Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

 বৈষ্ণোদেৱী মন্দিৰৰ ইতিহাস

Jona Mahanta, June 26, 2023August 19, 2023

জম্মুৰ ত্ৰিকুট পাহাৰত অৱস্থিত হিন্দুৰ অন্যতম তীৰ্থস্থান বৈষ্ণোদেৱীৰ মন্দিৰ আমাৰ প্ৰায় সকলোৰে পৰিচিত ৷ “বৈষ্ণোদেৱী” মাদুৰ্গাৰ নামত উৎসৰ্গ কৰা ১০৮ খন শক্তিপীঠ ভিতৰত এখন, য’ত দেৱী দুৰ্গাক বৈষ্ণোদেৱী নামেৰে পূজা কৰা হয়৷ আমি ন গৰাকী বান্ধৱী এই পবিত্ৰ মন্দিৰৰ দৰ্শনৰ লগতে কাশ্মীৰ ভ্ৰমণলৈ গৈছিলোঁ ৷ এই লিখনিত বৈষ্ণোদেৱী মন্দিৰৰ বিষয়ে প্ৰচলিত পৌৰানিক কাহিনীৰ কিছু কথাহে উল্লেখ কৰিব বিচাৰিছোঁ ৷

    ভাৰতৰ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ ৰাজ্যৰ ৰিয়াছি জিলাৰ জম্মুৰপৰা মাত্ৰ ৪৩ কিলোমিটাৰ নিলগত ত্ৰিকুট পাহাৰৰ পাদদেশত ২৮০০ ফুট উচ্চতাৰ কাটৰা চহৰ অৱস্থিত ৷ বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে কাটৰা চহৰখনে বেছ কেম্প হিচাপে কাম কৰে ৷ সেয়ে ইয়াত অসংখ্য হোটেল, ৰেস্তোৰাঁ, ধাবা আদিৰ উপৰিও কিছুমান পঞ্জীয়নভুক্ত সংস্থা আছে যিসমূহত বিনামুলীয়াকৈ থকাৰ ব্যৱস্থাও আছে ৷ কাটৰা চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগত ত্ৰিকুট পাহাৰৰ ৫২০০ ফুট উচ্চতাত এটি গুহাত বৈষ্ণোদেৱীৰ মন্দিৰ অৱস্থিত ৷ পবিত্ৰতম তীৰ্থস্থান হিচাপে পৰিচিত এই মন্দিৰ এই দুৰ্গম অঞ্চলত কেনেকৈ নিৰ্মাণ কৰা হৈছিল আৰু কেতিয়াৰ পৰা এখন গুৰুত্বপূৰ্ণ তীৰ্থস্থান হিচাপে পৰিচিত হৈছিল সেই কথা নিৰ্ধাৰণ কৰা কঠিন ৷ সেয়া আজিও ৰহস্য হৈয়ে আছে ৷ এই অঞ্চলৰ ভূতাত্ত্বিক গৱেষণাৰ পৰা জনা যায় যে বৰ্তমান যিটো গুহাত বৈষ্ণোদেৱী মন্দিৰ প্ৰতিষ্ঠিত সেই গুহাটো এক লাখ বছৰ পূৰণি ৷ আধ্যাত্মিক তাৎপৰ্যৰ বাবেই ইয়ালৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ আগমণ ঘটে ৷ কোৱা হয় দেৱীয়ে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে ৷ 

    ত্ৰিকুট পাহাৰৰ পাদদেশৰ বানগঙ্গাৰ পৰা পাহাৰৰ ওপৰলৈ খোজকাঢ়ি যাব লাগে বাবে শাৰীৰিকভাৱে কি্ছু ক্লান্তি অনুভৱ কৰা যায় যদিও এই পদযাত্ৰা জীৱনৰ এক স্মৰণীয় যাত্ৰা ৷ অৱশ্যে খোজকাঢ়িয়েই যে যাব লাগিব তেনে নহয়, বিকল্প ব্যৱস্থা আছে ৷ কাটৰাৰ পৰা সাঁঝি ছট (Sanji Chhat)লৈ নিয়মীয়াকৈ হেলিকপ্টাৰ যাত্ৰাৰ ব্যৱস্থা আছে ৷ তাৰ পৰা মাত্ৰ আঢ়ৈ কিলোমিটাৰ খোজকাঢ়িব লাগে ৷ ইয়াৰ বাহিৰেও ঘোঁৰা, পাল্কি, পোৰ্টাৰ অৰ্থাৎ বোকোচাত কঢ়িয়াই নিয়া লোকো আছে ৷ অৰ্ধকুমাৰীৰ পৰা বৈষ্ণোদেৱী গুহালৈ বেটাৰীচালিত গাড়ীৰ ব্যৱস্থাও আছে ৷  আমি অৱশ্যে খোজকাঢ়িয়ে গৈছিলোঁ ।

পথছোৱাৰ পাহাৰৰ চিত্তাকৰ্ষক প্ৰাকৃতিক দৃশ্যই হৃদয় প্ৰফুল্লিত কৰি তোলে ৷ গোটেই পথছোৱাত জিৰণি ল’বলৈ সুন্দৰ ব্যৱস্থাৰ লগতে লানি নিচিগা সহযাত্ৰীসকলৰ মাতা দেৱীৰ ভজন, ভক্তিমূলক গীত-মাত আদিৰে মূখৰিত পথছোৱাৰ যাত্ৰা কালছোৱাত কল্পনাতীত অভিজ্ঞতাৰ লগতে অন্যান্য আনন্দদায়ক কাৰ্যকলাপতো ভাগ লোৱাৰ সুবিধা পোৱা যায় ৷ সমগ্ৰ পথত পূজাৰ সামগ্ৰী, স্মৃতিগ্ৰন্থ হিচাপে কিনিব পৰা সামগ্ৰী, বিভিন্ন খোৱাৰ সামগ্ৰীৰ দোকান দিন-ৰাতি সকলো সময়তে খোলা থাকে ৷ মূল পথৰ বাহিৰেও চিৰি বগাই যাব পৰা বিকল্প ৰাস্তা আছে ৷ চিৰিৰে গ’লে পথছোৱাৰ দূৰত্ব কিছু হ্ৰাস হয় যদিও কষ্টকৰ ৷ দৰ্শনাৰ্থী সকলৰ মূখে মূখে উচ্ছাৰিত “জয় মাতা দি”, “মা শেৰোৱালী” আদিৰ ধবনিয়ে চৌদিশে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰে ৷ স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই মন্দিৰক এক শক্তিশালী ইতিবাচক শক্তিয়ে আগুৰি আছে ৷ 

    বৈষ্ণোদেৱী, মাতাৰাণী, ত্ৰিকুটা, মা অম্বে, বৈষ্ণৱী, শেৰোৱালী, দুৰ্গা, ভগবতী, জগদম্বা আদি বিভিন্ন নামেৰে পৰিচিত মাতা দেৱী আদি শক্তিৰ এটি প্ৰকাশ ৷ “মা”, “মাতা” এই শব্দ দুটি ভক্তৰ মূখে মূখে প্ৰচলিত ৷ বৈষ্ণোদেৱী মাকালী, মালক্ষ্মী আৰু মাসৰস্বতীৰ মিলিত শক্তিৰ পৰা অৱতাৰ গ্ৰহণ কৰিছিল বুলি বিশ্বাস কৰা হয় ৷ 

    এই মন্দিৰৰ উৎপত্তি সম্পৰ্কে এটি পৌৰাণিক কাহিনী আছে ৷ এই কাহিনী অনুসৰি দক্ষিণ ভাৰতৰ এখন সৰু গাঁৱৰ বাসিন্দা ৰত্নাকৰ সাগৰ আৰু তেওঁৰ পত্নীৰ বিয়াৰ বহু বছৰ পাছলৈ নিঃসন্তান হৈ আছিল ৷ এটি সন্তানৰ বাবে তেওঁলোক ব্যাকুল হৈ পৰিছিল ৷ অৱশেষত তেওঁলোকৰ ত্ৰিকুটা নামেৰে এগৰাকী কন্যা সন্তানৰ জন্ম হয় ৷ কোৱা হয় কন্যাৰ জন্মৰ পাছত সাগৰ দম্পত্তিয়ে ত্ৰিকুটাৰ ভৱিস্যত জীৱনৰ ওপৰত কোনো হস্তক্ষেপ নকৰে বুলি শপত লৈছিল ৷ ন বছৰ বয়সতে ত্ৰিকুটাই সাগৰৰ পাৰত বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰৰ আৰাধনা কৰিবলৈ ল’লে ৷ ৰাৱনে সীতাক হৰণ কৰি নিয়াৰ পাছত সীতাৰ সন্ধানত ঘূৰি ফুৰাৰ সময়ত শ্ৰীৰামচন্দ্ৰৰ সাধনাৰত ত্ৰিকুটাক দৃষ্টি গোচৰ হয় ৷ ত্ৰিকুটাৰ আৰাধনাৰ উদ্দেশ্য জানিব পাৰি সীতাৰ প্ৰতি অংগীকাৰৱদ্ধ ৰামচন্দ্ৰই কলি কালত ত্ৰিকুটাক বিবাহ কৰিব বুলি প্ৰতিশ্ৰুতি দিলে ৷ আৰাধনাত সন্তুষ্ট হৈ ৰামে তেওঁক ত্ৰিকুট পাহাৰলৈ গৈ তপস্যাত নিমগ্ন হ’বলৈ কয় আৰু তেওঁৰ সুৰক্ষাৰ বাবে ধনু কাঁড়, হনুমান আৰু সিংহ এটাও দিলে ৷ লগতে ৰামে ত্ৰিকুটাক আশীৰ্বাদ কৰিলে– তেওঁ বৈষ্ণোদেৱী ৰূপে চিৰকাল পূজিতা হ’ব ৷ তেতিয়াৰে পৰা ত্ৰিকুটাই ত্ৰিকুট পাহাৰৰ পাদদেশত থাকিবলৈ লয় ৷ ইয়াৰ পাছৰ পৰাই আৰম্ভ হয় বৈষ্ণোদেৱী মন্দিৰৰ কাহিনী ৷ কোৱা হয় ত্ৰিকুটাৰ নামেৰেই পাহাৰখনৰ নাম ত্ৰিকুট ।

    গোৰখনাথ নামৰ এজন মহাযোগী তান্ত্ৰিকে বৈষ্ণোদেৱীৰ সম্পৰ্কে জনাৰ কৌতুহলত তেওঁৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁৰ শিষ্য ভৈৰো নাথ বা ভৈৰৱ নাথক তালৈ পঠিয়াইছিল ৷ বৈষ্ণোদেৱীৰ ৰূপদেখি ভৈৰো নাথৰ কামনা জাগিছিল আৰু বৈষ্ণোদেৱীৰ অনুসৰণ কৰিবলৈ ধৰিলে ৷ ভৈৰো নাথৰ পৰা পৰিত্ৰাণ পাবলৈ বৈষ্ণোদেৱীয়ে পাহাৰৰ ওপৰলৈ পলাই যায় ৷ অৱশেষত আন উপায় নেদেখি মহাকালীৰ ৰূপ ধাৰণ কৰি ভৈৰো নাথৰ শিৰচ্ছেদ কৰে ৷ 

ত্ৰিকুট পাহাৰ পাদদেশত বানগঙ্গা নদী ৷ প্ৰচলিত আখ্যান অনুসৰি হনুমানৰ তৃষ্ণা দূৰ কৰিবলৈ বৈষ্ণোদেৱীয়ে ধনু কাঁড় মাৰি গঙ্গা প্ৰবাহিত কৰিছিল ৷ কাঁড় অৰ্থাৎ বান, বানৰ পৰা উৎপত্তি হোৱা বাবেই ইয়াৰ নাম “বানগঙ্গা” ৷ হনুমানে পানী খোৱাৰ পাছত দেৱীয়ে তাত চুলি ধুইছিল বাবে বানগঙ্গাক “বালগঙ্গা” বুলিও কোৱা হয় ৷ বহুতো দৰ্শনাৰ্থীয়ে এই বানগঙ্গাত গা-ধুইহে বৈষ্ণোদেৱী মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰে ৷ 

    বালগঙ্গা পৰা প্ৰায় দুই কিলোমিটাৰ আগুৱাই গৈ চৰণ পাদুকা মন্দিৰ য’ত দেৱীৰ ভৰিৰ চিহ্নত পুজা কৰা হয় ৷ কিংবদন্তি অনুসৰি ভৈৰো নাথৰ পৰা পৰিত্ৰাণ পাবলৈ পলাই যোৱাৰ সময়ত দেৱীয়ে কিছু সময় এই স্থানত জিৰণি লৈছিল ৷ ফলত দেৱীৰ খোজৰ চিন তাত ৰৈ গৈছিল ৷

    ইয়াৰ পাছতে পদযাত্ৰাৰ প্ৰায় মধ্য ভাগত অৰ্ধকুমাৰী মন্দিৰ বা গুহা ৷ অৱশ্যে অৰ্ধকুমাৰীলৈ মূল পথৰ পৰা ফালৰি কাটি আন এটা পথেৰে কিছু দূৰ যাব লাগে ৷ অৰ্ধকুমাৰী মন্দিৰ দৰ্শন সামৰি আকৌ মূল পথলৈ আহিবলৈ সুকীয়া পথ আছে ৷ কোৱা হয় হনুমানক ৰখীয়া হিচাপে ৰাখি দেৱীয়ে এই গুহাৰ ভিতৰত ন মাহ ভৈৰো নাথৰ পৰা লুকাই ধ্যানত মগ্ন হৈছিল ৷ এগৰাকী মাতৃয়ে যিদৰে গৰ্ভধাৰণৰ পৰা ন মাহ সন্তানক গৰ্ভত ৰাখে ঠিক সেইদৰে দেৱীয়ে এই গুহাত নিজকে স্থাপন কৰিছিল ৷ সেইবাবে এই গুহা গৰ্ভজুন নামেৰেও পৰিচিত ৷ 

    অৰ্ধকুমাৰীৰপৰা প্ৰায় চাৰে ছয় কিলোমিটাৰ নিলগত বৈষ্ণোদেৱীৰ গুহা মন্দিৰ হিচাপে পৰিচিত গুহাটো আধ্যাত্মিক ভাৱে অতি গুৰুত্বপূৰ্ণ ৷ ন মাহ ধ্যানৰ অন্তত দেৱী মন্দিৰ গুহালৈ যায় ৷ ভৈৰৱ নাথে তালৈকেও দেৱীৰ পিছ লয় ৷ তেতিয়া দেৱীয়ে ভৈৰো নাথৰ শিৰচ্ছেদ কৰে ৷ ভৈৰৱ নাথৰ শিৰচ্ছেদ কৰাৰ পাছত বৈষ্ণোদেৱীয়ে অনন্ত কালৰ বাবে শান্তিৰ ধ্যান কৰিবলৈ মানৱ ৰূপ ত্যাগ কৰি শিলাৰ ৰূপ ধাৰণ কৰে ৷ যিটো গুহাত দেৱীয়ে নিজকে শিলাখণ্ডলৈ ৰূপান্তৰিত কৰিছিল সেই গুহাটোৱে বৰ্তমান মাতাৰ পবিত্ৰ মন্দিৰ গুহা ৷ এই গুহাৰ ভিতৰত দেৱীৰ শাৰীৰিক প্ৰকাশ হিচাপে তিনিটা মূৰ বিশিষ্ট শিলাখণ্ড যাক পিণ্ডি বুলি কোৱা হয় ৷ সোঁফালে থকা পিণ্ডি মাকালী, মাজত আছে মালক্ষ্মী আৰু একেবাৰে বাওঁফালে মাসৰস্বতীক প্ৰতিনিধিত্ব কৰে ৷ কোৱা হয় চাৰে পাঁচ ফুট দীঘল এই গুহাটোৰ মাজেৰে গঙ্গাৰসোঁত এটি বই গৈছে ৷ ভক্তসকলে মন্দিৰ গুহাত প্ৰৱেশ কৰাৰ আগতে এই পানীৰে নিজকে পবিত্ৰ কৰে ৷ আন এটা মন কৰিবলগীয়া গুহাৰ ভিতৰত কোনো দেৱতাৰ মূৰ্তি নাই ৷

বৈষ্ণোদেৱী মন্দিৰৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ আঁতৰত ভৈৰো বাবাৰ মন্দিৰ ৷ এই স্থানত ভৈৰো বাবাৰ মন্দিৰ নিৰ্মাণৰো আছে এক প্ৰচলিত কাহিনী৷ বৈষ্ণোদেৱীৰ ভৈৰৱ নাথৰ শিৰচ্ছেদৰ ফলত মূৰটো ওফৰি গৈ আঢ়ৈ কিলোমিটাৰ দূৰত পৰে ৷ সেই স্থানতে ভৈৰৱ নাথৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে ৷ কোৱা হয় বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰি ভৈৰোনাথ মন্দিৰ দৰ্শন নকৰিলে মাৰ দৰ্শন অসম্পূৰ্ণ হয় ৷ অৱশ্যে সেই স্থানলৈ আজি-কালি “ৰোপৱে”ৰ ব্যৱস্থা আছে ৷ শিৰচ্ছেদ কৰি দেৱীয়ে ভৈৰৱ নাথক ক্ষমা কৰি দিয়ে আৰু মোক্ষ লাভৰ অনুমতি দিয়ে ৷ 

এই মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ আঁৰৰ কাহিনী– কোৱা হয় প্ৰাচীন বৈষ্ণোদেৱীৰ মন্দিৰ শ্ৰীধৰ নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ প্ৰতিষ্ঠা কৰিছিল ৷ শ্ৰীধৰ বৈষ্ণোদেৱীৰ অত্যন্ত ভক্ত আছিল আৰু মনে-প্ৰাণে মাতাদেৱীৰ মন্দিৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যদিও নিজৰ আৰ্থিক অৱস্থাৰ বাবে ই সম্ভৱ হোৱা নাছিল ৷ এবাৰ মাতাদেৱীৰ নিৰ্দেশত তেওঁ পূজাৰ ভোগ খাবলৈ ওচৰৰ সকলো লোককে নিমন্ত্ৰণ কৰিলে ৷ পূজাৰ ভোগৰ বাবে সামগ্ৰী তেওঁ মানুহৰ ঘৰে ঘৰে গৈ যোগাৰ কৰিলে যদিও নিমন্ত্ৰিত অতিথিৰ তুলনাত যথেষ্ট কম সংগ্ৰহ হ’ল ৷ কোনো উপাই নাপায় তেওঁৰ ৰাতি টোপনি নহা অৱস্থা ৷ পূজাৰ দিনাখন সকলো অতিথিৰ মাজত এজনী সৰু ছোৱালীও উপস্থিত হ’ল যিয়ে ভোগ বিতৰণৰ সময়ত শ্ৰীধৰক সহায় কৰিলে ৷ প্ৰতিজন অতিথিয়ে পেট পুৰাই ভোগ খোৱাৰ উপৰিও ভোগ ৰাহিহে হ’ল ৷ অনুষ্ঠানৰ শেষত শ্ৰীধৰে সেই ছোৱালীজনীক আৰু দেখা নাপালে ৷ শ্ৰীধৰৰ বুজিবলৈ বাকী নাথাকিল সেই সৰু ছোৱালী জনী মাবৈষ্ণোদেৱীৰ বাহিৰে আন কোনো নহয় ৷ তাৰ পিছত এদিন বৈষ্ণোদেৱীয়ে নিজৰ ৰূপ ধাৰণ কৰি শ্ৰীধৰক ত্ৰিকুট পাহাৰৰ দুৰ্গম অঞ্চলৰ এটি গুহাৰ সন্ধান দি তাত দেৱীৰ মন্দিৰ সাজিবলৈ ক’লে ৷ কোৱা হয় গুহাৰ সন্ধানৰ সময়তো মাতাদেৱীয়ে শ্ৰীধৰক সপোনত পথ দেখুৱাইছিল ৷ শ্ৰীধৰে যেতিয়াই সেই গুহাৰ সন্ধান পালে তাতেই বৈষ্ণোদেৱীৰ পূজাৰ বেদী স্থাপন কৰিলে ৷ কালক্ৰমত সেই মন্দিৰটোৱেই বৈষ্ণোদেৱীৰ মন্দিৰ হিচাপে জনাজাত হৈ পৰে ৷ জীৱনৰ বাকী কালছোৱা শ্ৰীধৰে দেৱীৰ সেৱা কৰিয়েই কটায় ৷ কোৱা হয় তেওঁৰ বংশধৰসকলে আজিও তাত সেৱা আগবঢ়ায় আছে ৷ বিশ্বাস কৰা হয় ত্ৰিকুটাই ৰাৱণৰ বিৰুদ্ধে ৰামৰ বিজয়ৰ বাবে নৱৰাত্ৰি পালন কৰিছিল ৷ সেয়ে আজিও প্ৰতি বছৰে বৈষ্ণোদেৱী মন্দিৰত নৱৰাত্ৰি অতি ধুমধামেৰে উদযাপিত কৰা হয় ৷ নৱৰাত্ৰিত এই মন্দিৰ দৰ্শন কৰিলে স্বৰ্গ লাভ হোৱা বুলি বিশ্বাস কৰা হয় ৷

        এই প্ৰচলিত আখ্যানসমূহৰ বাস্তৱিকতা কিমান সেয়া কোৱা অসম্ভৱ যদিও আধ‍্যাত্মিক পৰিৱেশৰ বাবেই তালৈ ১৪ কিলোমিটাৰ খোজকাঢ়ি গৈও এক অজান আনন্দ অনুভৱ কৰা যায় ।

জোনা মহন্ত ।

Travelblog

Post navigation

Previous post
Next post

Comments (2)

  1. AJANTA BUJAR BARUAH KAZI says:
    July 9, 2023 at 3:46 am

    বৈষ্ণোদেৱী মন্দিৰৰ বৰ্ণনা পঢ়িবলৈ পাই বৰ ভাল লাগিল। বহু নজনা কথা শিকিলোঁ। আগলৈ এনে লিখনি আৰু পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ মামী।

    Reply
  2. Jona Mahanta says:
    July 9, 2023 at 1:17 pm

    Thank you Lulu

    Reply

Leave a Reply to AJANTA BUJAR BARUAH KAZI Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes