জোনা মহন্ত
শুকান জৰ্জৰিত ধূলিৰে ধূসৰিত
হৃদয়খন জুৰাবা বুলি
বাট চাই থাকোঁতে থাকোঁতে
মোৰ উদং বুকুত চলিল
অগণন নিষ্ঠুৰ পদৰ দপদপনি,
উচ্চ সংগীত আৰু তাণ্ডৱ নৃত্যৰ প্ৰহাৰত
হৃদয়ৰ স্পন্দন
স্তব্ধ হৈ পৰিব খোজে ।
বহু প্ৰত্যাশাৰ অন্তত
খন্তেকৰ বাবে হ’লেও
ভাগৰুৱা ধূলিৰ চাদৰ আঁতৰাই
চিনাকি চিনাকি লগা সুবাস
দিলা বিয়পাই চৌপাশে ।
তোমাৰ জীপাল পৰশত
নতুন ৰূপ সাজিব মেদিনীও
উপচাই সেউজ বৰণ
দোকোল টঁকা হৈ পৰিব মোৰ শুকান বুকু
ফেনে ফুটুকাৰে ।

প্ৰকৃতিৰ নিয়ম কেই বুজাব ধৰিছে যেন মোৰ ভাৱ হৈছে।অতি সুন্দৰ কৱিতাটি
খৰালি নদীৰ বুকুত যেতিয়া বালিচৰ পৰে, জীৱশ্ৰেষ্ঠ বুলি দম্ভালি মৰা মানৱজাতিয়ে নিজৰ আনন্দৰ বাবে নদীৰ বুকুত কিমান যে অত্যাচাৰ কৰে । প্ৰথম বৰষুণ জাকত শুকান বালিৰ এক পৰিচিত গোন্ধ চাৰিওফালে বিয়পায় । বাৰিষা বৰষুণত…
অতিকৈ সত্য।