ৰূপালী পোহৰত জলমলাই উঠা
বিশাল জলৰাশিৰ সন্মুখত
সপোনবোৰ সযতনে বুকুত সাবটি
সুন্দৰ সন্ধিয়া অকলেই পাৰ কৰোঁ ।
মৃদু বতাহজাকত
উটি অহা বকুলৰ সুবাসে
পৰিবেশটো ৰোমান্টিক কৰি তোলে ।
উদাসী অভিমানবোৰ
ঢৌবোৰৰ স’তে অহা-যোৱা কৰে ।
ল’ৰালি কৈশোৰ যৌৱনৰ দৰে দেখোন
নাপাওঁ বিচাৰি
জলমলাই উঠা জোনাকৰ ৰূপালী পোহৰ
তথাপিও কিয় জানো ভাল পাওঁ মই
জোনাকৰ স’তে সুখ-দুখৰ কথা পাতি ।
নে,
আজন্ম প্ৰেমিক মই জোনাকৰ !

ভাল লাগিল চুটি কবিতাটি পঢ়ি। অতি সুন্দৰ।
Thank you Sanjib.