Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

সুনন্দা

Jona Mahanta, May 9, 2023June 26, 2023

আজিও আন দিনাৰ দৰেই চাহকাপ হাতত লৈ সুনন্দাই বাৰাণ্ডাত সদায় বহা চকীখনতে বহিল৷ ৰাতিপুৱাৰ ৰঙা চাহকাপলৈ কিছুসময় এনেদৰে বহি নিজৰ মাজতে বুৰ যোৱা তাইৰ অভ্যাসত পৰিণত হৈছে ৷ পুৱাৰ আকাশখন মেঘাচন্ন ৷ ৰাতিৰ বৰষুণজাকে ধুলিৰ চাদৰখন আঁতৰাই গছ-বিৰিখবোৰ সতেজ কৰি তুলিছে৷ কেৰ্কেটুৱা এটাই দেৱালেৰে দৌৰি আহি ইফাল-সিফালে চাই ভিৰভিৰাই তামোলজোপাৰ ওপৰলৈ বগাই উঠি গ’ল ৷ সেইসময়তে হকাৰ জনে গেটৰ বাহিৰৰ পৰাই বাতৰি কাকতখন দলিয়াই দিয়ে যদিও সেইসময়ত সুনন্দাৰ সেইখন পঢ়িবলৈ মন নাযায় ৷ কিনো পঢ়িব ! সন্ধিয়া টিভিত বাৰে বাৰে আওৰাই থকা খবৰবোৰকে৷ দুপৰীয়াৰ ভাত সাজ খাই জিৰণি লোৱাৰ সময়ত বিচনাত বাগৰ দি বাতৰি কাকতখন মেলি লয়৷ তাইৰ ভাল লগা স্মৃতি তৰ্পন, সম্পাদকীয় আদি শিতানবোৰত চকু ফুৰায়৷ 

 চোতালত ছটিয়াই দিয়া চাউল কেইটা খাবলৈ আহি ঘনচিৰিকা কেইটাই আপোন মনে এটা এটাকৈ চাউল বুটলি খাই তৎক্ষণাত কিবা কথা মনত পৰাৰ দৰে উৰি গৈ গছৰ ডালত পৰে৷ সিহঁতৰো যেন মানুহৰ নিচিনাকৈ সময় নাই৷ কাষৰ ঘৰৰ চাজাত পাৰ চৰাই কেইটামান ক’ৰ পৰা জানো আহি ধীৰ-গম্ভীৰ খোজেৰে ঠোঁটেৰে নিজৰ গা খজুৱাই ইফাল-সিফাল চাই থাকে যেন সিঁহত এই ঠাইৰ নিৰাপত্তাৰক্ষীহে৷ কিছুদিনৰ পৰা কুলিয়েও সুৱদী কণ্ঠেৰে বসন্তৰ আগমণৰ বাতৰিও দি আছে৷ ৰাতিপুৱাৰ এই সময়খিনিত এই দৃশ্যবোৰ চাই চাই মনৰ মাজত অতীত বৰ্তমানৰ কথাবোৰ পাগুলিয়েই দেখোন ভাল লাগে সুনন্দাৰ৷ ফিৰ্‌ফিৰিয়া চেঁচা কোমল বতাহ এজাকে তাইৰ শৰীৰ স্পৰ্শ কৰিলে৷ ক’ৰবাৰ পৰা জুবিন গাৰ্গৰ কণ্ঠত বৰগীত “মধুৰ মুৰাৰী… ” ভাঁহি আহি আজি যেন পৰিৱেশটো আৰু বেছি মোহময়ী কৰি তুলিছে ৷ কংক্ৰিতেৰে ভৰা চহৰখনৰ ৰাতিপুৱাৰ এই পৰিৱেশে সুনন্দাক বৰ আকৃষ্ট কৰে৷

