02.07.2024.
প্ৰায় অৰ্ধশতিকা জুৰি
নিশব্দে পৰিত্যক্ত হৈ পৰি থকা
বীণাখনি মধুৰ মূৰ্চনাৰে
এনেকৈ যে এদিন বাজি উঠিব
কল্পনাও কৰা নাছিলোঁ ।
শব্দবোৰে দূৰৰ পাহাৰত খুন্দিয়াই
অনুৰণনৰ সৃষ্টি কৰিছিল ।
মধুৰ সময়ৰ হাবিয়াসত
উভতিছিলোঁ ধূসৰিত অতীতলৈ
তেতিয়ালৈকে উভতিছিলোঁ যেতিয়ালৈকে
জোনাকৰ ফটফটীয়া ৰূপালী পোহৰে
পোহৰাই তুলিছিল নৈৰ বিশাল বুকু ।
অতীজতে ক’ৰবাত এৰাল চিঙি
এৰি যোৱা সাগৰ সদৃশ বাসনা
জানো আকৌ উভতি আহিব
যিয়ে সৃষ্টি কৰিব কালজয়ী কবিতাৰ ছন্দ ৷
