Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

অনাথ শিশুৰ মাই সিন্ধুতাই সপকাল

Jona Mahanta, September 1, 2023June 16, 2024

            এগৰাকী নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পাছত যদি নাভিৰ নাড়ী (Umbilical Cord) নিজেই শিলেৰে প্ৰহাৰ কৰি কাটিবলগীয়া হয় তাতকৈ আৰু কি দুখৰ কথা হ’ব পাৰে ? যিগৰাকী নাৰীয়ে নিজৰ ভোক নিবাৰণৰ বাবে মৃতদেহ সৎকাৰ কৰা জুইত পেলনীয়া আটাৰে ৰুটি সেকি খাবলৈ বাধ্য হৈছিল, তেওঁৱেই হৈছে অনাথ শিশুৰ মাই (মা) সিন্ধুতাই সপকাল ৷ এক অভূতপূৰ্ব জীৱন সংগ্ৰামৰ সন্মুখীন হৈয়ো হাজাৰ হাজাৰ অনাথ শিশুৰ দায়িত্ব বহন কৰা সিন্ধুতাই সপকালৰ জীৱন এক অবিশ্বাস্য কাহিনী ৷ ২০২১ চনত সমাজ সেৱাৰ বাবে “পদ্মশ্ৰী” উপাধিৰে সন্মানিত সিন্ধুতাই সপকালৰ জীয়াই থকাৰ সংগ্ৰাম আৰু অনাথ শিশুৰ প্ৰতি কৰা নিস্বাৰ্থ সেৱা কল্পনাতীত ৷ নিজেৰেই যাৰ  থকা-খোৱা আৰু নিৰাপত্তাৰ বাবে সুৰক্ষিত স্থান নাই তেনে এগৰাকী মাতৃয়ে বিশ বছৰ বয়সতে কেও-কিছু নথকা অনাথ শিশুসকলৰ  বাবে জীয়াই থকাটোৱে তেওঁৰ জীৱনৰ লক্ষ্য কৰি লৈছিল ৷

            মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ অন্তৰ্গত পিম্পৰী মেঘে নামৰ গাঁৱৰ এটি দুখীয়া পৰিয়ালত ১৯৪৮ চনৰ ১৪ নবেম্বৰত জন্মগ্ৰহণ কৰিছিল সিন্ধুতাই ৷ তেওঁৰ পিতৃ আছিল গোপালক অভিম্যানু সাথে ৷ তেওঁৰ পৰিয়ালৰ আন সদস্যৰ বিষয়ে বিশেষ জনা নাযায় ৷ সিন্ধুতাইৰ শৈশৱ পাৰ হয় দৰিদ্ৰতা আৰু পৰিয়ালৰ প্ৰতি দায়বদ্ধতাৰ মাজেৰে ৷ দেউতাক অভিম্যানু তেওঁৰ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল যদিও মাক তেওঁৰ পঢ়াৰ ক্ষেত্ৰত ঘোৰ বিৰোধী আছিল ৷ তেওঁৰ দেউতাকে মাকৰ অলক্ষিতে গৰু চৰাবলৈ নিয়াৰ অজুহাতত স্কুললৈ পঠিয়াইছিল ৷  সিন্ধুতাই স্কুল গৈ পাওঁতে পলম হোৱা বাবে স্কুলত শিক্ষকৰ বেতৰ কোব আৰু গৰুয়ে আনৰ খেতিপথাৰ নষ্ট কৰাৰ বাবেও গাঁৱৰ মানুুহৰ শাস্তি পাবলগীয়া হৈছিল ৷ দেউতাকে কাগজ কিনি দিব নোৱাৰা বাবে ভৰদী পাতত লিখিছিল ৷ পঢ়াৰ প্ৰতি যথেষ্ট ধাউতি থকা সত্বেও  মাত্ৰ চতুৰ্থ শ্ৰেণীলৈকে পঢ়াৰ পাছতেই আনুষ্ঠানিক শিক্ষা সামৰিবলৈ বাধ্য হৈছিল ৷ অৱহেলিত সন্তান হোৱা বাবে সিন্ধুতাইক ‘চিন্ধী (Chindhi)’ অৰ্থাৎ ফটা কাপোৰৰ টুকুৰা বা যাৰ কোনো মূল্য নাই বুলি কৈছিল ৷ সম্ভৱতঃ এই কাৰণতে সিন্ধুতাইয়ে প্ৰতিটো শিশুকে যে মযাৰ্দা সহকাৰে ব্যৱহাৰ কৰা উচিত সেই কথা উপলদ্ধি কৰিছিল ৷

