Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

উৰিষ্যাৰ বিশ্ববিখ্যাত জগন্নাথ মন্দিৰ

Jona Mahanta, October 4, 2023October 14, 2023

           

   জগন্নাথ মন্দিৰ বহুতো লোক প্ৰবাদেৰে ভাৰতৰ এখন অন্যতম হিন্দু তীৰ্থস্থান ৷ বৈষ্ণৱসকলৰ ১০৮ খন পবিত্ৰ তীৰ্থস্থানৰ ভিতৰত জগন্নাথ মন্দিৰ অন্যতম৷ ভাৰতবৰ্ষৰ চাৰিখন ধাম পুৰী, দ্বাৰকা, বদ্ৰীনাথ আৰু ৰামেশ্বৰমৰ ভিতৰত পুৰীৰ জগন্নাথ মন্দিৰ অন্যতম ৷ বৰ্তমানৰ পুৰী অতীত কালত নীলাচল, নীলগিৰি, নীলাদ্ৰি, পুৰুষোত্তমক্ষেত্ৰ, শ্ৰীক্ষেত্ৰ, জগন্নাথধাম আদি নামেৰে পৰিচিত আছিল ৷ এই মন্দিৰত ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ বুলি বিশ্বাস কৰা জগন্নাথৰ এক অনন্য ৰূপত পূজা কৰা হয় ৷ পৃথিৱী, স্বৰ্গ আৰু পাতাল এই ত্ৰিলোকৰ ৰক্ষক বুলি গণ্য কৰা জগন্নাথ ৰূপী কৃষ্ণ, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ, আৰু ভগ্নী সুভদ্ৰাৰ সৈতে পুজা কৰা হয় ৷ হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় স্থান জগন্নাথ মন্দিৰৰ প্ৰকৃত ইতিহাস সম্পৰ্কে কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণেৰে গঠিত ৷ ঐতিহাসিক বহুতো আখ্যান বা লোকপ্ৰৱাদ চলি আহিছে  যদিও এই তথ্যসমূহৰ কোনোটোৱেই নিৰ্ভৰযোগ্য নহয় ৷

দ্বাদশ শতিকাতে অনন্তবৰ্মন চোদাগংগাই নিৰ্মাণ কৰা বুলি কোৱা জগন্নাথ মন্দিৰ আজিও আধ্যাত্মিক ধমীৰ্য় স্থান হিচাপে স্বগৰিমাৰে থিয় হৈ আছে ৷  অৱশ্যে মন্দিৰৰ ইতিহাস অনুসৰি নিৰ্মাণৰ বছৰ বিভিন্ন ৷  ইয়াৰ পৰা অনুমান কৰা হয় বিভিন্ন সময়ত গংগাবংশ, সূৰ্যবংশ আৰু গজপতি বংশৰ পৰৱৰ্তী ৰজাসকলে মন্দিৰ সম্পসাৰণ আৰু ৰক্ষণাবেক্ষণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল ৷  তাৰ ফলতেই হয়তো মন্দিৰ প্ৰাংগনত অসংখ্য সৰু সৰু মন্দিৰ প্ৰতিষ্ঠিত হৈছিল ৷ প্ৰকৃতাৰ্থত  ক’বলৈ গ’লে বহু দেৱ-দেৱীৰ সমন্বয় ঘটিছে এই মন্দিৰত ৷ জগন্নাথ মন্দিৰ কলিঙ্গ শৈলীত পিৰামিড আকৃতি আৰু জটিলভাৱে খোদিত ভাস্কৰ্যই এক সুকীয়া বৈশিষ্ট্য প্ৰদৰ্শন কৰে ৷  মন্দিৰৰ স্থাপত্য বিভিন্ন আঞ্চলিক স্থাপত্যৰ সংমিশ্ৰণ প্ৰতিফলিত হোৱাৰ ফলত এক অনন্য গঠনৰ সৃষ্টি হৈছে ৷

                জগন্নাথ মন্দিৰত প্ৰচলিত পূজাৰ পদ্ধতি, আচাৰ অনুষ্ঠান আন মন্দিৰতকৈ কিছু পৃথক ৷ প্ৰচলিত পূজাৰ উৎপত্তি আৰু বিৱৰ্তনৰ বিষয়ে বিশেষ জনা নাযায় যদিও কোৱা হয় ইয়াৰ ৰীতি-নীতি কোনো প্ৰাচীন জনজাতীয় মন্দিৰৰ প্ৰচলিত প্ৰথা ৷ বৰ্তমানো জগন্নাথ মন্দিৰত বহুতো জনজাতীয় সেৱক আছে যাক দৈতাপতি বুলি কোৱা হয় ৷ মন্দিৰৰ বিভিন্ন কামত নিয়োজিত হৈ আছে প্ৰায় ছয় হেজাৰ পুৰোহিত, পাণ্ডা আৰু কৰ্মী ৷

                উচ্চ মঞ্চত  নিৰ্মিত জগন্নাথ মন্দিৰৰ স্থাপত্য আকৰ্ষণীয় আৰু আশ্চৰ্যজনক হোৱাৰ উপৰিও বৈশিষ্ট্যপূৰ্ণ ৷ বিশাল মন্দিৰ প্ৰাংগন প্ৰায় ৩৭০০০ বৰ্গ মিটাৰকৈও অধিক ৷ মন্দিৰ চৌহদ দুখন সমকেন্দ্ৰিক দেৱালেৰে আবৃত ৷ বাহিৰৰ দেৱালখন  মেঘানন্দ প্ৰাচীৰ নামে পৰিচিত এই দেৱালৰ উচ্চতা প্ৰায় ২০ফুট৷ যাৰ দৈৰ্ঘ পূবৰ পৰা পশ্চিমলৈ ৬৫০ ফুট আৰু উত্তৰৰ পৰা দক্ষিণলৈ ৬৪৪ ফুট ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি মন্দিৰ প্ৰাংগনৰ বিশালতা ৷  ইয়াৰ ভিতৰত আছে উৰিষ্যা স্থাপত্য শৈলীৰ ভাস্কৰ্যৰে সমৃদ্ধ অসংখ্য সৰু সৰু মন্দিৰ, মাণ্ডপা (উচ্চ মঞ্চ), সাতটা কুৱা, ৰান্ধনিশাল, ‘কৈলী বৈকুণ্ঠ’ আৰু ‘নীলাচল উপবন’ নামেৰে দুখন উদ্যান ৷  মূল মন্দিৰক আকৌ আৱৰি আছে কুৰ্মা ভেদা নামে পৰিচিত আন এখন প্ৰাচীৰে ৷ মন্দিৰটোৰ চাৰিটা সুকীয়া গঠন আছে ৷ মন্দিৰ গৰ্ভত ‘দাৰুব্ৰহ্ম’¸ নামেৰে  পৰিচিত বিশেষ বৈচিত্ৰপূৰ্ণ নিম গছেৰে নিৰ্মিত শ্ৰীজগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাক  ৰত্নবেদীত ৰখা হৈছে ৷ সেই স্থানক কোৱা হয় গৰ্ভগৃহ বা বিমান গৃহ ৷ ইয়াৰ উপৰিও আছে ভোগ মণ্ডপা য’ত দেৱতাসকলৰ উদ্দেশ্যে অনা ভোগ উৎসৰ্গ কৰা হয়, নাটমণ্ডপা বা নাট্যমন্দিৰ য’ত এসময়ত আৰতিৰ সময়ত দেৱদাসীসকলে নৃত্য কৰিছিল ৷  জগমোহন দৰ্শক বহাৰ আৰু সন্মূখৰ বাৰাণ্ডা যাক মুখশালা বুলি কোৱা হয় ৷ মন্দিৰৰ ভোগ ৰন্ধা ঘৰৰ ভিতৰখন সৰ্বসাধাৰণৰ বাবে দৰ্শনীয় নহয় ৷ অৱশ্যে জগন্নাথৰ ৰথ যাত্ৰাৰ সময়ত মাছুল দি ভোগৰ চৌকা আদি চাব পাৰে ৷ বিভিন্ন ভোগৰ বাবে অৰ্থাৎ প্ৰকাৰ অনুসৰি বেলেগ বেলেগ ভোগ ঘৰ– অন্ন ভোগ, খিচিৰি ভোগ, পিঠা ভোগ, লাৰু ভোগ, লুচি-মালপোৱা আদিৰ বাবে বেলেগ বেলেগ ভোগ ৰন্ধা ঘৰ ৷

                মন্দিৰত প্ৰৱেশৰ বাবে প্ৰতিটো দিশতে এখনকৈ চাৰিখন দুৱাৰ আছে– সিংহদ্বাৰ, হাতীদ্বাৰ, ব্যাঘ্ৰদ্বাৰ আৰু অশ্বদ্বাৰ ৷ প্ৰতিখন দুৱাৰৰ প্ৰহৰী হিচাপে ক্ৰমে সিংহ, হাতী, বাঘ আৰু ঘোঁৰাৰ মূৰ্তি আছে সেয়ে দুৱাৰসমূহৰ নাম এনেদৰে ৰখা হৈছে ৷ ভক্তৰ প্ৰৱেশৰ বাবে সিংহদ্বাৰ  ২২টা চিৰি উঠি গৈ মন্দিৰ গৃহত প্ৰৱেশ কৰিব লাগে যাক “বাইছি পাহাচা” বুলি কোৱা হয় ৷  যিসকল লোকক মন্দিৰৰ  ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় সেইসকলৰ বাবে প্ৰৱেশ দ্বাৰৰ সোঁফালে অংকিত কৰাআছে জগন্নাথৰ মূৰ্তি ৷   

                 মূল মন্দিৰৰ আকৃতি বক্ৰৰেখা আৰু উচ্চতা প্ৰায় ৬৫ মিটাৰ ৷ মন্দিৰৰ শিখৰত অষ্ট ধাতুৰে নিৰ্মিত প্ৰায় এক টন ওজনৰ ‘বিষ্ণু চক্ৰ’ আছে ৷ এই চক্ৰটোক নীলা বা নীলচক্ৰ বুলিও কোৱা হয় ৷  নীলচক্ৰত নৱগুঞ্জৰা নামৰ আঠটা স্পোক আছে ৷ এই চক্ৰৰ বিশেষত্ব হ’ল প্ৰতিটো দিশৰ পৰাই চক্ৰটো একেই দেখা যায় ৷ তাতকৈ আচৰিত কথাটো হ’ল  দ্বাদশ শতিকাত আজিৰ দৰে প্ৰযুক্তি বিদ্যা বা বিদ্যুৎ নথকা সময়ত এই গধুৰ চক্ৰটো কেনেকৈ ইমান উচ্চতাৰ ওপৰলৈ কঢ়িওৱা হ’ল ! নীলা চক্ৰৰ  শিখৰত এখন ধবজা উৰি থাকে, যাক ‘পতিতা পৱন’ বুলি কোৱা হয় ৷ প্ৰচলিত প্ৰথা অনুসৰি প্ৰতিদিনে পুৰণি ধবজা আঁতৰাই নতুন ধবজা দিয়া হয় ৷ আজি প্ৰায় আঠশ বছৰ ধৰি ৰজাই দায়িত্ব দিয়া পৰিয়ালেই  প্ৰতিদিনে মন্দিৰ শিখৰলৈ আৰোহন কৰি পতাকা  সলনি কৰি আহিছে ৷ বিশ্বাস অনুসৰি পতাকা অনুষ্ঠান এদিনৰ বাবে বাদ পৰিলে মন্দিৰৰ দুৱাৰ ১৮ বছৰৰ বাবে বন্ধ কৰি ৰাখিব লাগে ৷ প্ৰতি একাদশী তিথিত এই চক্ৰৰ ওপৰত এগছি ঘিউৰ ডাঙৰ বন্তি জ্বলোৱা হয় ৷ এই বন্তিক মহাবন্তি বুলি কোৱা হয় ৷

                জগন্নাথ মন্দিৰ সম্বন্ধে বহুতো প্ৰাচীন কাহিনী, কিংবদন্তি  আৰু ৰহস্য শুনিবলৈ পোৱা যায় ৷ জগন্নাথ মন্দিৰ দ্বাদশ শতিকাতে ৰজা অনন্তবৰ্মনে নিৰ্মাণ কৰিছিল বুলি কোৱা হয় যদিও তাত প্ৰতিষ্ঠিত দেৱ-দেৱীৰ মূৰ্তি দ্বাপৰ যুগৰ ভগৱান শ্ৰীকৃষ্ণৰ সময়ৰ বুলি বিশ্বাস কৰা হয় ৷ ভগৱান কৃষ্ণৰ মৃত্যুৰ পাছত অন্তোষ্টিক্ৰিয়াৰ সময়ত তেওঁৰ দেহৰ সকলো অংশ পুৰি যোৱাৰ পাছতো হৃৎপিণ্ড জীৱিত অৱস্থাতে আছিল ৷ ভগৱান কৃষ্ণই তেওঁৰ প্ৰিয় বন্ধু অৰ্জুনক হূৎপিণ্ডটো কাষৰ নদীত পেলাই দিবলৈ সপোনতে পৰামৰ্শ দিছিল ৷ বন্ধুৰ পৰামৰ্শ মতে অৰ্জুনে পানীত পেলাই দিয়াত পানীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে হৃপিণ্ডটো এটি সুন্দৰ উজ্জ্বল নীলা টুকুৰালৈ পৰিণত হৈছিল ৷ যিটো টুকুৰা “নীলমাধৱ” বা “ইন্দ্ৰনীল” নামে পৰিচিত ৷ ই ইমানেই চকু চমকিত কৰা আছিল যে ই তৎক্ষণাতে মোক্ষ প্ৰদান কৰিব পাৰিছিল, সেয়ে ইয়াক লুকাই ৰাখিব বিচাৰিছিল ৷ কলি যুগত এজোপা বট গছৰ কাষত জগন্নাথৰ আদি প্ৰতিমূৰ্তি ইন্দ্ৰনীল প্ৰকাশ পাইছিল ৷ কৃষ্ণ ভক্ত শক্তিশালী ৰজা ইন্দ্ৰদ্যুম্মই ইন্দ্ৰনীল বিচাৰি  ভগৱান শ্ৰীকৃষ্ণৰ নিৰ্দেশতে মন্দিৰ নিৰ্মাণ কৰি তাত জগন্নাথৰ মূৰ্তিত নীলমাধৱ প্ৰতিষ্ঠা কৰিছিল ৷

                আন এটি কিংবদন্তি অনুসৰি পূৰ্বতে জগন্নাথ আছিল  শৱৰ নামৰ জনজাতীয়লোকৰ দেৱতা যাক তেওঁলোকে নীলমাধৱ নামেৰে পূজা কৰিছিল ৷ নীলমাধৱৰ অৱস্থিতিৰ বিষয়ে কেৱল বিশ্ববসু নামৰ জনজাতীয় লোকৰ  প্ৰধানজনেহে জানিছিল আৰু তেওঁৱেই গোপনে পূজা কৰিছিল ৷ ইন্দ্ৰদ্যুম্মই এই কথা জানিব পাৰি বিদ্যাপতি নামৰ ব্ৰাহ্মণ পুৰোহিত এজনক এই গোপন ঠাইৰ সন্ধান কৰিবলৈ পঠিয়াইছিল ৷ বিদ্যাপতিয়ে যৎপৰোনাস্তি চেষ্টা কৰিও সেই গোপন ঠাইৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ অৱশেষত বিদ্যাপতিয়ে নীলমাধৱ সন্ধানৰ আন উপায় নেদেখি বিশ্ববসুৰ কন্যা ললিতাক বিয়া কৰায় আৰু এই গোপন স্থানৰ সম্ভেদ বিচাৰি বিশ্ববসুক কুটুৰিবলৈ ধৰিলে ৷ বিদ্যাপতিৰ বাৰে বাৰে কৰা অনুৰোধ পেলাব নোৱাৰি বিশ্ববসুয়ে জোঁৱায়েকৰ চকুত কাপোৰ বান্ধি নীলমাধৱক পূজা কৰা স্থানলৈ লৈ যায় ৷ বুধিয়ক বিদ্যাপতিয়ে গোপন স্থানলৈ যোৱা পথছোৱাত সৰিয়হ পেলাই গৈছিল ৷ কিছুদিনৰ পাছত সৰিয়হৰ গুটিবোৰ অংকুৰিত হোৱাৰ ফলত সেইস্থানলৈ যোৱা পথ বিচাৰি উলিয়ালে ৷  এই খবৰ পাই ৰজা ইন্দ্ৰদ্যুম্মই সেই স্থানত উপস্থিত হ’ল যদিও নীলমাধৱ ইতিমধ্যে তাৰ পৰা অন্তৰ্ধ্যান হৈছিল ৷ ইন্দ্ৰদ্যুম্মই নীলমাধৱ বিচাৰি নাপাই তাতেই উপবাসে মৃত্যুলৈকে থকাৰ সঙ্কল্প লৈছিল ৷ সেইসময়েত এটি দৈৱ্যবাণীয়ে ৰজাক মন্দিৰ নিৰ্মাণ কৰি সাগৰৰ পানীত উটি অহা কাঠৰ টুকুৰাৰে মূৰ্তি নিৰ্মাণ কৰি মন্দিৰত প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিলে ৷ ইয়াৰ পাছত ৰজা ইন্দ্ৰদ্যুম্মই অশ্বমেধ যজ্ঞ কৰি এটি মন্দিৰ নিৰ্মাণ কৰিছিল ৷

                 পানীত উটি অহা কাঠত মূৰ্তি খোদিত কৰি মন্দিৰত প্ৰতিষ্ঠা কৰিছিল ৷ সাগৰত উটি অহা দাৰু বৃক্ষৰ পৰা জগন্নাথ মন্দিৰৰ মূৰ্তি নিৰ্মাণ সম্পৰ্কে নানান শাস্ত্ৰত উল্লেখ আছে ৷ শাস্ত্ৰত পোৱা অনুসৰি দাৰু বৃক্ষ সাত খণ্ড হৈ ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন মূৰ্তি ৰূপে শ্ৰীকৃষ্ণৰ মন্দিৰৰ অংশ হিচাপে আছে ৷ কোৱা হয় সেই দাৰু বৃক্ষৰ এটা খণ্ডৰে আমাৰ হাজোৰ মনিকুট পাহাৰৰ ওপৰত অৱস্থিত হয়গ্ৰীৱ মাধৱৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ৷ সেইকাৰণে বিশ্বাস কৰা হয় জগন্নাথ মন্দিৰ দৰ্শন কৰি আহি হয়গ্ৰীৱ মন্দিৰ দৰ্শন কৰিলে দৰ্শনৰ পূৰ্ণ ফল পোৱা যায় ৷

                হয়গ্ৰীৱ আখ্যানত লিখা অনুসৰি এসময়ত হয়াসুৰ নামে এজন অসুৰৰ অত্যাচাৰত পৃথিৱীত নানান অপায় অমঙ্গল ঘটিছিল ৷ তেওঁৰ অত্যাচাৰত অতিষ্ঠ হৈ উৰ্ব্ব নামৰ ঋষি এজনে বিষ্ণুক আৰাধনা কৰিলে ৷ ঋষিৰ ওপৰত সন্তুষ্ট হৈ তেওঁৰ অনুৰোধতে বিষ্ণুই হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি হয়াসুৰক বধ কৰে ৷ ইয়াৰ পাছত উৰ্ব্ব ঋষিয়ে বৰুণ দেৱতাৰ অনুগ্ৰহত ইন্দ্ৰদ্যুম্ম ৰজাৰ দাৰু বৃক্ষৰ সপ্ত খণ্ডৰ এচোৱাৰে মুনিকুট পাহাৰত হয়গ্ৰীৱ মূৰ্তি নিৰ্মাণ কৰি মন্দিৰত প্ৰতিষ্ঠা কৰে ৷ 

                জগন্নাথ মন্দিৰৰ আধৰুৱা মূৰ্তি আঁৰতো আছে এক অলৌকিক কাহিনী ৷ বিশ্বাস কৰা হয় জগন্নাথ মন্দিৰত প্ৰতিষ্ঠিত মূৰ্তি বিষ্ণুই নিজেই ৰূপ দিছিল ৷ জনশ্ৰুতি অনুসৰি ৰজা ইন্দ্ৰদ্যুম্মই বিশ্বকৰ্মাক মূৰ্তি সাজিবলৈ অনুৰোধ কৰিছিল ৷ বিষ্ণুৱে নিজেই সাধাৰণ বৃদ্ধ কাঠমিস্ত্ৰীৰ বেশত আহি মূৰ্তি সজাৰ দায়িত্ব ল’লে ৷ তেওঁ চৰ্ত ৰাখিলে–মূৰ্তি তেওঁ অকলেই সাজিব আৰু মূৰ্তি সজোৱা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যাতে  কোনেও মূৰ্তি নিৰ্মাণ কক্ষত প্ৰৱেশ নকৰে ৷ কিছুদিন পাছত মূৰ্তি নিৰ্মাণ কক্ষত কোনো শব্দ নোহোৱা হোৱাত বৃদ্ধ কাঠমিস্ত্ৰীৰ মৃত্যু হোৱা বুলি ইন্দ্ৰদ্যুম্মৰ পত্নী ৰাণী গুণ্ডিচা উৎকণ্ঠিত হৈ পৰে আৰু ৰজা ইন্দ্ৰদ্যুম্মক দুৱাৰখন খুলিবলৈ অনুৰোধ কৰিলে ৷ চৰ্ত আৰু সতৰ্ক বাণী উপেক্ষা কৰি  দুৱাৰ খুলি দেখে মূৰ্তি অৰ্ধ নিৰ্মিত, হাত-ভৰি গঢ়া হোৱা নাই আৰু কাঠমিস্ত্ৰী ৰূপী বিষ্ণু নাই ৷ ইন্দ্ৰদ্যুম্মই চৰ্ত ভঙ্গ কৰা বাবে ক্ষুদ্ধ হৈ কাঠমিস্ত্ৰী ৰূপী বিষ্ণু অৰ্ধ নিৰ্মিত অৱস্থাতে অন্তৰ্ধ্যান হ’ল ৷ নিজৰ ভুলৰ বাবে অনুতপ্ত হৈ ৰজাই অৰ্ধ নিৰ্মিত মূৰ্তিকে মন্দিৰত প্ৰতিষ্ঠা কৰিছিল ৷ সেইবাবে আজিও জগন্নাথ মন্দিৰত প্ৰতিষ্ঠিত জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি অসম্পূৰ্ণ ৷

                জগন্নাথ মন্দিৰৰ আন এক বৈশিষ্ট হ’ল আন হিন্দু মন্দিৰৰ দৰে পশ্চিম মুৱা নহয়, পূৱ মুৱা ৷ এইলৈও আছে এক প্ৰচলিত কিংবদন্তি ৷ জয়দেৱ নামৰ মহাপাপী এজনে পাপৰ পৰা উদ্ধাৰ পোৱাৰ আশাত নানান তপস্যা, আৰাধনা কৰিবলৈ ধৰিলে যদিও ক’তো শান্তি নাপালে ৷ শেষত জগন্নাথদেৱৰ শৰণাপন্ন হৈ আৰধনা কৰিবলৈ ধৰিলে ৷ জয়দেৱৰ পূৰ্বৰ কৰ্মৰ বাবে জগন্নাথে তেওঁক ক্ষমা কৰা নাছিল ৷ আনকি  যিফালে বহি তুতি কৰে সেইফালে জগন্নাথদেৱে পিঠি দিয়ে ৷ শেষত জয়দেৱে পূৱদিশৰ সিংহ দুৱাৰৰ সন্মুখত বহি তুতি কৰিবলৈ ধৰিলে ৷ নানান বিভীষিকাইও জয়দেৱৰ তুতি ভঙ্গ কৰিব নোৱাৰিলে ৷ অৱশেষত জগন্নাথদেৱে জয়দেৱ বহি থকা ফালে মুখ ঘুৰালে ৷ তেতিয়াৰে পৰা জগন্নাথ মন্দিৰ পূৱ মুৱা হ’ল ৷ 

                 ইন্দ্ৰদুম্মই প্ৰতিষ্ঠা কৰা স্থানতে পাছত অনন্তবৰ্মনে জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল ৷ জগন্নাথ মন্দিৰৰ প্ৰতিষ্ঠা সম্পৰ্কে প্ৰচলিত এই আখ্যানসমূহৰ কোনো স্পষ্ট প্ৰমাণ পোৱা নাযায় যদিও বৰ্তমান প্ৰতি বছৰে দেশ-বিদেশৰ লক্ষ লক্ষ ভক্ত আহে এই মন্দিৰ দৰ্শন কৰিবলৈ ৷

                জগন্নাথ মন্দিৰৰ লগত জড়িত হৈ আছে কেইবাটাও ৰহস্য আৰু অলৌকিক কথা যিসমূহৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই ৷ কোৱা হয়–দিনটোৰ কোনো সময়তে মন্দিৰৰ ছাঁৰ মাটিত পৰা দেখা নাযায় ৷ বহুতে মত পোষণ কৰে মন্দিৰৰ অনন্য স্থাপত্যৰ ডিজাইন  আৰু কাৰিকৰী দক্ষতাৰ বাবেই এই আকৰ্ষণীয় পৰিঘটনাৰ সৃষ্টি ৷ ‘গৰ্ভাগৃহ’ নামে পৰিচিত মন্দিৰত মূল স্থান এনেদৰে অৱস্থিত যে দিনটোৰ কোনো সময়তে সূৰ্যৰ পোহৰ প্ৰতক্ষ্য ভাৱে নপৰে ৷ মন্দিৰৰ স্থপতিবিদ আৰু নিৰ্মাতাসকলে নিৰ্মাণৰ সময়ত জটিল গণনা আৰু নিখুঁত পৰিকল্পনাৰ ফলতেই জগন্নাথ মন্দিৰৰ ছাঁ দেখা নাযায় ৷ আন বহুতৰ মতে ই এক অলৌকিক ঘটনা ৷ প্ৰকৃততে ই  স্থাপত্যৰ আশ্চৰ্য নে অলৌকিক সেয়া এতিয়াও ৰহস্যৰ আঁৰত ৷

                 আন এটি আশ্চৰ্যজনক কথা হ’ল মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰাৰ লগে লগে সমুদ্ৰৰ লহৰৰ শব্দ শুনা নাযায় আৰু বাহিৰ ওলাই আহিলেই সমুদ্ৰৰ লহৰৰ শব্দ কানত পৰে ৷ পৌৰাণিক কাহিনী অনুসৰি দেৱী সুভদ্ৰাই মন্দিৰটো নিস্তব্ধ স্থান হোৱাতো বিছাৰিছিল ৷ আন এক প্ৰচলিত কাহিনী মতে আকৌ ৰাতি সাগৰৰ ঢৌৰ শব্দ সমগ্ৰ পুৰী চহৰতে শুনা যায় ফলত ভগৱানৰ টোপনিত ব্যাঘাত হয় ৷ ঢৌৰ শব্দই যাতে মন্দিৰত প্ৰৱেশ কৰি ভগৱানৰ টোপনিত হানি কৰিব নোৱাৰে সেইবাবেই হয়তো মন্দিৰ স্থাপত্যৰ ই এক কাৰিকৰী দক্ষতা ৷                       

                প্ৰকৃতিৰ আচৰণ বিধি অৱজ্ঞা কৰি মন্দিৰৰ শিখৰত সকলো সময়তে উৰি থকা ধবজা বতাহৰ গতিৰ বিপৰীত দিশত উৰে ৷ পুৰণি পৰম্পৰা অনুসৰি এই ধবজা সলনি কৰাৰ উদ্দেশ্যে কোনো সুৰক্ষা ব্যৱস্থাৰ সহায় নোলোৱাকৈ ৪৫ মহলীয়া অট্টালিকাৰ সমান উচ্ছতাৰ মন্দিৰৰ শিখৰলৈ প্ৰতি দিনে এজন পুৰোহিতে বগাই গৈ ধবজা সলনি কৰে ৷

                জগন্নাথ মন্দিৰৰ গম্বুজৰ ওপৰেদি কোনো চৰাই উৰি নাযায় ৷ কোৱা হয় আনকি কোনো বিমান এই মন্দিৰৰ ওপৰেদি উৰি নাযায় ৷ ইয়াৰ বাবে এতিয়াও কোনো যুক্তিসংগত স্পষ্টীকৰণ নাই ৷ অৱশ্যে বিমানৰ বাবে “ন’ ফ্লাই জ’ন”

অঞ্চল ঘোষনা কৰা হৈছে   

                জগন্নাথ মন্দিৰৰ প্ৰসাদ সম্পৰ্কেও আছে কথিত প্ৰবাদ ৷ প্ৰতিদিনে মন্দিৰলৈ অহা ভক্তৰ সংখ্যা দুই হাজাৰৰ পৰা দুই লক্ষলৈকে হয় ৷ অলৌকিক ভাৱে প্ৰতিদিনে প্ৰস্তুত কৰা মহাপ্ৰসাদ কেতিয়াও অপচয় নহয় বা কমো নহয়৷ তাৰোপৰি এই মহাপ্ৰসাদ ৰন্ধা পদ্ধতিটো ঘটে এক অবিশ্বাস্য ঘটনা ৷ এই মহাপ্ৰসাদ এটাৰ ওপৰত আনটো কৈ মুঠ সাতটা মাটিৰ পাত্ৰ ৰাখি খৰিৰ জুইত ৰন্ধা হয় ৷ কোৱা হয় একেবাৰে ওপৰৰ পাত্ৰত থকা খাদ্য প্ৰথমতে সিদ্ধ হয় আৰু বাকীবোৰো একে ক্ৰমত অৰ্থাৎ ওপৰৰ পৰা তললৈ সিদ্ধ হৈ একেবাৰে শেষত তলৰ পাত্ৰৰ খিনি সিদ্ধ হয় ৷ জগন্নাথ মন্দিৰত প্ৰতিদিনে পাঁচটা পৰ্যায়ত ৫৬ বিধ সুস্বাদু খাদ্যৰ প্ৰসাদ পৰিবেশন কৰা হয় ৷ ই দুই প্ৰকাৰৰ– সুখিলা আৰু শংখুদী৷ সুখিলাত সকলো শুকান মিঠাই জাতীয় আৰু শংখুদী চাউল, দাইল আৰু শাক-পাচলিৰে ৰন্ধা হয় ৷

                সৰুতে আমি পঢ়িছিলো জলবতাহ আৰু ¸স্থলবতাহ, এক প্ৰাকৃতিক পৰিঘটনা যি সাধাৰণতে উপকূলীয় অঞ্চলত ঘটে ৷ দিনৰ ভাগত সাগৰৰ চেঁচা বতাহ স্থলভাগলৈ গতি কৰে আৰু সন্ধিয়া ইয়াৰ বিপৰীত অৰ্থাৎ স্থলভাগৰ পৰা সাগৰলৈ গতি কৰে ৷ কিন্তু পুৰীত ইয়াৰ বিপৰীত, দিনৰ ভাগত স্থলভাগৰ পৰা বতাহ সাগৰলৈ বই আৰু সন্ধিয়া তাৰ বিপৰীত ঘটে ৷ অৱশ্যে এই  প্ৰচলিত ৰহস্যৰ কোনো বৈজ্ঞানিক যুক্তি নাই ৷

                 প্ৰতি বছৰে জগন্নাথ মন্দিৰত বহুতো উৎসৱ পালন কৰা হয়– ৰথযাত্ৰা, স্নান যাত্ৰা, নৱকলেৱৰ, চন্দন যাত্ৰা, অনাৱসৰ অাদি ৷ এই সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্ব পূৰ্ণ হ’ল ৰথযাত্ৰা আৰু নৱকলেৱৰ ৷

 জগন্নাথ মন্দিৰৰ স্নানযাত্ৰা

                জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ বিষয়ে নুশুনা লোকৰ সংখ্যা হয়তো অতি নগণ্য, নাই বুলি ক’লেও হয়তো ভূল কৰা নহ’ব ৷ ৰথযাত্ৰাৰ কিছুদিন আগত জগন্নাথ মন্দিৰত মহাসমাৰোহেৰে পালন কৰা হয় আন এটি গুৰুত্বপূৰ্ণ উৎসৱ যাক স্নানযাত্ৰা বুলি কোৱা হয় ৷ ভগৱান জগন্নাথৰ জন্মদিন উপলক্ষে এই বিশেষ স্নান উৎসৱ পালন কৰা হয় ৷ প্ৰচলিত প্ৰবাদ অনুসৰি জেঠমাহৰ পূৰ্ণিমা তিথিত জগন্নাথদেৱৰ মৰ্ত্যত আবিৰ্ভাৱ হৈছিল ৷ সেয়ে সেই তিথিৰ দিনাই প্ৰতি বছৰে জগন্নাথ মন্দিৰত স্নানযাত্ৰা উৎসৱ পালন কৰা প্ৰথা প্ৰচলিত হৈ আহিছে ৷ এই মহাস্নানৰ আগে ৰত্নবেদীত পূজাৰ অন্তত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ বিগ্ৰহ স্নানবেদীলৈ অনা হয় ৷ স্নানবেদীত মঙ্গল আৰতি পূজা অৰ্চনাৰ অন্তত তিনিওগৰাকীকে মহাস্নানৰ বাবে প্ৰস্তত কৰা হয় ৷ গাখীৰ, গঙ্গাৰ পানী, মন্দিৰ প্ৰাঙ্গনৰ কুঁৱাৰ পৰা ১০৮টা কলহত  সংগ্ৰহ কৰা পানীত বিভিন্ন সুগন্ধি দ্ৰৱ্য মিহলি কৰি জগন্নাথদেৱ, বলোৰাম আৰু সুভদ্ৰাৰ বিগ্ৰহ স্নান কৰোৱা হয় ৷ স্নান শেষ হোৱাৰ পাছত সুন্দৰকৈ নিৰ্মাণ কৰা পত্ৰবস্ত্ৰৰে ঢাকি তিনিওগৰাকী দেৱ-দেৱীকে স্নানবেদীলৈ অনা হয় ৷

এই সময়ত ভক্তসকলে  ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ বিগ্ৰহকচোম আৰু তালপাতৰ বিচনীৰে বা দিয়াৰো প্ৰথা চলি আহিছে ৷ জগন্নাথ মন্দিৰত এখন ওখ বেদী নিৰ্মাণ কৰা হৈছে যাতে এই  স্নান অনুষ্ঠান আঁতৰৰ পৰাই প্ৰত্যক্ষ কৰিব পৰা যায় ৷ এই স্নানযাত্ৰাৰ অনুষ্ঠানৰ পিছত ১৫ দিনৰ বাবে অৰ্থাৎ পৰৱৰ্তী অমাৱস্যালৈকে জনসাধাৰণক জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিব দিয়া নহয় ৷ অৰ্থাৎ  মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয়৷ ৰথযাত্ৰা দিনাখন পূনৰ মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয় ৷ অংগৰাগবিহীন বিগ্ৰহ যাতে ভক্তসকলে দেখা নাপাই সেইবাবেই হয়তো এই ব্যৱস্থা ৷ এই সময়ছোৱাক জগন্নাথদেৱৰ “অনাৱসৰকাল”বা “অনসৰ” বুলি কোৱা হয়৷ কোৱা হয় বিভিন্ন ৰীতি-নীতিৰ মাজেৰে এই মহাস্নান সম্পন্ন হোৱাৰ শেষত জগন্নাথৰ জ্বৰ হয়  বুলি প্ৰচলিত প্ৰবাদ অতীতৰ পৰা চলি অাহিছে  ৷ সেয়ে মহাস্নানৰ পাছৰ ১৫ দিন ‘নিৰোধন গৃহ’ত সৰ্বসাধাৰণৰ চকুৰ আঁৰত বিগ্ৰহসমূহ  ৰখা হয় আৰু এজন মানুহৰ জ্বৰ হ’লে যেনেদৰে যত্ন লোৱা হয় ঠিক তেনেদৰেই বিভিন্ন যত্ন লোৱা হয় ৷ বিশ্বাস অনুসৰি এই কেইদিন জগন্নাথদেৱ “অলৰনাথ” ৰূপে ব্ৰহ্মগিৰিত অলৰনাথ মন্দিৰত অৱস্থান কৰে ৷ কথিত আছে ৰাজবৈদ্যৰ আয়ুৰ্বেদিক ঔষধ খাই জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা সুস্থ হৈ উঠে আৰু ৰাজবেশেৰে সজ্জিত হৈ  ৰথযাত্ৰা যাবলৈ সাজু হয় ৷

                 প্ৰচলিত লোক প্ৰৱাদ অনুসৰি জ্বৰ হোৱাৰ ৰহস্যৰ আঁৰৰ কাহিনীও জড়িত হৈ আছে কৃষ্ণ-ৰাধাৰ প্ৰেম কাহিনীৰ লগত ৷ যশোদানন্দন শ্ৰীকৃষ্ণই যেতিয়া গম পালে ব্ৰজবাসীয়ে ৰাধাক কলঙ্কিনী বুলি অভিহিত কৰিছে মনৰ দুখত তেওঁ শুই পৰিল ৷ যশোদাই দেখিলে পুত্ৰৰ অত্যন্ত জ্বৰ ৷ যশোদাই লগে লগে নন্দমহাৰাজক মাতি আনিলে যদিও কৃষ্ণৰ জ্বৰ কমাব নোৱাৰিলে ৷ পাছত এজনৰ পিছত আন এজন বৈদ্য আহি বিভিন্ন ধৰণে চেষ্টা কৰাৰ পাছতো জ্বৰ কমাৰ কোনো লক্ষণ দেখা নগ’ল ৷ অৱশেষত শ্ৰীকৃষ্ণই নিজেই এজন বুঢ়া বৈদ্যৰ বেশত আহি যশেদোক ক’লে–“এয়া কোনো সাধাৰণ জ্বৰ নহয় ৷ যদি কোনো গুণৱতী সতীলক্ষ্মী সধৱা তিৰোতাই চকু বন্ধ কৰি শতছিদ্ৰ কলহেৰে সূৰ্য উঠাৰ আগতে যমুনাৰ পৰা পানী আনে আৰু সেই পানীৰে তোমাৰ ল’ৰাক গা-ধুৱালেহে জ্বৰ ভাল হ’ব ৷” মাতৃ যশোদা আৰু নন্দমহাৰাজে ব্ৰজবাসীক এই কথা জনালে যদিও কোনো এগৰাকীও এই কামৰ বাবে আগবাঢ়ি নাহিল ৷ কাৰণ শতছিদ্ৰ কলহেৰে পানী অনা ইমান সহজ নহয় ৷ অৱশেষত  সকলো লাজ-মান, ভয় কাটি কৰি ৰাধাই শতছিদ্ৰযুক্ত কলহেৰে পানী আনিলে ৷ সেই পানীৰে গা-ধুৱাৰ পাছত শ্ৰীকৃষ্ণ সুস্থ হৈ উঠিল আৰু ব্ৰজবাসীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল ৰাধা কলঙ্কিনী নহয় ৷ বিশ্বাস কৰা হয় ৰাধাই অনা এই পানী জগন্নাথ মন্দিৰৰ কুঁৱাত আজিও আছে ৷ 

                মহাস্নানত দাৰুবৃক্ষ অৰ্থাৎ নিমগছৰ পৰা নিৰ্মাণ কৰা বিগ্ৰহসমূহ বিৰূপ আকৃতিৰ হৈ পৰে৷ সেইবাবে মন্দিৰৰ ভিতৰত পূজা নিষিদ্ধ কৰাৰ লগতে ভক্তৰ বাবে দেৱদৰ্শনো নিষিদ্ধ কৰা হয় ৷ এইকেইদিন জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি অস্থায়ীভাৱে তৈয়াৰ কৰি জগন্নাথ মন্দিৰৰ যাৱতীয় পূজা মূল মন্দিৰৰ বাহিৰত কৰা হয় ৷ এই ১৫ দিনত বিগ্ৰহসমূহ নতুনকৈ ৰাজবেশত সজাই তোলা হয় ৷ সৰ্বশেষত বিগ্ৰহৰ চকু অঁকা হয় যাক নেত্ৰোৎসৱ আৰু নানান নতুন বেশভূষাৰে সজ্জিত কৰি ভক্তৰ অাগত প্ৰদৰ্শন কৰা অনুষ্ঠানক “নৱযৌৱন” বুলি কোৱা হয় ৷ নৱযৌৱন উৎসৱৰ মাধ্যমেৰে ১৫ দিন পাছত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা ভক্তৰ সন্মুখত বিৰাজ কৰে ৷ তাৰ পাছতেই আৰম্ভ হয় ৰথযাত্ৰা৷ অৰ্থাৎ ৰথযাত্ৰা দিনা ৰাজবেশত সুসজ্জিত বিগ্ৰহ ভক্তৰ সন্মুখত বিৰাজমান হয় ৷ 

                এই স্নানযাত্ৰা উপলক্ষে জগন্নাথ মন্দিৰত লক্ষ লক্ষ ভক্তৰ সমাগম হয় ৷ প্ৰচলিত প্ৰৱাদ অনুসৰি এই পুণ্য স্নানযাত্ৰা চালে সকলো পাপৰ পৰা মুক্তি পোৱা যায় ৷

জগন্নাথ মন্দিৰত ৰথযাত্ৰাৰ তাৎপৰ্য

                 জগন্নাথ মন্দিৰত অনুষ্ঠিত বিভিন্ন উৎসৱৰ ভিতৰত ৰথযাত্ৰা আটাইতকৈ বিখ্যাত আৰু অতি ধুমধামেৰে পালন কৰা হয় ৷ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা এটি ধৰ্মীয় বাৰ্ষিক শোভাযাত্ৰা যাক গুণ্ডিচা যাত্ৰা, নৱদিন যাত্ৰা, গাড়ী উৎসৱ বুলিও কোৱা হয় ৷ আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় দিনা জগন্নাথদেৱ, ভগ্নী সুভদ্ৰা আৰু জেষ্ঠ ভাতৃ বলভদ্ৰ তিনিখন পৃথক ৰথত উঠি গুণ্ডিচা মন্দিৰলৈ যায় আৰু পৰৱৰ্তী সাতদিন তাতেই থাকে ৷ নৱম দিনা তাৰ পৰা উভতি জগন্নাথ মন্দিৰলৈ আহে ৷ গুণ্ডিচা মন্দিৰ ইন্দ্ৰদ্যুম্ম ৰজাৰ যজ্ঞৰ বেদী বুলি কোৱা হয় ৷ জগন্নাথ মন্দিৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত এখন চিত্ৰময় বাগিচাৰ মাজত অৱস্থিত গুণ্ডিচা মন্দিৰ ৷ এই মন্দিৰ বছৰৰ আন সময়ত প্ৰায় বন্ধ থাকে ৷ ৰথযাত্ৰাৰ সময়ত সজাই-পৰাই তোলা হয় ৷

                এই উৎসৱৰ কেতিয়া কেনেকৈ আৰম্ভণি হ’ল সেই লৈও বিভিন্ন জনে বিভিন্ন মতামত পোষণ কৰে ৷ জগন্নাথৰ ভগ্নী সুভদ্ৰাই পুৰী চহৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই এই উৎসৱৰ উৎপত্তি বুলি কোৱা হয় ৷ আন বহুতৰ মতে আকৌ ইন্দ্ৰদু্যম্মৰ পত্নী ৰাণী গুণ্ডিচাৰ অনুৰোধ এই উৎসৱৰ উৎপত্তি ৷ যিসকল লোকক অস্পৃশ্য বুলি মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া নহয় তেওঁলোকেও যাতে জগন্নাথৰ দৰ্শন লাভ কৰিব পাৰে সেইবাবেই  ৰাণী গুণ্ডিচাৰ অনুৰোধত এই উৎসৱৰ আৰম্ভণি হোৱা বুলি বিশ্বাস কৰা হয় ৷ বহুতে আকৌ মত পোষণ কৰে  কলিংগ যুদ্ধত জয় লাভ কৰাৰ পাছত সম্ৰাট অশোকে যেতিয়া বৌদ্ধ ধৰ্মত দীক্ষা  গ্ৰহণ কৰিলে তাৰ পিছৰ পৰাই  ভাৰতত বৌদ্ধ ধৰ্মৰ ব্যাপক প্ৰসাৰ লাভ কৰিছিল ৷ বৌদ্ধৰ ধৰ্মৰ প্ৰভাৱত সমস্ত পুৰী চহৰ বৌদ্ধসকলৰ পীঠস্থান হৈ পৰিছিল ৷ ইয়াত আছিল বৌদ্ধ মন্দিৰ আৰু ভগৱান বুদ্ধৰ পৱিত্ৰ দাঁত ৷ প্ৰতিবছৰে এই দাঁত লৈ শোভাযাত্ৰা কৰা হৈছিল ৷ এই উৎসৱৰ নাম আছিল দন্তযাত্ৰা ৷ এই দন্তযাত্ৰাৰেই পৰিৱৰ্তিত ৰূপ হৈছে ৰথযাত্ৰা ৷ ব্ৰহ্ম পুৰাণ, পদ্ম পুৰাণ, স্কন্দ পুৰাণ আৰু কপিল সংহিতাত ৰথযাত্ৰাৰ বৰ্ণনা পোৱা যায় ৷ ৰথযাত্ৰা আৰম্ভণি যিয়েই নহওক এই উৎসৱ উপলক্ষে প্ৰতি বছৰে পুৰী চহৰত লক্ষ লক্ষ ভক্তৰ সমাগম হয় আৰু বহুতো ৰীতি-নীতি আৰু জাকজমকতাৰে পালন কৰা হয় ৷

                  এই উৎসৱত দেৱতাসকলৰ যাত্ৰাৰ বাবে তিনিখন ৰথ নিৰ্মাণ কৰি সজাই তোলা হয় ৷ অক্ষয় তৃতীয়া  তিথিৰ পৰা আৰম্ভ হয় ৰথ নিৰ্মাণ কাৰ্য ৷ প্ৰতিখন ৰথৰ নাম বেলেগ বেলেগ আৰু প্ৰতিখনৰে বিভিন্ন নিজস্ব বৈশিষ্ট আছে ৷ প্ৰচলিত বহুতো নিয়মৰ মাজেৰে নিৰ্মাণ কৰা এই ৰথ বিভিন্ন নামেৰে পৰিচিত জগন্নাথৰ ৰথক নন্দিঘোষ, বলভদ্ৰৰ ৰথক তলধবজ আৰু সুভদ্ৰাৰ ৰথক পদ্মধবজ বুলি কোৱা হয় ৷

আধ্যাত্মিকভাৱে এই ৰথৰ গভীৰ অৰ্থ আছে ৷ ইয়াত মানুহৰ শৰীৰক ৰথ আৰু ৰথী ঈশ্বৰ বুলি বৰ্ণনা কৰা হৈছে ৷ ভক্তসকলে বিশ্বাস কৰে তিনিখন ৰথত তিত্ৰিশ কোটি দেৱ-দেৱী বিৰাজ কৰে আৰু জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা ৰথ যাত্ৰা উপলক্ষে বছৰত এবাৰ ভক্তসকলক চাবলৈ মন্দিৰৰ পৰা ওলাই আহে ৷ ফলত ভক্তসকলে ভাবে যিয়ে এবাৰ ৰথৰ ৰচী স্পৰ্শ কৰে বা টানে তেওঁৰ সকলো ইচ্ছা পূৰ্ণ হয় আৰু তেওঁৰ তেত্ৰিশ কৌটি দেৱ-দেৱীৰ চৰণ স্পৰ্শ কৰাৰ সমান পূণ্য লাভ কৰে ৷ গুণ্ডিচা মন্দিৰত সাত দিন থকাৰ পাছত তিনিওজনা দেৱ-দেৱীক পুনৰ জগন্নাথ মন্দিৰলৈ উভতি আহে ৷ উভতি অহা এই যাত্ৰাক বহুদা যাত্ৰা বা উল্টাৰথ বুলি কোৱা হয় ৷

                গুণ্ডিচা মন্দিৰলৈ জগন্নাথৰ ৰথযাত্ৰা সম্পৰ্কেও আছে এক সুন্দৰ কাহিনী ৷ মন্দিৰ নিৰ্মাণৰ পাছত ৰজা ইন্দ্ৰদ্যুম্মই নিজেই মন্দিৰৰ পূজা,ভোগ নিবেদন আদি নিজেই কৰিছিল ৷ এবাৰ তেওঁ অসুস্থ হৈ পৰাত পূজা অৰ্চনা কৰিব নোৱাৰা হ’ল ৷ আন উপাই অসুস্থ ৰজাই নিজৰ নুমলীয়া কন্যা ঘুনুচাক মন্দিৰৰ কাম কৰিবলৈ পঠিয়ালে ৷ পূজাৰ শেষত ঘুনুচাই দেখিলে মন্দিৰৰ প্ৰসাদ যেনেকৈ দিছে তেনেকৈয়ে আছে ৷ জগন্নাথদেৱে প্ৰসাদ গ্ৰহণ নকৰা বাবে ঘুনুচাই কাতৰ প্ৰাৰ্থনা কৰি ক’লে– প্ৰভু তুমি মোৰ প্ৰাৰ্থনাত তুষ্ট হৈ প্ৰসাদ গ্ৰহণ কৰা নহ’লে পিতাই মোক খং কৰিব ৷”ঘুনুচাৰ অনুৰোধত জগন্নাথ ৰূপী কৃষ্ণই ভোগ খাবলৈ ধৰিলে ৷ আধা ভাগ খোৱাৰ পাছত কৃষ্ণৰ হাতত ধৰি  ক’লে–“তুমি গোটেই খাই শেষ নকৰিবা আমিও খাব লাগিব ৷ আমাৰ বাবেও কিছু ভোগ এৰি দিয়া৷” ঘুনুচাই হাতত ধৰাৰ লগে লগে কৃষ্ণ অন্তৰ্ধ্যান হ’ল ৷ ঘুনুচাই প্ৰসাদৰ থাল আনি ৰজাৰ ওচৰত থলে ৷ আধা খোৱা থাল দেখি ৰজা আচৰিত হ’ল ৷ ঘুনুচাই সকলো কথা বিৱৰি কোৱাত পিছদিনাও ৰজাই ঘুনুচাকে পুজা কৰিবলৈ দি নিজে আঁতৰৰ পৰা মনে মনে কৃষ্ণৰ দৰ্শনৰ বাবে অপেক্ষা কৰিলে ৷ অন্তৰ্য্যামী কৃষ্ণই সকলো গম পাই ভোগ গ্ৰহণ কৰা নাছিল ৷ শেষত ঘুনুচাৰ অনুৰোধত প্ৰসাদ গ্ৰহণ কৰিলে যদিও ঘুনুচাইহে কৃষ্ণক দেখিলে ইন্দ্ৰদ্যুম্মই দেখা নাপলে ৷  ৰজাই কেৱল আধা খোৱা থালখনহে দেখিলে ৷  কৃষ্ণ দৰ্শনৰ বাবে ব্যাকুল ৰজাৰ কাতৰ মিনতি শুনি জগন্নাথে ৰজাক ক’লে–“ তুমি যদি মোৰ দৰ্শন পাব বিচৰা তোমাৰ কন্যাক সুন্দৰকৈ সজাই পৰাই কোলাত লৈ মোক আৰাধনা কৰা তেতিয়াহে মোৰ দৰ্শন পাবা ৷ জগন্নাথৰ নিৰ্দেশ মতেই ৰজাই তেনে কৰি কৃষ্ণৰ দৰ্শন লাভ কৰিলে ৷ কৃষ্ণৰ দৰ্শন পাই ৰজাই ঘুনুচাক কৃষ্ণৰ লগত বিয়া দিয়াৰ সঙ্কল্প ল’লে ৷ এই সঙ্কল্প অনুসৰি ইন্দ্ৰদ্যুম্মই জগন্নাথ মন্দিৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত সৰুকৈ মন্দিৰ সাজি তাতেই ঘুনুচাৰ বিয়া পাতিলে ৷ এই মন্দিৰেই হ’ল ঘুনুচা মণ্ডপ বা গুণ্ডিচা মন্দিৰ ৷ ইন্দ্ৰদ্যুম্মৰ পত্নী গুণ্ডিচাৰ অনুৰোধতে জগন্নাথদেৱে বছৰৰ সাত দিন এই মন্দিৰলৈ আহিবলৈ স্থিৰ কৰিলে ৷ তেতিয়াৰে পৰা আজিলৈকে প্ৰভু জগন্নাথ গুণ্ডিচা মন্দিৰলৈ আহি আছে বুলি বিশ্বাস কৰে ৷

                                        

                গুণ্ডিচা মন্দিৰলৈ জগন্নাথৰ এই যাত্ৰাত বাটতে জগন্নাথৰ ৰথ তেওঁৰ এজন মুছলমান সম্পদায়ৰ ভক্ত চালাবেগৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ চলাবেগৰ সমাধিৰ ওচৰত ৰয় ৷ চালাবেগ আছিল সপ্তদশ শতিকাৰ এজন ধৰ্মীয় কবি যিয়ে জগন্নাথৰ ভক্তি গীত, ভজন আদি ৰচনা কৰিছিল ৷ জন্মসূত্ৰে চালাবেগ মুছলিম সম্পদায়ৰ আছিল যদিও হিন্দু দেৱতাৰ প্ৰতি থকা তেওঁৰ ভক্তিয়ে জগন্নাথৰ দৰ্শন লাভৰ বাবে ৰথ ৰখাই দিছিল ৷ জগন্নাথৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰা উৰিষ্যাৰ কবিসকলৰ মাজত চালাবেগে এক বিশিষ্ট স্থান অধিকাৰ কৰিছিল ৷ চালাবেগৰ জীৱন আৰু তেওঁৰ ৰচনাৱলীৰ ওপৰত অধ্যয়ন কৰা নীলমণি মিশ্ৰৰ মতে চালাবেগা জন্ম ১৬০৭-১৬০৮ খ্ৰীষ্টাব্দত ৷ তেওঁ আছিল মোগল চুবেদাৰ লালাবেগৰ পুত্ৰ ৷ লালাবেগে তেওঁৰ সামৰিক ভ্ৰমণত এগৰাকী সুন্দৰ ব্ৰাহ্মণ বিধৱা ললিতাক লগ পায় ৷ ললিতাক জোৰ-জবৰদস্তি লৈ গৈ নিজৰ পত্নী কৰি ল’লে ৷ চালাবেগ, লালাবেগ আৰু ললিতাৰ একমাত্ৰ সন্তান ৷ বয়স হোৱাৰ লগে লগে চালাবেগে দেউতাকৰ লগত যুঁজলৈ যাবলৈ ধৰিলে ৷ এবাৰ যুদ্ধত তেওঁ গুৰুতৰভাৱে আহত হৈছিল ৷ জীৱনৰ বাবে যুঁজি থকা সময়তে মাক ললিতাৰ পৰামৰ্শ অনুসৰি তেওঁ বিষ্ণু নাম জপ কৰিবলৈ ধৰিলে আৰু অলৌকিকভাৱে সুস্থ হৈ উঠিল ৷ বিষ্ণুৰ লীলাত আচৰিত হৈ তেওঁ হিন্দু  ধৰ্মৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হৈ পৰিল ৷ মাক ললিতাৰ পৰা চালাবেগে পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে শুনিছিল ৷ আচৰিত আৰু ৰোমাঞ্চিত চালাবেগ পুৰীলৈ আহে যদিও জগন্নাথ মন্দিৰ দৰ্শনৰ পৰা বঞ্চিত হয় ৷ ইয়াৰ পিছত তেওঁ বৃন্দাবনলৈ যায় আৰু তাত কৃষ্ণৰ ভজন পাঠ কৰি তপস্বী জীৱন কটায় ৷ এবছৰ পিছত তেওঁ জগন্নাথৰ ৰথ যাত্ৰা চাবলৈ আহিছিল যদিও বাটতে অসুস্থ হৈ পৰে ৷ ৰথযাত্ৰাৰ বাবে সময়মতে গৈ নাপাব বুলি উপলদ্ধি কৰি তেওঁ আহি পোৱালৈকে অপেক্ষা কৰিবলৈ অনুৰোধ কৰি জগন্নাথক প্ৰাৰ্থনা কৰিলে ৷ কোৱা হয় উৎসৱৰ দিনা চালাবেগ আহি নোপোৱালৈকে  জগন্নাথৰ ৰথ নন্দিঘোষ এটা স্থানৰ পৰা লৰচৰ কৰা নাছিল ৷ চালাবেগক দৰ্শন দিবলৈ যি স্থানত ৰথখন স্থবিৰ হৈ পৰিছিল সেই স্থানতে বহি চালাবেগে পাছত জগন্নাথৰ সন্মানত বহু ভজন, ভক্তিমূলক গীত ৰচনা কৰিছিল৷ মৃত্যুৰ পাছত তেওঁক সেই স্থানতে সমাধিস্থ কৰা হৈছিল ৷ এই মহান ভক্তৰ সমাধি আজিও বালাগোন্দিৰ সমীপত আছে ৷ বৰ্তমানো চালাবেগৰ সন্মানত প্ৰতি বছৰে ৰথযাত্ৰাৰ সময়ত জগন্নাথৰ ৰথ নন্দিঘোষ কিছু সময়ৰ বাবে তেওঁৰ সমাধিৰ কাষত ৰয় ৷ তেওঁ ৰচনা কৰা সকলোবোৰ ভজন বৰ্তমান নাই যদিও কিছুমান আজিও ভক্তৰ মাজত জনপ্ৰিয় ৷ চালাবেগৰ ৰচনাত সেই সময়ৰ বহু ঐতিহাসিক ঘটনাৰ বিৱৰণ পোৱা যায় ৷ তেওঁ পুৰী আক্ৰমণত লুণ্ঠনকাৰীয়ে কৰা লুণ্ঠন আৰু জগন্নাথ মন্দিৰত কৰা লুটপাত আৰু বাৰে বাৰে অপবিত্ৰ কৰাৰ প্ৰচেষ্টাৰ কথা অতি যন্ত্ৰণাৰে লিখিছিল ৷ উল্লেখনীয় যে মন্দিৰৰ বুৰঞ্জী মাদলা পাঞ্জীত লিপিবদ্ধ কৰা অনুসৰি পুৰীৰ জগন্নাথ মন্দিৰত ওঠৰ বাৰ আক্ৰমণ আৰু লুণ্ঠন কৰা হৈছে ৷

                জগন্নাথৰ ৰথযাত্ৰাৰ সময়ত ঘটে আন এটি আমোদজনক ঘটনা যাক কোৱা হয় ‘হোৰা পঞ্চমী’৷ লক্ষ্মীদেৱীক এৰি জগন্নাথদেৱ গুণ্ডিচা মন্দিৰলৈ যোৱা বাবে লক্ষ্মীদেৱীৰ খং উঠি আছিল ৷ তাৰোপৰি সোনকালে আহিম বুলি কৈ যোৱা জগন্নাথদেৱ পঞ্চম দিনলৈকে উভতি নহা বাবে লক্ষ্মীদেৱী অধৰ্য্য হৈ গুণ্ডিচা মন্দিৰ পালেগৈ ৷ কিন্তু গুণ্ডিচা মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰি উভতি আহিব লগা হ’ল, ফলত খং দুগুনে চৰিল ৷ উভতি অহা সময়ত লক্ষ্মীদেৱীয়ে জগন্নাথৰ ৰথৰ কিছু অংশ ভাঙি থৈ আহিল ৷ ইয়াকে কোৱা হয় হোৰা পঞ্চমী৷  উল্টাৰথ যাত্ৰাৰ দিনাখন ৰাতি হোৱা বাবে জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা মন্দিৰত প্ৰৱেশ নকৰে ৷ তিনিওখন ৰথ মন্দিৰৰ বাহিৰতে অপেক্ষা কৰে ৷ পিছদিনা একাদশী ভগৱানক স্বৰ্ণ বেশত সজাই তোলা হয় ৷ প্ৰথমে মন্দিৰত প্ৰৱেশ কৰে সুদৰ্শন, তাৰপিছত বলভদ্ৰ, সুভদ্ৰা ৷ লক্ষ্মীদেৱীয়ে জগন্নাথদেৱক মন্দিৰত প্ৰৱেশৰ বাধা দি মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়ে ৷ সেইসময়ত লক্ষ্মীদেৱী আৰু জগন্নাথৰ সেৱকৰ মাজত তৰ্ক-বিতৰ্ক হয় ৷ অৱশেষত জগন্নাথদেৱে লক্ষ্মীদেৱীক সন্তুষ্ট কৰাত মন্দিৰৰ দুৱাৰ খুলি দিয়ে ৷ আচৰিত যেন লাগিলেও আজিও জগন্নাথ মন্দিৰত এই পৰম্পৰা প্ৰচলিত হৈ আছে ৷

                গুণ্ডিচা মন্দিৰৰ পৰা উভতি অহাৰ সময়ত তিনিওগৰাকী দেৱতাৰ ৰথ ‘মৌচি মা’ বা ‘মাউছি মা’ মন্দিৰত কিছু সময়ৰ বাবে ৰখায় ৷ মৌচি মা মন্দিৰক অৰ্ধশোচিনী বুলিও কোৱা হয় ৷

স্কন্দ পুৰাণৰ বৈষ্ণৱ কাণ্ডত উল্লেখ কৰা অনুসৰি দেৱী অৰ্ধশোচিনীয়ে পুৰী চহৰ আৰু জগন্নাথ মন্দিৰক সাগৰৰ আধা পানী পান কৰি বানপানীৰ পৰা ৰক্ষা কৰিছিল ৷ বিশ্বাস অনুসৰি শিৱৰ সৈতে দেৱী অৰ্ধশোচিনীয়ে জগন্নাথ মন্দিৰৰ ৰক্ষক হিচাপে কাম কৰে ৷

                 ৰথ যাত্ৰাৰ লগত জড়িত হৈ আছে বিভিন্ন ৰীতি-নীতি ৷ ৰথযাত্ৰাৰ আৰম্ভণিতে গজাপতি ৰজাই সোণৰ হেণ্ডেল থকা ঝাড়ুৰে ৰথৰ পথ ঝাড়ু দিয়ে আৰু চন্দনৰ গুড়ি আৰু পানী ছটিওৱা প্ৰথা প্ৰচলিত হৈ আছে ৷ এই প্ৰথাৰ মাজেৰে হয়তো ভগৱান জগন্নাথদেৱৰ বাবে ৰজা-প্ৰজাৰ মাজত কোনো পাৰ্থক্য নাই সকলো ভক্ত একেই এই কথাকে প্ৰতিপন্ন কৰিব বিচৰা হৈছে ৷ ৰথযাত্ৰাৰ আৰম্ভণিৰ পৰা শেষলৈকে অনুষ্ঠিত প্ৰতিটো ৰীতি-নীতিকে বিভিন্ন নামেৰে উদযাপন কৰা হয় ৷

                আজিকালি বহুতো মন্দিৰতে ৰথযাত্ৰা অনুষ্ঠিত কৰা পৰিলক্ষিত হয় যদিও পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ পুৰীৰ এই ঐতিহাসিক উৎসৱৰ প্ৰতি ভক্তৰ আকৰ্ষণ বেছি ৷ হৰেকৃষ্ণ আন্দোলনৰ জৰিয়তে বিশ্বৰ প্ৰায়বোৰ ডাঙৰ চহৰতে ৰথযাত্ৰা এক সাধাৰণ দৃশ্য হৈ পৰিছে ৷

পুৰীৰ জগন্নাথ মন্দিৰত অনুষ্ঠিত নৱকলেৱৰ উৎসৱ

                 “নৱকলেৱৰ” পুৰীৰ জগন্নাথ মন্দিৰৰ এক গুৰুত্বপূৰ্ণ উৎসৱ ৷ মন্দিৰত প্ৰতিষ্ঠিত শ্ৰীজগন্নাথ, বলভদ্ৰ, সুভদ্ৰা আৰু সুদৰ্শনৰ বিগ্ৰহ সলনি কৰি নতুন বিগ্ৰহ স্থাপন কৰা প্ৰক্ৰিয়াকে “নৱকলেৱৰ” বুলি কোৱা হয় ৷ সাধাৰণতে মন্দিৰত প্ৰতিষ্ঠিত মূৰ্তি শিল বা ধাতুৰে নিৰ্মিত যদিও পুৰীৰ জগন্নাথ মন্দিৰৰ বিগ্ৰহ কাঠত খোদিত কৰা হয় ৷ ধাতুৰে নিৰ্মিত মূৰ্তি বহু বছৰ ধৰি ভালে থাকে কাঠত খোদিত মূৰ্তি কিছু বছৰৰ পাছত নষ্ট হৈ যায় ৷ সেইবাবেই হয়তো বিগ্ৰহ সলনি কৰা প্ৰথাৰ প্ৰচলন হৈছিল ৷ আনুষ্ঠানিকভাৱে প্ৰতি আঠৰ পৰা ঊনৈশ বছৰৰ ভিতৰৰ নিৰ্দিষ্ট তিথিত বিভিন্ন পৰম্পৰা আৰু ৰীতি-নীতিৰে এই বিগ্ৰহ সলনি কৰা হয় ৷ কিংবদন্তি অনুসৰি পুৰীৰ জগন্নাথ মন্দিৰত কৃষ্ণৰ হৃদয় স্থাপন কৰা হৈছিল ৷ কাঠেৰে নিৰ্মিত বিগ্ৰহসমূহ কিছু বছৰৰ পিছত ক্ষতি সাধন হয় যিয়ে হৃদয়ৰো ক্ষতি হয় সাধন কৰে বুলি বিশ্বাস ৷ সেয়ে জগন্নাথ মন্দিৰৰ বিগ্ৰহৰ “নতুন দেহ” অৰ্থাৎ জগন্নাথ মন্দিৰত নতুন বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয় আৰু পুৰণি বিগ্ৰহসমূহ কৈলি বৈকুণ্ঠত সমাধিস্থ কৰা হয় ৷ ‘নৱকলেৱৰ’ দুটি শব্দৰ সংমিশ্ৰণ নৱ অৰ্থাৎ নতুন আৰু কলেৱৰ অৰ্থাৎ শৰীৰ ৷

                হিন্দু ধৰ্মত বিশ্বাস কৰা হয় আত্মা অবিনশ্বৰ ৷ আত্মাই এটা শৰীৰ ত্যাগ কৰি আন শৰীৰত প্ৰৱেশ কৰে ৷ শৰীৰ বিনিষ্ট হলেও আত্মা বিনিষ্ট নহয় ৷ সম্ভৱত জগন্নাথ মন্দিৰত নৱকলেৱৰ অনুষ্ঠানৰ আৰম্ভণিৰ ধাৰণাও এনেদৰেই আৰম্ভ হৈছিল ৷ যিটো বছৰত আহাৰ মাহত দুবাৰ অমাৱস্যা পৰে অৰ্থাৎ যি বছৰত আহাৰ মাহ মলমাহ হয় সেই বছৰত  নৱকলেৱৰ উৎসৱ অনুষ্ঠিত হয় ৷ শেষতীয়াভাৱে ২০১৫ চনত জগন্নাথ মন্দিৰত নৱকলেৱৰ উৎসৱ অনুষ্ঠিত হৈছিল ৷

                এই উৎসৱ প্ৰথম কেতিয়া কোনে আৰম্ভ কৰা কৰিছিল এই কথা সঠিককৈ কোৱা টান যদিও অনুমান কৰা হয় ১৫৭৫ খ্ৰীষ্টাব্দত যদুবংশী ভোই ৰজা ৰামচন্দ্ৰদেৱে প্ৰথম নৱকলেৱৰ উৎসৱ অনুষ্ঠিত কৰিছিল ৷ ৰক্তবাহুৰ আক্ৰমণ জগন্নাথৰ মূৰ্তি মাটিত পুতি থোৱা বাবে নষ্ট হৈ গৈছিল সেইবাবেই হয়তো এই পৰম্পৰাৰ প্ৰচলন হৈছিল ৷                        

জগন্নাথ মন্দিৰত অনুষ্ঠিত এই উৎসৱ প্ৰায় ৪৫ দিন বিভিন্ন ৰীতি-নীতিৰে উদযাপিত কৰা হয় ৷ যিটো বছৰত এই উৎসৱ অনুষ্ঠিত হয় সেই বছৰ জগন্নাথ মন্দিৰত স্নান উৎসৱৰ পিছতেই আৰম্ভ হয় নৱকলেৱৰ যজ্ঞ ৷ তাৰপাছতেই বিগ্ৰহ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট বৈচিত্ৰপূৰ্ণ নিম গছৰ সন্ধান কৰা হয়, যাক দাৰু বৃক্ষ বুলি কোৱা হয় ৷ প্ৰতিটো বিগ্ৰহৰ বাবে নিৰ্দিষ্ট কিছুমান বৈচিত্ৰ থাকিব লাগে ৷ সুদৰ্শন চক্ৰৰ বাবে গছজোপা তিনিটা ডাল থকাৰ উপৰিও গছৰ বাকলি বা ছালৰ ৰং ৰঙা হ’ব লাগে আৰু গা-গছত চক্ৰৰ চিহ্ন থাকিব লাগে ৷ বলভদ্ৰৰ বিগ্ৰহৰ বাবে গছজোপা কোনো ঐতিহ্য ক্ষেত্ৰ বা কবৰ স্থানৰ কাষত সাতটা ডালেৰে পাতল বাদামী ৰঙৰ য’ত নাঙলৰ চিহ্ন থাকিব লাগে ৷ সুভদ্ৰাৰ বিগ্ৰহৰ বাবে গছজোপা পদুম ফুলৰ চিহ্নৰে হালধীয়া ৰঙৰ পাঁচটা ডাল যুক্ত হ’ব লাগে ৷ জগন্নাথৰ বিগ্ৰহৰ বাবে গছজোপা শংখ, চক্ৰৰ চিহ্নৰে ক’লা ৰঙৰ চাৰিটা ডাল যুক্ত হোৱা বাঞ্চনীয়৷

ইয়াৰ উপৰিও গছজোপা তিনিখন পাহাৰৰ মাজত বা জলাশয়ৰ কাষত গছ-গছনিৰে আৱৰা শিৱ মন্দিৰৰ কাষত হোৱাৰ উপৰিও গছৰ গুৰিত সাপৰ গাঁত থাকিব লাগে আৰু গছজোপা লতাবিহীন হ’ব লাগে ৷ এনে বৈশিষ্টপূৰ্ণ গছৰ সন্ধান পোৱাৰ পাছত সেই স্থানতে বিভিন্ন পূজা-অৰ্চনাৰ অন্তত গছ কাটি কাঠেৰে তৈয়াৰ কৰা বিশেষ গৰু¸ গাড়ীৰে জগন্নাথ মন্দিৰলৈ অনা হয় ৷ তাৰ পিছতেই আৰম্ভ হয় কৈলী বৈকুণ্ঠত অতি গোপনে নতুন বিগ্ৰহ নিৰ্মাণ কাৰ্য ৷ একৈশ দিনত বিগ্ৰহ খোদিত কাম সম্পন্ন কৰা হয় ৷ এই সময়ছোৱাত খোদিতকাৰীসকলে সেই স্থানৰ পৰা ওলাই যাব নিষেধ ৷ এই কাম ইমান গোপনে কৰা হয় যে আনকি মন্দিৰৰ প্ৰধান পুৰোহিতকো এই স্থানলৈ  যাবলৈ দিয়া নহয় ৷ ৰথযাত্ৰা তিনি দিন আগতে নতুন বিগ্ৰহ মন্দিৰৰ গৰ্ভগৃহলৈ অনা হয় আৰু পুৰণি বিগ্ৰহৰ সন্মুখত ৰখা হয় ৷ ইয়াৰ পাছত “ব্ৰহ্মবস্তু” পুৰণি বিগ্ৰহৰ পৰা নতুন বিগ্ৰহলৈ অনা হয় ৷ এই ব্ৰহ্মবস্তু সলনি কৰা প্ৰক্ৰিয়া মাত্ৰ তিনিজন দৈতাপতিয়ে অতি গোপনে আনকি তেওঁলোকেও চকুত কাপোৰ বান্ধিহে কৰে ৷ প্ৰকৃততে এই ব্ৰহ্মবস্তুটো নো কি কোনেও নাজানে ৷ বিশ্বাস অনুসৰি এইটো কৃষ্ণৰ হৃদয় আন কিছুমানৰ মতে আকৌ বুদ্ধদেৱৰ দাঁত ৷ ব্ৰহ্মবস্তু নতুন বিগ্ৰহত স্থাপন কৰাৰ পাছত মাজনিশা পুৰণি বিগ্ৰহ কৈলি বৈকুণ্ঠত সমাধিস্থ কৰা হয় ৷ জগন্নাথৰ বিগ্ৰহ আগৰ ঠাইতে অৰ্থাৎ আগৰ বিগ্ৰহৰ ওপৰতে সমাধিস্থ কৰা হয় ৷ কোৱা হয় এই অনুষ্ঠান কোনো  লোকে প্ৰতক্ষ্য কৰিলে তেওঁৰ মৃত্যু অনিবাৰ্য্য ৷ সেইবাবে সেই সময়ত মন্দিৰ এলেকাত বিজুলী-প্ৰৱাহ বন্ধ কৰি দিয়া হয় ৷ পিছদিনা নতুন বিগ্ৰহ সজাই পৰাই ৰত্ন সিংহাসনত স্থাপন কৰি মন্দিৰৰ নিয়মিত পূজা, ভোগ অৰ্পন অনুষ্ঠিত হয় ৷ তাৰ পিছদিনাৰ কৰা আৰম্ভ হয় জগন্নাথৰ ৰথযাত্ৰা উৎসৱ ৷

                 ইয়াৰ বাহিৰেও শাওন মাহৰ শুক্লা দশমী তিথিত ঝুলনযাত্ৰা, ভাদ মাহৰ কৃষ্ণ অষ্টমীত জগন্নাথৰ জন্মোৎসৱ উপলক্ষে জন্মাষ্টমী,কাতি মাহৰ পূৰ্ণিমা তিথিত ৰাস উৎসৱ, ফাগুণ মাহৰ পূৰ্ণিমা তিথিত দৌলযাত্ৰা, চ’ত মাহত অশোকাষ্টমী আদি পালন কৰা হয় ৷

                প্ৰতিদিনে মন্দিৰত বিভিন্ন পূজা সেৱা আগবঢ়োৱা হয়– জাগৰণ, দন্ত ধাবন আৰু স্নান, বাল্যভোগ, ৰাজভোগ, সত্ৰভোগ, মধ্যাহ্ন ভোগপূজা, জগন্নাথ দেৱৰপহোৰ, সন্ধ্যা ভোগ, চান মেলা, দেৱপূজা, শয়ন আৰতি ৷

                জগন্নাথ মন্দিৰক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে বৰ্তমানৰ পুৰী চহৰ৷ ঘন বসতি, অসংখ্য হোটেল, ধৰ্মশালা, দোকান, বজাৰ৷ জগন্নাথ মাহাত্ম্যৰ বাবেই বিভিন্ন সম্প্ৰদায়ে পুৰীত অসংখ্য মঠ-মন্দিৰ, সত্ৰ স্থাপন কৰিছে ৷

 

Articles

Post navigation

Previous post
Next post

Comments (8)

  1. দীপক কুমাৰ শৰ্মা says:
    October 4, 2023 at 7:13 am

    কৃষ্ণ,বলৰামৰ লগত সুভদ্ৰাৰ মূৰ্তি থকা মন্দিৰ ভাৰতত মাত্ৰ এটা আছে — জগন্নাথ মন্দিৰ । ইয়াৰো এটি সুন্দৰ কাহিনী আছে — কাহিনীটো উল্লেখ কৰিব পাৰে ।

    Reply
    1. Jona Mahanta says:
      October 4, 2023 at 9:50 am

      ধন্যবাদ শৰ্মা ৷এই বিষয়ে লিখিবলৈ মন আছে ৷

      Reply
  2. Anju Mahanta says:
    October 4, 2023 at 8:22 am

    So beautifully written about everything in details, loved it and highly impressed, thanks a lot for sharing Jona..Gathered lots of knowledge from your article. Warmest wishes

    Reply
    1. Jona Mahanta says:
      October 4, 2023 at 9:41 am

      Thank you Anju

      Reply
  3. ৰৌচন আৰা বেগম says:
    October 4, 2023 at 12:34 pm

    এটা সুন্দৰ লেখনি আগবঢ়ালা জোনা। পুৰীৰ জগন্নাথ মন্দিৰ সম্পর্কে নজনা বহু কথা জানিলোঁ তোমাৰ এই লেখনিটোৰপৰা। তোমালৈ শুভেচ্ছা থাকিল জোনা।

    Reply
    1. Jona Mahanta says:
      October 4, 2023 at 4:21 pm

      ধন্যবাদ ৰৌচন আৰা ৷ তোমাৰ সুন্দৰ মন্তব্যই আপ্লুত কৰিলে ৷

      Reply
  4. তৃষ্ণা বৰকাকতি says:
    October 10, 2023 at 9:03 am

    পুৰীৰ জগন্নাথ মন্দিৰলৈ গৈছিলোঁ যদিও সেয়া মাথো এক দৰ্শনহে আছিল। তোমাৰ দৃষ্টিৰে আজি ভালকৈ দেখিলো আৰু বহু কথা জানিলোঁ। বৰ সুন্দৰকৈ কাহিনীবোৰ বৰ্ণনা কৰিছা। আগলৈ আৰু পঢ়িম দেই জোনাবা🙏

    Reply
    1. Jona Mahanta says:
      October 10, 2023 at 5:18 pm

      Thank you Trishna.

      Reply

Leave a Reply to দীপক কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes