
২০১৭ চনৰ বহাগ মাহৰ প্ৰথমটো সপ্তাহ অসমৰ চুকে-কোণে ৰঙালী বিহুৰ উলহ-মাহলৰ মাজেত ৰঙিয়াৰ ওচৰত আমাৰ সম্পৰ্কীয় লোকৰ বিয়ালৈ বুলি আমি সোনকালেই ঘৰৰ পৰা দুয়ো মানে এওঁ আৰু মই ওলাই আহিলো । গাঁৱৰ বিয়া, দিনতেই গ’লেহে পৰিয়ালৰ লোকসকলক লগ পাম, আজি-কালি ব্যস্ততাৰ বাবে সম্বন্ধীয়া লোকৰ ঘৰলৈ কমেই যোৱা হয় ।বিয়া-সবাহতে লগ হোৱা যায় । আগতেই কৰা পৰিকল্পনা অনুসৰি আমি আমিনগাওঁত অৱস্থিত “ইণ্ডিয়ান ইনষ্টিটিউত অফ টেকনলজি”ৰ কোৱাৰ্টাৰত থকা দেওৰ ড॰ পিনাকেশ্বৰ মহন্তৰ ঘৰত সোমাই অনিতা (পিনাকেশ্বৰৰ পত্নী) আৰু বাবুল ( পিনাকেশ্বৰক আমি বাবুল বুলিয়েই মাতো ) দুয়োকে আমাৰ লগতে ল’লো । অকলে যোৱাতকৈ একেলগে গ’লে ভাল লাগে কথা-বতৰা পাতি । কথা-বতৰাৰ মাজতে গম পালো অক্টোৱৰ মাহৰ দ্বিতীয় সপ্তাহত জাপানৰ গিফু আৰু টকিঅ’ বিশ্ববিদ্যালয়ে দুমাহৰ বাবে বাবুলক জাপানলৈ নিমন্ত্ৰণ কৰিছে । কথাটো শুনিয়েই জাপানলৈ এবাৰ যোৱাৰ বহু দিনীয়া সপোন বাস্তৱত পৰিণত হ’ব যেন লাগিল । লগে লগে মই সুধিয়েই দিলো –“আমি যদি তোমাৰ লগত যাওঁ তোমাৰ কিবা অসুবিধা হ’ব নেকি।” তেওঁ ক’লে– প্ৰথম অৱস্থাত তেওঁ গৈ কিছু ব্যস্ত থাকিব সেইবাবে উভতি অহাৰ সময়ত আমি গ’লে ভাল হব । সময়টো মিলাই গ’লে তেওঁ আমাৰ লগতে উভতি আহিব পাৰিব । কিন্তু ডিচেম্বৰ মাহত বৰ ঠাণ্ডা হব । জাপানলৈ যোৱাৰ আশাত ঠাণ্ডাৰ কথা বাদ দি আমি ডিচেম্বৰতেই যাম বুলি ঠিক কৰিলোঁ। আমাৰ লগতে অনিতা আৰু তেওঁলোকৰ দুই পুত্ৰ সপ্তৰ্ষি আৰু নৱৰ্ষিও যোৱাৰ সিদ্ধান্ত ল’লে। সপ্তৰ্ষি মেডিকেল আৰু নৱৰ্ষি ইঞ্জিনিয়াৰিংৰ ছাত্ৰ । নিৰ্দিষ্ট দিনত বাবুল জাপানলৈ ৰাওনা হ’ল ।
বিদেশ ভ্ৰমণৰ যাৱতীয় কাগজ পত্ৰ গোটাই আমি দুজন মানে মোৰ স্বামী ডাঃ হৰেশ্বৰ মহন্ত, অনিতা আৰু সপ্তৰ্ষি নৱেম্বৰ মাহৰ ২৯ তাৰিখে আবেলি চাৰে-তিনি বজাত স্পাইচ-জেট বিমানেৰে কলিকতালৈ উৰা মাৰিলোঁ । নিশা চাৰে-বাৰ বজাত আমাৰ যাত্ৰা হংকংলৈ Cathay Dragon বিমানেৰে । নৱৰ্ষিয়ে ভুৱনেশ্বৰত ইঞ্জিনিয়াৰিংৰ ২য় বাৰ্ষিকৰ পৰীক্ষা শেষ কৰি আহি কলিকতা বিমান বন্দৰতে আমাক লগ ধৰিলে । সপ্তৰ্ষিৰ গান বৰ প্ৰিয় আৰু নিজে গানো গায় । সেয়ে লগত গীটাৰ এখন ল’লে ৷ গুৱাহাটীৰ পৰা কলিকতালৈ যাওঁতে বিমানত গীটাৰ নিজৰ লগতে লৈ যোৱাত কোনো সমস্যা হোৱা নাছিল । কিন্তু কলিকতা বিমান বন্দৰত ক’লে– তেনেকৈ নিব নোৱাৰি । কাঠৰ পেকিং বাকচ বনাই লাগেজৰ লগত দিব লাগিব । আমি বিমোৰত পৰিলোঁ, বিমান বন্দৰত ক’ত নো কাঠৰ পেকিং বাকচ বিচাৰি পাওঁ । অৱশেষত বিমানৰ কৃতপক্ষই অৱশ্যে সকলোখিনি ঠিক-ঠাক কৰি দিলে । যিকিনহওঁক নিৰ্দিষ্ট সময়ত কলিকতাৰ পৰা হংকংলৈ আমাৰ বিমান উৰা মাৰে । প্ৰায় চাৰে-চাৰি ঘণ্টাৰ উৰণৰ পিছত ৩০ নবেম্বৰৰ ৰাতিপুৱা হংকংৰ স্থানীয় সময় সাত-বজাত আমাৰ বিমান হংকং আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে । হংকংত আমি কিছু সময় অপেক্ষা কৰিব লগা হোৱা বাবে কিবা-কিবি অলপ খাই ল’লোঁ । হংকং বিমান বন্দৰত এটা টাৰ্মিনেলৰ পৰা আনটো টাৰ্মিনেললৈ ট্ৰেইনেৰে যোৱাৰ ব্যৱস্থা । আমি হংকংৰ পৰা জাপানৰ নাগোয়ালৈ যাবলৈ আন এটা টাৰ্মিনেললৈ ট্ৰেইনেৰে গ’লোঁ । নিৰ্দিষ্ট সময় ৰাতিপুৱা ৯-৪৫ বজাত আমাৰ বিমান উৰা মাৰিলে নাগোয়া অভিমূখে । স্থানীয় সময় আবেলি চাৰি-বজাত কৃত্ৰিম দ্বীপ Ise Bay ত Chubu Centrair International Airport ত অৱতৰণ কৰে । Central Japan International Airport ক Centrair বুলি কোৱা হয় । নাগোয়া চহৰৰ পৰা প্ৰায় পয়ত্ৰিশ কিলোমিটাৰ দক্ষিণত Tokoname নামৰ ঠাইত নিৰ্মাণ কৰা চুবু বিমান বন্দৰক প্ৰথম শ্ৰেণীৰ বিমান বন্দৰ হিচাবে শ্ৰেণীবদ্ধ কৰা হয় আৰু জাপানৰ কেন্দ্ৰীয় অঞ্চলৰ প্ৰধান আন্তৰ্জাতিক প্ৰৱেশদ্বাৰ ।
বিমান বন্দৰৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি আমি ওলাই আহিলোঁ । আমাৰ বাবে বাবুল আৰু তেওঁৰ লগত গিফু বিশ্ববিদ্যালয়ৰ ইলেকট্ৰনিক বিভাগত সহকাৰী অধ্যাপক হিচাবে কৰ্মৰত হিমাংশু ঝা প্ৰস্থান পথত আমাৰ বাবে ৰৈয়েই আছিল ।
চুবু বিমান বন্দৰৰ পৰা নাগোয়ালৈ যোৱাৰ বাবে বাছ, টেক্সি সকলো উপলব্ধ যদিও অতি দ্ৰুত, সহজ আৰু আৰামদায়ক উপায় হৈছে ৰেল সেৱা । প্ৰস্থানৰ পৰা ওলাইয়েই ৰেল ষ্টেচন। আমি ৰেলেৰে মাত্ৰ চব্বিছ মিনিটত আহি নাগোয়া ৰেল ষ্টেচন পাওঁ । নাগোয়াৰ পৰা গিফুলৈ প্ৰায় পয়ত্ৰিশ কিলোমিটাৰ । প্ৰতি পোন্ধৰ মিনিটৰ ব্যৱধানত ৰেল যাতায়ত কৰে, দুয়োখন চহৰৰ মাজত– জাপান ৰেলৱে, জাপান ৰেলৱে এক্সপ্ৰেচ, মিটেইচু আদি বিভিন্ন ৰেলসেৱা উপলব্ধ । টিকট কটাৰ আদৱ-কায়দা আমাৰ বাবে নতুন যদিও, বাবুল আৰু হিমাংশু থকা বাবে একো সমস্যা নহ’ল । মাত্ৰ বিছ মিনিটত আহি আমি গিফু ষ্টেচন পালোঁ ।
গিফু বিশ্ববিদ্যালয়ৰ চৌহদতে বিশ্ববিদ্যালয়ৰ পৰা বাবুলক দিয়া কোৰ্ৱাটাৰতো মাত্ৰ দুটা সৰু কোঠালিৰ। সেইবাবে আটাইকেইজন তাত থকা অসুবিধা বাবে গিফু ষ্টেচনৰ পৰা মাত্ৰ তিনি মিনিট খোজকাঢ়ি গ’লেই পোৱা দূৰত্বত “Gifu Washington Hotel Plaza” ত বাবুলে আমি থকাৰ বাবে ঠিক কৰি ৰাখিছিল । আমাক হোটেলত সকলো ঠিক-ঠাক কৰি দি বাবুল পৰিয়াল সহ কোৱাৰ্টাৰলৈ গ’ল ।
প্ৰশান্ত মহাসাগৰৰ উত্তৰ-পশ্চিম আৰু এছিয়াৰ পূৱত জাপান এখন দ্বীপ ৰাষ্ট্ৰ ৷ মুঠ ৬৮৫২ টা দ্বীপেৰে গঠিত যদিও প্ৰধান দ্বীপ মাত্ৰ চাৰিটা– হোক্কাইডো (Hokkaido), হনশু (honshu), শিকোকু (Shikoku), আৰু কিউশু (Kyushu) । এই চাৰিটা দ্বীপেই জাপানৰ প্ৰায় মুঠ স্থল ভাগৰ ৯৭ ভাগ আগুৰি আছে। স্থল ভাগৰ বেছি ভাগেই পাহাৰীয়া বাবে বৃহৎ অঞ্চলত বসতি নাই । বহুতো দীপপুঞ্জক Ghost বুলি অভিহিত কৰা হয় । বিশেষকৈ উপকূলীয় অঞ্চলহে বসবাসৰ উপযোগী আৰু ঘন বসতি অঞ্চল । জাপানক মুঠ ৪৭ টা প্ৰশাসনিক প্ৰদেশ আৰু আঠটা ঐতিহ্যবাহী অঞ্চলত ভাগ কৰা হৈছে । জাপানৰ ৰাজধানী টকিঅ’ সমগ্ৰ বিশ্বৰ ভিতৰতে জনবহুল নগৰ । Pacific ring of fire ৰ কাষত অৱস্থান কাৰণে ভূমিকম্প, চুনামি আৰু আগ্নেয়গিৰিৰ প্ৰৱনতা বেছি । জাপানত ১১১ টা সুপ্ত আগ্নেয়গিৰি আছে । ধবংসাত্মক ভূমিকম্প, চুনামিৰ ফলত বহুবাৰ জাপান প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ব লগা হৈছে। ১৯২৩ চনত টকি’ত হোৱা ভূমিকম্পত বহুতো লোকৰ প্ৰাণ হানি হৈছিল । জাপানৰ সংস্কৃতি এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ সংমিশ্ৰণৰ প্ৰভাৱ পৰিলক্ষিত হয় । পৰম্পৰাগত চিত্ৰশিল্প, চীনা মাটিৰে প্ৰস্তত কৰা সামগ্ৰী, পুতলা, ইকেবানা, অৰিগামী, মাচ্ছেৰ্ল আৰ্ট, ক্যালিগ্ৰাফি আদিৰ ক্ষেত্ৰত জাপান অতুলনীয় । কাঞ্জি অনুসৰি জাপানৰ অৰ্থ সূযৰ্ৰ উৎস (source of the Sun). জাপানক সূৰ্য উঠা দেশ ( Land of rising Sun) বুলিও কোৱা হয় ।
জাপান ভ্ৰমণত আমাৰ কোনো নিৰ্দিষ্ট ভ্ৰমণ সুচী নাছিল ৷ জাপানত যাতায়তৰ বাবে দ্ৰুত গতিৰ ৰেল সেৱা যথেষ্ট সুবিধা আৰু আৰামদায়ক কিন্তু অত্যন্ত ব্যয়বহুল ৷ এদিন কথা প্ৰসঙ্গত মোৰ সহকৰ্মী সংগীতাৰ পৰা জানিব পাৰিলোঁ তাত ভ্ৰমণৰ বাবে দেশৰ বাহিৰৰ পৰা যোৱা লোকৰ বাবে এটা সুবিধা আছে ৷ যদি আমি ইয়াৰ পৰাই টিকট কাটি লৈ যাওঁ তেন্তে বহুত কমতেই যাতায়ত কৰিব পাৰি । আমি অ’ত-ত’ত খবৰ কৰি একো খবৰ নাপাই অৱশেষত গুৱাহাটীৰ আগশাৰীৰ ট্ৰেভেল এজেঞ্চি ‘পুষ্পক’ৰ লগত যোগাযোগ কৰিলোঁ । এজেঞ্চিৰো এই বিষয়ে অৱগত নাছিল । পিছত খবৰ কৰি জনালে তেনে টিকট ইয়াত উপলব্ধ নহয় । দিল্লী, মুম্বাই আৰু কলিকতাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি দিব পাৰিব । কথা মতেই ‘পুষ্পক ট্ৰেভেলচ’ৰ প্ৰতিনিধিয়ে পোন্ধৰ দিনৰ বাবে জাপান ৰেল সেৱাৰ টিকট আনি দিলে কলিকতাৰ পৰা। সেই টিকটেৰে আমি জাপানৰ যিকোনো ঠাইলৈ যোৱাৰ সুবিধা পোৱাৰ লগতে বহু কম খৰচতে হ’ল । নিজৰ প্ৰয়োজন অনুসৰি সাত দিন, পোন্ধৰ দিন আদিৰ বাবে টিকট লৈ গ’লে জাপানৰ যিকোনো ৰেল ষ্টেচনত যিদিনাৰ পৰা লাগে কাৰ্যক্ষম কৰি ল’লে সেই দিনৰ পৰাই কাৰ্যকৰী হয় । নিৰ্দিষ্ট দিনলৈকে যিমান বাৰ প্ৰয়োজন ৰেলত যাতায়ত কৰিব পাৰি । আমাৰ প্ৰতিটো টিকটৰ বাবদ পোন্ধৰ দিনৰ বাবে ত্ৰিশ- হাজাৰ টকাকৈ লৈছিল যদিও তাত গৈ অনুমান কৰিছিলো যথেষ্ট কম খৰচতেই আমি যাতায়ত কৰিলোঁ । জাপানৰ ৰেল সেৱা অতি উন্নত আৰু পৃথিৱীৰ ভিতৰতে অন্যতম । চৰকাৰী ৰেলৰ গ্ৰুপ (Japan national railway) সাধাৰণতে সংক্ষেপতে JR Group বুলি কোৱা হয়, জাপানৰ সকলো চহৰলৈ পৰিসেৱা আগবঢ়োৱা অত্যাধুনিক ৰেল । ইয়াৰ উপৰিও বহুতো বেচৰকাৰী ৰেলৱে চিষ্টেম আছে । প্ৰতিটো ষ্টেচনৰ পৰা প্ৰায় ত্ৰিশ-চেকেণ্ডৰ মূৰে মূৰে ৰেল যাত্ৰা কৰে । আমি ডিচেম্বৰ মাহত যোৱা বাবে সেই সময়ত যথেষ্ট ঠাণ্ডা । নিম্নতম তাপমাত্ৰা -৩ ডিগ্ৰি পালেও অনুভৱেই কৰা নাছিলোঁ । শীত-তাপ নিয়ন্ত্ৰিত ৰেলৰ বহা আসন সমূহো তলৰ পৰা গৰম বতাহে গৰম কৰি ৰাখে বাবে ঠাণ্ডা অনুভৱ কৰা নাযায় । নিৰ্দিষ্ট স্থানলৈ যাবলৈ আন কাৰো সহায় নোলোৱাকৈ কোনটো প্লেটফৰ্ম পৰা কোনফালে গৈ পোৱা যাব সকলোবোৰ সুন্দৰকৈ digital board ত চাইয়েই যাব পাৰি । ষ্টেচনবোৰ প্ৰায় ভাগেই মাটিৰ তলত (under ground) আৰু এখন এখন অত্যাধুনিক চহৰ । আটক ধুনীয়া বিভিন্ন সামগ্ৰীৰ দোকানৰ উপৰিও ৰেষ্টুৰেণ্ট আদিৰে প্ৰতিটো ষ্টেচন একোখন ব্যস্ত চহৰ । জাপানৰ ৰেলসেৱা আন এটি দিশ মন কৰিবলগীয়া, সময়ৰ প্ৰতি সচেতনতা । পলম নহয়েই , হলেও গড়ে অত্যাধিক ওঠৰ চেকেণ্ড পলম হয় যদিও সেয়াও কাৎচিতহে । বিশ্বৰ ভিতৰতে সময়ত চলা ৰেলসেৱা । অৱশ্যে সময়ত নচলিলে গোটেই ৰেলৱে চিষ্টেমটোৱেই খেলি-মেলি হৈ যাব যেন অনুমান হ’ল ।
পিছদিনা অৰ্থাৎ পহিলা ডিচেম্বৰত আমি বাবুলৰ পৰিয়াল সহ নাগোয়া বন্দৰ আৰু বন্দৰৰ লগতে সংলগ্ন জাপানৰ বৃহত্তম একুৰিয়াম, ফুজি এণ্টাৰ্টিকা মিউজিয়াম, মেৰীটাইম মিউজিয়াম আৰু নাগোয়া পোৰ্ট নিৰীক্ষণ বিল্ডিং লৈ যাওঁ । প্ৰকাণ্ড দুটা বিল্ডিংত জাপানৰ পৰা এণ্টাৰ্টিকালৈ পোৱা বিভিন্ন সামুদ্ৰিক প্ৰণীৰে ভৰা একুৰিয়াম । ওৰ্কা কিলাৰ তিমিমাছৰ পৰা বিভিন্ন প্ৰজাতিৰ তিমি মাছৰ সংগ্ৰহ কৰি ৰখা হৈছে । বিভিন্ন মহলাত সামুদ্ৰিক প্ৰাণীৰ বিভিন্ন খেল প্ৰদৰ্শন কৰে । বিল্ডিংৰ ওপৰত থকা মুকলি ঠাইত তিনি-হাজাৰ দশেৰ্ক একেলগে বহি খেল উপভোগ কৰিব পৰা ব্যৱস্থা আছে য’ত সময়ে সময়ে তিমিমাছৰ খেল প্ৰদৰ্শন কৰে ।
ফুজি এণ্টাৰ্টিকা মিউজিয়ামত ১৯৬৫ চনৰ পৰা ওঠৰ বছৰ ধৰি কিদৰে এই জাহাজ খনে বৰফ ভাঙি মেৰু অন্বেষণকাৰী জাহাজসমূহক সহায় কৰি আহিছে সেই বিষয়ে অৱগত কৰায় ।
মেৰিটাইম মিউজিয়ামত নাগোয়া চহৰৰ জীৱিকা নিৰ্বাহ আৰু সাগৰৰ প্ৰাকৃতিক জগতে কিভাৱে জীৱিকাত প্ৰভাৱ পেলাইছে তাৰ চিত্ৰ ডাঙি ধৰিছে । জাপান এখন দ্বীপ প্ৰধান ৰাষ্ট্ৰ হোৱা বাবে জীৱন নিৰ্বাহৰ প্ৰয়োজনীয় খাদ্যৰ উপৰিও বিভিন্ন বিষয়ত আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । যিবোৰ জাহাজেৰে আমদানি কৰা হয় আৰু নাগোয়া বন্দৰ এই ক্ষেত্ৰত অন্যতম । ফুজি এণ্টাৰ্টিকা মিউজিয়াম আৰু মেৰিটাইম মিউজিয়ামত প্ৰদৰ্শিত সামগ্ৰীৰ পৰা বন্দৰ আৰু জাহাজৰ বিষয়ে বহু কথা জানিব পাৰি । নাগোয়া বন্দৰৰ বিষয়ে কিছু আভাস লৈ উভতি আহিলোঁ ।
পিছদিনা অৰ্থাৎ দুই ডিচেম্বৰত আমি ৰাতিপুৱা হনশু দ্বীপৰ বন্দৰ আৰু ব্যৱসায়িক চহৰ ওচাকাত দুদিন মান থকাকৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ । ৰাতিপুৱা হোটেলত ব্ৰেকফাষ্ট কৰি প্ৰথমতেই গিফু বিশ্ববিদ্যালয় খন এবাৰ চাই আহোঁ বুলি সৰু বেগত লাগতীয়াল বস্তু আৰু অলপ কাপোৰ লৈ বাকীবোৰ হোটেলৰ ক্ল’ক ৰূমত থৈ আমি দুয়ো হোটেলৰ পৰা ওলাই আহিলোঁ । আমি থকা হোটেলৰ পৰা গিফু বিশ্ববিদ্যালয় প্ৰায় দহ-কিলোমিটাৰ মান আঁতৰত । গিফু ষ্টেচনৰ পৰা প্ৰতি আধা ঘণ্টাৰ অন্তৰে অন্তৰে বাছ চলে । আমি বাছষ্টেণ্ডলৈ গৈ digital display board ৰ পৰা জানিব পাৰিলো ন- নম্বৰ বাছ বিশ্ববিদ্যালয় যাব । নিৰ্ধাৰিত সময়ত বাছত উঠিলো লক্ষ্য কৰিলো বাছত উঠা যাত্ৰী সকলে চালকৰ কাষত থকা বাকছত বাছৰ ভাড়া দিহে বাছৰ আসনত বহিছে । কণ্ডাক্টৰ নাই কিমান কি দিব লাগে একো ধৰিব নোৱাৰিলো যদিও দুয়ো বাছত বহিলোঁ। পিছতহে চকুত পৰিল বাছৰ সন্মুখত থকা display board ত দিবলগীয়া টকাৰ পৰিমাণ আৰু পৰৱৰ্তী বাছ-ষ্টপেজৰ নাম প্ৰদৰ্শিত হৈ থাকে । যিকিনহওক গিফু বিশ্ববিদ্যালয় ঠিক মতেই গৈ পালোঁ । অতি সুন্দৰ পৰিবেশ । Maple গছৰ ৰঙা, কমলা, হালধীয়া পাতৰ ৰঙে পৰিৱেশ আৰু বেছি উজ্বল কৰি তুলিছে । বিশ্ববিদ্যালয় ঘূৰি-ফুৰি চাই বাবুলৰ কোৱাৰ্টাৰত অনিতাই ৰান্ধি থোৱা মাংস-ভাত খাই ওলাই আহিলোঁ আটাইকেইজনে ওচাকালৈ বুলি ।
গিফু বিশ্ববিদ্যালয় পৰা আকৌ বাছেৰে গিফু ষ্টেচনলৈ আৰু গিফুৰ পৰা ৰেলেৰে নাগোয়া পালোঁ । আগতে উল্লেখ কৰা আমি ইয়াৰ পৰা লৈ যোৱা ৰেলৰ টিকট লোকেল ট্ৰেইনত প্ৰযোজ্য নহয় বাবে কাৰ্যক্ষম কৰা হোৱা নাছিল । সেইদিনা নাগোয়া ষ্টেচনত আমাৰ টিকট কাৰ্যক্ষম কৰি ল’লোঁ । নাগোয়াৰ পৰা ওচাকালৈ প্ৰায় ১৪০ কিলোমিটাৰ । মাত্ৰ এঘণ্টাতে আহি ওচাকাৰ শিন-ওচাকা ৰেলৱে ষ্টেচন পালোঁ । ওচাকা জাপানৰ দ্বিতীয় বৃহত্তম চহৰ হোৱাৰ উপৰিও জাপানৰ অৰ্থনৈতিক কেন্দ্ৰ হিচাবে বিবেচিত ।
শিন-ওচাকা অৰ্থাৎ ওচাকা ষ্টেচনৰ নিচেই কাষতে আমি থকাৰ বাবে আগতেই ‘ বি এণ্ড বি’ ঠিক কৰি থৈছিলোঁ। ষ্টেচনৰ পৰা ঘৰৰ গৰাকীক ফোন কৰাত ঘৰৰ চাবি ক’ত আছে আমাক জনালে । নিৰ্দিষ্ট স্থানৰ পৰা চাবি সংগ্ৰহ কৰি নিজেই তলা খুলি ঘৰত সোমালোঁ । এটি প্ৰকাণ্ড এপাৰ্টমেণ্টৰ তৃতীয় মহলাত পাঁচটা কোঠাৰ সুসজ্জিত ঘৰ । জাপানীসকলে বাহিৰৰ পৰা পিন্ধি অহা জোতা বা চেণ্ডেলেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰা পচণ্ড নকৰে । সেইবাবে ঘৰৰ দুৱাৰ খোলাৰ লগে লগেই এখন ৰেক্ত বিভিন্ন জোখৰ চেণ্ডেল সজোৱা আছে । প্ৰতিটো কোঠা সুন্দৰকৈ সজোৱা, পৰিষ্কাৰ বিচনা আৰু আলমাৰী ভৰা লাগতীয়াল সামগ্ৰী । ইমান সুন্দৰ আৰু পৰিপাটিকৈ ৰখা আছে চুবলৈকে বেয়া লাগে । পাকঘৰত ৰন্ধনৰ অত্যাধুনিক সা-সজুলিৰ লগতে কিছু খোৱা বস্তও ৰখা আছে । জাৱৰ ভাগে ভাগে ৰাখিবলৈ ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ তিনিটা যথেষ্ট ডাঙৰ ডাষ্টবিন । আমি ফ্ৰেচ্ হৈ চাহ কাপ লওঁতেই ঘৰৰ গৰাকী আহি আমাৰ লগত চা-চিনাকি হোৱাৰ লগতে আৰু কিবা প্ৰয়োজন আছে নেকি, আমি কিবা অসুবিধা পাইছো নেকি আদি সকলো বুজ ল’লে । ওচাকাত ক’ত কি চাবলগীয়া আছে , কেনেকৈ গ’লে সুবিধা হ’ব সকলো সুন্দৰকৈ বুজাই ওচাকাৰ মানচিত্ৰৰ লগতে পৰিব্ৰাজকৰ দৰ্শণীয় ঠাইসমূহৰ তথ্যৰ প্ৰচাৰ-পত্ৰিকাও আমাক দিলে । কৰবাত কিবা অসুবিধা হ’লে তেওঁৰ লগত যোগাযোগ কৰিবলৈ কৈ বিদায় ল’লে । তেখেতক লগ পাই আমিও যথেষ্ট সুৰক্ষিত অনুভৱ কৰাৰ লগতে আমাৰ প্ৰতি তেখেতে দেখুৱা আগ্ৰহ দেখি সঁচাকৈ আপ্লুত হ’লো ৷ সেইদিনা আৰু আমি ওলায় নগ’লোঁ যদিও ঘৰৰ গৰাকীয়ে আমাক ওলাই গৈ ওচাকাৰ নৈশ জীৱনৰ ভূ-লবলৈ কৈছিল ৷ অনিতা আৰু মই দুয়ো লগলাগি ভাত বনাই খায় আটাইয়ে শুলোঁ ৷
পিছদিনা অৰ্থাৎ তিনি ডিচেম্বৰত আমি প্ৰথম পাৰমাণবিক বোমা বিস্ফোৰণ আৰু বৰ্তমান জাপান পৰিব্ৰাজকৰ কেন্দ্ৰবিন্দু হিৰোচিমা যোৱাৰ সিদ্ধান্ত লৈ শিন-ওচাকা ৰেলৱে ষ্টেচনলৈ আহিলোঁ ৷ ওচাকাৰ পৰা প্ৰায় তিনিশ পঞ্চাশ কিলোমিটাৰ দুৰত অৱস্থিত হিৰোচিমা ৷ বিভিন্ন ৰেল সেৱা উপলদ্ধ আৰু এই দুৰত্ব অতিক্ৰম কৰিবলৈ বিভিন্ন ৰেল সেৱাৰে সময়ো লাগে বেলেগ বেলেগ ৷ আটাইতকৈ দ্ৰুত ৰেল নোঝোমি (Nozomi) আৰু মিজুহো (Mizuho) ৰেল সেৱাৰে সময় লাগে মাত্ৰ এঘণ্টা পঁচিশ মিনিট ৷ কিন্তু আমি লৈ যোৱা JR pass ৰে এই ৰেল সেৱাত যাতায়ত কৰিব নোৱাৰি ৷ এই পাছ চুকুৰা (Sukura), হিকাৰি (hikari) ৰেল সেৱাতহে প্ৰযোজ্য ৷ আমি চুকুৰা ৰেল সেৱাৰে প্ৰায় এঘণ্টা ত্ৰিশ মিনিটত গৈ হিৰোচিমা পালোঁ ৷
১৯৪৫ চনত হিৰোচিমাত পাৰমাণবিক বোমা বিস্ফোৰণৰ ফলত যদিও গোটেই চহৰ ধবংস হৈছিল বৰ্তমান সমগ্ৰ জাপানৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় পৰ্যটক স্থান আৰু এখন শিল্প নগৰ ৷ হিৰেচিমাৰ আশে-পাশে পৰ্যটকক আকৰ্ষণ কৰিব পৰা বহুতো স্থান আছে যদিও আটাইতকৈ বেছি পৰিব্ৰাজক আহে পাৰমাণবিক বোমা বিস্ফাৰণত মৃত্যু হোৱা লোকৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতিসৌধ পাৰ্ক, মিউজিয়াম আৰু জেনেবাকু গম্বুজ ( Atom Bomb Dome) চাবলৈ ৷ হিৰোচিমা এনে এখন চহৰ যাৰ নাম শুনিলেই প্ৰতিজন লোকৰেই বুকু কঁপি উঠে ৷ মিউজিয়ামত প্ৰদৰ্শিত ছবি, সামগ্ৰীসমূহে এই বোমাৰ ধবংসলীলা আৰু তাৰ ফলত দেখা দিয়া পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ দৃশ্য দেখি দৰ্শণাৰ্থীৰ চকু পানীৰে ভৰি উঠা স্বভাৱিক ৷
বৰ্তমান হিৰোচিমা, “হিৰোচিমা প্ৰশাসনিক অঞ্চল”ৰ ৰাজধানী আৰু ব্যস্ত চহৰ ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ প্ৰায় শেষ ভাগত ১৯৪৫ চনৰ ৬ আগষ্টত স্থানীয় সময় ৰাতিপুৱা আঠ বাজি পোন্ধৰ মিনিটত ‘ইনোলাবে’ৰ (Enola Bay) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বোমাৰু বিমানেৰে বিশ্বত প্ৰথমবাৰৰ বাবে লিটিল বয় (Little Boy) নামৰ পাৰমাণমিক বোমা নিক্ষেপ কৰে ৷ অনুমান কৰা মতে এই বিস্ফোৰণৰ ফলত লগে লগে আশী হাজাৰ লোকৰ মৃত্যু হয় আৰু সেই বছৰৰ ডিচেম্বৰ মাহলৈকে পাৰমাণবিক বোমাৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত মুঠ একলাখ চল্লিশ হাজাৰ লোকৰ মৃত্যু হয় ৷ হিৰোচিমা চহৰখনৰ প্ৰায় আশী শতাংশ ধবংস হয় ৷ ইউৰোপত ১৯৪৫ চনৰ সাত মেত দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তি ঘটিছিল আৰু জাপানক আত্মসমৰ্পণৰ বাবে চাব্বিছ জুলাইলৈ সময় দিয়া হৈছিল যদিও জাপানে আত্মসমৰ্পণ কৰা নাছিল ৷ আনকি এই বিস্ফোৰণৰ পিছতো আত্মসমৰ্পণ নকৰাত তাৰ তিনিদিন পিছত অৰ্থাৎ ন-আগষ্টৰ দিনৰ এঘাৰ বাজি দুই মিনিটত জাপানৰ আন এখন চহৰ নাগাচাকিত আমেৰিকান বাহিনীয়ে ফেট মেন (Fat Man) নামেৰে আন এটি পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটায় ৷ এই বিস্ফোৰণৰ ফলত নাগাচাকিত প্ৰায় চল্লিশ হাজাৰ লোকৰ ঠিতাতে মৃত্যু হয় ৷ পিছত এই দুটি বোমাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হয় ৷
হিৰোচিমাৰ যিটো বিল্ডিংৰ ওপৰত বিস্ফোৰণ ঘটিছিল সেই বিল্ডিংটো সেই সময়ত Hiroshima Prefectural Industrial Promotion hall আছিল।
এই বিল্ডিংৰ পৰা প্ৰায় ছশ-মিটাৰ ওপৰত বিস্ফোৰণ ঘটিছিল যদিও দৈৱক্ৰমে বাহিৰৰ ওৱাল আৰু ষ্টীলেৰে নিৰ্মিত গম্বুজটো সম্পূৰ্ণ ধবংসৰ পৰা ৰক্ষা পৰিছিল ৷ বাকী তাত থকা সকলো লোক আৰু আচৱাব নিমিষতে পুৰি চাৰখাৰ হৈছিল ৷ বৰ্তমান এই বিল্ডিংৰ অৱশিষ্ট অংশ আৰু ওপৰৰ গম্বুজ “Atom Bomb Dome’’ বা “Zenebaku Dome’’ নামেৰে সংৰক্ষণ কৰা হৈছে যদিও এই বিল্ডিংৰ সংৰক্ষণৰ ক্ষেত্ৰত বহুতো মতভেদৰ সৃষ্টি হৈছিল ৷ কোৱা হয় হিৰোকো ( Hiroko) নামৰ এগৰাকী ভুক্তভোগী ছোৱালীয়ে তেওঁৰ ডায়েৰীত লিখা তেওঁৰ মৰ্মান্তিক কাহিনীৰ বাবেই সংৰক্ষণৰ সিদ্ধান্ত লোৱা হৈছিল ৷ ১৯৯৬ চনত এই বিল্ডিংটো বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ পাৰমাণৱিক বোমাত আক্ৰান্ত লোকসকলক হিবাকুশ ( Hibakusha ) বুলি কোৱা হয় ৷ বিস্ফোৰণত মৃত্যুবৰণ কৰা লোকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে বিভিন্ন স্মৃতিসৌধ ৷
১৯৬৪ চনত হিৰোচিমাবাসীয়ে পাৰমাণৱিক মৰণাস্ত্ৰবিহীন আৰু যুদ্ধবিহীন এখন বিশ্বৰ লক্ষ্যৰে আধ্যাত্মিক আৰু সাংস্কৃতিক আন্দোলনৰ প্ৰতীক “শান্তিৰ ঘণ্টা” (Peace Bell) নিৰ্মাণ কৰে ৷ মূল ঘণ্টাৰ উপৰিভাগত জাতীয় সীমাবিহীন এখন বিশ্বৰ মানচিত্ৰ অঙ্কিত কৰা হৈছে, “এখন বিশ্বৰ” প্ৰতীক হিচাবে ৷ ইয়াৰ উপৰিও এই ঘণ্টাত গ্ৰীক, জাপানী আৰু সংস্কৃত ভাষাত শান্তিৰ বাণী খোদিত কৰা আছে ৷ গ্ৰীক ভাষাত গ্ৰীক দাৰ্শনিক চক্ৰেটিচ্ উদ্ধৃতি এটি খোদিত কৰা আছে ৷ সংস্কৃতত খোদিত কৰা আছে বৌদ্ধ ধৰ্মৰ এফাঁকি বাণী–
ৱিপুলপ্ৰভ অতুল্যনন্ত নাথ
দিশি ৱিদিশ স্ফুৰি সৰ্ৱবুদ্ধক্ষেত্ৰা ।
ৰাগ প্ৰশমি সৰ্ৱদোষমোহাং
নৰমগতিস্মি প্ৰশামি ধূমকেতুম্ ।।
এই শ্লোকৰ তলতে লিপিৱদ্ধ কৰা আছে ভাৰতীয় ৰাজদূত লালজী মেহৰোত্ৰাৰ নাম ।
চাদাকো চাচাকি ( Sadako Sasaki ) নামৰ এগৰাকী দু-বছৰীয়া শিশু ( বিস্ফোৰণৰ সময়ত ) আৰু তেওঁৰ দৰে হাজাৰ হাজাৰ নিস্পাপ শিশুৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে “শিশু শান্তিৰ স্মৃতিসৌধ”৷ বিস্ফোৰণৰ পাৰ্শ্বক্ৰিয়াৰ ফলত চাদাকো চাচাকি লিউকোমিয়াত ভোগে আৰু ষোল্ল বছৰ বয়সত মৃত্যুক সাৱটি লয় ৷ তেওঁ এই দীঘলীয়া অসুস্থতাৰ সময়ত কাগজৰে ক্ৰেণ’ চৰাই তৈয়াৰ কৰিছিল জীয়াই থকাৰ হেঁপাহেৰে ৷ তেওঁক কোৱা হৈছিল যিয়ে দহ-হেজাৰ কাগজৰ ক্ৰেণ চৰাই তৈয়াৰ কৰিব পাৰে তেওঁ যিবিচাৰে তাকেই ভগৱানে দিয়ে ৷ কিন্তু তেওঁৰ আশা পূৰণ নহ’ল দহ-হাজাৰ ক্ৰেণ তৈয়াৰ হোৱাৰ আগতে তেওঁৰ মৃত্যু হয় ৷ বৰ্তমান চাদাকোৰ মূৰ্তি শিশু শান্তিৰ প্ৰতীক হিচাবে তাঁৰেৰে নিৰ্মিত ক্ৰেণ চৰাই হাতত লৈ নিৰ্মাণ কৰা হৈছে আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা প্ৰতি বছৰে বহুতো কাগজৰ ক্ৰেণ প্ৰস্তত কৰি পঠিয়াই এই স্মৃতিসৌধলৈ শান্তিৰ প্ৰতীক হিচাবে ৷
পাৰমাণৱিক অস্ত্ৰ পৃথিৱীৰ পৰা নিঃশেষ কৰাৰ প্ৰয়াসেৰে ১৯৬৪ চনৰ এক-আগষ্টত “শান্তি শিখা” প্ৰজ্বলন কৰা হয় ৷ যেতিয়ালৈ পৃথিৱীৰ পৰা পাৰমাণৱিক বোমা নিঃশেষ নহয় সেইদিনলৈ এই শিখা জ্বলাই ৰখাৰ সঙ্কল্পৰে ৷
ইয়াৰ উপৰিও ভুক্তভোগীসকলৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতিসৌধ চৰকাৰী ভাবে নাম “Memorial Monument for Hirushima, City of Peace” সাধাৰণতে “Cenotaph for Atom Bomb ’’ বুলিয়েই জনাজাত ৷ বোমাৰ ফলত মৃত্যু বৰণ কৰা প্ৰতিজন লোকৰ নাম লিখা আছে ৷
১৯৫৫ চনত নিৰ্মাণ কৰা “হিৰোচিমা পিচ্ মেমৰিয়াল মিউজিয়াম”ৰ মূল উদ্দেশ্য হৈছে পাৰমাণৱিক বোমাৰ ভয়াবহতাৰ ছবি বিশ্বৰ আগত ডাঙি ধৰা আৰু ইয়াৰ উপৰিও বিশ্বৰ শান্তিৰ বাবে পাৰমাণৱিক বোমা নিঃশেষ কৰা ৷ মিউজিয়ামত বিভিন্ন চিত্ৰ ( যিসমূহে প্ৰতিজন ভ্ৰমণকাৰীৰ মন সেমেকাই তোলে ) আৰু বোমা বিস্ফোৰণৰ আগৰ আৰু বিস্ফোৰণৰ পিছৰ চিত্ৰ তথা তথ্যসমূহ সংৰক্ষণ কৰা হৈছে ৷ ইয়াৰ বাহিৰেও Pond of Peace, Peace Clock Tower, Peace Fountain আদিকে ধৰি বিভিন্ন কীৰ্তিস্তম্ভ নিৰ্মাণ কৰা হৈছে ৷
মিউজিয়ামত বোমা বিস্ফোৰণত মৃত্যু হোৱা শিশুৰ ফটো
যদিও হিৰোচিমাত পৰিব্ৰাজকৰ আকৰ্ষণীয় স্থান আৰু বহুত আছিল ৷ এইখিনি চাওঁতেই আমাৰ বহুত পলম হ’ল সেয়ে আমি আন দৰ্শণীয় ঠাইলৈ নগৈ হিৰোচিমা চহৰখন ঘূৰি উভতি আহি ওচাকা পাওঁতে ৰাতিয়েই হ’ল ৷
পিছদিনা আমি ওচাকাৰ বিখ্যাত নিদৰ্শন “ওচাকা কা-ছ্ল্ পাৰ্ক” (Osaka Castle) লৈ যাওঁ ৷ ষোল্ল শতাব্দীতে “আঝুচি মোমোয়ামা”ৰ (Azuchi Momoyama) সময়তে একীকৃত জাপান গঢ়ি তোলাৰ ক্ষেত্ৰত এই কা-ছ্ল্টোয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ উপৰিও সেই সময়ৰ বৃহত্তম কা-ছ্ল্ আছিল ৷ ১৫৮৩ চনত টয়োটোমি হিডেয়োচি (Toyotomi Hideyoshi) এই কা-ছ্ল্ নিৰ্মাণ কৰিছিল আৰু এখন নতুন একীকৃত জাপানৰ কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তোলাৰ ইচ্ছা কৰিছিল ৷ টয়োটোমি হিডেয়োচিৰ মৃত্যুৰ পিছত ১৬১৫ চনত টোকুগাৱা বংশৰ সেনাই এই কা-ছ্ল্ ধবংস কৰাৰ লগতে টয়োটোমি বংশই নিঃশেষ কৰি পেলায় ৷
টোকুগাৱা বংশৰ হিডেটাডাই (Tokugawa Hidetada) পুনৰ নিৰ্মাণ কৰে যদিও আকৌ ধবংস হয় ৷ ইয়াৰ পিছতো বহুবাৰ পুনৰ নিৰ্মাণ কৰা হয় বৰ্তমান আমি দেখা কা-ছ্ল্ ১৯৩১ চনত ওচাকৰ নাগৰিকসকলৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা হয় ৷ মূখ্য কা-ছ্ল্ৰ উপৰিও বহুতো গৌণ কা-ছ্ল্ , শত্ৰুৰ পৰা ৰক্ষা পাবলৈ শিলৰ দেৱাল, গেট আদি আছে ৷ ইয়াৰ উপৰিও প্ৰায় ছয়-শৰো অধিক চেৰী গছ, সেউজীয়া ল’নেৰে Nishinomaru Garden , চাহ ঘৰ, ওচাকা গেষ্ট হাউচ আদিৰে এই কা-ছ্ল্ পাৰ্ক প্ৰায় দুই কিলোমিটাৰ বিস্তৃত ৷
আমি ওচাকা পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰি ইতিহাসৰ কিছু বুজ লৈ জাপানৰ আন এখন চহৰ কোবেলৈ গ’লো ৷ ওচাকাৰ পৰা প্ৰায় ত্ৰিশ-কিলোমিটাৰ আঁতৰত অৱস্থিত কোবে চহৰ ৷ আমি জাপানত কোনো ট্ৰেভেল এজেঞ্চিৰ সহায় নোলোৱাকৈ নিজাববীয়াকৈ ফুৰা বাবে নিজৰ ইচ্ছা অনুসৰি ঠাইবোৰ চাব পাৰিছিলোঁ যদিও কিছু ক্ষেত্ৰত অসুবিধা নোহোৱাও নহয় ৷ কিন্তু সকলোবোৰ ঠাইতে ষ্টেচনত থকা তথ্য কেন্দ্ৰৰ পৰা যথেষ্ট সহায় পোৱা যায় ৷ এই কেন্দ্ৰসমূহে ক’ত কেনেকৈ যাব লাগে বাছৰ নম্বৰ সহ ঠাইখনৰ মানচিত্ৰকে আদি কৰি সকলো তথ্যৰ প্ৰচাৰ-পত্ৰিকা দিয়ে যাতে ভ্ৰমণকাৰীৰ কোনো অসুবিধা নহয় ৷ আমি প্ৰতিখন চহৰ তেনেদৰে তথ্য সংগ্ৰহ কৰিয়েই ফুৰা-চকা কৰিছিলোঁ ৷
কোবে, হনসু দ্বীপত ওচাকা আৰু কয়োটো চহৰৰ মাজত অন্যতম প্ৰাণৱন্ত চহৰ হিচাবে পৰিচিত ৷ বন্দৰ আৰু পাহাৰৰ মাজত অবৰ্ণনীয় প্ৰাকৃতিক দৃশ্যৰে মনোৰম চহৰ ৷ উত্তৰে ৰোকো ( Rokko ) পৰ্বতমালা আৰু দক্ষিণে সাগৰৰ মাজত অৱস্থিত এখন সৰু চহৰ যদিও জাহাজ নিৰ্মাণ আৰু ইস্পাত উৎপাদনৰ ক্ষেত্ৰত জাপানৰ আন চহৰসমূহতকৈ কোবেৰ ভূমিকা প্ৰধান ৷ কোবে গো-মাংস আৰু অৰিমা অনচেন (Arima Onsen) হট স্প্ৰিঙৰ বাবে বিখ্যাত ৷ ৰোকো কেবল কাৰৰে ৰোকো পাহাৰৰ ওপৰলৈ যোৱাৰ বৱ্যস্থা আছে ৷
কেবল কাৰ – কোবে
এই কেবল কাৰৰ ইতিহাস বহু পুৰণি ৷ ১৯৩২ চনৰ পৰা আজি পৰ্য্যন্ত চলি থকা এনে কেবল কাৰৰ উদাহৰণ হয়তো কমেই আছে ৷ ইয়াৰ উপৰিও ৰোকো আলপাইন বোটানিকেল গাৰ্ডেন, মিউজিয়াম, পৰ্যবেক্ষণ স্থান আদিৰে পাহাৰৰ বিভিন্ন অঞ্চল বিস্তৃত ৷ আমিও কেবল কাৰেৰে গৈ ৰোকো পাহাৰৰ শীৰ্ষৰ পৰা ওচাকা উপসাগৰৰ অভূতপূৰ্ব দৃশ্য উপভোগ কৰি উভতিলোঁ ৷ এই দৃশ্য জাপানৰ ৰাতিৰ উপভোগ কৰিবলগীয়া তিনিটা দৃশ্যৰ ভিতৰত এটা বুলি কোৱা হয় যদিও আমি ৰাতিলৈ নৰ’লো ৷ নতুন ঠাই বাট-পথ চিনি-জানি নাপাওঁ অসুবিধা হ’ব বুলি ভাবি কোবেলৈ উভতি আহি বন্দৰ আৰু বজাৰত ঘূৰি-ফুৰি দুই-এপদ সৰু সৰু স্থানীয় উৎপাদিত সামগ্ৰী কিনি ওচাকালৈ উভতিলোঁ ৷ পিছদিনা আমাৰ ওচাকাৰ পৰা গিফুলৈ ওভতনি যাত্ৰা ৷ ওচাকা চহৰৰ কিছু অঞ্চল চাই গিফু আহি পাওঁতে পলমেই হ’ল ৷
পিছদিনা অৰ্থাৎ ছয়-ডিচেম্বৰত বাবুলৰ “টকিঅ’ বিশ্ববিদ্যালয়” ত মিটিংৰ বাবে তেওঁ সোনকালেই টকিঅ’লৈ ওলাই যাব লগা হ’ল ৷ আমিও কিছু সময় পিছত টকিঅ’ অভিমূখে যাত্ৰা কৰিলোঁ ৷
আদিতে ইডো নামেৰে পৰিচিত চহৰখন ১৮৯০ চনৰ পৰাহে টকিঅ’ নামেৰে জনাজাত হয় ৷ নাগোয়াৰ পৰা টকিঅ’লৈ দূৰত্ব প্ৰায় তিনিশ-পঞ্চাশ কিলোমিটাৰ ৷ প্ৰায় এঘণ্টা দহ মিনিটত আহি সপোনৰ চহৰ টকিঅ’ আহি পালোঁ ৷ টকিঅ’ ষ্টেচনত আমাৰ অসুবিধা হ’ব বুলি বাবুলে দক্ষিণ ভাৰতৰ বাসিন্দা টকিঅ’ বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভিনচেন্ট নামৰ লৰা এজনক আমাক আগবঢ়াই আনিবলৈ পঠিয়াইছিল ৷ তেওঁ ষ্টেচনত আমাৰ বাবে অপেক্ষা কৰিয়েই আছিল ৷ আমি চিনকানশেন (Shinkansen) নামৰ বুলেট ট্ৰেইনৰ পৰা নামি তেওঁৰ লগত মেট্ৰোৰে আহি নিৰ্দিষ্ট ষ্টেচনত নামিলোঁ ৷ টকিঅ’ মেট্ৰো ষ্টেচনত নামিয়েই ঘটা এটা ঘটনাই আমাক অবাক কৰি দিলে ৷ যি কথা আমাৰ দেশত সপোনৰো অগোচৰ ৷ আচৰিত লাগিল জাপানৰ লোকৰ নিজৰ কামৰ প্ৰতি থকা দায়িত্ববোধ আৰু সজাগতা দেখি ৷ মেট্ৰোৰ পৰা নমাৰ দহ-পোন্ধৰ মিনিটমান পিছতহে গম পালোঁ আমি মেট্ৰোত কেমেৰাৰ বেগটো এৰিলোঁ ৷ উপায়হীন হৈ লাজ-মান কাটি কৰি নতুন চিনাকী লৰাজনক ক’লো, যদিও ভবিবও পৰা নাই¸ কেমেৰা যে আৰু পাম ৷ তেওঁ আমাক ষ্টেচনত থকা Lost and Found অফিচলৈ লৈ গ’ল ৷ কৰ্মৰত লোক কেইজনে আমাৰ পৰা জানিব বিচৰা বিশেষ একো তথ্য আমি দিব নোৱাৰিলোঁ ৷ তেওঁলোকে আমাক অলপ অপেক্ষা কৰিবলৈ ক’লে ৷ আধা-ঘণ্টাৰ ভিতৰতে কেমেৰা আনি আমাৰ হাতত দিলে ৷ প্ৰতি পোন্ধৰ চেকেণ্ডৰ ব্যৱধানত চলা মেট্ৰোৰ পৰা কেনেদৰে সম্ভৱ হ’ল আজিও মোৰ মনৰ মাজত সাঁথৰ হৈ ৰ’ল ৷ যিয়েই নহওক কেমেৰাটো পাই বৰ ভাল লাগিল ৷
টকিঅ’ত আমি থকাৰ বাবে আগতেই ঠিক কৰি থোৱা বি এণ্ড বি গৈ পাওঁতে আবেলি হ’ল ৷ টকিঅ’টো ওচাকাৰ দৰেই ঘৰৰ গৰাকীয়ে চাবি লেটাৰ বক্সত ৰাখি থৈছে ৷ আমি তাৰ পৰা অহা দিনলৈ তেওঁৰ স’তে আমাৰ দেখা-দেখিয়েই নহ’ল ৷ প্ৰথম মহলাত তিনিটা ডাঙৰ কোঠাৰে সকলো সা-সুবিধা উপলব্ধ যদিও মন কৰিলো পাকঘৰত ৰন্ধাৰ বাবে সকলো সজুলি আছে যদিও ওচাকাত আমি থকা ঘৰটোতকৈ কম ৷ হয়তো টকিঅ’ যথেষ্ট ব্যয়বহুল বাবে ৷
সেইদিনা অলপ জিৰণি লৈ ৰাতিৰ ৰন্ধাৰ বাবে বজাৰ আনিব গৈ এটা মজাৰ কাণ্ড হ’ল ৷ দোকানত উপলব্ধ সকলো সামগ্ৰীৰ ওপৰত নামবোৰ জাপানী ভাষাত লিখা থাকে ৷ তেল জাতীয় (মিঠাতেল তাত পোৱা নাযায় ) কিবা পাই নেকি বুলি বুজাব নোৱাৰিলোঁ ৷ চাহৰ বাবে গাখীৰ বিচাৰি দোকানত থকা লোকজনক বহুত বুজাইও বুজাব নোৱাৰি অৱশেষত গৰুৰ ছবি আঁকি দেখুৱাই কোনোমতে গাখীৰ যোগাৰ হ’ল ৷ অৱশ্যে জাপানত প্ৰায়ভাগ লোকেই ইংৰাজী বুজি পায় ৷ সন্ধিয়া মোৰ সম্বন্ধীয়া দাদাৰ লৰা জাপানত কৰ্মৰত পল্লৱ বৰ্মন আহিল ৷ তেওঁৰ পৰা টকিঅ’ সম্বন্ধে কিছু তথ্য জানিব পাৰিলোঁ পিছদিনা আমি তেওঁৰ লগত টকিঅ’ৰ পৰিব্ৰাজকৰ আকৰ্ষণীয় Rohpongi Hill লৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ ৷
পিছদিনাও সাত ডিচেম্বৰ বাবুল ৰাতিপুৱাই টকিঅ’ বিশ্ববিদ্যালয় গ’ল ৷ আমিও আটাইকেইজনে সাজু হৈ টকিঅ’ বিশ্ববিদ্যালয়খন এই সুবিধাতে চাই আহোঁ বুলি বিশ্ববিদ্যালয় চৌহদ পালো ৷ একেবাৰে নিমাওমাও পৰিৱেশ ৷ কৰবাত এজন-দুজন ছাত্ৰহে চকুত পৰিছে ৷ ৰঙা, হালধীয়া, কমলা ৰঙৰ Maple গছেৰে ভৰা চৌহদত সোমায়েই মন ভৰি গ’ল ৷ প্ৰকাণ্ড ফিল্ডখন গছৰ সৰা পাতেৰে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে ৷
আমি ঘূৰি-ফুৰি থাকোতেই আঁতৰৰ পৰাই লক্ষ্য কৰিলো এটা শ্ৰেণীকোঠাৰ পৰা এজাক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক হাতত ঝাড়ু, ডাষ্টপেন, ডাষ্টবিন লৈ ওলাই আহি Maple গছৰ পাত সৰি ৰঙা হৈ থকা ফিল্ডখন পৰিষ্কাৰ কৰাত লাগি গ’ল ৷ দেখি আচৰিত লাগিল আৰু মনতে ভাবো আহিল– আমাৰ দেশত এইবোৰ সম্ভৱ নে ? এতিয়াও বহু কথা শিকিবলগীয়া আছে ৷ ইতিমধ্যে বাবুলৰ কাম শেষ হ’ল আমিও ওলাই আহিলোঁ বিশ্ববিদ্যালয় চৌহদ পৰা ৷
তাৰ পৰা ওলাই আমি পৃথিৱীৰ ব্যস্ততম চাৰিআলি আৰু জাপানৰ অন্যতম বিখ্যাত দৰ্শণীয় আৰু টকিঅ চহৰৰ জনপ্ৰিয় স্থান শিবুয়া ক্ৰচিং (Shibuya Crossing) লৈ আহোঁ ৷ টোকিঅ আৰু তাৰ আশে-পাশে থকা অঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিবহন কেন্দ্ৰ হোৱাৰ উপৰিও টকিঅৰ তৃতীয় বৃহত্তম ষ্টেচন ৷ ক্ৰচিং এটা জনপ্ৰিয় বুলি ক’লে আচৰিত যেন লাগিলেও প্ৰকৃততে ই সত্য ৷ পথচাৰী ৰাস্তা পাৰ হ’বলৈ প্ৰতি দুই মিনিটৰ অন্তৰে অন্তৰে চৌদিশৰ পৰা অহা যান-বাহন বন্ধ কৰি দিয়া হয় আৰু সেইসময়ত প্ৰতি বাৰতে গড়ে দুই-হাজাৰৰো অধিক লোক একেলগে ৰাস্তা ক্ৰচ্ কৰা দৃশ্য সঁচাকৈ এক অভাৱনীয় দৃশ্য ৷
আন এটি উল্লেখনীয় কথা হ’ল চিবুয়া ষ্টেচনৰ পৰা হাচিকোৰ দিশত প্ৰস্থান পথত স্থাপন কৰা সমগ্ৰ বিশ্বজুৰি পৰিচিত হাচিকোৰ (Hachiko) ব্ৰোঞ্জৰ মুত্তি ৷ “টকিঅ ইম্পিৰিয়েল বিশ্ববিদ্যালয়”ৰ অধ্যাপক আইঝাবুৰো ইউনোয়ে ( Hidesaburo Ueno) ১৯২০ চনতে আকিতাৰ পৰা হাচিকো নামৰ কুকুৰ এটা আনিছিল ৷ হাচিকো ইউনোৰ এনেদৰে আপোন হৈ পৰিছিল যেতিয়া তেওঁ বিশ্ববিদ্যালয়লৈ যায় তেওঁক চিবুয়া ষ্টেচনলৈ আগবঢ়াই দিয়ে আৰু আবেলি তিনি-বজাত গৰাকীক সম্ভাষণ জনাবলৈ আহি ৰৈ থাকে ষ্টেচনত ৷ ১৯২৫ চনৰ ২১ মে’ত ইউনো বিশ্ববিদ্যালয়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে ৷ পৰৱত্তী দহ-বছৰ প্ৰতিদিনে গৰাকীৰ বাবে সেই স্থানতে অপেক্ষা কৰিছিল হাচিকোয়ে তাৰ মৃত্যুৰ দিনলৈ ৷ হাচিকোৰ গৰাকীৰ প্ৰতি থকা অনুগত্যৰ বিষয়ে সংবাদ মাধ্যমতো যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছিল ৷ সৰু লৰা-ছোৱালীৰ কিতাপতো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ হাচিকোৰ জনপ্ৰিয়তা ইমানেই আছিল যে হাচিকোৰ জীৱনৰ আধাৰত নিৰ্মিত Hachiko Monogatari নামৰ চিনেমাখনে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ বৰ্তমান চিবুয়াৰ এই হাচিকোৰ মুৰ্তি লগত ফটো উঠাৰ বাবে সকলো সময়তে মানুহৰ ভিৰ লাগি থকাৰ উপৰিও ভ্ৰমণকাৰী আনকি স্থানীয়লোকৰো মিলনৰ স্থান ৷
আগদিনাই পল্লৱৰ লগত কৰি থোৱা পৰিকল্পনা মতেই সন্ধিয়া ৰপোংগী পাহাৰ (Rohpongi Hill) গ’লোঁ ৷ ৰপোংগী পাহাৰত নিৰ্মাণ কৰা ৫৪ মহলীয়া সুউচ্চ অট্টালিকাতেই পল্লৱৰ অফিচ ৷ ২০০৩ চনত সমাপ্ত হোৱা এই টাৱাৰৰ নিৰ্মাতা মিনোৰু মৰিৰ নামেৰেই “মৰি টাৱাৰ” নামেৰে নামাকৰণ কৰা হৈছে ৷ এই মৰি টাৱাৰ টকিঅ’ৰ ষষ্ঠতম সৰ্বোচ্চ অট্টালিকা হোৱাৰ উপৰিও মজিয়াৰ আয়তনত বিশ্বৰ বৃহত্তম অট্টালিকাসমূহৰ তালিকাত অন্তৰ্ভূক্ত ৷ বিভিন্ন অফিচ, দোকান, ৰেষ্টুৰেন্ট মিউজিয়াম আদিৰে এটা মেগা কমপ্লেক্স ৷ এইসমূহৰ ভিতৰত ৪৯ তম মহলাৰ পৰা ৫৪ তম মহলালৈ বিস্তৃত “মৰি আৰ্ট চেন্টাৰ” আৰু ব্যতিক্ৰমী “মৰি আৰ্ট মিউজিয়াম”য়ে সকলো পৰিব্ৰাজককে যথেষ্ট আকৰ্ষণ কৰে ৷ যেতিয়াই ৰপোংগী পাহাৰত ভৱিষ্যত উন্নয়নৰ পৰিকল্পনা কৰা হৈছিল সেইসময়তে তাত এটা সমসাময়িক শিল্প আৰু স্থাপত্যৰ মিউজিয়াম সজাৰ সিদ্বান্ত লৈছিল ৷ ৰহস্য আৰু বিস্ময়েৰে পৰিপূৰ্ণ আৰু কৌতুহল জগায় তোলা মিউজিয়ামৰ কাৰ্যকলাপ সমূহ দৰ্শকে ব্যক্তিগত ভাৱে অংশ গ্ৰহণ কৰিলেহে প্ৰকৃত অভিজ্ঞতা লাভ কৰিব যেন অনুমান কৰিলোঁ ৷ বিভিন্ন প্ৰদৰ্শিত প্ৰকল্পৰ প্ৰতিটোৱেই বিভিন্ন ধৰণে চমকিত কৰে ৷ সেইসমূহৰ দুটামান প্ৰকল্পৰ বিষয়ে কিছু আভাষ দিবলৈ যত্ন কৰিলোঁ ৷
“বিল্ডিং” নামৰ প্ৰকল্পত মজিয়াত নিজৰ পচণ্ডৰ ভঙ্গীত বাগৰি দিলে আয়নাৰ প্ৰভাৱত এনে এক দৃশ্যৰ সৃষ্টি হয় যেন বিল্ডিংৰ ওখ দেৱাল বা খিৰিকীত ওলমি থকা যেন লাগে ৷ দৰ্শনাৰ্থীয়ে এনে বিচিত্ৰ ৰূপত নিজকে দেখি যথেষ্ট আমোদ পোৱাৰ লগতে এনে দৃশ্যত নিজৰ ফটোলৈ আনন্দ পায়। আমিও ফটো তুলি বিস্ময় মানিলো । এই প্ৰদৰ্শন চাইহে অনুমান কৰিব পাৰিলো চিনেমা জগতত নায়কসকলে সুউচ্চ অট্টালিকাত বগোৱা দৃশ্যৰ প্ৰকৃত প্ৰযুক্তি ।
‘‘Changing Room’’ নামৰ প্ৰদৰ্শিত ৰূমত প্ৰৱেশ কৰিলে দৰ্শকৰ সন্মূখত, সোঁফালে, বাওঁফাল প্ৰতিটো দিশতে পূৰ্ণদৈৰ্ঘৰ Looking Glass দেখা যায় কিন্তু তাত প্ৰতিবিম্ব প্ৰতিফলিত নহয় ৷ অনুমান হয় সুদুৰ প্ৰসাৰী এটি কোঠা ৷ ইয়াৰ মাজেৰে ঘুৰা-ফুৰা কৰিলে আয়নাৰ ভিতৰত নে বাহিৰত কোৱা টান হৈ পৰে ৷
শ্ৰেণীকোঠা (Class Room) নামৰ প্ৰকল্পত শ্ৰেণীকোঠা দুটা আয়নাৰে পৃথক কৰা ৷ শ্ৰেণীকোঠা এটাত প্ৰৱেশ কৰিলে নিজৰ প্ৰতিবিম্ব এনেদৰে প্ৰতিফলিত হয় আনটো জনশূণ্য কোঠাত নিজৰ উপস্থিতি প্ৰত্যক্ষ কৰা যায় ৷ আনকি আনটো কোঠাৰ ফটো ল’লে বাস্তৱতে মানুহজন তাত থকা যেন আগে ৷
‘‘port of Reflection’’ ত পানী নথকাকৈয়েই নাওঁ যেন ওপঙি আছে পানীত । ইয়াৰ উপৰিও আৰু বহুতো মিউজিয়ামত প্ৰদৰ্শিত প্ৰকল্পসমূহ চাইহে অনুভৱ কৰিলোঁ সমসাময়িক শিল্পও যে এনে স্তৰলৈ গতি কৰিব পাৰে । এই মিউজিয়ামত প্ৰদৰ্শিত প্ৰকল্পসমূহ হয়তো পৃথিৱীৰ আন ঠাইত নাই । অৱশ্যে যদি আছে মই নাজানোঁ ৷ মই ভ্ৰমণ কৰা আন ঠাইত দেখা নাই ৷ আৰ্জেটিনাৰ শিল্পী লিয়ান্দ্ৰো এৰলিচ ( Leandro Erlich )ৰ এনে বিভিন্ন শিল্পকৰ্মৰ অনন্য মিউজিয়াম চোৱাৰ সুযোগ পাই ভাল লাগিল । ৫২ তম মহলা আৰু উন্মুক্ত ছাদত থকা পৰ্যবেক্ষণ ডেকৰ পৰা টকিঅ চহৰৰ সোন্দৰ্য উপভোগ কৰি উভতি আহিলোঁ । মন কৰিবলগীয়া কথাটো হ’ল ৰপোংগী পাহাৰৰ এই প্ৰকল্প জাপানৰ পৰম্পৰাগত ঐতিহ্য আৰু আধুনিকতাৰ সমন্বয় ক্ষেত্ৰ ।
পিছদিনা অৰ্থাৎ আঠ-ডিচেম্বৰত আমি জাপানৰ অতি জনপ্ৰিয় ( বিশেষকৈ হানামী– চেৰী ফুলাৰ সময়ত ) ওনাও পাৰ্কলৈ (ueno Park) যাওঁ ৷ এইখন এখন বিশাল ৰাজহুৱা পাৰ্ক৷ বৰ্তমানৰ ইউনো পাৰ্কৰ স্থানত এডু শাসনকালত টোকুগোৱা বংশৰ বৃহৎ আৰু সমৃদ্ধিশালী কানেইজী মন্দিৰ (Kaneiji Temple) আছিল । ১৮৬৮ চনত বোশিন গৃহযুদ্ধত ( Boshin civil War) এই মন্দিৰ প্ৰায় ধবংস হোৱাৰ পিছত নগৰ আধুনীকৰণৰ সময়ত মন্দিৰৰ স্থানতে এই পাৰ্ক নিৰ্মাণ কৰা হয় ।এই যুদ্ধৰ অন্যতম সেনাপতি সাইগো টোকামোৰিৰ ( Saigo Takamori ) মুৰ্তি পাৰ্কত স্থাপন কৰা আছে । বৰ্তমান পাৰ্কখন বিখ্যাত আৰু জনপ্ৰিয়তাৰ প্ৰধান কাৰণ হ’ল বহু মিউজিয়াম –Tokyo National Museum, The National Museum of Western Art, Tokyo Metropolitan Art Museum, National Art Museum আৰু ওনাও চিৰিয়াখানা এই পাৰ্কৰ অন্তৰ্গত ৷ এই সমূহৰ উপৰিও পাৰ্কৰ জনপ্ৰিয়তাৰ আন এটি কাৰণ হ’ল চেৰী গছ ৷ পাৰ্কত থকা এহেজাৰতকৈও অধিক চেৰী গছে চেৰী ফুলাৰ সময়ত সৃষ্টি কৰা অপূৰ্ব দৃশ্য উপভোগৰ বাবে দেশী-বিদেশী অগণৰ লোকৰ আগমন ঘটে ৷
এই মিউজিয়ামসমূহৰ কিছু আভাস লৈ ১৮৮২ চনতে স্থাপন কৰা জাপানৰ আটাইতকৈ পুৰণি আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰাণীৰ বাসস্থান ওনাও চিৰিয়াখানা । আগতে দেখা-নেদেখা বহুতো জীৱ-জন্তু আৰু চৰাই সমূহক সিহঁতৰ নিজস্ব প্ৰাকৃতিক পৰিৱেশত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ এই চিৰিয়াখানাৰ ভ্ৰমণকাৰীৰ আটাইতকৈ বেছি আকৰ্ষণীয় হৈছে পাণ্ডা । মেৰু ভালুক [polar Bear), গৰিলা, এমু, ফ্লেমিংগো, বিভিন্ন প্ৰজাতিৰ সৰীসৃপকে আদি কৰি আঢ়ৈ-হেজাৰৰো অধিক প্ৰাণী বেলেগ বেলেগ ভাগত ভাগ কৰি ৰখা হৈছে৷ সৰু ল’ৰা-ছোৱালীয়ে ইচ্ছা কৰিলে জন্তবোৰ চুই চাব পৰাকৈ পেটিং চিৰিয়াখানাও ( Petting zoo) আছে ৷
কানেইজী মন্দিৰ যুদ্ধৰ সময়ত ধবংস হলেও মন্দিৰৰ কিছু কিছু অংশ পাৰ্কৰ বিভিন্ন অঞ্চলত দেখিবলৈ পালোঁ ৷ পাঁচমহলীয়া পেগোডা, টোশোগু মন্দিৰ ( Toshogu Shrine), কিওমিঝু মন্দিৰ ( Kiyomizu Kannon) য’ত মহিলাসকলৰ জনপ্ৰিয় দেৱী Kosodate kannon ৰ মুৰ্তি স্থাপন কৰা আছে৷ সন্তান বিচৰা বা সন্তান সম্ভৱা জাপানী মহিলাসকলে Kosodate kannon দেৱীৰ উপাসনা কৰে৷ পাৰ্কতে থকা শিনোবাঝু পুখুৰীৰ (Shinobazu pond) মাজত এটা সৰু দ্বীপত সৌভাগ্য, সম্পদ, জ্ঞান আৰু সংগীতৰ দেৱী বেনটেনৰ (Benten) নামত উৰ্চগীত মন্দিৰ বেনটেনডো (Bentendo)৷ এই পুখুৰী বিভিন্ন জলচৰ প্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থল ৷
ন-ডিচেম্বৰত আমি টকিঅৰ আসাকুচাত (Asakusa) অঞ্চলত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দৰ্শণ কৰা আধ্যাত্মিক স্থান চেনচোজী (Sensoji) বৌদ্ধ মন্দিৰ বা আসাকুচা কেনন মন্দিৰ (Asakusa Kannon Temple) দৰ্শণ কৰোঁ ৷ প্ৰতি বছৰে তিনি কৌটিৰো অধিক লোকে এই মন্দিৰ দৰ্শণ কৰে ৷ টকিঅৰ প্ৰচীনতম আৰু তাৎপৰ্যপূৰ্ণ হোৱাৰ উপৰিও অতি জকজমকীয়া আৰু জনপ্ৰিয় মন্দিৰ ৷ কিংবদন্তি অনুসৰি দুজন মাছমৰীয়া ভাই-ককাই চুমিদা নদীত মাছ মাৰোতে ৬২৮ খৃষ্টাব্দতে কৰুণাৰ দেৱী কেননৰ এটি সোণৰ মুৰ্তি পাইছিল ৷ তেওঁলোকে নদীত পেলাই দিয়াৰ পিছতো বাৰে বাৰে তেওঁলোকৰ ওচৰলৈ অহাত গাৱৰ মূখীয়াল হাজিনো নাকামোটোৰ (Hajino Nakamoto) হাতত মুৰ্তিটো অৰ্পণ কৰে ৷ হাজিনো নাকামোটোই নিজৰ ঘৰতেই সৰুকৈ এটা মন্দিৰ সাজি কেননৰ মুৰ্তি স্থাপন কৰে ৷ কালৰ গতিত বিভিন্ন সময়ত ভূমিকম্প, যুদ্ধ আদিত ধবংস হলেও পুনৰ বহুবাৰ নিৰ্মাণৰ অন্তত বৰ্তমানৰ চেনচোজী মন্দিৰ প্ৰতিজন দৰ্শককে আকৰ্ষণ কৰে ৷ মন্দিৰৰ মূখ্য প্ৰৱেশ দ্বাৰ কামিনাৰিমন (Kaminarimon) বা থাণ্ডাৰ গেট ( Thunder Gate) আসাকুচা তথা সমগ্ৰ টকিঅৰ প্ৰতীক ৷ এই দুৱাৰেদি প্ৰৱেশ কৰাৰ পিছতেই সোমাই যোৱা ৰাস্তাৰ দুয়োফালে “নাকামিছে ডৰী” ( Nakamise Dori) নামেৰে লানি নিচিঙা বিভিন্ন স্থানীয় উৎপাদিত সামগ্ৰীৰ দোকান ৷ তাৰ পিছতেই হঝোমন (Hozomon] গেট পাৰ হৈয়েই মূখ্য মন্দিৰ আৰু পাঁচমহলীয়া পেগোডা ৷
আমি গৈ পোৱাৰ আগতেই বিভিন্ন দেশ-বিদেশৰ যথেষ্ট দৰ্শনাৰ্থীৰে ভৰি আছে ৷ সোমায়েই চকুত পৰিল মন্দিৰ চৌহদৰ মুকলি ঠাইত জাপানৰ শিন্টো পৰম্পৰাগত নিয়মেৰে বিয়া এখন চলি আছে ৷ সেয়ে প্ৰথমতেই জাপানী বিয়াৰ নীতি-নিয়ম চোৱাৰ হেঁপাহেৰে তালৈ অগ্ৰসৰ হ’লো ৷ জাপানত যদিও পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বেছি বিয়াখনত তেনে প্ৰভাৱ দেখা নাপালোঁ ৷ কেইজনমান লোকেৰে অনুষ্ঠিত বিয়াখনত বিশেষ জাকজমকতা বা বহু লোকৰ সমাগম নাই ৷ আনকি বহাৰ বাবেও কোনো আয়োজন নাই ৷ দৰা-কইনাৰ লগতে বিয়াৰ বাবে গোট খোৱা লোক সকলো থিয় হৈয়েই বিয়াৰ কাম সম্পন কৰিলে ৷ কইনাগৰাকী শুদ্ধ বগা কিমোনো আৰু মুৰত বিশেষ আৰ্হিত তৈয়াৰ কৰা টুপী আৰু দৰাজনে পুৰুষে পিন্ধা কিমোনো পৰিধান কৰিছে যদিও তলৰ অংশ কলা আৰু বগাৰ মিশ্ৰিত ৰঙৰ কাপোৰ আৰু ওপৰৰ অংশ সম্পূৰ্ণ কলা ৰঙৰ ৷ কইনাই বিয়াৰ সময়ত পিন্ধা কাপোৰসাজক জাপানত উচিকাকে ( Uchikake) বুলি কোৱা হয় ৷ দৰা-কইনা দুয়ো থিয় হৈ থাকোতেই পুৰোহিত জনে ধৰ্ম প্ৰথা অনুসৰি দৰা-কইনা দুয়োজনকে শুদ্ধি কৰি ভগৱানৰ ওচৰত তেওঁলোকৰ বিয়াৰ ঘোষনা কৰে আৰু আশীৰ্বাদ বিচাৰে ৷ তাৰ পিছত দৰা-কইনাই তিনিটা কাপত থকা পানীয় এবিধ প্ৰতিজনেই প্ৰতিটো কাপৰ পৰা এঢোককৈ তিনিবাৰ খায় ৷ এই প্ৰথাক “Sansankudo’’ বুলি কোৱা হয় যাৰ অৰ্থ “তিনিকাপ তিনিবাৰ”৷ বিয়াৰ কাৰ্য ইমানেই তাৰ পিছত পৰিয়ালৰ লোকসকলে একেলগে ফটো উঠাৰ অন্তত মানুহে টানি নিব পৰা ৰিক্সা সদৃশ (চলাব নোৱাৰি) এখনত উঠাই লৈ গ’ল ৷ সেই সময়ত আমাৰ ইয়াত ঘৰৰ লোকতো বাদেই পৰিয়ালৰ আন সদস্যসকলৰ বিয়া বুলি হোৱা আয়োজনৰ ছবিখন চকুৰ আগত ভাঁহি উঠিল ৷ আন এটা কথা মন কৰিলো উপস্থিত প্ৰতিজন পুৰুষে কলা ৰঙৰ চুট পিন্ধিছে ৷
মন্দিৰৰ ভিতৰত যথেষ্ট লোকৰ সমাগম ৷ মন্দিৰ দৰ্শণ কৰি মন্দিৰৰ কাষতে সুমিদা নদীৰ সৌন্দৰ্য উপভোগ কৰি নাকামিছে ডৰীৰ পৰা দুপদ মান স্থানীয় উৎপাদিত সামগ্ৰী কিনিলোঁ ৷ জাপানৰ আটাইতকৈ ওখ স্তম্ভ টকি’অ স্কাই ট্ৰি (Tokyo Sky Tree) ও এই মন্দিৰৰ কাষত ৷ এই স্তম্ভৰ ৩৫০ আৰু ৪৫০ মিটাৰ উচ্ছতাত থকা পৰ্যবেক্ষণ ডেকৰ পৰা প্ৰায় তিনি হেজাৰ লোকে একেলগে টকি’অ চহৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷ টকিঅ’ ইম্পেৰিয়েল পেলেচ যদিও পৰিব্ৰাজকৰ আকৰ্ষণীয় জনসাধাৰণৰ প্ৰৱেশৰ অনুমতি নাই বাবে আমি তালৈ নগ’লো ৷
পিছদিনা আমি টকিঅ’ চহৰৰ পৰা উভতিলো গিফুলৈ ৷ উভতি অহাৰ পথত আমি নাগোয়াত পৰিব্ৰাজকৰ আকৰ্ষণীয় ঠাই দুখনমান চোৱাৰ ঠিক কৰিলো ৷ লগত থকা বয়-বস্তুখিনি কঢ়িয়াই ফুৰা অসুবিধা বাবে ষ্টেচনৰ লকাৰত ৰাখো বুলি গৈ দেখো অসংখ্য লকাৰ ৷ নিজৰ বয়-বস্তু লকাৰত ৰাখি চাবি নিজৰ লগতে ৰাখিব লাগে৷ বয়-বস্তুলৈ অহাৰ সময়ত চাবি লকাৰত থৈ আহিলেই হ’ল ৷ লকাৰৰ এই সুবিধাৰ বাবে কোনো মাছুলও দিব নালাগে আৰু এই কামৰ বাবে কোনো লোকক নিযুক্তি কৰাও দেখা নাপালোঁ ৷
প্ৰথমতেই আমি জাপানৰ বৃহৎ দুৰ্গসমূহৰ ভিতৰত এটি বুলি পৰিচিত নাগোয়া কা-ছ্ল্ (Nagoya Castle) লৈ যাওঁ ৷ ১৬১২ চনত এডো যুগৰ আৰম্ভণিতে টোকুগাৱা (Tokugawa) পৰিয়ালৰ শাসন কালতে নিৰ্মাণ কৰা হৈছিল ৷ এই দুৰ্গৰ এটা বিশেষত্ব হ’ল নাগোয়া চহৰ জাপানৰ কেন্দ্ৰত অৱস্থিত আৰু নাগোয়া কা-ছ্ল্ নাগোয়াৰ কেন্দ্ৰত ৷ অৰ্থাৎ এই দুৰ্গ জাপানৰ কেন্দ্ৰত অৱস্থিত ৷ ঐতিহাসিক ভাৱে গুৰুত্বপূৰ্ণ আৰু সুন্দৰ দুৰ্গটোৰ ইতিহাস আৰু বৈশিষ্ট্য জনাৰ বাবে যথেষ্ট পৰিব্ৰাজেক এই দুৰ্গ দৰ্শণ কৰে ৷ দুৰ্গৰ টাৱাৰৰ ওপৰত থকা দুটা সোণালী শচিহোকো ( Shachihoko) নামেৰে এটি কাল্পনিক সাগৰীয় প্ৰাণী (যাৰ মুৰটো বাঘ আৰু তলৰ অংশ মাছৰ দৰে ) বাবেও এই দুৰ্গ জনাজাত ৷ পৌৰাণিক কাহিনী মতে জাপানী লোকসকলে বিশ্বাস কৰে যদি জুই লাগে এই প্ৰাণীয়ে মুখেৰে পানী ছটিয়াই জুইৰ পৰা ৰক্ষা কৰে ৷ বৰ্তমানো এই প্ৰাণীৰ মুৰ্তি বা ফটো জুইৰ পৰা ৰক্ষা পাবলৈ দুৰ্গ, মন্দিৰ, ঘৰ আদিত স্থাপন কৰে ৷
সাতমহলীয়া নাগোয়া দুৰ্গৰ তলৰ মহলাতো এই শচিহোকোৰ অনুকল্প এটা ৰখা হৈছে ৷ প্ৰথম মহলাৰ পৰা পঞ্চম মহলালৈ দুৰ্গৰ ইতিহাস সম্বন্ধীয় প্ৰদৰ্শণী আৰু সপ্তম মহলাত পৰ্যবেক্ষণ কক্ষ ৷ এই কক্ষৰ পৰা নাগোয়া চহৰ আৰু নিনোমাৰু বাগিচাৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি ৷ হোমাৰু প্ৰসাদটি আটাইকেইটা প্ৰসাদৰ ভিতৰত শ্ৰেষ্ঠ ৷ ওখ মজবুত শিলৰ দেৱালেৰে আৱৰা এট দুৰ্গ এসময়ৰ শক্তিশালী সামৰিক ঘাটি আছিল ৷ বিশাল নিনোমাৰু (Ninomaru) বাগিছা চেৰী গছৰ বাহিৰেও বিভিন্ন গছৰে ভৰা ৷ দুৰ্গৰ ভিতৰত মূখ্য প্ৰসাদৰ উপৰিও Tonan Sumiyagura, Seinan Sumiyagura, Seihoku Sumiyagura আদি প্ৰসাদ আছে ৷ নাগোয়া কা-ছ্ল সংক্ষেপে মেইজো (Meiji ) বুলিও কোৱা হয়৷ ২৬০ বছৰৰো অধিক কাল ধৰি টোকুগাৱা বংশৰ সমৃদ্ধ দুৰ্গ হিচাবে পৰিচিত নাগোয়া কা-ছ্ল্ জাপানৰ অন্যতম বৈশিষ্ট আৰু জাতীয় ঐতিহাসিক স্থান বা জাতীয় ধন হিচাবে বিবেচিত ৷ নিনোমাৰু বাগিছা আৰু আড়ম্বৰপূৰ্ণ প্ৰসাদে সকলো পৰিব্ৰাজককে আকৰ্ষণ কৰে ।
জাপানৰ শিল্পকাৰ্যৰ লগতে বিজ্ঞান-প্ৰযুক্তিয়ে পৃথিৱীৰ আন দেশসমূহক যথেষ্ট প্ৰভাৱন্বিত কৰি আহিছে৷ এই সমূহৰ ভিতৰত এটি উল্লেখনীয় প্ৰতিস্থান হৈছে টয়োটা গ্ৰুপ ৷ এই টয়োটা গ্ৰুপৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈ ইতিহাসৰ প্ৰতিটো পদক্ষেপতে ব্যৱহূত বিভিন্ন যন্ত্ৰপাতিৰ প্ৰদৰ্শণ আৰু ব্যৱহাৰৰ বিষয়ে বিশদ বিৱৰণৰ মিউজিয়াম Toyota Commemorative Museum of Industry & Technology যিটো সংক্ষেপে Toyota Tecno Museum বুলি কোৱা হয়৷ আমি নাগোয়া কা-ছ্ল্ৰ পৰা এই মিউজিয়ামলৈ গৈ বহু নজনা কথা জানিব পাৰি ভাল লাগিল৷ টয়োটা গ্ৰুপ বহু দশক ধৰি আন্তৰ্জাতিক অটোমোবাইল উৎপাদক হিচাবে পৰিচিত হলেও এই গ্ৰুপৰ প্ৰতিষ্ঠাতা সাকিচী (Sakichi) প্ৰথমতে টেক্সটাইল প্ৰস্তুত কাৰক হিচাবে এটি টেক্সটাইল প্ৰতিষ্ঠানৰ স্থাপন কৰিছিল৷ পিছত তেওঁৰ ল’ৰা কিচিৰোই গাড়ী নিৰ্মানৰ প্ৰতিষ্ঠান আৰম্ভ কৰে৷ যিটো ঘৰত তেওঁ এই প্ৰতিস্থান আৰম্ভ কৰিছিল সেই ঘৰটোতে বৰ্তমান শিল্প আৰু প্ৰযুক্তিৰ মিউজিয়াম ৷ ১৯৯৪ চনত আৰম্ভ কৰা এই মিউজিয়ামৰ এটা ভাগত টেক্সটাইলৰ তুলাৰ পৰা সূতা কটাৰ পৰা কাপোৰ তৈয়াৰ কৰালৈকে বিভিন্ন প্ৰক্ৰিয়া আৰু যন্ত্ৰপাতি আৰু আনটো ভাগত গাড়ী উৎপাদনৰ বিভিন্ন যন্ত্ৰপাতিৰ লগতে ব্যৱহাৰ আৰু ইতিহাসৰ বিশদ বিৱৰণ পোৱা যায়৷ উল্লেখযোগ্য যে উচ্চ প্ৰযুক্তিৰ ৰ’বটৰ বৈশিষ্ট প্ৰদৰ্শনৰ মিউজিয়ামত আন এটি বিভাগ আছে৷ এইবোৰৰ বিষয়ে জানিব বিচাৰিলে ইংৰাজী বা জাপানী ভাষাৰ গাইড পোৱা যায়৷ তাৰ উপৰিও বহুতো মডেলৰ গাড়ী প্ৰদৰ্শিত কৰা আছে যিবোৰ আমাৰ ইয়াত পোৱা নাযায়৷ কেইটামান মডেলৰ গাড়ীয়ে য’ত মাত্ৰ এজন লোকেহে উঠিব পাৰে মোক বৰ আকৰ্ষিত কৰিলে৷ বিভিন্ন ধুনীয়া ধুনীয়া মডেলৰ গাড়ী চাই উভতি আহিলো গিফুৰ হোটেললৈ ৷
পিছদিনা এহেজাৰো অধিক বছৰ ধৰি জাপানৰ ৰাজকীয় ৰাজধানী হিচাবে পৰিচিত কিয়োটো চহৰখন চোৱাৰ মানসেৰে ওলা’লো । নাগোয়াৰ পৰা কিয়োটো প্ৰায় এশ-বিছ কিলোমিটাৰ । নাগোয়াৰ পৰা মাত্ৰ পয়ত্ৰিশ মিনিটতে গৈ কিয়োটো পালোঁ । জাপানৰ আন চহৰ সমূহতকৈ কিছু ব্যতিক্ৰমী কিয়োটো চহৰ জাপানৰ হনশু দ্বীপত অৱস্থিত ৷ জাপানৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱাৰ উপৰিও প্ৰধান পৰ্যটন কেন্দ্ৰ হিচাবে পৰিচিত । সেইসময়তে জাপানৰ ৰাজধানীৰ বাবে নিৰ্বাচিত কৰি চীন দেশৰ ফেংচুই অনুসাৰে সজোৱা হৈছিল ।
বহু শতক ধৰি কিয়োটো জাপানৰ ৰাজধানী বাবে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে ৰাজধানীৰ স্থান চহৰৰ বিভিন্ন ঠাইলৈ সলনি কৰিব লগা হৈছিল । ১৮৫৫ চনত নিৰ্মাণ কৰা সম্ৰাটৰ বাসস্থান “ইম্পেৰিয়েল পেলেচ্” বৰ্তমান কিয়োটো চহৰৰ কেন্দ্ৰত অৱস্থিত৷ দুহেজাৰো অধিক বৌদ্ধ মন্দিৰ, শিন্তো মন্দিৰ আদিৰে কিয়োটো এখন ঐতিহাসিক চহৰ৷ এহেজাৰ বছৰ ধৰি বছৰৰ বিভিন্ন সময়ত অনুষ্ঠিত হোৱা জাপানৰ পৰম্পৰাগত উৎসৱৰ বাবেও কিয়োটো বিখ্যাত । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকৰই পাৰমাণবিক বোমা নিক্ষেপৰ বাবে কিয়োটো চহৰক লক্ষ্য কৰিছিল যদিও শেষত এই চহৰৰ পৰিৱৰ্তে নাগাচাকিত বিস্ফোৰণ কৰে । এই ভয়ানক আক্ৰমণৰ পৰা ৰক্ষা পৰিলেও সৰু-সুৰা বোমাৰ আক্ৰমণৰ বলি হৈছিল । আধুনীকৰণৰ বাবে নতুন স্থাপত্যৰে চহৰখনত সুউচ্ছ অট্টালিকা নিৰ্মাণ কৰিলেও বৰ্তমানো দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ কাঠেৰে নিৰ্মিত বহুতো পৰম্পৰাগত ভৱন আছে যিবোৰ মাচিয়া (Machiya ) নামে জনাজাত ।
আদিতে কিয়োটো চহৰৰ নাম আছিল হাইয়ান কিও (Heian Kyo) যাৰ অৰ্থ শান্তি আৰু প্ৰশান্তিৰ ৰাজধানী (Capital of Peace and Tranquility) । ইয়াৰ পিছতো বিভিন্ন সময়ত বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছিল–কিয়ো মিয়াকো (Kyo Miyako] যাৰ অৰ্থ ৰাজধানী (The Capital) । ১৮৬৮ চনত কিয়োটোৰ পৰা ৰাজধানী এডো চহৰলৈ স্থানান্তৰিত কৰা হয় । সেই সময়ত এডোৰ নাম সলনি কৰি টকিঅ’ অৰ্থাৎ পূৱৰ ৰাজধানী (Eastern Capital) কৰাত এই চহৰৰ নাম চাইকিও (Saikyo) যাৰ অৰ্থ (Western Capital) ৰখা হৈছিল ।
কিয়োটো ইম্পেৰিয়েল পেলেচ্ বৃহৎ এলেকা আগুৰি বহুতো ভৱন আৰু গছ-গছনিৰে ভৰা চৌহদ। ৰাষ্ট্ৰীয় অনুষ্ঠানৰবাবে শিশিনডেন (Shishinden) হল, চেৰিওডেন (Seiryoden) নামেৰে সম্ৰাটৰ আবাসস্থল, ৰাজকীয় পুথিভঁৰাল, কোৰ্ট ৰূম আদিৰ উপৰিও সম্ৰাজ্ঞীৰ ভৱন, উচ্ছ পদস্থ বিষয়া তথা কৰ্মচাৰীৰ ভৱনকে ধৰি বহুতো ভৱন, পুখুৰী আদি আছে৷ চৌহদৰ শান্ত পৰিৱেশে পৰিব্ৰাজক তথা স্থানীয়লোকক আকৰ্ষণ কৰে যদিও ভৱনসমূহৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া নহয় ।
বৃহৎ এলেকাৰ ইম্পেৰিয়েল পেলেচৰ পৰা ওলাই আধুনিক আৰু পৌৰাণিক সংমিশ্ৰণত গঢ়া চহৰখনৰ সৌন্দৰ্য উপভোগ কৰি ঘূৰি-ফুৰি থাকোতে আমি বাট হেৰুৱালোঁ ৷ এজন স্থানীয়লোকক আমাৰ সমস্যাৰ কথা কোৱাত তেওঁ আমাক ক’ৰ পৰা কেনেকৈ কিমান নম্বৰ বাছেৰে গৈ ৰেল’ৱে ষ্টেচন পাম বুজাই দিয়াৰ উপৰিও আমাৰ অসুবিধা হ’ব বুলি আমাক বাছত উঠাই দিব বিচৰা কথাটোয়ে জাপানৰলোকৰ নম্ৰতা আৰু সততাৰ পৰিচয় দিলে ৷ গিফুলৈ উভতি আহি নিশা হোটেলতে কটালোঁ ।
আমাৰ জাপান ভ্ৰমণৰ সময় প্ৰায় শেষ হৈ আহিছে । পিছদিনা বাৰ-ডিচেম্বৰ আমাৰ জাপানত অন্তিমটো দিন । গিফুত থাকিও চহৰখন ঘূৰি-ফুৰি চোৱাৰ সময় হোৱা নাই ৷ সেয়ে সেইদিনা আৰু আন ঠাইলৈ নগৈ গিফু চহৰখন চাওঁ বুলি হোটেলৰ পৰা ওলাই আহিলো যদিও সেইদিনা যথেষ্ট ঠাণ্ডা, পাৰাস্তম্ভই -৩ ডিগ্ৰী চুইছে ।
গিফু চহৰ গিফু প্ৰিফে্কচাৰৰ ৰাজধানী আৰু জাপানৰ মাজভাগত অৱস্থিত হোৱাৰ উপৰিও জাপানৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে৷ কিঙ্কা ( Mt.Kinka) পাহাৰ, নাগাৰাগাৱা (Nagaragawa) নদীৰে এখন মনোৰম চহৰ ৷ উকাই বা কৰমোৰেন্ট (cormorant) নামৰ এবিধ চৰাইৰ দ্বাৰা মাছ ধৰা পদ্ধতি গিফুৰ এটি গৌৰৱময় ঐতিহ্য । জাপানৰ আন ঠাইতো এই পদ্ধতিৰে মাছ ধৰা হয় যদিও গিফুত এই পদ্ধতিৰ প্ৰচলন তেৰশ-বছৰ প্ৰাচীন। মাছমৰীয়াসকলে Ayu বা Sweet fish নামৰ এক বিশেষ মাছক আকৰ্ষণ কৰিবলৈ নাৱত জুই জ্বলাই আৰু সেই সময়তে প্ৰশিক্ষণ প্ৰাপ্ত কৰমোৰেন্ট মাছ ধৰিবলৈ নদীত এৰি দিয়া হয় । কৰমোৰেেন্ট নদীৰ পৰা মাছ ধৰি নাৱলৈ আহে । সেই মাছ মাছমৰীয়াই সংগ্ৰহ কৰি আকৌ মাছ ধৰিবলৈ নদীত এৰি দিয়ে । এসময়ত এই মাছ ধৰা পদ্ধতি এটি পৰম্পৰা আছিল যদিও বৰ্তমান গিফুৰ পৰিব্ৰাজকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । অৱশ্যে এই প্ৰক্ৰিয়া চোৱাৰ সৌভাগ্য আমাৰ নহ’ল । গ্ৰীষ্মকালৰ সন্ধিয়া অৰ্থাৎ মে’মাহৰ মাজ ভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈহে এই পদ্ধতিৰে মাছ ধৰা প্ৰক্ৰিয়া চলে । গিফু পাৰ্কৰ মিউজিয়ামৰ পৰাহে এই বিষয়ে কিছু জানিব পাৰিলোঁ । একেলগে বহুতো নাওঁ এন্ধাৰত এনেদৰে মাছ ধৰা দৃশ্য চাবলৈ বিভিন্ন দেশৰ পৰ্যটক আহে ।
কিঙ্কা পাহাৰৰ নামনিত গিফু পাৰ্ক গিফু চহৰৰ মূখ্য আকৰ্ষণ । ৰঙা, কমলা, হালধীয়া মেপ্ল্ গছৰ পাতৰ ৰঙ, জলপ্ৰপাত, পুখুৰী আদিৰে ভৰা পাৰ্কখনে পৰিব্ৰাজকক আকৰ্ষণ কৰা স্বাভাৱিক ৷ কিঙ্কা পাহাৰৰ শীৰ্ষত প্ৰায় ৩২৯ মিটাৰ উচ্চতাত গিফু দুৰ্গ অৱস্থিত ৷ পাৰ্কৰ পৰা গিফু দুৰ্গলৈ খোজকাঢ়ি বা ৰোপৱেৰে যোৱাৰ ব্যৱস্থা আছে যদিও ঠাণ্ডা আৰু ফেৰফেৰীয়া বতাহৰ বাবে আমি দুৰ্গলৈ নগ’লোঁ ৷ গিফুৰ ইতিহাস সমৃদ্ধ মিউজিয়াম “Gifu City Museum of History, Nawa Insect Museum, Eizo & Toichi Kato Memorial Art Museum, Gifu City Science Museum and Museum of Fine Art সকলো গিফু পাৰ্কতে ।
পাহাৰৰ নামনিত গিফু পাৰ্কৰ কাষতে ১৯ শতিকাত নিৰ্মাণ কৰা চোহো-জি-দাইবুতসু ( Shoho-ji-Daibutsu) বৌদ্ধ মন্দিৰ ৷ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সন্মানৰ্থে নিৰ্মাণ কৰা এই মন্দিৰৰ প্ৰায় তেৰ-মিটাৰ ওখ বৌদ্ধ মুৰ্তিয়ে মন্দিৰৰ শোভা বৰ্ধন কৰিছে ৷ এই সকলোবোৰ এদিনতে চোৱা সম্ভৱ নহয় বাবে ওপৰে ওপৰে চাই আমি জাপান ভ্ৰমণৰ সামৰণি মাৰিলোঁ ৷
মাউণ্ট ফুজি জাপানৰ সৰ্বোচ্চ আগ্নেয়গিৰি আৰু অন্যতম দৰ্শণীয় স্থান যদিও বিপদজনক ৷ সাধাৰণতে ‘ফুজিচান’ বুলি কোৱা হয় ৷ এটি প্ৰতিসম শঙ্কু আকৃতিৰ বছৰৰ পাঁচমাহেই বৰফেৰে আবৃত হৈ থাকে ৷ জাপানৰ সংস্কৃতিত ফুজিচানৰ প্ৰভাৱ যথেষ্ট আৰু জাপানৰ প্ৰতীক হিচাবে বিবেচনা কৰা হয় ৷ মাউণ্ট ফুজি জাপানৰ তিনিখন পৱিত্ৰ পৰ্বতৰ এখন আন দুখন হ’ল মাউণ্ট টাটে [Mount Tate) আৰু মাউণ্ট হাকু (Mount Haku)৷ ট্ৰেনেৰে অহা-যোৱা কৰোতে প্ৰতিবাৰেই আঁতৰৰ পৰা ফুজি দেখা পালোঁ ৷ ফুজি আগ্নেয়গিৰিৰ চৌদিশে হ্ৰদ আৰু প্ৰাকৃতিক দৃশ্য অতি মনোৰম যদিও ডিচেম্বৰ মাহ হোৱা বাবে বৰফেৰে আবৃত আমাৰ ওচৰৰ পৰা চোৱা নহ’ল ৷ জাপানত বহুতো সক্ৰিয় আগ্নেয়গিৰি আছে বাবে যথেষ্ট সংখ্যক গৰম পানীৰ ঝৰণাৰ উৎপত্তি হৈছে যাক স্প্ৰিং বুলি কোৱা হয় ৷ জাপানী ভাষাত Onsen বুলিও কোৱা হয় ৷
জাপানত আমি ট্ৰেভেল গাইডৰ সহায় লোৱা নাছিলোঁ বাবে জাপানৰ উৎসৱ, পৰম্পৰা আদিৰ বিষয়ে গিফু হোটেলৰ কৰ্মচাৰীৰ পৰাহে কিছু আভাষ লবলৈ সক্ষম হৈছিলোঁ ৷
জাপানত মাৰ্চ মাহৰ শেষৰ পৰা মে’ মাহৰ প্ৰথম ভাগলৈ চেৰী ফুলাৰ সময়ত সুন্দৰ কিন্তু ক্ষন্তেকীয়া দৃশ্য উপভোগ কৰাৰ প্ৰাচীন পৰম্পৰাক হানামি (Hanami) বুলি কোৱা হয় ৷ যাৰ অৰ্থ ‘‘Flower Viewing’’৷
জাপানৰ সংস্কৃতিত অন্যতম জনপ্ৰিয় আৰু এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান “চাহ অনুষ্ঠান” (Tea Ceremony) ৷ এই অনুষ্ঠান মূলতে কিয়োটো চহৰৰ লগত জড়িত যদিও সমগ্ৰ দেশতে চাহ ঘৰ পোৱা যায় ৷ এই চাহ ঘৰ সমূহক চশিতসু (Chashitsu) বুলি কোৱা হয় ৷ প্ৰথমতে বৌদ্ধ সন্নাসীসকলে তেওঁলোকৰ অনুষ্ঠানৰ লগ হোৱা স্থানত আৰম্ভ কৰা এই অনুষ্ঠানৰ নীতি-নিয়ম যথেষ্ট ৷ প্ৰকৃততে এই অনুষ্ঠানৰ মূখ্য আকৰ্ষণ হৈছে এই প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা বাচন-বৰ্তন, চাহ তৈয়াৰ কৰা আৰু পৰিবেশন কৰা পদ্ধতি ৷ এই আনুষ্ঠানিক প্ৰস্তুতি আৰু উপস্থাপন জড়িত কাৰ্যকলাপক টেমাই (Temae) বুলি কোৱা হয় ৷ যথেষ্ট ব্যয় বহুল বাবে আমি এই চাহ অনুস্থান ভিতৰত সোমাই চোৱা নাই ৷
জাপানৰ পৰম্পৰাগত সংস্কৃতিৰ আন এটি প্ৰধান অংশ গেইচা (Geisha) মহিলাসকল ৷ বিশেষকৈ কিয়োটো আৰু কানাঝাৱা (Kanazawa) চহৰত এক শ্ৰেণীৰ মহিলাক জাপানৰ পৰম্পৰাগত গান, নাচ, শিল্প আদিৰ প্ৰশিক্ষণ দিয়া হয় ৷ প্ৰিাক্ষণৰ সময়ত এই মহিলাসকলে ঘৰৰ পৰা আঁতৰি আহি একেলগে বিশেষ ঘৰত বাস কৰে যাক জাপানী ভাষাত ওকিয়া (Okiya) বুলি কোৱা হয় ৷ এই গেইচা মহিলাসকলে কিম’ন’ পৰিধান কৰে, চুলিৰ ষ্টাইল বিশেষ ধৰণৰ আৰু মুখত বগা পাউদাৰেৰে মেক-আপ কৰে যাক ওশিৰো (Oshiroi ] বুলি কোৱা হয় ৷ ইয়াৰ উপৰিও Geta নামৰ কাঠেৰে তৈয়াৰ কৰা বিশেষ ধৰণৰ চেণ্ডেল পিন্ধে ৷ জাপানত গেইচা অত্যন্ত সন্মানিত আৰু সংস্কৃতি আৰু ইতিহাসৰ প্ৰতীক হিচাবে বিশ্ববিখ্যাত ৷ গেইচাসকল যথেষ্ট দক্ষ আৰু প্ৰশিক্ষিত বাদ্যযন্ত্ৰ বজোৱা, গান, নাচ কথা কোৱাৰ ভঙ্গী আদিৰ বাবে সামাজিক অনুষ্ঠানত বিনোদনৰ বাবে আমন্ত্ৰণ কৰা হয় ৷ পশ্চিমীয়া দেশসমূহত গেইচাসকল পতিতাৰ সমতুল্য বুলি এটি ভ্ৰান্ত ধাৰণা আছে যদিও জাপান চৰকাৰে বহু গৰাকী গেইচাক “জীৱিত জাতীয় ধন” ( Living national treasures) হিচাবে স্বীকৃতি দিছে যিটো জাপানৰ সৰ্বোচ্চ শিল্পী সন্মান ৷
জাপানীসকলে বিশ্বাস কৰে পৰিয়ালৰ মৃতলোক সকলৰ আত্মাই বছৰত এবাৰকৈ তেওঁৰ পৰিয়ালৰ জীৱিত লোকসকলক চাবলৈ আহে ৷ সেয়ে মৃতলোকসকলক সুঁৱৰি গ্ৰীষ্মমকালৰ মাজভাগত পৰিয়ালৰ ঘৰৰ পৰা আঁতৰত থকা লোকসকলো আহি একগোট হয় ৷ মৃতকৰ কবৰস্থানসমূহ পৰিষ্কাৰ কৰি ফুল, খোৱা বস্তু আদি দি পূৰ্বপুৰুষৰ বাবে প্ৰাৰ্থনা কৰে ৷ এই প্ৰথাৰ লগতে আমাৰ ৰঙালীবিহুৰ উৎসৱৰ দৰে মুকলি ঠাইত ষ্টেজ সাজি নাচ-গান অনুষ্ঠিত কৰে, এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ এই উৎসৱক Bon Dance Festival বুলি কোৱা হয় ৷
জাপানত পশ্চিমীয়া সংস্কৃতিৰ বিপৰীতে নতুন বছৰক আদৰণি জনাই অন্য ধৰণে ৷ নতুন বছৰক আদৰণি জনাবলৈ কিছুদিন আগৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰি ঘৰৰ প্ৰতিটো বস্তু চাফ-চিকুন কৰে ৷ নৱবৰ্ষৰ মাজনিশাৰ আগে আগে তোশিকোশি চোবা (Toshikoshi Soba) নামৰ এক বিশেষ নোডলচ্ খোৱাৰ ঐতিহাসিক পৰম্পৰা চলি আহিছে ৷ নৱবৰ্ষৰ লগে লগে ১০৮ বাৰ মন্দিৰৰ ঘণ্টা বাজি উঠে৷ বৌদ্ধ ধৰ্ম অনুসৰি এয়া মানুহৰ পাপৰ সংখ্যা ৷ নৱবৰ্ষৰ ৰাতিপুৱা ওসেচি ( Osechi) নামৰ এবিধ খাদ্য খায় ৷ বিশ্বাস কৰে এই আহাৰে সৌভাগ্য, সমৃদ্ধি আৰু দীৰ্ঘ জীৱন কঢ়িয়াই আনে ৷ পৰিয়ালৰ সৰু ল’ৰা-ছোৱালীবোৰক ওসেচিৰ লগতে খামত উপহাৰ দিয়াৰো প্ৰথা অতীজৰে পৰা চলি আহিছে ৷
গ্ৰীষ্ম উৎসৱ বা ফটকাৰ উৎসৱ আন এটি আমোদজনক উৎসৱ৷ প্ৰতি বছৰে বিভিন্ন আকৰ্ষণীয় ফটকা প্ৰস্তুত কৰি জুলাই মাহৰ শেষৰ পৰা আগষ্ট মাহৰ শেষলৈ প্ৰতিটো সপ্তাহৰ শেষত হাজাৰ হাজাৰ লোক একগোট হৈ ফটকা ফুটোৱা উৎসৱ পালন কৰে ৷
জাপানৰ পৰম্পৰাগত সাজ কিম’ন’ চিনেমা বা ফটো আদিত দেখিছিলো যদিও জাপানলৈ গৈহে জানিব পাৰিলো অবিবাহিত ছোৱালীয়ে সাধাৰণতে পূৰ্ণ দৈৰ্ঘৰ হাতৰ কিম’ন’ পিন্ধে যাক Furisodo আৰু বিবাহিত মহিলাই কিছু চুটি হাতৰ কিম’ন’ পিন্ধে যাক Tomesode বুলি কোৱা হয় ৷ বিশেষ অনুষ্ঠানত পুৰুষ-মহিলা সকলোয়ে কিম’ন’ পৰিধান কৰে ৷ গেইচা আৰু কুস্তী কৰা লোকসকল ৰাইজৰ মাজলৈ আহিলে কিম’ন’ পৰিধান কৰা বাধ্যতামূলক ৷
জাপানীসকলে যথেষ্ট কম কথা কয় ৷ আমাৰ ভ্ৰমণ কালত ৰেল বা অইন ৰাজহুৱা স্থানত জুম বান্ধি কথা পতা দুৰৰে কথা, দুজন লোকেও কথা পতা দেখা নাপালোঁ ৷ জাপানত ৰাজহুৱা স্থানত মোবাইল ব্যৱহাৰ কৰা নিসিদ্ধ, এই নিয়ম ভঙ্গ কৰা পৰিলক্ষিত নহ’ল ৷ সম্ভৱ একান্ত প্ৰয়োজনত মেছেজৰ দ্বাৰাই কাম চলায় ৷ প্ৰতিজন লোকেই সাজ-পোচাকত যথেষ্ট মাৰ্জিত ৷ পুৰুষসকলে প্ৰায়ভাগেই কলা ৰঙৰ চুট পিন্ধাই চকুত পৰিল ৷ মহিলাসকলে কি’ম’নৰ উপৰিও বিভিন্ন সাজ পিন্ধিলেও যথেষ্ট মাৰ্জিত ৷
জাপানৰ মূখ্য খাদ্য চাউল আৰু সাগৰীয় মাছ বা বিভিন্ন পাচলিৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ চুশী [sushi) আৰু জাপানী নুডলচ্ যাক ৰামেন ( Ramen) বুলি কোৱা হয় ৷ বৰ্তমান সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয় ৷ ইয়াৰ উপৰিও বিশ্বজুৰি খ্যাত চুমো কুস্তীৰ (Sumo Wrestling) জন্মস্থানো জাপান ৷ কাগজ ভাঁজ কৰি প্ৰস্তুত কৰা অৰিগামী (Origami) শিল্প বিশ্বৰ সকলো ঠাইতে পৰিচিত যদিও ইয়াৰ উৎপত্তিও জাপানতে ৷ জাপানী ভাষা লিখা শৈল্পিক ৰূপ কেলিগ্ৰাফিত (calligraphy) দুই ধৰণৰ প্ৰতীক আছে– কানা (Kana) আৰু কাঞ্জি (Kanji) ৷ কানাত কোনো নিৰ্দিষ্ট অৰ্থ নাই, কাঞ্জি দহ-হাজাৰৰো বেছি আৰু প্ৰতিটোয়ে এটা শব্দৰ প্ৰতীক আৰু নিজা অৰ্থ আছে ৷
আন এটি আমাৰ বাবে আশ্বৰ্যজনক লগা কথা মেকুৰীৰ বাবে কাফে ৷ মেকুৰীৰ বাবে কাফে সমগ্ৰ জাপানতে উপলব্ধ যদিও টকিঅ’ চহৰত ইয়াৰ জনপ্ৰিয়তা সৰ্বাধিক ৷ মেকুৰীৰ বাবে কাফে খোলাৰ যুক্তি নোহোৱা নহয়, প্ৰকৃততে টকিঅ’ৰ এপাৰ্টমেন্ট সমূহত পোহনীয়া জন্তু ৰখাৰ অনুমতি দিয়া নহয় সেয়ে ব্যস্ত জীৱনৰ কিছু চাপ কমাবলৈ কাফেত আহি এই প্ৰাণীসমূহৰ স’তে কিছু সময় কটায় ৷
ভেণ্ডিং মেচিন জাপানৰ অলিয়ে-গলিয়ে দেখিবলৈ পোৱা যায় ৷ জাপানৰ বিজ্ঞান প্ৰযুক্তিৰ বিষয়ে কিবা কোৱাৰ প্ৰয়োজন আছে বুলি নাভাৱো যদিও জাপানৰ ভ্ৰমণ কালত এটা কথাই মোক যথেষ্ট আমোদ দিছিল ৷ সকলো ঠাইতে টয়লেটৰ কমোডবোৰ নিজৰ প্ৰয়োজন অনুসৰি গৰম কৰি ল’ব পাৰি ৷ ব্যৱহাৰৰ সময়ত কমোডৰ লগতে থকা নিৰ্দিষ্ট চুইচ দিলে কমোড গৰম হয় ৷ ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ বাবে যথেষ্ট আৰামদায়ক আছিল ৷
প্ৰায় পোন্ধৰ দিনৰ এই ভ্ৰমণ কালত অনুভৱ হ’ল জাপানৰ পৰা যেন আমাৰ শিকিবলগীয়া বহুত আছে ৷ বিশেষকৈ সময়ৰ প্ৰতি সচেতনা আৰু নিজৰ কৰ্মৰ প্ৰতি থকা দায়বদ্ধতা আদি দিশবোৰ শলাগিবলীয়া ৷
জোনা মহন্ত , ডিচেম্বৰ ২੦১৭