 

            সিন্ধুতাইৰ মাত্ৰ দহ বছৰ বয়সতে তেওঁতকৈ বিশ বছৰে ডাঙৰ ৱাৰ্ধা জিলাৰ নৱৰৰগাওঁৰ শ্ৰীহৰি সপকালৰ সৈতে বিবাহসম্পন্ন হৈছিল ৷ বৈবাহিক জীৱনো আছিল  তিক্ততাৰে ভৰা ৷ সিন্ধুতাই  বিশ বছৰ বয়সলৈকে তিনিটা ল’ৰা সন্তানৰ মাতৃ হয় ৷ সেই সময়তে গাঁওবুঢ়াই  গাঁওবাসীৰ পৰা বিনামূলীয়াকৈ শুকান গোবৰ সংগ্ৰহ কৰি  ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ বিক্ৰী কৰিছিল ৷ গাঁওবাসীক গোবৰৰ বিনিময়ত একো নিদিয়া বাবে সিন্ধুতাইয়ে বিৰোধীতা কৰিছিল ৷ আনুষ্ঠানিক শিক্ষা নাথাকিলেও তেওঁ নিৰ্ভীক আৰু নিজৰ মনৰ কথা ব্যক্ত কৰিব পৰাকৈ দুৰ্বাৰ সাহসী আছিল ৷ সিন্ধুতাইৰ আন্দোলন এনে এটি পৰ্যায় পালেগৈ যে জিলা উপায়ুক্ত গাঁৱলৈ আহিব লগাত পৰিছিল আৰু তেওঁৰ দাবী যুক্তিসঙ্গত বুলি মানি ল’বলৈ বাধ্য হৈছিল ৷ এগৰাকী মহিলাৰ দ্বাৰা অপমানিত হোৱা বাবে গাঁৱৰ মুৰব্বীজনে মিছা অপবাদ দি তেওঁৰ স্বামী শ্ৰীহৰি সপকালক সিন্ধুতাইক পৰিত্যাগ কৰিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল আৰু কৃতকাৰ্য হৈছিল ৷ শ্ৰীহৰিয়ে ন মহীয়া গৰ্ভৱতী সিন্ধুতাইক পেটত লঠিওৱাৰ ওপৰিও দৈহিক নিযাৰ্তন কৰি অৰ্ধচেতন অৱস্থাত ঘৰৰ পৰা চোঁচৰাই বাহিৰ কৰি গোহালিত স্থান দিছিল ৷ সিন্ধুতাইয়ে তেওঁৰ সাক্ষাৎকাৰত কোৱা অনুসৰি চেতনাহীন অৱস্থাতে সেইদিনাই গোহালিতে তেওঁৰ এটি কন্যা সন্তান জন্ম হয় ৷ গোহালিত থকা গৰুৰ হেম্বেলনিত  চেতনা পাইহে তেওঁ গম পাইছিল সন্তান জন্ম হোৱাৰ কথা ৷ কন্যাৰ জন্মৰ পিছত এচটা শিলেৰে ষোল্ল বাৰ প্ৰহাৰ কৰি নিজেই নাভি শিৰা কাটিছিল ৷ ভোকে পিয়াহে জৰ্জৰিত সিন্ধুতাইয়ে আশ্ৰয় বিচাৰি নৱজাতকৰ সৈতে মাতৃগৃহলৈ গৈছিল যদিও নিজৰ জন্মদাত্ৰী মাতৃয়ে ঘৰত প্ৰৱেশ কৰিব নিদি মৰিবলৈহে কৈছিল ৷  ইতিমধ্যে দেউতাকৰ মৃত্যু নোহোৱাহেতেঁন হয়তো তেওঁ জীয়েকৰ দায়িত্ব ল’লেহেঁতেন ৷ ভোক, অসহনীয় যন্ত্ৰণা আৰু সকলোৰে পৰা অৱহেলিত হৈ পৰা সিন্ধুতাইয়ে আত্মহত্যা কৰাৰ কথা ভাবিছিল ৷ কিন্তু সফল হ’ব পৰা নাছিল৷  সংঘাতপূৰ্ণ জীৱনত  তিনিবাৰ  আত্মহত্যাৰ কথা তেওঁৰ মনলৈ আহিছিল যদিও প্ৰতিবাৰতে অন্তৰাত্মাই তেওঁক বাধা দিছিল ৷ যাৰ জীৱনত কৰিবলগীয়া বহু কাম বাকী আছিল তেওঁ কেনেকৈ নিজকে  হত্যা কৰিব পাৰিব !

                        মঞ্জিল বহু দূৰ হ্যায়

                        জানা ৱাঁহা জৰুৰ হ্যায়

                        ৰাস্তা মুশকিল হ্যায়

                        মৰণা মঞ্জুৰ হ্যায়

                        মগৰ শেৰ জেয়ছে

                        দেশ কে লিয়ে মৰো ৷

এয়া আছিল সিন্ধুতাইৰ ভাষ্য ৷

            সকলোৱে পৰিত্যাগ কৰাৰ পাছত আন কোনো উপায় নেদেখি সিন্ধুতাইয়ে  ভোক  নিবাৰণ বাবে কেঁচুৱা কোলাত লৈ দিনত ৰেলত গান গাই ভিক্ষা মাগি ৰাতি শ্মশানত আশ্ৰয় লৈছিল ৷ তেওঁ ভাবিছিল ৰাতি ভূতৰ ভয়ত শ্মশানলৈ কোনো নাহে—সেয়ে নিজৰ সুৰক্ষাৰ বাবে শ্মশানখনেই আটাইতকৈ সুৰক্ষিত স্থান ৷  শ্মশানত থকা সময়তে এদিন ৰাতি একো খাবলৈ নাপাই জীৱনৰ যন্ত্ৰণা আৰু নিজৰ ভাগ্যক ধিয়াই অধীৰ হৈ চিঞৰি-চিঞৰি কান্দি আছিল ৷ সেই সময়তে এঠাইৰ পৰা পেলনীয়া আটা বতাহত উৰি অহা দেখিবলৈ পালে ৷ সেই আটা তুলি আনি মৃতকৰ সৎকাৰত ব্যৱহাৰ কৰা ফুটা টেকেলীৰ অৱশিষ্ট পানীৰে গছৰ পাতত সেই  আটা মাৰি মৃতকৰ চিতাৰ জুইত ৰুটি সেকি খাইছিল ৷ মৃতকৰ উদ্দেশ্যে পেলাই দিয়া কাপোৰকে ব্যৱহাৰ কৰিছিল ৷ এনেদৰেই আৰম্ভ হৈছিল সিন্ধুতাইৰ জীয়াই থকাৰ সংগ্ৰাম ৷

            জীয়াই থকাৰ অহৰহ যুঁজত ৰেলৰ ডবা, ৰেল ষ্টেচন, ৰাজহুৱা স্থান আদিত ভিক্ষা মাগি ফুৰা সময়ত তেওঁ উপলদ্ধি কৰিছিল যে দেশত বহু অনাথ শিশু আছে যাৰ মাতৃৰ প্ৰয়োজন ৷ সিন্ধুতাইৰ মনত জাগি উঠিছিল এই অনাথ শিশুসকলৰ মাতৃ হোৱাৰ অনুভূতি ৷ বিভিন্ন বক্তৃতানুষ্ঠানত তেওঁ কৈছিল– “মই গান গাব পাৰিছিলোঁ আৰু কোলাত কণমানি সন্তান দেখি বহুতেই মোক ভিক্ষা দিছিল ৷ বহুতো ভিক্ষাৰীয়ে ভিক্ষা নোপোৱা বাবে অনাহাৰে থাকিবলগীয়া হৈছিল ৷ মই পোৱা খিনিকে সকলোৰে লগত ভগাই খাইছিলোঁ ৷ মই তেওঁলোকক খাবলৈ দিছিলোঁ আৰু তেওঁলোকে দিছিল মোক সুৰক্ষা ৷  সকলোৱে মোক পৰিত্যাগ  কৰিছে, অকলশৰীয়া আৰু অৱহেলিত হোৱাৰ বেদনা মই জানিছিলোঁ ৷ মই বিচৰা নাছিলোঁ কোনেও মোৰ নিচিনা পৰিস্থিতিৰ সন্মুখীন হওঁক, সেয়ে মই অনাথ ল’ৰা-ছোৱালীবোৰক দত্তক লৈছিলোঁ ৷ মোৰ লগতে সিহঁতৰ ভোক নিবাৰণৰ বাবে ভিক্ষা কৰিছিলোঁ ৷” যাৰ কোনো নাই সেই সকলৰ বাবে জীয়াই থকাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য হৈ পৰিল, ফলত সিন্ধুতাই হৈ পৰিল এহেজাৰতকৈও অধিক শিশুৰ ‘মাই’৷  

                                    

            বিনা টিকটত উঠা বাবে ৰেলৰ পৰা ভিক্ষাৰীক নমাই দিয়াৰ দৰে ভিক্ষাৰ বাবে ৰেলত এখন ঠাইৰ পৰা আনখন ঠাইলৈ যোৱা সময়ত ৰেলৰ টিকট নথকা বাবে বহু বাৰ ৰেলৰ পৰা নমাই দিছিল যদিও আন ৰেলত উঠিছিল সিন্ধুতাই ৷ এনেদৰে ঘূৰি ফুৰোঁতে এবাৰ তেওঁ টিকট কাটি ৰেলত উঠোঁ বুলি ভাবি টিকট কাউন্টাৰত থিয় দিছিল যদিও তেওঁক টিকট দিয়া নাছিল ৷ এটা সময়ত সিন্ধুতাই মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ চিখলদাৰত ভিক্ষা মাগিবলৈ ধৰিলে ৷ চিখলদাৰত থকা সময়ত চহৰখনত ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ বাবে ৮৪খন জনজাতীয় গাঁও খালী কৰা হৈছিল ৷ সিন্ধুতাইয়ে অসহায় জনজাতীয় গাঁওবাসীক সঠিক পুনৰ্বাসনৰ বাবে যুঁজ দিয়াৰ সিদ্ধান্ত লয় ৷ সেই সময়তে তেওঁ বনমন্ত্ৰী ছেদিলাল গুপ্তাক লগ পায় ৷ ছেদিলালে সিন্ধুতাইৰ অনুৰোধত যেতিয়ালৈকে গাঁৱৰ মানুহক বিকল্প মাটিৰ ব্যৱস্থা কৰি দিয়া নহয় তেতিয়ালৈকে স্থানচ্যুত নকৰো বুলি প্ৰতিশ্ৰুতি দিছিল আৰু উপযুক্ত বিকল্প ব্যৱস্থা কৰিও দিছিল ৷ এই ব্যাঘ্ৰ প্ৰকল্পটোৰ উদ্ধোধন কৰিবলৈ অহা সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক ভালুকৰ আক্ৰমণত অন্ধ হোৱা স্থানীয় লোক এজনৰ ফটো দেখুৱাই ক্ষতিপূৰণ বিচাৰি কৈছিল– “বনৰীয়া জন্তুৰ আক্ৰমণত গৰু, কুকুৰা আদি মৰিলে ক্ষতিপূৰণ দিয়া হয় গতিকে মানুহৰ ক্ষেত্ৰতো দিব লাগে ৷” ইন্দিৰা গান্ধীয়ে লগে লগেই ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল ৷

            সেই সময়তে চিখলদাৰৰ জনজাতীয় লোকসকলে নিৰ্মাণ কৰা জুপুৰিত থাকিবলৈ লৈছিল ৷ লাহে লাহে মানুহে সিন্ধুতাইক ‘মাই’ বুলি মাতিবলৈ ল’লে আৰু স্বইচ্ছাৰে তেওঁৰ দত্তক সন্তানৰ বাবে দান দিবলৈ ধৰিলে ৷ লাহে লাহে সিন্ধুতাইৰ সন্তানৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰিলে ৷ এনে পৰিস্থিতিত তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ নিজ সন্তান মমতা আৰু দত্তক লোৱা সন্তানৰ মাজত কোনো বৈষম্য থাকিব নালাগে ৷ মমতাৰ জন্মদাত্ৰী মা আছিল সিন্ধুতাই, নিজৰ সন্তান আৰু দত্তক শিশুৰ মাজত থকা বৈষম্যৰ অনুভূতি নাইকিয়া কৰিবলৈ  মমতাক পুনেৰ শ্ৰীমন্ত দগদু শেঠ হালোৱাই গণপতি নামৰ সংস্থাৰ হাতত অৰ্পন কৰিছিল ৷ মমতা বৰ্তমান এগৰাকী অধিবক্তা আৰু অনাথ আশ্ৰম পৰিচালনা কৰে ৷

            মহাৰাষ্ট্ৰৰ মাদাৰ টেৰেছা বুলি পৰিচিত সিন্ধুতাই এনে এগৰাকী মাতৃ, যাৰ কোলাত এজন-দুজন নহয় হাজাৰ শিশুৱে বিচাৰি পাই মাতৃৰ মৰম ৷ ভিক্ষা খুজিয়ে হাজাৰতকৈও অধিক অনাথ শিশুৰ ভৰণ-পোষণ, শিক্ষা, চিকিৎসাৰ দায়িত্ব লোৱা তেওঁৰ জীৱনৰ লক্ষ্য হৈ পৰিছিল ৷ সিন্ধুতাইৰ এই আন্তৰিক আৰু  অন্তহীন প্ৰক্ৰিয়াৰ ফলতেই মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত বহু কেইখন বৃহৎ প্ৰতিষ্ঠান গঢ়ি উঠিছে য’ত অনাথ শব্দ ব্যৱহাৰ কৰা নিষিদ্ধ ৷ সিন্ধুতাইয়ে স্থাপন কৰা প্ৰতিষ্ঠানসমূহ হ’ল– মাদাৰ গ্ল’বেল ফাউণ্ডেশ্বন (পুনে), সংমতি বাল নিকেতন (পুনে), মমতা বাল সদন (পুনে), সাৱিত্ৰীবাই ফুলে মুলেঞ্চে বস্তিগ্ৰুহা (চিখলদাৰ), অভিমান বাল ভৱন (ৱাৰ্ধা), গংগাধৰবাবা ছাত্ৰালয় (শিৰদী)৷ শিশুৰ উপৰিও বয়সস্থ অনাথ লোকৰ বাবেও সপ্তসিন্ধু মহিলা আধাৰ বালসংগোপন আৰু শিক্ষা সংস্থা (পুনে) আৰু বনৱাসী গোপালকৃষ্ণ শিক্ষা কৃদা প্ৰসাৰক মণ্ডল (অমৰাৱতী), শ্ৰী মনশান্তি চত্ৰালয় (শিৰুৰ) নামে তিনিটা সংস্থা প্ৰতিষ্ঠা কৰে ৷ একেটা পৰিয়ালৰ দৰে বাস কৰা এই প্ৰতিষ্ঠানত ডেৰ হাজাৰৰো অধিক শিশুই আশ্ৰয় পাইছে ৷ ভৰণ-পোষণৰ সমস্যাৰ মাজতো সিন্ধুতাই শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল ৷ প্ৰতিটো শিশুৱে যাতে উপযুক্ত শিক্ষাৰে সফল জীৱন যাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল ৷ শিশুৱে যেতিয়ালৈকে উপযুক্ত হৈ নিজকে স্বাৱলম্বী কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁৰ ওচৰত আশ্ৰয় পায় ৷ তেওঁৰ প্ৰতিষ্ঠানত আশ্ৰয় লোৱা বহুতো শিশু এতিয়া ডাক্তৰ, অভিযন্তা, অধিবক্তা হোৱাৰ ওপৰিও সুশিক্ষিত হৈ বিভিন্ন কামত নিয়োজিত আৰু সমাজত সুপ্ৰতিষ্ঠিত ৷ বৰ্তমান তেওঁৰ পৰিয়ালত আঢ়ৈশৰো অধিক জোঁৱাই আৰু পঞ্চাশ গৰাকী বোৱাৰী আৰু হাজাৰৰো অধিক নাতি-নাতিনী আছে ৷ সিন্ধুতাইয়ে প্ৰতিটো ল’ৰা-ছোৱালীকে নিজৰ পুত্ৰ-কন্যা বুলি গণ্য কৰিছিল ৷

        

            সিন্ধুতাইয়ে এটি সাক্ষাৎকাৰত স্বামী শ্ৰীহৰিয়ে মৰিবলৈ গোহালিত এৰি যোৱা সেই অভিশপ্ত নিশাটোৰ কথা সুঁৱৰি কয়– সেইদিনা গোহালিৰ এজনী গাইগৰুৱে তেওঁক আন গৰুবোৰৰ পৰা ৰক্ষা কৰিছিল ৷ তেওঁৰ মনতে ভাৱ হৈছিল এজনী গাইও বুজি পায় প্ৰসৱ বেদনা কি আৰু সেইদিনাই তেওঁ প্ৰতিজ্ঞাৱদ্ধ হৈছিল  অৱহেলিত গৰুৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিব ৷ সেয়ে বুঢ়া বা বেমাৰী গৰু– যিবোৰ একো কামৰ নহয় বুলি মানুহে পথত এৰি যায় সেইবোৰৰ বাবে ৱাধাৰ্ত “গোপীকা গাই ৰক্ষণ কেন্দ্ৰ (ৱাৰ্ধা)’’নামেৰে এটি কেন্দ্ৰ স্থাপন কৰে বৰ্তমান তাত চাৰে তিনিশৰো অধিক গৰু আছে বুলি তেওঁ কয় ৷

            জীৱনৰ শেষ কালছোৱাত অকলশৰীয়া আৰু নিঃস্ব হৈ পৰা সিন্ধুতাইৰ স্বামী শ্ৰীহৰি আহিছিল তেওঁৰ ওচৰলৈ আশ্ৰয় বিচাৰি ৷ সিন্ধুতাইয়ে গৌৰৱেৰে তেওঁক নিজৰ সন্তানৰ দৰে আকোৱালি লৈছিল আৰু কৈছিল—মই এতিয়া সকলোৰে মাই সেয়ে কাৰো পত্নী হ’ব নোৱাৰো ৷  নিজৰ স্বামীক সকলোকে আটাইতকৈ ডাঙৰ সন্তান বুলি পৰিচয় কৰাই দিছিল ৷ স্বামীক ক্ষমা কৰি দি সিন্ধুতাইয়ে কৈছিল– তেওঁ মোক ঘৰৰ পৰা খেদি নিদিয়াহেঁতেন মই আজি মোৰ এই স্থানত কেতিয়াও উপনীত হ’ব নোৱাৰিলোহেতেঁন ৷ সেয়ে তেওঁক মই  ক্ষমা কৰি দিছোঁ ৷ পাঁচ বছৰকাল তেওঁৰ সন্তান হৈ থকাৰ পিছত শ্ৰীহৰি সপকালৰ  মৃত্যু হয় ৷

            সিন্ধুতাই সপকালৰ সত্য জীৱন কাহিনীৰ আধাৰত ৰচিত “মী ভানৱাছি” নামৰ গ্ৰন্থখনৰ আধাৰত অনন্ত নাৰায়ন মহাদেৱনে ২০১০ চনতে “মী সিন্ধুতাই সপকাল” নামেৰে মাৰাঠী কৰমুক্ত চলচিত্ৰ এখন নিৰ্মাণ কৰে ৷ প্ৰেৰণাদায়ক এই ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল আৰু ৫৪ সংখ্যক লণ্ডন মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ বাবে নিৰ্বাচিত হৈছিল ৷ চলিচত্ৰখনৰ নিৰ্মাতা অনন্ত নাৰায়ন মহাদেৱনে কয়– ” The Great Edition of Times of India নামৰ বাতৰি কাকতখনত সিন্ধুতাইৰ ওপৰত প্ৰকাশিত এটি প্ৰবন্ধ পঢ়ি তেওঁৰ জীৱন আধাৰিত চলচিত্ৰ নিৰ্মানৰ অনুপ্ৰেৰণা পাইছিল ৷ মাৰাঠী ভাষাত নিৰ্মিত চলচিত্ৰখনে আন্তৰ্জাতিক পৰ্যায়ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱাত মই অতি আনন্দিত ৷”

            ২০২১ চনত সামাজিক কামৰ শিতানত পদ্মশ্ৰী, ২০১৭ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোভিন্দ পৰা নাৰী শক্তি পুৰস্কাৰ, ২০১৬ চনত পুনেৰ ড॰ ডি ৱাই পাটিল কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীকে ধৰি অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সিন্মানিত সিন্ধুতাই ৷

             জীৱনৰ পঞ্চাশ বছৰৰো অধিক কাল অনাথ শিশুৰ বাবে উৎসৰ্গা কৰা সিন্ধুতাই ২০২২ চনৰ ৪ জানুৱাৰিত ৭৩ বছৰ বয়সত দেহাৱসান ঘটে ৷ তেওঁ স্থাপন কৰা সংস্থাবোৰ বৰ্তমানে কন্যা মমতা আৰু দত্তক লোৱা প্ৰতিষ্ঠিত সন্তানসকলে নিষ্ঠাৰে পৰিচালনা কৰি আছে ৷ 

            তেওঁৰ এই সামাজিক উন্নয়নৰ যাত্ৰা  এক অনবদ্য প্ৰেৰণা ৷ তেওঁ কৈছিল, “ সংকট সকলোৰে জীৱনলৈ আহে, ধৈৰ্যৰে যুঁজি আগুৱাই যোৱা ৷ নিজৰ বাবে নহয় আনৰ বাবে জীয়াই থাকিবলৈ শিকা ৷ মোৰ প্ৰকৃত পৰিচয় আছিল ’ভিক্ষাৰী বাই’৷ কোনো মানুহে সাহসী হৈ জন্ম নহয়, পৰিস্থিতিয়েহে  বাধ্য কৰে সাহসী হ’বলৈ ৷ ভোকে মানুহক শিকায়, যি খাবলৈ পোৱা তাকেই সকলোৰে লগত ভগাই খোৱা ৷ জীৱনে মোক শিকাইছিল মানুহৰ মন মুহিব পৰাকৈ গান গাবলৈ, ভাষন দিবলৈ আৰু সুন্দৰ কবিতা আবৃত্তি কৰিবলৈ ৷ এয়াই আছিল তেওঁৰ জীৱন সংগ্ৰামৰ একমাত্ৰ আহিলা ৷” সিন্ধুতাইৰ ভাষণত প্ৰায়েই শুনিবলৈ পোৱা যাায় এটি সংলাপ ’’ভাষণ হ্যায় তো ৰেচন হ্যায়”৷

পুৰুষ প্ৰধান সমাজখনত ৰাজপথৰ পৰাই জীৱন আৰম্ভ কৰি এনে এটি পৰ্যায়ত নিজেক প্ৰতিষ্ঠা কৰা উদাহৰণ হয়তো আৰু নাই ৷ দেউতাকৰ ঘৰত ভয়াবহ দৰিদ্ৰতা, স্বামীৰ ঘৰত অৱহেিলত আৰু বেদনাদায়ক জীৱনৰ অভিজ্ঞতাক আওকান কৰি অনাথ শিশুৰ জীৱন উন্নতিকৰণৰ বাবে কৰা তেওঁৰ সঙ্কল্প আৰু প্ৰচেষ্টা সদায় স্মৰণীয় ৷ তেওঁৰ এই দৃঢ়তাই আনকো সহায়ৰ হাত আগবঢ়াবলৈ উৎসাহিত কৰিছিল ৷ দান-বৰঙণিৰ জৰিয়েত লাভ কৰা ধন মাটি কিনা, ঘৰ নিৰ্মাণ আৰু শিশুৰ শিক্ষাৰ ব্যৱস্থা কৰাত ব্যৱহাৰ কৰিছিল ৷

( প্ৰকাশিত, কৰণি এপ্ৰিল ২০২৪)

Articles

Post navigation

Previous post
Next post

Comments (8)

  1. Trishna Bhardwaj says:
    September 2, 2023 at 4:16 pm

    ইমান তথ্যসহকাৰে তেওঁৰ বিষয়ে পঢ়া নাছিলোঁ।আজি পঢ়ি অভিভূত।

    Reply
    1. Jona Mahanta says:
      September 4, 2023 at 6:38 am

      মানুহৰ জীৱন যে এনেকুৱা হব পাৰে কল্পনাও কৰা নাযায় তৃষ্ণা

      Reply
  2. Mitali Deori says:
    September 4, 2023 at 2:33 pm

    মৰি মৰি জীয়াই থকা মানুহৰ জয় গান৷
    আমি মৰি মৰি থকাবোৰ কেতিয়াকৈ জী উঠিম?

    Reply
    1. Jona Mahanta says:
      September 4, 2023 at 2:50 pm

      ধন্যবাদ মিতালী ৷ সঁচাকৈ নিজকে বৰ তুচ্ছ যেন অনুভৱ হয় ৷ আমাৰ প্ৰত্যেকৰ বাবেই তেওঁ প্ৰেৰণা ৷

      Reply
  3. AJANTA BUJAR BARUAH KAZI says:
    September 11, 2023 at 3:31 pm

    সঁচাকৈ মামী, এনেকুৱা কিমান মানুহ আমাৰ মাজত আছে, যিবোৰৰ জীৱন কাহিনী
    আমি গমেই নাপাওঁ। তেখেতৰ জীৱন কাহিনী পঢ়ি সঁচাকৈ ধন্য হ’লো ।

    Reply
    1. Jona Mahanta says:
      September 11, 2023 at 4:52 pm

      তাকেই লুলু মোৰ এই নিবন্ধটো পঢ়ি এগৰাকী ব্যক্তিও যদি অনুপ্ৰাণিত হয় তেন্তে মোৰ লিখা সাৰ্থক হোৱা যেন লাগিব ।

      Reply
  4. সঞ্জীৱ ডেকা says:
    June 16, 2024 at 2:37 am

    পদ্মশ্ৰী উপাধিৰে সন্মানিত ‘সিন্ধুতাই’ ৰ ওৰেটো জীৱন অনাথ শিশু সকলৰ উন্নতিৰ বাবে কৰা সংগ্ৰাম, তোমাৰ নিবন্ধৰ দ্বাৰাই আজিহে মই জানিবলৈ পাই অতিকৈ সুখী হ’লো।
    ধন্যবাদ জোনা

    Reply
    1. Jona Mahanta says:
      June 16, 2024 at 5:35 am

      ধন্যবাদ সঞ্জীৱ ।

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes