Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

নৱযুগীয় কলা-সংস্কৃতি, স্থাপত্য আৰু স্মাৰকৰ চহৰ ফ্লোৰেন্স

Jona Mahanta, November 22, 2023June 20, 2024

(ইউৰোপ ভ্ৰমণৰ ত্রয়োদশ খণ্ড)


ভ্ৰমণসূচী মতেই তিনি জুলাইত ভেনিচৰ পৰা আহি ইটালীৰ পাডুৱা (Padova) পাওঁ ৷ ইটালীৰ অন্যতম মূল শিল্প চহৰ আৰু পৰ্যটন স্থলীসমূহৰ ভিতৰত অন্যতম পাডুৱা ৷ ১২৩২ চনত নিৰ্মিত আৰু অতি মূল্যৱান বেচিলিকা অৱ চেণ্ট এণ্টনিৰ পৰা আৰম্ভ কৰি চহৰখনৰ এক অসাধাৰণ ধৰ্মীয় ঐতিহ্য আছে ৷ আন গুৰুত্বপূৰ্ণ গীৰ্জাসমূহ হ’ল বেচিলিকা অৱ চেণ্ট ৷ বছৰ বছৰ ধৰি ইটালীৰ সমৃদ্ধ শিল্প আৰু স্থাপত্যই বহুতকেই বিমোহিত কৰিছে ৷ ৰোমান যুগৰ পৰা বৰ্তমানলৈ অনেক স্থাপত্য আৰু শৈল্পিক ভাণ্ডাৰেৰে পৰিপূৰ্ণ ৷
ইউৰোপৰ আন দেশসমূহৰ তুলনাত ইটালীত ইউনেস্কাৱে বিশ্ব ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি দিয়া স্থানৰ সংখ্যাও বহুত বেছি ৷ ইটালীত মুঠ ৫৫ খন বিশ্ব ঐতিহ্যৰ স্থানৰ ভিতৰত ৫০ খন সাংস্কৃতিক আৰু পাঁচ খন প্ৰাকৃতিক স্থানেৰে বিশ্বৰ ভিতৰতে অধিক ৷ বৰ্তমান আৰু কেইখনমান স্থান অন্তৰ্ভূক্ত কৰা হৈছে ৷
পাডুৱা আইবিচ (Padova Ibis) হোটেলত নিশাটো কটাই চাৰি জুলাইত আমি ইউৰোপৰ নৱজাগৰণ যুগৰ সাহিত্য, দৰ্শন, ভাস্কৰ্য, চিত্ৰকলা, বিজ্ঞানচৰ্চাৰ কেন্দ্ৰস্থান ফ্লোৰেন্সলৈ যাওঁ৷ আৰ্ন’ (Arno) নদীৰ পাৰত প্ৰায় চৌদিশে পাহাৰে আৱৰি থকা ফ্লোৰেন্স এখন মনোৰম চহৰ ৷ ৰোমৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত চহৰখনৰ চাৰিওফালে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আঙুৰৰ বাগিচাই চহৰখনক এক নান্দনিক ৰূপেৰে সজাই তুলিছে ৷ ইটালীবাসীয়ে ফ্লোৰেন্সক ফিৰেঞ্জ বুলি কয় ৷ মূল লেটিন শব্দ ‘ফ্লৰেণ্টিয়াছ’ৰ পৰা উদ্ভৱ হোৱা ফ্ল’ৰেন্স শব্দৰ অৰ্থই হৈছে ‘ফুলি থকা’ আৰু ‘সমৃদ্ধিশালী’৷ অৰ্থাৎ নামতেই ফ্ল’ৰেন্সৰ পৰিচয় নিহিত হৈ আছে ৷
খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে ফ্লোৰেন্সক ৰোমান সামৰিক উপনিবেশ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ৷ দীৰ্ঘ ইতিহাসৰ সময়ছোৱা বিভিন্ন ক্ষেত্ৰত প্ৰাধান্য লাভ কৰাৰ উপৰিও চতুৰ্দশৰ পৰা ষোড়শ শতিকাত ফ্লোৰেন্সে বাণিজ্য, বিত্ত বিশেষকৈ কলাৰ ক্ষেত্ৰত যথেষ্ট প্ৰাধান্য লাভ কৰিছিল ৷ সংস্কৃতি, ৰেনেছাঁ শিল্প আৰু স্থাপত্য আৰু স্মৃতিসৌধৰ বাবে বিখ্যাত ফ্লোৰেন্সতে লিঅ’নাৰ্ড-ডা-ভিন্সি, মাইকেলেঞ্জেলোৰ দৰে বিশ্ব বিখ্যাত শিল্পীৰ ৷ বিশ্বৰ কলা-সংস্কৃতিৰ অনুৰাগীসকলে যিসমূহ কলাত্মক শিল্প জীৱনত এবাৰ চোৱাৰ হাবিয়াসৰে ফ্লোৰেন্সলৈ আহে, এইসমূহ লিঅ’নাৰ্ড-ডা-ভিন্সি, মাইকেলেঞ্জেলো, ৰাফেল, বটিচেলি আদিৰ হাতৰ পৰশত এসময়ত গঢ় লৈ উঠিছিল ৷ আজি ইমান বছৰ পাছতো এই যুগমীয়া শিল্পৰ সৌন্দৰ্যই প্ৰতি বছৰে অগণন পৰ্যটকক আকৰ্ষণ কৰি আছে ৷ নৱজাগৰণৰ যুগতে ফ্লোৰেন্সৰ ডাণ্টে অলিগিয়েৰি (Dante Alighieri)য়ে ৰচনা কৰিছিল মহাকাব্যিক গ্ৰন্থ ‘ডিভাইন কমেডী’৷
ফ্লোৰেন্সৰ বৰ্তমানৰ গৌৰৱ মূলতঃ ইয়াৰ অতীত ৷ ইয়াৰ ঐতিহাসিক কেন্দ্ৰটো ১৯৮২ চনত ইউনেস্কোৱে বিশ্বৰ ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ ৰেনেছাঁৰ জন্মস্থান ফ্লোৰেন্স আধুনিক যুগলৈকে সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু কলাত্মক শক্তি হৈয়েই আছে ৷ আমি ফ্লোৰেন্সত বাছৰ পৰা নামি খোজকাঢ়ি আৰ্ন’ নদীৰ ওপৰৰ ঐতিহাসিক দলং ‘পণ্ট ভেকিঅ’ (Ponte Vecchio) পাৰ হৈ ইটালীৰ আটাইতকৈ ধুনীয়া চৌহদবোৰৰ ভিতৰত এটা বুলি গণ্য কৰা ‘পিয়াজ্জা ডেলা চিনোৰিয়া’( Piazza Della Signoria) পালোঁ ৷
ইতিহাসেৰে ডুব গৈ থকা পণ্ট ভেকিঅ’ ফ্লোৰেন্সৰ আটাইতকৈ বিখ্যাত দলং ৷ এই দলংখন বিখ্যাত আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ হোৱাৰ কেইবাটাও কাৰণ আছে ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰা ৰক্ষা পাবলৈ সক্ষম হোৱা ফ্লোৰেন্সৰ একমাত্ৰ দলংখনেই হৈছে পণ্ট ভেকিঅ’৷ তাৰোপৰি এইখন মধ্যযুগীয় সময়ৰ অৱশিষ্ট আৰু আৰ্ন’ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং ৷ মধ্যযুগত ইউৰোপৰ কিছুমান দলঙৰ ওপৰত বাসগৃহ বা দোকান-পোহাৰ সজাৰ দৰে এই দলংখনতো নিৰ্মাণ কৰা হৈছিল ৷ আমিও দলঙৰ ওপৰত বহুতো দোকান-পোহাৰ দেখিছিলোঁ ৷ বিশেষকৈ গহনা, আৰ্ট আৰু স্মৃতিগ্ৰন্থৰ দোকান চকুত পৰিছিল ৷ ১২১৮ চনত প্ৰথম এই দলংখন নিৰ্মাণ কৰা হৈছিল যদিও বানপানীৰ বাবে ভাঙি পৰাত ১৩৪৫ চনত পুনৰ নিৰ্মাণ কৰা হৈছিল ৷ সেই সময়ৰ পৰা আজিলৈ অৰ্থাৎ প্ৰায় ৭০০ বছৰ ধৰি ই নিজৰ স্থিতিস্থাপকতা প্ৰদৰ্শন কৰি¸ স্থানীয় ইতিহাসৰ অংশ হিচাপে থিয় হৈয়েই আছে ৷ ১৯৬৬ চনত আৰ্ন’ নদীৰ পাৰ ভাঙি দলংৰ ওপৰত পানীৰে ভৰি পৰা সময়তো দলংখনে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছিল ৷ এই দলংখন চাবলৈ বহুতো লোক সমাগম হোৱা দেখিবলৈ পাইছিলোঁ ৷
পিয়াজ্জা ডেলা চিনোৰিয়া হৈছে ফ্ল’ৰেন্সৰ ইতিহাস উন্মোচনৰ স্থান ৷ আমি গৈ পোৱাৰ আগতেই এই স্থানত বিভিন্ন দেশৰ যথেষ্ট পৰিব্ৰাজকৰ সমাগম ঘটিছিল ৷ আমিও ভিৰৰ মাজত সোমাই পৰিলোঁ ৷ ইংৰাজীৰ ‘L’ আকাৰৰ এই পিয়াজ্জাটো ত্ৰয়োদশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক ঐতিহাসিক পৰিঘটনাৰ ফলতেই সৃষ্টি হোৱা৷ শতিকা জুৰি শিল্পকৰ্মৰ সংযোজনৰ বাবে এই স্থান এক ব্যতিক্ৰমী মুকলি মিউজিয়ামলৈ ৰূপান্তৰিত হৈছে ৷ পিয়াজ্জা ডেল ডুঅ’নো (Piazza Del Duomo) আৰু আৰ্ন’ নদীৰ মাজত অৱস্থিত এই চৌহদটোৰ পালাজ্জো ভেকিঅ’ (Palazzo Vecchio) হৈছে আটাইতকৈ বৈশিষ্টপূৰ্ণ অট্টালিকা, যিটো এসময়ত চৰকাৰী কাযাৰ্লয় আৰু মূল্যৱান সামগ্ৰী ৰখা ঠাই আছিল ৷ ইয়াৰ প্ৰৱেশ দ্বাৰত দেখিলোঁ আদাম আৰু ইভৰ ভাস্কৰ্য ৷ ৰেনেছাঁ যুগৰ অন্যতম শ্ৰেষ্ঠ মাইকেলঞ্জেলোৰ মমৰ ডেভিদৰ প্ৰতিৰূপ মূৰ্তি, বাচিঅ’ বেণ্ডিনেলিৰ (Baccio Bandinelli) মাৰ্বলেৰে নিৰ্মিত হাৰকিউলিছ (Hercules) আৰু কেকাছৰ (Cacus) মূৰ্তিৰ প্ৰতিৰূপ ৷ আন আন ভাস্কৰ্যৰ ভিতৰত দেখিলোঁ নেপচুনৰ ফোঁৱাৰা, লজিয়া ডেই লাঞ্জি (Loggia dei Lanzi) আৰু কোচিমো (Cosimoৰ)ৰ অশ্বাৰোহী মূৰ্তি ৷ ফ্ল’ৰেন্সবাসীয়ে হাৰকিউলিচক তেওঁলোকৰ চহৰৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰে ৷
বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শিল্প সংগ্ৰহৰ গেলেৰি তথা ফ্লোৰেন্সৰ অন্যতম আকৰ্ষণীয় ঠাই ‘উফিজী গেলেৰি’(Uffizi Gallery) পিয়াজ্জাৰ দক্ষিণত অৱস্থিত ৷ প্ৰাচীন ভাস্কৰ্য্য আৰু চিত্ৰকলাৰ অসাধাৰণ সংগ্ৰহৰ বাবে বিশ্বজুৰি বিখ্যাত এই গেলেৰিত চিমন মাৰ্টিনি, মাইকেলেঞ্জলো, ৰাফেলো, বটিচেলি আদিৰ দৰে বহু বিখ্যাত শিল্পীৰ বহুমূলীয়া শিল্পকাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে ৷ তাৰোপৰি মেডিচি পৰিয়ালৰ প্ৰাচীন মূৰ্তিৰ অমূল্য সংগ্ৰহ আছে যিয়ে কৰিডৰৰ শোভা বৰ্ধন কৰিছে ৷ ইয়াৰ উপৰিও বহুতো ইউৰোপীয় চিত্ৰশিল্পীসকলৰ চিত্ৰ প্ৰদিৰ্শত কৰা হৈছে ৷ এনে গেলেৰি এটা চাবলৈ কমেও পাঁচ-ছয় ঘণ্টাৰ প্ৰয়োজন ৷ আমিও ওপৰে ওপৰে বিশ্ব বিখ্যাত শিল্পীসকলৰ অসাধাৰণ শিল্পৰ কিছু আভাসহে ল’লোঁ ৷
ফ্লোৰেন্সৰ একাডেমিয়া গেলেৰিত (Accademia Gallery) সংৰক্ষিত কৰা হৈছে মাইকেলেঞ্জোৰ মহান শিল্পকৰ্ম ডেভিদৰ মমৰ ভাস্কৰ্য ৷ মানৱ শৰীৰৰ প্ৰতিটো অঙ্গ আনকি সূক্ষ্ম শিৰা-উপশিৰাৰ ওপৰতো গুৰুত্ব দি তৈয়াৰ কৰা ডেভিদৰ মূৰ্তি দেখি স্তম্ভিত হ’লোঁ ৷ শৰীৰতত্ত্বৰ ওপৰত শিল্পীগৰাকীৰ জ্ঞান দেখি আচৰিত লাগিল ৷
১৯৬৬ চনত আৰ্ন’ নদীত হোৱা প্ৰলয়কাৰী বানপানীয়ে ফ্লোৰেন্সৰ বহু মূল্যৱান শিল্পকৰ্ম নষ্ট কৰিলেও ইয়াৰ ঐতিহ্য আজিও ম্লান হোৱা নাই ৷ সেইবাবেই ফ্লোৰেন্সৰ শিল্পকলাৰ এই যুগমীয়া কীৰ্তিসমূহ চাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ আগমন ঘটে ৷

(আগলৈ)

জোনা মহন্ত ।

Travelblog

Post navigation

Previous post
Next post

Comments (2)

  1. সঞ্জীৱ ডেকা says:
    June 19, 2024 at 3:54 am

    ভাল লাগিল ভেনিচ খন তোমাৰ দৃষ্টিৰে । তুমি সংক্ষিপ্ততে বৰ ধুনীয়াকৈ বৰ্ণনা কৰিলা ভেনিচৰ কেনেলবোৰ আৰু ভেনিচ খন। আমাৰ গুৱাহাটী মহানগৰীতো অলপ বৰষুণতে সৃষ্টি হোৱা প্লাৱনত ব্যবহাৰ কৰা হয়‌ নৌকাও, যাতায়তৰ বাবে !
    কি কোৱা?

    Reply
    1. Jona Mahanta says:
      June 20, 2024 at 4:01 am

      ধন্যবাদ সঞ্জীৱ

      Reply

Leave a Reply to Jona Mahanta Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes