
কলকাতা চহৰলৈ মাজে মাজে যোৱা হয় যদিও ইচ্ছা থকা সত্বেও দক্ষিণেশ্বৰ মন্দিৰলৈ যোৱা হোৱা নাছিল৷ কোৱা হয় সকলো কামৰে সময় থাকে৷ হয়তো মোৰো এই মন্দিৰ দৰ্শন কৰাৰ সময় হোৱা নাছিল৷ ২০১৮ চনৰ অক্টোবৰ মাহত গ্ৰীচলৈ যাম বুলি ঠিক কৰোঁতে ভিছাৰ বাবে কলকাতালৈ যাব লগা হ’ল মাত্ৰ এদিনৰ বাবে৷ ভিছা প্ৰদান অফিচত কিমান পলম হ’ব তাৰ কোনো নিশ্চয়তা নাই সেয়ে আমি দিনটোৰ বাবে কোনো পৰিকল্পনা কৰা নাছিলোঁ৷ কিন্তু ভিছাৰ অফিচত আমাৰ প্ৰয়োজনীয় কাম সোনকালে সম্পূৰ্ণ হ’ল৷ সেয়ে আমি দক্ষিণেশ্বৰ মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ ঠিক কৰিলোঁ৷ মই আৰু মোৰ গৃহস্থৰ লগতে মোৰ সহকৰ্মী অঞ্জলি গোস্বামী বাইদেউ আৰু ৰুমা শৰ্মাও আছিল৷ আবেলি পৰত আটাইকেইজনে এখন টেক্সিলৈ দক্ষিণেশ্বৰ মন্দিৰ অভিমূখে ৰাওনা হ’লোঁ৷
সৰুতে শুনা পিতাৰ বন্ধু এজনৰ জীৱনৰ এটি বাস্তৱ কাহিনীয়ে দক্ষিণেশ্বৰ মন্দিৰ দৰ্শনৰ প্ৰতি আগ্ৰহ মনলৈ আহিছিল৷ ডিব্ৰুগড় মেডিকেল কলেজৰ মোৰ পিতাৰ সহপাঠী বন্ধু এজন (নামটো মনত নাই) বহু বছৰ আগতে আমাৰ গুৱাহাটীৰ ঘৰলৈ আহিছিল৷ তেতিয়া হয়তো মোৰ বয়স দহ বছৰমান আছিল৷ সেইদিনা তেওঁ নিজেই পিতাৰ আগত কোৱা তেওঁৰ জীৱনৰ কাহিনীটো শুনি দক্ষিণেশ্বৰ মন্দিৰৰ প্ৰতি সৰু কালতেই মই আকৰ্ষিত হৈছিলোঁ৷ তেখেতৰ জীৱনত ঘটা ঘটনাটো আছিল এনেধৰণৰ– এবাৰ তেখেতে টান নৰিয়াত পৰিছিল৷ বিভিন্ন চিকিৎসাৰ পাছতো আৰোগ্য লাভৰ কোনো আশা নেদেখি তেখেতৰ পত্নীয়ে দক্ষিণেশ্বৰ মন্দিৰত প্ৰতিষ্ঠিত “মাভৱতাৰিণী দেৱী”ৰ আশীৰ্বাদ বিচাৰি তেওঁক তালৈ নিবলৈ ইচ্ছা কৰিলে৷ তেওঁ হেনো এই মন্দিৰৰ মাহাত্ম্যৰ বিষয়ে শুনি আছিল৷ মন্দিৰত তেখেতৰ পত্নীয়ে হেনো নিজৰ জীৱনৰ বিনিময়ত স্বামীৰ জীৱন দান দিবলৈ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে৷ মন্দিৰৰ পৰা ওলাই আহি দুয়ো মন্দিৰ চৌহদত বহি থাকোতে এজনী পাৰ চৰাই আহি তেওঁলোকৰ ওচৰত ঘূৰি ঘূৰি কিবা যেন ক’ব বিচাৰিছে৷ মনতে কিবা ভাবি তেওঁৰ পত্নীয়ে পাৰজনীক অনুসৰণ কৰিব ধৰিলে৷ কিছুদূৰ আগুৱাই পাৰজনী আকৌ আন এডোখৰত ঠাইত ঘূৰিবলৈ ধৰিলে৷ পাৰ চৰাইজনীয়ে নো কি ক’ব বিচাৰিছে বুলি মনৰ কৌতুহলতে তেওঁ সেই ঠাইখিনি খুচৰি চাই তাত এটা তাবিজ পালে৷ দুৰ্বল মনত যিকোনো কথাই কিবা সহায় হ’বও পাৰে যেন লাগে৷ সেয়ে তাবিজটো দেৱীৰ আশীৰ্বাদ বুলি আনি তেওঁ স্বামীক পিন্ধাই দিলে৷ তেখেতে কোৱা অনুসৰি পিন্ধাই দিয়াৰ লগে লগে তেখেতে শৰীৰত এক অজান শিহৰণ অনুভৱ কৰিছিল৷ কিছুদিন পাছত তেখেত লাহে লাহে সুস্থ হৈ উঠিল কিন্তু তেখেতৰ পত্নী কিছুদিন পাছতে মৃত্যু হ’ল৷ দেৱ-দেৱীৰ এনে মাহাত্ম্যৰ কথা প্ৰায়েই শুনিবলৈ বা পঢ়িবলৈ পোৱা যায় কিন্তু পিতাৰ বন্ধু তাৰ ওপৰিও তেখেত নিজেই এজন চিকিৎসক তেওঁৰ মুখেৰে শুনা কথাখিনিয়ে শৈশৱতে মোৰ মনত প্ৰভাৱ পেলাইছিল৷ ভগৱান আছে নে নাই নাজানোঁ কিন্তু বিশ্বাস হয় কিবা এনে এটি অদৃশ্য শক্তি আছে যিয়ে আমাক সদায় সহায় কৰি আছে৷ হয়তো দেৱী ভৱতাৰিণী দেৱীৰ ইচ্ছাতে সেইদিনা মোৰ দক্ষিণেশ্বৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য হ’ল৷
পশ্চিমবঙ্গৰ ৰাজধানী চহৰ কলকাতাৰ উত্তৰ ২৪ পৰগণাৰ এখন ধৰ্মীয় আৰু উৎকৃষ্ট আবাসিক অঞ্চলত বিখ্যাত দক্ষিণেশ্বৰ মন্দিৰ প্ৰাংগন৷ কলকাতা মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ অধীনস্থ এই অঞ্চল ঐতিহাসিকভাৱে দক্ষিণেশ্বৰ কালীবাৰীৰ বাবেই বিখ্যাত৷ হুগলী নদীৰ পূব পাৰত অৱস্থিত দক্ষিণেশ্বৰ মন্দিৰ কলকাতা চহৰৰ বাকী অঞ্চলৰ সৈতে বৃহৎ পথ আৰু পৰিবহন সুবিধাৰে সংযুক্ত হৈ আছে৷ দক্ষিণেশ্বৰ মন্দিৰক অন্যতম পবিত্ৰ স্থান বুলি গণ্য কৰা হয় আৰু প্ৰতিদিনে বহু সংখ্যক লোকে এই মন্দিৰ দৰ্শন কৰে৷ মূল মন্দিৰত মাকলীক ভৱতাৰিণী নামে পূজা কৰা হয়৷

ভাৰতবৰ্ষৰ বহুতো বিখ্যাত ধৰ্মীয় স্থানৰ দৰে দক্ষিণেশ্বৰ মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ ঊনবিংশ শতিকাৰ মাজভাগত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল৷ এনিশাৰ এটি সপোন আৰু ইয়াক বাস্তৱত ৰূপ দিয়াৰ প্ৰৱল ইচ্ছা৷ শেষত এই সপোনৰ সফল বাস্তবায়নৰ ফলতেই নিৰ্মাণ হৈছিল “দক্ষিণেশ্বৰ কালীবাৰী” মন্দিৰ৷ আচৰিত যেন লাগিলেও আজিৰ পৰা প্ৰায় ১৭০ বছৰ আগতে এই মন্দিৰ নিৰ্মাণৰ ব্যয় হৈছিল ন লাখ টকাৰো অধিক৷ মন্দিৰ নিৰ্মাণ খৰচৰ পৰিমাণৰ পৰাই অনুমান কৰিব পাৰি মন্দিৰৰ চকুৰোৱা সুন্দৰ স্থাপত্য৷ ১৮৪৭ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এই মন্দিৰ সম্পূৰ্ণ হয় ১৮৫৫ চনত৷ বংগ স্থাপত্য শৈলীত নিৰ্মিত নৱৰত্ন বা ন টা শিখৰযুক্ত তিনি মহলীয়া এই মন্দিৰ উচ্ছতা এশ ফুট আৰু দক্ষিণমুখী৷ বিশাল মন্দিৰ চৌহদত মূল কালীমন্দিৰৰ বাহিৰেও বহুতো দেৱ-দেৱীৰ মন্দিৰৰ ওপৰিও অন্যান্য ধৰ্মস্থল আছে–“দ্বাদশ শিৱমন্দিৰ নামেৰে পৰিচিত বাৰটা শিৱ মন্দিৰ, ৰাধাকৃষ্ণৰ মন্দিৰ, নাট্যমন্দিৰ আদি৷ ইয়াৰ উপৰিও ৰামকৃষ্ণ পৰমহংসৰ বাসগৃহ য’ত তেওঁৰ ব্যৱহূত সামগ্ৰী বৰ্তমানো সংৰক্ষিত কৰা আছে, তেওঁৰ পত্নী সাৰদা দেৱীৰ বাসগৃহ যিসমূহ আজিকালি দৰ্শনাৰ্থীসকলে ধৰ্মস্থানৰূপে বিবেচনা কৰে৷ মূল মন্দিৰত শিৱৰ বুকুৰ ওপৰত ভৱতাৰিণী নামে কালীৰ মূৰ্তি প্ৰতিষ্ঠিত৷
দক্ষিণেশ্বৰ মন্দিৰৰ নিৰ্মাতা ৰাণী ৰাসমণি৷ তেওঁক ৰাণী বুলি কোৱা হয় যদিও তেওঁ কোনো ৰাজ্যৰ ৰাণী নাছিল৷ ৰাণী ৰাসমণি লোকমাতা নামেৰেও পৰিচিত আছিল৷ ১৭৯৩ চনত ২৮ চেপ্তেম্বৰত এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাসমণি এঘাৰ বছৰ বয়সতে¸ জানবজাৰৰ জমিদাৰ ৰাজ চন্দ্ৰ দাসৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ চাৰিগৰাকী কন্যা জন্ম হয়৷ বিয়াৰ কিছু বছৰ পাছত স্বামীৰ মৃত্যু হয়৷ স্বামীৰ মৃত্যুত প্ৰথম অৱস্থাত ৰাণী ৰাসমণি ভাঙি পৰিছিল যদিও পাছত পৰিয়ালৰ লগতে জমিদাৰী কাম-কাজ আৰু ব্যৱসায়ৰ সকলো দায়িত্ব ল’বলৈ বাধ্য হৈছিল আৰু অত্যন্ত দক্ষতাৰে এই দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ আছিল একেধাৰে ব্যৱসায়ী, উদ্যোক্তা, জমিদাৰ আৰু সমাজসেৱী৷ ৰাসমণিয়ে প্ৰয়াত স্বামীৰ স্মৃতিত বাবু ঘাট, নিমতলা আৰু অহিৰিতোলা নামেৰে হুগলী নদীত গা-ধোৱা ঘাট নিমাৰ্ণ কৰিছিল৷ তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে সুবৰ্ণৰেখা নদীৰ পৰা পুৰীলৈকে পথো নিমাৰ্ণ কৰিছিল৷ সেইসময়ৰ ইম্পেৰিয়াল লাইব্ৰেৰী বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল আৰু হিন্দু কলেজ বৰ্তমান প্ৰেচিডেন্সি কলেজতো ৰাসমিণয়ে যথেষ্ট পৰিমাণৰ দান-বৰঙণি আগবঢ়াইছিল৷
আনকি ৰাসমণিয়ে জনসাধাৰণৰ হকে ব্ৰিটিছৰ সন্মুখত সাহসেৰে ঠিয় দিছিল৷ এবাৰ ব্ৰিটিছ চৰকাৰে হুগলী নদীত মাছ ধৰা বাবে মাছমৰীয়াসকলৰ ওপৰত কৰ আৰোপ কৰিছিল৷ তেতিয়া ৰাসমণিয়ে মাছমৰীয়াৰ হৈ সকলো কৰ চৰকাৰক আদায় দি লোহাৰ শিকলি টানি নদীত জাহাজ-নাও চলাচল বন্ধ কৰি দিছিল৷ এই কথাত ব্ৰিটিছ চৰকাৰে আপত্তি কৰাত ৰাসমণিয়ে প্ৰত্যুত্তৰত জাহাজ চলাচল কৰিলে মাছবোৰ আন ঠাইলৈ গুচি যাব আৰু মাছমৰীয়াসকল ক্ষতিগ্ৰস্ত হ’ব কোৱাত চৰকাৰে কৰ হিচাপে লোৱা টকা উভতাই দিয়াৰ উপৰিও মাছমৰীয়াসকলৰ ওপৰত আৰোপ কৰা কৰ উঠাই লয়৷ ৰাসমণিৰ অসাধাৰণ সামাজিক কাম আৰু দানশীল স্বভাৱৰ বাবেই জনসাধাৰণে তেওঁক ৰাণী সম্বোধন কৰিছিল৷ সাধাৰণ লোকৰ প্ৰতি থকা দয়াৰ বাবেই ৰাসমণিক “লোকমাতা” সন্মানেৰে অভিহিত কৰিছিল৷
ধাৰ্মিক, মানৱপ্ৰেমী ৰাসমণিয়ে ১৮৪৭ চনত ঐশ্বৰিক মাতৃৰ প্ৰতি ভক্তি প্ৰকাশৰ বাবে পবিত্ৰ হিন্দু নগৰ কাশীলৈ তীৰ্থভ্ৰমণৰ বাবে পৰিয়ালৰ আন সদস্যসকলৰ সৈতে যোৱাৰ মন মেলিছিল৷ সেই উদ্দেশ্যেৰে ২৪ খন নাৱত ৰচদ পাতি সাজু কৰি কাশীলৈ যাত্ৰা কৰাৰ আগদিনা ৰাতি দেৱীয়ে ৰাসমণিক স্বপ্নাদেশ কৰে, কাশীলৈ যোৱাৰ পৰিবৰ্তে গঙ্গা নদীৰ পাৰত মন্দিৰ সাজি তাত দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰি তাত দেৱীৰ পূজাৰ ব্যৱস্থা কৰিবলৈ , লগতে কৈছিল দেৱীয়ে সেই মূৰ্তিত নিজকে প্ৰকাশ কৰিব আৰু পূজা গ্ৰহণ কৰিব৷
সপোনত নিৰ্দেশ পাই ৰাণী ৰাসমণি কাশীলৈ যোৱাৰ পৰিকল্পনা বাতিল কৰে আৰু মন্দিৰ নিৰ্মাণৰ বাবে উপযুক্ত মাটিৰ সন্ধান কৰে৷ বৰ্তমান যি ঠাইত এই মন্দিৰ নিৰ্মাণ কৰা হৈছে সেই ঠাই আছিল জেক হেষ্টি নামৰ এজন ইংৰাজ লোকৰ যিখন চাহেবান বাগিচা অৰ্থাৎ চাহাবৰ বাগিচা নামেৰে পৰিচিত আছিল৷ তেওঁ জেক হেষ্টিৰ পৰা সেই মাটি ক্ৰয় কৰে আৰু ইয়াৰ বাকী কিছু অংশ আছিল কবৰস্থান৷ সেয়ে এই স্থানত শক্তি উপাসনাৰ কাৰণে উপযুক্ত স্থান বুলি বিবেচিত কৰা হয়৷ প্ৰায় বিশ একৰ মাটিত ১৮৪৭ চনতে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু মন্দিৰ নিৰ্মাণৰ বাবে প্ৰায় আঠ বছৰ লাগিছিল৷ ১৮৫৫ চনৰ ৩১ মে’ত জগন্নাথ মন্দিৰৰ স্নান যাত্ৰাৰ দিনাখন মন্দিৰত ভৱতাৰিণী দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল৷ কোৱা হয় প্ৰতিষ্ঠিত দেৱীৰ মূৰ্তি এটা শিলৰ পৰা তৈয়াৰী৷ ৰূপৰ পদুম ফুলৰ ওপৰত শুই থকা শিৱৰ বুকুত থিয় হৈ আছে মাভৱতাৰিণী৷ ৰাণী ৰাসমণি আছিল কৈৱৰ্ত সম্প্ৰদায়ৰ সেয়ে সামাজিক প্ৰথা অনুযায়ী কোনো ব্ৰাহ্মণে মন্দিৰ প্ৰতিষ্ঠা বা মন্দিৰৰ পুৰোহিতৰ দায়িত্ব ল’বলৈ বিচৰা নাছিল৷ শেষত ৰামকুমাৰ চট্টোপাধ্যায়ই প্ৰধান পুৰোহিত হিচাপে দায়িত্ব লৈছিল আৰু তেওঁৰ ভায়েক গদাধৰ আহিছিল সহযোগী হিচাপে৷ এই শুভ অনুষ্ঠানলৈ দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা বহু ব্ৰাহ্মণক আমন্ত্ৰণ জনোৱা হৈছিল৷ মন্দিৰ প্ৰতিষ্ঠাৰ পাছৰ বছৰতে ৰামকুমাৰ চট্টোপাধ্যায় মৃত্যু হোৱাত প্ৰধান পুৰোহিতৰ দায়িত্ব গদাধৰক দিয়া হয়, যিয়ে পৰৱৰ্তী কালত ঊণবিংশ শতিকাৰ বিশিষ্ট সাধক তথা সংস্কাৰক ৰামকৃষ্ণ পৰমহংস নামে পৰিচিত হৈ পৰে৷
পশ্চিমবঙ্গৰ ব্ৰিটিছ সংস্কৃতিৰ পৰা অস্পৃশ্য হৈ থকা কমাৰপুকুৰ গাঁৱৰ এটি অতি দৰিদ্ৰ, ধাৰ্মিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গদাধৰ৷ শৈশৱ আৰু কৈশোৰৰ সময়খিনি গাঁৱতে অতিবাহিত কৰা গদাধৰ পিতৃ ক্ষুদিৰাম চট্টোপাধ্যায় আৰু তেওঁৰ দ্বিতীয় পত্নী চন্দ্ৰমণিৰ কনিষ্ঠ তথা চতুৰ্থ সন্তান আছিল৷ অতি অসাধাৰণ মেধাবী, স্মৃতিশক্তিসম্পন্ন আৰু মধুৰ আচৰণৰ গদাধৰ শিল্প, সংগীত, অভিনয় আদিত থকা বিস্ময়কৰ প্ৰতিভাৰ বাবে গাঁৱত তেওঁ সকলোৰে প্ৰিয় আছিল৷ মাত্ৰ সাত বছৰ বয়সতে পিতৃৰ বিয়োগ আৰু বিশালাক্ষী দেৱীৰ ঐশ্বৰিক দৰ্শনে তেওঁৰ জীৱনৰ গতিপথ সলনি কৰি দিছিল৷ কিতাপৰ শিক্ষা বাদ দি তেওঁ এনে জ্ঞানৰ প্ৰতি আকৰ্ষিত হ’ল যিয়ে তেওঁক ঈশ্বৰক উপলদ্ধি কৰাত সহায় কৰে৷
প্ৰায় ত্ৰিশ বছৰ ৰামকৃষ্ণ পৰমহংস এই মন্দিৰৰ প্ৰধান পুৰোহিত হৈ আছিল৷ তেওঁৰ পত্নী সাৰদা দেৱীও এই মন্দিৰতে আছিল, যিটো কোঠাত তেওঁ আছিল সেই কোঠাটো বৰ্তমান সংৰক্ষিত কৰি তেওঁৰ নামত উৎসৰ্গিত মন্দিৰ৷ মন্দিৰ উদ্ধোধনৰ পিছত ৰাণী ৰাসমণিও বৰ বেছি দিন জীয়াই নাথাকিল৷ পাঁচ বছৰ পিছতেই তেওঁ অসুস্থ হৈ পৰে সেয়ে মন্দিৰৰ দায়িত্ব উত্তৰাধিকাৰী হিচাপে মন্দিৰ ন্যাসক গতাই দিয়াৰ সিদ্ধান্ত লয়৷ ১৮৬১ চনৰ ১৮ ফেব্ৰুৱাৰিত মন্দিৰৰ দায়িত্ব ন্যাসক গতাই দিয়াৰ পাছদিনাই অৰ্থাৎ ১৯ ফেব্ৰুৱাৰিত ৬৮ বছৰ বয়সত ৰাসমণিয়ে শেষ নিঃশ্বাস ত্যাগ কৰে৷ ব্যক্তিগত জীৱনত ৰাণী ৰাসমণিয়ে এগৰাকী সাধাৰণ ধাৰ্মিক হিন্দু বিধৱা মহিলাৰ দৰেই সৰল জীৱন যাপন কৰিছিল ৷
ৰাণী ৰাসমণিৰ জন্মৰ শতবাৰ্ষিকীত ভাৰত চৰকাৰৰ ডাক বিভাগে তেওঁৰ স্মৃতিত ৰাণী ৰাসমণি স্মাৰক ডাক টিকটৰ প্ৰচলন কৰে৷ কলকাতাৰ কাৰ্জন পাৰ্কত ৰাণী ৰাসমণিৰ জন্মৰ দুশ বছৰ পূৰ্তিত এটি মমৰ মূৰ্তি স্থাপন কৰা হয়৷ দক্ষিণেশ্বৰ মন্দিৰ চৌহদত তেওঁৰ মূৰ্তি আৰু স্মৃতিসৌধ আছে৷ স্মৰণীয় ব্যক্তিত্বৰ বাবে ৰাণী ৰাসমণিৰ নামেৰে পথ, ফেৰী ঘাট, বিভিন্ন ঠাইত স্মৃতিস্তম্ভ আদি সজা হৈছে৷ বঙালী ভাষাত তেওঁৰ জীৱনীমূলক চলচ্চিত্ৰ আৰু ধাৰাবাহিক নিমাৰ্ণ কৰি টেলিভিচনত প্ৰচাৰিত হৈছে৷ প্ৰকৃততে ৰাণী ৰাসমণিয়ে বিভিন্ন জনহিতৈষী কাম আৰু দানশীল স্বভাৱৰ বাবে খ্যাতি অৰ্জন কৰিছিল৷

আমি আবেলি চাৰে চাৰিটা মানত গৈ মন্দিৰ প্ৰাঙ্গনত প্ৰৱেশ কৰিলোঁ৷ মন্দিৰৰ পৰিৱেশ অতি শান্ত আৰু পৰিষ্কাৰ৷ ভক্তৰ সংখ্যা যথেষ্ট যদিও মন্দিৰ প্ৰাঙ্গন ডাঙৰ বাবে হুলস্থূলীয়া বা বিশৃঙ্খল পৰিৱেশ পৰিলক্ষিত নহ’ল৷ প্ৰতিটো প্ৰয়োজনীয় ব্যৱস্থা অতি পৰিপাটীকৈ কৰা হৈছে– যান-বাহন ৰখা ঠাই, পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ শাৰী শাৰীকৈ দোকান, নিৰাপত্তাৰ সুব্যৱস্থা আদি৷ কেমেৰা, ম’বাইল বেগ আদি লৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ নিষেধ ৷ এইসমূহ ৰখাৰ বাবে সুব্যৱস্থা আছে৷ দূৰদূৰণিৰ পৰা অহা ভক্তৰ বাবে অতিথিশালাৰ ব্যৱস্থাও আছে৷ সাধাৰণতে বহুতো মন্দিৰত দেখাৰ দৰে পাণ্ডাৰ প্ৰভাৱো চকুত নপৰিল৷ দক্ষিণেশ্বৰ মন্দিৰৰ আৰু কলকাতাৰ বিখ্যাত বেলুড় মঠৰ মাজত যাতায়তৰ বাবে ফেৰীৰ ব্যৱস্থা আছে৷
সন্ধিয়া বিজুলীৰ পোহৰত আলোকিত মন্দিৰত আৰতিৰ ধবনি মূখৰিত এক আশ্চৰ্যজনক আধ্যাত্মিক পৰিৱেশ আৰু হুগলী নদীৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্যত কিছুসময় কটাই উভতিলোঁ৷
জোনা মহন্ত