৰোপৰি পিকাডিলি চাৰ্কাছৰ এটা ফালে ‘শ্বাফটেচবেৰী মেম’ৰিয়েল ফাউেণ্টইন’ (Shaftesbury Memorial Fountain) নামৰ ফোঁৱাৰা এটাও আছে ৷ ৱেষ্টমিনষ্টাৰৰ শেষত প্ৰধান বজাৰ আৰু মনোৰঞ্জন ক্ষেত্ৰসমূহৰ ওচৰত বাবে পিকাডিলি চাৰ্কছ অতি ব্যস্ত জাংচন ৷ যিয়ে ইয়াক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছে ৷

বাকিংহাম পেলেচ


পিকাডিলি চাৰ্কাছৰ পৰা আমি বাকিংহাম পেলেচলৈ আহোঁ ৷ বাবুল আৰু অনিতাৰ লগত আমি আগতে ইয়ালৈ আহিছিলোঁ যদিও সময়ত আহি নোপোৱা বাবে বাকিংহাম পেলেচৰ গাৰ্ড সলনি কৰা দৃশ্য চোৱাৰ সৌভাগ্য হোৱা নাছিল ৷ এই অনুষ্ঠানত গাৰ্ডৰ এটা দলে আন এটা গাৰ্ডৰ দলক বাকিংহাম পেলেচ অৰু চেণ্ট জেমছ পেলেচৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰে ৷ বিশেষ ধৰণৰ নোমাল ক’লা টুপী আৰু টিউনিক (Tunic) পিন্ধি চেণ্ট জেমছ পেলেচৰ পৰা বেণ্ডৰ ধবনিৰ তালে তালে ড্ৰিল কৰি অহা পুৰণি গাৰ্ডৰ দল এটাই ৱেলিংটন বেৰেকৰ পৰা অহা নতুন গাৰ্ডৰ লক বাকিংহাম পেলেচৰ সন্মূখত পেৰেডৰ শেষত এই গধুৰ দায়িত্ব অৰ্পণ কৰে৷ সাধাৰণতে এই অনুষ্ঠান এঘাৰ বজাত প্ৰায় ৪৫ মিনিটৰ বাবে অনুষ্ঠিত হয় ৷ বিশেষ সাজ-পোছাক আৰু সামৰিক কায়দাত ড্ৰাম, পাইপাৰৰ ধবনিৰ লগে লগে ড্ৰিল কৰি অহা এই অনুষ্ঠানৰ সময়ত বাকিংহাম পেলেচৰ বাকৰিত এক উৎসৱমুখৰ পৰিৱেশ হৈ পৰে ৷

এই অনুষ্ঠান পৰ্যটকৰ এটি অতি জনপ্ৰিয় আৰু আকৰ্ষণীয় অনুষ্ঠান ৷ অনুষ্ঠান চলি থকা সময়তে ৰাণী পেলেচত থকা-নথকা কেনেদৰে গম পোৱা যায় এই বিষয়ে জানিবলৈ কৌতূহল হোৱাত বিপুলক সুধি জানিব পাৰিলোঁ – ৰাণী প্ৰাসাদত থকা সময়ত প্ৰাসাদৰ ওপৰত পতাকা উৰি থাকে আৰু ৰাণী নথকা সময়ত পতাকাখন নমাই থোৱা হয় ৷ আমি যোৱা সময়ত ৰাণী স্কটলেণ্ডত আছিল বাবে পতাকাখন নমাই থোৱা আছিল ৷ বিশেষ ৰাজ্যিক অনুষ্ঠানত ৰাণী বা পৰিয়ালৰ লোকে বেলকনিলৈ ওলাই আহি ৰাইজক দেখা দিয়ে ৷ বাকিংহাম পেলেচৰ দাঁতি কাষৰীয়া ৱেষ্টমিনষ্টাৰ এবে, পাৰ্লিয়ামেণ্ট হাউছ, বিগবেন আদি বাবুলহঁতৰ লগত আগতে চাইছিলোঁ যদিও আকৌ গ্ৰুপৰ লগত চাই মেডাম টুছাডৰ মমৰ মিউজিয়ামলৈ যাওঁ ৷ মেডাম টুছাডৰ মমৰ মিউজিয়ামৰ বিষয়ে আগতেই সকলো বৰ্ণনা কৰিছোঁ ৷
নিৰ্ধাৰিত সূচী অনুসৰি সেইদিনা ৰাতি লণ্ডনৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ আঁতৰত অৱস্থিত হাৰুইচ পোৰ্ট (Harwich Port) ৰ পৰা জাহাজেৰে Hook of Holland লৈ আমাৰ যাত্ৰা ৷ সেয়ে মিউজিয়াম চাই দুপৰীয়াৰ আহাৰৰ পাছত আমি হাৰুইচ পোৰ্টলৈ ৰাওনা হ’লোঁ ৷ আমাৰ ভ্ৰমণৰ সদস্যখিনিয়ে আগদিনাৰ পৰা একেলগে ফুৰি আছোঁ যদিও আমি চিনাকি হ’বলৈ সময়ে পোৱা নাই ৷ বাছেৰে পোৰ্টলৈ গৈ থাকোতেই আমি আটায়ে নিজ নিজ পৰিচয় দি এজনে আনজনৰ লগত চিনাকি হ’লোঁ ৷

হাৰুইচ পোৰ্ট


হাৰুইচ পৰা হলেণ্ডলৈ ষ্টেনা লাইন (Stena Line) নামৰ বিলাসী জাহাজেৰে প্ৰায় সাত ঘণ্টা উত্তৰ সাগৰেৰে আমাৰ যাত্ৰা ৷ ষ্টেনা লাইন হৈছে চুইডেনৰ বিখ্যাত জাহাজ কোম্পানী যিয়ে¸ বিশ্বৰ অন্যতম বৃহৎ ফেৰী সেৱা পৰিচালনা কৰে ৷ ই সমগ্ৰ উত্তৰ ইউৰোপৰ মূল বন্দৰসমূহলৈ সেৱা আগবঢ়ায় ৷ অত্যাধুনিকসকলো সা-সুবিধাৰ লগতে জাহাজত চিনেমা, ডিউটি ফ্ৰি দোকান আদিৰ উপৰিও বিভিন্ন মনোৰঞ্জনৰ আহিলাৰে ভৰপূৰ ৷ অৱশ্যে আমাৰ বিশেষ উপভোগ কৰা নহ’ল ৷ আচলতে আমি ভাগৰি পৰিছিলোঁ ৷ জাহাজৰ লাউঞ্জৰ পৰা কিছু সময় সাগৰৰ মনোমোহা দৃশ্য চাই নিশাৰ আহাৰ কৰি নিজৰ কেবিনলৈ গৈ বাগৰ দিলোঁ ৷ ১২ মহলীয়া এই জাহাজ এখন বিলাসী হোটেলতকৈ কম নহয় ৷ প্ৰতিটো কেবিনৰ লগতে উন্নত মানৰ বাথৰূম পৰা আধুনিক সকলো সুবিধা উপলব্ধ ৷ জাহাজৰ তলৰ কেইটামান মহলাত গাড়ী কঢ়িয়াই নিয়ে ৷ বয়-বস্তু সহ আমাৰ প্ৰকাণ্ড বাছখনো জাহাজতে উঠালে ৷ আগদিনাই বিপুলে আমাক ৰাতিটোৰ বাবে প্ৰয়োজনীয় লাগতীয়াল বস্তু বেলেগকৈ ল’বলৈ কৈছিল ৷ আমিও আটাইয়ে তেনেদৰেই সাজু হৈ আহিছিলোঁ ৷ ৰাতিপুৱা অৰ্থাৎ ২৭ জুনত আমাৰ জাহাজ হলেণ্ডৰ বন্দৰ পায় ৷ দিনৰ দুই বজাৰ আগতে হোটেলত প্ৰৱেশৰ অনুমতি নাথাকে সেয়ে আমি জাহাজতে দিনটোৰ বাবে সাজু হৈয়ে লৈছিলোঁ ৷ জাহাজতে ব্ৰেকফাষ্ট কৰি বাছেৰে আমষ্টাৰ্ডাম অভিমূখে ৰাওনা হ’লোঁ ৷

(আগলৈ)

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes