
২০১৫ চনৰ ২০ জানুৱাৰিত আমি সাতগৰাকী বান্ধৱী গুজৰাট ভ্ৰমণৰ বাবে যোৱাৰ ঠিক কৰিলোঁ ৷ এইবাৰ আমাৰ দলত মই, ৰুমা শৰ্মা, ভূপালী হাজৰিকা, সংগীতা বৰুৱা, অঞ্জলি গোস্বামী, জোনা বৰবৰুৱা আৰু ৰূপা ফুকন ৷ ফুৰি মই বৰ ভাল পাওঁ আৰু ফুৰিবলৈ যাম বুলিয়েই বহুদিন আগৰ পৰাই জল্পনা-কল্পনাৰ শেষ নাই ৷ তাতে আকৌ বান্ধৱীৰ লগত ফুৰিবলৈ যোৱাৰ আনন্দই বেলেগ ৷ কিন্তু এইবাৰ মোৰ মনত অলপো উত্তেজনা নাই– মা শয্যাগত ৷ এনে অৱস্থাত মাক এৰি যোৱাৰ কথা ভবাও মোৰ পক্ষে সম্ভৱ নহয় ৷ যিমানেই যোৱাৰ দিন ওচৰ চাপি আহিছে মই নাযাওঁ বুলিয়ে ঠিক কৰিছোঁ ৷ কিন্তু মায়ে বাৰে বাৰে মোক যাবলৈ কৈ আছে ৷ হয়তো মাৰ বাবে মই মোৰ ভ্ৰমণ বাতিল কৰা কথাটো অন্তিম সময়তো মাতৃ হৃদয়ে মানি ল’ব পৰা নাই ৷ ইফালে মোৰ লগৰ বান্ধৱী কেইগৰাকীয়েও মোক এৰি যাবলৈ বিচৰা নাই ৷ তেওঁলোকে যিমান পাৰে মোক আশ্বাস দিছে মই ঘূৰি আহি মাক আকৌ শুশ্ৰূষা কৰিবলৈ পাম ৷ মাত্ৰ সাত দিনৰহে কথা৷ কিন্তু মোৰ মনে কথাটো একেবাৰে মানি লোৱা নাই ৷ মাক এনেদৰে বিছনাত থৈ মই বাৰু কেনেকৈ ফুৰিবলৈ যাওঁ ? কি কৰো একো ভাবিব পৰা নাই, মন দোধোৰ-মোধোৰ ৷ ভবা-গুণা কৰি থাকোঁতেই আঠ জানুৱাৰিৰ সন্ধিয়া ‘মা’ই আমাৰ ওচৰৰ পৰা চিৰ বিদায় ল’লে ৷ মায়ে বাৰু তেওঁৰ বাবে মোৰ ভ্ৰমণ বাতিল কৰিম বুলি এনেদৰে আঁতৰি গ’ল নেকি ? আজিও মোৰ মনৰ মাজত সাঁথৰ হৈ ৰ’ল ৷২০ জানুৱাৰিৰ দুপৰীয়া মৎস্যস্পৰ্শ, মই যোৱাৰ বাবে মানসিকভাবে প্ৰস্তুত নহয় যদিও ঘৰৰ সকলোৱে মাৰ আত্মাই শান্তি নাপাব বুলি কোৱাত যাবলৈ ওলালোঁ ৷
আমাৰ বিমান সন্ধিয়া আছিল বাবে দিনত সকামৰ সকলো কাম সম্পন্ন কৰি অঞ্জলি বাইদেউৰ লগতে মই এয়াৰপোৰ্টলৈ ৰাওনা হ’লোঁ ৷ ৰাতি প্ৰায় এঘাৰ বজাত আমাৰ বিমান আহমদাবাদৰ এয়াৰপোৰ্টত অৱতৰণ কৰিলে ৷ আমি এনেদৰে ফুৰিবলৈ গ’লে যোৱাৰ আগতেই এজেন্সিৰ লগত কথা পাতি বিশ্বাসী ড্ৰাইভাৰসহ ভাল গাড়ী এখন বন্দৱস্ত কৰি লওঁ যাতে ভ্ৰমণৰ দিন কেইটাত আমাৰ কোনো সমস্যা নহয় ৷ এয়াৰপোৰ্টৰ পৰা আমাক লৈ গৈ উভতি অহাৰ দিনাখনলৈ গাড়ী আৰু ড্ৰাইভাৰ আমাৰ লগতে থাকে আৰু উভতি অহাৰ দিনা আমাক এয়াৰপোৰ্টত নমাইহে গাড়ী আৰু ড্ৰাইভাৰে আমাৰ পৰা বিদায় লয় ৷ সেইমতেই এয়াৰপোৰ্টত দেখিলোঁ আমাৰ বাবে সবল-সুঠাম চেহেৰাৰ গাৰ বৰণ গাঢ় ক’লা নাছেৰে আমাৰ নামৰ প্লে-কাৰ্ড লৈ ৰৈ আছে ৷ লোকজনৰ চেহেৰা দেখি মনত ভয় ভাব হ’ল যদিও অজান ঠাই, ইতিমধ্যে ৰাতি প্ৰায় ১২ বাজি গ’ল, আন কোনো উপায়ো নাই আমাৰ ৷ আমাক দেখি তেওঁ আগুৱাই আহি সম্ভাষণ জনাই ট্ৰেভেলাৰ এখনেৰে আমাৰ গন্তব্য স্থল, হোটেল ‘ফৰমূলা ১’ (Formula1)ত নমাই দিওঁতে নিশা প্ৰায় এক বাজিল ৷ আমি সাতগৰাকী হোৱা বাবে হোটেলত আমাৰ বাবে তিনিটা ডবল ৰূম আৰু এটা ছিংগল ৰূম ৰখা হৈছিল ৷ মোৰ ভাগত পৰিল ছিংগল ৰূম কাৰণ বাকী কেইগৰাকীয়ে হোটেলৰ কোঠাত অকলে থাকিবলৈ ভয় কৰে ৷ হোটেলত সহায়কাৰীও নাই ৰূমবোৰ আঙুলিয়াই দিবলৈ ৷ হোটেলখন আত্মসেৱা (Self service) সঞ্চালিত ৷ আমাৰ ভাৰতবৰ্ষত এনে আত্মসেৱাৰ হোটেল মই আগতে পোৱা নাছিলোঁ ৷ বহু ৰাতি হোৱা বাবে হোটেলখনো নিমাওমাও হৈ আছে ৷ ৰাতিৰ বাবে আহাৰ হোটেলত ঠিক কৰি থ’ব কোৱা হৈছিল যদিও ইমান ৰাতি আমাৰ কাৰোৱেই একো খোৱা নহ’ল ৷ নিজৰ বয়-বস্তু কঢ়িয়াই নতুন ঠাইত মাজনিশা হোটেলৰ ৰূমত অকলে ৰূমৰ দৰ্জা খুলি সোমাই কিবা এক অজান ভয়ত শিয়ঁৰি উঠিলোঁ ৷ মোৰ ৰূমটো সপ্তম মহলাত অকলে বাকী ৰূম কেইটা চতুৰ্থ মহলাত ৷ ইমান ৰাতি বান্ধৱী কেইগৰাকীক আমনি দিবলৈ বেয়া লাগিল ৷ আনকি মোৰ ৰূমৰ লাইট অ’ন কৰিবলৈ মন নগ’ল ৷ খিৰিকীৰে অহা পোহৰতে বিছনাখনত বাগৰি দিলোঁ ৷ ৰাতি চকু এবাৰো জাপ খোৱা নাছিল ৷ মাথোঁ অপেক্ষা কৰিছিলোঁ নতুন প্ৰভাতৰ বাবে ৷
পিছদিনা ৰাতিপুৱাই অৰ্থাৎ একৈশ জানুৱাৰিত হোটেলত ব্ৰেকফাষ্ট কৰি আটাইকেইগৰাকী সাজু হ’লোঁ ৷ ইতিমধ্যে আমাৰ গাড়ী আৰু ড্ৰাইভাৰ তথা গাইড ‘নাছেৰ’ আহি উপস্থিত৷ সেইদিনা আমাৰ যাত্ৰা ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্য গিৰলৈ৷ আহমদাবাদৰ পৰা গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰায় ৩৩০ কিলোমিটাৰ দূৰত্ব ৷ ট্ৰেভেলাৰ গাড়ী আমাৰ সাতগৰাকীৰ বাবে যথেষ্ট ডাঙৰ ৷ গাড়ীৰ ভিতৰতে নাচি-বাগি, গান গাই আমি আগবাঢ়িছোঁ ৷ আটাইকেইগৰাকী যেন উভতি গৈছোঁ কলেজীয়া দিনলৈ ৷ মাজতে কিছু দোকান-পোহাৰ থকা ঠাই এডোখৰত জোনা বাইদেউৰ (মোৰ সৈতে একে নাম) অনুৰোধত কমলাৰ কোঁহৰ দৰে লজেন্স বিচাৰিবলৈ গাড়ী ৰখালোঁ ৷ বাইদেউৰ এই লজেন্স বৰ প্ৰিয়, লজেন্স বিচাৰি থাকোঁতেই চকুত পৰিল ওখ ঠেলাত মানুহ এজনে বাদাম আনিছে ৷ বাদামৰ আকাৰ আমাৰ ইয়াত পোৱা বাদামতকৈ যথেষ্ট ডাঙৰ ৷ বাদামখিনি দেখি মন বান্ধিব নোৱাৰি বাটত খাবলৈ বাদাম কিনি ল’লোঁ ৷ দুপৰীয়াৰ আহাৰৰ বাবে নাছেৰে এখন সুন্দৰ ধাবাত গাড়ী ৰখালে ৷ মন কৰিবলগীয়া কথা যে গুজৰাটত নিৰামিষ আহাৰৰহে প্ৰচলন ৷ গোটেই দিনটো হাঁহি ধেমালিৰে খুব সুন্দৰকৈ পাৰ হ’ল ৷ লাহে লাহে সন্ধিয়া হ’ল আৰু এন্ধাৰো নামি আহিল ৷ হঠাৎ নাছেৰে আমাৰ গাড়ী মূল পথৰ পৰা নমাই বাওঁফালে উপপথ এটাৰে সুমুৱাই দিলে ৷ গছ-গছনিৰে ভৰা ডাঠ হাবিৰ মাজেৰে এন্ধাৰ ফালি আমাৰ গাড়ী আগবাঢ়ি আছে ৷ ভয়ত আমাৰ এজনীৰো মুখত মাত নাই, এজনীয়ে আনজনীৰ মুখলৈ মাথোঁ চাইছোঁ ৷ নতুন ঠাই, অচিনাকি ড্ৰাইভাৰ, নিজৰ বুকুৰ ধপধপনি নিজেই শুনিবলৈ পাইছোঁ ৷ অৱশেষত আমাৰ গাড়ী আগতে বুকিং কৰি থোৱা ‘The Lions paw Resort’ ৰ গেটৰ সন্মুখত ৰোৱাত আমাৰ মুখত হাঁহি বিৰিঙিল ৷ হোটেলৰ অভ্যৰ্থনা কক্ষৰ পৰা ৰূমলৈ আগবাঢ়ি যাওঁতেই সংগীতাই অকলে ৰূমত থাকিম বুলি কোৱাত ভালেই পালোঁ ৷ হাবিৰ মাজত প্ৰকাণ্ড চৌহদটো সন্ধিয়াতে জয়াল ৷ আমাৰ দুটা কোঠা তলৰ মহলাত আৰু দুটা প্ৰথম মহলাত ৷ প্ৰকাণ্ড বাৰাণ্ডাখনৰ মাজেৰে ওপৰলৈ উঠি যোৱা খটখটি আৰু বাৰাণ্ডাৰ দুফালে ৰূমবোৰ এটাৰ পিছত আনটো লাগি আছে যদিও ৰূমবোৰ যথেষ্ট ডাঙৰ বাবে দৰ্জাবোৰৰ মাজত দূৰত্ব বেছি ৷ সংগীতাই অকলে থাকিব বুলি প্ৰথম মহলাৰ কোঠা এটালৈ গ’ল যদিও লগে লগে ৰূমৰ ভিতৰত সোমায়েই উভতি আহিল ৷ সন্ধিয়াতে জয়াল হাবিৰ মাজত অকলে ৰূমত থাকিবলৈ হেনো ভয় লাগে ৷ আকৌ মোৰেই পাল পৰিল, কাৰণ আন কেইগৰাকীয়ে অকলে হোটেলৰ ৰূমত থকাৰ কথা ভাবিবই নোৱাৰে ৷ প্ৰকাণ্ড ৰূম, খিৰিকীৰে চাই দেখোঁ দূৰ-দূৰণিলৈ মাথোঁ এন্ধাৰ ৷ পোহৰ লেশ মানো নাই৷ মই ৰূমলৈ গৈ গা-পা ধুই ডাইনিং হলত ৰাতিৰ ভাত সাজ খাই আহি বাগৰ দিলোঁ ৷ চাৰিওফালে এন্ধাৰ, নিতাল-নিস্তব্ধ, মাজে মাজে অচিন নিশাচৰ চৰাইৰ ভয়ানক মাত; হ’ৰৰ চিনেমাত দেখুৱাৰ দৰেই পৰিৱেশ ৷ সেইদিনাও শোৱা নহ’ব বুলি মই তলৰ মহলাত ভূপালী আৰু অঞ্জলি বাইদেউ থকা কোঠালৈ নামি আহিলোঁ ৷ হোটেলৰ ল’ৰা এজনক মাতি আনি বিছনা এখন ঠিক কৰি তেওঁলোকৰ কোঠাতে শুলোঁ ৷
পিছদিনা বাইশ জানুৱাৰি, ৰাতিপুৱা হোটেলত ব্ৰেকফাষ্ট কৰি আমি গিৰ অভয়াৰণ্য যাওঁ ৷ আমি পোৱাৰ আগতেই দেশ-বিদেশৰ বহু পৰ্যটকৰ সমাগম ঘটিছে ৷ আমিও গেটৰ সন্মুখতে থকা টিকট কাউন্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি গুজৰাট বনবিভাগৰ গাড়ীৰে গিৰ অভয়াৰণ্যত প্ৰৱেশ কৰিলোঁ ৷
গিৰ ৰাষ্ট্ৰীয় উদ্যান
গিৰ ৰাষ্ট্ৰীয় উদ্যানক ‘চাচন গিৰ’ (Sasan Gir) নামেৰেও জনা যায় ৷ ১৪১২ বৰ্গ কিলোমিটাৰ বিস্তৃত এই উদ্যানৰ প্ৰায় ২৫৮ বৰ্গ কিলোমিটাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ১১৫৩ বৰ্গ কিলোমিটাৰ অভয়াৰণ্য ৷ প্ৰায় ২৩৭৫ বিভিন্ন প্ৰজাতিৰ জৈৱবৈচিত্ৰ্যৰে ভৰপূৰ ৷ এই উদ্যান ৩৮ বিধ স্তন্যপায়ী প্ৰাণী, ৩৭ বিধ বিভিন্ন প্ৰজাতিৰ সৰীসৃপ আৰু ২০০০ ৰো অধিক কীট-পতঙ্গৰ প্ৰজাতিৰ বাসস্থান ৷ প্ৰকৃততে এই বিশাল ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা সৰু অঞ্চলতহে পৰ্যটকক প্ৰৱেশৰ অনুমতি দিয়া হয় ৷ এই অঞ্চলত ইমান সুন্দৰ আৰু শৃঙ্খলাবদ্ধভাৱে জন্তুবোৰ ৰখা হৈছে যে পৰ্যটকে জীপ চাফাৰিৰ সময়ত তাত থকা প্ৰায়বোৰ জন্তু দেখাৰ সৌভাগ্য হয় আৰু এনে অনুভৱ হয় যেন হাবিৰ মাজত মুক্তভাৱে থকা জীৱ-জন্তুহে দেখি আছে ৷ ভিতৰত সোমাই এনে অনুভৱ হ’ল আমি পিঞ্জৰাত বন্দী আৰু জাকে জাকে বনৰীয়া জন্তুৰ মুক্ত বিচৰণ ৷ সেইবাবেই গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰি বৰ আমোদজনক আৰু দুঃসাহসী যেন লাগে ৷ খোলা জীপত কোনো বনৰীয়া জন্তুৱে আক্ৰমণ কৰিব পাৰে বুলি জীপ চাফাৰিৰ বাবে ব্যৱহূত গাড়ীসমূহ বন্ধ ৷ প্ৰতিখন গাড়ীতে সুৰক্ষাৰ বাবে বনবিভাগৰ এজনকৈ সুৰক্ষা কৰ্মী দিয়ে ৷ এটা সিংহৰ পৰিয়ালৰ কণমানি পোৱালী দুটাই গছৰ তলত খেলি থকা আৰু মাক-দেউতাকহালে সিহঁতৰ সুৰক্ষাৰ বাবে সজাগ হৈ ৰৈ থকা দেখি মাক-দেউতাকৰ মৰম আৰু দায়িত্ব হিংস্ৰ জন্তুৰ মাজতো যে আছে তাকেই প্ৰত্যক্ষ কৰিলোঁ ৷ জীপ চাফাৰিৰ তিনি ঘণ্টা সময়কেনেদৰে পাৰ হ’ল গমেই নাপালোঁ ৷ এটাৰ পিছত আনটো দুষ্প্ৰাপ্য জীৱ দেখা পোৱাৰ বাবে এই চাফাৰি অতি মনোৰঞ্জক ৷ গিৰ অভয়াৰণ্যৰ ভ্ৰমণ আমাৰ আটাইৰে বাবে আছিল এক নতুন অভিজ্ঞতা ৷ আটাইকেইগৰাকীৰে কাজিৰঙা অভয়াৰণ্যত জীপ চাফাৰিৰ অভিজ্ঞতা আছে যদিও গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ অভিজ্ঞতা কিছু সুকীয়া ৷ কাজিৰঙা অভয়াৰণ্যত জীৱ-জন্তু দেখা পোৱাৰ কোনো নিশ্চয়তা নাথাকে ৷ কিন্তু এই উদ্যানত ইমান পৰিপাটি আৰু পৰিষ্কাৰকৈ প্ৰাকৃতিকভাৱে জন্তুবোৰ ৰখা হৈছে যে গাড়ীৰ ভিতৰৰ পৰাই প্ৰায় সকলো জীৱ-জন্তু দেখা পোৱা যায় ৷ কোনো পৰিব্ৰাজকে বিফল মনে উভতিব লগা নহয় যেনেই অনুমান হ’ল ৷ ঘন বননিৰ মাজত এজন মানুহ বহি থাকিলে যিমান ওখ হ’ব তাতোকৈ ওখ এটা উইঁৰ হাফলু দেখি মই চিঞৰি দিলোঁ– ‘ৰত্নাকৰ বহি আছে দেখোন ৷’ মোৰ কথাত আটাইৰে হাঁহিত গাড়ীৰ ড্ৰাইভাৰ আৰু সুৰক্ষা কৰ্মীয়ে পিছলৈ আমাক ঘূৰি চোৱাতহে বৰ লাজ পালোঁ ৷ জন্তুবোৰৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি বনবিভাগৰ কৰ্মীসকল যথেষ্ট সজাগ ৷
উল্লেখনীয় যে ১৯০০ চনৰ গণনা অনুসৰি গিৰ অভয়াৰণ্যত মাত্ৰ বাৰটাহে ‘এচিয়াটিক লায়’ন (Asiatic Lion) আছিল ৷ বৰ্তমান ছশৰো অধিক ৷ এচিয়াৰ এইখনেই একমাত্ৰ অভয়াৰণ্য য’ত এচিয়াটিক লায়’ন পোৱা যায় ৷ তাৰ উপৰিও কৃষ্ণসাৰকে আদি কৰি বহুতো দুষ্প্ৰাপ্য জীৱৰ বাসস্থান ৷ গিৰ উদ্যানক কৃষ্ণসাৰৰ বিচৰণ ভূমি বুলিও কোৱা হয় ৷ বিভিন্ন জীৱ-জন্তুৰ এলেকাটো শেষ হোৱাৰ পাছত আন এখন প্ৰকাণ্ড গেটেৰে সোমাই চৰাইৰ ৰাজ্য ৷ দেশ বিদেশৰ প্ৰায় তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই জাকে জাকে ৷ স্থানীয় আৰু পৰিভ্ৰমী চৰাইবোৰ দেখি বিভোৰ হৈ পৰিলোঁ ৷ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উভতি আহি আমি থকা হোটেলখনতে দুপৰীয়াৰ আহাৰ কৰি আমাৰ ভ্ৰমণৰ দ্বিতীয় লক্ষ্যস্থান সোমনাথ মন্দিৰ দৰ্শনৰ বাবে ৰাওনা হ’লোঁ ৷
ভাৰতৰ পৱিত্ৰতম শৈৱতীৰ্থ
গিৰ অভয়াৰণ্যৰ পৰা সোমনাথলৈ প্ৰায় ষাঠি কিলোমিটাৰ ৷ অতি প্ৰাচীন আৰু ঐতিহাসিক সোমনাথ মন্দিৰ আৰব সাগৰৰ পাৰত গুজৰাটৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ সৌৰাষ্ট্ৰৰ বেৰাবলৰ ওচৰৰ প্ৰভাস পাতন (Pravash Patan)ত অৱস্থিত ৷ ই গুজৰাটৰ তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম আৰু ভাৰতৰ বাৰটা জ্যোতিৰ্লিঙ্গৰ ভিতৰত অন্যতম জ্যোতিৰ্লিঙ্গ হোৱাৰ উপৰিও ভাৰতৰ পৱিত্ৰতম শৈৱতীৰ্থ বুলি ধৰা হয় ৷ কপিলা, হিৰণ আৰু সৰস্বতী এই নদী তিনিখনৰ সঙ্গমস্থলত অৱস্থিত এই তীৰ্থস্থান ৷
এই তীৰ্থস্থানখনক হিন্দু ধৰ্ম্মৰ উত্থান-পতনৰ ইতিহাসৰ প্ৰতীক বুলি কোৱা হয় ৷ প্ৰবাদ আছে– চন্দ্ৰদেৱতাই সোমনাথ মন্দিৰ নিৰ্মাণ কৰিছিল ৷ চন্দ্ৰৰ আন এটা নাম সোম ৷ ইয়াতেই সোমে তেওঁৰ নাথ শিৱৰ সাধনা কৰিছিল সেয়ে এই মন্দিৰত শিৱক সোমনাথ নামেৰে পূজা কৰা হয় ৷ সোমনাথ শব্দৰ অৰ্থ ‘চন্দ্ৰ দেৱতাৰ ৰক্ষাকৰ্তা’৷ পৌৰাণিক আখ্যান মতে চন্দ্ৰদেৱতাই ৰজা দক্ষৰ ২৭ গৰাকী কন্যাক বিয়া কৰাইছিল যদিও তাৰ ভিতৰত ৰোহিনীৰ প্ৰতি তেওঁৰ অনুৰাগ বেছি আছিল ৷ সেইবাবে দক্ষৰজাৰ আন কন্যা কেইগৰাকীৰ মনত বৰ দুখ আছিল ৷ চন্দ্ৰদেৱতাৰ তেওঁলোকৰ প্ৰতি এই উদাসীনতাত ক্ষুদ্ধ হৈ পিতৃ দক্ষৰ ওচৰত তেওঁলোকে অভিযোগ কৰিছিল ৷ নিজৰ কন্যাৰ ক্ষেত্ৰত এনে ভেদ ভাৱ দেখি ৰজা দক্ষই খঙতে প্ৰতি দিনে চন্দ্ৰৰ ৰূপ-যৌৱন হ্ৰাস হ’ব বুলি অভিশাপ দিছিল ৷ অভিশাপৰ ফলত লাহে লাহে চন্দ্ৰৰ পোহৰ হ্ৰাস হ’ব ধৰিছিল ৷ ইয়াৰ প্ৰভাৱ পৃথিৱীতো পৰিবলৈ ধৰাত দেৱতাসকলৰ অনুৰোধত চন্দ্ৰদেৱতাই শিৱক আৰাধনা কৰিছিল ৷ চন্দ্ৰৰ তপস্যাত সন্তুষ্ট হৈ শিৱই বৰদান দিছিল– এক পষেক কাল চন্দ্ৰৰ পোহৰ ক্ষয় হৈ নিঃচিহ্ন হ’ব আৰু পিছৰ পক্ষটোত পুনৰ পূৰ্ণতা পাব ৷ কোৱা হয় শিৱৰ এই বৰদানৰ ফলতেই পূৰ্ণিমা আৰু অমাৱস্যাৰ সৃষ্টি হ’ল ৷ এই স্থানতে শিৱক আৰাধনা কৰি চন্দ্ৰই দক্ষৰজাৰ অভিশাপৰ পৰা মুক্তি পাইছিল বাবে সোমনাথ মন্দিৰ সোণেৰে নিৰ্মাণ কৰিছিল ৷ চন্দ্ৰদেৱতাই স্থাপন কৰা বাবেই এই মন্দিৰৰ নাম সোমনাথ আৰু এই স্থানতে দীপ্তি বা ভাস ঘূৰাই পাইছিল বাবে এই স্থানৰ নাম হ’ল প্ৰভাস পাতন ৷ পাছত ৰাৱণে ৰূপ আৰু শ্ৰীকৃষ্ণই চন্দন কাঠেৰে পুনৰ নিৰ্মাণ কৰিছিল৷ ৰজা ভীমদেৱে এই মন্দিৰ শিলেৰে নিৰ্মাণ কৰিছিল ৷ পুৰাণ অনুসৰি এই মন্দিৰ বিভিন্ন যুগত বিভিন্ন নামে পৰিচিত– সত্য যুগত সোমেশ্বৰ মহাদেৱ, ত্ৰেতা যুগত শ্ৰাৱণিকেশ্বৰ আৰু দ্বাপৰ যুগত শ্ৰীগলেশ্বৰ নামে পৰিচিত আছিল ৷ কোৱা হয় যীশু খৃষ্টৰ জন্মৰ আগতেই এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল ৷
সোমনাথ মন্দিৰ অতি সমৃদ্ধিশালী হোৱা বাবে বিভিন্ন সময়ত বহু আক্ৰমণকাৰীয়ে এই মন্দিৰ লুটপাত আৰু ধবংস কৰিছিল আৰু প্ৰতিবাৰেই পুনৰ নিৰ্মাণ কৰা হৈছিল ৷ উল্লেখযোগ্য যে মাহমুদ গজনীয়ে সোতৰবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত ষোল্লবাৰেই এই সোমনাথ মন্দিৰ লুটপাত কৰে ৷ বৰ্তমানৰ সোমনাথ মন্দিৰ লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ চেষ্টাতেই নিৰ্মাণ কৰা হয় যদিও তেওঁৰ মৃত্যুৰ পিছত ১৯৫১ চনৰ মে’ মাহত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সোমনাথ মন্দিৰ ৰাষ্ট্ৰৰ নামত সমৰ্পিত কৰে ৷

মন্দিৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই মন্দিৰৰ ভিতৰলৈ মোবাইল, কেমেৰা অথবা কোনো ইলেকট্ৰনিক সামগ্ৰী নিয়াৰ অনুমতি নাই ৷ এনেবোৰ সামগ্ৰী ৰাখিবলৈ সুৰক্ষিত ঠাই আছে ৷ তাত ৰাখিহে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰি৷ মন্দিৰৰ সুৰক্ষা কৰ্মীসকল তেওঁলোকৰ কৰ্মৰ প্ৰতি যথেষ্ট সজাগ ৷ আমি মন্দিৰ দৰ্শন কৰি সাগৰৰ সুন্দৰ নয়নাভিৰাম দৃশ্য চাই ঘূৰি আহোঁ মানে সন্ধিয়াৰ আৰতিৰ সময় হ’ল ৷ প্ৰতি দিনে তিনিবাৰকৈ আৰতি হয় ৷ আৰতিৰ সময়ত বহু ভক্তৰ সমাগম হয় ৷ অৱশ্যে আৰতি চোৱাৰ বাবে হেঁচা-ঠেলা কৰাৰ প্ৰয়োজন নহয়৷ মন্দিৰৰ বাহিৰত বহিয়েই সকলো ঠাইৰ পৰাই বিভিন্ন ঠাইত ৰখা পৰ্দাত আৰতি উপভোগ কৰিব পাৰি ৷ আৰতিৰ পাছত সন্ধিয়া চাৰে সাত বজাৰ পৰা চাৰে আঠ বজালৈ এক ঘন্টাৰ এটা ‘লাইট এণ্ড চাউণ্ডৰ’ (Light & Sound) অনুষ্ঠান হয় য’ত সোমনাথ মন্দিৰৰ ইতিহাসৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰে৷ সোমনাথ মন্দিৰৰ আন এটা বৈশিষ্ট্য মন্দিৰৰ পিছফালে থকা স্তম্ভৰ পৰা পোনে পোনে এন্টাৰ্কটিকালৈ মাটি নাই মাথোঁ পানী ৷
সোমনাথ মন্দিৰ দৰ্শন কৰি পূৰ্ব নিৰ্ধাৰিত হোটেল ‘দক্ষ’লৈ যাওঁ ৷ সেইদিনা আছিল ভূপালীবাইদেউৰ বিবাহ বাৰ্ষিকী ৷ সেয়ে হোটেল ‘দক্ষ’তে বাইদেৱে নিশাৰ সাজ বিভিন্ন ব্যঞ্জনেৰে আমাক আপ্যায়িত কৰিলে ৷
পিছদিনা ৰাতিপুৱা প্ৰাচীন চাৰিধাম তীৰ্থৰ অন্যতম আৰু ভাৰতৰ সপ্ততীৰ্থৰ অন্যতম পূণ্যভূমি বুলি জনাজাত ভগৱান শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰকালৈ যাত্ৰা কৰিলোঁ ৷ গোমতী নদী আৰু আৰব সাগৰৰ সঙ্গমস্থলত অৱস্থিত দ্বাৰকা এখন ইতিহাস প্ৰসিদ্ধ চহৰ ৷প্ৰাচীন নাম কুশস্থলী ৷ কুশস্থলী নামৰ আঁৰতো আছে এটি কাহিনী৷ পুৰাণৰ মতে– এবাৰ ব্ৰহ্মাৰ পৃথিৱীৰ জোখ ল’বলৈ মন গ’ল ৷ ক’ৰ পৰা জোখ ল’ব ! অশেষ চিন্তা-ভাবনাৰ অন্তত স্থিৰ কৰিলে এডাল কুশ পৃথিৱীলৈ নিক্ষেপ কৰি ব৷ য’তে কুশডাল পৰিব তাৰ পৰাই জোখৰ কাম আৰম্ভ কৰিব ৷ ব্ৰহ্মাৰ সেই কুশডাল আহি দ্বাৰকাত পৰিছিল বুলি বিশ্বাস, সেয়ে এই স্থানৰ নাম কুশস্থলী ৷ দ্বাৰকাত বেট দ্বাৰকা আৰু দ্বাৰকাধীশ মন্দিৰ দৰ্শন কৰাই আছিল আমাৰ মুখ্য উদ্দেশ্য ৷
সোমনাথৰ পৰা দ্বাৰকালৈ প্ৰায় ২৪০কিলোমিটাৰ ৷ সেইবাবে ৰাতিপুৱা পাঁচ বজাতেই আমি দ্বাৰকালৈ বুলি সাজু হ’লোঁ ৷ কথাতেই আছে নহয়– ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি ৷ গাড়ীত উঠিব লওঁতেই নাছেৰে ক’লে গাড়ীৰ যান্ত্ৰিক বিজুতি ঘটিছে, কিছু পলম হ’ব ৷ শেষত যেনিবা পলমকৈ হ’লেও আমাৰ যাত্ৰা আৰম্ভ হ’ল ৷
কৃষ্ণ নগৰী দ্বাৰকা
দুপৰীয়া প্ৰায় বাৰমান বজাত আহি আমি দ্বাৰকাৰ ‘গোবদ্ধৰ্ন গ্ৰীনচ্’ হোটেলত উপস্থিত হওঁ ৷ হোটেলত গা-পা ধুই বেট দ্বাৰকা দৰ্শনৰ বাবে ওলালোঁ ৷ বেট দ্বাৰকালৈ দ্বাৰকা চহৰৰ পৰা প্ৰায় ৩৫ কিঃ মিঃ নিলগৰ ওখালৈ গৈ তাৰ পৰা নাৱেৰে যাব লাগে ৷ নাৱত উঠিবলৈ গৈ দেখিলোঁ জাকে জাকে চীগাল চৰাই পানীত সাঁতুৰি আছে ৷ সূৰুযৰ ৰশ্মিত জলমলাই থকা নীলা সাগৰৰ পানীত বগা চীগালবোৰ, কি যে এক মনোমোহা দৃশ্য ! নাৱত উঠি যাত্ৰা আৰম্ভ কৰাৰ সময়তে চৰাইবোৰে নাৱৰ লগে লগে হাতেৰে ঢুকি পোৱা উচ্চতাত মূৰৰ ওপৰত উৰি উৰি কিছু দূৰ গৈ আকৌ উভতি আহি পানীত সাঁতুৰিবলৈ ধৰে ৷ এই মনোমোহা দৃশ্য প্ৰত্যক্ষ নকৰিলে উপলদ্ধি কৰা টান ৷ নাৱৰ পৰা নামি মন্দিৰলৈ কিছু দূৰ ৷ খোজ কাঢ়ি যাব পাৰি যদিও আমি টেম্পোৰে গৈ মন্দিৰৰ দুৱাৰদলিত উপস্থিত হ’লোঁ, কিন্তু মন্দিৰৰ দুৱাৰ বন্ধ ৷ দুপৰীয়া চাৰে-বাৰ বজাৰ পৰা চাৰে-তিনি বজালৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকে ৷ সেইবাবে আমি কিছু সময় অপেক্ষা কৰিব লগা হ’ল ৷ সেই সময়তে মন্দিৰৰ চৌদিশে ঘূৰি-পকি চালোঁ ৷
পুৰণি আখ্যান মতে ভগৱান শ্ৰীকৃষ্ণই জৰাসন্ধৰ হাতৰ পৰা প্ৰজাসকলক ৰক্ষা কৰিবলৈ মথুৰাৰ পৰা দ্বাৰকালৈ আহি বেট দ্বাৰকাতে ৰাজ্য স্থাপন কৰিছিল ৷ প্ৰায় ৩৬ বছৰ দ্বাৰকাত ৰাজত্ব কৰাৰ অন্তত অভিশাপৰ মহত্ব দেখুৱাই নিজ দেহ ত্যাগ কৰিছিল ৷ শ্ৰীকৃষ্ণৰ মৃত্যুৰ পাছত দ্বাৰকা নগৰী সমুদ্ৰৰ তলত বুৰ যায় ৷ কিংবদন্তি অনুসৰি মহাভাৰতৰ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ বাবে কৌৰৱৰ মাতৃ গান্ধাৰীয়ে শ্ৰীকৃষ্ণকে দোষী বুলি ভাবিছিল ৷ সেয়ে তেওঁ কৃষ্ণক অভিশাপ দিছিল যিদৰে কৌৰৱৰ বংশ শেষ হ’ল ঠিক তেনেদৰে যদু বংশও এদিন ধবংস হ’ব ৷ এশ পুত্ৰৰ মৃত্যুত শোকত ভাগি পৰা এগৰাকী মাতৃৰ অভিশাপক শ্ৰীকৃষ্ণই শিৰ নত কৰি মানি লৈছিল ৷ গান্ধাৰীৰ দৰে সতী নাৰী আৰু মাতৃৰ অভিশাপক বাস্তৱত ৰূপায়িত নকৰিলে মাতৃৰ আশীৰ্বাদ আৰু অভিশাপৰ কোনো মূল্যই নাথাকিব ৷ মাতৃৰ আশীৰ্বাদ বা অভিশাপ যে কেতিয়াও অথলে নাযায় সেই কথা প্ৰমাণিত কৰিবলৈ শ্ৰীকৃষ্ণই মৃগ চিকাৰী জৰাৰ জৰিয়তে মৃত্যুক সাৱটি লৈছিল ৷ কোৱা হয় দ্বাৰকালৈ গৈ বেট দ্বাৰকালৈ নগ’লে তীৰ্থযাত্ৰা অসম্পূৰ্ণ হয় ৷
আৰব সাগৰৰ মাজত এটা সৰু দ্বীপত এই বেট দ্বাৰকা অৱস্থিত ৷ ইয়াতেই ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ বন্ধু সুদামাৰ সৈতে সাক্ষাৎ (ভেদ) হৈছিল ৷ ইয়াৰ আঞ্চলিক ভাষাত ভেটক বেট বুলি কোৱা হয় বাবেই এই ঠাই ‘বেট দ্বাৰকা’ নামে জনাজাত ৷ বিশ্বাস কৰা হয় যে সাগৰৰ মাজত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভগৱান শ্ৰীকৃষ্ণৰ বাসস্থান সাগৰৰ তলত বিলীন হৈ গৈছে ৷ এই তীৰ্থস্থানলৈ সকলো সময়তে ভক্তৰ লানি নিচিঙা সোঁত বয় ৷ বৰ্তমানৰ বেট দ্বাৰকামন্দিৰ প্ৰায় চাৰিশ বছৰৰো আগতে মহাপ্ৰভু বল্লভাচাৰ্য্যই সজাইছিল বুলি কোৱা হয় ৷ বেট দ্বাৰকাত ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰৰ উপৰিও ৰুক্মিণী, ৰাধা, সত্যভামা, দেৱীকা, হনুমান আদি বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ আছে ৷ সুদামাই তেওঁৰ বাল্যকালৰ বন্ধু শ্ৰীকৃষ্ণক চাউল উপহাৰ দিছিল বাবে এই মন্দিৰত বিশেষকৈ চাউল দান কৰা হয় ৷ বেট দ্বাৰকাত যথেষ্ট পৰিমাণে শঙ্খৰ খোলা পোৱা যায় বাবে শঙ্খোধৰ বুলিও কোৱা হয় ৷
দ্বাৰকা নগৰৰ অস্তিত্ব বিচাৰি বিভিন্ন সময়ত অভিযান চলোৱা হৈছিল ৷ প্ৰত্নতত্ত্ববিদসকলে চলোৱা বিভিন্ন সমীক্ষাত সাগৰৰ তলিত প্ৰাচীন নগৰৰ ধবংসাৱশেষ আৰু বহুতো পুৰাতাত্বিক নিদৰ্শন আৱিষ্কাৰ হয় ৷ বেট দ্বাৰকা মন্দিৰ দৰ্শন কৰি দ্বাৰকালৈ উভতি আহোঁতে বাটতে নাগেশ্বৰ মন্দিৰত সোমালোঁ ৷
নাগেশ্বৰ জ্যোৰ্তিলিঙ্গম হৈছে বাৰটা জ্যোৰ্তিলিঙ্গম ভিতৰত এটা ৷ মন্দিৰ প্ৰাঙ্গনৰ প্ৰৱেশ পথতেই থকা প্ৰায় ১২৫ ফুট ওখ আৰু ২৫ ফুট বহলৰ বিশাল আকাৰৰ শিৱৰ মূৰ্তিয়ে মন্দিৰৰ শোভা বৰ্ধন কৰাৰ উপৰিও দৰ্শনাৰ্থীক বিশেষ আকৰ্ষণ কৰে ৷ কোৱা হয় যিসকল ভক্তই সম্পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে এই মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ উৎপত্তি আৰু মহত্বৰ কথা শুনে তেওঁলোকে সকলো পাপৰ পৰা মুক্ত হয় ৷ এই মন্দিৰৰ ভিতৰলৈ মহিলাৰ প্ৰৱেশাধিকাৰ নাই বাবে আমাৰ দৰ্শন কৰা নহ’ল ৷
নাগেশ্বৰ জ্যোৰ্তিলিঙ্গমৰ পৰা আমি দ্বাৰকাধীশ মন্দিৰলৈ ৰাওনা হওঁ ৷ ‘দ্বাৰকাধীশ’ অৰ্থাৎ দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণক দ্বাৰকাধীশ নামেৰে পূজা কৰা হয় আৰু ভাৰতৰ চাৰিখন ধামৰ ভিতৰত এখন ৷ পৌৰাণিক আখ্যান মতে ২০০০ বছৰৰো আগতে শ্ৰীকৃষ্ণৰ নাতি বজ্ৰনাভে প্ৰথমতে এই মন্দিৰ সজাইছিল ৷ ১৪৭২ চনত চুলতান মাহমুদ বেগাদাই এই মন্দিৰ ধবংস কৰিছিল যদিও পঞ্চদশ-ষোড়শ শতিকাত নতুনকৈ সজোৱা হয় ৷ ৰজা জগৎ সিং ৰাঠোৰে মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বাবে জগৎ মন্দিৰ বুলিও কোৱা হয় ৷ গুজৰাটীসকলে ৰণ বা যুদ্ধ এৰি কৃষ্ণই ইয়ালৈ আহিছিল বাবে কৃষ্ণক ‘ৰণছোড়জী’ বুলি কয় বাবে এই মন্দিৰৰ আন এটি নাম ‘ৰণছোড়জী’৷ পাঁচমহলীয়া এই মন্দিৰৰ ৭২ টা স্তম্ভ আৰু দুখন প্ৰৱেশ দ্বাৰ৷ উত্তৰ ফালে থকা দ্বাৰক ‘মোক্ষদ্বাৰ’ আৰু দক্ষিণৰ ফালে থকা দ্বাৰক ‘স্বৰ্গদ্বাৰ’ বুলি কোৱা হয় ৷ স্বৰ্গদ্বাৰেদি নামি গ’লে গোমতী নদী পোৱা যায় ৷ দহ কিলোমিটাৰ আঁতৰৰ পৰাই দেখা পোৱা মন্দিৰৰ ধবজা ৫২ গজ কাপোৰেৰে তৈয়াৰ কৰা হয় আৰু ধবজাত চন্দ্ৰ আৰু সূৰ্য্যৰ ছবি অঙ্কিত কৰা হয় ৷ ইয়াৰ অৰ্থ হৈছে যেতিয়ালৈ পৃথিৱীত চন্দ্ৰ, সূৰ্য থাকিব তেতিয়ালৈকে ভগৱান কৃষ্ণ দ্বাৰকাধীশতেই থাকিব ৷ বল্লভাচাৰ্য্যৰ ৰীতি-নীতিৰে পূজা অৰ্চনা কৰা হয় বাবে দ্বাৰকাধীশ এটি পুষ্টিমাৰ্গ মন্দিৰ ৷ মন্দিৰৰ মাজত আছে বহুমূলীয়া ৰূপৰ সিংহাসনত বগাপাথৰৰ শংখ-চক্ৰ-গদা-পদ্মধাৰী চতুৰ্ভুজ কৃষ্ণ ৷ কৃষ্ণৰ অপৰূপ সৌন্দৰ্য দেখি মন ভক্তিত দোঁ খাই যায় ৷ অৱশ্যে কৃষ্ণৰ এই মূৰ্তি সাম্প্ৰতিক কালৰ ৷ পূৰ্বৰ মূৰ্তি মোগলৰ আক্ৰমণৰ সময়ত আহমেদাবাদৰ ডাকোৰ মন্দিৰলৈ লৈ যায় আৰু দ্বিতীয়টো কৃষ্ণ মূৰ্তি চুৰি হয় ৷ বৰ্তমানৰটো তৃতীয় মূৰ্তি ৷
ৰাতিটো ‘গোবৰ্দ্ধনন গ্ৰীনচ’ত কটাই পিছদিনা ৰাতিপুৱা চাৰে-চাৰি বজাতেই গুজৰাটৰ ‘ৰাণ অব্ কচ্চ’ ([Rann of Kutch) লৈ যাত্ৰা কৰিলোঁ ৷ দ্বাৰকাৰ পৰা ৰাণ অব্ কচ্চলৈ প্ৰায় ২৪০ কিলোমিটাৰ ৷
ৰাণ অব্ কচ্চ
ৰাণ অব্ কচ্চ হৈছে প্ৰায় ৭৫০০ বৰ্গ কিলোমিটাৰ বগা নিমখৰ বালিৰে আগুৰা অঞ্চল৷ ৰাণ অব্ কচ্চ মানেই হৈছে নিমখৰ পিতনি (Salt marsh) ৷ বৰষুণৰ দিনত এই অঞ্চল সাগৰৰ পানীৰে ভৰি যায় আৰু শুকান বতৰ অৰ্থাৎ অক্টোবৰ মাহৰ পৰা সাগৰৰ পৰা অহা পানী বাষ্পীভূত হোৱাৰ ফলত পৃথিৱীৰ ভিতৰত বৃহৎ শুভ্ৰ নিমখৰ মৰুভূমিত পৰিণত হয় ৷ গ্ৰীষ্মকালত এই অঞ্চলৰ তাপমান কেতিয়াবা ৫০ ডিগ্ৰী হয় যদিও গড়ে প্ৰায় ৪৪ ডিগ্ৰী চেলচিয়াচ্ আৰু শীতকালত তাপমান কমি গৈ শূন্য ডিগ্ৰীৰো কম হয় ৷ সেইবাবে স্থানীয় লোকসকলে খেতি-বাতি কৰি বা জীৱ-জন্তু পালন কৰি জীৱিকা নিৰ্বাহ কৰা সম্ভৱ নহয় ৷ সেয়েহে গুজৰাট পৰ্যটন বিভাগে এই অঞ্চলক এখন পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰি প্ৰতি বছেৰ নবেম্বৰ মাহত ‘ৰাণ উৎসৱ’ অনুষ্ঠিত কৰে যাতে ইয়াৰ পৰা স্থানীয় বাসিন্দাসকল উপকৃত হয় ৷ আৰম্ভণিতে এই উৎসৱ মাত্ৰ তিনিদিনৰ বাবে অনুষ্ঠিত হৈছিল যদিও আজিকালি এশ দিনৰ বাবে অনুষ্ঠিত হয় ৷ বৰ্তমান এই উৎসৱলৈ প্ৰতি বছৰে পাঁচ লাখৰো অধিক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে ৷ গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা ৩৬৫ কিলোমিটাৰ আৰু ভূজৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ আঁতৰত অৱস্থিত ধোৰ্ডো (Dhordo) নামৰ এখন গাঁৱত এই উৎসৱ অনুষ্ঠিত হয় ৷ এই ৰাণ উৎসৱত গুজৰাটৰ বিশেষকৈ কচ্চ অঞ্চলৰ কলা-সংস্কৃতি, খাদ্য, সাজ-পোছাক লগতে অতিথিপৰায়ণতাৰ আভাস পোৱা যায় ৷ এই অঞ্চলৰ নাম কচ্চ হোৱাৰ কাৰণ ইয়াৰ ভৌগোলিক আকাৰ ৷ এই অঞ্চলৰ ভৌগোলিক আকৃতি ‘কাছ’ৰ দৰে৷ আঞ্চলিক ভাষাত কাছক কছুৱা (kassuwa) (সংস্কৃতঃ কচ্ছপ) বুলি কোৱা হয় বাবেই এই অঞ্চল কচ্চ নামে জনাজাত ৷
আমি আবেলি প্ৰায় তিনি বজাত ধোৰ্ডো পাওঁ ৷ এটি বৃহৎ এলেকা আগুৰি এই উৎসৱৰ আয়োজন ৷ প্ৰৱেশদ্বাৰৰ পাছতেই দুয়োকাষে বৃহৎ এলেকা মুকলি, গাড়ী ৰখাৰ ঠাই ৷ তাৰ পৰা কিছু আগুৱাই গৈ মূল তোৰণ ৷ মূল গেটেৰে সোমাই এফালে সুন্দৰকৈ সজোৱা অভ্যৰ্থনা কক্ষ আৰু আনটো ফালে গুজৰাটৰ স্থানীয় লোকসকলে তৈয়াৰ কৰা জাকজমকীয়া সামগ্ৰীৰ দোকান ৷ স্থানীয় সাজপোছাক পৰিহিত লোক আৰু বিভিন্ন জীৱ-জন্তুৰ মূৰ্তিৰে ধুনীয়াকৈ সজোৱা এলেকা পাৰ হৈ ‘টেন্ট চিটি’ অৰ্থাৎ তম্বুৰে সজা সুন্দৰ, পৰিপাটী আৰু অত্যাধুনিক অস্থায়ী এখন চহৰ ৷ প্ৰায় চাৰিশৰো অধিক টেন্ট সকলো আধুনিক সা-সুবিধাৰে এটাৰ পিছত আনটো এনেদৰে সজোৱা যাতে মাজত সজা মঞ্চত পৰিৱেশন কৰা অনুষ্ঠান টেন্টৰ পৰাই উপভোগ কৰিব পৰা যায় ৷ আমি অভ্যৰ্থনা কক্ষৰ আনুষ্ঠানিকতা শেষ কৰি আমাৰ বয়-বস্তু টেন্টত ৰাখি ‘হোৱাইট ৰাণ’লৈ যাবলৈ সাজু হ’লোঁ ৷ মূল তোৰণৰ বাহিৰৰ পৰা গুজৰাট পৰ্যটন বিভাগৰ গাড়ীৰে নিমখৰ মৰুভূমিৰ মাজৰ নিৰ্দিষ্ট ঠাইলৈ লৈ যায় ৷ মৰুভূমিৰ মাজত গাড়ীখন ৰখাই যাত্ৰীসকলক নমাই গাড়ীৰ চকাৰ পাম্প কমাই লয় ৷ হঠাৎ গাড়ী পাহাৰ সদৃশ বালিৰ দমৰ ওপৰত উঠে আৰু কোনো সময়ত হঠাৎ অতি বেগেৰে তললৈ নামি যায় ৷ এই যাত্ৰা অতি ৰোমাঞ্চকৰ যদিও বৰ ভয় লগা ৷ অৱশেষত এখন বগা পথাৰ সদৃশ সমান অঞ্চলত গাড়ী ৰ’ল ৷ তাৰ পৰা খোজকাঢ়ি বা উটেৰে চলোৱা গাড়ীৰে যাব পাৰি ৷ আমি কিছুদূৰ খোজকাঢ়ি গ’লো যদিও উটৰ গাড়ীত উঠাৰ আনন্দ নোলোৱাকৈ নাথাকিলোঁ ৷ দূৰ-দূৰণিলৈ সূৰ্যৰ ৰশ্মিত জিলমিলাই থকা শুভ্ৰ নিমখৰ মৰুভূমিৰ সৌন্দৰ্য উপভোগ কৰি হেঁপাহ নপলাওঁতেই সূৰ্যাস্তৰ প্ৰতি মুহূৰ্ততে ৰং সলনি হোৱা আকাশৰ ৰূপত মুগ্ধ হৈ পৰিলোঁ ৷
মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ ‘আধা লেখা দস্তাবেজ’ত এই অপূৰ্ব দৃশ্যৰ বৰ্ণনা কৰি লিখা কথা দুশাৰী মনলৈ আহিল– “অনেক ঠাইত ঘূৰিছিলোঁ কিন্তু এনেকুৱা ৰঙা আকাশ মই আৰু ক’তো দেখা নাছিলোঁ ৷
শুকান মৰুভূমিক সূৰুযে নিজৰ ৰঙেৰে তিয়াব খোজা এই অনুপম প্ৰচেষ্টাৰ ছবিক কলম আৰু কাগজেৰে ভাষা দিব খোজা প্ৰচেষ্টা ব্যৰ্থ ৷”
সঁচাকৈ অতুলনীয় দৃশ্য ৷ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি ৷ তাৰ পৰা উভতি আহি সন্ধিয়া আমি কিছু সময় সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলোঁ যদিও গোটেই দিনটোৰ দীঘলীয়া যাত্ৰা আৰু লৰাধপৰা কৰি ভাগৰি পৰিছিলোঁ ৷ স্থানীয় বিভিন্ন ব্যঞ্জনেৰে নিশাৰ আহাৰ কৰি শুই পৰিলোঁ ৷ দূৰৰ পৰা ভাহি অহা গুজৰাটৰ লোকগীতৰ মূৰ্ছনাত কেতিয়া টোপনি আহিল গমেই নাপালোঁ ৷
পিছদিনা আমাৰ ওভতনি যাত্ৰা ৷ ৰাতিপুৱা চাৰি বজাতেই আটায়ে সাজু হৈ ওলালোঁ ৷ জানুৱাৰি মাহৰ মৰুভূমিৰ শীতল বতাহজাকে আমাৰ হাড় কঁপাই দিলে ৷ কোনোমতে আহি গাড়ীত উঠি আহমেদাবাদলৈ যাত্ৰা কৰিলোঁ ৷ বাটত উপভোগ কৰিলোঁ সূৰ্যোদয়ৰ অপূৰ্ব দৃশ্য ৷ আহমেদাবাদত আমাক হোটেলত নমাই থৈ নাছেৰ নিজৰ ঘৰলৈ গ’ল পিছদিনা অৰ্থাৎ ২৬ জানুৱাৰিত ৰাতিপুৱা তিনি বজাতেই আমাক এয়াৰপোৰ্টত নমোৱাৰ প্ৰতিশ্ৰুতিৰে ৷ আমি ভাগৰি পৰিছিলোঁ যদিও কিছু সময় জিৰণি লৈ সন্ধিয়া অলপ ফুৰি আহিলোঁ, লগতে স্মৃতি হিচাপে দুপদমান গুজৰাটৰ স্থানীয় সামগ্ৰীও কিনিলোঁ ৷
ৰাতিপুৱা নাছেৰ আহি আমাক এয়াৰপোৰ্টত নমাই দিলে ৷ জীৱনত কেতিয়াবা নভবাকৈয়ে এনে কাৰোবাক লগ পোৱা যায় যাৰ স্মৃতি যুগমীয়া হৈ মনৰ মাজত সজীৱ হৈ থাকে ৷ নাছেৰ আছিল তেনে এজন ব্যক্তি ৷ তেওঁৰ ব্যৱহাৰ আৰু আমাৰ প্ৰতি কৰা আতিথ্যই তেওঁৰ নিজৰ কামৰ প্ৰতি থকা দায়িত্ব আৰু নিষ্ঠাৰ প্ৰমাণ দিয়ে ৷ সেয়ে আজিও তেওঁৰ কথা পাহৰিব পৰা নাই ৷
জোনা মহন্ত, ২੦১৫ জানুৱাৰি



