
জনপ্ৰিয়ভাৱে “সাতভনী” হিচাপে পৰিচিত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰা কৰা পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণৰ ঠাই হৈ পৰিছে৷ ইয়াৰ সংস্কৃতি, জাতিগত বৈচিত্ৰ্য আৰু মনোমোহা প্ৰাকৃতিক দৃশ্যই বহু প্ৰজন্মৰ পৰ্যটকক মোহিত কৰি আহিছে৷ ইয়াৰ উপৰিও ইয়াৰ চহকী ইতিহাস আৰু সংস্কৃতিও যুগ যুগ ধৰি পৰ্যটকক আকৰ্ষণ কৰি আহিছে৷ উত্তৰ-পূৰ্বাঞ্চল প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ যিবোৰৰ ভিতৰত খনিজ পদাৰ্থ, বনাঞ্চল, ভূমি আৰু জলভাগ অন্তৰ্ভুক্ত৷
মেঘালয় ভাৰতৰ অন্যতম মনোমোহা গন্তব্য স্থানসমূহৰ ভিতৰত এখন হোৱা বাবে ই যিকোনো ব্যক্তিকে মোহিত কৰে৷ মেঘালয়ৰ পৰ্যটকক মেঘালয় ৰাজ্যৰ ৰাজধানী চিলং, ডাউকি, চেৰাপুঞ্জী, পৃথিবীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই হিচাপে পৰিচিত মৌচিনৰামৰ চিৰ সেউজীয়া উপত্যকা, বহু উচ্ছতাৰ পৰা শিলৰ ওপৰেৰে বাগৰি আহি সৃষ্টি কৰা অগণন জলপ্ৰপাত আৰু মন্ত্ৰমুগ্ধকৰ পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য, যিয়ে বাৰে বাৰে আমাক আকৰ্ষণ কৰে তাৰ বিষয়ে প্ৰায় সকলোৰে অৱগত৷
এই সমুহৰ উপৰিও মেঘালয়ৰ আন এটি অন্যতম আকৰ্ষণ হৈছে পশ্চিম জয়ন্তীয়া পাহাৰত অৱস্থিত নাৰ্টিয়াং মন’লিথ, য’ত লুকাই আছে জয়ন্তীয়া জনগোষ্ঠীৰ বহুতো ইতিহাস৷ এই গাওঁখনক জয়ন্তীয়া শাসকৰ গ্ৰীষ্মকালীন ৰাজধানী বুলিও কোৱা হয়৷ নাৰ্টিয়াঙৰ এই মন’লিথ বাগিচাৰ ইতিহাসৰ বিষয়ে বৰ বেছি একো জনা নাযায় যদিও প্ৰচলিত প্ৰবাদ অনুসৰি জয়ন্তীয়া ৰজাৰ ৰাজত্ব কাল চিহ্নিত কৰিবলৈ এই মন’লিথ স্থাপন কৰা হৈছিল৷ কিছুমানৰ মতে আকৌ ৰলিয়াঙৰ পৰা নাৰ্টিয়াঙলৈ বজাৰ স্থানান্তৰৰ স্মৃতিত এই শিলৰ বাগিচা স্থাপন কৰা হৈছিল৷
ৰাজধানী চহৰ চিলংৰ পৰা প্ৰায় ষাঠী কিলোমিটাৰ, জোৱাইৰ পৰা মাত্ৰ ২৪ কিলোমিটাৰ নিলগত অৱস্থিত নাৰ্টিয়াং গাওঁ৷ নাৰ্টিয়াং গাওঁখন এনে এখন ঠাই য’ত এটা অঞ্চলত একক শিলৰ সংগ্ৰহ দেখিবলৈ পোৱা যায়৷ প্ৰাচীন একক শিলৰ বাবেই নাৰ্টিয়াং বিখ্যাত৷ নাৰ্টিয়াং গাঁওৰ আই ৱমুলং (Lawmulong) অঞ্চলত অৱস্থিত নাৰ্টিয়াং মন’লিথ৷ আক্ষৰিকভাৱে ইয়াক “মন’লিথৰ বাগিচা” (Garden of Monolith) বুলি কোৱা হয়৷ এই মন’লিথ বাগিচা মেঘালয়ৰ অন্যতম বিখ্যাত কীৰ্তিচিহ্ন আৰু জোৱাইৰ পৰ্যটকৰ আকৰ্ষণীয় স্থানসমূহৰ ভিতৰত অন্যতম৷ প্ৰকৃততে কেইবা শতিকা আগতে স্থাপন কৰা এই একক শিলৰ গঠনসমূহ জয়ন্তীয়া জনগোষ্ঠীৰ মুখীয়ালসকলৰ সমাধিস্থল চিহ্নিত কৰা, উদযাপন কৰা অনুষ্ঠানৰ স্মৃতিচাৰণ, ক্ষমতা আৰু কতৃৰ্ত্বৰ আদি বিভিন্ন কাৰ্যৰ প্ৰতীক৷ প্ৰতিটো একক শিল্পই জয়ন্তীয়া সম্প্ৰদায়ৰ পৰম্পৰা, চহকী ঐতিহ্য আৰু বিশ্বাসৰ বিষয়ে একো একোটা কাহিনী কয়৷ আজিও এই প্ৰাচীন একক শিল্পই জয়ন্তীয়াসকলৰ পূৰ্ব পুৰুষৰ সোঁৱৰণী হিচাপে থিয় হৈ আছে৷

নাৰ্টিয়াঙৰ এই অঞ্চলৰ একক শিল্পৰ ছাঁত দেখিছিলো বৃহৎ আকাৰৰ বিভিন্ন আকৃতিৰ উলম্ব আৰু অনুভূমিক শিলৰ সংগ্ৰহ৷ দুখনমান উৱলি যোৱা ফলকৰ বাহিৰে নিজান ঠাই ডোখৰত ঠাইখনৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আন কোনো উপায় নাছিল৷ ফলকৰ পৰা জানিব পাৰিছিলো আটাইতকৈ ওখ শিলৰ গঠন ‘মনহিৰ’ ( Menhir) আঠ মিটাৰ ওখ আৰু ওঠৰ ইঞ্চি ডাঠ যিটোক স্থানীয়ভাৱে মো লং চিয়েম (Moo Long Syiem) বুলি কোৱা হয়৷ এই মন’লিথ যুদ্ধত জয়লাভৰ সন্মান জনাই জয়ন্তীয়া ৰজাৰ বিশ্বাসযোগ্য লেফটেনেণ্ট ইউ মাৰ্ফালিংকিয়ে স্থাপন কৰিছিল৷
এই মন’লিথসমুহ ১৫০০ ৰ পৰা ১৮৩৩ খ্ৰীষ্টাব্দৰ ভিতৰত মাৰ্ফালিংকি, ইট লুহ লিংস্কোৰ লামাৰ আৰু নাৰ্টিয়াং গাঁৱৰ বিভিন্ন বংশৰ লোকে স্থাপন কৰিছিল৷ মন’লিথসমূহ দুই ধৰণৰ– উলম্ব আৰু অনুভূমিক৷ উলম্ব মন’লিথবোৰক মনহিৰ স্থানীয়ভাৱে মু শ্বিনৰাং (Moo Shynrang) বুলি কোৱা হয় যিয়ে পুৰুষক প্ৰতিনিধিত্ব কৰে৷ সমতল টেবুলৰ আকৃতিৰ যিবোৰ অনুভূমিকভাৱে ৰখা আছে এই মন’লিথসমূহে মহিলাক প্ৰতিনিধিত্ব কৰে স্থানীয়ভাৱে মু কিনথাই (Moo Kynthai) বুলি কোৱা হয়৷
মুখে মুখে চলি অহা কাহিনী অনুসৰি এসময়ত নাৰ্টিয়াঙত বজাৰ নাছিল৷ নাৰ্টিয়াঙৰ ওচৰৰ ৰলিয়াঙত (Raliang] হে বজাৰ আছিল৷ এনে এটি বজাৰৰ দিনত মাৰ্ফালিংকি বজাৰৰ পৰা উভতি অহা সময়ত ধাৰাষাৰ বৰষুণ আহিল৷তেওঁ ৰলিয়াঙৰ মুখীয়াৰ ছোৱালী জনীৰ পৰা এটা ছাতি বিচাৰিলে৷ ছোৱালীজনীয়ে মাৰ্ফালিংকিক ছাতি দিয়াৰ পৰিৱৰ্তে তেওঁক বৃহৎ শিল এটালৈ আঙুলিয়াই ক’লে তুমি এই শিলটোকে ছাতি হিচাপে ব্যৱহাৰ নকৰা কিয়? ছোৱালীজনীয়ে মাৰ্ফালিংকিৰ শক্তি পৰীক্ষা কৰিবলৈকে তেনেদৰে কৈছিল যদিও তেওঁ তাকেই কৰিলে৷ নাৰ্টিয়াং পোৱাৰ আগে আগে বৰষুণ এৰাত এই ঠাইডোখৰতে শিলটো পেলাই দিলে ৷
এই কাহিনী আমাৰ গাড়ী চালক লুঙৰ পৰা শুনিলো যদিও কাহিনীটো কিমান সত্য ধৰিব নোৱাৰিলো ৷ কিন্ত মনলৈ আহিল, ইমান বোৰ মন’লিথ কেনেকৈ ইয়ালৈ আহিল ৷ এই কাহিনীয়ে এটা কথাই স্পষ্ট কৰি দিলে যে এই প্ৰাচীন একক শিল্পবোৰ স্থানীয় লোকৰ বাবে বহু অতীতৰ পৰাই গুৰুত্বপূৰ্ণ৷ পূৰ্বপুৰুষক স্মৰণ কৰা আৰু তেওঁলোকৰ প্ৰতি সন্মানৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক অনন্য উপায়৷ পৃথিৱীত শৰীৰৰ ৰূপত তেওঁলোকৰ অস্তিত্ব নাথাকিলেও এই একক শিল্পৰ জৰিয়তে তেওঁলোকৰ কাহিনী চিৰ যুগমীয়া হৈ থাকিব৷
