মূল ৰাজবংশী—মীনাক্ষী ৰায় ডাকুৱা,
অসমীয়া অনুবাদ—জোনা মহন্ত, গুৱাহাটী ।
কোনো কোনো নদী মৰাসূঁতি হৈ
হেৰাই যায় বিষণ্ণ ফল্গুৰ দৰে
অদৃশ্য হৈ থাকে মাটিৰ গভীৰত
চাৰিওফালে দম বান্ধে নিত্যদিনৰ গ্লানি
মায়াৰ উমত যিজনে নিচেই কাষ চাপি আহে
সেইজনেই যেন দূৰৈ হৈ যোৱাৰ
আজ্ঞাপত্ৰ হাতত লৈ আহে
অকৃতজ্ঞ চতুৰ সময়ে কুট-কৌশল কৰিলেও
আচম্বিতে মূৰত বিচ্ছেদৰ সৰগ ভাগি পৰিলেও
কলঢপ কলঢপকৈ চলিয়েই থাকে
শোক-তাপত জীৰ্ণ জীৱন
আন্ধাৰত জন্ম লয় অন্য এক সম্ভাৱনা ।
দুখ-বেদনা আৰু বঞ্চনাৰ হো-হো চাকনৈয়াৰ
যি কথা কোনোদিনে কাকো কোৱা হোৱা নাই
বুকুৰ গভীৰত পৰি পাথৰ হৈ আছে
গুৰুভাৰ সেই পাথৰ আঁতৰাই থৈ
উপচি পৰা কলস্বনা নিজৰাৰ দৰে
কিছু কথা ফুটাই ক’ব পাৰিলে
বুকুখন অলপ পাতল হৈ যাব
অকলেই চলাৰ পথ হয়তো হৈ উঠিব ৰমণীয় ।
দিন গৈ থাকে তাৰ নিজস্ব নিয়মেৰে
এই মহাবিশ্বৰ ক’ৰবাত নহয় ক’ৰবাত
চাউল সিজিয়েই থাকিব
আন্ধাৰত মেলি থোৱা চকুত জাগি থাকে পৰলোক
অন্তৰত ফটফটীয়া এক ন উপলব্ধিৰ আলোক ।

অসমীয়া লৈ অনুবাদ কৰা “উপলব্ধি” কৱিতাটো পঢ়িলো। ভাল লাগিছে। শব্দ ৰাজিৰ শৃংখলা বোৰ সুন্দৰ হৈছ। অসমীয়া ভাষা সাহিত্যৰ ওপৰত যথেষ্ট আধিপত্য আছে তোমাৰ। এজন তোমাৰ বন্ধু হিচাবেহে কৈছোঁ……।
তোমাৰ সুন্দৰ মন্তব্যই আপ্লুত কৰিলে ৷