
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ আন্দামানৰ অতুলনীয় ৰূপৰ বৰ্ণনা শুনি আৰু বিভিন্ন কাকত আলোচনীত চেলুলাৰ জেলৰ বিষয়ে পঢ়ি আন্দামানলৈ যোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছিলোঁ ৷ সেয়ে ২০১৬ চনৰ ডিচেম্বৰ মাহৰ ১৮ তাৰিখে মই, মোৰ সহকৰ্মী ভূপালী হাজৰিকা, ৰুমা শৰ্মা আৰু বান্ধৱী সুৰভি চলিহা বৰগোঁহাই আন্দামান ভ্ৰমণৰ উদ্দেশ্যেৰে কলিকতালৈ উৰা মাৰিলোঁ ৷ কলিকতাৰ অসম ভৱনত নিশাটো কটাই পিছদিনা অৰ্থাৎ ১৯ ডিচেম্বৰত ৰাতিপুৱা স্পাইচ জেট বিমান সেৱাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী চহৰ পোৰ্ট ব্লেয়াৰ অভিমুখে ৰাওনা হলোঁ ৷
প্ৰায় আঢ়ৈ ঘণ্টা উৰণৰ শেষত পোৰ্ট ব্লেয়াৰৰ ‘বীৰ সাভৰকৰ এয়াৰপোৰ্ট’ত আমাৰ বিমানে অৱতৰণ কৰে ৷ পোৰ্ট ব্লেয়াৰৰ পৰা দুই কিলোমিটাৰ দক্ষিণে অৱস্থিত এই এয়াৰপোৰ্টখনে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মূল এয়াৰপোৰ্ট৷ মূলতে ‘পোৰ্ট ব্লেয়াৰ এয়াৰপোৰ্ট’ নামেৰে জনাজাত এই বিমানবন্দৰ ২০০২ চনত চেলুলাৰ জেলত দহ বছৰ ধৰি বন্দী হৈ থকা বিনায়ক দামোদৰ সাভৰকৰৰ নামেৰে নামকৰণ কৰা হয় ৷ এয়াৰপোৰ্টত আমাৰ বাবে ৰৈ আছিল তেনেই কম বয়সীয়া ২১-২২ বছৰীয়া ট্ৰেভেল এজেন্সিৰ প্ৰতিনিধি মুৰুলী ৷ তেওঁৰ লগতে পূৰ্ব নিৰ্ধাৰিত হোটেল Haywazzলৈ আহিলোঁ ৷ হোটেলৰ অভ্যৰ্থনা কাউন্টাৰত আমাৰ পাছপোৰ্ট বিচৰাত আমি অলপ আচৰিত হলোঁ ৷ অৱশ্যে আমাৰ আটাইকেইগৰাকীৰ লগত পাছপোৰ্ট আছিল বাবে উলিয়াই দি সুধিলোঁ– ‘পাছপোৰ্ট কিয় বিচাৰিছে, আমি জনাত আন্দামানলৈ আহিবলৈতো পাছপোৰ্টৰ প্ৰয়োজন নাই ৷’ তেওঁলোকে মিচিকিয়া হাঁহিৰে ক’লে–‘আমাক হেনো আফ্ৰিকাৰ পৰা অহা বুলি ভাবিছিল ৷’ তেওঁলোকৰ কথা শুনি হাঁহি উঠিল যদিও দুখো লাগিল ক’লা, শকত নিগ্ৰো বুলি ভবাৰ বাবে ৷ যি কি নহও দুপৰীয়াৰ সাঁজ হোটেলতে খাই পোৰ্ট ব্লেয়াৰৰ দৰ্শনীয় ঠাইসমূহ চাবলৈ মুৰুলীৰ লগতে ওলাই আহিলোঁ ৷
ভাৰতৰ মূল ভূখণ্ডৰ পৰা প্ৰায় ১৩০০ কিলোমিটাৰ পূবে বঙ্গোপসাগৰৰ দ্বাৰা বেষ্টিত নৈসৰ্গিক আৰু মনোমুগ্ধকৰ দ্বীপৰ সমষ্টিয়ে হ’ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৷ ভাৰতৰ কেন্দ্ৰীয় শাসিত এই অঞ্চল বঙ্গোপসাগৰ আৰু আন্দামান সাগৰৰ কেন্দ্ৰস্থলত অৱস্থিত প্ৰায় ৫৭২ টা দ্বীপৰ সমষ্টি ৷ ইয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ পোৰ্ট ব্লেয়াৰ ৷ আন্দামান ও নিকোবৰ দ্বীপপুঞ্জৰ মাত্ৰ ৩৬ টা দ্বীপতহে মানুহৰ বসতি আছে তাৰো আকৌ¸ কেইটামান দ্বীপহে বাণিজ্যিকীকৰণ আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে বিকশিত হৈছে ৷ বাকী বহুতো দ্বীপ আজিও মানুহৰ দ্বাৰা অস্পৃশ্য হৈয়ে আছে ৷ সাধাৰণতে পৰ্যটকে কেইটামান দ্বীপহে নিজৰ ভ্ৰমণসূচীত অন্তৰ্ভুক্ত কৰে ৷ এই সমূহৰ ভিতৰত হেভলক্ (Havelock) , জলি বয় (Jolly Buoy) , নীল দ্বীপ (Neil), বাৰাটাং (Baratang), নৰ্থ বে (North Bay), পেৰট (Parrot) প্ৰধান ৷ তথাপিও এই আটাইকেইটা দ্বীপ এসপ্তাহৰ ভ্ৰমণ তালিকাত সাঙুৰি লোৱা সম্ভৱ নহয় ৷ স্ফটিকৰ দৰে স্বচ্ছ সাগৰৰ পানী, পাম গছেৰে বগা বালিৰ উপকূল আৰু গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰে এখন যেন অন্য পৃথিৱী ৷ সমৃদ্ধ সামুদ্ৰিক জীৱ আৰু প্ৰৱাল প্ৰাচীৰৰ বাবে বেছিভাগ বিচ্চত (Beach) বিভিন্ন জল ক্ৰীড়া যেনে স্কুবা ডাইভিং, স্নৰ্কেলিং, স্পিড বোটিং, কায়াকিং আদি বিভিন্ন খেলৰ ব্যৱস্থা আছে ৷ ভাৰতীয় পৰ্যটকৰ আন্দামান ভ্ৰমণৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নাই ৷ বিদেশী পৰ্যটকৰ বাবে অনুমতিৰ প্ৰয়োজন হয় যদিও পোৰ্ট ব্লেয়াৰ গৈ পোৱাৰ পাছত অনুমতি ল’লেও হয় ৷ অৱশ্যে উপজাতীয় এলেকাত প্ৰৱেশৰ বাবে ভাৰতীয় বা বিদেশী উভয় পৰ্যটককে অনুমতিৰ প্ৰয়োজন হয় ৷ সমগ্ৰ আন্দামান ও নিকোবৰ দ্বীপপুঞ্জৰ স্থলভাগৰ আয়তন প্ৰায় ৮২৪৯ বৰ্গ কিলোমিটাৰ ৷ এই দ্বীপপুঞ্জসমূহক তিনিটা ভাগত বিভক্ত কৰা হৈছে ৷ নিকোবৰ জিলাৰ সদৰ ঠাই কাৰ নিকোবৰ, দক্ষিণ আন্দামান জিলাৰ সদৰ ঠাই পোৰ্ট ব্লেয়াৰ আৰু উত্তৰ আৰু মধ্য আন্দামান জিলাৰ সদৰ ঠাই মায়াবন্দৰ ৷ মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ বাংলাভাষী লোক ৷ স্বাধীনতা সংগ্ৰামৰ সময়ত বিপুল সংখ্যক বঙালী বিপ্লৱীক বন্দী কৰি চেলুলাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল ৷ সেই লোকসকলৰ বহুতেই স্থায়ীভাৱে বসবাস কৰিবলৈ লয় ৷ সেয়ে হয়তো এই দ্বীপত বাংলাভাষী লোক বেছি ৷ ইয়াৰ উপৰিও হিন্দী, মালয়, তামিল, তেলেগু ভাষী লোক আছে ৷

১৭৭৭ চনত ব্ৰিটিছসকলে চলোৱা সমীক্ষা অনুসৰি এই দ্বীপলৈ বহিৰাগতৰ আগমণৰ বহু শতাব্দী আগতেই নেগ্ৰিটো, মঙ্গোলয়েড জাতিগোষ্ঠীৰ অধিকাৰ আছিল ৷
বৰ্তমানো জাৰাৱা, অংগে, চেণ্টিনেলিজ, শ্বোম্পেন আদি আদিবাসী জনগোষ্ঠীৰ লোক বাস কৰে ৷ চেণ্টিনেলিজসকল পৃথিৱীৰ আন লোকৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন জনগোষ্ঠী ৷ তেওঁলোকে আন লোকক তেওঁলোকৰ ওচৰ চাপিব নিদিয়ে ৷ ১৭৮৯ চনত আন্দামান ও নিকোবৰ দ্বীপপুঞ্জৰ এটা দ্বীপত ব্ৰিটিছসকলে উপনিৱেশ স্থাপন কৰে ৷ ১৮৫৭ চনত ব্ৰিটিছ চৰকাৰে ইয়াত বন্দীনিৱাস স্থাপনৰ পৰিকল্পনা কৰি ভাইপাৰ দ্বীপত দুশজন বন্দীক আনি ৰাখিছিল ৷ ১৯০৬ চনত চেলুলাৰ জেল নিৰ্মাণৰ পাছত ভাইপাৰ দ্বীপৰ এই কাৰাগাৰটো পৰিত্যক্ত হয় ৷
ৰাজধানী চহৰ পোৰ্ট ব্লেয়াৰ
নিৰ্ধাৰিত ভ্ৰমণসূচী মতেই আমি প্ৰথমে পোৰ্ট ব্লেয়াৰৰ পৰা তিনি কিলোমিটাৰ আঁতৰত অৱস্থিত ঐতিহাসিক ধবংসাৱশেষ আৰু স্বাধীনতা বিদ্ৰোহীৰ বহু দুখজনক কাহিনীৰ সাক্ষী ‘ৰছ দ্বীপ’লৈ যাওঁ ৷ যদিও আন্দামান ভ্ৰমণৰ মুখ্য আকৰ্ষণ প্ৰকৃতিৰ মনোমোহা ৰূপ উপভোগ কৰা, ৰছ দ্বীপৰ ভ্ৰমণে ইতিহাসৰ বহু জনা-নজনা কথা সোঁৱৰাই দিয়ে ৷ ৰছ দ্বীপ ব্ৰিটিছ শাসনৰ সময়ৰ সুকীয়া ইতিহাসৰ বাবে পৰিচিত ৷ এই দ্বীপত ঔপনিৱেশিক শক্তি আৰু বিলাসী সাম্ৰাজ্যবাদী জীৱন শৈলীৰ বিষয়ে অন্বেষণ কৰিব পাৰি ৷ বৰ্তমানৰ এই নিৰ্জন দ্বীপক এসময়ত ‘পূবৰ পেৰিছ’ বুলি কোৱা হৈছিল ৷ ১৭৮২ চনতে এই দ্বীপ দখল কৰি এটি Sanatorium সজা হৈছিল ৷ আদিতে সামুদ্ৰিক পৰিমাপক ডেনিয়েল ৰছৰ নামেৰে নামকৰণ কৰা হৈছিল যদিও ২০১৮ চনৰ ডিচেম্বৰ মাহত এই দ্বীপৰ নাম সলনি কৰি ‘নেতাজী সুভাষ চন্দ্ৰ বোস’ ৰখা হয় ৷ ১৮৫৭ চনত ব্ৰিটিছসকলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বন্দী শিবিৰ পতাৰ সিদ্ধান্ত লৈছিল ৷ সেই সিদ্ধান্ত মৰ্মেই ১৮৫৮ চনত ৰছ দ্বীপত বন্দী শিবিৰ স্থাপন কৰাৰ লগতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰশাসনিক মুখ্য কাৰ্য্যালয় স্থাপন কৰিছিল ৷ ইয়াৰ পিছত ৮৫ বছৰ প্ৰশাসনিক সদৰ দপ্তৰ হিচাপে ব্যৱহাৰ কৰিছিল ৷ এই সময়ৰ ভিতৰত চৰকাৰী সচিবালয়, চৰকাৰী ভৱন, গীৰ্জাঘৰ, বলৰূম আদি বহুতো গুৰুত্বপূৰ্ণ ভৱন নিৰ্মাণ কৰিছিল ৷ ওহাবী আন্দোলন (ইছলামিক সংস্কাৰ আন্দোলন) আৰু পৰৱৰ্তী স্বাধীনতা আন্দোলনৰ বহুতো বিশিষ্ট নেতাকে ধৰি দুশজন বন্দীক কলিকতাৰ পৰা আন্দামানলৈ লৈ অনা হয় ৷ এই বন্দীসকলক ৰছ দ্বীপৰ ঘন জংগল পৰিষ্কাৰ কৰা, ৰাস্তা নিৰ্মাণ কৰা, ঘৰ সজোৱা আদি বিভিন্ন কামত খটুৱায় ৷ তেওঁলোকৰ ওপৰত চলোৱা অমানৱিক অত্যাচাৰৰ বাবে বহু বন্দীয়ে মৃত্যুকো সাবটি ল’বলগীয়া হৈছিল ৷ ভাৰতীয় বন্দীসকলৰ বৰ্ণনাতীত কষ্টৰ দ্বাৰা নিৰ্মিত এই ঘৰসমূহৰ ধবংসাৱশেষবোৰে আজিও ৰছ দ্বীপৰ ইতিহাসৰ সাক্ষী হৈ আছে ৷ এই দ্বীপৰ ভ্ৰমণে ইতিহাসৰ এক ক’লা অধ্যায় চকুৰ আগত দাঙি ধৰে ৷ বৰ্তমানো ব্ৰিটিছ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসকলে দ্বীপত নিৰ্মাণ কৰা ঘৰসমূহৰ ধবংসাৱশেষৰ অৱশিষ্টসমূহত ব্ৰিটিছসকলৰ বিলাসবহুল জীৱন আৰু স্বাধীনতা সংগ্ৰামীৰ ওপৰত হোৱা বৰ্বৰতাৰ স্পষ্ট ছবি দেখিবলৈ পোৱা যায় ৷ আক্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ ব্ৰিটিছ কৰ্মকৰ্তাসকল পলাই যোৱাৰ বাবে দ্বীপৰ চৌদিশে অনন্য ভাৱে নিৰ্মাণ কৰা মানৱ-গুহাসমূহ পৰিত্যক্ত হৈ আছে ৷ এই সমূহে বৰ্তমানো নিৰ্মাণৰ সময়ত বন্দীসকলৰ দক্ষতা, প্ৰচেষ্টা আৰু কষ্টৰ পৰিচয় বহন কৰি আছে ৷ ১৯৪১ চনৰ ভূমিকম্পৰ পাছত ৰছদ্বীপ পৰিত্যক্ত হৈ পৰে ৷ বৰ্তমান এই দ্বীপত কোনো লোকৰ বসতি নাই ৷ প্ৰকৃততে কতৃৰ্পক্ষই অসামৰিক লোকক তাত বসতিৰ অনুমতি দিয়া নাই ৷ এই দ্বীপৰ মাজতে ফুটুকী হৰিণ আৰু ময়ূৰ যথেষ্ট দেখিবলৈ পোৱা যায় ৷ তাৰ উপৰিও নাৰিকল, খেজুৰৰ গছেৰে ভৰা ৷ ৰছ দ্বীপ পোৰ্ট ব্লেয়াৰৰ জলক্ৰীয়া কমপ্লেক্স আৰু চেলুলাৰ জেলৰ পৰা দৃশ্যমান ৷ নাও বা ফেৰীৰে মাত্ৰ পোন্ধৰ মিনিটতে পোৱা যায় ৷ ৰছ দ্বীপত প্ৰকৃতিৰ ৰূপৰ বাহিৰেও ইতিহাসৰ যি ছবি দেখা যায় আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আন ক’তো বিচাৰি পোৱা নাযায় ৷ সেয়ে আন্দামানৰ ভ্ৰমণসূচীত ৰছ দ্বীপ অন্তৰ্ভুক্ত কৰিলে ইতিহাসৰ বহু নজনা কথা জানিব পাৰি ৷

ৰছ দ্বীপৰ পৰা উভতি দক্ষিণ আন্দামান দ্বীপৰ দক্ষিণ প্ৰান্তত, পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় পঁচিশ কিলোমিটাৰ নিলগত অৱস্থিত চিড়িয়াতাপুলৈ যাওঁ ৷ মনোৰম প্ৰকৃতিৰ সৌন্দৰ্য, সূৰ্যাস্তৰ দৃশ্য আৰু বিভিন্ন চৰাইৰ বাসস্থানৰ বাবেই চিড়িয়াতাপু বিখ্যাত ৷ এই অঞ্চলৰ বহুৰঙী সাগৰৰ দৃশ্যই ভ্ৰমণকাৰীক আকৰ্ষণ কৰে ৷ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ স্থানীয় আৰু বিপন্ন প্ৰজাতিৰ প্ৰাণীসমূহৰ সংৰক্ষণ আৰু অধ্যয়নৰ প্ৰতি লক্ষ্য ৰাখি ২০০১ চনত চিড়িয়াতাপুত জৈৱবৈচিত্ৰ্যৰ পাৰ্ক এখন স্থাপন কৰা হৈছে ৷ আন্দামান প্ৰায় এশৰো বেছি প্ৰজাতিৰ স্থানীয় চৰাইৰ আৱাসস্থল ৷ চৰাই প্ৰেমীসকলৰ বাবে চিড়িয়াতাপু এখন আকৰ্ষণীয় দৰ্শনীয় ঠাই ৷ চিড়িয়াৰ অৰ্থই হৈছে চৰাই ৷ ইয়াৰ উপৰিও ট্ৰেকিং আৰু জলক্ৰীয়াসমূহে পৰ্যটকক আকৰ্ষণ কৰে ৷

চিড়িয়াতাপুৰ পৰা পোৰ্ট ব্লেয়াৰৰ আট্লাণ্টা পইণ্টত ব্ৰিটিছৰ শাসন কালত ৰাজনৈতিক আৰু স্বাধীনতা সংগ্ৰামী বন্দীসকলক নিৰ্বাসনৰ বাবে নিৰ্মাণ কৰা চেলুলাৰ জেললৈ আহোঁ ৷ ‘চেলুলাৰ জেল’ নামটোৱেই ইয়াৰ তাৎপৰ্য বহন কৰে অৰ্থাৎ ‘একক কাৰাগাৰ’৷ ইয়াত সমূহীয়া শয়ন কোঠাৰ ব্যৱস্থা নাছিল ৷ বন্দীসকলৰ মাজত যিকোনো ধৰণৰ যোগাযোগ কৰা অসম্ভৱ আৰু নিষিদ্ধ আছিল ৷ চেলুলাৰ জেলক ‘কালাপানী’ বুলিও কোৱা হয় ৷ কালা মানে মৃত্যু অৰ্থাৎ এই জেলত কাৰাবাস খাটিবলৈ নিৰ্ধাৰিত কৰা বন্দীসকলৰ মৃত্যু অনিবাৰ্য্য আৰু পানীয়ে, পানীৰ মাজত দূৰৱৰ্তী অৱস্থানক বুজায় ৷ সৰু সৰু দ্বীপ, স্ফটিক স্বচ্চ নীলা পানী, মেংগ্ৰোভ অৰণ্য আদিৰে প্ৰাকৃতিক আশ্চৰ্যৰে ভৰি থকা আন্দামানৰ বাবে ‘কালাপানী’ শব্দটো প্ৰকৃততে শুদ্ধ বুলি ক’ব নোৱাৰি ৷ কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে সন্মুখীন হোৱা ভয়ঙ্কৰ শাস্তিসমূহ হয়তো মৃত্যুদণ্ডতকৈও কঠোৰ আছিল কালাপানীত ৷ কালাপানীৰ চৌদিশে আছে হাজাৰ হাজাৰ বন্দীৰ অসংখ্য কাহিনী৷ ‘বীৰ সাভৰকাৰ’, বটুকেশ্বৰ দত্ত আদিৰ দৰে কেইজনমানৰ জীৱনৰ সৈতে জড়িত কাহিনীৰ কিছু জনা যায় যদিও বহুতৰ অন্ধকাৰময় জীৱনৰ বিষয়ে একো জনা নাযায় ৷ কালাপানীৰ বন্দীসকলৰ ওপৰত হোৱা বৰ্বৰতাৰ তীব্ৰতা চেলুলাৰ জেললৈ নোযোৱালৈকে অনুভৱ কৰা সম্ভৱ নহয় ৷

বিখ্যাত চেলুলাৰ জেলৰ নিৰ্মাণৰ বহু আগতেই ‘কালাপানী’ৰ কাহিনী আৰম্ভ হৈছিল ৷ ১৭৮৯ চনতেই ব্ৰিটিছসকলে আন্দামানৰ চাথাম দ্বীপত (য’ত বৰ্তমানৰ পোৰ্ট ব্লেয়াৰ অৱস্থিত) নৌসেনাৰ ঘাটি আৰু শাস্তিমূলক উপনিৱেশ স্থাপন কৰিছিল ৷ দুবছৰ পাছতেই ইয়াক পোৰ্ট কৰ্ণৱালিছলৈ স্থানান্তৰ কৰা হয় যদিও ১৭৯৬ চনত মেলেৰিয়াৰ বাবে পৰিত্যক্ত কৰা হয় ৷ তাৰপাছত ১৮৫৭ চনত প্ৰথম স্বাধীনতা সংগ্ৰামৰ সময়ত কাৰাগাৰ নিৰ্মাণ নকৰাকৈয়ে শাস্তিমূলক বসতি হিচাপে প্ৰায় দুশজন বন্দী আন্দামানৰ ভাইপাৰ দ্বীপলৈ অনা হৈছিল ৷ তাৰ পাছত ১৮৬৮ চনত কৰাচীৰ পৰা সাতশৰো অধিক বন্দীক অনা হৈছিল ৷ ১৯ শতিকাৰ শেষৰ ফালে স্বাধীনতা আন্দোলনৰ গতি ত্বৰিত হ’বলৈ ধৰাত আন্দামানলৈ পঠোৱা বন্দীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে আৰু উচ্চ নিৰাপত্তা সম্পন্ন কাৰাগাৰৰ প্ৰয়োজনীয়তা অনুভৱ হ’ল ৷ সেয়ে ১৮৯৩ চনৰ ২৯ জুলাইত চেলুলাৰ জেল নিৰ্মাণৰ অনুমোদন লাভ কৰাৰ পাছতেই সেই বছৰেই ২৫ ছেপ্টেম্বৰত নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ ১৯০৬ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই কাৰাগাৰটোৱে সেই সময়ৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰালৈকে অতি অন্ধকাৰ ইতিহাসৰ সাক্ষ্য বহন কৰি আছে ৷ স্বাধীনতা সংগ্ৰামীসকলক দমন কৰা কঠিন হৈ পৰাত ভাৰতৰ মূল ভূখণ্ড আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি তেওঁলোকৰ মনোবল ভাঙি যোৱাকৈ কঠোৰ নিৰ্যাতন, অপমান কৰাৰ বাবেই আছিল এই ব্যৱস্থাৰ উদ্দেশ্য ৷ এসময়ৰ এই ঔপনিৱেশিক কাৰাগাৰটো ১৯৭৯ চনৰ ১১ ফেব্ৰুৱাৰিত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে এটা স্মৃতিসৌধ হিচাপে ঘোষণা কৰে ৷
চেলুলাৰ জেলৰ নিৰ্মাণ আৰ্হি অনন্য আৰু মন কৰিবলগীয়া ৷ তৰা সদৃশ আৰ্হিৰে পোৰ্ট ব্লেয়াৰৰ আটলাণ্টা পইণ্টত এবেৰ্ডিন (Aberdeen) জেটিৰ ৬৭ ফুট উচ্চতাত নিৰ্মিত ৷ চেলুলাৰ জেলৰ স্থাপত্য ইংৰাজ দাৰ্শনিক, আইনবিদ, সমাজ সংস্কাৰক জেৰেমি বেনথামৰ (Jeremy Bentham) ‘পেন’প্টিকন’ (Panopticon) ধাৰণাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত৷ পেন’প্টিকন হৈছে ১৮ শতিকাত ডিজাইন কৰা এক প্ৰকাৰৰ প্ৰতিষ্ঠানিক ভৱন আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা ৷ ডিজাইনৰ ধাৰণাটো হ’ল কোনো প্ৰতিষ্ঠানৰ প্ৰতিজন লোকৰ ওপৰত তেওঁলোকে ক’ব নোৱৰাকৈ এজন নিৰাপত্তাৰক্ষীয়ে পৰ্যবেক্ষণ কৰা ৷ বেনথামে এই পৰিকল্পনাটো চিকিৎসালয়, বিদ্যালয়, চানেটৰিয়াম, কাৰাগাৰ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ধাৰণা কৰিছিল ৷ গ্ৰীচৰ পৌৰাণিক আখ্যান অনুসৰি পেন’প্টিছ [Panoptes) আছিল এশ চকুৰ এজন দৈত্য যাক এজন বিচক্ষণ প্ৰহৰী বুলি কোৱা হৈছিল ৷ হয়তো এই পেন’প্টিছৰ পৰাই ‘পেন’প্টিকন’ শব্দৰ উদ্ভৱ হৈছে ৷
চেলুলাৰ জেলৰ মূল বিল্ডিঙটো ৰঙা ৰঙৰ ৷ কাৰাগাৰৰ কেন্দ্ৰত এটা ওখ টাৱাৰ যিটো নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ টাৱাৰত এলাৰ্মৰ বাবে এটা ডাঙৰ ঘণ্টা আছিল ৷ কেন্দ্ৰত থকা এই টাৱাৰৰ পৰা চাইকেলৰ চকাৰ স্পোকৰ দৰে সাতটা তিনিমহলীয়া ভৱন নিৰ্মাণ কৰা হৈছিল ৷ দীঘলীয়াকৈ সজা এই সাতটা ভৱনত মুঠ ৬৯৩ টা চেল বা কোঠা, প্ৰতিটো চেলৰ আকাৰ ১৩.৫ X৭.৫ ফুট আৰু প্ৰায় ৯ ফুট উচ্চতাত এখন ১X৩ ফুট ভেণ্টিলেটৰ ৷

ব্ৰিটিছ জেইলৰ আৰু নিৰাপত্তাৰক্ষীৰ বাসস্থান আৰু প্ৰশাসনিক কাম-কাজৰ বাবে জেলৰ প্ৰৱেশ পথত এটা দুইমহলীয়া ভৱনো নিৰ্মাণ কৰা হৈছিল ৷ চেলুলাৰ জেলৰ ভৱনটো নিৰ্মাণৰ বাবে ত্ৰিশ লাখতকৈও অধিক ইটাৰ প্ৰয়োজন হৈছিল ৷ এই ইটাসমূহ মিন্নি উপসাগৰ (Minnie Bay) আৰু ভাইপাৰ দ্বীপৰ ডুনদাছ পইণ্ট (Dundas Point)ৰ উপৰিও বিভিন্ন এলেকাত বন্দীসকলৰ দ্বাৰাই তৈয়াৰ কৰিছিল ৷ বন্দীসকলক ৰাখিবলৈ এনেদৰে পৰিকল্পিত ভাৱে নিৰ্মাণ কৰা হৈছিল, এটা ভৱনৰ সন্মুখৰ ভাগৰ পৰা আনটো ভৱনৰ পাছৰফালটোহে দেখা যায় ৷ সেয়ে বন্দীসকলে ইজনে সিজনক দেখাৰ কোনো সম্ভাৱনা নাছিল ৷ কাৰাগাৰৰ কোঠাৰ তলা লগোৱা ব্যৱস্থাও আছিল অনন্য ৷ ভিতৰৰ পৰা চেষ্টা কৰিলেও তলাটো ঢুকি পোৱা নাযায় ৷ বন্দীসকলক তলা মাৰি চাবি বন্দীৰ কোঠাতে দলিয়াই দিয়া হৈছিল ৷ জেলত বন্দীসকলৰ বাবে কোনো শৌচাগাৰ আৰু লাইটৰ ব্যৱস্থা নাছিল ৷ তেওঁলোকক দুটা মাটিৰ পাত্ৰ দিয়া হৈছিল ৷ এটা পাত্ৰ খাদ্য খোৱাৰ বাবে আৰু আনটো শৌচাগাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ৷ ৰাতিপুৱা নিজেই এই পাত্ৰ ধুব লাগিছিল ৷
পথ, ভৱন নিৰ্মাণৰ সৈতে জড়িত কামৰ বাহিৰেও নাৰিকলৰ ৰছী তৈয়াৰ কৰা, তেল নিষ্কাসন কৰা আদি কামতো বন্দীসকলক ব্যৱহাৰ কৰা হৈছিল ৷ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কামবোৰ শেষ কৰিব নোৱাৰিলে নৃশংস শাস্তি প্ৰদান কৰা হৈছিল ৷
অমানৱীয় অত্যাচাৰ সহিব নোৱাৰি এবাৰ কিছু সংখ্যক বন্দী পলোৱাৰ বাবে চেষ্টা কৰিছিল ৷ কিন্তু বিশাল সাগৰ অতিক্ৰম কৰাৰ কোনো সম্ভাৱনাই নাছিল ৷ তেওঁলোকক পুনৰ উদ্ধাৰ কৰা হয় ৷ সেই সকলৰ এজনে আত্মহত্যা কৰে আৰু বাকীবোৰক ফাঁচি দিয়া হয় ৷ শেষকৃত্যৰ বাবে কোনো ব্যৱস্থা নাছিল মৃতদেহসমূহ শিল বান্ধি সাগৰত পেলাই দিয়া হৈছিল ৷

বন্দীসকলক যি খাদ্য দিয়া হৈছিল সেইবোৰ মানুহৰ বাবে উপযোগী নাছিল ৷ কাৰাগাৰৰ খাদ্যৰ মানদণ্ডৰ বাবে এবাৰ অসংখ্য বন্দীয়ে অনশন কৰিছিল ৷ অনশনকাৰীসকলক কাৰাগাৰ কতৃৰ্পক্ষই নাকেৰে পাইপ সুমুৱাই জোৰকৈ গাখীৰ খুৱাইছিল ফলত ‘মহাবীৰ সিং’ নামৰ মুক্তি যোদ্ধা এজনৰ হাঁওফাওঁত গাখীৰ সোমাই মৃত্যু হৈছিল ৷ এইবোৰৰ পৰা অনুমান কৰিব পাৰি বন্দীসকলে জনমভূমিৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি ব্ৰিটিছসকলৰ কেনে অমানুষিক বৰ্বৰতাৰ বলি হৈ নাৰকীয় জীৱন কটাবলগীয়া হৈছিল ৷ চেলুলাৰ জেলৰ প্ৰতিটো ইটাই আজিও বহন কৰি আছে সেই অবৰ্ণনীয় নিষ্ঠুৰতাৰ কাহিনী ৷ চেলুলাৰ জেলত বন্দীসকলৰ ওপৰত কৰা অত্যাচাৰ যিমান নৃশংস আছিল, স্বাধীনতা সংগ্ৰামীসকলক দমন কৰাও ব্ৰিটিছসকলৰ সিমানেই কঠিন হৈ পৰিছিল ৷
চেলুলাৰ জেল নিৰ্মাণৰ সময়ত যদিও সাতটা ভৱন আছিল বৰ্তমান তিনিটাহে আছে ৷ মিউজিয়ামত ৰখা মডেলতহে এই জেলৰ সম্পূৰ্ণ আৰ্হি দেখিবলৈ পোৱা যায় ৷ ১৯৪১ চনত হোৱা ভূমিকম্পত দুটা ভাঙি পৰে আৰু ভাৰত স্বাধীন হোৱাৰ ঠিক পাছতেই দুটা ভৱন ভাঙি পেলোৱা হৈছিল ৷ কোৱা হয় চেলুলাৰ জেলৰ ইতিহাসৰ ক’লা অধ্যায়ৰ স্পষ্ট প্ৰমাণ মুচি পেলোৱাৰ বাবেই এনে কৰা হৈছিল ৷ ১৯৬৩ চনত জেলৰ চৌহদত গোবিন্দ বল্লভ পন্ত নামেৰে এখন চিকিৎসালয় স্থাপন কৰা হৈছে ৷ বৰ্তমান ৫০০ খন বিছনাযুক্ত চিকিৎসালয়খনত ৪০ জন চিকিৎসকে জনসাধাৰণক বিনামূলীয়াকৈ সেৱা আগবঢ়াই আছে ৷
পৰ্যটন বিভাগে সোমবাৰৰ বাহিৰে প্ৰতিদিনে জেলৰ চৌহদৰ মুকলি ঠাইত ‘লাইট এণ্ড চাউণ্ড’ৰ শ্ব’ প্ৰদৰ্শন কৰে ৷ এই শ্ব’চেলুলাৰ জেলত স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত কৰা অত্যাচাৰৰ নাটকীয় উপস্থাপনা ৷ পোহৰ আৰু শব্দৰ সহায়ত বন্দীসকলৰ সীমাহীন কষ্ট আৰু জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ প্ৰদৰ্শনৰ চেষ্টা কৰা হয় ৷ সুন্দৰ কমেণ্টৰীৰে ৰঙীন পোহৰৰ দ্বাৰা অতি আকৰ্ষণীয়কৈ প্ৰদৰ্শিত কৰা এই শ্ব’ উপভোগ কৰি প্ৰতিজন পৰ্যটকৰ গা শিয়ৰি উঠা স্বাভাৱিক ৷
জেলৰ চৌহদতে থকা মিউজিয়ামত জেলৰ গঠন, ইতিহাস, স্থাপত্যৰ লগতে উল্লেখযোগ্য স্বাধীনতা সংগ্ৰামীৰ নামৰ তালিকা আদিৰ বিষয়ে সকলো তথ্য পোৱা যায় ৷ প্ৰতিখন ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীৰ নামৰ তালিকাত অসমৰ দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, শ্বেখ ফৰ্মুদ আলি আৰু মধু মালিকৰ নাম সন্নিৱিষ্ট কৰা আছে ৷ মিউজিয়ামত বন্দীসকলৰ শাস্তিৰ বাবে ইংলেণ্ডৰ পৰা আমদানি কৰি অনা ভৰিৰ লোহাৰ শিকলি, ক্ৰছবাৰ ফেটাৰ, ফ্লগিং ষ্টেণ্ড, ডিঙিৰ আঙুঠি সদৃশ শিকলি, তেলৰ মিল আদি বিভিন্ন সামগ্ৰী দেখি অনুমান কৰিব পাৰি কিমান অমানৱিক অত্যাচাৰৰ বলি হ’বলগীয়া হৈছিল বন্দীসকল ৷ ইয়াৰ নিৰ্যাতন ইমানেই ভয়াবহ আছিল যে সাভৰকৰ ভাতৃদ্বয়, বাবুৰাৱ আৰু বিনায়কে দুবছৰলৈ জনা নাছিল যে তেওঁলোক দুয়ো একেখন কাৰাগাৰতে বন্দী হৈ আছে ৷

১৯৪২ চনত জাপানীসকলে আন্দামান নিজৰ আয়ত্বলৈ অনাৰ পাছত ব্ৰিটিছসকলে নিজেই নিৰ্মাণ কৰা জেলত বন্দী হব লগা হৈছিল ৷ জাপানীসকলেও ভাৰতীয় বন্দীসকলৰ ওপৰত দুব্যৰ্ৱহাৰ কৰিছিল ৷ বহুতো অসামৰিক লোকক ব্ৰিটিছৰ সমৰ্থক বুলি সন্দেহ কৰি গুলিয়াই হত্যা কৰিছিল ৷ এই দ্বীপ জাপানৰ দখলত থকা সময়ত নেতাজী সুভাষ চন্দ্ৰ বোসে তেওঁৰ আন্দামানৰ তিনিদিনীয়া ভ্ৰমণ কালত এই কাৰাগাৰখন ভ্ৰমণ কৰিছিল আৰু সমগ্ৰ দ্বীপটো নিয়ন্ত্ৰণৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ কিন্তু প্ৰকৃত ক্ষমতা আছিল জাপানৰ হাতত ৷ সেই সময়তে অৰ্থাৎ ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে সুভাষ চন্দ্ৰ বোসে পোৰ্ট ব্লেয়াৰৰ জিমখানা খেলপথাৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি জাতীয় সংগীত পৰিৱেশন কৰিছিল ৷ পোৰ্ট ব্লেয়াৰত স্বাধীনতা সংগ্ৰামৰ কাহিনীত সোণালী আখৰেৰে অনুষ্ঠানটো পঞ্জীয়ন কৰা আছে৷ বৰ্তমান জিমখানাত ‘নেতাজী ষ্টেডিয়াম’ নামেৰে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে ৷ আন্দামানৰ পৰা উভতি যোৱাৰ আগতে নেতাজীয়ে আন্দামানক শ্বহীদ দ্বীপ আৰু নিকোবৰক স্বৰাজ দ্বীপ নামেৰে নামকৰণ কৰিছিল ৷ ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জাপানে আত্মসমৰ্পণ কৰাৰ পাছত ব্ৰিটিছে পুনৰ দ্বীপটোৰ নিয়ন্ত্ৰণ লাভ কৰে ৷
কাৰাগাৰত থকা ফটো গেলেৰি আৰু আৰ্ট গেলেৰিত প্ৰদৰ্শিত সামগ্ৰীৰ পৰা আমি ভবাতকৈও বহুত বেছি শাস্তিৰ সন্মুখীন হৈছিল বুলি ধাৰণা কৰিব পাৰি ৷ প্ৰতিজন বন্দীক অকলশৰীয়াকৈ একোটা চেলত ৰখা হৈছিল বাবেই এই জেলৰ নাম ‘চেলুলাৰ জেল’৷ জেলৰ চাঁদৰ পৰা দেখা সাগৰৰ নৈসৰ্গিক দৃশ্যই সকলোকে মুগ্ধ কৰে ৷ মূল প্ৰৱেশ দ্বাৰত বিনায়ক দামোদৰ সাভৰকাৰৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি ৰখা হৈছে ৷ চৌহদত ২৪ ঘণ্টাই জ্বলি আছে এগছি শিখা যাক ‘স্বাধীনতাৰ চিৰন্তন শিখা’ বা ‘স্বতন্ত্ৰ জ্যোতি’ বুলি কোৱা হয় ৷
জাৰৱা সংৰক্ষিত অঞ্চলৰ মাজেৰে
পিছদিনা ২০ ডিচেম্বৰ ৰাতিপুৱা চাৰি বজাতেই আমি পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ উত্তৰে অৱস্থিত বাৰাটাং দ্বীপলৈ বুলি ওলালোঁ ৷ এই দ্বীপলৈ জাৰৱা সংৰক্ষিত অঞ্চলৰ মাজেৰে যাব লগা বাবে গাড়ীৰ নিৰ্ধাৰিত গতি বেগ প্ৰতি ঘণ্টাত মাত্ৰ ৪০ কিলোমিটাৰ ৷ আনকি বাটত গাড়ী ৰখোৱা নিষেধ ৷ পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় এঘণ্টা মান যোৱাৰ পাছত চেক পোষ্ট ৷ চেক পোষ্টৰ পৰা সকলো গাড়ী একেলগেই যাত্ৰা কৰে ৷ বাৰাটাঙলৈ দু-চকীয়া বাহনেৰে যোৱা নিষেধ ৷ বাৰাটাং দ্বীপ, আন্দামানৰ পৰ্যটকৰ তালিকাত থকা আন আকৰ্ষণীয় দ্বীপসমূহকৈ কম উন্নত ৷ ইয়াত পৰ্যটকৰ বাবে সুন্দৰ আড়ম্বৰপূৰ্ণ ৰেস্তোৰাঁ, বিলাসী হোটেল আদি নাই ৷ বৰ্ষাৰণ্য আৰু জাৰৱা সংৰক্ষিত অঞ্চলৰ মাজেৰে প্ৰায় চাৰে-তিনি ঘণ্টা অতি আমোদজনক আৰু উত্তেজনাপূৰ্ণ যাত্ৰাৰ অন্তত বাৰাটাং জেটি ৷ বাৰাটাং জেটিৰ পৰা আভ্যন্তৰীণ জলপথেৰে দ্ৰুত গতিৰ নাওৰে প্ৰায় ৩০ মিনিট যাত্ৰা ৷ নাৱেৰে অতিক্ৰম কৰা পথছোৱা সমগ্ৰ যাত্ৰাৰ আটাইতকৈ আকৰ্ষণীয় অংশ– ঘন মেংগ্ৰোভ অৰণ্যৰে আৱৰা দৃশ্য আৰু মেংগ্ৰোভৰ মাজেৰে পাৰ হৈ যোৱাৰ ফলত যাত্ৰাৰ সময়খিনি ৰোমাঞ্চকৰ হয় ৷ ভ্ৰমণত কেৱল গন্তব্য স্থানেই নহয় যাত্ৰাও যে ৰোমাঞ্চকৰ হয় এই কথা উপলদ্ধি কৰা যায় এই যাত্ৰাত ৷ বাৰাটাং দ্বীপলৈ যোৱা কিছু কষ্টকৰ যদিও তালৈ পৰিব্ৰাজকৰ সোঁত বোৱাৰ মূলতে হ’ল মেংগ্ৰোভ (Mangrove), চূণশিলৰ গুহা, বোকাৰ আগ্নেয়গিৰি ৷

নাৱৰ পৰা নামি প্ৰায় ডেৰ-কিলোমিটাৰ খোজ কাঢ়ি গৈহে চূণশিলৰ গুহা ৷ বহু যুগ ধৰি সাগৰীয় জীৱ, খোলা, প্ৰৱাল আদিৰে প্ৰকৃতিৰ নিজা স্থাপত্যৰে সৃষ্টি হোৱা এই চূণশিলৰ গুহাৰ ওপৰে ওপৰে চালে সাধাৰণ কিবা এটা যেনহে লাগে ৷ প্ৰকৃততে প্ৰকৃতিৰ ৰূপান্তৰ আৰু বিৱৰ্তন আৰু প্ৰতিদিনে ন-ন সুন্দৰ গঠনেৰে সৃষ্টি হোৱা এক যাদুকৰী অভিজ্ঞতা ৷ গুহাৰ ভিতৰত মজিয়া আৰু চিলিঙৰ পৰা ওলাই অহা শংকু আকৃতিৰ বিভিন্ন গঠন চাই অনুভৱ হয় যেন কোনো নিপুণ শিল্পীয়ে নিজৰ শিল্পকৰ্মেৰে সজাই তোলা ভাস্কৰ্য্যৰ সৃষ্টি ৷

আন্দামানৰ বাৰাটাঙত থকা বোকাৰ আগ্নেয়গিৰিক স্থানীয় লোকসকলে ‘জলকি’ বোলে ৷ এই আগ্নেয়গিৰিটো ২০০৫ চনত বিক্ষিপ্ত ভাৱে বিস্ফোৰণ ঘটিছিল ৷ এই বিস্ফোৰণৰ লগত ২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ভূমিকম্পৰ লগত সম্পৰ্ক থকা বুলি অনুমান কৰা হয় ৷ দৃশ্যগত ভাৱে এই আগ্নেয়গিৰিত চাবলগীয়া বিশেষ একো নাই ৷ প্ৰায় সময়তে ভূগৰ্ভৰ পৰা বুদ-বুদকৈ বোকা নিৰ্গত হৈ থাকে ৷ পৃথিৱীৰ মাত্ৰ কেইখনমান ঠাইত আৰু এতিয়ালৈ জনাত ভাৰতৰ একমাত্ৰ বাৰাটাঙত এনে বোকাৰ আগ্নেয়গিৰিৰ সন্ধান পোৱা গৈছে ৷ সেয়ে পৰ্যটকে চাবলৈ ইচ্ছা কৰে ৷

এই দ্বীপ পৰ্যটকৰ আকৰ্ষণীয় হোৱাৰ আন এটা কাৰণ হ’ল আদিবাসী জাৰৱাসকলক আঁতৰৰ পৰা হ’লেও চোৱা ৷ জাৰৱাসকল থকা অঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে পথৰ দাঁতিত কেতিয়াবা জাৰৱা আদিবাসী লোক দেখা পোৱা যায় ৷ জাৰৱা দেখিলে চলন্ত গাড়ীৰ পৰাই চাব লাগে, কোনো যোগাযোগ কৰা বা আঁতৰৰ পৰাও ফটো উঠোৱা আইন মতে দণ্ডনীয় ৷ এই পথছোৱাত আমাৰ দুবাৰো জাৰৱা দেখাৰ সৌভাগ্য ঘটিল ৷ আমি শুনাৰ দৰে তেওঁলোক নঙঠা নাছিল ৷ কঁকালত ৰঙা ৰঙৰ চুটি কাপোৰ এডোখৰকৈ পিন্ধি আছিল ৷
বাৰাটাং দ্বীপৰ কাষতেই ‘পেৰট দ্বীপ’ নামেৰে এটা দ্বীপ আছে ৷ সূৰ্যাস্তৰ পূৰ্বে হাজাৰ হাজাৰ ভাটৌ চৰাই নিজ নিজ বাহলৈ উভতি অহা দৃশ্যৰ লগতে সূৰ্যাস্তৰ অপৰূপ সৌন্দৰ্য চাবলৈ পৰ্যটক এই দ্বীপলৈ যায় ৷ চৰাই প্ৰেমীৰ বাবে এই দ্বীপ আকৰ্ষণীয় যদিও এই দৃশ্য উপভোগ কৰিবলৈ বাৰাটাঙত ৰাতি থাকিব লাগে ৷ পেৰট দ্বীপলৈ নাও আবেলিহে যায় আৰু তাৰ পৰা উভতি অহা সময়লৈকে পোৰ্ট ব্লেয়াৰলৈ উভতিবলৈ গাড়ী পোৱা নাযায় ৷ সেয়ে আমাৰ পেৰট দ্বীপৰ অভিনৱ দৃশ্য চোৱাৰ সৌভাগ্য নহ’ল ৷ চূণশিলৰ গুহা আৰু বোকাৰ আগ্নেয়গিৰি চাই দ্ৰুত গতিৰ নাৱেৰে বাৰাটাং জেটিলৈ আহিলোঁ ৷ বাৰাটাং জেটিত দুপৰীয়াৰ আহাৰ কৰি পোৰ্ট ব্লেয়াৰলৈ উভতিলোঁ ৷
প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ হেভলক
পিছদিনা ২১ ডিচেম্বৰ ৰাতিপুৱা ৬.৪৫ বজাতেই আমি ফেৰীৰে পৰ্যটকৰ আকৰ্ষণীয় হেভলক দ্বীপলৈ ৰাওনা হ’লোঁ ৷ পোৰ্ট ব্লেয়াৰৰ পৰা হেভলকলৈ চৰকাৰী আৰু বেচৰকাৰী ফেৰী উপলদ্ধ ৷ আমাৰ টিকট আগতীয়াকৈ ‘গ্ৰীন অ’চেন’ নামৰ ফেৰীত কাটি থোৱা আছিল ৷ আমাৰ বাবে সংৰক্ষিত আসন ফেৰীৰ তলৰ মহলাৰ মাজ ভাগত ৷ আমাৰ আসনৰ পৰা সাগৰীয় দৃশ্য দেখা নাযায় ৷ সুন্দৰ সাগৰীয় দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাত আমাৰ মনবোৰ একেবাৰে সেমেকি গ’ল ৷ সন্মুখৰ টিভি পৰ্দাত চলি থকা চিনেমাখনকে চাই যাব লাগিব বুলি ভাবি নিজ নিজ আসনত বহিলোঁ ৷ বহাৰ অলপ পাছতেই পশ্চিমবঙ্গৰ প্ৰায় ৩০ জনীয়া পৰ্যটকৰ দল এটা আহি নিজৰ মাজতেই ইমান চিঞৰ বাখৰ আৰম্ভ কৰিলে যে আমি তাৰ পৰা উঠি ওপৰ মহলালৈ যাবলৈ বাধ্য হ’লোঁ ৷ ওপৰ মহলাত যাত্ৰীসকলৰ নাচ-গানেৰে এক সুন্দৰ পৰিৱেশ ৷ তাত বহিবলৈ আসন নাপালোঁ যদিও সেই পৰিৱেশত তিনি ঘণ্টা সময় কেনেদৰে অতিবাহিত হ’ল গমেই নাপালোঁ ৷
পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত হেভলক দ্বীপ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ডাঙৰ দ্বীপ ৷ ব্ৰিটিছ জেনেৰেল চাৰ হেনৰী হেভলকৰ নামেৰে নামকৰণ কৰা এই দ্বীপক ২০১৮ চনৰ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বৰাজ দ্বীপ’ নামেৰে অভিহিত কৰে ৷ হেভলক দ্বীপ আন্দামানৰ ৰিচ্ছি দ্বীপপুঞ্জৰ অন্তৰ্গত ৷ গ্ৰীষ্মমণ্ডলীয় জংঘল, বগা বালিৰ নিখুঁত বিচ্চ বাবেই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হেভলক ৷ জেটিত ফেৰীৰ পৰা নামিয়েই নয়নাভিৰাম প্ৰকৃতিৰ সৌন্দৰ্যত মন ভৰি যায় ৷ হেভলকৰ আটাইতকৈ মন কৰিবলগীয়া দিশটো হ’ল নগৰীয়া পৰিৱেশৰ অভাৱ, যাৰ ফলত অনুভৱ হয় চৌদিশে শান্ত, শান্তিৰ পৰিৱেশ ৷ এই দ্বীপৰ জনসংখ্যা তেনেই কম আৰু অধিকাংশই বঙালী ৷ প্ৰকৃতিৰ সুন্দৰ শান্ত পৰিৱেশত সাগৰৰ ব্যস্ত জীৱন শৈলীৰ পৰা আঁতৰত কিছুদিন কটাবলৈ অতি সুন্দৰ ঠাই ৷ গাড়ীৰ সংখ্যাও যথেষ্ট কম, বাট-পথ ঠেক, প্ৰদূষণ মুক্ত দ্বীপ বুলি ক’লেও ভুল কৰা নহ’ব ৷
আমি হেভলক জেটিৰ পৰা আমাৰ বাবে ৰৈ থকা গাড়ীৰে নিৰ্ধাৰিত হোটেল ‘ব্লু বাৰ্ড ৰিজৰ্ট’লৈ আহিলোঁ ৷ হোটেলত কিছু সময় জিৰণি লৈ একাপ চাহ খাই হেভলকৰ পৰ্যটকৰ মূল আকৰ্ষণ আৰু আন্দামানৰ অন্যতম বিখ্যাত ৰাধা নগৰ বিচচলৈ যাওঁ ৷ হেভলক জেটিৰ পৰা প্ৰায় এঘাৰ কিলোমিটাৰ নিলগত ৰাধানগৰ বিচ্চ ৷ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ অৰ্ধচন্দ্ৰাকাৰ বিচ্চখনৰ বৰ্ণনাতীত সৌন্দৰ্যই প্ৰতিজন পৰ্যটককে আকৰ্ষণ কৰে ৷ ২০০৪ চনত ‘টাইম’ মেগাজিনে এই বিচ্চক এচিয়াৰ শ্ৰেষ্ঠ বিচ্চ বুলি অভিহিত কৰে ৷ নাৰিকল গছ, গ্ৰীষ্মমণ্ডলীয় জংঘল, চকুৰে দেখা পোৱা দূৰত্বলৈ বগা বালিৰ সুবিশাল দৃশ্যই মন সজীৱ কৰি তোলে ৷ জনপ্ৰিয় যদিও নিৰ্জন, পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ ৷ বিচ্চত প্ৰৱেশ পথত বিভিন্ন স্থানীয় ফলমূল আৰু খোৱাৰ দোকানৰ লগতে স্থানীয় সামগ্ৰীৰে প্ৰস্তুত কৰা বিভিন্ন সৰু সৰু সামগ্ৰীৰ দোকান ৷ আমি দুপৰীয়াৰ আহাৰ তাতেই কৰিলোঁ ৷ তাত মন কৰিবলগীয়া কথাটো হ’ল প্ৰকৃতিৰ প্ৰতি স্থানীয় লোকৰ দায়বদ্ধতা ৷ বিচ্চ কোনো বস্তু বিক্ৰী কৰা লোক অৰ্থাৎ ফেৰীৱালা দেখা নাপালোঁ ৷ স্থানীয় লোকসকল পৰ্যটকৰ প্ৰতি যথেষ্ট সচেতন ৷ বিচ্চত সৰু সৰু খেৰৰ জুপুৰীত বেঞ্চ, কাঠৰ চকী সৌন্দৰ্য উপভোগ কৰাৰ সুবিধাৰ বাবে ৰখা হৈছে যদিও কোনো বিলাসী ব্যৱস্থা নাই ৷ ডুব যাব ধৰা সূৰুযৰ স’তে স্ফটিক স্বচ্ছ নীলা পানী, আকাশ, মেঘ আৰু বগা বালিৰ সংমিশ্ৰণত সৃষ্টি হোৱা অপৰূপ দৃশ্য উপভোগ কৰি উভতিলোঁ ৰাধানগৰ বিচ্চৰ পৰা ৷

নিৰ্ধাৰিত সূচী অনুসৰি পিছদিনা আমাৰ হেভলকৰ বিভিন্ন পানীৰ কাৰ্যকলাপৰ কেন্দ্ৰ ‘এলিফেণ্ট বিচ্চ’লৈ যোৱাৰ কথা আছিল ৷ কিন্তু বতৰ ডাৱৰীয়া হোৱা বাবে সেইদিনা তালৈ যোৱা সকলো দ্ৰুতগামী নাৱৰ সেৱা আৰু জল ক্ৰীয়া সমূহো বন্ধ কৰি দিয়া হ’ল ৷ সেয়ে আমি ‘কালা পাথ্বৰ বিচ্চ’লৈ (Kala pathar Beach) গ’লোঁ ৷

কলা পাথ্বৰ বিচ্চ মন্ত্ৰমুগ্ধকৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্যৰ বাবেই জনাজাত ৷ হেভলকৰ আন বিচ্চসমূহতকৈ সৰু হ’লেও অতি শান্তিপূৰ্ণ আৰু ভিৰ কম ৷ এই বিচ্চৰ নাম কালা পাথ্বৰ হোৱাৰ মূলতে ব্লেক ৰোড নামৰ কাষৰীয়া ৰাস্তাটো ৷ দুডাল গছৰ মাজত ওলমাই থোৱা দোলনা বিছনাত ওলমি নিৰ্জন সাগৰৰ তীৰত থকা কলা শিলবোৰত ঢৌৰ খলকনি চাই থাকোঁতে কেতিয়ানো আবেলি হ’ল গমেই নাপালোঁ ৷ উভতি আহি হোটেলত অলপ জিৰণি লৈ ওচৰৰ ঠাইবোৰ ঘূৰি-পকি চাই আহিলোঁ ৷ মনৰ মাজত বহু সুন্দৰ ছবি লৈ পিছদিনা ৰাতিপুৱা হেভলকৰ পৰা ফেৰীৰে পোৰ্ট ব্লেয়াৰলৈ উভতিলোঁ ৷ সন্ধিয়া পোৰ্ট ব্লেয়াৰৰ বজাৰলৈ গৈ স্থানীয় সামগ্ৰী দুবিধমান কিনি আমাৰ আন্দামান ভ্ৰমণৰ সামৰণি মাৰিলোঁ ৷
পিছদিনা ৰাতিপুৱা পোৰ্ট ব্লেয়াৰৰ পৰা কলিকতা আৰু আবেলি কলিকতাৰ পৰা গুৱাহাটীলৈ আহিলোঁ ৷
অনুমান কৰা হয় ‘আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ’ এই নামটো মালয় ভাষাৰ পৰা উদ্ভৱ হৈছে ৷ স্থানীয় লোকৰ মতে আন্দামান নামটো হিন্দু দেৱতা হনুমানৰ পৰা লোৱা হৈছে ৷ স্থানীয় মালয়সকলৰ মাজত হনুমান, হণ্ডুমান (Handuman) নামে জনাজাত আৰু নিকোবৰ নামটো দক্ষিণ ভাৰতৰ নক্কাভাৰম (Nakkavaram) অৰ্থাৎ ‘লেণ্ড অৱ দ্যা নেকেড্ পিপল’ (Land of Naked People) শব্দৰ পৰা আহিছে বুলি ধাৰণা কৰা হয় ৷
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উষ্ণ উপকূলীয় পানীত ডুগং (Dugong) নামে এবিধ তৃণ¸ভোজী প্ৰাণী পোৱা যায় যাক ‘সাগৰীয় গৰু’ বুলিও কোৱা হয় ৷ এই বিৰল প্ৰাণীবিধক আন্দামান আৰু নিকোবৰৰ ৰাজ্যিক প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে ৷
আধুনিক বিশ্বৰ সৈতে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ থকা জনগোষ্ঠী ‘চেণ্টিনেলিজ’ নিকোবৰ দ্বীপপুঞ্জৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰে ৷
অনুমান কৰা হয় এই জনগোষ্ঠী বহু হাজাৰ বছৰ আগতে আফ্ৰিকাৰ পৰা অহা ৷ তেওঁলোকে আন লোকৰ সংস্পৰ্শলৈ আহিব নিবিচাৰে ৷ তেওঁলোকৰ এলেকাৰ ভিতৰলৈ অহা ব্যক্তিৰ ওপৰত কাঁড়েৰে আক্ৰমণ কৰে যাতে তেওঁলোকৰ ওচৰ চাপিব নোৱাৰে ৷
নিকোবৰৰ কাষত অৱস্থিত কাটচল (Katchal) নামৰ সৰু দ্বীপ যাক সহস্ৰাব্দৰ প্ৰথম সূৰ্য্য উদয়ৰ ৰশ্মি লাভ কৰা বুলি ঘোষণা কৰা হৈছে ৷ ভাৰতীয় ডাক-সেৱা বিভাগে ২০০০ চনত কাটচলৰ সহস্ৰাব্দৰ প্ৰথম সূৰ্যোদয়ৰ ছবি থকা ডাক টিকট উলিয়াইছিল ৷
নিকোবৰ দ্বীপপুঞ্জত পাণ্ডানাচ (Pandanus) বা নিকোবৰ ব্ৰেডফ্ৰুট (Nicobar Bread fruit) নামৰ এবিধ ফল পোৱা যায় ৷ এই গছৰ প্ৰায় সকলো অংশই বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ৷
গ্ৰীণ টাৰ্ট্ল (Green Turtle), হক্ছবিল (Hawksbill) আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ সাগৰীয় কাছ লেডাৰবেক (Leather back) এই তিনিবিধ সাগৰীয় কাছৰ বাসস্থান আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতে ৷

আন এটা মনকৰিবলগীয়া কথা ইয়াত প্ৰায় চাৰি দশকৰো আগৰে পৰা বাণিজ্যিক ভাৱে মাছ ধৰা নিষিদ্ধ কৰা হৈছে ৷ এয়াই হয়তো পৃথিৱীৰ একমাত্ৰ অঞ্চল য’ত মাছ বুঢ়া হৈ মৰে ৷ দ্বীপৰ চৌদিশে তিমি, ডলফিন, ডুগং, সাগৰীয় কাছ আদি অন্যান্য প্ৰাণীৰে ভৰি থকা বাবেই এই নিষেধাজ্ঞা ৷
সমগ্ৰ দক্ষিণ এচিয়াৰ একমাত্ৰ সক্ৰিয় বেৰেণ (Barren) আগ্নেয়গিৰি পোৰ্ট ব্লেয়াৰৰ পৰা ১৩৫ কিলোমিটাৰ উত্তৰ পূবত বেৰেণ দ্বীপত অৱস্থিত ৷ এই আগ্নেয়গিৰিটো ১৭৮৭ চনত প্ৰথমবাৰ উদগীৰণ হৈছিল ৷ তাৰপাছত আকৌ বহুবাৰ উদগীৰণ হয় ৷ ১৯৯১ চনত পুনৰ উদগীৰণ হয় আৰু প্ৰায় ছয় মাহ ধৰি উদগীৰিত হৈ থাকে৷ সক্ৰিয় আগ্নেয়গিৰিৰ অৱস্থানৰ বাবে এই দ্বীপলৈ যোৱা নিষিদ্ধ ৷ অৱশ্যে জাহাজৰ পৰা আঁতৰৰ পৰা দেখা যায় ৷ কোনো লোকৰ বসতি নাই বাবেই এই দ্বীপক বেৰেণ বুলি কোৱা হয় ৷
আন্দামানৰ বিচ্চসমূহত বিভিন্ন সাগৰীয় প্ৰাণীৰ সুন্দৰ সুন্দৰ খোলা পোৱা যায় ৷ সেইবোৰ দেখি সংগ্ৰহ কৰি আনিবলৈ মন যোৱা স্বাভাৱিক ৷ কিন্তু এয়া আইন মতে দণ্ডনীয় ৷ অৱশ্যে এই খোলাৰ পৰা চকুত লগাকৈ প্ৰস্তুত কৰা সামগ্ৰী কিনিবলৈ পোৱা যায় ৷ সেইবোৰ অনাত কোনো বাধা নাই৷
আন্দামানৰ জলবায়ু আৰ্দ্ৰ আৰু উষ্ণ, সেয়ে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈ এই সময়ছোৱা আন্দামান ভ্ৰমণৰ বাবে আৰামদায়ক ৷ বাৰিষাৰ কালছোৱাত বৰষুণৰ বাবে স্নৰ্কেলিং, চি-ৱাকিং, সাঁতোৰা আদি কাৰ্যকলাপসমূহ বন্ধ কৰি দিয়া হয় ৷ বতৰ বেছি বেয়া হ’লে সমুদ্ৰত ফেৰী, নাও আদিৰ চলাচলো বন্ধ কৰা হয় ৷
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চৰকাৰে উপাৰ্জন কৰা অধিকাংশ ৰাজহেই পৰ্যটন উদ্যোগৰ জৰিয়তে লাভ কৰে ৷ দ্বীপসমূহত থকা বিভিন্ন কাৰ্যকলাপ যেনে– স্কুবা ডাইভিং, চি ৱাকিং, পেৰাচেলিং, কায়াকিং, গ্লাছ বটম বট ৰাইড আদি বিভিন্ন খেলৰ পৰা প্ৰতি বছৰে বহুতো ৰাজহ আদায় হয় ৷ বগা বালিৰ সুন্দৰ বিচ্চ, বিভিন্ন জল ক্ৰীয়া, বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল আদি ভ্ৰমণ আৰু ছুটীৰ দিন অতিবাহিত কৰিবলৈ কম খৰচৰ অন্যতম স্থান ৷ বৰ্ণনাতীত প্ৰাকৃতিক সৌন্দৰ্য, চহকী ইতিহাসসমৃদ্ধ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকক আকৰ্ষণ কৰে ৷ অৱশ্যে যিসকলে ভ্ৰমণত আধুনিক জাকজমকীয়া সময় কটাবলৈ বিচাৰে তেওঁলোকে আন্দামান নিকোবৰ দ্বীপপুঞ্জত এনে জীৱন শৈলী নাপাব ৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰৱেশ আৰু প্ৰস্থানৰ একমাত্ৰ স্থান পোৰ্ট ব্লেয়াৰ ৷

জোনা মহন্ত, ডিচেম্বৰ ২੦১৬