 কাষৰ এপাৰ্টমেন্টৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ স্কুললৈ বুলি ওলাই স্কুল ভেনৰ বাবে ৰৈ আছে৷ সিঁহতৰ লগতে মাকবোৰেও ওলাই আহি আটাইকেইগৰাকী লগ হৈ গেটৰ সন্মুখত কথাৰ মহলাত ব্যস্ত হৈছে৷ সুনন্দা উভতি গ’ল অতীতলৈ, মনলৈ আহিল প্ৰবোধ আৰু তাইৰ একমাত্ৰ সন্তান প্ৰীতমৰ প্ৰথম স্কুল যোৱা সময়ৰ কথা৷ কমখন কন্দা-কটা কৰিছিল নে সি স্কুল যোৱাৰ সময়ত ৷ আগদিনা ৰাতিৰ পৰাই তাই ভাবিব লগা হৈছিল ৰাতিপুৱা কি কৈ নো ফুচুলাই পঠিয়াব স্কুললৈ৷ কেতিয়াবা তাইৰ এনেকুৱা লাগিছিল তাক আৰু স্কুললৈ নপঠিয়ায়৷ এনেকৈ মানসিক অত্যাচাৰ দি পঢ়াব পাৰিনে ? এদিন সুনন্দাই প্ৰবোধক কৈছিলেই– “থাকক দিয়া নহ’লে ঘৰতে৷ বুজা হ’লে যদি পঢ়িব বিচাৰে তেন্তে পঢ়িয়াম ইমান অশান্তি কৰে স্কুল যাবলৈ৷” প্ৰত্যুত্তৰত প্ৰবোধে একো কোৱা নাছিল মাত্ৰ সুনন্দালৈ এনেকৈ চাইছিল দ্বিতীয়বাৰ আৰু কোনোদিনেই এই কথা ক’বলৈ সাহস গোটাব নোৱাৰিলে তাই৷ সেই কণমানি প্ৰীতম কেতিয়ানো নিজেই স্কুল ইউনিফ’ৰ্ম পিন্ধি স্কুল যাব পৰা হ’ল ! মা মা কৰি থকা কণমানি ল’ৰাটো গৈ অকলে বাহিৰত থাকি পঢ়িব পৰা হ’ল গমেই নাপালে৷ দিনবোৰ ইমান সোনকালে পাৰ হৈ গ’ল তত্‌কে নাপালে৷ জীৱনতো দেখোন শেষ ¸হ’বৰে হ’ল৷ কিনো কৰিলে জীৱনত ! মনত ৰাখিবলগীয়াকৈ একোৱেই দেখোন কৰা নহ’ল৷ আজি এই মাক কেইগৰাকীয়ে নিজৰ সন্তানক টানি টানি ডাঙৰ কৰা, উচিত শিক্ষা দিবলৈ আপ্ৰাণ চেষ্টা কৰি কৰি এদিন ছাগে তাইৰ দৰেই অকলশৰীয়া হৈ পৰিব৷ স্কুল ভেনবোৰ অহাৰ লগে লগে এপাৰ্টমেন্টৰ সন্মুখ নিজান পৰাত সুনন্দাৰ ভাবত যতি পৰিল৷ 

 হঠাতে কিয় জানো তাইৰ আজি ইমান বছৰ পাছত আইতাকে সৰুতে কোৱা কথাষাৰ মনত পৰিল ! মাজে মাজে দেউতাকে আইতাকক গাঁৱৰ পৰা সিঁহতৰ লগত থাকিবলৈ লৈ আহিছিল৷ আইতাক আহিলে সুনন্দা আৰু তাইৰ ভায়েক ৰাজৰ কিমান যে ফুৰ্তি৷ সোণকালে পঢ়া-শুনা সামৰি আইতাকৰ ওচৰলৈ দৌৰ মাৰিছিল সাধু শুনিবলৈ৷ আইতাকে কোৱা সাধুবোৰ আজিও মনত আছে তাইৰ৷ দিপলিপ ৰাজকুমাৰীৰ সুন্দৰতাৰ বৰ্ণনা এনেকৈ দিছিল যেন চকুৰ আগতে ৰাজকুমাৰী বহি আছে৷ অপেশ্বৰীৰ সাধু, তেজীমলাৰ সাধু আৰু যে ক’ত কি ! সেইসময়ত মনলৈ অহা নাছিল যদিও জনা-বুজা হোৱাৰে পৰা প্ৰায়েই মনলৈ আহিছিল অ-আ, ক-খ পঢ়িব নজনা আইতাকে বাৰু ইমান সুন্দৰকৈ কেনেকৈ সাধুবোৰ আয়ত্ব কৰিছিল৷ আইতাকে সিঁহতক যথেষ্ট মৰম কৰিলেও আইতাকে যেন সিঁহতৰ লগত থাকি সুখী হোৱা নাছিল৷ নহ’লেনো কেইদিনমান সিঁহতৰ লগত থকাৰ পাছতে গাঁৱৰ ঘৰলৈ যাবলৈ হুলস্থুলখন লগাই নে? সেইসময়ত তাইৰ আইতাকলৈ খঙো উঠিছিল৷ মনতে ভাবিছিল– কিয় আইতাই সিঁহতৰ ঘৰত থাকি বেয়া পায় ? সিঁহতে যে আইতাক বৰ ভাল পাওঁ সেই কথাটো আইতাই নজনা নহয়৷ মাকেওতো আইতাক বৰ মৰম কৰে, সন্মান কৰে তেন্তে কিয় ? এদিন সুনন্দাই আইতাকক সুধিয়ে দিছিল –“আইতা তুমি আমাক বেয়া পোৱা নেকি? নহ’লেনো কিয় গাঁৱলৈ যাম যাম কৰি থাকা” 

আইতাকে কৈছিল –“ আজি তই বুজি নাপাবি মোৰ বয়সলৈ অপেক্ষা কৰিব লাগিবও মাজনী”৷ আইতাকে মৰমতে তাইক মাজনী বুলি মাতিছিল৷ সেইসময়ত তাই বুজি পোৱা নাছিল কথাষাৰ৷ কিন্তু আজি উপলব্ধি কৰিছে৷ সেয়ে হয়তো আজি আইতাকলৈ বৰকৈ মনত পৰিছে৷ আইতাকৰ আন এটা কামে তাইক বৰ আকৰ্ষণ কৰিছিল৷ দেউতাকে আইতাকক লোহাৰ মাৰি এডালেৰে কাঠৰ খুন্দনা এটা আনি দিছিল৷ আইতাক আহিলেহে সেইটো ব্যৱহাৰ হৈছিল৷ আইতাক যোৱাৰ পাছত মাকে সেইটো যতনাই থৈ দিছিল৷ আইতাকে এই খুন্দনাত তামোল খুন্দি খাই তাইলৈ অলপ খুন্দা তামোল খুন্দনাতে থৈ দিছিল৷ ইটা ৰঙৰ সেই খুন্দা তামোলকণৰ সোৱাদ দেখোন আজিও মনত আছে৷ সকলো আইতাকৰে খুন্দা তামোল ইমান সোৱাদ নে? তাইৰ আইতাকেহে ইমান সোৱাদকৈ তামোল খুন্দিছিল ! এদিনৰ কথা মনত পৰি সুনন্দাই অকলে অকলে হাঁহিলে৷ এদিন আইতাকে তাইলৈ খুন্দা তামোল থবলৈ পাহৰি যোৱাত তাই যিখন হে কৰিলে আইতাকে নতুনকৈ তামোল খুন্দি দিহে তৎ পালে৷ আজিকালি কোনোবা আইতাকে তামোল খুন্দি খায়নে ? ক’ৰবাত বয়সীয়াল লোকক তামোল খোৱা দেখিলেও কটাৰীৰে ৰুকি খোৱাহে দেখা যায়৷ তামোল পাণৰ ব্যৱস্থা আজিকালি প্ৰায়বোৰ ঘৰতে নাইকিয়া হৈ গ’ল৷ তাইতো আইতা, তাই জানো তামোল খুন্দি খায় ! আইতাকৰ দৰে তাই জানো নাতি-নাতিনী দুটাক সাধু ক’ব পাৰিব বা সিহঁতে জানো সাধু শুনিবলৈ ইচ্ছা কৰিব ! ইচ্ছা কৰিলেও সময় জানো আছে সিহঁতৰ? ৰাতিপুৱা শুই উঠিয়েই স্কুল তাৰ পৰা বাহিৰে বাহিৰে খেলৰ বাবে ষ্টেডিয়াম, তাৰ পৰা আকৌ টিউচন কৰি লেবেজান হৈ ঘৰ আহি পাওঁতে ৰাতি আঠ বাজিবৰে হয়৷ মাজে মাজে সুনন্দাৰ পো-বোৱাৰীক ক’বলৈ মন যায় সৰু সৰু ল’ৰা-ছোৱালী হালৰ ওপৰত বাৰু অত্যাচাৰ কৰা হৈছে নেকি ? কিন্তু নাই নোৱাৰে, একো ক’ব নোৱাৰে৷ প্ৰীতমে হয়তো হাঁহি হাঁহি ক’ব– মা তুমি আমাৰ দিনৰ কথা ক’লে নহ’ব নহয় আজিকালি সকলো সলনি হ’ল৷ চাৰিওফালে মাথোঁ প্ৰতিযোগিতা৷ সময়ৰ লগত খোজ মিলাই আগবাঢ়িব নোৱাৰিলে ভৱিষ্যতে কি কৰিব৷ বোৱাৰী ৰঞ্জনাই একো নক’লেও মনতে হয়তো ভাবিব মায়ে ইহঁতক আসৈ দি নষ্ট কৰিব৷

 প্ৰীতম বাঙ্গালোৰত থকা বহু বছৰেই হ’ল৷ পঢ়িবলৈ গৈ পঢ়াৰ শেষত তাতেই নিজৰ পচন্দৰ চাকৰিত পোৱাত তাতেই কামত সোমাল৷ ৰঞ্জনা আৰু প্ৰীতমৰ পৰিচয়ো তাতেই৷ এদিন প্ৰীতমে আহি ৰঞ্জনাৰ কথা কোৱাত প্ৰবোধ আৰু সুনন্দাই ভালেই পালে৷ দুয়োৰো যেতিয়া মন মিলিছে আপত্তি কৰিবলগীয়া নাই৷ বৰ ধুমধামেৰে নহ’লেও দুয়োটা পৰিয়ালৰ সন্মতিত বিয়াখন পাতি দিলে৷ প্ৰায় ন বছৰেই হ’ল বিয়া হোৱা৷ মধ্যবিত্ত পৰিয়ালৰ ঘৰ ধৰা বৰ ভাল ছোৱালী ৰঞ্জনা৷ যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাই ল’ব পাৰে৷ পৰিয়ালৰ আটাইয়ে তাইক ভাল পায় আৰু মৰম কৰে৷ খুব সোনকালেই ৰঞ্জনাই সকলোকে আপোন কৰি লৈছে৷ সুনন্দাহঁতে চাই বোৱাৰী অনা হ’লেও ছাগে ইমান ভাল ছোৱালী এজনী প্ৰীতমৰ বাবে বিচাৰি নাপালেহেঁতেন৷ চাকৰিৰ দায়িত্ব, নিজৰ ঘৰৰ দায়িত্ব ইমান পৰিপাটি আৰু নিয়াৰিকৈ চম্ভালে সুনন্দাৰ নিজকে বৰ ভাগ্যৱতী যেনই লাগে৷ আজি-কালি প্ৰায়ে শুনিবলৈ পায় বোৱাৰীয়ে ঘৰত কাম কৰিব নিবিচাৰে, ইটো-সিটো বহুতো৷ আজিলৈকে সুনন্দাই বোৱাৰীৰ বিষয়ে কাকো একো ক’ব লগা হোৱা নাই৷ সেই ফালৰ পৰা সুনন্দা যথেষ্ট সুখী৷ 

সিঁহতৰ বিয়াৰ দুবছৰ পাছত প্ৰথম সন্তান প্ৰাঞ্জল হোৱাৰ সময়ত প্ৰবোধ আৰু সুনন্দাই কিছুদিন ল’ৰা-বোৱাৰীৰ লগত বাঙ্গালোৰত থাকোতে নাতি পোৱাৰ আনন্দত একো অনুভৱেই হোৱা নাছিল৷ কিন্তু দেউতাকৰ মৃত্যুৰ পাছত প্ৰীতম আৰু ৰঞ্জনাই জোৰ কৰিয়েই সুনন্দাক বাঙ্গালোৰলৈ লৈ আনিছিল৷ 

–“ মা তুমি ইয়াত অকলে থাকি কি কৰিবা আমাৰ লগতে ব’লা৷ তোমাৰ অসুখ-বিসুখ হ’লে কোনে তোমাক চাব৷ তুমি ইয়াত অকলে থাকিলে আমি জানো তাত শান্তিত থাকিব পাৰিম ! ”

ৰঞ্জনা আৰু প্ৰীতমৰ যুক্তিৰ আগত সুনন্দাই হাৰ মানিবলৈ বাধ্য হৈছিল৷ সিহঁতে নো কি বুজিব এই ঘৰখনত মাকৰ কিমান স্মৃতি জড়িত হৈ আছে৷ সুখ-দুখৰ কিমান অনুভূতি দেউতাকৰ লগত ভাগ-বতৰা কৰিছে সিহঁতেতো নাজানে৷ প্ৰায় ডেৰ-মাহ সিহঁতৰ লগত থাকি সুনন্দাই অনুভৱ কৰিলে এনেদৰে সিহঁতৰ লগত থাকিব লাগিলে তাই দেখোন এদিন জঠৰ হৈ পৰিব৷ ৰাতিপুৱা শুই উঠিয়েই ৰাঘৱ-ৰিধিক লৈ ল’ৰা-বোৱাৰী ওলাই যায়৷ সিহঁত দুটাক স্কুলত থৈ প্ৰীতম-ৰঞ্জনা নিজ নিজ কৰ্মস্থান পায়গৈ৷ ৰাতিপুৱাৰ সময়খিনিত এনে লাগে যেন সিহঁত একো একোটা যন্ত্ৰহে৷ নিজৰ দায়িত্ব আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে সিহঁত যেন যন্ত্ৰলৈ পৰিণত হৈছে৷ ৰঞ্জনাই ল’ৰা-ছোৱালী হালক লৈ ঘৰ আহি সোমাওঁতে প্ৰায়েই সাত-আঠ মান বাজে৷ প্ৰীতম আহি পাওঁতে ৰাতি প্ৰায়েই দহ বাজিবৰে হয়৷ কাৎচিতহে সোনকালে মানে আঠ মান বজাত ঘৰ সোমায়৷ ৰঞ্জনাই ৰাতিপুৱা ইমান কামৰ মাজতো সুনন্দাৰ বাবে দুপৰীয়া খোৱাৰ বাবেও সকলো যতনাই থৈ যায়৷ নিজে ৰান্ধি খাম বুলি ক’লে কয় ––“আপুনি গোটেই জীৱন নিজেই সকলো কৰিলেই মা এতিয়া অলপ জিৰণিকে লওঁক৷ ” কেতিয়াবা মোৰ সময় নহ’লে আপুনি বাৰু নিজেই ৰান্ধি ল’ব৷” যিমানপাৰে আৰামত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে দুয়ো৷ তথাপিও…।

মাজে মাজে অনুভৱ হয় সুনন্দাৰ, তাই যেন¸ বোজা হৈ পৰিছে প্ৰীতম ৰঞ্জনাৰ৷ গোটেই দিনটো নিজকে এপাৰ্টমেন্টৰ সুসজ্জিত কোঠাৰ সুন্দৰকৈ সজাই থোৱা প্ৰাণহীন শ্বো-পিছ্‌ যেন লাগে৷ টিভি ম’বাইল আদিৰে জানো নিঃসঙ্গতা দূৰ কৰিব পাৰি ! ইয়াৰ বাবে তাইতো ল’ৰা-বোৱাৰীকো জগৰীয়া কৰিব নোৱাৰে৷ সিহঁতেতো যিমান পাৰি সুখ আৰু আৰামত ৰাখিবলৈ চেষ্টা কৰিছে৷ তথাপিও তাই জানো শান্তি পাইছে? সেই সময়তে উপলদ্ধি কৰিছিল আইতাকে কিয় সিহঁতৰ লগত থাকি বেয়া পাইছিল৷ 

 কি বুলি নো কৈ বাঙ্গালোৰ পৰা নিজৰ ঘৰখনলৈ আহিব পাৰে ভাবি থাকোতে ভনীয়েক উৰ্মিয়ে ফোনতে ক’লে– বাইদেউ ৰশ্মিৰ বিয়াখন ঠিক হ’ল৷ ল’ৰাৰ ঘৰৰ পৰা সোনকালে বিয়াখন হোৱাতো বিচাৰিছে৷ ল’ৰাৰ আইতাকৰ গা ভাল নহয়৷ আইতাকৰ হেনো বিয়াখন চাবলৈ মন৷ উপায় নাই৷ সেয়ে এমাহৰ ভিতৰতে দৌৰাদৌৰিকৈ পাতিব লগা হ’ল৷ তই থকা হ’লে মোৰ বহুত সহায় হ’লহেঁতেন, তয়ো তাত থাকিলি৷ পাৰ যদি তই সোনকালে আঁহচোন৷

একমাত্ৰ ভনীয়েক উৰ্মিৰ জীয়েক ৰশ্মিৰ বিয়াৰ বাবে সোনকালে মাতি পঠোৱাত সুনন্দাই সকাহ পালে৷

ইয়াত অকলে থাকিলেও গোটেই চহৰখনতে নিজৰ চিনা পৰিচয়েৰে ভৰি আছে৷ যাওঁ বুলিয়েই গৈ কথা-বতৰা পাতি সময় কটাব পাৰি৷ কিবা আপোন আপোন লাগে সকলোবোৰ৷

যোৱাৰাতি তাই কিয়নো প্ৰীতমক গা ভাল নহয় বুলি ক’লে৷ লগে লগে সি ক’লে– “এই বয়সত তুমি তাত অকলে থাকিব নালাগে মা৷ আজি-কালি এনেদৰে অকলে থকা একেবাৰেই সুৰক্ষিত নহয়৷ মই অলপতে গৈ তোমাক ইয়ালৈ লৈ আহিম৷ ”

সুনন্দাক কিবা কোৱাৰ সুবিধাই নিদিলে প্ৰীতমে৷ কেনেদৰে বুজাব প্ৰীতমক তাই মনৰ মাজত কথা৷ মনতে কথাবোৰ পাক ঘূৰণি দি থাকোতে ম’বাইলৰ ৰিংত তাইৰ চিন্তাত যতি পৰিল৷

–‘হেল্লো প্ৰীতম, তুমি আজি অফিচলৈ নোযোৱা নেকি ? অসময়ত ফোন কৰিলা যে ?’ 

–‘আজি দেখোন দেওবাৰ মা, তুমি অকলে থাকি থাকি দিন বাৰ সকলো পাহৰি গৈছা৷ তোমাৰ গা কেনে আছে..৷ মই পৰহিলৈ গৈ আছো৷ তোমাক লৈ আনিম৷’’

ইমান সোনকালে এনে এটি প্ৰস্তাৱ প্ৰীতমৰ পৰা পাব সুনন্দা একেবাৰেই প্ৰস্তুত নাছিল৷ কি ক’ব একো ভাবি পোৱা নাই৷ লাহে কৈ ক’লে– ‘এতিয়াই আহিব নালাগে৷ মোক অলপ সময় দে, নিজকে মানসিক ভাবে প্ৰস্তুত কৰিবলৈ৷ ’

–‘ঠিক আছে মা৷ সাৱধানে থাকিবা৷ এতিয়া ৰাখো’ বুলি কৈ প্ৰীতমে ফোন থ’লে৷ 

উদাস দৃষ্টিৰে আকাশৰ ফালে চাই বহি ৰ’ল সুনন্দা একে ঠাইতে৷ আকাশত কলা ডাৱৰবোৰ ইফালৰ পৰা সিফাললৈ দৌৰি আছে৷ বৰষুণ এজাক আহিব৷ হয়তো ৰাতিৰ বৰষুণ জাকে ধুই নিকা কৰিব নাৱাৰা অৱশিষ্ট ধুলিবোৰ ধুই নিকা কৰিব এই বৰষুণ জাকে৷|

জোনা মহন্ত ।

Short Stories

Post navigation

Previous post
Next post

Comments (2)

  1. সঞ্জীৱ ডেকা says:
    June 16, 2024 at 3:30 am

    “সুনন্দা” গল্পটি পঢ়ি বৰ ভাল লাগিল। আমাৰ সচৰাচৰ পৰিয়াল কেন্দ্ৰিক জীৱনৰ সুন্দৰ ভাৱে উপস্থাপন কৰিছা তুমি, জোনা।

    Reply
    1. Jona Mahanta says:
      June 16, 2024 at 5:57 am

      ধন্যবাদ সঞ্জীৱ্

      Reply

Leave a Reply to সঞ্জীৱ ডেকা Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes