অলিয়ে-গলিয়ে এতিয়া মাথোন
চিৎকাৰ, ধৰ্ষণ, কামনাৰ লেলিহান শিখা
হিংসা, প্ৰৱঞ্চনা, আজুৰি লোৱাৰ সংবাদ
হত্যা, ধৰ্ষণ যেন নাৰকীয় শব্দ নহয়
মানুহবোৰ এতিয়া মানুহ হৈ থকা নাই
স্বাৰ্থ, অহংকাৰ, সম্পত্তিৰ প্ৰতিযোগিতাত
প্ৰত্যেকেই অঘোষিত প্ৰতিযোগী
কেঁচা তেজৰ ৰঙে নোৱাৰে
জোকাৰিব কাৰো অন্তৰ আত্মা
আনৰ চকুৰ লোতক দেখি নহয় উদ্বিগ্ন
বুজিও নুবুজা, দেখিও নেদেখা দিনকণাৰ দৰে
ঘৃণনীয় পৰিৱেশত কক্-বকাই আগুৱায়
অনিশ্চয়তাৰ ভয়ানক ভৱিষ্যতৰ দিশে ।
মোৰ কলমটোৱে বিচাৰি ফুৰে
শব্দৰ জাক, যাৰ প্ৰতিটো শব্দই
কুলষিতপূৰ্ণ সমাজৰ এলান্ধু আঁতৰাই
দুঃসময়ৰ শিপা উঘালি ন কঠীয়াৰে
সিঁচে আশাৰ সঞ্চাৰ নৱ প্ৰভাতৰ
ক্ষত-বিক্ষত হোৱা মন গহনত ।
