(ইউৰোপ ভ্ৰমণৰ ২য় খণ্ড)

১৬ জুনৰ ৰাতিপুৱাই ওলালোঁ ইউৰোপ ভ্ৰমণকাৰীৰ অন্যতম হেঁপাহৰ চহৰ লণ্ডনলৈ ৷ মিল্টন কেইনছৰ পৰা লণ্ডনলৈ প্ৰায় ৯০ কিলোমিটাৰ, ৰেলেৰে মাত্ৰ ৩৫ মিনিট সময় লাগে ৷ আমি আহি লণ্ডনৰ ভিক্টোৰিয়া আণ্ডাৰ গ্ৰাউণ্ড ষ্টেচনত নামিলোঁ ৷ এইখিনি মধ্য লণ্ডনৰ ৱেষ্টমিন্ষ্টাৰ (Westminster) অঞ্চল ৷ টেমচ্ নদীৰ পৰা অক্সফোৰ্ড ষ্ট্ৰিট পৰ্যন্ত বিস্তৃত এই অঞ্চলটোৱে সকলো পৰিব্ৰাজককে আকৰ্ষণ কৰাৰ মূলতে হৈছে ইয়াৰ ঐতিহাসিক দৰ্শনীয় স্থানসমূহ ৷ বাকিংহাম পেলেচ, ৱেষ্টমিন্ষ্টাৰ প্ৰাসাদ, ৱেষ্টমিন্ষ্টাৰ কেথেড্ৰল, ৱেষ্টমিন্ষ্টাৰ আবে (Westminster Abbey) আদিৰ উপৰিও হাইড পাৰ্ক, গ্ৰীণ পাৰ্ক, বাকিংহাম পেলেচ গাৰ্ডেন, চেণ্ট জেমচ্ পাৰ্ক আৰু কেন্সিংটন (Kensington) গাৰ্ডেনৰ কিছু অংশও ৱেষ্টমিন্ষ্টাৰ অঞ্চলৰ অন্তৰ্ভুক্ত ৷ ভিক্টোৰিয়া আণ্ডাৰ গ্ৰাউণ্ড ষ্টেচনত নামি বাহিৰলৈ ওলাই আহিয়েই গ্ৰীণ পাৰ্ক ৷ বাকিংহাম পেলেচৰ উত্তৰত, হাইড পাৰ্কৰ পূবত আৰু চেণ্ট জেমছৰ পশ্চিমত অৱস্থিত এই ৰাজকীয় পাৰ্কখনে ৪0 একৰ মাটি আগুৰি আছে ৷ চৌদিশে সেউজীয়া, বৃহৎ পাৰ্কখন গছেৰে ভৰা ৷ ফুলৰ গছ নাই আৰু ইয়েই এই বাগিচাৰ বৈশিষ্ট ৷ গ্ৰীণপাৰ্কত ফুল নথকাৰো এটা ইতিহাস আছে ৷ কোৱা হয় ষোল্লশ শতিকালৈ এই এলেকাটো চেণ্ট জেমছ (St.James) হস্পিতালৰ কুষ্ঠ ৰোগীসকলৰ সমাধিস্থল আছিল ৷ দ্বিতীয় চাৰ্লছয়ে তাত প্ৰথমতে গৰমৰ দিনত বৰফৰ যোগান ধৰিব পৰাকৈ এটা বৰফৰ ঘৰ সজাইছিল ৷ ১৭৪৬ চনত নাম সলনি কৰি গ্ৰীণপাৰ্ক কৰা হয় ৷ কোৱা হয় চালৰ্ছে এই বাগিচাৰ পৰা ফুল চিঙি আন এগৰাকী মহিলাক দিয়া বাবে চাৰ্লছৰ পত্নী কেথেৰিনে (Catherine) বাগিছাৰ সকলো ফুল চিঙি পেলাই আৰু ফুল ৰোৱা বন্ধ কৰি দিয়ে ৷ সেইবাবেই হেনো আজিও তাত কোনো ফুলৰ গছ ৰোৱা নহয় ৷ গ্ৰীণপাৰ্কৰ সৌন্দৰ্য উপভোগ কৰি বাকিংহাম পেলেচৰ বাকৰিত উপস্থিত হলোঁ ৷ ইতিমধ্যে তাত অগণন লোকৰ সমাগম ঘটিছে ৷ লণ্ডনৰ প্ৰতিজন পৰ্যটকৰে মুখ্য আকৰ্ষণ বাকিংহাম পেলেচ ৷
বাকিংহাম পেলেচ ইংলেণ্ডৰ ৰাণীৰ বাসস্থানৰ লগতে যুক্তৰাষ্ট্ৰৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় ৷ ১৭0৩ চনত তৃতীয় আৰ্ল অৱ মালগ্ৰেভ (Earl of Mulgrave) জন চেফ্ফিল্ডয়ে (John Sheffield) ‘বাকিংহাম হাউচ’ (Buckingham House) নামেৰে নিৰ্মান কাৰ্য আৰম্ভ কৰে আৰু ১৭০৫ চনত মুকলি কৰা হয় ৷ ১৭৬১ চনত ৰজা তৃতীয় জৰ্জ (3rd George ) য়ে তেওঁৰ পত্নীৰ ৰাণী চাৰ্লটৰ (Queen Charlotte) বাবে কিনি লোৱাৰ পিছত কুইন হাউছ (Queen house) নামে জনাজাত হৈ পৰে ৷ ১৮৩৭ চনত ৰাণী ভিক্টোৰিয়া ৰাণী হোৱাৰ এবছৰৰ ভিতৰতে তেওঁৰ চৰকাৰী আবাস (Official residnce) হিচাপে লয় আৰু বাকিংহাম পেলেচৰ সম্পসাৰন কৰে ৷ ১৮৫১ চনত প্ৰথম বাৰৰ বাবে ৰাণী ভিক্টোৰিয়াই বেলকনিৰ পৰা সাধাৰণ জনতাক দেখা কৰে ৷ বৰ্তমান বাকিংহাম পেলেচত মুঠ কোঠাৰ সংখ্যা ৭১৫ টা ৷ দীঘল ১0৪ মিটাৰ, বহল ১২0 মিটাৰ আৰু ওখ ২৪ মিটাৰ আৰু মজিয়াৰ কালি ৮৩০০০০ বৰ্গ ফুট ৷ ১৮৩৭ চনৰ পৰা চৰকাৰী কাম-কাজত ব্যৱহৃত হৈ আছে ৷ ১৯৯৩ চনৰ পৰাহে চৰকাৰী আৰু ৰাজ্যিক মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা মাত্ৰ ১৯ টা কোঠা জনসাধাৰণৰ প্ৰৱেশৰ বাবে মুকলি কৰি দিয়ে ৷ সাধাৰণতে প্ৰৱেশৰ বাবে ২২ জুলাইৰ পৰা পৰা ২ অক্টোবৰৰ ভিতৰত এমাহৰ বাবে দিয়া হয় যদিও বতৰৰ ওপৰত নিৰ্ভৰ কৰি সময় বেলেগও হয় ৷ এই সময়ৰ বাহিৰে আন দিনত গ’লে বাহিৰৰ পৰাই দৰ্শন কৰিব লাগে ৷ সেইবাবে আমিও গেটৰ বাহিৰৰ পৰাই বাকিংহাম পেলেচৰ অভিনৱ স্থাপত্য চালোঁ ৷
বাকিংহাম পেলেচ দৰ্শনৰ উপযুক্ত সময় হ’ল ৰাজকীয় প্ৰহৰীসকলৰ (Changing the Guard Ceremony) দায়িত্ব সলনিৰ সময়ত ৷ এই অনুস্থান সাধাৰণতে দিনৰ এঘাৰ বজাত আৰম্ভ হয় প্ৰায় ৪৫ মিনিট বাবে ৷ সোম, বুধ, শুক্ৰ আৰু দেওবাৰে অনুষ্ঠিত হয় যদিও গ্ৰীষ্মকালি সদায় প্ৰহৰী সলনি হয় ৷ এই অনুষ্ঠান চাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম হয় ৷ এই অনুস্থানক ‘গাৰ্ড মাউণ্টিং’ (Guard Mounting) বুলিও কোৱা হয় ৷ এই অনুষ্ঠানত এটা সৈন্যৰ দলে আন এটা দলৰ পৰা দায়িত্ব লয় ৷ আমি আহি পোৱাত পলম হোৱা বাবে বাকিংহাম পেলেচৰ এই অভিনৱ দৃশ্য উপভোগ কৰাৰ সৌভাগ্য নহ’ল ৷ আমি গৈ পোৱাৰ আগতে প্ৰহৰী সলনি অনুষ্ঠান সামৰণি পৰিল ৷
সেই সময়ত মোৰ সহকৰ্মী অপৰ্ণা ৰায় বৰুৱাৰ একমাত্ৰ জীয়ৰী সংগীতা বৰুৱা (চুমি) লণ্ডনত শিক্ষা গ্ৰহণ কৰি আছিল ৷ অপৰ্নাই আমাৰ লগত তেওঁলৈ বস্তু কেইটামান দি পঠিয়াইছিল ৷ আমি মিল্টন কেইনছৰ পৰা আহি থাকোঁতেই তেওঁৰ লগত যোগাযোগ কৰি বাকিংহাম পেলেচলৈ আহিবলৈ কৈছিলোঁ ৷ চুমিয়ে আঁতৰৰ পৰাই আমাক দেখি দৌৰি আহি মোক এনেকৈ সাৱটি ধৰিলে যেন তেওঁ নিজৰ মাককহে লগ পাইছে ৷ তেওঁৰ এনে ব্যৱহাৰত মোৰ চকু সেমেকি উঠিল, উপলদ্ধি কৰিলোঁ উচ্চ শিক্ষাৰ বাবে ল’ৰা-ছোৱালী আপোন ঘৰখনৰ পৰা আঁতৰি দূৰলৈ গৈ কিমান যে অন্তৰ্দণ্ডত ভোগে ৷ কিছুসময় ঘূৰি-পকি চাই আমি চুমিৰ লগতে হাইড পাৰ্কলৈ গ’লোঁ ৷
হাইড পাৰ্ক পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাৰ্ক সমুহৰ ভিতৰত এখন ৷ এই পাৰ্ক ৩৫0 একৰ মাটিত আগুৰা ৷ প্ৰায় চাৰি হাজাৰৰো অধিক গছেৰে ভৰা ৷ বিভিন্ন ফুলেৰে আকৰ্ষণীয় পাৰ্কখন লণ্ডনৰ ৱেষ্টমিন্ষ্টাৰ এলেকাৰ গ্ৰীণ পাৰ্ক, চেণ্ট জেমচ্ পাৰ্কৰ মাজত অৱস্থিত ৷ চুমিয়ে আমাৰ লগত প্ৰায় দুঘণ্টা সময় কটাই তেওঁৰ ক্লাচ থকা বাবে হাইড পাৰ্কৰ পৰাই বিদায় ল’লে ৷ আমিও হাইড পাৰ্কৰ পৰা চেণ্টট জেমছ্ পাৰ্ক আৰু দাঁতি কাষৰীয়া অঞ্চলৰ লণ্ডন আই, দলঙৰ পৰা পাৰ বন্ধা টেমছ্ নদীৰ সৌন্দৰ্য আঁতৰৰ পৰা চাই লণ্ডনৰ আন এটি আকৰ্ষনীয় নিদৰ্শন মেডাম টুছাডৰ (Madame Tussaud) মমৰ মিউজিয়ামলৈ ৰাওঁনা হ’লো ৷
লণ্ডনৰ পৰ্যটকৰ আকৰ্ষণীয় স্থান সমূহৰ ভিতৰত মেডাম টুছাডৰ মমৰ মিউজিয়ামো এটা ৷ বন্ধৰ দিনত দৰ্শনাৰ্থীৰ ভিৰৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হয় যদিও সেইদিনা খোলা দিন আছিল বাবে আমি কাউন্টাৰৰ পৰা টিকট লৈয়েই ভিতৰত সোমালোঁ ৷ অৱশ্যে ভিতৰত যথেষ্ট মানুহৰ সমাগম আছিল ৷ মিউজিয়ামৰ ভিতৰত সোমাই বাকৰূদ্ধ হৈ পৰিলোঁ ৷ বিজ্ঞান, সংগীত, খেল, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত ব্যক্তিসকলৰ মমেৰে তৈয়াৰ কৰা পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিৰ এই মিউজিয়ামত ৷ এনে লাগে যেন একো একোজন জীৱন্ত লোকৰ সন্মুখতহে থিয় হৈ আছোঁ ৷ অনুভৱ হয় কিছুমান মূৰ্তিয়ে যেন কথা ক’ব ৷ পৃথিৱীৰ হয়তো এইখনেই একমাত্ৰ ঠাই য’ত পৃথিৱীৰ প্ৰায় সকলো বিখ্যাত ব্যক্তিৰ সৈতে একেদিনাই ফটো তুলিব পাৰি ৷ আজিকালি অৱশ্যে পৃথিৱীৰ বহুতো ঠাইত মমৰ মিউজিয়াম স্থাপন কৰা হৈছে ৷

কিন্তু লণ্ডনৰ এই মমৰ মিউজিয়ামৰ বৈশিষ্ট সুকীয়া ৷ ই বিশ্বৰ প্ৰথম মমৰ মিউজিয়াম আৰু মেডাম টুছাডে নিজে স্থাপন কৰা ৷ বলিউডৰ কেইগৰাকীমান তাৰকা, মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, শচীন তেণ্ডুলকাৰকে আদি কৰি ভাৰতৰ বহু কেইজন লোকৰ মমৰ মূৰ্তিও তাত ৰখা হৈছে ৷ প্ৰতিজন দৰ্শনাৰ্থীয়েই নিজৰ ভাল লগা ব্যক্তিৰ প্ৰতিমূৰ্তিৰ সৈতে ফটো উঠাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল ৷ আমিও বহুতৰ লগত ফটো উঠি মিউজিয়ামৰ লগতে সংলগ্ন ‘চেম্বাৰ অৱ হ’ৰ’ৰছ’ (The Chambers of Horrors) সোমালোঁ ৷
এই Chambers of Horrors হৈছে কৃত্ৰিম ভাৱে নিৰ্মাণ কৰা পাহাৰৰ মাজত এটা অন্ধকাৰ গুহা যিটো ভয়ঙ্কৰ বস্তু প্ৰদৰ্শনৰ বাবে আচুতীয়াকৈ ৰখা কোঠা ৷ তাত কুখ্যাত হত্যাকাৰী আৰু কুখ্যাত ঐতিহাসিক ব্যক্তিৰ মমেৰে নিৰ্মাণ কৰা কামৰ প্ৰদৰ্শন কৰা হয় ৷ প্ৰকৃততে মেৰী টুছাডৰ গুৰু ডাঃ ফিলিপ কাৰ্টিয়াচ (Dr. Philihpe Curtius) কুখ্যাত ফৰাচী অপৰাধী আৰু ফৰাচী বিপ্লৱৰ সময়ত গেলোটিন (Guillotine) দিয়া ফৰাচী ৰাজকীয় পৰিয়াল আৰু অভিজাত শ্ৰেণীৰ লোকসকলৰ মমৰ মূৰ্তি সাজি পেৰিছত অনুষ্ঠিত কৰা এখন প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিছিল ৷ গেলোটিন হৈছে এসময়ত ফ্ৰান্সত মানুহৰ মুৰ কাটিবলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ ৷ ফিলিপৰ মৃত্যুৰ পাছত ফিলিপে তৈয়াৰ কৰা মমৰ মূৰ্তিসমূহৰ উত্তৰাধিকাৰী সূত্ৰে টুছাডে পায় ৷ ১৮0২ চনত মেৰী টুছাডে লণ্ডনত নিজাকৈ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে অহাৰ সময়ত এই মূৰ্তিৰ কিছুমান লগত লৈ আনিছিল আৰু সেইবোৰ সুকীয়া গেলেৰিত স্থাপন কৰিছিল ৷ প্ৰথমবাৰ ‘পৃথক কোঠা’ হিচাপে মুকলি কৰা এই গেলেৰিত মেৰী টুছাডে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ পাছতো তেওঁ বিভিন্ন ঠাইলৈ প্ৰদৰ্শনীৰ বাবে যোৱাৰ সময়তো এই বিভাজন বজাই ৰাখি সেইবোৰ পৃথক কোঠাত প্ৰদৰ্শন কৰিছিল ৷ ১৮৩৫ চনত যেতিয়া মেডাম টুছাডে লণ্ডনত স্থায়ী প্ৰদৰ্শনী স্থাপন কৰে তেতিয়া এই পৃথক কোঠাটো হৈ পৰে ‘চেম্বাৰ অৱ হ’ৰছ’৷ অৱশ্যে আমি দেখা সময়ত ইয়াক বহুতো সলনি কৰা হৈছে ৷ চেম্বাৰ অৱ হ’ৰছ যোৱা ৫00 বছৰৰ অপৰাধ আৰু শাস্তিৰ ইতিহাসৰ ছবি এখন জীৱন্ত কৰাৰ লগতে কাৰাগাৰৰ সামগ্ৰীসমূহো অন্তৰ্ভুক্ত কৰি অন্ধকাৰৰ মাজেৰে আগবাঢ়ি যাওঁতে কিছুমান ভয়ানক শব্দ সৃষ্টি কৰে যিবোৰ ভূত-পিশাচৰ অট্ট-হাস্য যেন শুনা যায় ৷
মেডাম টুছাডৰ মিউজিয়াম চোৱাৰ আগতে যদিও জানিছিলোঁ–মেডাম টুছাড এগৰাকী মমৰ শিল্পী যিয়ে তেওঁৰ নিজৰ শিল্পকৰ্মৰে লণ্ডনত মেডাম টুছাড নামেৰে মিউজিয়াম প্ৰতিষ্ঠা কৰিছে ৷ তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে জনাৰ ইচ্ছা বা প্ৰয়োজন বোধ কৰা নাছিলোঁ ৷ কিন্তু তালৈ গৈ তেওঁৰ অসাধাৰণ শিল্প প্ৰতিভা দেখি তেওঁৰ বিষয়ে জানিবলৈ কৌতুহল জাগিল ৷ তেওঁৰ জীৱনৰ বিষয়ে যি অলপ জানিব পাৰিলোঁ তাকেই পাঠকৰ মাজত বিলাই দিবলৈ বিচাৰিলোঁ ৷

১৭৬১ চনত ফ্ৰান্সৰ ষ্ট্ৰাছবাৰ্গত মেৰী গ্ৰ’শ্বল্টজ (Marie Grosholtz) জন্ম গ্ৰহণ কৰিছিল ৷ মেৰীৰ জন্মৰ দুমাহ আগতেই তেওঁৰ পিতৃ জোচেফ গ্ৰ’শ্বল্টজক সাত বছৰীয়া যুদ্ধত হত্যা কৰা হৈছিল ৷ মেৰীৰ ছয় বছৰ বয়সত মাক এন্নে-মেৰী ৱাল্ডাৰে তেওঁক ছুইজাৰলেণ্ডৰ বাৰ্নলৈ লৈ যায় ৷ তাতে মেৰীৰ মাক এন্নে-মেৰীয়ে স্থানীয় চিকিৎসক ফিলিপ কাৰ্টিয়াছৰ (Dr. Philihpe Curtius) ঘৰত গৃহকৰ্মী হিচাপে কাম কৰিছিল ৷ ফিলিপ কাৰ্টিয়াছ পেচাত ডাক্তৰ আছিল যদিও তেওঁ মমেৰে মুখা তৈয়াৰ কৰা শিল্পীও আছিল ৷ তেওঁৰ পৰাই মাত্ৰ ৬ বছৰ বয়সৰ পৰাই টুছাডে মম শিল্পৰ বিদ্যা শিকিবলৈ আৰম্ভ কৰিছিল ৷ মেৰীয়ে প্ৰাৰম্ভিক জীৱনত কাৰ্টিয়াছৰ লগত প্ৰথমে বাৰ্নত আৰু তাৰ পাছত পেৰিছত কটায় ৷ ১৭ বছৰ বয়সতে তেওঁ ফ্ৰান্সৰ ৰজা ষোড়শ লুইৰ ভগ্নী মেডাম এলিজাবেথৰ ভাৰ্ছাইলৰ পেলেচত আৰ্ট শিক্ষক হিচাপে কাম কৰে ৷ যাৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়াও হৈছিল ৷ কাৰাবাসৰ সময়ত বন্দী অৱস্থাতে বহুতো বন্দীৰ মডেল তৈয়াৰ কৰিছিল ৷ বিপ্লৱৰ সময়ত তেওঁ বহুতো বিশিষ্ট ভুক্তভোগীৰ আৰ্হিও তৈয়াৰ কৰিছিল ৷ মেৰীয়ে ১৭৭৭ চনত ভল্টেয়াৰৰ প্ৰথমটো মমৰ ভাস্কৰ্য্য নিৰ্মাণ কৰে ৷ তেওঁ ফৰাচী বিপ্লৱৰ সময়ত তিনিমাহৰ বাবে কাৰাগাৰত বন্দী হৈ মৃত্যুদণ্ডৰ অপেক্ষাত আছিল যদিও এজন প্ৰভাৱশালী বন্ধুৰ হস্তক্ষেপৰ পিছত তেওঁক মুকলি কৰি দিয়া হৈছিল ৷ সেই সময়তে তেওঁ সেই সময়ৰ বহু বিখ্যাত ব্যক্তিৰ উদাহৰণ স্বৰূপে বেঞ্জামিন ফ্ৰেঙ্কলিন, ভেল্টেয়াৰ আদিৰ মমৰ মূৰ্তি তৈয়াৰ কৰিছিল ৷ তাৰোপৰি তেওঁৰ গুৰু ফিলিপৰ দুটা বিখ্যাত মমৰ মিউজিয়াম ফিলিপৰ মৃত্যুৰ পিছত তেওঁ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল ৷ তেওঁৰ স্মৃতিগ্ৰন্থ অনুসৰি সন্ত্ৰাসবাদৰ ৰাজত্বকালত তেওঁক গিলোটিনৰ দ্বাৰা কাটি পেলোৱা মূৰৰ মুখা তৈয়াৰ কৰাৰ ভয়ংকৰ দায়িত্বও দিয়া হৈছিল ৷ ১৭৯৫ চনত মেকনৰ এজন অভিযন্তা ‘ফ্ৰান্সোৱা টুছাড’ৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ উপাধি গ্ৰহণ কৰে আৰু নিজৰ নাম সলনি কৰি ‘মেডাম টুছাড’ৰ কৰিছিল ৷ ফ্ৰান্সোৱা টুছাডৰ সৈতে হোৱা তেওঁৰ বিবাহ সফল নহ’ল ৷ ১৮০২ চনত তেওঁ নিজৰ দুজন পুত্ৰ আৰু তেওঁৰ সংগ্ৰহ কৰা মমৰ মডেলসমূহ লৈ ইংলেণ্ডলৈ যায় ৷ নেপোলিয়নৰ যুদ্ধৰ বাবে তেওঁ ফ্ৰান্সলৈ উভতি যাব নোৱাৰিলে, সেয়েহে তেওঁ সমগ্ৰ গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি নিজৰ সংগ্ৰহসমূহ প্ৰদৰ্শন কৰে ৷ প্ৰদৰ্শনীত ফৰাচী বিপ্লৱত বলি হোৱা লোক, হত্যাকাৰী আৰু অন্যান্য অপৰাধীৰ নতুনকৈ সৃষ্টি কৰা ব্যক্তিত্বও আছিল ৷ লৰ্ড নেলছন, অষ্টম হেনৰী আৰু ভিক্টোৰিয়া ৰাণী আদি আন আন বিখ্যাত লোকৰ মূৰ্তিও তাত যোগ কৰা হয় ৷ মেৰী টুছাডে নিজেই তৈয়াৰ কৰা কিছুমান ভাস্কৰ্য্য এতিয়াও মিউজিয়ামত আছে ৷ প্ৰদৰ্শিত আটাইতকৈ পুৰণি মূৰ্তিটো হৈছে ‘মেডাম ডু বেৰী’ৰ যিটো ১৭৬৫ চনৰ পৰা কাৰ্টিয়াছে তৈয়াৰ কৰা আৰু মৃত্যুৰ সময়ত মেৰীৰ হাতত দিয়া মমৰ কামৰ এটা অংশ ৷ টুছাডৰ সময়ৰ আন আন মুখাসমূহৰ ভিতৰত ৰবস্পিয়েৰ আৰু তৃতীয় জৰ্জ অন্যতম ৷ ৩৩ বছৰ ধৰি এনেদৰে মমৰ মূৰ্তি কঢ়িয়াই অৱশেষত লণ্ডনৰ বেকাৰ ষ্ট্ৰীটত এটা ঘৰত স্থায়ী মিউজিয়াম স্থাপন কৰে আৰু মৃত্যুৰ আঠ বছৰ আগলৈকে তেওঁ নিজৰ শিল্পত কাম কৰিছিল ৷ মেডাম টুছাডৰ মিউজিয়াম সাময়িক হোৱাৰ লগতে ঐতিহাসিক আৰু ইয়াত বিখ্যাত-কুখ্যাত উভয়কে সামৰি লোৱা হৈছে ৷ কুখ্যাত চৰিত্ৰ আৰু বিখ্যাত অপৰাধীৰ ধ্বংসাৱশেষসমূহক “চেম্বাৰ অৱ হ’ৰছ”ত পৃথককৈ ৰখা হৈছিল ৷
১৮৪২ চনত তেওঁ নিজেই নিজৰ প্ৰতিমূৰ্তি বনাইছিল যিটো বৰ্তমানো মিউজিয়ামত থোৱা আছে ৷ ১৮৫0 চনৰ ১৬ এপ্ৰিলত শুই থকা অৱস্থাতেই লণ্ডনত তেওঁৰ মৃত্যু হয় ৷ ১৯২৫ চনত মিউজিয়ামত জুই লগাৰ ফলত বহু মূৰ্তি নষ্ট হয় যদিও সাঁচবোৰ ঠিকেই থকাত আকৌ নতুনকৈ তৈয়াৰ কৰা হয় ৷ ১৯৪0 চনত দ্বিতীয় মহাযুদ্ধৰ সময়ত জাৰ্মানৰ বোমা নিক্ষেপৰ ফলত এই মিউজিয়ামৰ বহু খিনি ক্ষতিগ্ৰস্থ হয় ৷ হৰেচিঅ’ নেলছন, আৰু ছাৰ ৱালটাৰ স্কট এতিয়াও সংৰক্ষিত হৈ আছে ৷
সেইদিনা হেঁপাহ পলুৱাই মেডাম টুছাডৰ শিল্প চালোঁ ৷ লণ্ডনৰ আন দৰ্শনীয় স্থানলৈ যোৱাৰ সময় নহ’ল ৷ মেডাম টুছাডৰ মিউজিয়ামৰ পৰা উভতিলোঁ মিল্টন কেইনছলৈ ৷
(আগলৈ)
