মূল- তসলিমা নাসৰিন।
মইতো মানুহ আছিলোঁ, সমাজ সংসাৰ আছিল, সপোন আছিল,
বাৰাণ্ডাত ফুলগছ, হাট-বজাৰ, আবেলিবেলাৰ থিয়েটাৰ,
বন্ধুৰ ঘৰ- আন সকলোৰে দৰেই মোৰো আছিল।
হঠাৎ কিছুমানে মোক মুহূৰ্ততে
নিষিদ্ধ বস্তু সজাই পেলালে ।
কাৰ কি অনিষ্ট কৰিছিলোঁ মই ?
একোৱেই তো নাছিল মোৰ, মাত্র আছিল সপোন
সেই সপোনকে সম্বল কৰি জীয়াই আছিলোঁ সুখ-শান্তিৰে
ব্যস্ত চহৰৰ ভিৰত, ৰ’দত তিতি, সকলো মানুহৰ দৰে আমাৰ এই সাধাৰণ ভাবে জীয়াই থকাতোকে-
কোনোবাই কিয় কাঢ়ি নিব লগা হ’ল ।
ৰজাৰ মানুহে নিষিদ্ধ সামগ্ৰী ভৰাই ৰাখিছে
অৱশেষত ধর্ম ধ্বংস কৰা ডাইনীক ধৰা হৈছে বুলি-
ঢোল বজাই সমগ্ৰ বিশ্বক জনাই দিছে খবৰ
মুখ মেলি ৰৈ থকা ধৰ্মান্ধ সকলৰ মুখত ঢালি দিছে সুস্বাদু খাদ্য
সন্ত্ৰাসবাদীৰ জিভাৰ পৰা ওলাইছে উত্তপ্ত লাভা
আন কাৰো খেলৰ সামগ্ৰী তো নহয়।
মোৰ জীৱনতোও তো জীৱন
জনতাৰ আদালত বুলি কোনো আদালত কি ক’তো নাই ?
অসমীয়া অনুবাদ – জোনা মহন্ত ।