Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

অৱলম্বন

Jona Mahanta, June 16, 2024March 22, 2025

বন্ধৰ দিনত মোৰ নাতি ৰিয়ানৰ লগত খেলিবলৈ আহে ওচৰৰে চাৰি পাঁচ জন সমবয়সীয়া ল’ৰা-ছোৱালী ৷ আজিকালি খেলিবলৈও ক’তো ঠাই অকণ নাই আৰু সিহঁতৰ সময়ো নাই ৷ আগৰ দৰে ওচৰ চুবুৰীয়াৰ ল’ৰা- ছোৱালী লগ হৈ চিলা উৰোৱা, কেৰাম খেলা, লুকাভাকু খেলাৰ সোৱাদ আজিকালিৰ ল’ৰা-ছোৱালীয়ে নাজানেই ৷ আমাৰ ঘৰৰ আগফালে অকণমানি ঠাই আছে তাতেই কেতিয়াবা অলপ খেলে ৷ গৰমৰ বন্ধ চলি থকা বাবে এইকেইদিন সিহঁতে অলপ নিজৰ বাবে সময় পাইছে, নহ’লেতো স্কুল, টিউচন, ষ্টেডিয়ামত খেলৰ প্ৰশিক্ষণ আদিত এনেদৰে ব্যস্ত হৈ যেন একো একোটা ৰ’বট হে ৷ সিহঁতে চিঞৰ-বাখৰ কৰি খেলি থকা দেখিলে মোৰ বৰ ভাল লাগে ৷ মই উভতি যাওঁ মোৰ অতীতলৈ, চকুৰ আগত ভাঁহি উঠে বহু অস্পষ্ট মুখ ৷ সেই মুখবোৰৰ বহুতে হয়তো বৰ্তমান এই পৃথিৱীৰ পৰা আঁতৰি গৈছে, থকাবোৰো কোন ক’ত আছে, কেনে আছে কাৰো একো খবৰেই নাপাওঁ ৷
ল’ৰা-ছোৱালী কেইটা খেলি খেলি ভাগৰি যেতিয়া বাৰাণ্ডাত আহি বহে কিবা এটা খাবলৈ দিলে ভাল লাগে ৷ সিহঁতৰ বাবে পানী আনি মই বাৰাণ্ডাত থৈয়েই দিওঁ ৷ আজি দুপৰীয়া ভাত খাই উঠি সিহঁতৰ বাবে কেক এটা বনাই থৈছিলোঁ ৷ প্লেট এখনত ধুনীয়াকৈ সজাই কেক দিবলৈ ওলাই আহি বাৰাণ্ডাতে বহিলোঁ, সিঁহতৰ খেল চাই আবেলিৰ সময়কণ কটাওঁ বুলি ৷
এনেতে গেটখন খুলি সোমাই আহিল ফৰিদা আবেলিৰ তাইৰ ভাগৰ কামখিনি কৰিবলৈ ৷ দুপৰীয়াৰ বৰষুণ জাকে গৰমৰ পৰা কিছু সকাহ দিলেও তাই ঘামি-জামি মোৰ কাষতে মাটিত লেপেটা কাঢ়ি বহি ক’লে, “ বাইদেউ ইমান গৰম পৰিছে কাম কৰিবলৈ মনেই নোযোৱা হ’ল ৷ কিমান আৰু এই একে সোপা কামকে কৰিম মানুহৰ ঘৰে ঘৰে ৷
হয় দে ফৰিদা, তই মোৰ ঘৰতে কাম কৰা আজি প্ৰায় পঁচিশ বছৰে হ’ল ৷ তোৰ নিচিনা আন এগৰাকী আৰু নাপাম বুজিছ, যিমান দিনলৈ পাৰ মোৰ ঘৰত কৰি থাকিবি ৷
তাই হয়তো একো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে, মনে মনে মোৰ কাষতে বহি থাকিল ৷ হঠাতে কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল বাইদেউ হাজৰিকাৰ ঘৰৰ লগত আপোনালোকৰ পুৰণি চিনাকি নেকি ?

-এওঁলোক ইয়ালৈ অহাৰ আগতে হেনো হাজৰিকা আৰু এওঁলোক একেখন গাঁৱৰে আছিল ৷ কিয়নো আজি সুধিলি এইষাৰ কথা ?

নাই, সেইদিনা কাম কৰিবলৈ যাওঁতে হাজৰিকাদাই ক’লে, আপোনালোকৰ দাদা আৰু তেখেত হেনো একেখন গাঁৱৰে ৷ অলপ সময় কিবা ভাবি মনে মনে থাকি তাই আকৌ আৰম্ভ কৰিলে, বিজয়ৰ ককাকে হেনো এসময়ত দাদাৰ গাঁৱৰ ঘৰত কাম আছিল, তাৰপিছত বিজয়ৰ দেউতাক আপোনালোকৰ ঘৰত আৰু বিজয়ৰ দেউতাক ঢুকুৱাৰ পিছত আপোনালোকে এতিয়া বিজয়ক আনিছে ৷ 

কথাষাৰ শুনাৰ লগে লগে মনতো কিবা লাগি গ’ল ৷ কেনেকৈ বাৰু মানুহে আনৰ কথা লৈ এনেদৰে ব্যস্ত হ’ব পাৰে ৷ আমাৰ দেখোন নিজৰ সংসাৰৰ খুঁটি নাতি সামৰি নিজৰ ভাল লগা কিবা এটা কৰিবলৈকে সময় নহয় ৷ এনেবোৰ কথা ভাবিবলৈ সময় ক’ত ? নিজকে সুধি চালোঁ, আমি বাৰু স্বাৰ্থপৰ নেকি ? নাই নহয়, কেনেকৈ স্বাৰ্থপৰ হ’ম নিজৰ সামৰ্থ অনুযায়ী আনক সহায় কৰাৰ পৰা কেতিয়াও পাছহো‍ঁহকি অহা দেখোন মনত নপৰে ৷ আনৰ দুখ বা বেয়া দেখিলে মনত দেখোন বৰ কষ্ট হয় ৷ তেনেহলে আমিনো কেনেকৈ স্বাৰ্থপৰ হ'ম ! অৱশ্যে আনৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ মাজত সোমাবলৈ কুণ্ঠাবোধ কৰোঁ, তেওঁলোকে বা আকৌ কেনেদৰে লয় বুলি ভাবিয়ে ৷ যিয়ে যি কয় কৈ থাকক আমি জানোঁ নহয় আমাৰ মনত কি আছে বুলি কথাষাৰ বুলি এৰি দিওঁ বুলিও দিব পৰা নাই ৷ আচলতে ঘৰত কাম কৰা মানুহৰ আগত এনে কথাবোৰ আলোচনা কৰা উচিত নে ? নিজকে বুজাব পৰা নাই ৷ গোটেই জীৱন অভিজ্ঞতাৰে পৰিপূৰ্ণ শিক্ষিত লোক এজনে যদি কথাবোৰ এনেদৰে ভাবিব পাৰে, এই সাধাৰণ মানুহবোৰে নো বুজি পাব !    

মই অন্যমনষ্ক হৈ পৰা যেন দেখি ফৰিদাই আকৌ ক’লে, “তেওঁলোকৰ তিনি পুৰুষ হেনো আপোনালোকৰ গোলামী কৰিছে ৷” 

 এনেতে খেলি খেলি ভাগৰি পৰা ল’ৰা-ছোৱালী কেইজনে পানী খাবলৈ আহিল ৷ মই কেকৰ প্লেটখন সিহঁতলৈ আগবঢ়াই দি ক’লো, “তোমালোক আটায়ে কেক খোৱা ৷” 

কেক আৰু পানী খাই আটাইকেইজনে আকৌ খেলিবলৈ দৌৰিলে ৷ 

 ফৰিদালৈ চাই ক’লো, “ফৰিদা যা তোৰ আৰু মোৰ বাবে দুকাপ চাহকে আন ৷ গৰম যদিও এই সময়ত চাহ একাপ নাখালে মুৰতো বিষায় ৷”

 মোৰ কথা শুনি তাই উঠি গ’ল পাকঘৰলৈ ৷ ফৰিদাক নো কি কওঁ ক’ৰ পৰা আৰম্ভ কৰোঁ বুলি মই নিজৰ ভিতৰতে কথাখিনি অলপ যুকীয়াই আছোঁ ৷
তাই চাহ দুকাপ আনি মোৰ কাপটো আগবঢ়াই দি নিজৰ কাপটো লৈ আকৌ মাটিতে বহিল ৷

-ফৰিদা আজি তোৰ আৰু ক’ত কামত যাবলৈ আছে ৷

-আজি আৰু নাই বাইদেউ ৷ এঘৰত যাব লগা আছিল, ল’ৰা-ছোৱালী দুটাৰ গৰমৰ বন্ধ বাবে তেওঁলোক কৰবালৈ গৈছে ৷

-ভালেই হ’ল দে তোৰ লগত আজি অলপ গল্পকে কৰোঁ ৷ ময়ো অকলে আছোঁ ৷ ৰিয়ানেতো খেলাৰ আশাত মাক-দেউতাকৰ লগত ওলাইয়ে নগ’ল ৷ তোৰ আকৌ আমনিয়ে লাগে নেকি ? বহু পুৰণি কথা, বুলি কৈ মই আৰম্ভ কৰিলোঁ–মোৰ বিয়াৰ প্ৰায় পোন্ধৰ বছৰ মান পিছত হে বিজয়হঁতৰ পৰিয়ালৰ কথা মই গম পাইছিলোঁ ৷ মানে আজিৰ পৰা ত্ৰিশ বছৰ মান আগতে, ভাস্কৰ আৰু জ্যোতি স্কুলত পঢ়ি থকা সময়ৰে কথা ৷ তেতিয়া আমি এই ঘৰ সজাই নাছিলোঁ । ভাড়া ঘৰতে আছিলোঁ ৷ এদিন ভাস্কৰ আৰু জ্যোতি দুয়োকে স্কুলৰ পৰা লৈ অহাৰ সময়ত আমাৰ ঘৰৰ সন্মুখত এজন বয়সস্থ লোক বহি থকা দেখিলোঁ ৷ দুপৰীয়াখন ৰ’দৰ বাবে হয়তো জিৰণি লৈছে বা কাৰোবাৰ বাবে অপেক্ষা কৰিছে বুলি ভাবি একো নুসোধাকৈয়ে মই ঘৰলৈ সোমাই আহিলোঁ ৷ ঘৰলৈ আহিলোঁ যদিও মনতে খুঁদুৱনি লাগি থাকিল ৷ বয়সীয়াল লোক ক’ৰ পৰা বা কাক বিচাৰি আহিছে, তাৰোপৰি দেখোতে অসুস্থ যেনো লাগিছে ৷ খিৰিকিৰে দুবাৰ মান জুপিও চালোঁ ৷ নাই একে ঠাইতে বহি আছে ৷ কিছু সময় পাছত এওঁ ঘৰলৈ অহাত সুধিলোঁ, “মানুহ এজন গেটৰ বাহিৰত বহি আছিল তুমি আহোতে দেখিছিলা নেকি ?” 

অ আমাৰ গাঁওৰ মানুহ, ময়ো চিনিয়েই পোৱা নাছিলোঁ ৷ পৰিচয় দিয়াতহে ধৰিব পাৰিলোঁ ৷ গা অসুখ, ডাক্তৰক দেখুৱাই ঔষধ কিনি খাবলৈ টকা অলপ দিলোঁ ৷
 চাহ-তাহ কিবা অলপ খাবলৈ দিব লাগিছিল তেন্তে ৷ কিয় তেনেদৰে পঠিয়াই দিলা ?

কৈছিলোঁ, মোক অপেক্ষা কৰি থাকোতে বহু দেৰি হ’ল, গাঁৱলৈ উভতি যাবলৈ হেনো গাড়ী নাপাব সেইবাবে গ’লগৈ ৷ গাড়ীত পানী আৰু বিস্কুট আছিল তাকেই দিলোঁ ৷ 
ইয়াৰ কিছুদিন পাছত ডেকা ল’ৰা এজন আহিল এওঁক বিচাৰি ৷ কিছুসময় এওঁৰ লগত কথা পাতি গ’ল ৷ অফিচৰ কিবা কামত আহিছে ছাগে বুলি ভাবি ময়ো প্ৰয়োজনবোধ কৰা নাই কোন ল’ৰা বুলি সোধাৰ ।

দুপৰীয়া ভাত খোৱাৰ সময়ত এওঁ মোক ক’লে, “এই যে ল’ৰাজন আহিছিল সেইদিনা গাঁৱৰ পৰা অহা লোকজনৰ পুতেক ৷” 

মই একো উত্তৰ নিদি প্ৰশ্নবোধক চাৱনিৰে মাথোঁ তেওঁলৈ চালোঁ ৷           

সেইদিনা তেওঁ অসুখৰ বাবে টকা বিচাৰি অহা নাছিল ৷ তেওঁ আন এটা কথাৰ বাবেহে আহিছিল ৷

মোৰ কৌতূহল বাঢ়ি গ’ল ৷ কি এনে কথা লৈ মানুহজন আহিছিল যিটো মোক এওঁ আজিলৈ জানিব দিয়া নাই ৷
এওঁ লাহে লাহে ক’বলৈ ধৰিলে, সেই বয়সস্থ লোকজন এসময়ত আমাৰ গাঁৱৰ ঘৰতেই আছিল ৷ তেওঁৰ নাম হৰি, আমি হৰিকাই বুলিয়েই মাতিছিলোঁ ৷ আমাৰ খেতি-বাতিৰ সকলো দায়িত্ব তেওঁৰ ওপৰতে আছিল ৷ এয়া আজিৰ পৰা প্ৰায় ষাঠিৰ বছৰ আগৰ কথা ৷ তেওঁ আমাৰ ঘৰলৈ অহা সময়ত মই সৰু, আমাৰ আটাইকেইজন ভাই-ভনীৰ জন্মই হোৱা নাছিল ৷ হৰিকাইৰ ঘৰ আচলতে ক’ত আছিল কোনেও নাজানে ৷ কোনোবাই কয় তেওঁ হেনো বিহাৰৰ পৰা ৰিয়ানৰ সমানতে মানে সাত বছৰ মান বয়সতে মাহীমাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি গুচি আহি এইখিনি আহি পাইছিল ৷ এবাৰ পিতাই ঘৰলৈ অহাৰ সময়ত ৰেল ষ্টেচনত পাই গাঁৱলৈ আনিছিল ৷ তেতিয়া পিতাই দূৰৰ স্কুল এখনত শিক্ষকতা কৰিছিল, বন্ধত মাজে মাজে হে ঘৰলৈ আহিছিল ৷

দিনবোৰ এনেদৰেই পাৰ হৈছিল ৷ লাহে লাহে হৰিকাইৰ বিয়াৰ বয়স হৈ আহিল ৷ গাঁৱৰে মালতী নামৰ ছোৱালী এজনীৰ লগত সংসাৰ পাতিলে ৷ হৰিকাই আৰু মালতীৰ জীৱনলৈ আহিল এটি সন্তান ৷ সেইবছৰেই আমাৰ গাঁওখনৰ কাষতে থকা পগলাদিয়া নদীৰ পানী উপচি গোটেই অঞ্চল বানপানীৰে ভৰি পৰিল ৷ খেতি পথাৰ, ঘৰ দুৱাৰ সকলো পানীয়ে উটুৱাই লৈ গ’ল ৷ গাওঁখনৰ লোকে কোনোমতে আহি আশ্ৰয় শিবিৰত আশ্ৰয় লৈহে ৰক্ষা পৰিল ৷ বানপানীৰ পিছত পিতাই আমাক আৰু গাঁৱলৈ উভতাই নপঠালে, আমি আহি গুৱাহাটীবাসী হৈ পৰিলোঁ ৷

মই ক’লো, বিয়া হোৱা পোন্ধৰ বছৰে হ’ল আজিলৈ কোনোদিনে হৰিকাইৰ পৰিয়ালৰ কথা তোমালোক কাৰো মুখতেই শুনা নাছিলো যে ৷ ইয়াৰ মাজতে দেখোন বহুবাৰ গাওঁলৈও গৈছোঁ ৷ কেতিয়াও লগো পোৱা নাই ৷

আমি গুৱাহাটীলৈ অহাৰ পিছত হৰিকাইও পৰিয়াল লৈ আমাৰ গাঁও এৰি আন গাঁওলৈ গুচি গৈছিল বাবে তেওঁৰ লগত সম্পৰ্ক নোহোৱাৰ দৰেই হৈছিল ৷ সেই সময়ত সম্পৰ্ক ৰখা আজিৰ দৰে সহজ নাছিল ৷ সেইবাবেই তোমাক কোৱাৰ প্ৰয়োজনেই হোৱা নাছিল ৷ এতিয়া মই মাটি কিনা বুলি শুনি আহিছে ৷ 

কিছুদিন আগতে আমি এই মাটি ডোখৰ কিনিছিলোঁ ৷ আমি মাটি কিনাৰ পাছত তেওঁ বিচাৰি অহা কথাতো কিবা মোৰ বৰ বেছি আচহুৱা যেন লাগিল ৷ তাতে আকৌ পুতেকো আজি আহি আমাৰ ঘৰ পাইছে ৷ দুস্কৃতিকাৰীৰ চকুত পৰিলোঁ নেকি ? কথাটো নো কি একো ধৰিব পৰা নাই ৷ 

লাহেকৈ ক’লো, মানে ?

হৰিকাইৰ ল’ৰা ছয়জন ৷ ডাঙৰজন এদিন ঘৰৰ পৰা ওলাই গ’ল আৰু উভতিয়ে নাহিল ৷ জীয়াই আছে নে নাই সেয়াও নাজানে ৷ তিনিজন গুৱাহাটীতে থাকি সৰু-সুৰা কাম কৰি চলি আছে ৷ তেনেই শোচনীয় অৱস্থা ৷ য’ত থাকে তাৰো অৱস্থা নাই ৷ নলাৰ গোন্ধত মানুহ থকাৰ বাবে উপযোগী নহয় ৷ বাকী দুজন ল’ৰা একেবাৰে সৰু মাত্ৰ ছয় বছৰ মানহে হ’ব, হৰিকাইৰ লগত গাঁওতে থাকে ৷ ঘৈনীয়েকো ঢুকাল ৷ নিজেও অসুস্থ এতিয়া আৰু খেতি-বাতিৰ কামো কৰিব নোৱাৰে ৷ দুবেলা দুমুঠি খোৱাৰ বাবেই হাহাকাৰ ৷ 

ইমান সময় নিশ্চুপ হৈ বহি থকা ফৰিদাই দীঘলকৈ হুমুনিয়াহ কাঢ়ি ক’লে, “আমাৰ নিচিনা মানুহৰ এনেকুৱাই অৱস্থা বাইদেউ ৷” 

মই তাইৰ কথাৰ একো উত্তৰ নিদি ক’লো, “আজিৰ পৰা পঁচিশ-ত্ৰিশ বছৰ আগতে গুৱাহাটীত মাটিৰ দাম আজিৰ দৰে আকাশলংঘী নাছিল যদিও আমাৰ দৰে মানুহৰ মাটি কিনি ঘৰ সঁজা সপোন যেনেই আছিল ৷ যাহওক মাটি ডোখৰ কিনিলোঁ, তাত ঘৰ কেতিয়া সাজিব পাৰিম আমি ভাবিবই পৰা নাই ৷ তাতে আকৌ মাটি ডোখৰ ভালেখিনি দ, বহুত পুতিবও লাগিব ৷”

সেইদিনা হৰিকাই আহিছিল আমি কিনা মাটি ডোখৰত ল’ৰা কেইজনক থকাৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিবলৈ অনুৰোধ কৰিবলৈ ৷ মই ভাবি চাম বুলি কৈছিলোঁ, সেইবাবে আজি আকৌ ল’ৰাজন আহিছিল ৷ কিছু সময় মনে মনে থাকি এওঁ আকৌ ক’লে কিবা এটা কৰি দিব পাৰিলে বৰ ভাল আছিল ৷

 নিজে থাকিব পৰাকৈ ঘৰ এটা সাজিবলৈ আমাৰ ধনৰ অভাৱ যদিও মাটিৰ এটা অংশ পুতি ল’ৰা কেইজন থাকিব পৰাকৈ তৰ্জাৰ বেৰ দি সাজি দিব পৰা যাব নেকি ভাবি চোৱাচোন ৷ মাটি ডোখৰ এনেয়ে পৰি থকাতকৈ এই নিঃসহায় ল’ৰা কেইজনক সহায় কৰিব পাৰিলে ভালেই লাগিব ৷ সেইদিনাৰ সেই কথাৰ মৰ্মেই বিজয়ৰ দেউতাক আৰু খুড়াক কেইজনক আমাৰ মাটিত থাকিবলৈ ব্যৱস্থা কৰি দিলোঁ আৰু তেতিয়াৰে পৰা আজিও আছে ৷ সেয়াও আজি ত্ৰিশ বছৰ হ’ল ৷ তাৰ দুবছৰ মান পাছতহে আমি ঘৰ সাজিব ললোঁ ৷ 

দিন বাগৰাৰ লগে লগে ভাস্কৰ আৰু জ্যোতি ডাঙৰ হৈ আহিল দুটা কোঠাৰ ঘৰ এটাত যথেষ্ট অসুবিধাই দেখা দিলে ৷ যেনেকৈ নহওক সৰুকৈ হ’লেও ঘৰ এটা সাজিব লাগে বুলিয়েই আৰম্ভ কৰিছিলোঁ ৷ আমি কেনে অৱস্থাত ইয়ালৈ আহিছিলোঁ তই দেখোন দেখিছিলি ৷ তেতিয়াৰে পৰা ইহঁত ভাই-ককাই কেইটা সুখে-দুখে আমি সিহঁতৰ আৰু সিহঁত আমাৰ সহায় হৈ আহিছে ৷ ইয়াৰ মাজতে বহুতো ভাল-বেয়া বহু সময় পাৰ হৈ গ’ল, হৰিকাইও ঢুকাল ৷ 

অ বাইদেউ দেখিছিলোঁ ৷ 

তইতো তেতিয়াৰ পৰাই মোৰ তাত কাম কৰিছ ৷

হয় বাইদেউ, 

তোক নো আৰু মই কি ক’ম ! তাৰ পিছৰ ঘটনাবোৰ তইতো ভালদৰেই জান ৷ 

জানোঁ বাইদেউ মইতো সকলো দেখি আছোঁ, কিন্তু সেইদিনা হাজৰিকাদাই কথাখিনি বাবেহে মই আপোনাক সুধিলোঁ ৷

আমি বিজয়ক কিয় আনিলোঁ তই হয়তো সকলো কথা ভালদৰে গম পোৱা নাই ৷ বিজয়ৰ দেউতাক ধৰণী বৰ ভাল ল’ৰা আছিল, তাৰ মনত আমাৰ প্ৰতি বৰ তাৰ আপোন ভাৱ আছিল ৷ সি যে আমাৰ প্ৰতি চিৰ কৃতজ্ঞ আছিল সেই কথা সি মুখেৰে নক’লেও তাৰ কাম কাজতে ফুটি উঠিছিল ৷ বেচেৰা দুদিনৰ বেমাৰতে এনেদৰে যাব লাগে নে ? চিকিৎসা কৰাৰ সুবিধাকণো নিদিলে ৷ 

হয় বাইদেউ, সি আপোনালোকক বৰ ভাল পাইছিল ৷ প্ৰায়ে কৈছিল আপোনালোকে সিঁহতৰ পৰিয়ালক কৰা সহায়ৰ কথা ৷

ধৰণী ঢুকুৱাৰ পাছত পৰিয়ালৰ লোকসকলে বিজয়ৰ মাককে তাৰ দেউতাকৰ মৃত্যুৰ বাবে জগৰীয়া কৰিবলৈ ধৰিলে ৷ সুযোগ বিচাৰি থকা গাঁৱৰ মানুহবোৰে তাইক ডাইনী বুলি অত্যাচাৰ কৰিবলৈ ধৰিলে ৷ শেষত এনে পৰ্যায় পালেগৈ তাই অত্যাচাৰ সহিব নোৱাৰা হৈ এদিন আত্মহত্যা কৰিলে ৷ খবৰতো পাই মই আৰু এওঁ গৈ সিহঁতৰ ঘৰ পালোগৈ ৷ বেচেৰা বিজয়ে এটা চুকত কুচি-মুচি বহি আছে ৷ তাৰ নিঃসহায় ভয়াৰ্ত চকুয়ে মোক বহু কথাই কৈ গ’ল ৷ মই কাকো একো নোসোধাকৈয়ে তাক ক’লো, “ বিজয় তই আমাৰ লগত গুৱাহাটীলৈ যাবি ?” সি দৌৰি উঠি আহি মোক সাৱটি ধৰিলে ৷ মোৰ এনে লাগিল সাঁতুৰিব নজনা মানুহ এজন পানীত পৰিলে ধৰিবলৈ কিবা এটা অৱলম্বন পালে যেনে অৱস্থা হয় মোৰ কথাষাৰে যেন তাক তেনে এটা অনুভৱহে দিলে ৷ মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ, বৈ আহিল ধাৰাসাৰ অশ্ৰু ৷ কাকো একো নোকোৱাকৈ উভতি আহি গাড়ীত বহিলোঁ ৷ সেইসময়তে মই ঠিক কৰিলোঁ দুদিন মান পাছত আহি বিজয়ক আমি লৈ যাম ৷ সি জীৱনতো ভালদৰে পাৰ কৰিব পৰাকৈ তাক উপযুক্ত কৰিব লাগিব ৷ গাঁৱত থাকিলে তাৰ অৱস্থাও মাকৰ দৰেই হ’ব ৷ খুড়াক কেইজনৰ নিজৰ সংসাৰখন চলাবলৈকে হাহাকাৰ, এই ঘাট-মাউৰা ল’ৰাজনৰ নো আৰু ক’ত উচিত দায়িত্ব ল’ব ৷ এতিয়া মাত্ৰ ভগৱানৰ ওচৰত মোৰ মিনতি আমি দুজনে জীয়াই থকাৰ আগতে তাক কিবা এটা গতি লগাই দিব পাৰিলেই হয় ৷ এই চকুচৰহা মানুহবোৰে যি ভাবে ভাবি থাকক দে ফৰিদা ৷ বহুত কথা পাতিলোঁ আজি তোৰ লগত ৷ 

 হয় দিয়ক বাইদেউ ৷ ৰিয়ানেও বিজয়ক বৰ ভাল পায়, খেলিবলৈও লগ এজনো পাইছে ৷ বহুত দেৰি হ'ল ময়ো কামখিনি কৰি যাওঁ গৈ বাইদেউ ৷ সন্ধিয়া হ’বৰে হ’ল বুলি তাই ভিতৰলৈ সোমাই গ'ল ৷       
ইতিমধ্যে ৰিয়ানহঁতেও খেল সামৰি নিজ নিজ ঘৰ সোমাইছে ৷ নীড়মূখী চৰাই জাকলৈ চাই চাই বহু সময় অকলে বহি থাকিলোঁ বাৰাণ্ডাতে, জীৱনৰ বহু কথাই চকুৰ আগত আগা-দেৱা কৰি থাকিল ৷

Short Stories

Post navigation

Previous post
Next post

Comments (3)

  1. সঞ্জীৱ ডেকা says:
    June 16, 2024 at 1:09 pm

    খুউব ধুনীয়া সচৰাচৰ জীৱন সংগ্ৰামৰ গল্পটি পঢ়ি ভাল লাগিল আৰু এই চাম মানুহ পৃথিৱীত থাকিবই লাগিব পৰস্পৰে পৰস্পৰক সহায়ৰ হাত আগবঢ়াবলৈ।
    ভাল লাগিল জোনা।

    Reply
  2. সঞ্জীৱ ডেকা says:
    June 16, 2024 at 1:12 pm

    খুউব ধুনীয়া সচৰাচৰ জীৱন সংগ্ৰামৰ গল্পটি পঢ়ি। এই চাম মানুহ আমাৰ পৃথিৱীত থাকিবই লাগিব পৰস্পৰে পৰস্পৰক সহায়ৰ হাত আগবঢ়াবলৈ।
    ভাল লাগিল জোনা।

    Reply
    1. Jona Mahanta says:
      June 16, 2024 at 1:31 pm

      ধন্যবাদ সঞ্জীৱ

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে
  • উপলব্ধি
  • অৱলম্বন

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2025 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes