দুয়োজনে দুফালৰ পৰা আহি
কেঁকুৰিটোতে লগ পাইছিলোঁ এদিন
হাতত হাত ধৰি আগুৱাই যাওঁতে
কেতিয়ানো হ’ল দুপৰীয়া ততকে নাপালোঁ
উভতিলোঁ দুয়ো অহা বাটেৰে ৷
বহু দিনৰ বিৰতিৰ পিছত
এদিন গোধূলি আহিলোঁ সেই বাটেৰে
আধৰুৱা কথা খিনি কওঁ বুলি
সকলো সলনি হ’ল
কেঁকুৰিটোকে নাপালোঁ বিচাৰি ৷
হয়তো মোৰ ঠিকনা ভুল হ’ল !
জোনা মহন্ত
অতি চুটি পদ্য, সুন্দৰ ভাবাৰ্থ
শুভেচ্ছা জনালোঁ জোনা।
Thank you Sanjib.