মোক কৰা অন্যায়ৰ বাবে প্ৰতিক্ৰিয়াশীল মই
দুঃশাসনৰ অন্যায়ৰ অপবিত্ৰ স্পৰ্শত
এলোমেলো চুলিৰে ৰাজ-অন্তেষপুৰত
প্ৰতিহিংসাৰ জুই একুৰা বুকুত সাৱটি
জীয়াই আছোঁ মই।
কুৰুক্ষেত্ৰৰ যুদ্ধ প্ৰায় সমাগত
দাসীৰ মুখত সংবাদ পালোঁ –
এই যুদ্ধ যাতে নহয়
তাৰেই প্ৰচেষ্টাত শান্তিৰ দূত হৈ
হস্তিনাপুৰৰ ৰাজসভালৈ আহিছে শ্ৰীকৃষ্ণ ।
মোৰ আহ্বানত শ্ৰীকৃষ্ণ মোৰ কাষলৈ অহাত
তেওঁক প্ৰশ্ন কৰিলোঁ-
শান্তিৰ দূত হৈ হস্তিনাপুৰলৈ আহিছা তুমি
কাৰণ যুদ্ধ সভ্যতাৰ পক্ষে ক্ষতিকাৰক
কিন্তু তুমিতো এয়াও জানা কেশৱ
ইমান ৰক্তক্ষয়, ইমান মৃত্যু প্ৰাণৰ বিনাশ, ইমান বিপৰ্যয়
কেৱলমাত্ৰ মোৰ এই মুক্ত চুলিৰ বাবে !
তুমি মোক ক’ব পাৰা,
ক’ব পাৰা- “কৃষ্ণা, ত্যাগ কৰা এই প্ৰতিহিংসা
সকলোকে ক্ষমা কৰা, ৰক্ষা কৰা মানৱ সভ্যতা
মইয়ো তাকেই কৰিব পাৰোঁ কেশৱ
মইয়ো কৰিব পাৰো প্ৰতিজ্ঞাভঙ্গ
কিন্তু তুমি মোক এটা অঙ্গীকাৰ
কৰিব পাৰিবা নে কেশৱ
যদি তুমি কথা দিয়া কোনো দিনে কোনো নাৰী
মোৰ দৰে পুৰুষৰ দ্বাৰা লাঞ্ছিত নহয়
তেতিয়া হ’লে মই
মোৰ দেহ-মনৰ সকলো লাঞ্ছনা-যন্ত্ৰণা
পাহৰি যাম অহংকাৰী দুৰ্যোধনৰ উৰু প্ৰদৰ্শন
পাহৰি যাম ৰজস্বলাত দুঃশাসনৰ বস্ত্ৰহৰণ
পাহৰি যাম সূতপুত্ৰ কৰ্ণৰ বেশ্যা সম্বোধন
পাহৰি যাম নতশিৰ পঞ্চপাণ্ডৱৰ মৌনতাৰ গ্লানি
পিতামহ ভীষ্ম, মহাবীৰ দ্ৰোণ, বুদ্ধিমান বিদুৰৰ
প্ৰতি তীব্ৰ অশ্ৰদ্ধাক চকুৰ পানীৰে উটুৱাই দিম
পৰাজিত হ’ব যাজ্ঞসেনী
কিন্তু জয়ী হ’ব নাৰী সমাজ
নাৰীৰ কপালত এই বিজয় তিলক অঁকাৰ
প্ৰতিজ্ঞা কৰিব পাৰিবা নে তুমি দ্বাৰকাধীশ ?
কৃষ্ণৰ নীৰৱতা দেখি মোৰ ওঁঠৰ কোণত
ফুঁটি উঠিল তীব্র ব্যঙ্গ হাঁহি
মাধৱক ক’লো – তেতিয়া হ’লে তুমি যোৱা সখা
যাজ্ঞসেনীৰ বাবে কুৰুবংশৰ চিতা সজোৱা ।
