Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

ৰবিন হুদৰ চহৰ নটিংহাম

Jona Mahanta, November 5, 2023November 7, 2023

(ইউৰোপ ভ্ৰমণৰ ৪ ৰ্থ খণ্ড)

Jubilee campus Notingham University
নিৰ্দ্ধাৰিত ভ্ৰমণসূচী অনুসৰি পিছদিনা ১৮ জুনত মিল্টন কেইনছৰ পৰা নটিংহামলৈ যোৱাৰ বাবে ঠিক কৰাই আছিল ৷ মিল্টন কেইনছৰ পৰা নটিংহামলৈ দূৰত্ব প্ৰায় ১২০ কিলোমিটাৰ ৷ আমি মিল্টন কেইনছতে ৰান্ধি-বাঢ়ি খাই বাছেৰে আহি নটিংহাম পাওঁতে আবেলি হ’ল ৷ নটিংহামতো থকাৰ বাবে আগতেই বি এণ্ড বি ঠিক কৰা আছিল ৷ ইয়াৰ বি এণ্ড বি মিল্টন কেইনছৰ দৰে নহয় ৷ মূল ঘৰৰ তলৰ মহলাত পত্নী আৰু ২-৩ বছৰীয়া একমাত্ৰ কন্যাৰ সৈতে ঘৰৰ মালিক থাকে ৷ তেওঁ পাকিস্থানৰ, জীৱিকাৰ সন্ধানত নটিংহামলৈ আহি এখন স্কুলত শিক্ষকতা কৰিবলৈ লয় আৰু তাৰেই স্থায়ী বাসিন্দা হৈ পৰিল ৷ ওপৰ মহলাত ছোৱালীৰ হোষ্টেল ৷ বি এণ্ড বি বাবে দিয়া ঘৰটো দুটা শোৱনি কোঠা আৰু ড্ৰইং ৰূমেৰে সম্পূৰ্ণ আছুতীয়া যদিও লগত পাকঘৰ নাই ৷ নিজে কিবা ৰান্ধি খাম বুলি ভাবিলে মালিকৰ পাকঘৰতে ৰান্ধিব লাগে য’ত হোষ্টেলত থকা ছোৱালীবিলাকেও ৰান্ধে ৷ হোষ্টলত থকা ছোৱালীবোৰ স্পেইন, পাকিস্থান আদি বিভিন্ন দেশৰ ৷ আটাইবোৰ বেছ বন্ধুসুলভ, এনে পৰিৱেশতো আমি একো অসুবিধা অনুভৱ কৰা নাছিলোঁ৷ ঘৰৰ গৰাকী পাকিস্থানৰ বাবে তেওঁলোকৰ সংস্কাৰ কিছু আমাৰ লগত মিলে ৷ ৰোজাৰ মাহ চলি থকা বাবে আমাক এদিন তেওঁলোকৰ লগতে ইফতাৰ কৰিবলৈও মাতিলে ৷ কিন্তু মিল্টন কেইনছৰ বি এণ্ড বিৰ গৰাকীৰ লগত আমাৰ দেখা-দেখিয়ে নহ’ল ৷ অহাৰ সময়তো ঘৰৰ চাবি নিৰ্দিষ্ট স্থানত থবলৈ ক’লে ৷ 

লণ্ডনৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ আঁতৰত অৱস্থিত নটিংহাম মধ্য-ইংলেণ্ডৰ মিডলেণ্ডছৰ এখন চহকী সংস্কৃতি আৰু ইতিহাসেৰে সজীৱ চহৰ ৷ ৰবিন হুডৰ কিংবদন্তি আৰু ঘৰ হিচাপে পৰিচিত নটিংহাম মধ্যযুগীয় যুগৰ পৰা পাহাৰৰ শিখৰত বহুবাৰ নিৰ্মাণ কৰা নটিংহাম কেছ্‌ল আৰু আৰ্ট গেলেৰীৰ বাবে পৰিচিত নটিংহাম দুখন বিখ্যাত বিশ্ববিধ্যালয়, দুটা পেছাদাৰী ফুটবল ক্লাব, দেশৰ অন্যতম বিখ্যাত ক্ৰিকেট খেলপথাৰ আৰু উল্লেখনীয় নৈশ জীৱনৰ বাবেও বিখ্যাত ৷ প্ৰায় এহেজাৰ বছৰ ইতিহাসেৰে সমৃদ্ধ নটিংহাম দুৰ্গ পৰ্যটকৰ অতি আকৰ্ষণীয যদিও আমাৰ এই দুৰ্গলৈ যোৱা নহ’ল । আচলতে ভ্ৰমণৰ সীমিত সময়ৰ ভিতৰত সকলো সামৰি লোৱা সম্ভৱ নহয় ।
নটিংহাম চহৰখনক ছাত্ৰ-ছাত্ৰীৰ চহৰ বুলি ক’লেও ভুল কৰা নহ’ব ৷ ইংলেণ্ডৰ আন চহৰসমূহৰ তুলনাত নটিংহামত কম বয়সীয়া লোকৰ সংখ্যা বেছি ৷ প্ৰকৃততে ইয়াৰ বৈচিত্ৰময় সংস্কৃতি, নিৰাপদ, ইংলেণ্ডৰ আন চহৰতকৈ তুলনামূলক ভাৱে কম ব্যয় আৰু নৈশজীৱনে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰে ৷ চহৰখনে ষাঠী হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰে শিক্ষাৰ্থীৰ অন্যতম আকৰ্ষণীয় গন্তব্য স্থান হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ নটিংহামত জীৱন-যাপনৰ ব্যয় লণ্ডনৰ তুলনাত প্ৰায় ১৮ শতাংশ কম ৷ গতিকে ইয়াত থাকিবলৈ বিশেষ ব্যয়বহুল বা বিশেষ সস্তাও নহয় ৷
১৯ জুনত বাবুলৰ “নটিংহাম বিশ্ববিদ্যালয়”ত কাম থকা বাবে তেওঁৰ লগতে আমিও বিশ্ববিদ্যালয়খন. চোৱাৰ সুযোগটো এৰি নিদিলোঁ ৷ ইংলেণ্ডৰ শীৰ্ষ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এখন নটিংহাম বিশ্ববিদ্যালয়ৰ মূল চৌহদ জুবিলী কেম্পাছ (Jubilee Camps), কুইনছ মেডিকেল চেণ্টাৰ আৰু বিশাল উদ্যান নটিংহাম চহৰৰ ভিতৰতে ৷ ইয়াৰ উপৰিও নটিংহামশ্বাইৰ আৰু ডাৰ্বিশ্বাইৰতো কিছুমান বিভাগ আছে ৷ আমি মূল চৌহদলৈ গৈছিলোঁ ৷ বিভিন্ন দেশ-বিদেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা বিশ্ববিদ্যালয়খনৰ পৰিৱেশ অতি শান্ত ৷ সতেজ সেউজীয়া উদ্যান, চৌদিশে গছ-গছনি আৰু হ্ৰদৰ সৈতে কেম্পাছ অতি সুন্দৰ ৷ বিভিন্ন চৰাই আৰু জীৱ-জন্তু, হ্ৰদৰ পানীত বিভিন্ন চৰাই সাঁতুৰি থকা সুন্দৰ পৰিৱেশ দেখি এনে অনুভৱ হ’ল যেন অত্যাধুনিক জীৱন যাপন কৰি প্ৰকৃতিৰ মাজত বসবাস ৷ সকলো আধুনিক সা-সুবিধাৰে পুৰণি আৰু নতুন স্থাপত্য শৈলীৰে নিৰ্মাণ কৰা অট্টালিকাসমূহ অতি চকুত লগা ৷ বিশ্ববিদ্যালয়খনৰ ক্ৰীড়া সফলতাৰো গৌৰৱময় ইতিহাস আছে ৷ বিশাল চৌহদৰ কিছু অংশ ঘূৰি চাই থাকোতে বাবুলৰ কাম শেষ হ’ল ৷ গোটেই ভ্ৰমণ কালছোৱাত মন কৰিছিলোঁ ইংলেণ্ডৰ শিক্ষাৰ কেন্দ্ৰসমূহৰ পৰিৱেশ অতি সুন্দৰ, গহীন আৰু সজীৱ হোৱাৰ উপৰিও অতি ভাল লগা ৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট যদিও বিশাল চৌহদৰ বাবে হুলস্থুলীয়া পৰিৱেশ নাই ৷

Djanogly Library Nottingham University (Jubilee Campus)


বিশ্ববিদ্যালয়ৰ পৰা নটিংহাম চহৰৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত পুৰণি বজাৰ চৌহদ (Old Market Square)লৈ আহিলোঁ ৷ পুৰণি বজাৰ চৌহদলৈ আহি থাকোতে বাটতে নটিংহামৰ বিখ্যাত ক্ৰিকেট খেল পথাৰখনৰ চৌহদ বাহিৰৰ পৰাই এপাক মাৰিলোঁ ৷ সেইসময়ত খেল চলি থকা বাবে ভিতৰত সোমাব নোৱাৰিলোঁ ৷
নটিংহামৰ পুৰণি বজাৰ চৌহদ হৈছে ইংলেণ্ডৰ অন্যতম ৰাজহুৱা চৌহদ ৷ প্ৰায় ৮০০ বছৰৰ ইতিহাসেৰে বজাৰৰ স্থান হিচাপেও পৰিচিত ৷ বহু বছৰ ধৰি এই চৌহদ নটিংহামৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ আহিছে ৷ লণ্ডনৰ ট্ৰেফলগাৰ স্কোৱাৰৰ পিছতেই ইংলেণ্ডৰ দ্বিতীয় বৃহত্তম স্কোৱাৰ ৷ নটিংহাম চহৰৰ মাজমজিয়াত অৱস্থিত এই চৌহদটো ঐতিহাসিকভাৱে নটিংহামৰ জনসাধাৰণৰ বাবে এখন সভাস্থলী য’ত নাগৰিকৰ প্ৰতিবাদ, ৰাজকীয় ভ্ৰমণ, উদযাপন, ৰাজহুৱা শোক আদিৰ দৰে অনুষ্ঠান হৈছিল ৷ বৰ্তমান ইয়াত বৃহৎ অনুস্থান, কনচাৰ্ট, প্ৰদৰ্শনী, মেলা আদিৰ বাবে ব্যৱহাৰ কৰা হয় ৷ চৌহদৰ পূব মুৰত কাউন্সিল হাউছ অৱস্থিত যিটোৱে নটিংহামৰ টাউন হল হিচাপে কাম কৰে৷ কাউন্সিল হাউছৰ প্ৰৱেশদ্বাৰত দুয়োকাষে দুটা শিলৰ সিংহৰ মূৰ্তি এই স্থান স্থানীয় লোকৰ ‘মিটিং পইণ্ট’ হিচাপে পৰিচিত ৷ বিভিন্ন নামী-দামী বিখ্যাত বেণ্ডৰ দোকানেৰে ভৰা এই স্কোৱাৰত বজাৰৰ কৰাৰ বাবেও উত্তম ৷
পুৰণি বজাৰ চৌহদৰ কাষতে গৌৰৱেৰে থিয় হৈ আছে ব্ৰায়ান ক্লাফৰ মূৰ্তি ৷ ব্ৰায়ান ক্লাফে ১৯৭৫ চনৰ পৰা ১৯৯৩ চনলৈ ১৮ বছৰ ধৰি ‘নটিংহাম ফৰেষ্ট ফুটবল ক্লাব’ পৰিচালনা কৰিছিল আৰু এজন সুদক্ষ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ পৰিচালনাতে ক্লাবটোৱে দুটা ইউৰোপীয় কাপ, এটা ইউৰোপীয় ছুপাৰ কাপ, এটা লীগ চেম্পিয়নশ্বিপ আৰু চাৰিটা লীগ কাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা এই মূৰ্তিৰ লগত ফটো উঠা পৰ্যটকৰ এক আকৰ্ষণীয় কাৰ্যকলাপৰ ভিতৰত এটা যেনেই অনুমান কৰিলোঁ ৷
আবেলি অসমৰ পৰা ১৯৬৭ চনতে নটিংহামলৈ গৈ তাৰেই স্থায়ী বাসিন্দা হৈ পৰা ডাঃ কামিনী আৰান্ধাৰাৰ ঘৰলৈ যাওঁ ৷ এবাৰ তেখেতে পৰিয়ালৰ বিয়াৰ বাবে গুৱাহাটীলৈ আহোতে আমি লগ পাইছিলোঁ ৷ বাবুল মাজে মাজে নটিংহামলৈ গৈ থাকিব লাগে বাবে তেখেতৰ পৰিয়ালৰ লগত ঘনিষ্ঠ সম্পৰ্ক এটাও গঢ় লৈ উঠিছে ৷ তেখেতৰ পত্নী গ্ৰেব্ৰিয়ালৰ শাৰীৰিক অসুস্থতা স্বত্বেও আমাক নিমন্ত্ৰণ কৰি ডাঃ আৰান্ধাৰাই নিজেই ৰন্ধা-বঢ়াৰ পৰা সকলো সজাই-পৰাই আমাক কৰা আতিথ্য দেখি বৰ ভাল লগিল ৷ ইমান বছৰ বিদেশত থাকিও যে অসমীয়া লোকৰ অতিথি পৰায়নতা পাহৰা নাই তাৰবাবে গৌৰৱ অনুভৱ কৰিলোঁ ৷ বিভিন্ন ফুলেৰে জকমকাই থকা বাগিচাৰে আটোম-টোকাৰিকৈ সজাই ৰখা ঘৰটো আশ্ৰম সদৃশ ৷ তেওঁলোকৰ তিনিগৰাকী কন্যা ইতিমধ্যে বিয়া হৈ ইংলেণ্ডৰ আন ঠাইত থাকে যদিও তেওঁলোকৰ কোঠাবোৰ পৰিপাটিকৈ সজাই ৰাখিছে ৷ বিভিন্ন কথা-বতৰাৰ মাজতে তেখেতৰ পৰা জানিব পাৰিলোঁ তাত নিজৰ চৌহদৰ গছ এডাল কাটিবলৈ কতৃপক্ষৰ পৰা অনুমতি ল’ব লাগে তাৰোপৰি এডাল গছ কটাৰ বিপৰীতে তিনিডাল গছ ৰুব লাগে ৷ এডাল গছ কটাও যথেষ্ট ব্যয়বহুল ৷ কথাটো শুনি ভাব হ’ল ইয়াত দেখোন আমি নিজৰ চৌহদৰ গছ কাটিবলৈ কোনো চিন্তাই নকৰোঁ ৷ প্ৰয়োজন নাই বুলি যধে-মধে গছবোৰ কাটি পেলাওঁ ৷ আমাৰ দেশতো এনে নিয়ম কৰা হ’লে চহৰবোৰৰ দৃশ্যপটেই সলনি হোৱাৰ লগতে গৰমৰ পৰা বহু সকাহো পোৱা গ’লহেঁতেন ৷
ডাঃ আৰান্ধাৰাৰ ঘৰৰ ৱালটন পাৰ্ক অঞ্চলত । “The Dark Knight Rises” নামৰ ছবিখনৰ আনুৰাগীৰ বাবে “ Wayne Manor” নামেৰে পৰিচিত ‘এলিজাবেথৰ কাণ্ট্ৰি হাউচ’ ৱালটন পাৰ্কতে অৱস্থিত । ৱাৰ্নাৰ ব্ৰাদাৰ্ছে এই ছবিখনৰ বাবে “ Wayne Manor”ৰ চেট হিচাপে “ৱালটন হল” বা “এলিজাবেথৰ কাণ্ট্ৰি হাউচ” বাচি লৈছিল ৷বাস্তৱ জগতত এই অট্টালিকাটো নটিংহামৰ প্ৰাকৃতিক ইতিহাস আৰু ঔদ্যোগিক সংগ্ৰহালয় ৷ ১৫৫৮ চনত নিৰ্মাণ কৰা অট্টালিকাতো নিজেই দৰ্শনীয় আৰু চাৰিওফালে ধুনীয়া উদ্যান ৷ প্ৰায় ৫০০ একৰ মাটিৰ সেউজীয়া উদ্যানত ৰঙা হৰিণৰ জাক মুক্তভাৱে বিচৰণ কৰি ফুৰে ৷ ৱালটন হলৰ চাৰিওফালৰ পাৰ্কখন জনসাধাৰণৰ বাবে বিনামুলীয়া ৷ আমি বাহিৰৰ পৰাই উভতিলোঁ বহু ভাল লগা মুহূৰ্ত অতিবাহিত কৰি ৷

ঘোঁৰা দৌৰৰ চহৰ ডাৰ্বি

পিছদিনা ২০ জুন, আমি দুয়ো নটিংহামৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ মান নিলগত অৱস্থিত ডাৰ্বিলৈ যাওঁ ৷ ডাৰ্বি চহৰখনৰ বিষয়ে একো নজনাকৈয়ে ওলাই গৈছিলোঁ ৷ ডাৰ্বি, ডাৰ্বিশ্বাইৰৰ ইংৰাজী গ্ৰাম্য, বন্ধুত্বপূৰ্ণ পৰিৱেশৰ এখন সৰু চহৰ ৷ ডাৰ্ৱেণ্ট নদীৰ পাৰত অৱস্থিত ডাৰ্বি যদিও ইংলেণ্ডৰ আন চহৰৰ তুলনাত সৰু প্ৰায় দুহেজাৰ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ চহৰ ৷ উদ্যোগ আৰু ৰেল ঐতিহ্যৰ চহকী ইতিহাসেৰে পূব মিডলেণ্ডছৰ ভিতৰতে ডাৰ্বি সজীৱ আৰু বৈচিত্ৰময় চহৰ ৷ বহুতো দোকান আৰু বাৰৰ বাবেও পৰিচিত ৷
 অনানুষ্ঠানিকভাৱে ইংলেণ্ডৰ প্ৰথম ৰাজহুৱা উদ্যান হিচাপে পৰিচিত ‘আৰ্বৰেটাম পাৰ্ক’ ডাৰ্বি চহৰতে ৷ ধনী তথা দানবীৰ ব্যৱসায়ী জোচেফ ষ্ট্ৰুটে দান কৰা মাটিত ১৮৪০ চনতে এই উদ্যানখন জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল ৷
১৭২১ চনতে ডাৰ্ৱেণ্ট নদীত অৱস্থিত এটা দ্বীপত থমাছ লম্বে নিৰ্মাণ কৰিছিল বিশ্বৰ প্ৰথমটো ৰেচম কাৰখানা ৷ অৰ্থাৎ ডাৰ্বি বিশ্বৰ প্ৰথম কাৰখানাৰ ঘৰ হিচাপেও পৰিচিত ৷ 
ইংলেণ্ডৰ অন্যতম পুৰণি আৰু বৰ্তমানো বৰ্তী থকা চীনা মাটিৰ নিৰ্মাতা কোম্পানী “ৰয়েল ক্ৰাউন ডাৰ্বি” ডাৰ্বিত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে ৷ ই ১৭৫০ চনৰ পৰা উচ্চ মানৰ চীনা মাটিৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে পৰিচিত ৷ উল্লেখনীয় যে ১৯১১ চনত ৰয়েল ক্ৰাউন ডাৰ্বিয়ে বিশ্ববিখ্যাত জাহাজ টাইটানিকৰ বাবে প্ৰথম শ্ৰেণীৰ ডাইনিংৰ বাবে চীনা মাটিৰ কাপ-প্লেটকে আদি কৰি বিভিন্ন সামগ্ৰীৰ যোগান ধৰিছিল ৷ দুৰ্ভাগ্যজনকভাৱে জাহাজখন ডুব যোৱাৰ সময়ত প্ৰায় সকলোবোৰেই ধবংস হৈছিল ৷ 
চহৰ খনৰ কিছু ধাৰণা লৈ আমি ডাৰ্বি মিউজিয়ামলৈ গ’লোঁ ৷ ইংলেণ্ডত এটা কথা মন কৰিবলগীয়া প্ৰায় সকলো মিউজিয়ামৰ প্ৰৱেশ বিনামূলীয়া, অৱশ্যে নিজ ইচ্ছাৰে কোনোবাই অনুদান আগবঢ়াব পাৰে ৷ ডাৰ্বি মিউজিয়াম আৰু আৰ্ট গেলেৰিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসৰ ধাৰণা এটা দিবলৈ চেষ্টা কৰা হৈছে ৷ ইতিহাস প্ৰেমী আৰু শিল্প অনুৰাগীৰ বাবে আকৰ্ষণীয় ডাৰ্বি মিউজিয়াম এণ্ড আৰ্ট গেলেৰিত বহুমুখী সংগ্ৰহত সামৰিক, ইতিহাস, ভূতত্ব, পুৰাতত্ব আদিৰ বিশাল সংগ্ৰহ সামৰি লোৱা হৈছে ৷ প্ৰাচীন জনগোষ্টী আৰু সাম্ৰাজ্যৰ বসতিৰ পৰা লাভ কৰা শিল্পকৰ্মই মিউজিয়াম আৰু আৰ্ট গেলেৰিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে ৷ ডাৰ্বিৰ উল্লেখনীয় শিল্পীৰ বিভিন্ন কৰ্মৰাজি লগতে বহুতো প্ৰখ্যাত চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শিত কৰা হৈছে ৷ ডাৰ্বিত জন্ম গ্ৰহন কৰা চিত্ৰশিল্পী জোচেফ ৰাইট (Joseph Wright)ৰ বহুতো উল্লেখনীয় শিল্পকৰ্মৰ ওপৰিও ব্ৰঞ্জযুগ, ৰোমানযুগৰ বিভিন্ন সামগ্ৰীও প্ৰদৰ্শিত হৈছে ৷ 
বৰ্তমানৰ ডাৰ্বি চহৰৰ আশে-পাশে ৰোমানসকলে নিৰ্মাণ কৰা দুটা দুৰ্গৰ প্ৰথমটো নিৰ্মাণ কৰে প্ৰায় দুহেজাৰ বছৰ পূৰ্বে ৷ অশান্ত প্ৰাৰম্ভিক ইতিহাসৰ সময়ছোৱাত ডাৰ্বিত চেক্সন, ভাইকিং আৰু নৰ্মানসকলেও বসতি স্থাপন কৰিছিল ৷ এওঁলোকে এই অঞ্চলত স্থায়ী প্ৰভাৱ পেলাইছিল ৷ মধ্যযুগত ডাৰ্বিৰ আকাৰ আৰু সমৃদ্ধি বৃদ্ধি হৈ এখন বৃহৎ আৰু গুৰুত্বপূৰ্ণ চহৰত পৰিণত হ’ল ৷ ডাৰ্বিৰ থুল-মুল ধাৰণা এটা লৈ নটিংহামলৈ উভতিলোঁ ৷ পিছদিনা আমাৰ স্কটলেণ্ড অভিমুখে যাত্ৰা ৷

আগলৈ

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes