Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী

Jona Mahanta, March 22, 2025March 28, 2025

মানুহৰ জীৱন-যাপন পদ্ধতি অতিশয় বৈচিত্ৰ্যপূৰ্ণ৷ মানুহৰ অতীত আৰু বসবাস কৰা বাসস্থানে জীৱন ধাৰণৰ পদ্ধতি, ৰীতি-নীতি আদি গঢ়ি তোলে৷বহু অতীতৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা বৃহৎ সংখ্যক সম্প্ৰদায়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰি আছে৷ তেওঁলোকে হয়তো বিভিন্ন কাৰণত বসতি স্থাপন কৰিবলৈ বাধ্য হৈছিল৷ যাৰ ফলত ইয়াত অপৰিসীম সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যতা পৰিলক্ষিত হয়৷ সেয়ে বহুতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক অনুবিশ্ব বুলি ক’ব বিচাৰে৷ আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ বহু সাংস্কৃতিৰ হোৱাৰ আগতে ই আছিল জনজাতীয় লোকৰ বসতিস্থল৷ আন্দামান আৰু নিকোবৰৰ দৃশ্যপটৰ সৌন্দৰ্য, চিৰসেউজ উদ্ভিদ আৰু ইয়াৰ বৈচিত্ৰময় প্ৰাণীজগতেই নহয়, এই দ্বীপসমূহৰ হৄস্পন্দন ইয়াৰ খিলঞ্জীয়া জনজাতীয় লোকসকলৰ মাজত নিহিত হৈ আছে৷ আধুনিক সভ্যতাই স্পৰ্শ কৰাৰ বহু আগতেই ইয়াত বাস কৰি থকা তেওঁলোক ইয়াৰ প্ৰথম বাসিন্দা৷ তেওঁলোকে বাহ্যিক পৰিৱেশৰ পৰা আঁতৰি থাকি মূলতঃ চিকাৰ আৰু প্ৰকৃতিৰ পৰিৱেশৰ লগত সংহতি ৰাখি বসবাস কৰিছিল৷ এই জনজাতীয় সম্প্ৰদায়বোৰৰ ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, জীৱন ধাৰণৰ পদ্ধতি আদি জানিবলৈ সাধাৰণতে আমাৰ মনত কৌতুহলৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ কিন্তু এই জনজাতিসকলৰ অগৌৰৱহীন অতীত আৰু অদ্ভুত জীৱনশৈলী নিজ চকুৰে চোৱা সম্ভৱ নহয়৷ তেওঁলোকে বাহিৰা মানুহৰ সংস্পৰ্শলৈ আহিব নিবিচাৰে, তাৰ উপৰিও প্ৰশাসনিক আৰু আইনী ব্যৱস্থাৰ ফালৰ পৰাও তেওঁলোকৰ লগত সংযোগ স্থাপনত নিষিদ্ধ আৰোপ কৰা হৈছে৷ 
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কেতিয়া আৰু কেনেকৈ বসবাস আৰম্ভ হৈছিল সেয়া এতিয়াও ৰহস্যৰ আঁৰত৷ পুৰাতত্ত্ববিদ আৰু নৃতত্ত্ববিদসকলে অনুমান কৰে যে মেছলিথিক যুগৰ শিলৰ পৰা অস্ত্ৰ নিৰ্মাণ কৰা মানৱগোষ্ঠীয়ে কমেও দুহেজাৰ বছৰ পূৰ্বৰ পৰাই এই দ্বীপসমূহত বাস কৰিছিল৷ কিন্তু আনৱিক জিনীয় বিজ্ঞানী (Molecular Geneticist)সকলৰ মতে ত্ৰিশ হাজাৰ বছৰ বা তাতোকৈ বেছি বছৰ আগৰে পৰা তাত বসবাস  আৰম্ভ হৈছিল৷ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ নাৱিক আৰু জলদস্যুসকলৰ মতে প্ৰাচীনকালতে এই মানৱগোষ্ঠী বিভিন্ন উদ্দেশ্যেৰে এই অঞ্চললৈ আহিছিল৷ অনুমান কৰা অনুসৰি সময়ৰ লগে লগে ব্যক্তিগত বা সামুহিক খাদ্যৰ সন্ধানত তেওঁলোকে বিভিন্ন সম্পদায়ত ভাগ  হৈ এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ গুচি গৈছিল৷ কিন্তু সেয়া হলেও হাজাৰ হাজাৰ বছৰ ধৰি প্ৰাকৃতিক দুৰ্যোগ বা বন্যপ্ৰাণী আদিৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিছিল, কেনেকৈ জুইৰ আৱিষ্কাৰ বা ব্যৱহাৰ শিকিছিল আদিৰ বিষয়ে আমি কল্পনাহে কৰিব পাৰো, ইয়াৰ কোনো প্ৰামাণিক তথ্য নাই৷ সম্ভৱতঃ সেইসময়ত চাৰিওফালে পৰ্যাপ্ত পৰিমাণে উপলব্ধ প্ৰাকৃতিক খাদ্য, সম্পদ আৰু বাহিৰা শত্ৰুৰ পৰা কোনো ভয় নথকাৰ ফলতেই এই জনগোষ্ঠীসকলে আত্মবিশ্বাস আৰু দৃঢ়তাৰে জীয়াই আছিল৷
আন্দামান আৰু নিকোবৰ দ্বীপসমূহ উত্তৰৰ পৰা দক্ষিণলৈ নাম থকা আৰু নামবিহীন দ্বীপৰ থুপেৰে গঠিত৷ এই দ্বীপসমূহৰ চাৰিওফালে বঙ্গোপ সাগৰ আৰু আন্দামান সাগৰ৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ মুঠ ৫৭২ টা দ্বীপৰ সমষ্টি যদিও ইয়াৰ মাত্ৰ ৩৮ টা দ্বীপতহে স্থায়ী বাসিন্দা আছে৷ দ্বীপপুঞ্জৰ ভূ-প্ৰকৃতি পাহাৰীয়া আৰু ইয়াৰ উচ্চতা ৭৩২ মিটাৰ পৰ্যন্ত৷ ইয়াৰ সমৃদ্ধ জৈৱ্য বৈচিত্ৰ্য আৰু উদ্ভিদ, সৰীসৃপ, মাছ আৰু প্ৰবাল প্ৰাচীৰৰ বাবে জনাজাত৷ ইয়াৰ উপৰিও চিৰসেউজ অৰণ্য, মেংগ্ৰোভ, উপসাগৰ ইয়াৰ প্ৰধান বৈশিষ্ট্য৷
১৯৫১ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় নৃতত্ত্ব জৰীপৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আঞ্চলিক কেন্দ্ৰ স্থাপন কৰা হয়৷ তেতিয়াৰে পৰা বৰ্তমানলৈকে এই সংস্থাটোৰ বাবে কাম কৰা নৃতত্ত্ববিদসকলে তেওঁলোকৰ গৱেষণামূলক কামৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে এই জনজাতীয় মানৱ গোটসমূহৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰি আহিছে ৷ প্ৰতিষ্ঠা হোৱাৰ কিছু বছৰ পাছত এই সংস্থাটোৱে দ্বীপসমূহৰ বাসিন্দাসকলৰ বিৰল সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে প’ৰ্ট ব্লেয়াৰত এটা নৃতত্ত্ববিদ্যা সংগ্ৰহালয় স্থাপন কৰে৷ আন্দামান ভ্ৰমণকালত এই সংগ্ৰহালয় ভ্ৰমণ কৰি আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ জনজাতীয় লোকসকলৰ বিষয়ে বহু কথা জনাৰ সুযোগ গ্ৰহণ কৰিব পাৰি৷ 
এই আঞ্চলিক নৃতত্ত্ব সংগ্ৰহালয়ত  দ্বীপসমূহৰ ভূতত্ত্ব, ভৌগোলিক বৈশিষ্ট,  প্ৰাক-ঔপনিৱেশিক,  উত্তৰ-ঔপনিৱেশিক, আৰু বৰ্তমান সময়ৰ ইতিহাস আৰু নৃতত্ত্বৰ সৈতে জড়িত তথ্য বিশেষভাৱে প্ৰদৰ্শিত কৰিছে৷মানৱ বংশাৱলীৰ এই সংগ্ৰহালয়টোৱে দ্বীপবাসীৰ সামাজিক সংগঠন, স্থাপত্য, অৰ্থনৈতিক গাঁথনি, পৰিবহণ, কলাত্মক আদি সকলো দিশ সামৰি লৈছে৷ 

আন্দামান নিকোবাৰ দ্বীপপুঞ্জৰ এই জনজাতীয় বাসিন্দাসকলক মূলতঃ দুটা মূল জনজাতীয় শ্ৰেণীত বিভক্ত কৰা হৈছে– নেগ্ৰিটো (Negrito) আৰু মংগোলয়ড (Mongoloid)৷
    আন্দামান দ্বীপপুঞ্জত বাস কৰা বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীক আন্দামানী বুলি কোৱা হয়৷ আন্দামানীসকল ভাৰতৰ সংবিধানত নিৰ্দিষ্ট অনুসূচিত জনজাতি হিচাপে অভিহিত৷ ক’লা ছাল আৰু ক্ষুদ্ৰ উচ্ছতাৰ বাবে নেগ্ৰিটো বুলি গণ্য কৰা বিভিন্ন গোটৰ ভিতৰত অন্যতম৷ সকলো আন্দামানীয়ে অতীতত পৰম্পৰাগতভাৱে চিকাৰী সংগ্ৰাহক যাযাবৰী জীৱনশৈলী কটাইছিল৷ আন্দামানী জনগোষ্ঠীৰ ভিতৰত আছিল গ্ৰেট আন্দামান দ্বীপপুঞ্জৰ গ্ৰেট আন্দামানী আৰু জাৰাৱা, ৰুটলেণ্ড দ্বীপৰ জাংগিল, লিটিল আন্দামানৰ অংগে আৰু উত্তৰ চেণ্টিনেল দ্বীপৰ চেণ্টিনেলিজসকল৷ জাংগিলসকল ১৯৩১ চনতে বিলুপ্ত হয়৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এই জনগোষ্ঠী সমূহৰ সাক্ষৰতাৰ হাৰ কম, অৰ্থনৈতিকভাৱে পিছপৰা, জনসংখ্যা হ্ৰাস পোৱা আৰু স্থবিৰ হৈ পৰা আদিৰ বাবে বিশেষভাৱে দুৰ্বল জনগোষ্ঠী (Particularly Vulnerable Tribal Group)ৰ অন্তৰ্গত৷ আন্দামানীসকলক দুটা গোটত বিভাজন কৰিব পাৰি৷ এটা গোটে আন বাহিৰা মানুহৰ লগত বন্ধুত্বৰ  সংস্পৰ্শ গঢ়ি তোলাৰ বাবে শিথিল আৰু আনটো গোট যোগাযোগৰ বাবে শত্ৰুতাপূৰ্ণ আৰু ঘোৰ বিৰোধী৷ 

গ্ৰেট আন্দামানী
      গ্ৰেট আন্দামান জনজাতি আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ এটা চিকাৰী সংগ্ৰাহক জনগোষ্ঠী৷ এসময়ত এই জনজাতিটোৰ আকা কাৰী (Aka-Cari),আকা-কোৰা (Aka-Cora), আকা-ব’ (Aka-Bo), আকা-জেৰু (Aka-Jeru), আকা কেদে (Aka-Kede),  আকা কোল (Aka-Kol), অকু-জাৱল (Oku-Juwoi), আকা-পুচিকৱাৰ (Aka-Pucikwar), আকা-বেলে (Aka-Bale), আকা-বি (Aka-Bea) নামেৰে দহটা জনগোষ্ঠী আছিল৷ তেওঁলোকে দক্ষিণ আন্দামান, মধ্য আন্দামান আৰু উত্তৰ আন্দামানৰ দ্বীপসমূহত সিঁচৰিত হৈ বসবাস কৰিছিল৷ এই জনগোষ্ঠীসমূহৰ  প্ৰত্যেকৰে নিজস্ব উপভাষা আছিল৷ বৰ্তমান এই দহটা গোষ্ঠীৰ মাত্ৰ  আকা-জেৰু আৰু¸ ব’ নামৰ গোষ্ঠীটোহে জীয়াই আছে বাকী জনগোষ্ঠীবোৰ প্ৰায় বিলুপ্ত৷ বৰ্তমান জনজাতিসমূহৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয় বহুলাংশে হেৰাই গৈছে৷ তেওঁলোকে নিজৰ মাজত আকা-জেৰু উপভাষাত কথা পাতে যদিও বৰ্তমান বাহিৰা মানুহৰ লগত হিন্দী ভাষাতে কথা পাতে৷ 
    অনুমান কৰা অনুসৰি ১৮ শতিকাৰ শেষৰ ফালে আন্দামানীসকলৰ জনসংখ্যা আছিল প্ৰায় সাত হাজাৰৰ ওচৰা-ওচৰি আৰু তেওঁলোকে নিৰ্ভয়ে স্বাধীনভাৱে বাস কৰিছিল৷ ব্ৰিটিছ কেপ্তেইন আৰ্কবেল্ড ব্লেয়াৰে (Archbald Blair) চাথাম দ্বীপত প্ৰথম নৌ-সেনাৰ ঘাটি আৰু শাস্তিমূলক কলনি স্থাপন কৰা পাছত চিত্ৰপট সলনি হ’বলৈ ধৰিলে৷ ১৮৫৮ চনৰ মাৰ্চ মাহত প’ৰ্ট ব্লেয়াৰত দ্বিতীয়টো পেনাল কলনি স্থাপন হোৱাৰ সময়লৈকে তেওঁলোকৰ জনসংখ্যা ৩৫০০ জনলৈ হ্ৰাস পায়৷ 
     এসময়ত গ্ৰেট আন্দামান জনজাতি আন্দামান দ্বীপপুঞ্জৰ অন্যতম মূল বাসিন্দা আছিল৷ ১৮৫৮ চনত  অনুমানিক ৩৫০০ জনসংখ্যাৰে এটা সমৃদ্ধিশালী জনগোষ্ঠী আছিল যিয়ে অনুপ্ৰৱেশকাৰী আৰু শত্ৰুৰ পৰা নিজৰ গৃহভূমিক ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল৷ যাৰ ফলত তেওঁলোকৰ জীৱনশৈলী, সংস্কৃতি প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি সুৰক্ষিত হৈ আছিল৷ কিন্তু ১৯ শতিকাত ব্ৰিটিছৰ আগমনৰ লগে লগে এক কৰুণ বিপৰ্যয়ৰ আৰম্ভ হয়৷ ব্ৰিটিছৰ আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু অচিন ৰোগৰ আক্ৰমণত তেওঁলোকৰ জনসংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰে৷ দ্বীপবাসীৰ কোনো ৰোগ প্ৰতিৰোধী ক্ষমতা নথকাৰ ফলত ১৯০১ চনত তেওঁলোকৰ জনসংখ্যা ৬২৫ জনলৈ হ্ৰাস পায়৷ ১৯৩১ চনলৈকে তেওঁলোকৰ ছটা জনগোষ্ঠী বিলুপ্ত হৈছিল৷ ১৯৯৪ চনত তেওঁলোকৰ সপ্তম জনগোষ্ঠীৰো অন্ত পৰে৷ তাৰ পিছৰ লোকপিয়লত জনসংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাই ১৯৫১ চনত ২৩ জন হৈছিল৷ ১৯৪৯ চনত জীয়াই থকা এই জনগোষ্ঠীৰ লোকসকলক ৰোগ আৰু অন্যান ভাবুকিৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াসত আন্দামান প্ৰশাসনে ব্লাফ দ্বীপৰ সংৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে৷ বিংশ শতিকাৰ মাজ ভাগত এই জনগোষ্ঠী প্ৰায় বিলুপ্ত হৈ পৰে যদিও মিশ্ৰিত জনগোষ্ঠীৰ ১৯ জন মান লোক জীয়াই থাকে৷ ১৯৬৯ চনত জীয়াই থকা ২৩ জন আন্দামানীক আন্দামান প্ৰশাসনে ষ্ট্ৰেইট দ্বীপলৈ স্থানান্তৰিত কৰে৷ তেতিয়াৰে পৰা লাহে লাহে জনসংখ্যা বৃদ্ধি পাই ১৯৯১ চনত ৪৫ আৰু ২০০১ চনত ৪৩ জন হৈছিল৷ ২০১৭ চনৰ গণনৰ অনুসৰি তেওঁলোকৰ জনসংখ্যা ৭০ জনলৈ বৃদ্ধি পায়৷ তাৰে ৫৬ জন গ্ৰেট আন্দামানী আৰু বাকী ১৪ জন অজনজাতীয় লোক৷
    আগতে গ্ৰেট আন্দামানীজসকলৰ স্থাৱৰ সম্পত্তিৰ কোনো ধাৰণা নাছিল, চলনশীল সম্পত্তিৰ ভিতৰত আছিল ধনু-কাঁড় ৷ গছৰ পাত, বাকলি আৰু খোলাৰে বিভিন্ন ধৰণৰ অলংকাৰ তৈয়াৰ কৰিছিল৷ যিবোৰ তেওঁলোকে সাম্প্ৰসায়িক অনুষ্ঠানৰ সময়ত পিন্ধি নাচ-গান কৰিছিল৷ কেৱল মাত্ৰ নাও এজন ব্যক্তিৰ সম্পত্তি বুলি গণ্য কৰিছিল যদিও প্ৰয়োজনত সমাজৰ যিকোনো সদস্যই ইয়াক ব্যৱহাৰ কৰাৰ স্বাধীনতা আছিল৷ 
    গ্ৰেট আন্দামানীসকলৰ কোনো ৰজা বা মুখীয়াল নাছিল৷ তেওঁলোকৰ মাজত হোৱা সংঘৰ্ষ বা মত বিৰোধ বয়োজেষ্ঠসকলে একেলগে বহি আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিছিল৷ নৌসেনাৰ কৰ্মচাৰী আৰু ব্ৰিটিছসকলে শাস্তিমূলক ব্যৱস্থাৰ বাবে নিয়া দোষীসকলৰ সংস্পৰ্শলৈ অহাৰ ফলত চিফিলিছৰ দৰে ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছিল৷ স্মলপক্স আৰু মিজিলছৰ প্ৰাদুৰ্ভাৱত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈছিল৷ বাহিৰা মানুহৰ সংস্পৰ্শত আহি আফিং সেৱনৰ ফলত জন্মৰ হাৰো কমি গৈছিল৷ জ্বৰ, মুৰৰ বিষ, আঘাতৰ ফলত হোৱা ৰক্তক্ষৰণ আদিৰ দৰে ৰোগৰ বাবে গ্ৰেট আন্দামানীসকলে স্থানীয়ভাৱে তেওঁলোকৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে গছৰ পাতৰ ৰস, বাকলি, মাটি আদি ব্যৱহাৰ কৰিছিল৷
পূৰ্বতে তেওঁলোকে অৰ্ধবৃত্তৰ আকাৰত নিৰ্মাণ কৰা জুপুৰিত বাস কৰিছিল৷ কেন্দ্ৰত সম্প্ৰাদায়িক নৃত্য, ভোজ আদিৰ বাবে মুকলি ঠাই আছিল৷ পৰম্পৰাগত এই জুপুৰি এতিয়া নাই৷ প্ৰশাসনে নতুন বসতিস্থল ষ্ট্ৰেইট দ্বীপত প্ৰতিটো পৰিয়ালৰ বাবে পকা মজিয়া, টিনৰ চালৰ সৈতে কাঠৰ দেৱালৰ ঘৰ সাজি দিছে৷ পৰিয়ালৰসমূহক ঘৰ নিৰ্মাণৰ বাবে প্ৰশাসনে মাটিও আবণ্টন দিছে৷ কিন্তু তেওঁলোকৰ মাটিৰ ব্যক্তিগত মালিকীস্বত্ত্বৰ কোনো ধাৰণা নাই৷
    পূৰ্বতে এই জনজাতিটোৱে খাদ্যৰ বাবে সাগৰীয় মাছ, কাছ, ডুগং আদি নাও আৰু চিকাৰৰ উপযোগী নিজেই গঢ়ি লোৱা অস্ত্ৰৰে চিকাৰ কৰাৰ ওপৰিও বনৰীয়া গাহৰি আদিৰ ওপৰত নিৰ্ভৰশীল আছিল৷ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যই তেওঁলোকক বিভিন্ন ধৰণৰ ফলাহাৰৰ যোগান ধৰিছিল৷ বৰ্তমান ষ্ট্ৰেইট দ্বীপত বসবাস কৰা আন্দামানীসকলে খাদ্যৰ কিছু অংশ চিকাৰ, মাছ ধৰা পৰা সংগ্ৰহ কৰে যদিও আন্দামান প্ৰশাসনে তেওঁলোকৰ খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশকীয় সকলো সামগ্ৰী যোগান ধৰে৷ বৰ্তমান তেওঁলোক যাযাবৰী নহয়৷ 
    অতীতত তেওঁলোক নিদিষ্ট কৰ্তব্যত অভ্যস্ত নাছিল যদিও কালৰ গতিত লাহে লাহে বহুতো পৰিবৰ্তন হৈছে৷ তেওঁলোকৰ সন্তানক চৰকাৰী বা বেচৰকাৰী স্কুলত আনুষ্ঠানিক শিক্ষাৰ বাবেও সুবিধা কৰি দিয়া হৈছে যদিও বেছিভাগেই পঢ়া-শুনা আগবঢ়াই নিব নোৱাৰে৷ বৰ্তমান তেওঁলোকক প’ৰ্ট ব্লেয়াৰত পুলিচ, স্থানীয় স্বাস্থ্য বিভাগ, পানী যোগান আঁচনি, আন্দামান আদিম জনজাতি বিকাশ সমিতি, সহায়ক নাচিং মিডৱাইফ আদিকে ধৰি বিভিন্ন কামত নিয়োজিত কৰা হৈছে৷ আন্দামানীজ ল’ৰা-ছোৱালীবোৰৰ তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিৰ বিষয়ে বিশেষ ধাৰণা নাই কাৰণ তেওঁলোকৰ বয়সস্থ লোকসকলৰ ইতিমধ্যে মৃত্যু হৈছে৷ 

অংগে

Men from the Onge tribe, Andaman Islands.
    আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পাঁচটা বিশেষভাৱে দুৰ্বল জনগোষ্টীৰ ভিতৰত এটা অংগে জনগোষ্ঠী৷ অংগে এই শব্দটো সম্ভৱতঃ এন-ইৰেগেল(En-iregale)ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ ‘নিখুঁত মানুহ’৷ দীৰ্ঘদিন ধৰি এওঁলোকে আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ দক্ষিণত অৱস্থিত দ্বীপ লিটিল আন্দামান দ্বীপত বাস কৰিছিল৷ লিটিল আন্দামানক অংগেসকলে গৌবালাম্বাবে বুলি কয়৷ তেওঁলোক নেগ্ৰিটো উপজাতিৰ অন্তৰ্গত৷ ব্ৰিটিছ নৌসেনাৰ বিষয়া মৰিছ ভিডাল প’ৰ্টমেনৰ মতে তেওঁ সন্মুখীন হোৱা আন্দামানৰ জনগোষ্ঠীসমূহৰ ভিতৰত অংগেসকল আটাইতকৈ মৃদু, নিৰাপদ আৰু ভয়াতুৰ প্ৰকৃতিৰ৷ এসময়ত ৭৩২ বৰ্গ কিলোমিটাৰ দ্বীপটোৰ অংগেসকল একমাত্ৰ বাসিন্দা আছিল৷ এই দ্বীপটো ভিতৰ ভাগ গ্ৰীষ্মমণ্ডলীয় বৰষুণ আৰু পৰ্ণপাতী অৰণ্যৰে ভৰা৷ নাৰিকল, এৰেকা বাদাম আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ আছে৷  বনৰীয়া গাহৰি, বনৰীয়া মেকুৰী আৰু ইগুৱানা আদি দ্বীপটোৰ থলুৱা প্ৰাণী৷ দ্বীপৰ চাৰিওফালে থকা সাগৰত সাগৰীয় মাছ, কাছ, কেঁকোৰা, ডুগং আদিকে ধৰি সাগৰীয় প্ৰাণী পোৱা যায়৷ 
    আন্দামান আৰু নিকোবৰৰ আন চিকাৰী আৰু সংগ্ৰহকাৰী সম্প্ৰদায়ৰ দৰেই অংগেসকলো চিকাৰী আৰু সংগ্ৰহকাৰী শ্ৰেণীৰ অন্তৰ্গত৷ অংগেসকলে সম্পূৰ্ণৰূপে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছিল৷ তেওঁলোকে বিভিন্ন জলজ আৰু স্থলজ সম্পদেৰে নিজৰ প্ৰয়োজন পূৰণ কৰিছিল৷ খাদ্যৰ প্ৰধান উৎস আছিল বনৰীয়া গাহৰি, মাছ, মৌ, কাছ, কাছৰ কণী, কেঁকোৰা, শামুক, গছৰ শিপা আৰু কন্দ আদি৷ ঋতু আৰু খাদ্যৰ উপলব্ধতাই তেওঁলোকৰ খাদ্য সংগ্ৰহৰ কাম-কাজ নিৰ্ধাৰণ কৰিছিল৷ মে’ মাহৰ শেষৰফালে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে বনৰীয়া গাহৰি চিকাৰ কৰাৰ লগতে চেপ্তেম্বৰ মাহলৈকে বনজ সামগ্ৰী সংগ্ৰহৰ প্ৰক্ৰিয়া চলে৷ খৰালি অৰ্থাৎ অক্টোবৰৰ পৰা মাৰ্চলৈকে কাছ, ডুগং আদি চিকাৰ কৰে৷ জানুৱাৰীৰ পৰা মাৰ্চলৈ মৌ সংগ্ৰহৰ সময়৷ তেওঁলোকৰ মৌ সংগ্ৰহ কৰা পদ্ধতি সাধাৰণতে মৌচাকৰ পৰা মৌ সংগ্ৰহ কৰা পদ্ধতিকৈ কিছু বেলেগ৷ অংগেসকলে মৌচাক থকা গছত বগোৱাৰ আগতে গোটেই শৰীৰত একপ্ৰকাৰৰ মাটি আৰু হাতত বিশেষ পাতৰ ৰস সানি লয়৷ শৰীৰত সানি লোৱা মাটিৰ গোন্ধৰ বাবে মৌমাখি গাত নপৰে বা নাকামোৰে আৰু পাতৰ ৰসৰ গোন্ধে মৌমাখিবোৰক উৰি যাবলৈ বাধ্য কৰে৷ এনেদৰে মৌচাকৰ পৰা মৌ সংগ্ৰহ কৰাৰ ফলত মৌমাখিও আঘাতৰ পৰা ৰক্ষা পৰে আৰু নতুনকৈ তাতেই মৌচাক সাজে৷ সেয়ে অংগেসকলক মৌ সংগ্ৰহৰ বিশেষজ্ঞ বুলি কোৱা হয়৷ কাছ, বনৰীয়া গাহৰি, ডুগং আদি চিকাৰ কৰিলে সকলোৱে ভগাই লয়, অৱশ্যে মাছ, মৌ আদি নিজৰ ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰে৷
     লিটিল আন্দামান দ্বীপটোক তেওঁলোকে গিৰে-মাকাংগে (Gire-Makangey),  গিৰে ডাইৰে (Gire-darey) আৰু এংগা কালাংগে (Enga- Kalakangey) নামেৰে তিনিটা বহল ভূখণ্ডত ভাগ কৰিছিল৷ প্ৰতিজন লোকেই এই তিনিওটা ভূখণ্ডৰে সদস্য আছিল৷ এই অঞ্চল তেওঁলোকৰ চিকাৰ সংগ্ৰহৰ অঞ্চল আছিল ৷ তিনিওটা ভূখণ্ডতে কেইবাটাও সাম্প্ৰদায়িক জুপুৰি আছিল ৷ আগতে প্ৰতিটো গোটৰে উমৈহতীয়া বাসস্থান হিচাপে অন্ততঃ এটাকৈ মৌচাক আকৃতিৰ সাম্প্ৰদায়িক জুপুৰি আছিল যাক তেওঁলোকে বেইৰা বুলি কয়৷ সাম্প্ৰদায়িক জুপুৰি হৈছে অংগেসকলৰ একমাত্ৰ সামাজিক বিভাজন ৷ এই গোটসমূহ পিতৃ-মাতৃ আৰু তেওঁলোকৰ বিবাহিত আৰু অবিবাহিত সন্তানেৰে গঠিত ৷ এনে সাম্প্ৰদায়িক জুপুৰিৰ ভিত্তিত মুঠ ২৪ টা গোট চিনাক্ত কৰা হৈছিল ৷ কিন্তু দশক দশক ধৰি জনসংখ্যা হ্ৰাস পোৱাৰ বাবে কিছুমান গোটৰ বিলুপ্ত হৈছে৷ বৰ্তমান  অৱশ্যে তেনে কোনো সাম্প্ৰদায়িক জুপুৰি নাই৷ অংগেসকলক পৃথিৱীৰ আটাইতকৈ ক’লা মানুহৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁলোকে নিজৰ মাজত অংগেজ ভাষা কয় যদিও বৰ্তমান অজাৰাৱাৰ লগত  হিন্দী ভাষাত কথা পাতে ৷ 
    ১৮৮৬ চনত অংগেসকলে প্ৰথম বাহিৰৰ লোকৰ সংস্পৰ্শলৈ অহাৰ প্ৰায় বিশ বছৰৰ ভিতৰতে তেওঁলোকৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল৷ সেই সময়ত তেওঁলোকৰ জনসংখ্যা আছিল ৬৭২ জন৷ ব্ৰিটিছসকলৰ লগত হোৱা সংঘৰ্ষ আৰু বাহিৰৰ লোকৰ সংস্পৰ্শত তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পায় ৷ ১৯০১ চনলৈকে জনসংখ্যা  হ্ৰাস পাই মাত্ৰ ১২৯ জন হয়৷ ১৯৬৭ চনত এই দ্বীপটো ভাৰত আৰু বাংলাদেশৰ পৰা অহা শৰণাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ আগলৈকে অংগেসকলেই ইয়াৰ একমাত্ৰ বাসিন্দা আছিল ৷ দ্বীপটো শৰণাৰ্থীৰে ভৰি পৰাৰ ফলত তেওঁলোকৰ বসতিৰ বাবে ভূখণ্ড হ্ৰাস হোৱাৰ লগতে সম্পদৰ ক্ষেত্ৰতো প্ৰভাৱিত হয়৷ এই সকলোবোৰ পূৰণ কৰিবলৈ প্ৰশাসনে ১৯৭৬ চনত তেওঁলোকক ডুগং ক্ৰিক আৰু চাউথ বে’ লৈ স্থানান্তৰিত কৰে৷ বৰ্তমান অংগেসকল যাযাবৰী জনগোষ্ঠী নহয়৷ স্থানান্তৰিত কৰাৰ পিছত আন্দামান প্ৰশাসনে তেওঁলোকক জুপুৰি সদৃশ পকাঘৰ, কাপোৰ, ঔষধ আদিৰ লগতে বিনামূলীয়া ৰেচন যেনে চাউল, আতা, দালি, ৰন্ধনৰ বাবে তেল, গাখীৰ আদি খাদ্যৰ লগতে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ যোগান ধৰি আহিছে৷ মাজে মাজে মজুৰিৰ বিনিময়ত নাৰিকলৰ বাগিচাত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰে যদিও সেয়া নামমাত্ৰ৷ বাগিচা, কৃষিৰ কাম আৰু জীৱ-জন্তু পোহপাল কৰাৰ প্ৰশিক্ষণো দিয়া হৈছে যদিও বৰ্তমানো নিবিড়ভাৱে কৃষি কাৰ্যত লিপ্ত হোৱা নাই৷ খাদ্যাভাসো আগতকৈ সলনি হোৱা পৰিলক্ষিত হৈছে৷ 
    বৰ্তমান অংগেসকলৰ বসতিস্থলত আন আন লোকৰ বসতিৰ ফলত বিনিময় ব্যৱস্থাৰ প্ৰচলন হৈছে৷ বিনিময় প্ৰথাৰ জৰিয়তে তেওঁলোকে ৰন্ধনৰ বাবে ব্যৱহূত বাচন, কাপোৰ, ধঁপাত আদি সংগ্ৰহ কৰে৷  
অংগে মহিলাসকলে পুৰুষৰ সমানে মৰ্যদা লাভ কৰে৷ বনৰীয়া গাহৰি চিকাৰৰ বাহিৰে সমাজৰ আন সকলো কামতে মহিলাসকলে সমানে অংশ লয়৷ সামাজিক ৰীতি-নীতিৰ ক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ অংগেসকলৰ মাজত অনুষ্ঠিত বিভিন্ন ৰীতি-নীতিৰ ভিতৰত ‘টানাগিৰু’ (Tanagiru) আটাইতকৈ গুৰুত্বপূৰ্ণ৷ টানাগিৰু হৈছে এজন অংগে ল’ৰাই যৌৱনকাল লাভ কৰা অনুষ্ঠান৷ এই অনুষ্ঠানৰ জৰিয়তে ল’ৰাজনে ২০ টা বনৰীয়া গাহৰি চিকাৰ কৰি নিজকে এজন সুদক্ষ চিকাৰী বুলি নিজকে প্ৰমাণ কৰিবলগীয়া হয়৷ এই গাহৰি চিকাৰৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নিয়ম মানিব লাগে৷ প্ৰথমে ১৯ টা দাঁত থকা মতা গাহৰি আৰু শেষত এজনী মাইকী গাহৰি চিকাৰ কৰিব লাগে৷ কিন্তু এতিয়া বসতি বাঢ়ি যোৱাৰ ফলত অৰণ্যত পৰ্যাপ্ত গাহৰিৰ অভাৱত বহু ল’ৰা এই অনুষ্ঠানৰ পৰা বঞ্চিত হৈছে৷ এই অনুষ্ঠান সম্পূৰ্ণ নকৰাকৈয়ে যৌৱনকালত ভৰি দিব লগাত পৰিছে৷ ছোৱালীৰ যৌৱনকালৰ আৰম্ভণিতে কৰা আচাৰ-অনুষ্ঠানও তাৎপৰ্যপূৰ্ণ৷
অংগেসকলে নিজ সম্প্ৰদায়ৰ মাজতহে বিবাহ কাৰ্য সম্পন্ন কৰে৷ পিতৃ-মাতৃৰ মাজত আলোচনাৰ জৰিয়তে বিবাহ নিষ্পত্তি কৰে৷ পুৰুষ বা মহিলাৰ ক্ষেত্ৰত পত্নী বা স্বামীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ প্ৰচলিত যদিও দুগৰাকী পত্নী কঠোৰভাৱে নিষিদ্ধ৷ পৃথিৱীৰ আটাইতকৈ কম উৰ্বৰ আৰু অনুৰ্বৰ লোকৰ ভিতৰত অংগে অন্যতম৷ শতকৰা ৪০ ভাগ দম্পত্তি বন্ধ্যা৷
অংগেসকলে পিতৃ-মাতৃ আৰু অবিবাহিত সন্তানৰ সৈতে একক পৰিয়াল হিচাপে বাস কৰে৷ একক পৰিয়ালৰ বাবে সজা জুপুৰিক তেওঁলোকে কোৰালে (korale) বুলি কয়৷ 
    অংগেসকলে দুষ্ট আত্মা আৰু কীট-পতঙ্গৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ আৰু শৰীৰত বগা-ৰঙা মাটি প্ৰলেপ আৰু গাহৰিৰ চৰ্বিৰে জ্যামিতিক আকাৰৰ বিভিন্ন চিত্ৰ আঁকি লয়৷তেওঁলোকে বগা দাঁতক মৃতদেহৰ চিহ্ন বুলি গণ্য কৰে৷ সেয়ে গছৰ বাকলি চোবাই দাঁত ৰঙা কৰি লয়৷
    অৰণ্যৰ সৈতে গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰা অংগে জনগোষ্ঠীয়ে অনুশীলন কৰা এক পৰম্পৰাগত কলা হ’ল বাঁহ-বেতৰ শিল্প৷ বাঁহ আৰু বেতেৰে তেওঁলোকে দৈনন্দিন জীৱনৰ বাবে অপৰিহাৰ্য সঁজুলি যেনে বেতৰ বাস্কেট, কাঠৰ বাল্টি আদি তৈয়াৰ কৰি লয়৷ এই শিল্পৰ জৰিয়তে তেওঁলোকে কাৰ্যক্ষমতা আৰু প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ ক্ষমতাক প্ৰতিফলিত কৰাৰ লগতে নিজৰ ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণ কৰে৷ এসময়ত তেওঁলোকৰ মাজত মৃৎশিল্পৰ প্ৰচলন আছিল যদিও বৰ্তমান তাৰ প্ৰচলন নাই৷ লোহাৰ মূৰৰ স্থিৰ বা বিচ্ছিন্ন কৰিব পৰা বিভিন্ন ধৰণৰ কাঁড় আৰু হাপুৰ্ন চিকাৰৰ বাবে ব্যৱহাৰ কৰে৷ লোহাৰ বাহিৰে পৰম্পৰাগতভাৱে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো সঁজুলি থলুৱা শিল্পৰ উৎপাদন৷ তেওঁলোকে পানীত যাতায়তৰ বাবে ব্যৱহাৰ কৰা নাওখনক ডেংগে বুলি কয়, যিখন তেওঁলোকে নিৰ্দিষ্ট গছেৰে দীঘলীয়া প্ৰক্ৰিয়াৰে তৈয়াৰ কৰি লয়৷
    উৎসৱ আৰু বিশেষ অনুষ্ঠানৰ সময়ত অংগেসকলে পৰম্পৰাগত গীত আৰু সংগীতৰ লহৰত হাতে হাতে ধৰি বৃত্তাকাৰ গঠনত দোল খাই নৃত্য কৰে৷ নিকোবৰী নৃত্যৰ সৈতে সাংস্কৃতিক সাদৃশ্য থকা এই নৃত্যই দ্বীপবাসীৰ সংস্কৃতিৰ এক সজীৱ প্ৰকাশৰ লগতে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰাখিছে৷ 
    অংগেসকলে আত্মাৰ অস্তিত্বক বিশ্বাস কৰে৷ তেওঁলোকৰ দৃষ্টিভংগীত আত্মা অৰণ্য, সাগৰ, আকাশত বাস কৰে৷ অংগেসকলৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই৷ তেওঁলোকে বিশ্বাস কৰে মৃত্যুৰ পাছত মানুহ আত্মালৈ ৰূপান্তৰিত হয় আৰু আত্মা সকলো ঠাইলৈ গতি কৰিব পাৰে৷ তেওঁলোকে মৃত্যুৰ পিছত আত্মাৰ অস্তিত্ব বিশ্বাস কৰে৷ মৃতকক কোৰালেৰ নিজৰ বিচনাৰ তলত পুতি থয়৷ বিশ্বাস অনুসৰি আত্মীয়ৰ মৃত আত্মাই (যিসকলক জুপুৰিৰ ভিতৰত পুতি থোৱা হৈছে) তেওঁলোকৰ চাৰিওফালে ঘূৰি থাকে আৰু তেওঁলোকক চোৱাচিতা কৰে৷
    ২০০৪ চনৰ চুনামিৰ পিছত আন্দামান প্ৰশাসনে চাউথ বে’ৰ অংগেসকলক ডুগং ক্ৰিকলৈ স্থানান্তৰিত কৰি ডুগং ক্ৰিকত অংগে ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে মধ্যবিদ্যালয় স্থাপন কৰিছে য’ত তেওঁলোকে আধুনিক শিক্ষা লাভ কৰাৰ সুযোগ পাইছে৷ কিন্তু শিক্ষাৰ প্ৰতি তেওঁলোকৰ বিশেষ আগ্ৰহ নাই৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰি চিকিৎসাৰ  সুবিধাও প্ৰদান কৰা হৈছে৷ 
    ২০০৮ চনত বিষাক্ত তৰল পদাৰ্থ পান কৰি আঠজন অংগেলোকৰ মৃত্যু মুখত পৰে৷ অনুমান কৰা হয় তেওঁলোকে এই পদাৰ্থ বিধ মদ বুলি সেৱন কৰিছিল৷ ইয়াৰ ফলত তেওঁলোকৰ জনসংখ্যাত প্ৰভাৱ পেলাইছে৷  যিকোনো ধৰণৰ মৃত্যুয়ে জনগোষ্ঠীটোৰ অস্তিত্বত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে কাৰণ ২০১৮ চনৰ লোকপিয়ল অনুসৰি তেওঁলোকৰ জনসংখ্যা মাত্ৰ ১১৮ জন৷ 
    বাহিৰৰ জগতখনৰ লগত সংস্পৰ্শলৈ অহাৰ পিছত যোৱা ১৪০ বছৰ ভিতৰত অংগেসকলৰ জীৱনশৈলীত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে যদিও জীৱনৰ মানদণ্ডৰ বেছি উন্নতি হোৱা নাই৷ তেওঁলোকে কি কৰিব বা কেনেকৈ কৰিব আদি বিষয়ে নিজে সিদ্ধান্ত ল’ব নোৱাৰে৷ চৰকাৰৰ  বৰ্তমানৰ উন্নয়নমূলক ব্যৱস্থা আৰু আধুনীকৰণ প্ৰক্ৰিয়াৰ ফলত অংগেৰ নিজস্ব পৰিচয় আৰু সংস্কৃতিত বিৰূপ প্ৰক্ৰিয়া পৰিছে যেনেই অনুমান হয় ৷ চৰকাৰৰ পৰা লাভ কৰা সম্পদৰ বাবে তেওঁলোক এলেহুৱা হৈ পৰিছে৷ বাহিৰা মানুহৰ সংস্পৰ্শত আহি মদ, ধঁপাত আদিৰ দৰে ৰাগীয়াল বস্তু সেৱন কৰা অভ্যাসত পৰিণত হৈছে৷

জাৰাৱা জনগোষ্ঠী

In this undated file photo released by the Anthropological Survey of India, Jarawa tribe children, one of the five tribes in India’s Andaman and Nicobar archipelago.
    আন্দামান দ্বীপপুঞ্জৰ দক্ষিণ আৰু মধ্য আন্দামান দ্বীপপুঞ্জৰ পশ্চিম অংশত বাস কৰা নেগ্ৰিটো সম্পদায়ৰ লোকসকলক জাৰাৱা বুলি কোৱা হয়৷ তেওঁলোকে নিজকে অং (Ang) আৰু অজাৰাৱাসকলে জাৰাৱাক ইনেম (Eenem) বুলি কয়৷ আন্দামানী  আকা-বিয়া ভাষাত জাৰাৱা শব্দৰ অৰ্থ ‘অচিনাকি’৷ তেওঁলোকৰ শাৰীৰিক গঠন চাপৰ, ক’লা আৰু চুলি কেকোৰা৷ জাৰাৱা জনগোষ্ঠীক ভাৰতৰ আদিবাসী গোট হিচাপে অভিহিত কৰা হৈছে৷ অনুমান কৰা অনুসৰি জাৰাৱাসকল বিলুপ্ত পোৱা জাংগিল জনগোষ্ঠীৰ বংশধৰ৷ তেওঁলোকে বসবাস কৰা প্ৰায় ১০০০ বৰ্গ কিলোমিটাৰ অঞ্চলটোক জাৰাৱা সংৰক্ষিত অঞ্চল বুলি কোৱা হয়৷ এই স্থানলৈ তেওঁলোক কেতিয়া কেনেকৈ আহিছিল তাৰ কোনো তথ্য নাই যদিও জিনীয় বিশ্লেষণৰ কৰি পোৱা তথ্য অনুসৰি জাৰাৱা জনগোষ্ঠী আন্দামানৰ অন্যান্য জনগোষ্ঠীৰ বহুত আগতেই আন্দামান-নিকোবৰ দ্বীপপুঞ্জলৈ আহিছিল৷ কিন্তু দক্ষিণ-পূব এচিয়া নে আফ্ৰিকাৰ পৰা আহিছিল সেয়া ঠাৱৰ কৰিব পৰা নাই৷ অনুমানৰ ভিত্তিত প্ৰায় ৬০ হাজাৰ বছৰ আগতে আফ্ৰিকা বা দক্ষিৰ-পূব এচিয়াৰ পৰা আহিছিল৷ কিছু সংখ্যক বিজ্ঞানীৰ মতে তেওঁলোকে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰা আদিম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে৷ প্ৰতিটো জাৰাৱা জনগোষ্ঠীৰে নিজস্ব ভাষা আছে৷ অনুমানৰ ভিত্তিত প্ৰাৰম্ভিক প্ৰব্ৰজনৰ সময়ত হাজাৰ হাজাৰ জাৰাৱা আহিছিল বুলি কোৱা হয় যদিও ২০১৮ চনৰ মাৰ্চ মাহত কৰা গণনা অনুসৰি তেওঁলোকৰ জনসংখ্যা ৫০৮ জন৷ ঔপনিৱেশিক সময়ত মহামাৰী আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীবাহিনীৰ আক্ৰমণৰ সময়তো জাৰাৱাসকলে জনগোষ্ঠী হিচাপে অক্ষত অৱস্থাত থাকিবলৈ সক্ষম হৈছিল৷
বৰ্তমানো জাৰাৱাসকল যাযাবৰী, খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়৷ বনৰীয়া জন্তু চিকাৰ, মাছ আদি ধৰাৰ বাবে আজিও পুৰণি পদ্ধতিকে ব্যৱহাৰ কৰি আছে৷ তেওঁলোকে কোনো কৃষি কাৰ্যৰ লগত জৰিত নহয়, আনকি জীৱ-জন্তুও পোহপাল নকৰে৷ শেষতীয়াকৈ অজাৰাৱা লোকৰ সংস্পৰ্শলৈ অহাৰ পাছত কিছুমান পৰিয়ালে কুকুৰ পোহে বুলি কোৱা হয়৷ জাৰাৱাসকলৰ তিনিটা ভূখণ্ডীয় গোট আছে–তানমাণ্ড (Tanmand), থিডং (Thidong) আৰু বয়অব (Boiab)৷ মধ্য আন্দামানৰ দক্ষিণ অংশ আৰু দক্ষিণ আন্দামান দ্বীপৰ উত্তৰ অংশত বাস কৰা তানমাণ্ডসকলক অজনজাতীয় লোকে ‘কদমতলা জাৰাৱা’ বুলি কয়৷ দক্ষিণ অংশত বাস কৰা লোকসকল জাৰাৱাৰ মাজত বয়অব আৰু অজনজাতীয়সকলে ‘তিৰুৰ জাৰাৱা’ বুলি কয়৷ মধ্য ভাগত বাস কৰা সকল জাৰাৱাৰ মাজত থিডং আৰু অজনজাতীয়ৰ মাজত ‘আৰ.কে. নাল্লা জাৰাৱা’ বুলি কোৱা হয়৷ এই ভূখণ্ডৰ চিৰ সেউজ পাহাৰীয়া অৰণ্য, উপত্যকা অঞ্চল  বিশাল চিৰসেউজ অৰণ্য, মেংগ্ৰোভ, আদ্ৰ পৰ্ণপাতী অৰণ্য, জলাশয়, সাগৰীয় গছ-গছনিৰে ভৰা৷ এনে বৈচিত্ৰময় পৰিৱেশে জাৰাৱাসকলক বহুল প্ৰাকৃতিক সম্পদৰ যোগান ধৰে৷ তেওঁলোকে এই স্থানক পাঁচটা ভাগত যেনে সাগৰৰ পাৰৰ অঞ্চলক পিল্লেহ (Pilleh),পাহাৰীয়া ঘন অৰণ্য অঞ্চলক  টিনন (Tinon), জলাশয় যুক্ত অঞ্চলক তাগিধ (Tagidh), সমভূমিৰ অৰণ্য অঞ্চলক চানহান্নাপ (Chanhannap) আৰু ৱা (Wa) পানীৰ উৎস ভাগ কৰে৷ জাৰাৱাসকলে ‘ৱা’ অঞ্চলৰ পৰা পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে৷ তেওঁলোকৰ স্থলজ খাদ্যৰ ভিতৰত বনৰীয়া গাহৰি, গুঁই সাপ, মৌ আৰু বিস্তৃত পৰিসৰৰ শিপা, কন্দ, ফল আদি যিবোৰ চানহান্নাপ আৰু টিনন অঞ্চলৰ পৰা সংগ্ৰহ কৰে৷ জলজ খাদ্যৰ ভিতৰত সাগৰীয় মাছ, কেঁকোৰা, শামুক, কাছ, কাছৰ কণী আদি পিল্লেহ আৰু তাগিধ অঞ্চলৰ পৰা সংগ্ৰহ কৰে৷ তেওঁলোকৰ প্ৰিয় খাদ্য বনৰীয়া গাহৰি৷  এই খাদ্যসমূহৰ উপলব্ধতা ঋতুৰ ওপৰত নিৰ্ভৰ কৰে৷ গ্ৰীষ্মকাল অৰ্থাৎ মাৰ্চৰ মাজভাগৰ পৰা মে’ৰ মাজভাগলৈ বৰষুণৰ পৰিমাণ কম, গড় উষ্ণতা প্ৰায় ৩০ ডিগ্ৰী চেলচিয়াছ হয়৷ সেইসময়ত বনৰীয়া কঁঠাল আৰু মৌ যথেষ্ট পৰিমাণে সংগ্ৰহ কৰে৷ বাৰিষা বনৰীয়া গাহৰি চিকাৰৰ বাবে উপযুক্ত সময়৷ দৈনন্দিন বা চিকাৰৰ বাবে প্ৰয়োজনীয় সঁজুলি প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদৰে তৈয়াৰ কৰি লয়৷ আগতে তেওঁলোকে সঁজুলিৰ বাবে প্ৰয়োজনীয় লোহা জাৰাৱা সংৰক্ষিত বনাঞ্চলৰ কাষত থকা অজাৰাৱা বসতিস্থলৰ পৰা আৰু জাহাজৰ ভঙা অংশৰ পৰা সংগ্ৰহ কৰিছিল৷ বৰ্তমান আন্দামান প্ৰশাসনে লোহা আৰু ৰন্ধনত ব্যৱহূত পাত্ৰৰ যোগান ধৰে৷ আন্দামান-নিকোবৰৰ আন জনগোষ্ঠীৰ দৰে তেওঁলোকে নাও ব্যৱহাৰ নকৰে৷ কম জলভাগত যাতায়তৰ বাবে কাঠৰ ভূৰ ব্যৱহাৰ কৰে৷ আন জনগোষ্ঠীৰ দৰে অঞ্চলটোত উপলব্ধ বনজ সামগ্ৰীৰে জুপুৰি সাজি লয় যিবোৰক তেওঁলোকে চাদ্দা (Chadda) বুলি কয়৷ চাদ্দা সাজিবলৈ  স্থানীয়ভাৱে উপলব্ধ গছৰ ২ ইঞ্চিৰ পৰা ৩ ইঞ্চি ব্যাসৰ দীঘল ডাল খুঁটা হিচাপে ব্যৱহাৰ কৰি ওপৰৰ অংশক ধৰি ৰাখিবলৈ অনুভূমিক আৰু উলম্ব দিশত গছৰ বাকলি দিয়ে৷ তাৰ ওপৰত দীঘল বেতৰ বা পাম গছৰ পাতেৰে চাদ্দাৰ চাল নিৰ্মাণ কৰে৷ তেওঁলোকে দুই ধৰণৰ জুপুৰি সাজে– অস্থায়ী আৰু অৰ্ধস্থায়ী৷ অৰ্ধস্থায়ী জুপুৰিবোৰ সম্প্ৰদায়ৰ জুপুৰি৷ একেলগে খাদ্য বিচাৰি ফুৰাৰ সময়ত এদিন বা দুদিনৰ বাবে অস্থায়ী জুপুৰিত কটায়৷ যাযাবৰী সম্প্ৰদায় হোৱা বাবে খাদ্যৰ সন্ধানত সাধাৰণতে দুসপ্তাহৰ পৰা এমাহৰ ভিতৰত  এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয়৷ তেজৰ সম্পৰ্ক আৰু বিবাহৰ জৰিয়তে সম্পৰ্ক গঢ়ি উঠা কেইবাটাও পৰিয়াল এটা গোট হৈ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়৷ সাধাৰণতে এনে একোটা গোটৰ সদস্যৰ সংখ্যা ১৫ ৰ পৰা ৫০ জনলৈকে ভিন্ন হয়৷

জাৰাৱাসকল যদিও যাযাবৰী তেওঁলোকৰ কিছুমান সামাজিক ব্যৱস্থাৰ আছে৷ জাৰাৱাসকলৰ তিনি ধৰণৰ সামাজিক একক আছে, যেনে– একক পৰিয়াল, স্থানীয় গোট আৰু ভূখণ্ডীয় গোট৷ তিনিওটা ভূখণ্ডীয় গোট একেলগে জনগোষ্ঠী৷ জাৰাৱাসকলৰ মাজত যৌথ পৰিয়ালৰ প্ৰথা প্ৰচলিত নাই৷ স্বামী-স্ত্ৰী আৰু ছয়-সাত বছৰীয়া সন্তানেৰে তেওঁলোকৰ একক পৰিয়াল৷ একক পৰিয়াল বাস কৰা জুপুৰিক টুটাইম চাদ্দা (Tutime Chadda) বুলি কয়৷ এই চাদ্দবোৰ তেনেই সৰু৷ দীঘল আৰু  বহলে মাত্ৰ পাঁচ ফুট মান আৰু উচ্চতাও পাঁচ ফুটৰ ভিতৰত৷ সন্তানৰ বয়স ছয়-সাত বছৰ পাৰ হ’লে মাক-দেউতাকৰ পৰা আঁতৰি বিয়া নোহোৱালৈকে একেলগে আন শিবিৰত থাকিবলৈ যায়৷ কোনো বিবাহিত লোকৰ পত্নীৰ মৃত্যু হ’লে দ্বিতীয় বিবাহ নোহোৱা পৰ্যন্ত  অবিবাহিত ল’ৰাৰ শিবিৰতে থাকে৷ তেওঁৰ শিশু সন্তান থাকিলে মহিলা সদস্য থকা সম্পৰ্কীয় পৰিয়ালত থয়৷ পুনৰ বিবাহ পাশত আৱদ্ধ হ’লে শিশু সন্তানক আকৌ নিজৰ লগত আনে৷ অবিবাহিত ল’ৰা আৰু পত্নীৰ বিয়োগৰ পাছত বাস কৰা এনে জুপুৰিক ‘থোৰকালং’ (Thorkalang Chadda) বুলি কোৱা হয়৷ ঠিক একেদৰে ছোৱালীবোৰো বিয়া নোহোৱা পৰ্যন্ত আৰু বিধৱা মহিলা সকলে শিশু সন্তানৰ সৈতে (যদি শিশু সন্তান থাকে) একেলগে  জুপুৰিত বাস কৰে৷ যাক জাৰাৱাসকলে ‘থোৰকংগো’ (Thorkongo Chadda) বুলি কয়৷ এনে ধৰণৰ আৱাসিক জুপুৰিবোৰ গোটেই  বছৰতে ব্যৱহাৰ নহয়৷ বাৰিষা কালত সকলো লোকে সম্প্ৰদায় জুপুৰিত বাস কৰে৷ সম্প্ৰদায়ৰ জুপুৰিবোৰ ঘূৰণীয়া বা ডিম্বাকৃতিৰ মজলীয়া আকাৰত সাজে য’ত ৫ পৰা ২০ টা বা তাতোকৈ বেছি পৰিয়াল থাকিব পাৰে৷ এনে শিবিৰক  জাৰাৱাসকলে চদ্দা দে হুথু (Chadda-de-Huthu) বা চাদ্দা দে থুমা (Chadda-de-Thyma) বুলি কয়৷

    
communal hut of Jarawa
    জাৰাৱাসকলৰ মাজত মৃত ব্যক্তিক তেওঁলাকৰ শিবিৰৰ পৰা আঁতৰত আশিংক বা সম্পূৰ্ণৰূপে পুতি থোৱা প্ৰথা প্ৰচলিত৷ পুতি থোৱাৰ কিছু মাহ পিছত মৃতকৰ দেহৰ অৱশিষ্ট হাঁড় উলিয়াই পৰিয়ালৰ লোকসকলে ডিঙি, কঁকালত অলংকাৰৰ দৰে পিন্ধে৷
    ল’ৰা এজনে ১৩-১৪ বছৰ সম্পূৰ্ণ কৰাৰ পাছত নিজ প্ৰচেষ্টাৰে গাহৰি চিকাৰ কৰা প্ৰথা প্ৰচলিত৷ লেপা (Lepa) নামৰ এই অনুষ্ঠান উদযাপনৰ জৰিয়তে এজন ল’ৰা যৌৱন কালত ভৰি দিয়ে৷ ঠিক একেদৰে ছোৱালী এজনী ঋতুমতী হোৱাৰ সময়তো বিভিন্ন পৰম্পৰাৰে ‘ওপেমামে’ (Opemame) নামেৰে অনুষ্ঠান উদযাপন কৰে৷ এই অনুষ্ঠান উদযাপনৰ সময়ত বা পিছত জাৰাৱাসকলে সন্তানৰ নাম সলনি কৰে৷ সাধাৰণতে ছোৱালীৰ বিয়া ১৫ বছৰ বয়সৰ ভিতৰত  হয়৷ জাৰাৱাসকলে বিবাহক এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে পৰম্পৰাগত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ জৰিয়তে অনুষ্ঠিত কৰে৷ সাধাৰণতে পৰিয়ালৰ বয়োজেষ্ঠসকলে আলোচনাৰ মাজেৰে বিয়াৰ সম্পৰ্ক ঠিক কৰে৷ ভোজ, নাচ-গান বিবাহৰ অবিচ্ছেদ্য অংগ৷ পত্নীৰ মৃত্যু পিছত দ্বিতীয় বিবাহ আৰু বিধৱা বিবাহৰ প্ৰচলন আছে যদিও দুগৰাকী পত্নী কঠোৰভাৱে নিষিদ্ধ৷ তেওঁলোকৰ জীৱনত সূৰ্য আৰু চন্দ্ৰৰ প্ৰভাৱ যথেষ্ট৷ পূৰ্ণিমাৰ নিশা নাচ-গানৰ অনুষ্ঠান অনুষ্ঠিত কৰি পূৰ্ণিমাৰ নিশাটো উপভোগ কৰে৷ জোনাকৰ পোহৰত মৌ সংগ্ৰহ কৰা, সাগৰত মাছ ধৰা, চিকাৰ কৰা আদি কামতো ব্যস্ত হয় কাৰণ এন্ধাৰ ৰাতি এইবোৰ কাম কৰা সম্ভৱ নহয় ৷

জাৰাৱাসকলে শৰীৰ ঢাকিবলৈ কোনো কাপোৰ ব্যৱহাৰ কৰা নাছিল যদিও বৰ্তমান কেতিয়াবা কিছুমানে মাজে মাজে বিশেষকৈ অজাৰাৱা অঞ্চললৈ আহিলে শৰীৰৰ তলৰ অংশত কাপোৰ পিন্ধে বা মেৰিয়াই লয় ৷ যিবোৰ তেওঁলোকে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰে৷ তেওঁলোকে কাপোৰ পিন্ধিবলৈ সংগ্ৰহ কৰাতকৈ সুতা হিচাপে ব্যৱহাৰ কৰিবলৈ কাপোৰ সংগ্ৰহ কৰে৷ পুৰুষ-মহিলা উভয়ে অলংকাৰ পিন্ধিবলৈ ভাল পায়৷ ঋতু ভিত্তিক ফুল, ফল, গছৰ পাত আদিৰে অস্থায়ী অলংকাৰ প্ৰস্তুত কৰাৰ উপৰিও সাগৰীয় প্ৰাণীৰ খোলা, হাড়, গছৰ গুটি, আদিৰে স্থায়ী অলংকাৰ প্ৰস্তুত কৰে৷ যিবোৰ তেওঁলোকে আনুষ্ঠানিক অনুষ্ঠানৰ সময়ত পিন্ধে৷ মহিলাসকলে নিজকে সজাই ৰাখিবলৈ ভাল পায়, শৰীৰৰ ওপৰৰ অংশ ঢাকিব পৰাকৈ অস্থায়ী অলংকাৰ পিন্ধে৷ পুৰুষ-মহিলা সকলোৱে শৰীৰত বগা-ৰঙা মাটিৰ লেপ দিয়ে আৰু গাহৰিৰ চৰ্বিৰে শৰীৰ-মুখত বিভিন্ন নক্সা আকি লয়৷ শৰীৰ সজ্জা আৰু চিত্ৰকলা মহিলাসকলৰ দৈনন্দিন কাম-কাজৰ অবিচ্ছেদ্য অংশ৷ পৰম্পৰাগত সাজ-পোছাক আৰু প্ৰাকৃতিক পৰিৱেশে তেওঁলোকৰ দৈনন্দিন জীৱনশৈলী আৰু সংস্কৃতিক জীয়াই ৰাখিছে৷ 
বিনোদন জাৰাৱাসকলৰ অৱসৰৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য৷ বিনোদনৰ সময়ত নাচ-গানত ব্যৱহাৰৰ বাবে মহিলাসকলে গছৰ পাত, ফুল, লতা, সাগৰীয় শামুকৰ খোলা আদিৰে ডিঙিৰ মালা, মূৰৰ বেণ্ড, হাতৰ খাৰু আৰু কঁকালৰ বাবে কঁকালী প্ৰস্তুত কৰে৷  
    বনৰীয়া গাহৰি চিকাৰৰ বাহিৰে আন কামত জাৰাৱা পুৰুষ-মহিলা সকলোৱে সমানে ভাগ লয় যদিও মহিলাসকলে চিকাৰৰ সময়ত কমেই ধনু-কাঁড় ব্যৱহাৰ কৰে৷ স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ ব্যৱহূত ধনু-কাঁড় ধবংস কৰি পেলোৱা হয়৷ উদ্ভিদৰ পৰা সংগ্ৰহ কৰা খাদ্য বেছিভাগ মহিলাসকলেই সংগ্ৰহ কৰে৷ মহিলাসকলে জালেৰে মাছ ধৰে আৰু পুৰুষে ধনু-কাঁড় ব্যৱহাৰ কৰি মাছ ধৰে৷ চিকাৰৰ সময়ত নিৰাপত্তাৰ বাবে পুৰুষসকলে গছৰ বাকলিৰে প্ৰস্তুত কৰা ‘কেকাদ’ (Kekad) নামৰ বুকুৰ ৰক্ষক পিন্ধে৷  সংগ্ৰহিত কৰা সম্পদসমূহ অঞ্চলটোত বাস কৰা আটাইৱে ভগাই লোৱা নিয়ম৷ কোনো এটা অঞ্চলত বাস কৰা প্ৰতিজন সদস্যৰ বাবেই ভূখণ্ডৰ উৎপাদিত সামগ্ৰী সুলভ৷ শিবিৰ পাতি বাস কৰা স্থানতে সংগ্ৰহ কৰা সম্পদবোৰ ভগাই লয়৷ গোটৰ প্ৰতিজন সদস্যই নিজৰ ভূখণ্ডৰ ভিতৰত  খাদ্য সংগ্ৰহৰ ক্ষেত্ৰত স্বাধীন কিন্তু নিজৰ ভূখণ্ডৰ সীমাৰ বাহিৰত খাদ্য সংগ্ৰহ কৰিব বিচাৰিলে সংশ্লিষ্ট গোটৰ অনুমতি ল’ব লাগে৷ 
    জাৰাৱাসকলৰ নিৰ্দিষ্ট ধৰ্মীয় পদ্ধতিৰ বিষয়ে তথ্য সংগ্ৰহৰ সীমিত সুবিধাৰ বাবে বিশেষ জানিব পৰা নাযায়৷ অন্যান্য জনগোষ্ঠীৰ দৰে জাৰাৱাসকলেও জীৱবাদ বিশ্বাস কৰে বুলি কোৱা হয়৷ তেওঁলোকে নিজৰ সুৰক্ষা, সমাজৰ উন্নতি আদিৰ বাবে আচাৰ-অনুষ্ঠান সম্পন্ন কৰিছিল বুলি কোৱা হয়৷
    গ্ৰেট আন্দামানী আৰু অংগে জনগোষ্ঠীয়ে ব্ৰিটিছসকলে দ্বিতীয় শাস্তিমূলক শিবিৰ স্থাপনৰ পৰাই কিছু পৰিমাণে বাহিৰা লোকৰ সংস্পৰ্শলৈ আহিছিল যদিও ঐতিহাসিকভাৱে জাৰাৱাসকলে নিজৰ অনন্য সংস্কৃতি আৰু পৰম্পৰা অটুট ৰাখি বাহিৰৰ পৰা বিচ্ছিন্ন হৈ আছিল৷ ১৯৯৬ চনলৈকে তেওঁলোকে নিজৰ ৰক্ষণশীলতা অব্যাহত ৰাখিছিল৷ ১৯৯৬ চনৰ এপ্ৰিলত জাৰাৱাসকলৰ সৈতে প্ৰথম যোগাযোগ হৈছিল৷ এই সম্পৰ্কৰ আৰম্ভ হৈছিল যেতিয়া এনমেই নামৰ ২১ বছৰীয়া জাৰাৱা ল’ৰা এজনৰ বাওঁ ভৰিৰ গোৰোহা গুৰুতৰভাৱে আঘাত পাইছিল৷ প্ৰশাসনে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ হোৱাৰ পাছত নিজ বসতিস্থললৈ পঠিয়াই দিছিল৷ এই ঘটনাই জাৰাৱা আৰু প্ৰশাসনৰ মাজত পাৰস্পাৰিক আস্থা আৰু সংস্পৰ্শ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ ১৯৯৭ চনৰ পৰা তেওঁলোকৰ আশে-পাশে বাস কৰা অজাৰাৱাসকলৰ সংস্পৰ্শলৈ আহিবলৈ ধৰে৷ লাহে লাহে তেওঁলোকৰ মাজত পাৰস্পাৰিক কাৰ্যকলাপ বাঢ়ি আহিছে৷
    বৰ্তমান জাৰোৱা জনগোষ্ঠী বহু কঠিন প্ৰত্যাহবানৰ সন্মুখীন হৈছে৷ এই প্ৰত্যাহবানসমূহ বিভিন্ন দিশৰ ফলত উদ্ভৱ হৈছে৷ বনাঞ্চল ধবংস, অবৈধভাৱে কাঠ কটা আৰু পৰ্যটন বৃদ্ধিয়ে তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি সাধন কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত বাধাৰ সৃষ্টি কৰিছে৷ যিটো তেওঁলোকৰ অস্তিত্বৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ বাহিৰা জগতৰ লগত হোৱা পাৰস্পাৰিক কাৰ্য-কলাপো আন এক গুৰুত্বপূৰ্ণ কাৰণ৷ 
   ১৯৭০ চনত জাৰাৱা বসতি অঞ্চলৰ মাজেৰে ‘আন্দামান ট্ৰাংক ৰোড’ নিৰ্মাণ কৰা হয়৷ ইয়াৰ ফলত জাৰাৱাসকলৰ বসতিস্থল হ্ৰাস হোৱাৰ উপৰিও চুবুৰীয়া অজাৰাৱাসকলে তেওঁলোকৰ বসতিস্থল হ্ৰাসত যথেষ্ট প্ৰভাৱ পেলাইছে৷ প্ৰব্ৰজনকাৰী আৰু উপনিৱেশিকৰ ঢৌ পৰা ৰক্ষা পৰিছে যদিও চৰকাৰী নীতিৰ বলি হৈছে৷ উন্নয়নৰ এনে পৰিৱৰ্তনে জাৰাৱাসকলৰ আদিম পৰম্পৰা, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুতৰভাৱে প্ৰভাৱ পেলাইছে৷ তাৰোপৰি বাহিৰা লোকৰ সংস্পৰ্শত বিভিন্ন ৰোগৰ সন্মুখীন হ’বলগীয়া হৈছে যিবোৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা তেওঁলোকৰ নাই ৷ ১৯৯৯ চনৰ মিজিলছৰ মহামাৰীয়ে জাৰাৱাৰ প্ৰায় ১০ শতাংশ জনসংখ্যা নিঃশেষ কৰি পেলাইছে৷ 
    আন্দামানলৈ যথেষ্ট পৰ্যটকৰ আগমণ ঘটে৷ আন্দামান ভ্ৰমণকালত পৰ্যটকৰ বাৰাটাং ভ্ৰমণ কৰা অপৰিহাৰ্য অংশ হৈ পৰিছে৷ বাৰাটাঙলৈ এই ট্ৰাংক ৰোডৰ মাজেৰে যাব লাগে৷ যাৰ ফলত জাৰাৱা আৰু বাহিৰা লোকৰ মাজত অধিক সংস্পৰ্শ ঘটিছে৷ পৰ্যটকে ঘাই পথৰ কাষত জাৰাৱাসকলক দেখা পোৱাৰ ফলত জাৰাৱাৰ লগত যোগাযোগৰ চেষ্টা কৰে আৰু জাৰাৱাৰ নৱ প্ৰজন্মই পৰ্যটকৰ পৰা সুবিধা ল’বও বিচাৰে৷ বৰ্তমান কিছুমান জাৰাৱাই বিশেষকৈ যুৱ প্ৰজন্মই আন্দামান ট্ৰাংক ৰোডৰ কাষৰ বাহিৰা লোকৰ সৈতে দৈনিক যোগাযোগৰ জৰিয়তে আৰু ওচৰৰ জেটি, বজাৰ  সংৰক্ষিত বনাঞ্চলৰ বহিঃজগতৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আহে৷ ২০০৮ চনত আন্দামান-নিকোবৰ প্ৰশাসনৰ পৰ্যটন বিভাগে এনে কাৰ্য ভাৰতীয় আইন অনুসৰি  অবৈধ বুলি ঘোষনা কৰিছে যদিও এনে কাৰ্য চলি আছে৷ বাৰাটাং ভ্ৰমণৰ সময়ত পৰ্যটকে আঁতৰৰ পৰা এবাৰ হ’লেও নিজ চকুৰে  জাৰাৱাৰ এজনক দেখা পোৱাৰ হেঁপাহ মনতে সাঁচি ৰাখে৷ আশা কৰে বাটত তেওঁলোকে আজিও প্ৰাগঐতিহাসিক যুগত নিহিত হৈ থকা আদিম মানুহক লগ পাব৷ সম্ভৱ হ’লে ফটো উঠিব, তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ জীৱন প্ৰণালীৰ বিষয়ে কিছু আভাস পাব৷ যদিও বাৰাটাং ভ্ৰমণলৈ যোৱাৰ আগতে পৰ্যটকক সতৰ্ক কৰি দিয়া হয় যে এই প্ৰকৃত শিলৰ যুগৰ মানুহৰ লগত যোগাযোগৰ চেষ্টা কৰা বা ফটো উঠা আদি আইনী অপৰাধ৷ আজিকালি বাৰাটাং ভ্ৰমণ কালত প্ৰায়েই ডেকা বা কম বয়সীয়া বিশেষকৈ ল’ৰা জাৰাৱাৰ  দেখা যায়৷ পৰ্যটকৰ মনত জাৰাৱাসকলৰ অতীতৰ ৰূপত দেখাৰ কৌতুহল মনৰ মাজত লুকাই থাকে যদিও তেওঁলোকে কঁকালৰ তলৰ অংশত চুটি ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰা পৰিলক্ষিত হয়৷ তেওঁলোক পৃথিৱীৰ আন মানুহৰ পৰা বিচ্ছিন্ন হৈ থাকিলেও নিঃসন্দেহে তেওঁলোক আমাৰ দৰেই মানুহ, তেওঁলোকো একে ইন্দ্ৰিয়ৰে সমৃদ্ধ, তেওঁলোকৰো আমাৰ দৰেই একে প্ৰয়োজন আছে৷ তেওঁলোকেও নিজৰ প্ৰয়োজন পূৰাবলৈ যথেষ্ট পৰিশ্ৰম কৰে৷ তেওঁলোকেও শান্তিৰে জীয়াই থাকিব বিচাৰে      নিজৰ উত্তৰাধীকাৰীৰ বাবে নিৰাপদ ভৱিষ্যত বিচাৰে৷
    ২০১৪ চনত ফৰাচী চলচিত্ৰ নিৰ্মাতাই জাৰাৱা জনগোষ্ঠীৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে৷ স্থানীয় দুজন বাসিন্দাই ছবি নিৰ্মাতাসকলক জাৰাৱা অঞ্চলত প্ৰৱেশ কৰাত সহায় কৰিছিল৷ এইবোৰ কাৰণতে তেওঁলোকৰ জীৱনলৈ সংশয় নামি আহিছে৷ 
    জাৰাৱাৰ নৱ প্ৰজন্মই বৰ্তমান বাহিৰা সংস্কৃতি আৰু প্ৰযুক্তিৰ সৈতে প্ৰভাৱিত হোৱা পৰিলক্ষিত হয় যিয়ে তেওঁলোকৰ ভাষা, ৰীতি-নীতি, ঐতিহ্যত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি৷ আধুনিক চিকিৎসা সেৱাৰ অভাৱ, সীমিত স্বাস্থ্য সেৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা কম আদিৰ বাবেও জাৰাৱাসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ চৰকাৰ আৰু বিভিন্ন পৰিৱেশ সংগঠনে জাৰাৱাৰ অধিকাৰ, ব্যক্তিত্ব আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে যথেষ্ট প্ৰচেষ্টা চলাইছে৷ তাৰ পিছতো বাহ্যিক প্ৰভাৱ আৰু ভূমি বেদখলকে ধৰি বিভিন্ন প্ৰত্যাহবানৰ সন্মুখীন হৈছে৷ জাৰাৱাসকলৰ আন বাহিৰালোকৰ লগত পাৰস্পৰিক ক্ৰিয়া বৃদ্ধি পোৱাৰ ফলত ধনাত্মক দিশ নুই কৰিব নোৱাৰি যদিও ঋণাত্মক প্ৰভাৱ বেছি যেনেই অনুমান হয়৷ তেওঁলোকৰ ভৱিষ্যত কোন দিশে গতি কৰিব সেয়াহে লক্ষণীয় হ’ব৷ 
jarawa

চেণ্টিনেলি

     দক্ষিণ আন্দামানৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত নৰ্থ চেণ্টিনেল দ্বীপ, আন্দামান নিকোবৰৰ প্ৰশাসনৰ মূখ্য কাৰ্যালয় প’ৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত অৱস্থিত৷ এই দ্বীপটো দক্ষিণ আন্দামানৰ পৰ্যটনস্থলী ৱাণ্ডুৰৰ পৰা ৩৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ এই নৰ্থ চেণ্টিনেল দ্বীপত পৃথিৱীৰ আন অংশৰ পৰা সম্পূৰ্ণভাৱে বিচ্ছিন্ন চিকাৰী জনজাতীয় সম্প্ৰদায় চেণ্টিনেলিজসকলে বাস কৰে৷ তেওঁলোকে নিজকে কি বুলি পৰিচয় দিয়ে বা নিজৰ দ্বীপটোক কি বুলি কয় জনা নাযায়৷ পৃথিৱীৰ আন অংশৰ লোকৰ প্ৰতি তেওঁলোকৰ ধাৰণা কি সেয়াও জ্ঞাত নহয়৷ তেওঁলোকক চেণ্টিনেলিজ বুলি কোৱা হয় কাৰণ তেওঁলোকে বাস কৰা দ্বীপটোৰ নাম চেণ্টিনেল৷ চুবুৰীয়া অংগেলোকসকলে অৱশ্যে এই দ্বীপক ‘চিয়া ডাক’কৱেয়েহ’ বুলি কয়৷ আন্দামানৰ বিচ্ছিন্নভাৱে বাস কৰা আন সমসাময়িক চিকাৰৰ পৰা খাদ্য সংগ্ৰহকাৰী জনজাতীয় লোকসকলৰ অধিকাংশই নিজৰ চাৰিওফালে বাস কৰা অন্য মানুহৰ সৈতে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন নহয়৷ অৱশ্যে সভ্য প্ৰতিবেশীসকলে এসময়ত তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ বাবে বিচ্ছিন্ন হৈ থাকিবলৈ পচন্দ কৰে৷ কিন্ত চেণ্টিনেলিজসকলে আজিলৈকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব বিচৰা সকলো প্ৰচেষ্টাক বিফল কৰি নিজৰ স্বাধীন অস্তিত্ব বজাই ৰাখিছে৷ ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক প্ৰশাসনে তেওঁলোকৰ লগত সংযোগ স্থাপন কৰিব বিচৰা সকলো প্ৰচেষ্টাক ধনু-কাঁড়েৰে বিৰোধিতা কৰি আজিও বিচ্ছিন্ন হৈয়েই আছে৷ 
    নৃতত্ত্ববিদসকলে অনুমান কৰা মতে চেণ্টিনেলিজসকলে বহু হাজাৰ বছৰ পূৰ্বে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰিছিল৷ নৰ্থ চেণ্টিনেল দ্বীপত বাস কৰা লোকৰ সঠিক জনসংখ্যা আৰু তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি নিশ্চিতভাৱে জনা নাযায়৷ তেওঁলোকৰ ৰীতি-নীতি আদিৰ বিষয়ে বিশেষ একো জনা নাযায়৷ উপগ্ৰহৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিও দ্বীপটোৰ ছবি লোৱা অসম্ভৱ, কাৰণ পাৰৰ বাহিৰে চাৰিওফালে ঘন অৰণ্যৰে আবৃত৷ অনুমানৰ ভিত্তিত এই জনজাতীয় গোটটোৰ জনসংখ্যা বৰ্তমান ৫০ ৰ পৰা ২০০ ভিতৰত৷ 
    ১৭৭১ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাইদ্ৰোগ্ৰাফিক জৰীপ অভিযানৰ জাহাজ এখন ৰাতি নৰ্থ চেণ্টিনেল দ্বীপৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত  পোহৰ জিলিকি থকা দেখা পাইছিল৷ সেই সময়তে দ্বীপটো লিপিবদ্ধ কৰা হৈছিল যদিও ইয়াৰ কোনো তদন্ত কৰা হোৱা  নাছিল৷ ইয়াৰ প্ৰায় এশ বছৰ পাছত ১৮৬৭ চনত নৰ্থ চেণ্টিনেল দ্বীপৰ প্ৰৱাল প্ৰাচীৰ খুন্দা লাগি ভাৰতীয় জাহাজ নিনেভে (Ninevh) ডুব যায়৷ জাহাজৰ যাত্ৰী আৰু কৰ্মীসকলে সাঁতুৰি দ্বীপলৈ আহি উলংগ, চাপৰ, ক’লা দ্বীপবাসীৰ মুখামুখি হয়৷ ৰয়েল নৌ সেনাবাহিনীৰ উদ্ধাৰকাৰী দল আহি নোপোৱালৈকে তিনিদিন ধৰি দুয়োপক্ষৰ মাজত অস্বস্তিকৰ আক্ৰমণাত্মক পৰিৱেশৰ সৃষ্টি হৈছিল৷ এয়া আছিল প্ৰথম চেণ্টিনেলিজৰ লগত প্ৰত্যক্ষ মুখামুখি৷
১৮৫৮ চনত আন্দামান শাস্তিমূলক উপনিৱেশ স্থাপনৰ লগে লগে ব্ৰিটিছ প্ৰশাসনে বনাঞ্চলবাসী জনজাতীয় সম্প্ৰদায়সমূহক নিজৰ আয়ত্ত্বলৈ আনিবলৈ চেষ্টা আৰম্ভ কৰে৷ ব্ৰিটিছসকলৰ উদ্দেশ্য আছিল এই কম জনসংখ্যাৰ জনগোষ্ঠীৰ লোকসকলক কৌশল কৰি আনি ভাল ব্যৱহাৰ, উপহাৰ আদিৰে তেওঁলোকক নিজৰ আয়ত্বলৈ অনাৰ প্ৰচেষ্টা৷ বাৰে বাৰে কৰা এনে প্ৰচেষ্টাত ব্ৰিটিছসকল কিছু পৰিমাণে কৃতকাৰ্য নোহোৱাও নহয়৷ নৰ্থ চেণ্টিনেল দ্বীপলৈ ১৮৬৭ চনতে এজন ঔপনিৱেশিক বিষয়াই প্ৰথম বাৰৰ বাবে লিপিবদ্ধ কৰা ভ্ৰমণ কৰিছিল৷ 
    আন্দামানীজসকলৰ ভাৰপ্ৰাপ্ত বিষয়া মৰিছ ভিডাল প’ৰ্টমেনে ১৮৮০ চনত চেনেল দ্বীপবাসীৰ সৈতে সংস্পৰ্শলে অহাৰ উদ্দেশ্যেৰে বৃহৎ অস্ত্ৰধাৰী দল লগত লৈ চেণ্টিনেল দ্বীপত উপস্থিত হৈছিল৷ তেওঁলোকৰ উপস্থিতিৰ উমান পাই চেণ্টিনেলিজসকলে নিজৰ জুপুৰি এৰি ঘন অৰণ্যত আত্মগোপন কৰিলে৷ প’ৰ্টমেনৰ নেতৃত্বত যোৱা দলটোৱে এহাল বয়সীয়াল দম্পত্তি আৰু চাৰিটা শিশু পাই প’ৰ্ট ব্লেয়াৰলৈ লৈ আহে৷ প’ৰ্ট ব্লেয়াৰ অহাৰ পাছতেই তেওঁলোক  অসুস্থ হৈ পৰে৷ অসুস্থতাৰ ফলত বৃদ্ধ দম্পত্তি হালৰ মৃত্যু হোৱাত শিশু কেইটাক বিভিন্ন উপহাৰ দি আকৌ চেণ্টিনেল দ্বীপলৈ ঘূৰাই পঠিয়াই৷ ইয়াৰ ফলত কিমান চেণ্টিনেলিজ অসুস্থ হৈ পৰিছিল সেয়া জনা নাযায়৷ অনুমান কৰা হৈছে শিশু কেইটাই ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে নহ’লে ইয়াৰ ফলত চেণ্টিনেলিসকল নিঃশেষ হ’লহেঁতেন৷ চেণ্টিনেল দ্বীপ ভ্ৰমণ সন্দৰ্ভত এম.ভি.প’ৰ্টমেনে কয় “আমি তেওঁলোকৰ আতংক আৰু শত্ৰুতা বৃদ্ধি কৰাৰ বাহিৰে আন বেছি একো কৰিব নোৱাৰিলো৷”
    ১৮৯৬ চনত আন্দামানৰ শাস্তিমূলক কলনীৰ পৰা পলায়ন কৰি এজন দোষী নৰ্থ চেণ্টিনেল দ্বীপ গৈ পায়৷ তেওঁ যেন তপত কেৰাহীৰ পৰা ওলাই জুইত হে পৰিল৷ ঔপনিৱেশিক অনুসন্ধানকাৰী দল এটাই কিছুদিনৰ পিছত তেওঁৰ কাঁড় বিদ্ধ ডিঙি কটা মৃতদেহ উদ্ধাৰ কৰে৷
    ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত নতুন চৰকাৰেও নিনেভে জাহাজ ধবংস হোৱাৰ এশ বছৰ পিছত ব্ৰিটিছৰ দৰে একে নীতি অনুসৰণ কৰি সহানুভূতিৰ মনোভাৱেৰে চেণ্টিনেলিসকলৰ লগত বন্ধুত্ব স্থাপনৰ চেষ্টা কৰিছিল৷ ভাৰতীয় নৃতত্ত্ববিদ ত্ৰিলোক নাথ পণ্ডিতৰ নেতৃত্বত ১৯৬৭ চনত নৰ্থ চেণ্টিনেল দ্বীপত বাস কৰা জনজাতীয় লোকসকলৰ জীৱনশৈলী সতৰ্কতাৰে নিৰীক্ষণ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে৷ সেই সময়ত চেণ্টিনেলিজসকলৰ বিষয়ে জ্ঞান নাছিল বুলিয়েই কব পাৰি৷ তাৰ পিছত ধাৰাবাহিকভাৱে কেইবাবাৰো তেওঁলোকৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে যদিও সফল হোৱা নাছিল৷ এই প্ৰচেষ্টাত পণ্ডিত আৰু তেওঁৰ দলটোৱে বাৰে বাৰে সাৱধানে দ্বীপটোৰ কাষ চাপি সংম্পৰ্ক গঢ়ি তোলাৰ আশাত নাৰিকল, কল আদি উপহাৰ হিচাপে এৰি থৈ আহিছিল৷ দলটো উভতি অহাৰ পিছত চেণ্টিনেলিজসকলে উপহাৰবোৰ গ্ৰহণ কৰিলেও গছৰ আঁৰৰ পৰা দলটোলৈ কাঁড় নিক্ষেপ কৰি আঁতৰি থাকিবলৈ সতৰ্ক কৰি দিছিল৷ এবাৰ এনে এটি ভ্ৰমণত সাগৰৰ পাৰত দুটা গাহৰি আৰু এটা পুতলা এৰি থৈ আহিছিল৷ চেণ্টিনেলিজসকলে গাহৰি দুটা মাৰি পুতলাৰ সৈতে পুতি থৈছিল৷ ১৯৬৭ চনৰ পৰা প্ৰায় তিনি দশক ধৰি চলি থকা যোগাযোগৰ অভিযানৰ সময়ত যোগাযোগকাৰীসকলক দেখুওৱা তেওঁলোকৰ ব্যৱহাৰত উত্থান-পতন দেখা গৈছিল৷ ১৯৮৮ চনৰ পিছত তেওঁলোকে যোগাযোগকাৰীসকলক ক্ষতিগ্ৰস্থ কৰাৰ প্ৰচেষ্টা কৰা নাছিল৷
    চেণ্টিনেলিজসকলে বাহিৰৰ জগতৰ লগত কোনো সংস্পৰ্শ নোহোৱাকৈ বিচ্ছিন্ন হৈ আছে যদিও ১৯৯১ চনত ভাৰতীয় নৃতত্ত্ববিদ পণ্ডিতৰ নেতৃত্বত যোৱা এটা দলে প্ৰথম চেণ্টিনেলিজৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ যোগাযোগকাৰী দলটোৱে ১৯৯১ চনৰ চ্ছ্ৰ জানুৱাৰীত  দ্বীপটোৰ কাষ চাপি পানীৰ মাজেৰে দ্বীপবাসীক হাতে হাতে নাৰিকল দিবলৈ সক্ষম হৈছিল৷ চেণ্টিনেলিজসকলৰ প্ৰথমবাৰৰ বাবে যোগাযোগকাৰীৰ ইমান ওচৰলৈ আহি উপহাৰ গ্ৰহণ কৰিছিল৷ যোগাযোগৰ এই অনুষ্ঠানৰ সময়ত কোনে প্ৰথমে স্পৰ্শ কৰিছিল, কাক স্পৰ্শ কৰিছিল আদি লৈ প্ৰশাসনৰ বিভিন্ন খণ্ডৰ ভিতৰত আবেগিক বিষয় হৈ পৰিছিল যদিও এই মুহূৰ্ত আছিল ক্ষন্তেকীয়া৷ উল্লেখনীয় যে এই অভিযানত ভাগ লৈছিল এগৰাকী মহিলাই৷ মহিলাৰ উপস্থিতিয়েই হয়তো দ্বীপবাসীৰ মনৰ শঙ্কা কিছু পৰিমানে লাঘৱ কৰিছিল যাৰ ফলত ই সম্ভৱ হৈছিল৷ এই সাহসী মহিলাগৰাকী আছিল নৃতত্ত্ববিদ ড॰  মধুমালা চট্টোপাধ্যায় যিয়ে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ আদিম জনগোষ্ঠীৰ গৱেষণাৰ বাবে ছয় বছৰ কাল আন্দামানত কটায়৷ তেওঁৰ গৱেষণাৰ কালছোৱাত অৰ্থাৎ ১৯৮৯ ৰ পৰা ১৯৯৩ চনলৈ জাৰৱা, অংগে, গ্ৰেট আন্দামানীজ, নিকোবাৰেছ, চেণ্টিনেলিজ আৰু শ্বোম্পেন্স এই ছয়োটা জনগোষ্ঠীৰ লোকৰ সংস্পৰ্শত আহিছিল৷ 
    ড॰ মধুমালাই নৰ্থ চেণ্টিনেলি দ্বীপ ভ্ৰমণ কৰিবলৈ এণ্ট’প’লজিকেল চাৰ্ভে অব ইণ্ডিয়া আৰু আন্দামান প্ৰশাসনৰ পৰা বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ অৱশেষত তেওঁৰ দৃঢ়তাৰ বাবে এই দ্বীপ ভ্ৰমণৰ অনুমতি লাভ কৰিছিল৷  চেণ্টিনেলিজৰ ওপৰত কৰা গৱেষণাত মধুমালাই উল্লেখ কৰিছে যে চেণ্টিনেলিজৰ দৰে জনজাতিৰ মাজতো মহিলাসকলে হিংসা নিয়ন্ত্ৰণ কৰে৷ তেওঁলোকৰ চেণ্টিনেল দ্বীপ ভ্ৰমণৰ সময়ত  দ্বীপৰ এজন বাসিন্দাই  জাহাজৰ এজন লোকলৈ বুলি কাঁড় নিক্ষেপৰ বাবে লক্ষ্য কৰিছিল৷ এগৰাকী চেণ্টিনেলিজ মহিলা এই জনজাতীয় লোকজনৰ কাষত থিয় হৈ আছিল৷ মহিলাগৰাকীক দেখা পায় মধুমালাই “কায়েৰী এচেৰা, নাৰিয়ালি জবা জবা” বুলি ক’লে৷ অৰ্থাৎ “মা ইয়ালৈ আহক আৰু বহুত বহুত নাৰিকল আছে৷” যেতিয়া মধুমালাই জনজাতীয় ভাষাত কথা কৈছিল মহিলাগৰাকীয়ে কাড়ডাল আনফালে ঠেলি  দিয়াত তেওঁলোকৰ লগত যোৱা লোকজনৰ জীৱন ৰক্ষা পৰিছিল৷ ইয়াৰ আগতেও মধুমালাই অংগে আৰু কাৰ নিকোবাৰেছ মহিলাসকলক লগ পোৱাৰ সময়ত লক্ষ্য কৰিছিল জনজাতিসমূহৰ ভিতৰত মহিলাসকলে হিংসা নিয়ন্ত্ৰণ কৰিছিল৷ ড॰ মধুমালাই কয় তেওঁৰ গৱেষণা কালত কোনো জনজাতীয় পুৰুষে তেওঁৰ লগত কোনো বেয়া আচৰণ কৰা নাছিল৷ তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে জাৰৱা মহিলাসকলে তেওঁক গছৰ বাকলি আৰু পাতেৰে তৈয়াৰী কৰা বাহুৰ অলংকাৰ, চুলিৰ বেণ্ড আদি উপহাৰ দিছিল৷
    নৃতত্ত্ববিদসকলৰ বাৰে বাৰে দ্বীপলৈ কৰা ভ্ৰমণ কালত নাৰিকল বা উপহাৰ গ্ৰহণৰ বাহিৰে দ্বীপবাসীৰ সৈতে আন বেছি সংস্পৰ্শলৈ অহা নাছিল৷ ১৯৯৬ চনত ভাৰত চৰকাৰে নৃতত্ত্ববিদসকলৰ ভ্ৰমণ স্থগিত কৰে৷ বন্ধুত্ব গঢ়ি তুলিব বিচৰা অভিযানৰ প্ৰথম বছৰবোৰত সংগ্ৰহ কৰা তথ্য আৰু যোগাযোগকাৰীসকলে দূৰৰ পৰা কৰা পৰ্যবেক্ষণৰ ভিত্তিত অনুমান কৰা হয় চেণ্টিনেল জনগোষ্ঠীৰ লোকসকলে জীৱ-জন্তু পালন নকৰে৷ তেওঁলোকে ফলমূল, মৌ, বনৰীয়া গাহৰি, কাছ, মাছ আদি খায় বুলি ধাৰণা কৰা হয়৷ তেওঁলোকে খাদ্যৰ বাবে সংগ্ৰহ কৰা উদ্ভিদ আৰু চিকাৰ কৰা প্ৰাণীৰ বিষয়ে কোনো স্পষ্ট  ধাৰণা নাই৷ দ্বীপটোত নাৰিকল গছ দেখা নাযায়, আনকি কল গছ আছে নে সেয়াও জানিব পৰা হোৱা নাই৷ কিন্তু যোগাযোগকাৰীয়ে যেতিয়া  নাৰিকল আৰু কল দিছিল সেইবোৰৰ জুতি লোৱা দেখা গৈছিল৷ চেণ্টিনেলিজসকলে নাও, ধনু-কাঁড়, বৰশী, যাঠী, কাঠ কাটিবলৈ কুঠাৰ সদৃশ অস্ত্ৰ নিৰ্মাণ কৰিব জানে কিন্তু কৃষি কৰ্মত নিয়োজিত নহয়৷ কোৱা হয় খোজকাঢ়িব পৰা হোৱাৰে পৰা সন্তানক কাঁড় নিৰ্মাণ আৰু ধনু বিদ্যাৰ প্ৰশিক্ষণ দিয়া হয় যাতে তেওঁলোকে নিজকে বাহিৰা শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে৷ চেণ্টিনেলিজসকলে লোহাৰ টিপ থকা কাঁড় ব্যৱহাৰ কৰে৷ কিন্তু লোহা তেওঁলোকে ক’ৰ পৰা সংগ্ৰহ কৰে তাৰ কোনো তথ্য নাই৷ অনুমান কৰা হৈছে জাহাজৰ ধবংসাৱশেষ পৰা উদ্ধাৰ কৰা ধাতুৰে কাঁড়ত টিপ দিয়ে আৰু চিকাৰৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ নিৰ্মাণ কৰে৷ আগতে দ্বীপটোৰ চাৰিওফালে থকা প্ৰবাল প্ৰাচীৰত খুন্দা খাই জাহাজ আৱদ্ধ হৈ পৰিছিল৷ ১৯৭৭ আৰু ১৯৮১ চনত দুখন মালবাহী জাহাজ দ্বীপটোৰ পাৰত খুন্দা খাই ডুব যায়৷ দ্বীপটোৰ পাৰত এই জাহাজ দুখনৰ অৱশিষ্ট এতিয়াও দেখা যায়৷ কাপোৰ পিন্ধাৰ কোনো ধাৰণা তেওঁলোকৰ নাই৷ পুৰুষ-মহিলা উভয়ে  গছৰ আঁহৰে তৈয়াৰ কৰা কঁকালত ডোল, ডিঙিত নেকলেচ আৰু মুৰত বেণ্ড পিন্ধে৷ পুৰুষসকলে কঁকালৰ ডোল ডাঠ য’ত তেওঁলোকে ধনু-কাঁড়, বৰশী, ডেগাৰ আদি কঢ়িয়াই লৈ ফুৰে৷ চেণ্টিনেলিজসকলে বেৰ নথকা, চাৰিটা খুঁটাত স্থাপন কৰা  গছৰ পাতেৰে নিৰ্মাণ কৰা হেলনীয়া চালৰ সৰু অস্থায়ী জুপুৰিত বাস কৰে৷ তেওঁলোকে সৰু দীঘলীয়া নাও ব্যৱহাৰ কৰে, যিবোৰ পানীত দীঘল খুঁটাৰে আগুৱাই নিয়ে৷ এই নাওবোৰ অগভীৰ পানীতহে ব্যৱহাৰ কৰিব পাৰি৷ প্ৰাকৃতিক দুৰ্যোগৰ লগত কেনেদৰে মোকাবেলা লাগে তেওঁলোকে জানে৷
     বিচ্ছিন্ন জনজাতিৰ বাবে যোগাযোগ কেৱল বিপদেই নহয় এয়া তেওঁলোকৰ বাবে মৃত্যুদণ্ড– এই কথা স্বীকাৰ কৰি ভাৰত চৰকাৰে ১৯৫৬ চনত আন্দামান আৰু নিকোবৰ প্ৰটেকশ্বন অব এবৰিজিনেল ট্ৰাইবছ ৰেগুলেশ্বন (Andaman and Nicobar Islands Protection of Aboriginal Tribes Regulation) আইন প্ৰৱৰ্তন কৰে৷ এই আইন অনুসৰি নৰ্থ চেণ্টিনেল দ্বীপ আৰু ইয়াৰ চাৰিওফালে ৫.৬ কিলোমিটাৰ দূৰত্বলৈ ভ্ৰমণ নিষিদ্ধ৷ এই নিষেধাজ্ঞা কেৱল বাহিৰৰ লোকক সুৰক্ষিত ৰখাই নহয়৷  নৃতত্ত্ববিদসকলে অনুমান কৰিছে যে নৰ্থ চেণ্টিনেল দ্বীপৰ বাসিন্দাসকলে হাজাৰ হাজাৰ বছৰ ধৰি সম্পূৰ্ণ বিচ্ছিন্নতাত বাস কৰি আহিছে৷ এই বিচ্ছিন্নতাৰ বাবে তেওঁলোকৰ বাহিৰা জগতৰ ৰোগ সৃষ্টিকাৰী জীৱানুৰ সংস্পৰ্শলৈ অহা নাই আৰু তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা নাই৷ বিশ্বৰ আন বিচ্ছিন্ন জনগোষ্ঠীৰ তথ্যই প্ৰমাণ কৰি দেখুৱাইছে যে বাহিৰা মানুহৰ সংস্পৰ্শই তেওঁলোকৰ ওপৰত বিধবংসী প্ৰভাৱ পেলাব পাৰে৷ অৰ্থাৎ এই আইনখনৰ উদ্দেশ্য হৈছে চেণ্টিনেলিজসকলক এনে সক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰা, যাক প্ৰতিৰোধ কৰা ক্ষমতা তেওঁলোকৰ নাই৷ ৰোগ প্ৰতিৰোধ কৰাৰ বাহিৰেও এই আইন খনে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত জীৱনশৈলী, ৰীতি-নীতি, ভাষা আদি অক্ষত অৱস্থাত থকাটো নিশ্চিত কৰিছে৷ এই আইনৰ ফলত জনগোষ্ঠীটোৰ চোৰাং চিকাৰ, মানৱ সৰবৰাহ, অকতৃৰ্ত্বশীল চিত্ৰগ্ৰহণ, শোষণ আদি ৰোধ হৈছে৷ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফলত ভূমি দখল, বলপূৰ্বক সংস্পৰ্শ আদিৰ পৰাও সুৰক্ষিত হোৱাৰ লগতে চেণ্টিনেলিজসকলে আধুনিক সভ্যতাৰ অস্পৃশ্য হৈ সম্পূৰ্ণ  নিজৰ জীৱনশৈলীত জীয়াই থাকিবলৈ সক্ষম হৈছে৷ বাহিৰৰ লোকৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ চাৰিওফালৰ পানীত প্ৰশাসনে অহৰহ সশস্ত্ৰ টহল ব্যৱস্থা কৰিছে৷   
    ২০০৪ চনত হোৱা চুনামীৰ পিছত বিষয়ববীয়াসকলে দ্বীপৰ বাসিন্দাসকলৰ পৰিস্থিতিৰ বুজ ল’বলৈ হেলিকপ্টাৰেৰে ভ্ৰমণ  কৰিছিল৷ দ্বীপবাসীৰ এজন বাসিন্দাই ধনু-কাঁড়েৰে হেলিকপ্টাৰখনক আক্ৰমণ কৰা কাৰ্যই তেওঁলোক দুৰ্যোগৰ পৰা ৰক্ষা পোৱাৰ উমান পোৱা গৈছিল৷ ২০০৬ চনত  সুন্দৰ ৰাজ আৰু পণ্ডিত তিৱাৰী নামৰ দুজন মাছমৰীয়াৰ নাও বিকল হৈ পৰাত দ্বীপটোলৈ যাবলৈ বাধ্য হৈছিল৷ তেওঁলোককো হত্যা কৰি সাগৰৰ ফালে মুখ কৰি দেখাকৈ বাঁহৰ ডালত ৰাখি থৈছিল৷
    বিচ্ছিন্ন নৰ্থ চেণ্টিনেল দ্বীপটো অবৈধভাৱে ভ্ৰমণ কৰা আমেৰিকাৰ যুৱক জন এলেন চাউৰ হত্যাই দ্বীপৰ বাসিন্দাসকলৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ চাউৱে বিশ্বাস কৰিছিল পৃথিৱীৰ এইটোৱে একমাত্ৰ  জনগোষ্ঠেী  যাৰ সৈতে যীশুৰ পৰিচয় হোৱা নাই৷ চেণ্টিনেলবাসীক খৃষ্টান ধৰ্মৰ লগত পৰিচয় কৰি দিয়াৰ উদেশ্যেৰে মাছমৰীয়াৰ সহায়ত বাইবেল এখন লগত লৈ তেওঁ ২০১৮ চনত নৱেম্বৰ মাহত দ্বীপটোত উপস্থিত হৈছিল৷ দুবাৰকৈ খেদি পঠিওৱাৰ পিছতো তৃতীয়বাৰ যেতিয়া তেওঁ দ্বীপত প্ৰৱেশ কৰিছিল তেতিয়া চেণ্টিনেলিসকলে চাউক হত্যা কৰি সাগৰৰ পাৰলৈ টানি আনি মৃতদেহ পুতি থৈছিল৷ এই কথা তেওঁক দ্বীপলৈ লৈ যোৱা মাছমৰীয়া দুজনে প্ৰত্যক্ষ কৰিছিল৷ ভাৰতীয় কতৃৰ্পক্ষই জনজাতীয়টোৰ সৈতে উত্তেজনাপূৰ্ণ মুখামুখি হোৱাৰ পাছতো চাউৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ বহুবাৰ চেষ্টাৰ অন্তত উদ্ধাৰৰ প্ৰচেষ্টা পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ ২০২৩ চনত নেচনেল জিঅ’গ্ৰাফিক তথ্যচিত্ৰ ‘দা মিছন’ চাউৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হয়৷ ২০২৫ চনত এলেক্স পেৰীৰ “জন এলেন চাউৰ শেষ দিন” নামৰ প্ৰৱন্ধৰ আধাৰত জাষ্টিন লিনৰ পৰিচালনাত “লাষ্ট ডেজ” নামৰ চিত্ৰ নিৰ্মাণ কৰা হয়৷
    পৃথিৱীৰ কেইটামান সংস্পৰ্শহীন জনগোষ্ঠীৰ ভিতৰত অন্যতম চেণ্টিনেলিজ বাস কৰা নৰ্থ চেণ্টিনেল দ্বীপটো মূল জাহাজ পথৰ পৰা আঁতৰত প্ৰৱাল প্ৰাচীৰেৰে আৱৰা এটা সৰু দ্বীপ৷ প্ৰশাসনে বলবৎ কৰা সুৰক্ষামূলক আইন আৰু দ্বীপবাসীৰ তীব্ৰ শত্ৰুতাৰ পিছতো চেণ্টিনেলিজসকল সম্পূৰ্ণ সংস্পৰ্শহীন নহয়৷ যোৱা প্ৰায় দুই শতিকা ধৰি কেইবাবাৰো লিপিবদ্ধ কৰা আৰু অবৈধভাৱে দ্বীপটো ভ্ৰমণ কৰা হৈছে৷ তাৰ ফলত দ্বীপবাসীৰ যি অপূৰণীয় ক্ষতি হৈছে সেয়া আমি সভ্য সমাজৰ বাসিন্দাই একো ভূ নাপাও৷ কেৱল তেওঁলোকৰ সংস্পৰ্শলৈ আহিব বিচৰা   সময়ত নিজ সুৰক্ষাৰ বাবে কৰা আক্ৰমণৰ বিষয়েহে লিপিবদ্ধ কৰা হৈছে, কিন্তু ইয়াৰ ফলত তেওঁলোকৰ কি হৈছে সেয়া জনাৰ কোনো উপায় নাই৷ চেণ্টিনেলিজসকলৰ অভিযানকাৰীৰ প্ৰতি দেখুওৱা শত্ৰুতাৰ পৰা এইটো স্পষ্ট যে তেওঁলোকে যোগাযোগ নিবিচাৰে৷ এইটো তেওঁলোকৰ বাবে সমুচিত সিদ্ধান্ত৷ আমি তেওঁলোকৰ এই যোগাযোগহীন হৈ থকাৰ  সিদ্ধান্তক সন্মান জনোৱা উচিত৷ ব্ৰিটিছে দ্বীপসমূহ উপনিৱেশিকৰণ কৰাৰ পাছত আন চুবুৰীয়া খিলঞ্জীয়া লোকসকলৰ ৰোগ আৰু হিংসাৰ বাবে প্ৰায় নিঃশেষ হৈ গৈছে৷

জাংগিল

    এসময়ত আন্দামান দীপপুঞ্জৰ ৰুটলেণ্ড দ্বীপৰ ভিতৰুৱা অঞ্চলত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক জাংগিল বুলি কোৱা হৈছিল৷ চুবুৰীয়া জাৰাৱাসকলৰ লগত সম্পৰ্ক থকা বুলি ধাৰাণা কৰি তেওঁলোকক ৰুটলেণ্ড জাৰাৱা বা ৰুটলেণ্ড অংগে বুলিও কোৱা হৈছিল৷ এই জাংগিল সম্প্ৰদায়ৰ বিষয়ে বিশেষ একো জনা নাযায়৷ ১৯০৭ চনৰ পৰা তেওঁলোকক কোনেও দেখা পোৱা নাই৷ অনুমান কৰা অনুসৰি বিংশ শতিকাৰ আৰম্ভণিতে কোনোবা সময়ত জাংগিলসকলৰ বিলুপ্ত হৈছে৷ উনবিংশ শতিকাৰ মাজভাগত প্ৰথম বাৰৰ বাবে জাংগিলসকলৰ লগত সন্মুখীন আৰু নথিভুক্ত কৰাৰ পিছৰে পৰা তেওঁলোকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ দুৰ্লভ হৈয়েই আছিল৷ তেওঁলোকে যোগাযোগ কৰা বা মুখামুখি হোৱাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল৷ ব্ৰিটিছ আৰু তাত বাস কৰা আন ভাৰতীয় লোকে জাংগিল গোটৰ ব্যক্তিৰ সন্মুখীন হোৱাৰ দৃষ্টান্ত কেইটামানহে নথিভুক্ত কৰা আছে৷  জৰীপৰ বাবে ১৯২০ চনত  দ্বীপটোৰ ভিতৰলৈ যোৱা জৰীপকাৰীৰ দলে তেওঁলোকৰ বাসস্থানৰ কোনো শুংসূত্ৰ নাপালে৷ সেয়ে জাংগিল জনগোষ্ঠীটো বিলুপ্ত বুলি ঘোষণা কৰা হৈছিল৷ অনুমান কৰা অনুসৰি তেওঁলোকৰ বিলুপ্তি  এনে কোনো ৰোগৰ ফলত হৈছিল যাক প্ৰতিৰোধ কৰাৰ ক্ষমতা জাংগিলসকলৰ নাছিল৷
১৮৮৪ চনত ব্ৰিটিছ নৌসেনাৰ বিষয়া মৰিছ ভিডাল প’ৰ্টমেনে হাবিয়া নামৰ এজন জাংগিললোকক বন্দী  কৰিছিল৷ হাবিয়াই জাৰাৱাৰ লগত কিছু মিল থকা কিন্তু পৃথক ভাষা কৈছিল৷ ইয়াৰ ভিত্তিতে প’ৰ্টমেনে অনুমান কৰি কৈছিল সম্ভৱতঃ জাৰাৱা আৰু জাংগিল ভাষাৰ মূল একেটাই৷ তেওঁলোকে বসবাস কৰা জুপুৰিৰ ১৮৯০ চনতে তোলা এখন ফটোত চেণ্টিনেলি আৰু অংগেৰ জুপুৰিৰ লগত মিল থকা জুপুৰি দেখুৱা হৈছে৷ জাংগিল ব্যক্তিৰ কোনো ফটো নাই৷ 
এই জনজাতীয় সম্প্ৰদায়সমূহে আধ্যাত্মিক অনুশীলনত অৰণ্য আৰু ইয়াৰ প্ৰাকৃতিক সম্পদৰ সৈতে এক শক্তিশালী সংযোগৰ লগতে পূৰ্ব পুৰুষৰ আত্মাৰ প্ৰতিও বিশ্বাস কৰে৷ তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক জীৱবাদ বুলি কোৱা হয়৷ জীৱবাদৰ অৰ্থাৎ তেওঁলোকে প্ৰকৃতিৰ আত্মা আৰু অলৌকিক শক্তিৰ উপস্থিতি বিশ্বাস কৰে৷ বিশ্বৰ বহুতো থলুৱা সংস্কৃতিতে গছ, প্ৰাণী, পানী, শিল আৰু প্ৰাকৃতিক পৰিঘটনাৰ দৰে উপাদানত আধ্যাত্মিক সত্তা অনুভৱ কৰি এনেধৰণৰ জীৱবাদ বিশ্বাস কৰে৷ জনজাতীয় লোকসকলে শ্বমনবাদ (Shamanism) অনুশীলন কৰিছিল বুলি অনুমান কৰা হয়৷ ধৰ্মীয় আচাৰ-ব্যৱহাৰত বেজ বা আধ্যাত্মিক নেতাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ শমনবাদ হৈছে এটা আধ্যাত্মিক প্ৰথা যি বিশ্বৰ বিভিন্ন সংস্কৃতিৰ মাজত প্ৰচলিত৷ ই আত্মিক জগতৰ সৈতে যোগাযোগ, চিকিৎসা আৰু বিধি-পদ্ধতি সম্পন্ন কৰা এজন বেজ বা ওজাৰ দ্বাৰা পৰিচালিত কৰা হয়৷ 
    ঔপনিৱেশিকসকলে আন্দামানত অধিপত্য বিস্তাৰ কৰাৰ পাছৰ পৰাই এই জনজাতীয় লোকসকলৰ বিপৰ্যয় নামি আহে৷ ব্ৰিটিছসকলে উপলব্ধ সম্পদসমূহ নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিছিল৷ দ্বীপবাসীৰ কল্যানৰ বাবে খুব কমেইহে ভাবিছিল৷ তেওঁলোকে আন্দামানৰ খিলঞ্জীয়া লোকসকলক প্ৰায় নিঃশেষ কৰি পেলালে৷ বহু আমেৰিকান জনজাতি আৰু তাছমেনিয়ানসকলো এনে অত্যাচাৰৰ বলি হৈছিল৷ শাস্তিমূলক শিবিৰ স্থাপনৰ পাছত জনজাতি আৰু ঔপনিবেশিকসকলৰ মাজত সঘনাই হোৱা সংঘৰ্ষৰ ফলত দ্বীপবাসী যথেষ্ট ক্ষতিগ্ৰস্থ হৈছিল৷ কিছু বছৰৰ ভিতৰতে গ্ৰেট আন্দামানী আৰু অংগে বন্ধুত্বপূৰ্ণ হৈ পৰিছিল৷ ইয়াৰ ফলত গ্ৰেট আন্দামানীসকল বিভিন্ন ৰোগ যেনে মিজিলছ আৰু চিফিলিছ আদিৰ দৰে মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে৷ সেই সময়ত জাৰাৱাসকলৰ বিষয়ে  কমেই জ্ঞাত আছিল বাবেই হয়তো আজিও নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছে৷











 










                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                             
Articles

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes