- ৱাসাংসি জীৰ্ণানি যথা ৱিহায়
- নৱানি গৃহ্নাতি নৰোঽপৰাণি ।
- তথা শৰীৰাণি ৱিহায় জীৰ্ণানি—
- অন্যানি সংযাতি নৱানি দেহী ।।
- (গীতা ২/২২)
- (পূৰণি সাজটো ফাটি-ছিটি গ’লে মানুহে যিদৰে
- সেইটো সলাই পিন্ধে নতুন এসাজ,
- আত্মায়ো সিদৰে জীৱনৰ ঘাটে ঘাটে দেহটো উৱঁলি গ’লে
- আকৌ বিচাৰি লয় কেঁচা এটা শৰীৰৰ সাঁচ)
আজিৰ পৰা চাৰি দশকৰো আগৰ কথা ৷ ১৯৮৩ চনৰ শেষভাগত বিয়াৰ এমাহ পিছতেই মই মোৰ জীৱনসঙ্গী ডাঃ হৰেশ্বৰ মহন্তৰ কৰ্মস্থলী শিলচৰৰ বাসিন্দা হওঁ ৷ তাৰ কেইমাহমানৰ পিছতেই খবৰ পালোঁ কাছাৰ জিলাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ স্কুল দেশভক্ত তৰুণৰাম ফুকন হাইস্কুলত অঙ্কৰ শিক্ষকৰ প্ৰয়োজন ৷ খবৰ পাইয়েই মই প্ৰাৰ্থী হিচাপে আবেদন কৰিলোঁ ৷ সেই সময়ত শিলচৰত অসমীয়া লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল ৷ তাৰেপৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ ল’ৰা-ছোৱালী চাকৰি কৰিবলৈ যাব নিবিচাৰে ৷ সেইবাবে বিনা প্ৰতিদ্বন্দিতাৰে অনায়সে সেই সময়ত স্কুল পৰিদৰ্শকৰ দায়িত্বত থকা শ্ৰদ্ধাৰ হৰেকৃষ্ণ গায়ন চাৰৰ তৎপৰতাত ১৯৮৪ চনৰ ৫ মে’ত দেশভক্ত তৰুণ ৰাম ফুকন হাইস্কুলত শিক্ষয়িত্ৰী হিচাবে কৰ্মত যোগদান কৰিলোঁ ৷ যিহেতু শ্ৰদ্ধাৰ নিৰঞ্জন মহন্ত চাৰো শিক্ষা বিভাগৰ লগত জড়িত আছিল, মোৰ শিক্ষকতা জীৱনৰ আৰম্ভণিতে সকলো সময়তে মুখত মিচিকিয়া হাঁহিৰে অথচ গহীন-গম্ভীৰ স্বল্পভাষী মহন্ত চাৰক লগ পাওঁ ৷ চাৰৰ প্ৰখৰ ব্যক্তিত্ব, প্ৰথম চিনাকিতেই সকলোকে আপোন কৰি ল’ব পৰা গুণ আৰু সহজ-সৰল মৰমিয়াল ৰাণী বাইদেউৰ সান্নিধ্যই আমাক তেখেতসকলৰ সৈতে ইমান ঘনিষ্ঠ কৰি পেলালে যে আমি একেটা পৰিয়ালৰ দৰেই হৈ পৰিলোঁ ৷ শিলচৰত আমাৰ সুখ-দুখ, বিপদ-আপদৰ সময়ত তেখেতসকলৰ উপস্থিতি আৰু সদুপদেশ আমাৰ সাহসৰ স্তম্ভ হৈ পৰিল ।
দেশভক্ত তৰুণ ৰাম ফুকন হাইস্কুলত মই প্ৰায় আঠ বছৰ শিক্ষকতা কৰিছিলোঁ ৷ গায়ন চাৰৰ পিছত মহন্ত চাৰে কাছাৰ জিলাৰ স্কুল পৰিদৰ্শকৰ কাৰ্যভাৰ গ্ৰহণ কৰে ৷ সেইবাবে চাকৰি সংক্ৰান্তীয় কামৰ বাবেও তেখেতৰ ওচৰলৈ যাবলগীয়া হৈছিল ৷ এনে এটি গধুৰ আৰু ব্যস্ততাপূৰ্ণ দায়িত্বত থকা সময়তো তেখেতক মিচিকিয়া হাঁহিৰেই নিজৰ দায়িত্ব পালন কৰা দেখিবলৈ পাইছিলোঁ ৷ সঁচাকৈয়ে তেখেতৰ পৰা বহু কথা শিকিলোঁ যদিও বহু কথা শিকিবলৈ থাকি গ’ল ৷
মোৰ প্ৰথম কৰ্মস্থলী দেশভক্ত তৰুণৰাম ফুকন স্কুলৰ পৰা গুৱাহাটীৰ ভাস্কৰ বিদ্যাপীঠ স্কুললৈ বদলিৰ
সময়ত তেখেতে কৰা সহায়-সহযোগৰ কথা মই জীৱনত পাহৰিব নোৱাৰিম যাৰ বাবে মই আজিও তেখেতৰ ওচৰত চিৰকৃতজ্ঞ ।
ব্ৰজবাসী সত্ৰত জন্মগ্রহণ কৰা মহন্ত চাৰৰ শৈশৱ-কৈশোৰ পাৰ হৈছিল বৰপেটা সত্ৰৰ নাম-প্ৰসংগৰ মাজত ৷ তেখেতে ‘ক’ মান শ্ৰেণীৰ পৰা বি.এ. পাছ কৰালৈকে সুদীৰ্ঘ সময় বৰপেটা সত্ৰৰ পবিত্ৰ পৰিৱেশত ভকতৰ লগত অতিবাহিত কৰিছিল ৷ সত্ৰৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা মহন্ত চাৰ অসমৰ বিভিন্ন নামঘৰ, সত্ৰৰ সৈতে জড়িত হৈ আছিল ৷ কাছাৰ জিলাৰ স্কুল পৰিদৰ্শকৰ দায়িত্বত থকা সময়ত কাছাৰ জিলাৰ ২৩ খন অসমীয়া গাঁৱত নামঘৰ স্থাপন কৰাৰ উপৰিও বদৰপুৰ, হাইলাকান্দি, কৰিমগঞ্জতো নামঘৰ স্থাপন কৰি তাত নিয়মীয়া নাম প্ৰসংগৰ ব্যৱস্থা কৰিছিল ৷ জন্মলগ্নৰপৰাই সত্ৰৰ সৈতে জড়িত মহন্ত চাৰক অসম সত্ৰ মহাসভাৰ ফালৰ পৰা সম্বদ্ধৰ্না জনায় ।
সন্মান মানুহৰ জীৱনৰ এটি অতি মূল্যৱান বিভূষণ ৷ এই বিভূষণ মানুহৰ জীৱনলৈ এনেয়ে বা হঠাতে নাহে ৷ তাৰ বাবে প্ৰয়োজন নিস্বাৰ্থভাৱে, নিষ্ঠা সহকাৰে জীৱনজোৰা কৰ্ম-সাধনা আৰু নিজৰ কৰ্মৰ প্ৰতি দায়বদ্ধতা ৷ এজন মহান ব্যক্তিয়ে জীৱনত সমাজৰ পৰা সন্মান লাভৰ আশাৰে কাম নকৰে ৷ কৰে তেওঁৰ অন্তৰৰ আহ্বানত, যি আহ্বানে তেওঁক সমাজ তথা দেশৰ প্ৰগতিৰ বাবে কাম কৰি যাবলৈ উৎসাহিত কৰে ৷ জন্মিলে এদিন মৃত্যু হ’বই, এয়া চিৰন্তন সত্য ৷ ইয়াক কোনেও খণ্ডন কৰিব নোৱাৰে । মৃত্যু মানুহৰ বাস্তৱ সত্য । কিন্তু সৎ-আদৰ্শ আৰু সৎকৰ্মৰ বিনাশ নাই ৷ মানুহৰ জীৱিতকালত আৰু মৃত্যুৰ পিছতো তেওঁৰ কৃতকৰ্ম আৰু আদৰ্শই সমাজক সৎ আৰু প্ৰগতিৰ পথত আগুৱাই নিয়াত সহায় কৰে ৷ মই মোৰ জীৱনত উমাল সান্নিধ্য লাভ কৰা তেনে এজন বিশাল ব্যক্তিত্ব হ’ল সদ্য প্ৰয়াত শ্ৰদ্ধাৰ নিৰঞ্জন মহন্ত চাৰ ।
শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলি নিজ কৰ্মদক্ষতাৰে এটাৰ পিছত আনটো উচ্চ পদবীত অধিষ্ঠিত হৈ শেষত উচ্চ শিক্ষাৰ উপ সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ তাৰ পিছতো তেখেতে হাত সাবটি বহি থকা নাছিল ৷ চৰকাৰী চাকৰিৰ পৰা অৱসৰ ল’লেও কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা নাছিল ৷ তেখেতে ভাৰত স্কাউট-গাইডৰ অসমৰ সচিবৰ দায়িত্ব মূৰ পাতি লয় ৷ কেবল মাত্ৰ দায়িত্ব গ্ৰহণ কৰাই নহয় নিজ দক্ষতাৰে বিশ্ব স্কাউট জাম্বুৰীলৈ নিৰ্বাচিত হৈ ভাৰতৰ প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই কাৰ্যৰ স্বীকৃতি হিচাপে তেখেতৰ স্কাউটৰ সৰ্বোচ্চ বঁটা “চিলভাৰ ইলেভেণ্ট” ৰাষ্ট্ৰপতি শ্ৰীযুতা প্ৰতিভা দেৱী সিং পাতিলৰ পৰা গ্ৰহণ কৰাৰ সৌভাগ্য হৈছিল ।
“ভাগি গ’ল বীণখনি
ছিগি গ’ল তাঁৰ
ৰই গ’ল অৱশেষ
অমিয় জোকাৰ ।”
আজি মহন্ত চাৰ নাই, কিন্তু তেখেতে নিজৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰে আমাক দেখুৱাই থৈ গ’ল একাগ্ৰতা থাকিলে মানুহে ইচ্ছা কৰিলে সৎ পথেৰে জীৱনত বহু আগুৱাই যাব পাৰে ৷ চৰকাৰী কৰ্মজীৱনৰ দায়িত্বৰ উপৰিও তেখেতে বিভিন্ন ৰাজহুৱা কাম-কাজৰ লগত জড়িত আছিল ৷ তেখেতৰ অসাধাৰণ গুণ, কৰ্মৰাজি আৰু আদৰ্শেৰে তেখেত আমাৰ মাজত চিৰস্মৰণীয় হৈ জীয়াই থাকিব ৷
“ফুরায় যা তা ফুরায় শুধু চোখে,
অন্ধকারের পেরিয়ে দুয়ার যায় চলে আলোকে ।
শৰীৰৰ অৱসান অনিবাৰ্য ৷ এই সত্য জানিও আপোনজনৰ মৃত্যু সহিবলৈ অতি কষ্টকৰ ৷ কোৱা হয় “এজন ব্যক্তিৰ সঠিক মূল্যায়নৰ বাবে তেওঁ জীৱন কালত কি কি কৰ্ম কৰে আৰু কেনেকৈ কৰে সেয়া বিশ্লেষণ কৰা অপৰিহাৰ্য ৷” কিন্তু মোৰ ক্ষুদ্ৰ আৰু সীমিত জ্ঞানেৰে শ্ৰদ্ধাৰ স্বর্গীয় নিৰঞ্জন মহন্তৰ নিচিনা বিশাল পৰিসৰৰ ব্যক্তিত্ব এগৰাকীৰ গুণ আৰু কৰ্মৰাজি বিশ্লেষণ কৰি সঠিক মূল্যায়ন কৰাৰ ধৃষ্টতা মোৰ নাই ৷ ইয়াৰ উপৰিও তেখেতৰ বৰ্ণিল জীৱনৰ কৰ্মৰাজিৰ বিষয়ে ইমান চমুকৈ লিপিবদ্ধ কৰা সম্ভৱ নহয় ৷
তুমি যে গিয়েছ বকুল বিছানো পথে,
তবু আজো তার সুরে পথ দেয় ।”
ৰাণী বাইদেউ, মৰমী, মুনটি, জোনটি, সোণটিৰ লগতে পৰিয়ালৰ আটাইকে তেখেতৰ অভাৱ সহিবলৈ ভগৱানে শকতি দিয়ক ৷ চাৰে সৰগৰপৰাই তেওঁলোকক জীৱনৰ উচিত পথেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব । অন্তৰৰ অন্তঃস্থলৰ পৰা কৰা প্ৰাৰ্থনাই যদি সঁচাকৈয়ে মৃতকৰ আত্মাৰ সদ্গতি দিব পাৰে তেন্তে নতশিৰে প্ৰাৰ্থনা কৰিছোঁ—তেখেতৰ বিদেহী আত্মাই পৰমপিতা পৰমেশ্বৰৰ ওচৰত চিৰশান্তি লাভ কৰক ।
ওম্ দিৱ্যান্ লোকান্ স গচ্ছতু ।।
ওম্ শান্তি । ওম্ শান্তি ।। ওম্ শান্তি ।।।
