মূল– হুমায়ুন আহমেদ
অনুবাদ– জোনা মহন্ত ৷
বাছৰ পৰা নামিয়েই থতমত খাই গ’লো ৷ বৰষুণত সকলো তিতি গৈছে ৷ ৰাস্তাত পানীৰ অবিৰাম সোঁত ৷ মানুহৰ চলাচলো নাই, লাইট পোষ্টৰ লাইটবোৰো নুমাই আছে ৷ অথচ দহ মিনিট আগতে য’ত আছিলোঁ তাত বৰষুণৰ নাম গোন্ধেই নাই ৷ চৌদিশে খটখটীয়া শুকান ৷ ভাবিলে কি আচৰিত লাগে ! বৰষুণ আহিছে আৰু সৰু অঞ্চল এটা তিয়াই গুচি গৈছে ৷ তাতেই শৈশৱৰ পৰিচিত এই অঞ্চল কিবা ভৌতিক যেন লাগিছে ৷ খোজ কাঢ়িব লৈ গা শিঁয়ৰি উঠিছে ৷
ৰাতি ন বজা নাই৷ ইতিমধ্যে ৰচিদৰ চাহৰ দোকান বন্ধ হৈ গৈছে ৷ মডাৰ্ণ লণ্ড্ৰীও বন্ধ৷ এবাৰ মনলৈ আহিল হয়তো বহুত ৰাতি হৈছে, মোৰ ঘড়ী বন্ধ হৈ আছে ৷ কাণৰ কাষত ঘড়ীটো ধৰোতেই ঘড়ীৰ শব্দ ভেদি মন্টুৰ মাতহে শুনিলোঁ ৷
ৰাস্তাৰ কাষত য’ত নাপিতৰ সৰু সৰু টুল আৰু কাঠৰ বাকচ থাকে তাতেই অামন-জিমনকৈ হৈ বহি আছে ৷ পোহৰ নাই বাবে ইমান সময়ে চকুত পৰা নাছিল৷ আচৰিত হৈ সুধিলোঁ,
মন্টু কি হৈছে ?
একো হোৱা নাই দাদা ৷
স্পঞ্জৰ চেণ্ডেলযোৰ হাতত লৈ মন্টু টুল বাকচৰ পৰা উঠি আহিল ৷ গোটেই গা বোকা-পানীৰে লুতুৰি-পুতুৰি ৷ কন্দনমুৱা হৈ ক’লে,
ভৰি পিছলি পৰিছিলো, চেণ্ডেলৰ ফিটা ছিঙি গ’ল ৷
ইমান ৰাতিলৈ বাহিৰত কি কৰিছিলি ?
তোমাৰ বাবে বহি আছিলোঁ, ইমান দেৰি কিয় কৰিছা ?
ঘৰত কিবা হৈছে নেকি মন্টু ?
নাই, একো হোৱা নাই ৷ মায়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে, ভিক্ষা কৰি খাবলৈ কৈছে ৷
মন্টুয়ে দীঘল হাতৰ চাৰ্টত মুখ মচিবলৈ ধৰিলে ৷
টুনুহঁতৰ ঘৰত আছিলোঁ, টুনুৰ ছাৰ আহিছে, সেইবাবে ইয়াতে বহি আছোঁ ৷
কোনেও নিবলৈ অহা নাই ?
ৰাবেয়া বা আহি চাৰি অনা পইচা দি গৈছে, তুমি আহিলে তোমাক লগত লৈ ঘৰলৈ যাব কৈছে ৷
মন্টুই মোৰ হাতত ধৰিলে ৷ দহ বছৰৰ এজন সৰু ল’ৰা সন্ধিয়াৰ পৰা বাহিৰত বহি আছে, তাৰ মাজতে বতাহ-বৰষুণ, লাইট-চাইট নুমাই মানুহ শুই পৰিছে ৷ গোটেই কথাখিনিৰ মাজত যথেষ্ট নিষ্ঠুৰতা আছে ৷ অথচ এই কথা লৈ মাক একো ক’ব নোৱাৰি ৷ বাবা ৰাতি দহ মান বজাত হে ঘৰলৈ উভতে ৷ যেতিয়া সকলোৱে গম পাই তেওঁ আৰু মৌন হৈ পৰে ৷ মুখ ক’লা কৰি ঘূৰি ফুৰিব আৰু এদিন ক্ষতিপূৰণ হিচাপে হয়তো চিনেমা এখন দেখুৱাই আনিব ৷
দাদা, মায়ে ৰুণুকো তলা বন্ধ কৰি ৰাখিছে ৷ যিটো ৰুমত ট্ৰাঙ্ক আছে সেই ৰুমত ৷
ৰুণুই কি কৰিছে ?
আইনা ভাঙিছে ৷
আৰু তই কি কৰিছিলি ?
মই একো কৰা নাই ৷
ঝুনু বাৰাণ্ডাত মুঢ়া এটাত মনে মনে বহি আছিল ৷ আমাক দেখি ধহমহকৈ ঠিয় হ’ল ৷
দাদা, ইমান দেৰি কিয় কৰিলা ? ইমান বেয়া লাগিছে ৷
কি হৈছে ঝুনু ?
কিমান যে কি হৈছে, তুমি ৰাবেয়াবাকে সোধা ৷
কথা শুনি ৰাবেয়া ওলাই আহিল ৷ চকুত ভয় বিদ্যমান ৷ লাহেকৈ ক’লে,
মাৰ বিষ আৰম্ভ হৈছে অ’ ভাইটি, বাবাতো এতিয়াও নাহিল, কি কৰোঁ কচোন ?
কেতিয়াৰ পৰা ?
আধা ঘণ্টাও হোৱা নাই৷ মাৰ পৰা চাবি আনি ৰুণুৰ দুৱাৰখন খুলি দিওঁ বুলি গৈছিলোঁ, দেখিলো এই অৱস্থা ৷
ঘৰৰ ভিতৰত ভৰি দিয়াৰ লগে লগেই ৰুণুৱে মাত লগালে ,
অ’ দাদা, শুনা চোন৷ মাৰ কি হৈছে দাদা ?
একো হোৱা নাই ৷
কান্দিছে কিয় ?
মাৰ কেঁচুৱা হ’ব ৷
হয় নেকি ৷ দাদা তলাটো খুলি দিয়া, মোৰ ভয় লাগিছে ৷
অলপ ৰ, ৰাবেয়াই চাবি আনি আছে ৷
ইয়াৰ পৰাই মাৰ অস্পষ্ট কান্দোন শুনা গৈছে ৷ কিছুমান কান্দোন আছে যিটো শুনিলে কষ্ট সম্বন্ধে কেৱল যে ধাৰণা হয় তেনে নহয়, ঠিক তেনে পৰিমাণৰ কষ্ট নিজেও অনুভৱ কৰা যায় ৷ ময়ো তেনে ধৰণৰ কষ্ট অনুভৱ কৰিলো ৷
ৰাবেয়াই ৰুণুৰ ৰুমৰ তলা খুলি দিলে ৷ বেচেৰী ৰাবেয়াই ভীষণ ভয় পাইছে ৷
তই ইমান দেৰি কৰিলি ভাইটি, এতিয়া কি কৰো ক ? অ’ভাৰচিয়াৰ খুড়াৰ খুড়ীক খবৰ দিছোঁ, তেওঁ ল’ৰাটোক শুৱাই আহি আছে ৷ তই সকলোটিকে লৈ ভাত খাবলৈ আহ, মাত্ৰ ভাত-দাইল ৷ যিখন হে কাণ্ড ৷ মাৰ মেজাজ ইমান বেয়া আগতে কেতিয়াও দেখা নাই ৷
খৰধৰকৈ কথাখিনি শেষ কৰি ৰাবেয়া পাকঘৰলৈ গ’ল ৷ বাথৰুমলৈ মাৰ ৰুমৰ সন্মুখৰ বাৰাণ্ডাৰে যাব লাগে৷ লাহে লাহে গৈছো, মাই তীক্ষ্ণস্বৰেৰে ক’লে, ভাইটি !
কি মা ?
তোৰ বাবা আহিছে ?
নাই ৷
ভিতৰলৈ আহ, বাহিৰত কিয় ৰৈ আছ ?
বিষ বোধহয় কিছু কমিছে ৷ সহজভাৱে উশাহ লৈছে৷ মাৰ মুখত বিন্দু বিন্দু ঘাম আৰু শেঁতা ওঁঠৰ বাহিৰে অসুস্থতাৰ আন লক্ষণ নাই ৷ ভাইটি, মন্টু আহিছে ?
আহিছে৷
আৰু ৰুণুৰ ৰুম ৰাবেয়াই খুলি দিছে ?
দিছে মা ৷
যা সিঁহতক লৈ আহ ৷
ৰুণু, ঝুনু আৰু মন্টু সন্মুখত থিয় হ’ল ৷ কিছুসময় মনে মনে থাকি মাই ক’লে, কান্দিছ কিয় ৰুণু ?
কন্দা নাই , মা ৷
বেচ, চকু মচি ল, ভাত খাইছ ?
নাই ৷
যা, ভাত খাই শুই থাক গৈ ৷
মন্টুই ক’লে, মা, মই বাবাৰ বাবে ৰাস্তাত ৰৈ থাকিম নেকি ?
নাই, নালাগে ৷ শুই থাক গৈ ৷ ৰুণুমা, কান্দিছ কিয় তই ?
কন্দা নাই তো ৷
মোৰ একো হোৱা নাই ৷ সকলো যা, শো গৈ৷ যা যা ৷
ৰুমৰ পৰা ওলাই আহি মোৰ মনটো কিবা বেয়া লাগি গ’ল ৷ আমাৰ দুখীয়া পৰিয়াল, বাবাৰ কম দৰমহাৰ চাকৰি–মা যেন ইয়াৰ মাজত সম্পূৰ্ণ এক বিসঙ্গতি ৷
বাবাৰ লগত যেতিয়া মাৰ বিয়া হয়, তেতিয়া তেওঁ ইতিহাসৰ এম.এ পৰীক্ষা দিব ৷ বাবা তেওঁলোকৰ ঘৰতে আশ্ৰয় লৈ আছিল ৷ গাঁৱৰ কলেজৰ পৰা বি.এ. পাছ কৰি চাকৰিৰ সন্ধানত চহৰলৈ আহিছিল ৷ তেওঁলোকৰ মাজত আত্মীয়তা গঢ়ি উঠিল ৷
বিয়াৰ পিছত দুয়ো এইখন ঘৰতে থাকিবলৈ ল’লে ৷ মাৰ পৰীক্ষা দিয়া নহ’ল ৷ কিছুদিন কোনোবা এখন স্কুলত শিক্ষকতা কৰিছিল ৷ সেইটো এৰি দি বেংকত কিবা এটা চাকৰিত সোমাল ৷ মোৰ জন্মৰ পিছতে সেই চাকৰিটোও এৰি দিলে ৷ তাৰপিছত এজন এজনকৈ ৰুণু হ’ল, ঝুনু হ’ল, মন্টু হ’ল– মা নিজৰ মাজতে ব্যস্ত হৈ পৰিল ৷
সকলো এৰি মা আমাৰ দুখীয়া ঘৰলৈ আহিছে বুলিয়েই তেওঁৰ ৰূপৰ কিছু কিছু আমিও পাইছোঁ ৷ তেওঁৰ শৈশৱৰ ৰুচিৰ কিছু (সৰু ভগ্নাংশ হ’লেও) আমাৰ মাজলৈ সংক্ৰমিত হৈছে ৷ যি মৰমৰ বাবে আমি আকলুৱা হৈ আছোঁ সেই মৰম আমি কোনেও পোৱা নাই ৷ ৰাবেয়াৰ প্ৰতি এক গভীৰ মৰম থকাৰ বাহিৰে আমাৰ আন কাৰো প্ৰতিয়ে তেওঁৰ কোনো আকৰ্ষণ নাই ৷ মাৰ অনাদাৰৰ ভূ খুব কম বয়সতে গম পোৱা যায়, যেনেদৰে মই গম পাইছিলোঁ ৷ ৰুণু-ঝুনুয়ো নিশ্চয় পাইছে ৷ তথাপিও আমি সকলোৱে মাক ভাল নাপাওঁ জানো !
উকিল চাহাবৰ ঘৰত টেলিফোন আছে ৷ তাৰ পৰা সৰু মাহীৰ ঘৰলৈ ফোন কৰিলোঁ ৷ সৰু মাহী ঘৰত নাছিল ৷ ফোন কিটকিয়ে ধৰিলে ৷
কি হৈছে দাদা ?
মাৰ গা ভাল নহয় ৷
কি হৈছে মাহীৰ ?
কি হৈছে ক’বলৈ গৈ লাজত মৰি হোৱা যেন লাগিছিল, ইফালে আকৌ উকিল চাহাবে কি কৈছোঁ শুনিবলৈ কাণ থিয় কৰি আছে ৷ কোনোমতে ক’লো,
মাৰ কেঁচুৱা হ’ব কিটকি ৷
আপোনালোকৰ খুব মজা, কিমান ভাই-ভনী৷ মইহে একেবাৰে অকলশৰীয়া ৷
কিটকি, ৰাতিপুৱা হ’লেই মাহীক এবাৰ আহিবলৈ কবি ৷
ঠিক আছে ক’ম৷ ময়ো আহিম ৷
মাৰ পৰিয়ালৰ লোকসকলৰ ভিতৰত মাত্ৰ এই পৰিয়ালটোৰ সৈতে আমাৰ অলপ যোগাযোগ আছে ৷ সৰু মাহী আহে মাজে মাজে ৷ কিটকিৰ জন্মদিন, পুতলাৰ বিয়া– এনে জাতীয় উৎসৱত ৰুণু-ঝুনক নিমন্ত্ৰণ কৰে ৷
ঘৰলৈ উভতি আহি দেখোঁ, বাবা আহি পাইছে ৷ অ’ভাৰচিয়াৰ খুড়াৰ খুড়ী আহিছে ৷ ধাই সুহাসিনীও আহিছে ৷ পাকঘৰত লাইট জ্বলিছে ৷ ৰাবেয়া ব্যস্ত হৈ এইটো ৰুমৰ পৰা সিটো ৰুম কৰি আছে ৷ বাবা ভিতৰৰ বাৰাণ্ডাৰ ইজি চেয়াৰখনত শুই ঘনে-ঘনে চিগাৰেট টানিছে ৷ মোক দেখি বাবাই যেন কিছু শক্তি পালে ৷ ‘তোমাৰ সৰু মাহীক খবৰ দিছা, ভাইটি ?’
হয় দিছোঁ ৷ আপুনি কেতিয়া আহিছে ?
মোৰ অলপ পলম হ’ল ৷ তোৰ আজিজ খাঁক মনত আছে ? ঘড়ীৰ দোকান আছিল যে, মোৰ খুব বন্ধু ৷ তেওঁৰ হঠাতে মৃত্যু হ’ল ৷ তেওঁৰ ঘৰলৈ গৈছিলো ৷
বাবাই যেন মোৰ ওচৰত কৈফিয়ৎ দিব বিচাৰিছে, তেনে ভাৱ-ভঙ্গীৰে ক’লে, আজিজ খাঁৰ ঘৈণীয়েক বাৰে বাৰে মূৰ্ছা গৈছে ৷ এবাৰ ভাবিলোঁ থাকিয়েই যাওঁ ৷ ভাগ্য ভাল– নাথাকিলোঁ, নিজৰ ঘৰতে ইমান ডাঙৰ বিপদ ৷
কিহৰ বিপদ, বাবা ?
অৱশ্যে বিপদ নহয় ৷ কিন্তু ৰাতি এনে এটি বেয়া সপোন দেখিলো, যিমান বাৰে মনত পৰে হাত-ভৰি চেঁচা হৈ যায় ৷ অলপ আগতে সেইকথা ৰাবেয়াকো কৈছোঁ ৷
কি সপোন ?
নাই নালাগে, ৰাতি দেখা সপোন কোনোবাই কয় জানো ? তুমি ৰাবেয়াৰ কাষত গৈ অলপ বহা ৷
ঘৰত যদিও বহুতো মানুহ সাৰে আছে চৌদিশে কিন্তু বেচ নিস্তব্ধ ৷ পাকঘৰত দুই এটা বাচনৰ শব্দৰ বাহিৰে বাকী আন একো শব্দ নাই ৷ বাবাই অৱশ্যে মাজে মাজে বিৰ-বিৰকৈ কিবা কৈ আছে ৷ তেখেতৰ অকলে কথা কোৱাৰ অভ্যাস আছে ৷ কেতিয়াবা মনটো যেতিয়া খুব ভালে থাকে তেতিয়া গুণ গুণকৈ গানো গায় ৷ কথাবোৰ বুজি নাপায়, ‘ও মন মন ৰে’ এইটো শাৰী অস্পষ্টকৈ শুনা যায়৷ ৰাবেয়াই কয়, ‘বাবাৰ নৈশ সংগীত ৷’ ৰাবেয়াজনী যে ইমান ফটুৱা !
পাকঘৰলৈ গৈ দেখিলোঁ, এটা ডাঙৰ এলুমিনিয়ামৰ চচপেনত পানী উতলি আছে ৷ ৰাবেয়াৰ তন্দ্ৰালু ফুলা চকুত জুইৰ ৰঙা অাভা আহি পৰিছে ৷ তাই মোৰ ফালে চাই কি ভাবি জানো অলপ হাঁহিলে ৷ মই ক’লোঁ,
হাঁহিছ যে ?
এনেই ৷ সুহাসিনী মাহীৰ নাম মই কি দিছোঁ জান ?
কি নাম ?
কুহাসিনী মাহী ৷ তেওঁৰ হাঁহি শুনিলেই মোৰ গা জ্বলে ৷ অলপ আগতে কি কৈছে জান ?
কি কৈছে ?
থাক, শুনাৰ দৰকাৰ নাই ৷
ক না ?
কৈছে, আজি তোমাৰ মাৰ বাবে আহিছোঁ ৷ এদিন তোমাৰ বাবেও আহিম ৷ কৈ কৈ ৰাবেয়াই খুব লাহেকৈ হাঁহিলে ৷ এনে লাগিল তাই কথাখিনি কৈ বৰ লাজ পাইছে ৷ হঠাতে ব্যস্ত হৈ আলমাৰীত কিবা বিচাৰিব ধৰিলে ৷ মই ক’লোঁ,
তোৰ ভাৱ-ভঙ্গী দেখি ভাব হৈছে কথাটো শুনি তই খুব ফূৰ্তি পাইছ ৷
তই এটা গাধ ৷
লাজতে ৰাবেয়া ৰঙা-চিঙা পৰি গ’ল ৷ মই অপ্ৰস্তুত হৈ ক’লোঁ,
লাজ পাবলৈ কি হৈছে ?
যা, ক’ত লাজ পালোঁ, তোৰ যে কথা ! যাওঁ চাই আহোঁ ৰুণু-ঝুনু আঁঠুৱা টানি শুলে নে নাই, যি মহ ৷
ৰাবেয়া মোতকৈ পাঁচ বছৰে ডাঙৰ ৷ এই বয়সত ছোৱালীবোৰে বৰকৈ বিয়াৰ কথা ভাবে ৷ অন্তৰঙ্গ বান্ধৱীৰ লগত বিয়াৰ কথা পাতি ফূৰ্তি কৰে ৷ ৰাবেয়াৰ কোনো বান্ধৱী নাই ৷ ময়েই তাইৰ একমাত্ৰ বন্ধু ৷ সুহাসিনী মাহীৰ কথাটো সেইকাৰণেই হয়তো মোক ক’লে, আৰু মই ইমান গাধ ওলোটাই তাইকেই লাজত পেলালোঁ ৷ ছোৱালীবোৰ লাজ পালে ইমান অপ্ৰস্তুত হয় যে, যিয়ে লাজ দিয়ে তেওঁৰেই অস্বস্তিৰ সীমা নাথাকে ৷
ঘৰত খুব হুলস্থূল কৰি থাকিলেও তাই বৰ লাজকুৰীয়া৷ কলেজলৈ যাবলৈ এৰা কথাটোৱে কওঁ ৷ তিনি বছৰ আগে হঠাৎ এদিন অাহি ক’লে,
বাবা মই আৰু কলেজলৈ নাযাওঁ ৷
বাবাই আচৰিত হৈ সুধিলে,
কিয়, মা?
এনেই ৷
মাই সুধিলে, ‘ৰাবেয়া তোমাক কোনোবাই কিবা কৈছে নেকি ?’
নাই মা, কোনোৱে একো কোৱা নাই ৷
কোনোবা ল’ৰাই কিবা চিঠি-পত্ৰ দিছে নেকি ?
নাই মা ৷ মোক আকৌ কিয় চিঠি দিব ?
তেতিয়া হ’লে কলেজলৈ কিয় নোযোৱা ?
এনেই ৷
নাই, এনেই নহয় ৷ তোমাৰ কি হৈছে কোৱা ?
ৰাবেয়াই হঠাতে ফেঁকুৰি কান্দি কান্দি ক’লে,
মা, ল’ৰাবোৰে মোক ‘মা কালী’ বুলি মাতে ৷
আমাৰ আটাইকেইজনৰ ভিতৰত ৰাবেয়াই মাত্ৰ মাৰ গাৰ ৰঙ পোৱা নাই ৷ যিমানখিনি ক’লা হ’লে এজনী ছোৱালীক শ্যামলা বুলি কোৱা হয় তাতকৈও ৰাবেয়া ক’লা ৷ কিন্ত ল’ৰাবোৰে মাত্ৰ গাৰ ৰঙটোহে দেখিলে ?
ঐ ল’ৰা ৷
চাই দেখিলোঁ সুহাসিনী মাহী, ফুলা-ফুলা চকুত এজোৰ খাপ নোখোৱা চশমা ৷ মই থিয় হ’লোঁ ৷
মিছাতে তোৰ বাবাই মোক টোপনিৰ পৰা উঠাই আনিছে, এতিয়াও বহুত দেৰি আছে ৷ ন বজাৰ আগত নহয় ৷
মই মনে মনে থাকিলোঁ ৷ সুহাসিনী মাহীয়ে ক’লে,
ছোৱালী জনী ক’ত ? দীঘলী ছোৱালীজনী ?
আহিব এতিয়াই, কিয় ?
একাপ চাহ কৰি দিব কলোহেঁতেন ৷– এই যে ঐ ছোৱালী মাহীক একাপ চাহ কৰি দিয়ানা ৷
ৰাবেয়াই হাঁহিমুখে ক’লে,
দিওঁ, আপুনি ইয়াতে বহিব ?
নাই, ভিতৰৰ ইজি চেয়াৰত মই অলপ শুম ৷
ৰাবেয়াই মোৰ চকুলৈ চালে ৷ ‘তোকো লাগিব নেকি একাপ ?’
দে ৷
তেতিয়া হ’লে পাঁচকাপ বনাওঁ ৷ বাবাৰ একাপ, মোৰ দুকাপ ৷
ৰাবেয়া চাহৰ যা-যোগাৰত লাগিল ৷ অতি নিপুণ হাত , চাই ভাল লাগে ৷ মই ক’লোঁ,
মাহীৰ বয়স কিমান হ’ব অ’ ?
বহুত ৷ মোৰ বাহিৰে বাকী আটায়েতো তেওঁৰ হাততেই ৷ দেখিলে নালাগে, নহয় ?
অঁ নালাগে ৷ মাৰ বিষটো অলপ কমিছে যেন লাগিছে ৷
ছয়বাৰ মাই এনে কষ্ট পালে ৷ তহঁতৰতো ভালেই, কষ্টবোৰতো সকলো ছোৱালীৰেই ৷ পেটলৈ কেঁচুৱা অহা মানেই এখন ভৰি কবৰত ৰখা ৷
মই ক’লো, যদি পুৰুষেও কষ্ট পালেহেঁতেন তই বৰ ভাল পালিহেঁতেন ন ?
নাজানো বুলি কৈ ৰাবেয়াই হঠাৎ কি ভাবি জানো হাঁহিবলৈ ধৰিলে ৷ হাঁহিৰ উল্লাসত কাপৰ গাখীৰ উল্টি গ’ল, অাঁচল খহি মজিয়াত পৰিল ৷ আচৰিত হৈ ক’লোঁ,
হাঁহিৰ কি হৈছে ? ইমান হাঁহিছ কিয় ?
এটা গল্প মনত পৰিছে, সেয়ে হাঁহিছোঁ ৷
কি গল্প ?
লেতেৰা গল্প যদিও বৰ মজাৰ ৷ শুনিলে তয়ো হাঁহিবি৷ শুনিবি ?
ক ৷
এবাৰ ছোৱালীৰ এটা দলে আল্লাৰ ওচৰত গোচৰ দিলে ৷ তেওঁলোকৰ অভিযোগ আছিল কেঁচুৱা জন্ম দিয়াৰ কষ্ট কেৱল কিয় ছোৱালীৰ ? এইবাৰৰ পৰা ল’ৰাবিলাকৰো কষ্টৰ ভাগ সমান সমান হ’ব লাগিব ৷ আল্লাই ক’লে, ঠিক আছে, সেয়েই হ’ব ৷ তাৰপিছত কি হ’ল শুন ৷ ছোৱালীবোৰৰ এই দলৰ যিগৰাকী দলপতি আছিল তেওঁৰ বিষ আৰম্ভ হ’ল ৷ কিন্তু কি আচৰিত তেওঁৰ স্বামী ঘূৰি ফুৰিছে ৷ কোনো বিষ-তিষ নাই ৷ আনহাতে তেওঁলোকৰ গাড়ীৰ ড্ৰাইভাৰে ছুটিৰ দৰখাস্ত কৰিছে, তাৰ হেনো হঠাতে ভীষণ পেটৰ বিষ আৰম্ভ হৈছে ৷
তাৰ পিছত ?
তাৰ পিছত আৰু কি ? ছোৱালীবোৰে আল্লাক ক’লে, ‘তোমাৰ ভৰিত পৰিছো, বিষৰ ভাগ অাৰু কৰিব নালাগে আমাৰ বিষ আমাৰেই থাকক ৷ তই একেবাৰে নাহাঁহিলি যে ৷ আগতে শুনিছিলি নেকি ?’
নাই ৷
তেতিয়া হ’লে ?
লেতেৰা গল্প, সেয়ে নাহাঁহিলোঁ ৷
অঁ ৷
ৰাবেয়াই চাহৰ কাপ লৈ ওলাই গ’ল ৷ তাই বৰ অপ্ৰস্তুত হৈছে ৷ চকু লাজত ভিজি গৈছে ৷ মোৰ বেয়া লাগিব ধৰিলে ৷ আন সময়ত হোৱা হ’লে এই গল্প শুনি বহুত হাঁহিলোঁ হয় ৷ কিন্তু আজি পৰা নাই ৷ হয়তো মাৰ কথা ভাবিয়েই ৷ চাহৰ কাপটো হাতত লৈ বাৰাণ্ডাত থিয় হৈ দেখিলোঁ মন্টু নিশব্দে¸ বাহিৰলৈ আহিছে ৷
কি অ মন্টু ?
টোপনি অহা নাই, দাদা ৷
কিয় ?
ৰুণু-ঝুনু টোপনি গ’ল, মোৰ অকলে অকলে ভয় লাগিছে ৷
কিহৰ ভয় ?
ভূতৰ ৷
ৰাবেয়া পাকঘৰলৈ উভতি গৈ আছিল, মন্টুই ক’লে,
বা, ময়ো চাহ খাম ৷
সৰু ল’ৰা ৰাতি তিনি বজাত চাহ খায় ৷ বাবুক চিগাৰেটো লাগিব নেকি ? বাবাৰ পৰা আনি দিম নেকি ?
ভাল নহ’ব কিন্তু বা, কৈ দিছো ৷
সেই ৰুমৰ পৰা কাপ এটা আন৷ চাবি আকৌ পেলাই একাকাৰ নকৰিবি ৷
ৰাতিপুৱা হৈ আহিছে, কাউৰীয়ে ৰমলিয়াইছে ৷ মুৰ্গীৰ গৰালত মুৰ্গীবোৰে ডাক দিছে, জোনৰ পোহৰো শেঁতা হৈ আহিছে ৷ থিয় হৈয়েই ৰাতিপুৱা হোৱা চাইছোঁ ৷ ভিতৰৰ ঘৰৰ পৰা বাবা বাহিৰলৈ ওলাই আহি, ভয়াৰ্ত কণ্ঠেৰে মাতিলে,
ভাইটি ৷
বাবা ৷
তোমাৰ মাক হস্পিতাললৈ লৈ যোৱাই ভাল হ’ব যেন লাগিছে ৷
কিয় ? হঠাতে ?
নাই মানে সুহাসিনীয়ে ক’লে, এতিয়া বয়স হৈছে নহয় ৷ তাৰ উপৰিও…৷
তাৰ উপৰিও কি বাবা ?
নাই, মানে একো নহয় ৷ সপোনতো দেখাৰ পাছত মোৰ মনটো কিয় জানো বেয়া লাগি আছে ৷ দেখিলোঁ মই যেন এটা ঘৰত…৷
এটা ঘৰত কি ?
নাই নাই ৰাতিৰ সপোন কোনোবাই কয় জানো ?
বাবাই থতমত খাই মনে মনে ৰ’ল ৷ মাৰ সেই ভয় লগা চিঞৰ আৰু শুনা নাই ৷ ক’ৰবাৰ পৰা দুটা মেকুৰী আহি কাজিয়া কৰিছে৷
অবিকল কেঁচুৱাৰ কন্দোনৰ নিচিনা শব্দ ৷
ভাইটি মই হস্পিতাললৈ গৈ এম্বুলেন্সক খবৰ দিওঁ ৷
আপুনি যাব নালাগে, মই যাওঁ ৷ তাতকৈ ওচৰৰ ঘৰৰ পৰা ফোন কৰি দিওঁ ৷
নাই নাই, ফোন কৰিলে কাম নহ’ব ৷ দেৰি কৰিব আহোঁতে, ঘৰ চিনি নাপাব, বহুত ঝামেলা ৷ তুমি থাকা ৷
বাবাই চাদৰ এখন গাত লৈ ওলাই গ’ল ৷ এই সময়ত ৰিক্সা-টিক্সা একো পোৱা নাযাব ৷খোজ কাঢ়িয়েই যাব লাগিব্য মই ইজি চেয়াৰত মনে মনে বহি থাকিলোঁ ৷ ‘যি শিশুটো জন্মিব, সি ইমান আয়োজন, ইমান সুৰক্ষা আৰু যন্ত্ৰণাৰ একোৱেই নাজানে’, এনে ধৰণৰ চিন্তা হ’ব ধৰিলে ৷ অন্ধকাৰ মাতৃগৰ্ভৰ কোনো স্মৃতি কাৰোৱেই মনত নাথাকে ৷ জন্মৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱেই ৰহস্যাবৃত ৷
ৰাবেয়া আহি মোৰ ওচৰত থিয় হ’ল ৷ লাহেকৈ ক’লে,
ভাইটি, বাবা কি হস্পিতাললৈ গ’ল ?
অঁ ৷
বাবাই খুব ভয় খাইছে, নহয় নে ?
অ, বৰ ভয় খাইছে ৷
মোৰো ভয় লাগিছে ভাইটি ৷
ভয় কিহৰ ?
মই কেতিয়াও বিয়া নকৰাওঁ ৷ চাবি তই ৷ বাপ্ৰে কি কষ্ট ৷
মাৰ কাষলৈ গৈছিলি ৰাবেয়া ?
অঁ ৷
মাই কি কৰিছে ?
চিঞৰা নাই ৷ চিঞৰাৰ শক্তি নাই ৷ বৰ কষ্ট পাইছে ৷
কি যে বেয়া লাগে ৷
অঁ ৷
মাহীয়ে কি কৰিছে ?
নাক বজাই বজাই শুইছে ৷ ছোৱালী মানুহ, নাক বজায় কি যে কুৎসিত ! বাঁহীৰ সৰু শব্দৰ নিচিনা তালে তালে বাজিছে ৷ ঘিণ্ লাগে ৷ মছজিদত ফজিৰৰ আজান দিলে, পোহৰ হৈ আহিছে ৷
এম্বুলেন্স আহিল ছয় বজা মানত ৷ ড্ৰাইভাৰজন মস্ত মোচ একোছাৰে ডেকা ল’ৰা ৷ লগত অহা সহযোগী দুজনৰো গুণ্ডাৰ দৰে চেহেৰা ৷ হৈ-চৈ কৰি তেওঁলোকে ষ্ট্ৰেচাৰ খন উলিয়ালে ৷ ইমান পুৱাই যদিও বহুত মানুহ গোট খালে ৷ পাৰাৰ প্ৰায় সকলো ছোৱালীয়ে আহিছে ৷ উকিল চাহাবৰ বেগমে মোক ইংগিতেৰে মাতিলে,
, ‘ভাইটি, তোমাৰ অৱস্থা খুব বেয়া নেকি ?’ হেড ক্লাৰ্কৰ ঘৈণীয়েকে ক’লে
নাই, তেনে নহয় ৷ গৈ চাই আহক না ৷
‘যাওঁ বুলি তেখেতে এম্বুলেন্সৰ ভিতৰখন চাবলৈ চেষ্টা কৰিব ধৰিলে ৷ হেডক্লাৰ্কৰ ঘৈণীয়েকো আহিছে, তেওঁৰ লগত এজনী ধুনীয়া ছোৱালী ৷ কমবয়সীয়া ল’ৰা-ছোৱালী কেইজনমান নিৰ্ভয়ে ঘূৰি ফুৰিছে৷ মন্টুই ভীষণ ভয় খাইছে ৷ মোৰ হাত এখন জোৰকৈ ধৰি ৰাখিছে ৷ মাজে মাজে সি যে কঁপিছে বুজিব পাৰিছোঁ ৷ ৰুণু-ঝুনুক দেখা নাই ৷ ৰাবেয়া চোতালৰ মাজত অকলে অকলে থিয় হৈ আছে ৷
মন্টুয়ে ক’লে,
দাদা, তোমাক মাতিছে ৷
কোনে ?
অ’ভাৰচিয়াৰ খুড়াই ৷
মন্টুৰ হাতত ধৰি সেইফালে গ’লোঁ ৷ হয়তো হাজাৰটা কথা সুধিব ৷ পুৰুষৰ মাইকী মানুহৰ দৰে কৌতূহল বৰ বেয়া লাগে ৷ অ’ভাৰচিয়াৰ খুড়া খালী ভৰিৰে থিয় হৈ আছিল ৷ মোক দেখি ক’লে,
ভাইটি, তোমাক অলপ মাতিছিলো ৷
কিয় খুড়া ?
মানে তেনে কোনো কথা নাই, টোপনিৰ পৰা উঠিয়েই এম্বুলেন্স দেখি, মানে এইখিনি… ৰাখাচোন ভাইটি ৷ মাহৰ শেষ, কিমান যে দৰকাৰ হয়, লাজ নকৰিবা বাবা, ৰাখা ৷
মোক কথা কোৱাৰ কোনো সুযোগ নিদি খুড়া আঁতৰি গ’ল ৷ আনফালে হৈ-চৈ লাগিছে ৷ ষ্ট্ৰেচাৰত আনি মাক গাড়ীত তুলিছে, দৌৰি গ’লোঁ ৷
বাবা, লগত কোন যাব ?
মই আৰু তোৰ সুহাসিনী মাহী ৷
ৰাবেয়াকো লৈ যাওক ৷
নাই নালাগে, তাই ছোৱালী মানুহ ৷ ভাইটি তুমি সৰু মাহীক খবৰ দিবা ৷
গাড়ী ষ্টাৰ্ট দিব লওঁতই বাবাই আৰু মাতিলে,
ভাইটি, অ’ ভাইটি, তোমাৰ মাই মাতিছে, অলপ আহাঁ ৷
গাড়ীৰ ভিতৰখন অস্পষ্ট এন্ধাৰ ৷ ডিঙিলৈ চাদৰ উৰি মা পৰি আছে ৷ সৰ্ব শৰীৰ কঁপি উঠে একোবাৰ ৷ মাই কোমল মাতেৰে ক’লে, “ভাইটি আহ এইফালে ৷”
অস্পষ্ট পোহৰত চকুত পৰিল যন্ত্ৰণাত ওঁঠ কঁপি কঁপি উঠিছে ৷ গোটেই মুখত বিন্দু বিন্দু ঘাম বিৰিঙিছে৷ অত্যন্ত বগা মুখত অদৃশ্য নীলা শিৰা ক’লা হৈ ফুলি উঠিছে ৷
মা কিয় মাতিছিলা ?
মাই একো কথা নক’লে ৷ বাবাই ক’লে, ‘দেৰি হৈ গৈছে ভাইটি, তুমি নামি যোৱা ৷’
ময়ো যাওঁ বাবা ?
নাই, তুমি থাকা ৷ ঘৰত ইহঁত অকলে ৷ নামি যোৱা ৷ তুমি নামি যোৱা ৷
মাহীয়ে ডিঙি উলিয়াই ক’লে, ‘পাণৰ টেমাটো এৰি আহিলোঁ, কোনোবা আহে যদি দি পঠাবা ৷’
গাড়ী চলিল মন্টু গাড়ীৰ পিছে পিছে দৌৰি ডাঙৰ ৰাস্তালৈ গৈ ফোঁপাই ফোঁপাই উভতি আহিল ৷ ৰুণু-ঝুনুক লৈ মই বাৰাণ্ডাত বহি ৰ’লোঁ ৷ জন্ম বৰ বেয়া, মৃত্যুতকৈও কৰুণ ৷
বুকুৰ মাজত থকা বিষণ্ণতা চাওঁতে চাওঁতে পাৰ হৈ গ’ল ৷ এঘণ্টা মানৰ পাছত পৰিৱেশ কিছু স্বাভাৱিক হ’ল ৷ সৰু মাহী আহিল ন বজাত, নিজৰ প্ৰকাণ্ড ক’লা ৰঙৰ গাড়ীত, লগত কিটকি ৷ ৰাবেয়াই, এটা ডাঙৰ কেটলিত চাহৰ বাবে পানী বহাই দিলে ৷ ৰুণু-ঝুনু স্কুললৈ যাব নালাগে বুলি শুনি আনন্দত জপিয়াব ধৰিলে ৷
গোটেই ৰাতি নোশুৱা বাবে মূৰ বিষাইছিল ৷ মনে মনে শুই থাকিলোঁ ৷ ইউনিভাৰ্চিটিলৈ এবাৰ যাব লাগিব৷ চাৰে কালি বিচাৰিছিল, নাপালে ৷ আতিকে কিয়বা তাৰ ঘৰলৈ যাব কৈছে, খুব জৰুৰী হেনো ৷ চাৰ্লি চেপ্লিনৰ ‘দি কিউ’ নামৰ চিনেমাখন চলিছে গুলিস্তানত ৷ আজি চাম কালি চাম কৰি চোৱা হোৱা নাই ৷ দুদিনমানৰ ভিতৰতে চাব লাগিব ৷ অহা সপ্তাহত কি এখন চিনেমা চালোঁ ভাল নালাগিল ৷
কি অ’ ভাইটি, শুইছ ?
মৃদু চেন্টৰ গোন্ধ বিয়পাই মাহী সোমাই আহিল ৷ মাহীৰ লগত মাৰ চেহেৰাৰ মিল আছে ৷ কিন্তু মাহী শকত-আৱত, মা বৰ ক্ষীণ ৷ মাহী কাষৰ চকীখনত বহিল,
জ্বৰ নেকি ?
নাই, এইমাত্ৰ অলপ শুইছোঁ ৷
চাওঁ ?
মাহীয়ে মূৰত হাত দিলে ৷
নাই একেবাৰে জ্বৰ নাই ৷ ডাক্তৰৰ ঘৈণীয়েক হাফ্-ডাক্তৰ হয় জান নহয় ?
জানো৷ জ্বৰ-তৰ নাই, এনেয়ে শুই আছোঁ ৷
বেয়া লাগিছে ? লাগিবই, বুঢ়া বয়সত মাক যদি মেটাৰনিটিত যাব লগা হয় ৷
মই মনে মনে থাকিলোঁ ৷ দৰ্জাৰ আঁৰত লুকাই কিটকিয়ে উঁকি মাৰিলে ৷ মাহীয়ে ক’লে, ‘আহ ভিতৰলৈ ৷’
লাজ লাজকৈ কিটকি সোমাই আহিল ৷ যেতিয়া আন কোনো নাথাকে তেতিয়া মোৰ লগত কিটকিৰ ব্যৱহাৰ খুব সহজ আৰু আন্তৰিক ৷ আন কোনোবা থাকিলে কিটকি সংকোচ আৰু লাজত চকু তুলিয়ে নাচায় ৷ শৈশৱৰ এটা সৰু ঘটনাৰ বাবেই কিটকিৰ এনে হৈছে ৷
তাই তেতিয়া খুব সৰু, ছয়-সাত বছৰ মান বয়স হ’ব ৷ মাকৰ সৈতে আমাৰ ঘৰলৈ আহিছিল ৷ গোটেই দুপৰীয়াটো ৰুণু-ঝুনুৰ লগত হৈ-চৈ কৰি খেলিলে ৷ মাই যেতিয়া সকলোকে খাবলৈ মাতিলে, হঠাৎ তাইৰ মনত কি খেলালে জানো, মাক গৈ ক’লে,
মাহী, মই আপোনাক কথা এটা ক’ম, আপুনি কাকো নকয় তো ?
নাই মা, নকওঁ ৷
আল্লাৰ শপত খাওক ৷
আল্লাৰ শপত ৷
তেতিয়া হ’লে মূৰ তল কৰক মই কাণে কাণে ক’ম ৷
মাই মূৰ তল কৰিলে ৷ কিটকিয়ে ফুচফুচাই ক’লে,’ ডাঙৰ হৈ মই ভাইটি দাদাক বিয়া কৰাম ৷ আপুনি কাকো নকয় তো ?’
মায়ে কিটকিৰ কথা নাৰাখিলে ৷ লগে লগে সকলোকে ক’লে ৷ যদিও সুদূৰ শৈশৱৰ কথা, বিভিন্ন সময়ত এই প্ৰসঙ্গ লৈ বেচেৰীক বৰ লাজ দিয়া হয় ৷ মাইতো কিটকিৰ লগত দেখা-দেখি হ’লেই এবাৰ হ’লেও কয়, ‘মোৰ বোৱাৰীক দেখিছো কোনেও যত্ন লোৱা নাই ৷’
কিটকি মাকৰ কাষত বহিল ৷ তাই আজি হালধীয়া ৰঙৰ কামিজ পিন্ধিছে, দীঘল চুলিত বেছ ডাঙৰ ডাঙৰ হালধীয়া ৰঙৰ ফিটাৰ ফুল ৷ অলপ হাঁহিলে কিটকিয়ে ৷ মই ক’লোঁ,
কি কিটকি, আজি কলেজ নাই ?
আছে, নাযাওঁ ৷
কিয় ?
এনেই, কলেজ বৰ বোৰিং ৷ তাৰোপৰি মাহীৰো অসুখ ৷
আজি গোটেই দিনটো থাকিবি ?
অঁ, আজি ৰাতি আপুনি ভূতৰ গল্প ক’ব লাগিব ৷
ভূতৰ গল্প শুনি আকৌ ভয়তে নাকান্দতো ?
ইস্, কান্দিম ? সৰু থাকোতে কেতিয়াবাই কান্দিছিলোঁ এতিয়াও সেই কথা ৷
সৰুতে তইতো আৰু বহুত কিবা-কিবি কৰিছিলি ৷
ভাল নহ’ব কিন্তু বুলি কৈ, তাই লাজতে মূৰ তল কৰিলে ৷
মাহীয়ে ক’লে, ‘মই হস্পিতাললৈ যাওঁ, ভাইটি ৷ কিটকি, তই মোৰ লগত যাবি নে ?’
নাই মা, মই ইয়াতে থাকিম ৷
মাহী যোৱাৰ পিছতেই ৰাবেয়াই চাহৰ ট্ৰেখন হাতত লৈ সোমাই আহিল ৷ আচৰিত ছোৱালী ৰাবেয়া ৷ এইখিনি সময়ৰ ভিতৰতে তাই গা-পা ধুই চুলি বান্ধিছে ৰন্ধা শেষ কৰিছে, এবাৰ চাহ খুৱালে আৰু চাহ আনিছে ৷ ৰাবেয়াই হাঁহি ক’লে, ‘কি কিটকি ? নহয় নহয়, ভিটকি বেগম, ইয়াত কি কৰিছ ? পূৰ্বৰাগ নেকি ? চিনেমাৰ দৰে আৰম্ভ কৰিলি যে ?
যাওক বা, আপুনি বৰ… মাই মাতিলে বাবেহে ৷
লবষ্টাৰৰ দৰে গোটেই জনী ৰঙা পৰি গৈছ যে– গৰমত নে হৃদয়ৰ উত্তাপত ?
যোৱা বা, ভাল নালাগে ৷
ল ল, ভিটকি চাহ ল ৷
কি সকলো সময়তে ভিটকি বুলি মাতে ? ভাল নালাগে ৷
কিটকিৰ কিবা অৰ্থ আছে জানো ? সেয়ে ভিটকি বুলি মাতোঁ ৷
যেন ভিটকিৰ কিবা অৰ্থ আছে ?
আছে তো ৷ ভিটকি হৈছে ভেটকি মাছৰ স্ত্ৰীলিঙ্গ ৷ অৰ্থাৎ তই এটি গভীৰ পানীৰ ভেটকি মাছ ৷ বুজিলি ?
বেচ, মই গভীৰ পানীৰ মাছ ৷ নাই, চাহ নাখাওঁ ৷
কান্দো কান্দো মুখেৰে কিটকি থিয় হ’ল ৷ কাকো একো কোৱাৰ সুবিধা নিদি ধুমুহাৰ দৰে ওলাই গ’ল ৷ ৰাবেয়াই হাঁহি হাঁহি ক’লে, ‘বৰ ভাল ছোৱালী । অলপ অহংকাৰ আছে, কিন্তু মনটো বৰ ভাল ৷’
হয় নেকি ?
অঁ৷ মোৰ বৰ ভাল লাগে ৷ আৰু মোৰ মনত কি ভাৱ হয় জান ?
কি মনত হয় ?
মোৰ মনে কয় ছোৱালীজনীৰ শৈশৱত তোৰ প্ৰতি যি এটা টান আছিল সেয়া আজিও আছে ৷ সেয়াই নহয়, চন্দ্ৰকলাৰ দৰে বাঢ়িছে হে ৷
তোৰ যত আজে-বাজে কথা ৷
ৰাবেয়াই ক’লে, ‘তাইৰ কথা বাৰু বাদ দিলো, কিন্তু তোৰ যে ষোল্ল অনাৰ ওপৰত দুই অনা, ওঠৰ অনাই টান আছে তাত কোনো সন্দেহ নাই ৷ কাণ-টান ৰঙা হৈ বিলাহীৰ দৰে হৈ গৈছ, ভাল গাধা তো তই !
ৰাবেয়াই হাঁহি হাঁহি বাগৰি পৰিল ৷ ৰুণুৱে হাতত এখন লুডু লৈ আহি খুব ব্যস্ততাৰে সোমাল ৷
কি অ’ ৰুণু ?
কিটকি বাৰ কি হৈছে ?
কিয় ?
মনে মনে বহি আছে ৷ অাগতে কৈছিল লুডু খেলিব, এতিয়া কৈছে নেখেলে ৷ ৰাবেয়াই আকৌ ডাঙৰকৈ হাঁহিলে ৷ ৰুণুক সুধিলোঁ, “ৰুণু মন্টু ক’ত ? তাক দেখা নাই৷”
মন্টু হস্পিতাললৈ গৈছে ৷
হস্পিতাল ! কাৰ লগত গ’ল, মাহীৰ লগত ?
নাই, অকলে গৈছে ৷ তাৰ হেনো খুব বেয়া লাগিছে ৷ সেয়ে অকলে অকলে গুচি গৈছে ৷
কোন হস্পিতাল চিনিব কেনেকৈ ?
চিনিব ৷ তাৰ স্কুলৰ কাষতে ৷
চাহ-তাহ খাই গৈছেনে ?
নাই খোৱা ৷
ৰাবেয়াই শুই শুই ভৰি দুখন ওলমাই দুলাই আছিল ৷ হঠাৎ কিবা ভাবি বহিল,
ভাইটি, তই মোৰ লগত বাজী মাৰিবি ?
কি লৈ বাজী ?
মাৰ ল’ৰা হ’ব নে ছোৱালী হ’ব এই লৈ ?
তোৰ যা-তা কথা ৷
ৰাখ চোন এবাৰ বাজী ৷ তোৰ কি মনত হয় মাৰ ল’ৰা হ’ব ?
মোৰ একো মনত নহয় ৷
ক, চোন কিবা এটা ৷
ল’ৰা ৷
মোৰ মনত হয় ছোৱালী ৷ যদি ল’ৰা হয় মই তোক এখন চিনেমা চাবলৈ টকা দিম, আৰু যদি ছোৱালী হয় তই মোক কি দিবি ?
কি যে আজে-বাজে কথা কৱ নহয়৷ ভাল নালাগে ৷
আৰে ক চোন কি দিবি ? প্লিজ ক ৷
ক্লাছ শেষ হ’ল ডেৰ বজাত ৷
আতিকে এৰি নিদিলে ৷ তাৰ ঘৰলৈ টানি লৈ গ’ল ৷ এজনী ছোৱালীয়ে হেনো তাক প্ৰেমপত্ৰ লিখিছে ৷ সঁচাকৈয়ে ছোৱালীজনীয়ে লিখিছে নে আন কোনোবাই ফটুৱামি কৰিছে সেই কথা ধৰিব পৰা নাই ৷ তাৰ সন্দেহ মোৰ ওপৰত, মই আন কাৰোবাৰ দ্বাৰা লিখাইছো বুলি ৷ যিমানেই তাক কৈছোঁ, ’আজি এৰি দে, আন এদিন কথা হ’ম ৷ আজি মোৰ কাম এটা আছে,’ সিমানেই সি হেঁচি ধৰিছে ৷ উঠিব খুজিলেই কয়, কি কাম আছে ক ? কি কাম লাজতে তো ক’ব নোৱাৰি ৷ অস্বস্তিত চট্ফট্ কৰি আছোঁ ৷ ঘৰ আহি পাওঁতে আবেলি হ’ল ৷ মোক দেখি অ’ভাৰচিয়াৰ খুড়া দৌৰি আহিল,
ভাইটি তোমাৰ মাৰ অৱস্থা ভাল নহয় ৷ সকলোৱে হস্পিতাললৈ গৈছে ৷ তুমি ক’ত আছিলা ?– যোৱা, সোনকালে যোৱা৷ ৰিক্সা ভাড়া আছে ? মোৰ ভৰি কঁপিবলৈ ধৰিলে ৷ কোনোমতে ৰিক্সাত উঠিলোঁ ৷ গোটেই শৰীৰ কঁপিছে ৷
ক’লা ৰঙৰ ছোৱালী এজনীয়ে কান্দিছে ৷ কিবা হৈছে তাইৰ, কোনে জানে !
ৰাবেয়াই বাবাৰ হাতত ধৰি আছে ৷ ৰুণু-ঝুনুক দেখা নাই ৷ জন্ম হোৱা কেঁচুৱাটোৱে কান্দিছে ৷ মাহীয়ে কোলাত লৈ আছে ৷ মাহীয়ে ক’লে, চা ভাইটি, কি সুন্দৰ ফুলৰ দৰে ভনী হৈছে ৷
হয়, খুব সুন্দৰ ফুলৰ দৰে ভনী এজনী হৈছে ৷ অাৰু অামাৰ আচৰিত বগা অতি ক্ষীণ ৰুগ্ন মা হাইফোৰচেপ ডেলিভাৰিত অপাৰেশ্বন টেবুলতে নিশব্দে মৃত্যু হৈছে ৷
দুই
তেইশ বছৰ আগে মা অামাৰ এই ঘৰলৈ আহিছিল ৷ তেইশ বছৰে এবাৰো মাই নিজৰ বাবাৰ প্ৰকাণ্ড ঘৰলৈ যোৱা নাই ৷ কিমাননো দূৰ ! বাছত চাৰি অনাৰ বেছি নালাগে ৷ ইমান কাষতে থাকিও তেওঁ তেইশ বছৰে ঘৰৰ বাহিৰতে কটাই দিলে ৷
হস্পিতালত মাৰ চৌদিশে তেওঁৰ পৰিচিত আত্মীয়-স্বজনে ভিৰ কৰিলে ৷ নানাজানক আমি প্ৰথম দেখিলোঁ ৷ সোণালী ফ্ৰেমৰ পাতল চশমা, ধকধকীয়া বগা গাৰ ৰঙ ৷ চাহজাহান নাটকৰ বাদছাহ চাহজাহানৰ যেনেকুৱা চেহেৰা ঠিক তেনে চেহেৰা ৷ নানাজানে বাবাক ক’লে, ‘ আমি তাইক আমাৰ ঘৰলৈ লৈ যাওঁ, তোমাৰ কিবা আপত্তি আছে ?
বাবা মনে মনে থাকিল ৷ নানাজানে এনেধৰণে কথা কৈছিল তেওঁ যেন তেওঁৰ ঘৰৰ কোনোবা কৰ্মচাৰীৰ সৈতে কামৰ বিষয় লৈ থকা পাতিছে ৷ তেওঁ আকৌ ক’লে,
তাত তাইৰ মাকৰ কবৰ আছে, তাৰ কাষতে তায়ো থাকিব ৷
তেইশ বছৰ পিছত মা আকৌ নিজৰ ঘৰলৈ উভতি গ’ল ৷ এদিন যেনেদৰে সকলো এৰি আহিছিল পিছলৈ ঘূৰি নোচোৱাকৈ, ঠিক তেনেদৰে উভতিও গ’ল ৷
একো সলনি নহ’ল ৷ ঘৰ-সংসাৰৰ কাম-কাজ আগৰ দৰেই চলিল ৷ আমাৰো বয়স বাঢ়িব ধৰিলে ৷ ৰুণু-ঝুনু আৰু মন্টু সিঁহতৰ পুতলাৰ দৰে ভনীয়েকক লৈ ব্যস্ত হৈ পৰিল, যাৰ এটা মাত্ৰ দাঁত উঠিছে ৷ মুখৰ কাষত যি পাই তাকে কামুৰিছে সেই দাঁতেৰে ৷ সময়-অসময় নাই থ থ থ কৰি আপোন মনে গান গায় ৷ আৰু ৰাবেয়া ? অপূৰ্ব মৰম আৰু ভালপোৱাৰে আমাক ডুবাই ৰাখিছে ৷ সাগৰৰ দৰে ইমান মৰম কেনেকৈ সাঁচি ৰাখিছে তাই, কেনেকৈ জানো ?
বাবা ৰিটায়াৰ কৰা কিছুদিন হ’ল ৷ দহটা-পাঁচটা অফিচৰ বান্ধোন জীৱন শেষ হ’ল ৷ ফেয়াৰওৱেলৰ দিনাখন ৰুণু-ঝুনুক বাবাৰ লগত লৈ গৈছিল ৷ অফিচৰ সহকৰ্মীসকলে বাবাক এখন কোৰান শৰীফ, এটা ছাতি আৰু এজোৰ ফুলদানি উপহাৰ দিছে ৷ ইয়াতেই বাবা খুব আনন্দিত ৷
মাৰ অবৰ্তমানত যিমান শূন্যতা আহিব বুলি ভাবিছিলোঁ সিমান অহা নাই, সকলো আগৰ দৰেই চলিছে ৷ সকলো মৃত্যুৰ ক্ষেত্ৰতে হয়তো ই প্ৰযোজ্য ৷ ‘অতি প্ৰিয়জন যদি কাষত নাথাকে তেন্তে কেনেদৰে জীয়াই থাকিম বুলি ভবা কথাষাৰ অৰ্থহীন যেন লাগে ৷ মৃত্যুৰ বাবে মানুহে দুখ কৰে ঠিকেই কিন্তু সেই দুখ স্মৃতিৰ দুখৰ বেছি একো নহয় ৷
কেতিয়াবা কেতিয়াবা ৰাতি টোপনি ভাঙি গ’লে মাৰ কথা মনত পৰে ৷ তেতিয়া বহু ৰাতিলৈ টোপনি নাহে ৷ তেতিয়া মনে-প্ৰাণে কিটকিৰ কথা ভাবিবলৈ চেষ্টা কৰোঁ ৷ তাই যেন আহি মোৰ কাষত বহিছে ৷ মই কৈছোঁ,
কি কিটকি, ইমান ৰাতি মোৰ ৰুমত ভয় লগা নাই ?
কিহৰ ভয় ? ভূতৰ ? মই এতিয়াও আগৰ দৰে সৰু হৈ আছোঁ ?
নাই, তই বহুত ডাঙৰ হৈছ, আমি সকলোৱে ডাঙৰ হৈছোঁ ৷
অঁ ৷ দেখিছে মোৰ চুলি কিমান দীঘল হৈছে ?
তোক বব কাট চুলিতে ইয়াতকৈ ভাল দেখি ৷
সঁচা ?
অঁ ৷
আপোনাৰ লগত কেঁচি আছে ?
কি কৰিবি ?
বব কৰি কাটি পেলাওঁ ৷
ৰাতি এই ধৰণৰ অসংলগ্ন কথাবোৰ ভাবোঁ বাবেই বোধহয় দিনত কিটকিক দেখিলে লাজ আৰু সংকোচবোধ হয় ৷ যেন কিবা অপৰাধ কৰি ধৰা পৰিছোঁ ৷ কিটকি অৱশ্যে আগৰ দৰেই আছে ৷ হৈ-চৈ কৰা অভ্যাসটো আগতকৈ বেছি হৈছে যেন লাগে ৷ ৰুণু-ঝুনুৰ লগত বন্ধুত্ব বেছি হৈছে প্ৰায়েই সিহঁত দুজনীক লগত লৈ চিনেমা চাবলৈ যায় ৷
মোৰ নিজৰো স্বভাৱ-চৰিত্ৰৰ বহুত পৰিবৰ্তন হৈছে ৷ যেতিয়া ছাত্ৰ আছিলোঁ ৰাতি টোপনি ক্ষতি কৰি পঢ়িব লাগিছিল তেতিয়া দুচকুত ৰাজ্যৰ টোপনি ৷ কষ্ট কৰি ৰাতি সাৰে থাকি পঢ়িছিলোঁ ৷ এতিয়া শুবলৈ সময় আছে কিন্তু অনিদ্ৰাত ভুগিছোঁ ৷ থানাৰ ঘড়ীত ডাঙৰ ডাঙৰ ঘণ্টা বাজি সৰু ঘণ্টা বাজিবলৈ ধৰে, অকণমানো টোপনি নাহে ৷ বিছনাত ইকাতি-সিকাতি কৰি থাকোতে ৰাতিপুৱায় ৷ পুৱাৰ পোহৰ চকুত পৰিলে টোপনিয়ে আগুৰি ধৰে ৷ আঠ বজাৰ আগতেই ৰুণু গা জোকাৰি যায়,
দাদা, উঠা, চাহ ঠাণ্ডা হৈ পানী হৈ গ’ল ৷
হওক, তহঁতে খা, মোৰ গা ভাল নহয় ৷ আৰু অলপ শোওঁ ৷
ৰুণু যোৱাৰ পিছতেই ৰাবেয়া আহে ৷ তাইৰ প্ৰবল জোকাৰণিত চক খাই উঠি শুনোঁ,
তিনি মিনিটৰ ভিতৰত নুঠিলে মূৰত পানী ঢালি দিম ৷ এক-দুই-তিনি-চাৰি–
এই দিলোঁ, এই দিলোঁ…৷
ৰাবেয়াৰ বিশ্বাস নাই ৷ উঠিব লগা হয় ৷ বাৰাণ্ডাত মুখ ধোওঁতেই বাবা ৰাতিপুৱাৰ দীঘলীয়া ভ্ৰমণৰ পৰা ঘূৰি আহে ৷ আনন্দেৰে কয়,
তই বৰ লেট ৰাইজাৰ ৷ স্বাস্থ্য বেয়া হয় । তোৰ স্বাস্থ্য আৰু মোৰ স্বাস্থ্য মিলাই চা ৷
সঁচাকৈ বাবাৰ স্বাস্থ্য অতি সুন্দৰ ৷ ৰিটায়াৰ কৰাৰ পিছত আৰু ওজন বাঢ়িছে ৷
মই বাবালৈ চাওঁ ৷ বাবাই হাঁহি হাঁহি কয়,
ইমান ক্ষীণ তই ৷ কলেজৰ ল’ৰাবোৰে তোৰ কথা শুনে নে ?
শুনে ৷
ৰাবেয়াই পাকঘৰৰ পৰাই চিঞৰে, নাই বাবা, একদম নুশুনে ৷
বাবাই খুব ফূৰ্তি পায়, বহু সময় ধৰি নিজৰ মনতে হাঁহে ৷ তেওঁ বহুত সলনি হ’ল ৷ বাবা আছিল নিৰীহ, নিৰ্লিপ্ত মানুহ ৷ ৰাতিপুৱা অফিচলৈ যোৱা আৰু আবেলি উভতা ৷ সন্ধিয়া অলপ তাচ খেলিবলৈ যোৱা আৰু ৰাতি দহ নাবাজোতেই শুই যোৱা৷ খুবেই চুপচাপ স্বভাৱৰ ৷ আজি পৰ্যন্ত আমাক কোনোবা দিনা কিবা কাৰণত ধমক দিছে সেই কথা মনত নপৰে ৷ সংসাৰত বাবাৰ যেন কোনো অস্তিত্ব নাই ৷ মা আৰু আমাক লৈয়েই আমাৰ সংসাৰ ৷ বাবাৰ ভূমিকা নেপথ্য-কোলাহল ৷
কোনোবাই আমাক নিমন্ত্ৰণ কৰিব আহিলে মাকেই কয় ৷ ঘৰৰ মালিকে ঘৰভাড়া নিব আহিলে কয়, ‘ভাইটি তোমাৰ মাক অলপ মাতি দিয়া৷’ হয়তো সেই সময়ত বাবাই বাহিৰত বহি মন্টুক অংক শিকাই আছে ৷
এতিয়া বাবা ভীষণ সলনি হৈছে ৷ সকলোৰে লগত যথেষ্ট উৎসাহেৰে কথা পাতে ৷ সেইদিনা অ’ভাৰচিয়াৰ খুড়াৰ লগত মাছ ধৰিব গৈ গোটেই দিন কটাই আহিছে ৷ বাতৰি কাকত দুখন ৰাখে ৷ প্ৰতিটো খবৰ খুঁটি-নাটি মাৰি পঢ়ে ৷ ৰাজনীতি লৈও আলোচনা কৰে ৷
ভাইটি, তোৰ কি ধাৰণা ? আৱামী লীগে পপুলাৰিটি হেৰুৱাব ?
নাই, মোৰ কোনো ধাৰণা নাই ৷
ভাল কৰি পেপাৰ পঢ়িব লাগে, নপঢ়িলে কি বুজিবি ? ৰাজনীতি বুজিবলৈ হ’লে চকু-কাণ খোলা ৰাখিব লাগে ৷ বুজিলি ? কি, বিশ্বাস হোৱা নাই নহয় ?
কিয় নহ’ব ?
বিশ্বাস যদি নহয় কাগজ-কলম লৈ আন, তিনি বছৰ পিছত পাৰ্টীৰ কি অৱস্থা হ’ব লিখি দিওঁ ৷ ছীল কৰি ৰাখি দিবি ৷ তিনি বছৰ পিছত মিলাই চাবি ৷
বাবাৰ এই ৰূপান্তৰ অতি আকস্মিক ৷ সেইবাবেই ষ্পষ্টকৈ চকুত পৰে ৷ আজি-কালি সাজি সাজি বহুত মিছা কথাও কয়৷ সেইদিনা শুনিলোঁ–অ’ভাচিয়াৰ খুড়াৰ বোৱাৰীৰ লগত কথা পাতিছে কাষৰ ঘৰত ৷ আমাৰ ঘৰৰ পৰা সকলো শুনা যায়৷
কাকোৱে যেন নোকোৱা মা, যোৱা ৰাতি এটা আচৰিত ঘটনা হৈছে ৷
কি ঘটনা খুড়া ?
তেতিয়া বহুত ৰাতি ৷ মই বাৰাণ্ডাত ইজি চেয়াৰত শুই আছোঁ ৷ হঠাৎ বকুল ফুলৰ গোন্ধ ৷ আচৰিত হৈ চকু মেলি মোৰ উশাহ-নিশ্বাস বন্ধ হোৱাৰ উপক্ৰম ৷ দেখো ভাইটিৰ মা পাতল হালধীয়া ৰঙৰ শাৰী এখন পিন্ধি আম গছৰ তলত থিয় হৈ আছে ৷
কি কয় খুড়া !
অঁ মা, তিনি মিনিটমান দেখিলোঁ ৷
কিমান ৰাতি তেতিয়া ?
বাৰ মান বজাত হ’ব ৷
কথাখিনি যে সম্পূৰ্ণ মিছা তাত কোনো সন্দেহ নাই ৷ যোৱাৰাতি মোৰ অকণো টোপনি অহা নাছিল ৷ গোটেই ৰাতি মই বাৰাণ্ডাৰ ইজি চেয়াৰত বহি কটাইছোঁ ৷
অথচ যিজন বাবাই কোনো দিনে অপ্ৰয়োজনত সঁচা কথাও কৈ পোৱা নাই তেওঁ কিয় অনৰ্গল মিছা কথা কয় ভাবি পোৱা নাই ৷
ৰাবেয়াই এদিন কৈছিল,
মাৰ মৃত্যুৰ পিছত বাবা বৰ ফ্ৰী হৈছে ৷
তাৰ মানে ?
মানে আৰু কি, এনে লাগে বাবাই মাক ঠিক মানি ল’ব পৰা নাছিল ৷
তই কি সকলো সময়তে বাজে কথা কৱ ৷
অা-হা এনেই ক’লো, কোনে বিশ্বাস কৰিব কৈছে ৷
বিশ্বাস নকৰিলেও হয়, কিন্তু বিশ্বাস নকৰোৱেই বা কেনেকৈ ? মাৰ নিচিনা এজনী ছোৱালী কেনেকৈ তেইশ বছৰ ইয়াতে কটালে ভাবি নাপাওঁ ৷ বাবাই মাৰ লগত এনে আচৰণ কৰে যেন মনিবৰ জীয়েকৰ লগত দিয়া খানচামাহে এগৰাকী ৷ ভালপাই বিয়া কৰালে এনে নহয় ৷ তাতো অসামঞ্জস্য থাকে, অশান্তিও হয় কিন্তু মূল সুৰ কেতিয়াও কাটি নাযায় ৷ অথচ যিমান দূৰ জানো তেওঁলোকৰ বিয়া ভালপায়ে হৈছিল ৷ কিছু কথা মাহীয়ে কৈছে আৰু কিছু কৈছে বাবাই ৷ ৰাবেয়ায়ো কৈছে কিছু কিছু (তাই হয়তো মাৰ পৰাই শুনিছে) ৷ সকলোবোৰ মিলাই এনে ধৰণৰ এখন ছবি কল্পনা কৰিব পাৰি ৷
শিৰিণ চুলতানা নামৰ ঊনৈশ বছৰৰ এজনী ছোৱালী ৷ সূৰ্য উঠাৰ আগে অাগে ছাদৰ ওপৰত ঘড়ীৰ কাঁটাৰ দৰে ৰেৱাজ কৰা নিয়ম ৷ সাত বজা মানত গানৰ শিক্ষক শৈলেন পোদ্দাৰ আহে গান শিকাবলৈ ৷ তেওঁ আধা ঘণ্টা মান থাকে ৷ এই গোটেই সময়খিনি তেওঁলোকৰ আশ্ৰয়ত থকা আজহাৰ হুচেইন নামৰ দুখীয়া ল’ৰা এজনে কাণ পাতি অপেক্ষা কৰে ৷ ছাদৰ ওপৰৰ ৰুম এটাত তেওঁ থাকে ৷ এদিন ছোৱালীজনীয়ে গোৱা গান এটা শুনি তেওঁৰ বৰ ভাল লাগিল ৷ ওলাই আহি ভয়ে ভয়ে ক’লে,
আৰু এবাৰ গাওক না ৷ মাত্ৰ এবাৰ ৷
শিৰিণ চুলতানাই গানতো নাগালেই, তাৰ পিছৰ পৰা ছাদত গান গোৱাও বন্ধ কৰি দিলে ৷ ল’ৰাজনে লাজ পাই অপৰাধীৰ দৰে তাত আৰু দুবছৰ কটালে ৷ এই দুবছৰে শিৰিণ চুলতানাৰ লগত তেওঁৰ এটা কথাও হোৱা নাছিল ৷ মাত্ৰ দেখা গ’ল এদিন দুয়োজনে বিয়া পাতি ডেৰশ টকাৰ এটা সৰু ভাড়া ঘৰত থাকিবলৈ ল’লে ৷
কেনেকৈ এইটো সম্ভৱ হ’ল সেইটো মোৰ বাবে এটি ৰহস্য ৷ ৰাবেয়াৰ পৰা জানিব খুজিলে তাই কয়,
মই জানো কিছু, কিন্তু নকওঁ ৷
কিয় ?
এনেই ৷ কি কৰিবি শুনি ?
জানিবলৈ মন যায় ৷
এদিন কম তোক ৷ সময় আহক ৷ সেই সময় এতিয়াও হোৱা নাই ৷ বহুত মইও নাজানো ৷ কিন্তু জানিবলৈ বৰ মন যায় ৷
দুপৰীয়া বাৰ বজাত ফাষ্ট্ৰ ইয়াৰত এটা ক্লাছ আছিল ৷ এক মান বজাত শেষ হ’ল ৷ দুপৰীয়া ৰিক্সা পোৱাৰ আশা কম ৷ সকলো ৰিক্সাৱালা একেলগে খাবলৈ যায় নে কি কোনে জানে ! অলপ খোজ কাঢ়োতেই ঘামত চাৰ্ট তিতি গ’ল ৷ সাংঘাতিক ৰ’দ ৷ ৰাস্তাৰ পিচ গলি চেণ্ডেলত আঠাৰ দৰে লাগি ধৰিছে ৷ ছাঁত থিয় হৈ ৰিক্সাৰ বাবে অপেক্ষা কৰিম নে নকৰিম ভাবিছোঁ, এনেতে ছোৱালীৰ মাত শুনিলোঁ,
দাদা, অ’ দাদা ৷
দেখো কিটকি ৷ চিনেমা হলৰ বাৰাণ্ডাত থিয় হৈ সকলোকে সচকিত কৰি বেছ ডাঙৰকৈয়ে মাতিছে ৷ কাণত পাৰৰ কণীৰ দৰে দুটা ৰঙা পাথৰ ৷ চুলিখিনি দীঘল বেণী গুঁঠি পিঠিত পেলাই লৈছে ৷ চেলোৱাৰ-কামিজৰ ৰঙ গাঢ় হালধীয়া আৰু ৰঙাৰে ডিজাইন কৰা ৷ দীঘলীয়া মুখ, পাতল ওঁঠ, ধুনীয়া দেখিছে ৷ মই ক’লোঁ,
কি অ’, তই চিনেমা চাবি নেকি ?
অ, ‘য়েলো স্কাই’৷
অকলে আহিছ ?
মোৰ বন্ধৱী এজনী আহিব বুলি কৈছিল, এতিয়াও আহি নাপালে ৷ ডেৰ বাজি গ’ল, চিনেমা আৰম্ভই হ’ব এতিয়া ৷
টিকট কাটিছ ?
অঁ ৷
মোক দে, মই এটা বিক্ৰী কৰি দিওঁ, তই অকলে অকলে চা ৷
আপুনি মোৰ লগত চাওক না ৷ আপোনাৰতো এতিয়া একো কাম নাই ৷ আহক না ৷
আৰে পগলা হৈছ নেকি ? ঘৰত গৈ গা-পা ধুই ভাত খাম ৷
এদিন অলপ দেৰি হ’লে মৰি নাযায় ৷ অকলে অকলে চিনেমা চাই মোৰ ভাল নালাগে ৷ আহক না, খুব ভাল চিনেমা ৷ প্লিজ, চাম বুলি কওক ৷
কিটকিৰ কাণ্ড দেখি নাহাঁহি নোৱাৰিলোঁ ৷ ক’লোঁ,
বল চাম, চিনেমা ভাল নহ’লে কিন্তু তোৰ মূৰ ভাঙি পেলাম ৷
দুয়ো চিৰিৰে ওপৰ মহলালৈ উঠিছো, কিটকি হঠাৎ থিয় হৈ ক’লে,
কি যে সমস্যা হ’ল চাওকচোন ৷
আকৌ কি হ’ল ?
মোৰ বান্ধৱীজনী আহি পাইছে ৷ এই যে ৰিক্সাৰ পৰা নামিছে ৷
চাপৰ ৰঙা উড়না লোৱাজনী নেকি ?
অঁ ৷
ভালেই হৈছে ৷ তহঁত দুজনীয়ে চা, মোক যাবলৈ দে ৷
নাই নাই অাহক এই পোষ্টাৰখনৰ আঁৰলৈ যাওঁ, নেদেখিলে গুচি যাব ৷
তই যা আঁৰত ৷ মোকতো চিনিয়ে নাপায় ৷
অা-হা আহক না ৷ কোনফালে গৈছে ?
ওপৰলৈ বিচাৰি গৈছে ছাগে ৷
কেনেকুৱা গাধা ছোৱালী দেখিছে ? চাৰে বাৰ বজাত আহিব কৈছোঁ আহিছে ডেৰ বজাত ৷
চিনেমাখন সঁচাই ভাল ৷ আৰম্ভণিৰ কিছুসময় পিছতেই ভাল লাগিল ৷ অৱশ্যে ইটালিয়ান চিনেমা যেনেকুৱা হয়–দুখৰ ৷ চিনেমাৰ সুদৰ্শন নায়কে বিয়া কৰালে তাৰ প্ৰেমিকাৰ ভনীয়েকক ৷ প্ৰেমিকাই গম পাই বিছনাত শুই শুই ফেঁকুৰি ফেঁকুৰি কান্দিছে ৷ এই দৃশ্যটো দীঘলীয়াকৈ দেখুৱাই আছে ৷ হঠাৎ দেখো কিটকিয়ে মুখত ৰুমাল গুজি কান্দোন চম্ভালিবলৈ চেষ্টা কৰিছে ৷চকুৰ পানীৰে গাল চিকমিকাই উঠিছে ৷ কাষত বহা ডেকা ল’ৰাজনে চিনেমাৰ পৰ্দা বাদ দি কিটকিলৈ চাইছে অবাক হৈ৷
মই ক’লোঁ, ‘কি অ’ কিটকি ? কি হৈছে ?
একো নাই ৷
আহ, আহ, চিনেমা চাব নালাগে ৷ কি সমস্যা ! কান্দিব লগা কি হ’ল ? তোৰতো একো হোৱা নাই৷
কিটকিৰ হাতত ধৰি হলৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ ৷ পোহৰত আহিয়ে তাই লাজ পাই গ’ল ৷
তই এজনী পাগলী সৰু ছোৱালী ৷
আৰু আপুনি বুঢ়া ৷
তই বৰ ভাল ছোৱালী কিটকি ৷ তই কন্দা দেখি মোৰ ইমান ভাল লাগিছে ৷
ভাল নহ’ব বুলি কৈছো ৷
আইচক্ৰীম খাবি কিটকি ?
নাই, নাখাওঁ ৷
খাবই লাগিব ৷ আহ, তই চিনেমা দেখুৱালি–মই আইচক্ৰীম খুৱাওঁ ৷
চিনেমা অলপ হে চালে ৷
আচ্ছা তয়ো অলপ খাবি ৷
সেউজীয়া ৰুমাল খনেৰে নাক মচি মচি সুন্দৰ কৈ হাঁহি তাই ক’লে– চিনেমাখন বৰ ভাল নহয় ?
অঁ ৷
ইস্, শেষলৈ যদি চালোহেঁতেন ৷
গৰমত আইচক্ৰীম বেয়া নালাগিল ৷ ডাঙৰ কথাটো হ’ল পৰিৱেশ ভাল ৷ বগা টেবুল ক্লথেৰে সুন্দৰকৈ সজোৱা টেবুল ৷ বয়বোৰৰ ধুনীয়া সাজ-পোচাক ৷ অসময় বাবে ভিৰো নাই ৷ কিটকিয়ে তৃপ্তিৰে খাই ক’লে, ‘বলক, যাওঁ ৷’
অলপ বহ, আৰু এটা আইচক্ৰীম খা ৷
মোক বাচ্ছা বুলি ভাবিছে নহয় ?
সেউজীয়া ৰুমাল উলিয়াই কিটকিয়ে নাক মচিলে ৷
মোৰ নাক খুব ঘামে, বৰ বেয়া ৷
নহয় খুব ভাল, যাৰ নাক ঘামে সিহঁতৰ…
জানো জানো ক’ব নালাগে, একদম মিছা কথা ৷ আপুনি বিশ্বাস কৰে ?
নাই ৷
ময়ো নকৰোঁ ৷ আচ্ছা, গালত টোল পৰা ছোৱালীৰ হাজবেণ্ডৰ হেনো খুব কম বয়সতে মৃত্যু হয় ?
ক’তা, তোৰতো টোল নপৰে ? নে পৰে ? এবাৰ হাঁহি দেচোন ৷
মোৰ বাবে কোৱা নাই নহয় ৷
ঘৰলৈ যাবি কিটকি ? যাওঁ বল ৷
আজি নালাগে ৷ বেলেগ এদিন যাম ৷
শুক্ৰবাৰে আহ ৷
শুক্ৰবাৰে কলেজ খোলা যে, ঠিক আছে সন্ধিয়া আহিম ৷
ৰাতি থাকিবি তো ?
উহুঁ ৷
কিটকিয়ে ৰিক্সাত উঠি হাত জোকাৰিলে ৷
ৰ’দৰ তাপ কমি আহিছে ৷ প্ৰায় চাৰি বাজিছে ৷ বহুত ঘামিছোঁ ৷ ঘৰলৈ গৈ ভালকৈ গা ধুম ৷ অসময়ত ভাত আৰু নাখাওঁ ৷ চাহ-তাহ কিবা খাই ভালকৈ শুম ৷ ৰাবেয়াই কেইদিনমান ধৰি চিনেমা চাবলৈ পেঘেনিয়াই আছে ৷ তাইক লৈ গৈ এদিন ‘য়েলো স্কাই’ চাম ৷
ঘৰ আহি দেখোঁ গেটত তলা ওলমি আছে ৷ তলাৰ লগত এখন সৰু টোকা–
ভাইটি, আমি আটায়ে সৰু মাহীৰ ঘৰলৈ ফুৰিব আহিছোঁ ৷ সন্ধিয়াৰ আগতে উভতি নাহো ৷ তয়ো আহি যা– ৰাবেয়া ৷
খুব ভাগৰ লাগিছিল ৷ ক’ৰবালৈ গৈ চাহ একাপ খাবলৈ মন গৈছিল ৷
এই চিঠি সম্ভৱ তোমাৰ বাবেই লিখা ?
চাই দেখোঁ, নিখুঁত চাহাবী পোচাকেৰে বেচ ওখ-পাখ এজন লোক মোৰ ওচৰত থিয় হৈছে ৷ কপালৰ দুকাষৰ চুলি পকিলেও এতিয়াও সুন্দৰ সুঠাম চেহেৰা ৷
তুমি সম্বোধন কৰিছো বুলি বেয়া নাপাবা, তুমি মোৰ ল’ৰাৰ বয়সৰ ৷
নাই নাই বেয়া পোৱা নাই ৷ মই আপোনাক চিনি পোৱা নাই ৷
কেনেকৈ চিনি পাবা ? মই তো কোনো চিনাকি নহয় ৷ ৰাবেয়া নামৰ এজনী ছোৱালী এই ঘৰত থাকে নে ?
হয় থাকে, মোৰ ভনী ৷
সৰুতে তাই যেতিয়া স্কুলত পঢ়িছিল তেতিয়া তাইৰ লগত মোৰ চিনাকি ৷ তাইক দেখিলেই মই গাড়ীৰে লিফট্ দিছিলোঁ ৷
হয় নেকি ?
অঁ, বৰ ভাল ছোৱালী ৷ বহুদিন দেশৰ বাহিৰত আছিলোঁ ৷ কিছুদিন আগতে আহিছোঁ, ভাবিলোঁ ছোৱালীজনীক চাই যাওঁ ৷ আহি দেখো তলা বন্ধ ৷ তলাৰ লগত চিঠিখন দেখি পঢ়ি দিয়াচলাই কিনিব গৈছিলোঁ এনেতে তুমি আহিলা ৷
আপোনাক ক’ত বহাও– আহক, চাহ একাপ খাব ৷
নাই, মোৰ ডায়বেটিচ্, চাহ নালাগে ৷ তুমি ছোৱালীজনীক এই চকলেটখিনি দিবা, ঠিক অাছে ৷
ভদ্ৰলোকজনে ক’লা বেগ খুলি চকলেট উলিয়াব ধৰিলে ৷
বিদেশত থকা সময়ত প্ৰায়ে মনত পৰে ৷ ছোৱালীজনীৰ বিয়া হৈ যোৱা নাই তো ? হ’লেও ক’ত বা হ’ল ?
নাই এতিয়াও বিয়া হোৱা নাই ৷
অাচ্ছা, মই তেতিয়া হ’লে যাওঁ ৷
ৰাবেয়া আচৰিত ছোৱালী তো ! সৰুতেই ৰাস্তাৰ মানুহৰ লগত সুন্দৰ সম্পৰ্ক গঢ়ি তুলিছে ৷ এনে সম্পৰ্ক যে মানুহজনে বিদেশৰ পৰা চকলেট আনিছে ৷ চকলেট খোৱা ছোৱালীজনী কিমান ডাঙৰ হৈছে জানিলে চকলেট নিশ্চয় নানিলেহেঁতেন ৷ ৰাবেয়াৰ এনে বন্ধু আৰু কেইজনমান আছে ৷ এজনী আছিল ‘আবুৰ মা’৷ কি যে ভাল পাইছিল ৰাবেয়াক ৷ সদায় এবাৰ খবৰ কৰে ৷ ৰাবেয়াৰ এবাৰ টাইফয়দ হ’ল, আবুৰ মা ঘৰ-সংসাৰ লৈ আমাৰ বাৰাণ্ডাত উঠিল ৷ পোন্ধৰ দিন মান আছিল অসুখ, বুঢ়ী এই কেইদিন ইয়াতেই আছিল ৷ মাই বৰ বিৰক্ত হৈছিল ৷ জীয়েকৰ অমঙ্গল হ’ব বুলি খেদিও দিব পৰা নাছিল ৷ হঠাতে এদিন আবুৰ মা অহা বন্ধ কৰি দিলে ৷ হয়তো আন কৰবালৈ গুচি গৈছে অথবা গাড়ীৰ চেপাত মৃত্যুও হ’ব পাৰে ৷ ৰাবেয়াক ঠাট্টা কৰি সকলোৱে ‘আবুৰ মাৰ সখী’ বুলি মাতিছিল ৷ বাবাই ‘আবুৰ নানী’ বুলি মাতিছিল ৷ ৰাবেয়াৰ খং তো মুঠেই নুঠে ৷ আবুৰ মাৰ লগত হাঁহি হাঁহি কথা পাতে ৷ চকুৰ আগত ছবিৰ দৰে ভাহি উঠে কথাবোৰ,
ঐ বুঢ়ী, আজি কিমান পাইছ ?
দুই সেৰ চাউল আৰু চাৰি অনা পইচা ৷ এই কপোৰ দিছে পুৰণি পল্টনৰ এজনী বেগম চাহেবে ৷
চাওঁ কি কাপোৰ ? ৰাবেয়াই গম্ভীৰ হৈ কাপোৰ চালে, ’ভাল কাপোৰ ৷’
ছাপ টো ধুনীয়া ?
অঁ, ধুনীয়া ছাপ ৷
ৰাবেয়াজনীৰ সৰুৰে পৰা বৰ পগলামী ৷
তিনি
অঁ, তেওঁ আবিদ হুচেইন ৷
ৰাবেয়াই হাঁহি মুখে ক’লে ৷ চকলেটৰ পেকেট পাই তাইৰ খুব ফূৰ্তি ৷
ক’ত লগ পালি তেওঁক ?
ঘৰলৈ আহিছিল, থিয়ই থিয়ই কথা হ’ল ৷ সৰুতে তোক হেনো গাড়ীৰে লিফট্ দিছিল ৷
অঁ৷ স্কুল বহু দূৰত আছিল ৷ যোৱাৰ সময়ত বাবাৰ লগত গৈছিলোঁ, অহাৰ সময়ত প্ৰায়েই এই মানুহজনৰ লগত দেখা হৈছিল ৷ আমাৰ দুয়োজনৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিছিল ৷ ৰ, সকলো কম৷ চাহ বনাই আনোঁ ৷
ঘৰত পোহৰ নাছিল ৷ বাহিৰত ভীষণ দুৰ্যোগ ৷ অলপ বতাহ-বৰষুণ দিলেই ইয়াত কাৰেন্ট নাথাকে ৷ ঘৰত এটাই মাত্ৰ হাৰিকেন, বহুত হুলস্থূল কৰি সেইটো জ্বলাই লুডু খেল চলিছে ৷ বাবায়ো খেলিছে ৷ ৰুণুৰ মাত সকলোতকৈ ওপৰত ৷
কি বাবা, তোমাৰ চাৰি পৰিছে, তুমি পাঁচ দিছা যে ?
পাঁচেই তো পৰিছে ৷
আমাৰ যেন চকু নাই ৷ এইবাৰৰ পৰা তোমাৰ দান মই মাৰি দিম ৷
এন্ধাৰ ঘৰত বহি বৰষুণ পৰা চাই আছোঁ ৷ চাওঁতে চাওঁতে বাৰিষা আহি পালে ৷ ধাৰাষাৰ বৰষুণ, টিনৰ চালত বাজনাৰ দৰে বৰষুণৰ শব্দ, খুব ভাল লাগিছে৷ ৰাবেয়া চাহ লৈ বিচনাত উঠিল ৷ দুয়ো মুখামুখিকৈ বহিলোঁ ৷ ৰাবেয়াই ক’লে,
প্ৰথমৰ পৰাই কওঁ ৷
ক ৷
তৃতীয় শ্ৰেণীত পঢ়োঁ তেতিয়া৷ ৰাতিপুৱা স্কুল ৷ এঘাৰ বজাত ছুটি হয় ৷ মই আৰু উকিল চাহাবৰ জীয়েক ৰাহেলা ঘৰলৈ উভতিছো, সেইসময়তে এই ভদ্ৰলোকজনে কি ভাবি জানো দীঘল দীঘল খোজ পেলাই আমাৰ ওচৰলৈ আহিল ৷ মোক ক’লে,
তোমালোক কলৈ যাবা ? ব’লা তোমালোকক মই থৈ আহিম ৷ গাড়ী আছে মোৰ ৷ সেয়া চোৱা ৰখাই থৈছো ৷
ৰাহেলাই ক’লে, আমি খোজ কাঢ়ি যাব পাৰিম ৷
নাই, নাই, খোজকাঢ়ি কিয় যাবা ? আহা, গাড়ীত আহা ৷ তোমালোকে মিঠাই খাবা ? নিশ্চয় খাবা ৷ কি কোৱা ?
ভদ্ৰলোকে আমাৰ ফালে নোচোৱাকৈয়ে ড্ৰাইভাৰক ক’লে, তুমি নামি যোৱা, এখন ৰিক্সাত বস্তুবোৰ লৈ যোৱা, মই বাচ্ছা কেইটাক লৈ অলপ ফুৰি আহোঁ ৷
আমি কি কৰিম ভাবি পোৱা নাছিলোঁ ৷ গাড়ীত উঠাৰ লোভ ষোল্ল অনাই আছে ৷ অাকৌ ভয়ো লাগিছে ৷ ৰাহেলাই ফুচফুচাই ক’লে, কোন অ এওঁ ৷
মই মিছাকৈ ক’লোঁ, আমাৰ চিনাকি, ঘূৰি আহোঁ বল ৷
ৰাহেলাই ক’লে, সোপাধৰা নহয় তো ?
তেতিয়া চাৰিওফালে খুব সোপাধৰাৰ কথা শুনা গৈছিল ৷ সোপাধৰাই হেনো ছোৱালীবোৰ ধৰি নি হোটেলত বিক্ৰী কৰে ৷ তাত মানুহৰ মাংস ৰান্ধে ৷ কোনোবাই হেনো মাংস খাওঁতে বাচ্ছা ছোৱালীৰ কেঞা আঙুলি পাইছে ৷ এই ধৰণৰ কথা ৷ ৰাহেলাৰ কথা শুনি ভয় লাগিলেও হাঁহি উৰাই দি ক’লোঁ, সোপাধৰা এনেকুৱা হয় জানো ?
ভদ্ৰলোকজনে গাড়ীৰ দৰ্জা খুলি আমাক মাতিলে ৷ দুয়ো গাড়ীত উঠিলোঁ ৷
মিঠাইৰ দোকান দেখি আমি স্তম্ভিত ৷ মজিয়াত কাৰ্পেট, দেৱালত মাদুৰেৰে প্ৰস্তুত কৰা সৰু সৰু দীঘল অদ্ভুত ছবি, টেবুলৰ চৌপাশে নিৰ্মল বগা প্লাষ্টিকৰ চকী, প্ৰতিখন টেবুলত সেউজীয়া ৰঙৰ কাঁচৰ ফুলদানিত সতেজ ফুল৷ ৰুমৰ মাজভাগত কাঁচৰ জাৰত ৰঙ-বিৰঙৰ মাছ ৷ ৰাহেলাই বিবৰ্ণ মুখেৰে ক’লে,
মোৰ বৰ ভয় লাগিছে ভাই !
কোৱা তোমালোকে কি খাবা ? কোনো লাজৰ কথা নাই, যি মন যায, যিমান মন যায় খোৱা ৷
মই মিঠাই নাখাওঁ ৷ তোমালোকে খোৱা ৷
ভদ্ৰলোকে খৰধৰকৈ কথাখিনি কৈ চিগাৰেট টানিব ধৰিলে ৷ ৰাহেলাৰ পিনে চাই ক’লে,
তোমাৰ নাম কি ?
বিবৰ্ণ মুখেৰে ৰাহেলাই ক’লে, ৰাহেলা ৷
খোৱা, লাজ নকৰিবা ৷
ৰাহেলাই কান্দো কান্দো হৈ ক’লে, ‘মোৰ ভয় লাগিছে, মই ঘৰলৈ যাম ৷’
অলপ দিনৰ ভিতৰতে আমাৰ ভয় নোহোৱা হৈ গ’ল ৷ ভদ্ৰলোকৰ লগত সদায় দেখা হ’বলৈ ধৰিলে ৷ তেওঁ যেন গাড়ী লৈ আমাৰ বাবেই অপেক্ষা কৰি থাকে ৷ দেখা হ’লেই কয়,
গাড়ীত ফুৰিবলৈ যাবলৈ ইচ্ছা হয় মা ? ড্ৰাইভাৰ, ছোৱালী দুজনীক অলপ ফুৰাই লৈ আহাঁ ৷
কেৱল ৰাহেলাই নহয়,মাজে মাজে আন ছোৱালীও থাকে ৷ সিহঁতে কয়, কোনোবাই যদি দেখে, তেতিয়া ?
ইয়াৰ মাজতে মই অসুখত পৰিলোঁ ৷ এমাহ মান স্কুল ক্ষতি ৷ মই অত্যন্ত দুৰ্বল হৈ পৰিলোঁ ৷ নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰা অৱস্থা ৷ মূৰৰ সকলো চুলি সৰিছে, আঙুলি ফুলিছে ৷ বাবাই অফিচৰ পৰা আহি মোক কোলাত লৈ ফুৰে ৷ এদিন এনেদৰে ফুৰি থাকোতে হঠাতে দেখিলোঁ সেই মানুহজন মুখত চিগাৰেট লৈ ঘন ঘন কৈ ধোঁৱা এৰি গেটৰ ভিতৰলৈ সোমাই আহিছে ৷ বাবাই আচৰিত হৈ সুধিলে,
আপুনি কি বিচাৰিছে ?
ছোৱালীজনীৰ অসুখ হৈছে ?
অঁ ৷
কি অসুখ ?
লিভাৰ ট্ৰাবল ৷
আপুনি যদি কয় মই এজন ডাঙৰ ডাক্তৰ পঠাব পাৰোঁ, মোৰ এজন বন্ধু আছে ৷
বাবাই অলপ খঙেৰে ক’লে,
টকাৰ অভাৱত ছোৱালীজনীক ডাঙৰ ডাক্তৰক নেদেখুৱাম বুলি ভাবিছে নেকি আপুনি ?
ভদ্ৰলোকে ক’লে, কাক দেখুৱাইছে, আপুনি যদি দয়া কৰি…
শৰাফত আলীক ৷
ভদ্ৰলোকে আনন্দেৰে ক’লে, ‘ময়ো তেখেতৰ কথাই কৈছিলোঁ ৷’
বাবাই ক’লে, আপুনি গুচি যাওক ৷ এতিয়া আহিছে ইয়ালৈ ৷
নহয় মানে–
আৰু নাহিব ৷
ভদ্ৰলোক বেগেৰে গুচি গ’ল ৷ কথাবাৰ্তা শুনি মা ওলাই আহি ক’লে, কি হৈছে ? কাৰ লগত কথা পাতিছা ? আবিদ হুচেইন আহিছিল ।
যদিও মই তেতিয়া খুব সৰু তথাপিও মা-বাবাৰ দুয়োজনৰ ভাৱ-ভঙ্গীত অনুমান কৰিছিলোঁ এই লোকজন তেওঁলোকৰ পৰিচিত আৰু দুয়োজনৰ এজনেও নিবিচাৰে তেওঁ আহক ৷
তাৰ পিছত আৰু তেওঁক দেখা নাই ৷ আজি ইমান দিন পিছত আকৌ আহিছে চকলেট লৈ ৷
মানুহজন কোন অ’ ৰাবেয়া ?
ৰাবেয়াই উত্তৰ দিয়াৰ আগতে বাবা আহি সোমাল,
ভাত দিয়া ৷ সোনকালে খাই শোও ৷
আগে চকলেট খোৱা বাবা, এয়া লোৱা ৷
কোনে আনিলে চকলেট, ভাইটি তই নেকি ?
নহয় বাবা আবিদ হুচেইনে আনিছে ৷
বাবাই অলপ আচৰিত হৈ ক’লে,
দেশলৈ উভতিছে নেকি ? নাজানো নহয় ৷ এজনী জাৰ্মান ছোৱালীক বিয়া কৰাইছে বুলি শুনিছিলোঁ ৷ তাতেই হেনো থাকিব ৷
মই সুধিলো, আবিদ হুচেইন কোন বাবা ?
মোৰ এজন বন্ধু ৷ ৰেলৱেত ইঞ্জিনিয়াৰ, খুব ভাল চেতাৰ বজাব জানে ৷
সোনকালে খোৱা-বোৱা শেষ হ’ল ৷ এটা মাত্ৰ হাৰিকেন, চাৰিওফালে ভূতৰ দৰে লাগিছে, আমাৰ ডাঙৰ ডাঙৰ ছাঁ দেৱালত পৰিছে ৷ বাহিৰত প্ৰচণ্ড বৰষুণ ৷ বতাহো নিশ্চয় আছে, হো-হো শব্দ শুনা গৈছে৷ মন্টুই ক’লে,
বাবা সাধু কোৱা ৷
কিহৰ সাধু, ভূতৰ ?
নিনুই ক’লে, নাই নালাগে ৷ মোৰ ভয় লাগিছে, হাঁহিৰ সাধু কোৱা ৷
বাবাই ক’লে, ৰাবেয়া এটা হাঁহিৰ সাধু ক ৷
ৰাবেয়াৰ হাঁহিৰ সাধু বিশেষ নজমিল ৷ বাবাই অৱশ্যে বহু সময় ধৰি হাঁহিলে ৷
ৰুণুই ক’লে, মাই এদিন এজন কণা চাহাবৰ সাধু কৈছিল, মনত আছে সেইদিনাও এনেদৰে বতাহ-বৰষুণ ৷
কোনটো সাধুৰ কথা কৈছ ?
এই যে চাহাবে গুড় কিনিবলৈ বজাৰলৈ গৈছিল ৷
মনত নাই সাধুটো, ক চোন !
ৰুণুই চকু ডাঙৰ ডাঙৰ কৰি সাধু কৈ গ’ল ৷ ৰুণুৱে অবিকল মাৰ চেহেৰা পাইছে ৷ এই বয়সত হয়তো মাৰ চেহেৰা এনেকুৱাই আছিল ৷ কেনেকুৱা আচৰিত লাগে–
এদিন মাই যি সাধু কৈছিল সেই সাধু আজি তেওঁৰ এজনী ছোৱালীয়ে কৈছে ৷ পৰিৱেশ অলপো সলনি হোৱা নাই, সেইদিনাও বতাহ-বৰষুণ, আজিও ৷
সাধু শেষ হোৱাৰ লগে লগেই বাবাই দীঘলীয়া হুমুনিয়াহ এৰিলে ৷ ক’লে, শোৱা গৈ সকলোৱে ৷
শুই শুই মোৰ মাৰ কথা মনত পৰিব ধৰিলে, কিছুদিন আগতেও এদিন এনেদৰে মনত পৰিছিল ৷ চেকেণ্ড ইয়াৰৰ ক্লাছ লৈ আছোঁ, হঠাৎ দেখো বাৰাণ্ডাত এজনী ছোৱালীয়ে, থিয়ই থিয়ই কাৰোবাৰ লগত কথা পাতিছে ৷ দেখাৰ লগে লগে মোৰ বুকুখন ধপধপাই উঠিল ৷ অবিকল মাৰ চেহেৰা ৷ থিয় হোৱাৰ ভঙ্গীও একেই, বিৰক্তিত ভ্ৰু কোঁচাই তলৰ ওঁঠ কামুৰি ধৰা ৷ মই বৰ বেছি বিচলিত হৈ ক্লাছত কি কৈছোঁ নিজেই বুজি পোৱা নাই ৷ ক্লাছ শেষ হ’লেই ছোৱালীজনীৰ লগত কথা পাতিম বুলি ভাবি মনে-প্ৰাণে ক্লাছত মন দিবলৈ চেষ্টা কৰিলোঁ ৷ এটা সময়ত ক্লাছ শেষ হ’ল, ছোৱালীজনীক বিচাৰি নাপালোঁ ৷ সেইদিনা গোটেই দিনতো মাৰ কথা ভাবিছিলোঁ ৷ সেইদিনা বহু ৰাতিৰ পিছত মাক সপোনত দেখিলোঁ ৷ মা সৰু ছোৱালী হৈ গৈছে ৷ ফ্ৰক পিন্ধি ঘূৰি ফুৰিছে ঘৰত ৷ মই কৈছোঁ,
মা আপুনি ইমান হুলস্থূল নকৰিব, মই শুইছোঁ ৷
মাই ক’লে, মই এক্কা-দোক্কাও নেখেলিম নেকি ?
খেলক, কিন্তু শব্দ কৰি নহয় ৷
তই খেলিবি ভাইটি মোৰ লগত ৷
নাই, মই কিমান ডাঙৰ হৈছো দেখা নাই ৷ মোৰ এতিয়া এইবোৰ খেলাৰ বয়স আছে ?
খুব আচৰিত হৈছিলোঁ সপোনটো দেখি ৷ এনেকুৱা অবান্তৰ সপোনো দেখে মানুহে !
মাৰ চাৰিওফালৰ ৰহস্যৰ দৰে সপোনটোও আছিল ৰহস্যময় ৷ চাৰিওফালে ৰহস্যৰ আৱৰণ মেলি তেওঁ গোটেই জীৱন আমাতকৈ বেলেগ হৈ আছিল ৷ মাত্ৰ কি তেওঁৱেই ? তেওঁৰ পৰিয়ালৰ আন লোক সকলো আছিল এখন বেলেগ জগতৰ মানুহ, অন্ততঃ আমাৰ বাবে ৷
মাজে মাজে ডাঙৰ মামা আহে ৷ তেওঁ থকা সময়খিনি বাবাই সচেতন হৈ থাকে ৷ দৌৰি মিঠাই আনিবলৈ যায় ৷ ৰাবেয়াই ঘামি-জামি চাহ বনায়, নিমকি ভাজে ৷ ডাঙৰ মামাই আধা কাপৰো কম বিনা চেনিৰ চাহ আৰু নিমকি আধাখন খায় ৷ যিমানখিনি সময় থাকে অনৱৰত ভৰি নচুৱাই চিগাৰেট হুপি থাকে ৷ কোনো দিনে আমাৰ ফালে মুখ তুলি চোৱা মোৰ মনত নপৰে ৷ বাবাই অৱশ্যে আমাক এজন এজনকৈ তেওঁৰ সন্মুখলৈ নিয়ে ৷ আমি নিজৰ নিজৰ নাম কৈ লেতু-সেতু হৈ থিয় হৈ থাকোঁ ৷ মামা আচৰিত হৈ কয়, ‘এই আটাইবোৰ শিৰিণৰ ল’ৰা-ছোৱালী ? কি আশ্চৰ্য ৷’ আশ্চৰ্য কি কাৰণে এই কথা বুজিব নোৱাৰি আমি এজনে আন জনৰ মুখলৈ চাওঁ ৷ মামাই ৰুমালেৰে ওঁঠ মচি মচি কয়, ‘বুজিছে আজহাৰ চাহেব, সৰুতে শিৰিণে ল’ৰা-ছোৱালী একেবাৰেই ভাল নাপাইছিল ৷ আৰু তাইৰেই ইমানবোৰ ল’ৰা-ছোৱালী ৷
মোৰ পিনে আঙুলি টোৱাই মামাই ক’লে ‘এইজন কি ডাঙৰ ল’ৰা ?’
মই মূৰ জোকাৰি হয়ভৰ দিলোঁ ৷
কোন ক্লাছত পঢ়া ?
ক্লাছ নাইন ৷
বাবাই খুব আনন্দেৰে ক’লে, সি ক্লাছ এইটৰ বৃত্তি পৰীক্ষাত প্ৰথম হৈছে ৷ জ্বৰ লৈয়েই পৰীক্ষা দিছিল ৷ স্কুলৰ পৰা মেডেল দিছে ৷ গোল্ড মেডেল ৷ ৰাবেয়া, যোৱাচোন মা তোমাৰ মামাক মেডেল টো দেখুৱা ৷ সৰু ট্ৰাংকতে আছে ৷
ব্লেডৰ দৰে পাতল মেডেলটো মামাই ঘূৰাই পকাই চাই আবেগবিহীন মাতেৰে ক’লে,
শিৰিণৰ দৰে মেধাবী হৈছে ল’ৰা ৷ শিৰিণ মেট্ৰিকত ছোৱালীৰ ভিতৰত প্ৰথম হৈছিল ৷
কৈ কৈ মামা গম্ভীৰ হৈ গ’ল ৷ অপ্ৰাসঙ্গিকভাৱে ক’লে,
আমাৰ পৰিয়ালটোৱেই আছিল বেলেগ ধৰণৰ ৷ হাঁহি-ফূৰ্তিৰ পৰিয়াল ৷ ঘৰৰ নাম আছিল ‘কারা কানন’৷ দেৱালৰ ভিতৰত ফুলৰ বাগিচা ৷ শিৰিণে নিজেই নাম দিছিল ৷
অলপ পিছত মা সোমাই আহিল ৷ খুব কম সময় থাকিল ৷ আমি আটায়ে ওলাই আহিলোঁ ৷ এটা সময়ত দেখিলোঁ মুখ ক’লা কৰি মামা উঠি গ’ল ৷ মাই শুই শুই গোটেই দুপৰীয়া কান্দিলে ৷ আমি দুখ মনেৰে ঘূৰি ফুৰিলোঁ ৷ একোৱেই ভাল নালাগে ৷ সেই কম বয়সতে মাক কিমান গভীৰভাৱে ভাল পাইছিলোঁ ৷ কিন্তু মা আছিল উদাসীন৷ কথা খুব কম কৈছিল ৷ নিশব্দে খোজ কাঢ়িছিল ৷ সৰু সৰু কৈ কথা কৈছিল ৷ মাজে মাজে এনে লাগিছিল সাংঘাতিক হতাশাত ভুগিছে ৷ তেতিয়া বিছনাত শুই শুই সময় কটায় ৷ প্ৰয়োজনৰ কথাটোও নকয় ৷ ঘৰৰ কামখিনি ৰাবেয়াৰ লগত¸ মিলি ঠিকেই কৰে ৷ গোটেই ঘৰখন বিষন্নতাৰে ভৰি পৰে ৷ বাবাই অফিচৰ পৰা আহি মনে মনে বহি থাকে বাৰাণ্ডাত ৷ ৰাবেয়াই চাহ আনি দিয়ে ৷ বাবাই ফুচফুচাই সোধে, তোৰ মাক দিছ ?
নাই, মাই নাখায় ৷
উস্ দি তো চা ৷
দুপৰীয়া ভাতেই খোৱা নাই৷
অ, হয় নেকি ?
ৰুণু-ঝুনু ৰাতিপুৱাই কিতাপ লৈ বহে ৷ যিমান পাৰে সিমান চিঞৰি-চিঞৰি পঢ়ে ৷ বাবা কিছুসময় সিহঁতৰ কাষত বহে, মাজতে পাকঘৰত ৰাবেয়াৰ কাষলৈ যায় ৷ কিছুসময় পিছত উঠি আহে মোৰ কাষলৈ ৷ কিছুমান অপ্ৰাসঙ্গিক কথা উত্থাপন কৰে, বৰ অপ্ৰস্তুত হওঁ,
ভাইটি, তোৰ কলেজত ছোৱালী প্ৰফেচাৰ আছে ?
আছে ৷
বিয়া হৈছে নে ?
হৈছে কিছুমানৰ ৷
সকলোৰে নিশ্চয় হোৱা নাই ৷ কলেজৰ ছোৱালী প্ৰফেচাৰৰ লগত বিয়া হয় নে ?
নহ’লে হয়তো সুধিব,
ৰাতি কেতিয়াবা তোৰ পানীৰ পিয়াহ লাগে নে ?
কেতিয়াবা লাগে ৷
তেতিয়া কি কৰ ?
পানী খাওঁ ৷ আৰু কি কৰিম ?
খালী পেটত পানী নাখায়, ইয়াৰ পিছৰ পৰা বিস্কুট আনি ৰাখিবি ৷ আধাখন বিস্কুট খাই পানী খাবি, বুজিলি নে ?
বুজিছোঁ ৷
কথা ক’ব লাগে বাবেই কথা কয় ৷ কেতিয়াবা মাৰ ওপৰত বিৰক্তি লাগে ৷ কিয়, আমি কি দোষ কৰিছোঁ ? আমাৰ লগত কিয় এনে কৰিব ?
অৱশ্যে কেতিয়াবা বিপৰীত ঘটনাও ঘটে ৷ অদ্ভুত আনন্দত মাৰ মন ভৰি পৰে৷ বাছি বাছি ধুনীয়া শাৰী পিন্ধে, দীঘলকৈ বেণী গোঁঠে ৷মন্টুই আচৰিত হৈ কয়, মা আজি তোমাক আন ঘৰৰ ছোৱালী যেন লাগিছে ৷
মাই অবাক হৈ সোধে, কি কৈছ মন্টু ?
কৈছো তোমাক আজি বেলেগ লাগিছে ৷ তুমি যেন আমাৰ ঘৰলৈ ফুৰিব আহিছা ৷ ৰুণুই কৈ উঠে, মন্টু বৰ অঁকৰা ৷ তেনে নহয় মা ৷
মাই হাঁহি হাঁহি ৰাবেয়াক সোধে,
ৰাবেয়া তোৰ গান ভাল লাগে ?
অঁ মা, খুব ভাল লাগে ৷
মোৰ ডাঙৰ দাদাও বৰ গান-পাগল আছিল ৷ সদায় ৰাতি আমি ছাদৰ ওপৰত ৰেকৰ্ড বজাইছিলোঁ ৷ চিন্নয়ৰ ৰবীন্দ্ৰ সংগীত কি যে ভাল পাইছিল ডাঙৰদাই ৷
মা তুমিওতো গান জানা ৷ তোমাৰ হেনো ৰেকৰ্ড আছে গানৰ ?
মাই ৰাবেয়াৰ পিনে চাই আনন্দেৰে কয়, যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়াই ৰেকৰ্ড হৈছিল ৷ মেছবাহউদ্দিন আছিল তেতিয়া ৰেডিঅ’ৰ ৰিজনেল ডাইৰেক্টৰ ৷ তেৱেই সকলো কৰিছিল ৷ এফালে মোৰ আৰু আনফালে পিনু হকৰ গান ৷ পিনু হকক জান নহয় ?
এতিয়াতো চিনেমাৰ বেছ নাম কৰা প্লে-বেক গায়িকা ৷ তেতিয়া তেনেই সৰু ছোৱালী, মোতকৈও সৰু ৷
যদিও আমি সকলোৱে জানো মাৰ গানৰ এখন ৰেকৰ্ড আছে আমি কোনেও শুনা নাই ৷ পুৰণা ৰেকৰ্ড বজাৰতো পোৱা নাযায় ৷ নানাৰ ঘৰৰ পৰা আনি শুনাৰ কথাও কোনোদিনে ভবা নাই ৷ মাই ভুলতেও কোনোদিনে আমাক গান গাই শুনোৱা নাই ৷
মাৰ সুখৰ দিনৰ বাবে আমি আগ্ৰহেৰে বাট চাই থাকোঁ ৷ কি যে ভাল লাগিছিল ৷ বাবায়ো বৰ আনন্দ পাইছিল, ফূৰ্তিতে কি যে কৰিব ভাবিয়েই যেন নাপায় ৷ অফিচৰ সহকৰ্মীয়ে কি কৰে তাকে আমাক দেখুৱাই হাঁহে ৷ বাবাই খুব সুন্দৰ কমিক কৰিব পাৰে ৷ অফিচৰ ছোটবাবুই কেনেদৰে লেঙেৰাই লেঙেৰাই আহি বৰবাবুৰ চেম্বাৰ পায়– সেয়া ইমান ধুনীয়াকৈ দেখুৱায় আমি হাঁহি হাঁহি বাগৰি পৰোঁ ৷ মাই কয় আৰু নালাগে মোৰ পেটৰ বিষ উঠি গৈছে ৷ ঝুনুয়ে চকু ডাঙৰ কৰি কয় ৰাবেয়াবা, বাবা খুব ভাল জোকাৰ নহয় নে ?
ৰাবেয়াই খঙেৰে কয়, এক থাপৰ দিম, বাবাক জোকাৰ ক’ব আহিছে ৷ দেখিছা বাবা ঝুনুৰ কেনে ফিচিঙা বুদ্ধি হৈছে ? বাবাই কয়, মোৰ আৰু এটা বুদ্ধি, ৰুণু-ঝুনু তহঁতে অলপ নাচি দেখুৱা ৷
দুয়ো কিটকিৰ পৰা শিকা আনাৰি নাচ নাচে ৷ মাই মুখেৰে তবলাৰ শব্দ কৰে ৷ বাবাই কয়, বাহ্, ৰে বেটী বাঃ কিযে সুন্দৰ শিকিছে ৷বাঃ বাঃ, মন্টু এইবাৰ তুমি গান গোৱা বাবা ৷
মন্টুই কোৱাৰ বাবে অপেক্ষা কৰিয়েই থাকে ৷ কোৱাৰ লগে লগে আৰম্ভ–
‘কাবেৰী নদীৰ পানী…’
সি এই গানটোৰ মাত্ৰ ছয় লাইন হে জানে ৷ ছয় লাইন শেষ হোৱাৰ লগে লগে বাবাই কয়, ঘূৰাই ফিৰাই ঘূৰাই ফিৰাই গোৱা।
মন্টুই একে কেইটা শাৰীকে ঘূৰাই ফিৰাই বাৰে বাৰে গায় ৷ সৰু ল’ৰা হিচাপে মাতটো অলপ মোটা ওপৰলৈ বেছি টানিব নোৱাৰে যদিও সি গান ভালেই গায় ৷ সুৰৰ জ্ঞান অতি সুন্দৰ ৷
মাজতে ৰাবেয়াই ফাঁকতে গৈ চাহ বনাই আনে ৷ বিশেষ দিন বুলি ৰুণু-ঝুনু আৰু মন্টুয়ো আধা কাপ কৰি চাহ পায় সেইদিনা ৷ সুখৰ সময়বোৰ ক্ষন্তেকীয়া বুলিয়েই অসম্ভৱ আকৰ্ষণীয় আছিল সেই সময় ৷ সোনকালে নাইকিয়া হৈ গ’লেও তাৰ সৌৰভ থাকে বহু দিনলৈ ৷
ভাবোঁতে ভাবোঁতে বহু ৰাতি হ’ল ৷ মানুহৰ চিন্তা যিমানেই অসংলগ্ন নহ’ওক কিয় ভালদৰে চালে সকলোবোৰৰ মাজত ভাল সামঞ্জস্য পোৱা যায় ৷ বৰষুণৰ ৰাতি সাধু কোৱাৰ পৰা ভাবি ভাবি ক’লৈ যে আহি পালোঁ ৷ বৰষুণ কেতিয়াবাই এৰিলে ৷ চাৰিওফালে সেমেকা পৰিৱেশ , ঠাণ্ডা বতাহ বলিছে ৷ বিজুলীৰ চমকনিত ক্ষন্তেকৰ বাবে নীলা পোহৰ দেখা গ’ল ৷ ডিঙিলৈকে কাপোৰ টানি শুই পৰিলোঁ ৷
বাপৰে ইমান শুব পাৰে ৷
কিটকি মোৰ সন্মুখত হাঁহিমুখে থিয় হৈ আছে ৷
কালি গোটেই ৰাতি শোৱা নাই নহয় ?
দেৰিকৈ শুইছোঁ ৷ তই যে ইমান সোনকালে ! শাৰী পিন্ধিছ, চিনিবই পৰা নাই ৷ একদম ভদ্ৰমহিলা ৷
আগতে কি আছিলোঁ ? ভদ্ৰলোক ?
নহয়, ভদ্ৰছোৱালী ৷ শাৰীত বৰ ওখ দেখিছে, কিমান ওখ তই ?
পাঁচফুট এক ইঞ্চি ৷
বহ, মুখ ধুই আহোঁ ৷
বাথৰুমলৈ যোৱাৰ বাটতে ৰাবেয়াক পালোঁ চাহৰ ট্ৰে লৈ ভিতৰলৈ গৈছে ৷
অ ভাইটি, কিটকি বেচেৰী কেতিয়াৰ পৰা বহি আছে, তোৰ টোপনিয়ে নাভাঙে ৷ ৰাতি কি চুৰ কৰিব গৈছিলি ?
হাত-মুখ ধুই আহি কিটকিৰ সন্মুখত বহিলোঁ ৷ সেউজীয়া ৰঙৰ শাৰী পিন্ধিছে ৷ ওঁঠত পাতল লিপষ্টিক, কপালত জিলিকি আছে নীলা ৰঙৰ ফোঁট ৷ কিটকিয়ে ক’লে,
কওঁক চোন, ইমান ৰাতিপুৱাই কিয় আহিছোঁ ?
কিবা খবৰ আছে বোধহয় ?
কওক কি খবৰ ?
লগ হৈ পিকনিক যাবি, সেয়াই নহয় জানো ?
কিছু শুদ্ধ ৷ আমি ম্যানিলা যাম ৷
ক’ত যাবি ?
পাঁচ বছৰৰ চুক্তিত বাবা এই ডিচেম্বৰত যাব ৷ কি যে ভাল লাগিছে মোৰ ৷
আনন্দত আত্মহাৰা কিটকি ৷ মোৰ বুকুত ধককৈ লাগিল এটা ধাক্কা ৷ খুব ফূৰ্তি লাগিছে তোৰ ?
অঁ, বহুত ৷
আমাৰ বাবে তোৰ বেয়া নালাগিব ?
কিয় নালাগিব ? বহুত বেয়া লাগিব ৷ মই সকলোলৈকে চিঠি লিখিম ৷
কিটকি, চাওঁ তোৰ হাতখন ৷
হাতত কি চাব ?
দিওঁ-নিদিওঁকৈ হাতখন আগবঢ়াই দিলে কিটকিয়ে ৷ টিকটিকীয়া ৰঙা সৰু হাত ৷
হাত চাবলৈ জানে আপুনি ? কেতিয়াওতো কোৱা নাই, ভালকৈ চাব কিন্তু ৷ সকলো ক’ব ৷
কিটকিৰ কোমল হাত হাতত ৰাখি মই এক অজান যন্ত্ৰণাত চটফটাই থাকিলোঁ ৷
কি চালে কওক ? কওক না ?
এনেই, মই হাত চাব নাজানোঁ ৷
তেতিয়াহলে কি চালে ?
কি চালো তই বুজি পোৱা নাই ৷ তইতো সাংঘাতিক অঁকৰা ৷
কিটকিয়ে হাঁহিমুখে ক’লে, বুজি পাইছোঁ ৷
কি বুজি পালি ?
বুজিব পাৰিছোঁ যে আপুনিও বৰ অঁকৰা ৷
কিটকিহঁত ডিচেম্বৰৰ ন তাৰিখে গুচি গ’ল ৷ এয়াৰপোৰ্টত বহুত মানুহ আহিছিল ৷ ৰাবেয়াক লৈ ময়ো গৈছিলোঁ ৷ কিটকিৰ যে ইমান বন্ধু আছে নাজানিছিলোঁ ৷ হাঁহি হাঁহি তাই সকলোৰে লগত কথা পাতিছে ৷ কিটকিক এজনী সেউজীয়া পৰী যেন লাগিছিল ৷ সেউজীয়া শাৰী, সেউজীয়া জোতা, সেউজীয়া ফিটা আনকি কান্ধত লোৱা মস্ত বেগটোও সেউজীয়া৷ ৰাবেয়াক ক’লোঁ,
কিটকিক কি ধুনীয়া লাগিছে, দেখিছ ? তই এনেকৈ মিলাই কিয় নিপিন্ধ ?
সাজ-পোচাক দেখি যদি তোৰ দৰে কাৰোবাৰ পুৰুষ-হৃদয় ভাঙি যায় সেই ভয়তে ৷
মাহী লাউঞ্জৰ এটা চুকত বহি আছিল ৷ ইংগিতেৰে ওচৰলৈ মাতিলে ৷ তহঁতক এৰি যাবলৈ ওলালোঁ ৷
উভতিব কেতিয়া ?
কোনে জানে কেতিয়া ? কৰ্তাৰ ইচ্ছা হলেই উভতিম ৷ পাঁচ বছৰৰ ম্যাদ ৷ কি ৰাবেয়া, কিয় হাঁহিছ ?
ৰাবেয়াই হাতেৰে দেখুৱাই ক’লে, সেই ভদ্ৰমহিলাগৰাকীৰ কেঁচুৱা ল’ৰাটো লৈ ভীষণ বিব্ৰত হৈছে ৷ ল’ৰাটোৱে মাকক ঘুচিয়াই আছে ৷ কোনোমতে শান্ত কৰিব পৰা নাই ৷
সকলোৱে হাঁহি হাঁহি চাই আছে ৷ মাহীয়ে ক’লে,
তোৰতো বয়স হ’ল ৰাবেয়া ৷ মই যেতিয়া ক্লাছ চেভেনত তেতিয়াই তোৰ জন্ম ৷ তাৰমানে– তোৰ দেখোন ত্ৰিশ বছৰ পাৰ হৈ গ’ল ! কি কাণ্ড ? বুঢ়ী হৈ গলি, বিয়া এতিয়াও নহ’ল ? কি সমস্যা ৷
ৰাবেয়া স্তম্ভিত হৈ চাই থাকিল ৷ চকু তুলি মই ৰাবেয়াৰ পিনে চাব পৰা নাই ৷ এনে অবিবেচনাৰ কথা কেৱল মাইকী মানুহেহে ক’ব পাৰে ৷ ৰাবেয়াৰ চকু চলচলীয়া, যেন কান্দিহে দিব ৷ মই ৰাবেয়াৰ হাতত ধৰিলোঁ ৷
মাহী আমি যাওঁ ৷ মহা ক’ত ?
বুকিঙত কিবা আলোচনা কৰি আছে ৷
আমি আহিলোঁ ৷ খোদা হাফেজ ৷
কিটকিৰ লগত গেটত দেখা হ’ল, এজনী বান্ধৱীৰ লগত খিলখিলাই হাঁহি আছিল ৷ যাওঁ কিটকি ৷
এতিয়াই ! প্লেন এৰিবলৈ এতিয়াও চল্লিশ মিনিট আছে ৷
নাই অ’, অলপ সোনকালে যাব লাগিব, কাম আছে ৷
ৰাবেয়াবাৰ মুখখন কিয় ক’লা পৰি আছে ?
ৰাবেয়াই থতমত খাই ক’লে,
তই গৈ আছ যে, চিঠি দিবি নে ?
ৰাবেয়া মোতকৈ পাঁচ বছৰে ডাঙৰ ৷ এই বছৰ একত্ৰিশত ভৰি দিছে ৷ অথচ সৰু ছোৱালীৰ দৰে মোৰ হাতত ধৰি আহিছে মোৰ পাছে পাছে ৷ মূৰত আকৌ ঘোমটাও দিছে ৷ ৰিক্সাত উঠি তাই লেতু-সেতুকৈ বহি থাকিল ৷
ৰাবেয়া মনে মনে আছ যে ?
তয়োতো মনে মনে আছ ৷
তই মুখ ক’লা কৰি থাকিলে বৰ বেয়া লাগে ৷ তই কি মনত কষ্ট পাইছ ?
ৰাবেয়াই লাহেকৈ ক’লে, মই কেতিয়াও কাৰো কথাতে বেয়া নাপাওঁ ৷ আজি মাহীৰ কথা শুনি বৰ বেয়া লাগিল ৷
নিৰ্জন ৰাস্তাত ৰিক্সা দ্ৰুতগতিত চলিছে ৷ ৰিক্সাৰ হেন্দোলনিত ৰাবেয়া অলপ কঁপিছে ৷ মূৰত গোন্ধ-তেল দিছে বাবে হয়তো, মৃদু সুবাস পাইছোঁ ৷ ৰাস্তাত কি ধূলি ! ৰাবেয়াৰ বাওঁ হাতখন ক্লান্তভাৱে মোৰ কোলাত পৰি আছে ৷
মাহীৰ কথাটো এতিয়াও মনতে ধৰি ৰাখিছ, মাহীৰ কি মূৰ ঠিক আছে ?
বাদ দে সেইবোৰ কথা, বেলেগ কথা ক ৷
কি কথা ?
কিটকিৰ কাৰণে তোৰ বেয়া লাগিছে ?
লাগিছে ৷ কিন্তু যিমান ভাবিছ সিমান নহয় ৷
ৰাবেয়াই অলপ হাঁহি মনে মনে থাকিল ৷ তাইৰ যে ইমান বয়স হৈছে মনতে নহয় ৷ সেইদিনাই কোনোবাই চাবলৈ আহিছিল ৷ বুঢ়া ভদ্ৰলোকজনে মূৰটো লৰাই ক’লে,
আপোনাৰ ছোৱালী ভাল, দেখিয়েই বুজিছো লক্ষ্মী ছোৱালী ৷ বয়সো বেছি নহয় ৷ কিন্তু আজি-কালিৰ আধুনিক ল’ৰা, সিহঁতৰ মনত ধুনীয়া মানে ধকধকীয়া বগা বুলি কৈ হায়েনাৰ নিচিনাকৈ হাঁহিব ধৰিলে ৷
গান গাব জানা মা ? কোনো বাদ্যযন্ত্ৰ ? এই ধৰা গিটাৰ-ফিটাৰ ? আজি-কালি আকৌ এইবোৰৰ বৰ আদৰ ৷
নাই নাজানো ৷
এবাৰ দৰাৰ বন্ধু আহিল ৷
আপুনি মডাৰ্ণ লিটাৰেচাৰৰ কিবা পঢ়িছে ?
নাই, পঢ়া নাই ৷
ইবচেনৰ নাম নিশ্চয় শুনিছে ৷
নাই শুনা ৷
বিয়া ভাঙি গ’ল ৷ এবাৰ আকৌ সকলো ঠিকঠাক ৷ ল’ৰাজনো ভাল ৷ এইবাৰ ৰাবেয়াই মানা কৰিলে ৷
এই ল’ৰাৰ লগত বিয়া নহওঁ ৷
কিয় ? ল’ৰা দেখি তোৰ পছন্দ হোৱা নাই ?
কিয় পছন্দ নহ’ব ? বৰ ভাল ল’ৰা ৷
দৰমহা কম পায় বাবে ?
সেইটো কিবা কাৰণ হ’ব পাৰে নেকি ? দৰমহা কম মানে কি ?
তেনেহলে ঠিক কৰি ক, তোৰ আন কোনোবা ল’ৰা ভাল লাগে নেকি ?
গাধা, চিনেমা চাই চাই তোৰ মূৰ বেয়া হৈ গৈছে ৷
কিয় বিয়া নহৱ তেন্তে ক ৷
ল’ৰাজন সৰু, মই তাতকৈ ডেৰ গুণ বেছি বয়সৰ ৷ মোৰ বৰ লাজ লাগিছে ৷ তাৰোপৰি তোক এটা কথা কওঁ ভাইটি–
ক ৷
বিয়া-তিয়া কৰাবলৈ মোৰ অলপো ইচ্ছা নাই ৷ একেবাৰে ভাল নালাগে ৷ অচিনাকী ল’ৰা এজনৰ লগত শোৱা, ছিঃ৷
ৰিক্সা দ্ৰুতবেগে চলি আছে ৷ ৰাবেয়া মনে মনে বহি আছে ৷ সুৰুযৰ ৰঙা ৰশ্মিয়ে ৰাবেয়াৰ মুখখনো ৰঙা কৰি তুলিছে ৷ তাই কি ভাবিছে কোনে কব !
চাৰি
ৰুণুৱে টেবুল লেম্প জ্বলাই কিবা লিখি আছিল ৷ মোক দেখি হাঁহি থিয় হ’ল ৷ লিখা কাগজখন সন্তৰ্পণে লুকাই ক’লে,
কি দাদা ?
কি কৰিছিলি ?
ৰুণুই ক’লে, অংক কৰিছিলোঁ ৷ কথাখিনি কওঁতে যেন খোকোজা লাগিল ৷ আচৰিত হৈ ওলাই আহিলোঁ ৷ ৰুণুই কি কাৰবাক ভালপোৱাৰ কথা লিখিছে ? একো আচৰিত কথা নহয় ৷ সিহঁত যেনে স্বভাৱৰ ৷ ৰুণু-ঝুনু দুয়োজনীয়ে ডাঙৰ হৈছে ৷ আগৰ চেহেৰাৰ কোনো অৱশিষ্ট নাই ৷ স্বভাৱো কিছু সলনি হৈছে ৷ দুয়ো অকাৰণতে হাঁহে ৷ গোটেই দিন হাঁহিৰ শব্দ শুনোঁ ৷ কিবা নহয় কিবা লৈ খিলখিলাই থাকে ৷
অ’ মা, ঝুনুক এইখন শাৰীত কাম কৰা বাইৰ জীয়েক যেন লাগিছে ৷ হি হি হি…
ঐ ৰুণু চা, ৰাবেয়াবাই কি কৰিছে, হি হি হি
বা শুনা, আজি ৰাতিপুৱা কি হৈছে, আমি হি হি হি ৰাস্তা ৰে হি হি হি…
আকৌ সামান্য কথাতে কাজিয়া ৷ মুখলৈ চোৱাও বন্ধ ৷ অলপ সময়ৰ ভিতৰতে আকৌ মিলাপ্ৰীতি ৷ মনে মনে গৈ মেটিনি শ্ব’ চিনেমা চোৱা ৷ কাপোৰৰ ওপৰত তীক্ষ্ণ নজৰ ৷ সকলো মিলি এটা সাংঘাতিক পৰিৱৰ্তন ৷ আগেয়ে ৰুণু-ঝুনুক যিদৰে জানিছিলোঁ সেই ৰুণু-ঝুনু নহয় ৷ বিশেষকৈ গোপনে চিঠি লিখা ভঙ্গীটো পটকৈ মনলৈ আহে ৷
ৰাবেয়াই মুঢ়াত বহি চুৱেটাৰ গুঁঠি আছিল ৷ তাইক সুধিলোঁ,
ৰুণুৰ কোনোবা ল’ৰাৰ লগত চিনা-পৰিচয় হৈছে নেকি ?
ৰাবেয়াই কিছুসময় মোৰ পিনে চাই থাকি ক’লে,
কিটকিৰ কথা দিনে-ৰাতি ভাবি ভাবি তোৰ এনে হৈছে ৷ কিটকিৰ পৰা চিঠি পোৱা নাই নেকি ?
নাই, মোৰ কিবা এটা সন্দেহ হ’ল ৷ শ্বৰীফ চাহাবৰ মনচুৰ নামৰ ল’ৰাজন প্ৰায়েই আহে ৷
আহক না ৷ নঙঠা হৈ থকাৰে পৰা ৰুণু-ঝুনুৰ লগত ইয়াতেই খেলিছে ৷
যেতিয়া খেলিছিল তেতিয়া খেলিছিল ৷ এতিয়া ৰুণু-ঝুনু ডাঙৰ হৈছে আৰু সিও ডাঙৰ হৈছে ৷
কি কথা লৈ যে পেকপেকাই আছ ৷ যদি ভালপোৱা আছে বিয়া হ’ব ৷ মনচুৰ ভাল ল’ৰা ৷ ইঞ্জিনিয়াৰিং পাছ কৰি ক’ৰবাত চাকৰিও পাইছে ৷
এক কথাতে সমস্যা সমাধান কৰি ৰাবেয়াই ঊণ গোঁঠাত ব্যস্ত হ’ল ৷
মন্টুৰো যথেষ্ট পৰিৱৰ্তন হৈছে ৷ পঢ়া-শুনাত বেছি মন নাই ৷ ৰাতি প্ৰায়েই বহু দেৰিকৈ ঘৰত সোমায় ৷ কিবা এটা কায়দা কৰি বাহিৰৰ পৰাই বন্ধ দৰ্জা খোলে ৷
আলোচনীত হেনো তাৰ কবিতা মাজে মাজে ছপা হয় ৷ যিদিনা ছপা হয় সেইদিনা লাজতে মূৰ তুলি নাচায় ৷
যেন সাংঘাতিক কিবা অপৰাধ কৰিছে ৷ গানৰ বাবে সুন্দৰ মাত হৈছে ৷ গানৰ মাষ্টৰ ৰাখি গান শিকালে হয়তো ভাল গায়ক হ’লহেঁতেন ৷ মাজে মাজে আপোন মনে গান গায় ৷ কোনোবা দিনা নিজেই অনুৰোধ কৰোঁ,
মন্টু গান এটা গা-চোন ৷
কোনটো ?
‘চাঁদেৰ হাসিৰ বাঁধ ভেঙেছে ৷’
ৰবীন্দ্ৰ সংগীত নালাগে, এটা আধুনিক গান গাওঁ ৷ শুন৷
লাইট নুমাই দে, এন্ধাৰত গান জমিব ৷
লাইট নুমাই গান আৰম্ভ হয় ৷ গান শুনিলেই বাবা আহি উপস্থিত ৷ বাবাৰ শৰীৰ বৰ দুৰ্বল হৈছে ৷ হাঁপানি, বাত বিষ সকলোবোৰে একেলগে চেঁপি ধৰিছে ৷ আবেলি অলপ খোজ কাঢ়ে, বাকী সময় বহি বহিয়ে কটায় ৷ ৰাবেয়া ৰাতি আঠ বাজিলেই গৰম তেলেৰে বাবাৰ বুকু মালিচ কৰি দিয়ে ৷ তেতিয়া বাবাই বিৰ্বিৰ্কৈ আপোন মনে কিবা কয় ৷ ৰাবেয়াই কয়,
অকলে অকলে কি কৈছা বাবা ?
নাই একো কোৱা নাই ৷ কি নো কম ?
অলপ আৰাম পাইছা নে ?
কিয় নাপাম ? তোৰ নিচিনা যাৰ ছোৱালী আছে তাৰ হাজাৰ কষ্ট থাকিলেও একো নহয় ৷ মোৰ লক্ষ্মী ছোৱালী ৷
কি যে কোৱা বাবা, লাজ লাগে ৷
তেতিয়াহলে মনে মনে তোৰ গুণ গাওঁ ৷
বাবা মৌন হৈ পৰে ৷
আটাইতকৈ সৰু নিনু চাওঁতে চাওঁতে তায়ো ডাঙৰ হৈ গ’ল ৷ মাতকৈও ধুনীয়া হৈ উঠিছে তাই ৷ পাতল ওঁঠ, নাকটো অলপ চেপেটা ৷ সকলো সময়তে উজ্বলি থকা ডাঙৰ ডাঙৰ ফুলা চকু ৷ সৌ সিদিনালৈকে চুচৰি ফুৰিছিল, অাপোন মনে গান গাইছিল ৷ এতিয়া অকলে স্কুললৈ যায় ৷ অনায়াস গৰ্বিত চলন-ভংগী, অলপ পগলামিও কৰে ৷ স্কুলৰ পৰা উভতি আহি বহী-কিতাপ মজিয়াত পেলাই দি ৰাবেয়াক সাৱটি ধৰে ৷
এৰ, এৰ, কি কৰ ? এৰ,
নাই নেৰো ৷
কি যে বেয়া অভ্যাস হৈছে তোৰ ৷
হওক ৷
হাত-মুখ ধুই চাহ খা ৷
পিছত খাম ৷ এতিয়া তোমাক ধৰি থাকিম ৷
থাক তেন্তে, ধৰি থাক ৷
ৰাবেয়াবা, মোক কোলাত লোৱা ৷
ইমান ডাঙৰ ছোৱালী, কেনেকৈ কোলাত ল’ম অাঁকৰী ৷
নাই, নাই ল’বই লাগিব ৷
তাৰপিছত দেখো ৰাবেয়াৰ কোলাত উঠি লাজকুৰীয়া হাঁহি ৷ মোৰ লগতো তাইৰ বেচ আদৰ ৷ ৰাতি খোৱা শেষ কৰি মোৰ বিচনাত উঠি গাৰুৰে কিছুসময় খেলে ৷
কি হৈছে নিনু ? যুদ্ধ-যুদ্ধ খেলিছ ?
দাদা, গল্প কেতিয়া ক’ব ?
পিছত, এতিয়া পঢ়া-শুনা কৰ ৷
নাই, মই এতিয়া নপঢ়ো, যুদ্ধ-যুদ্ধ খেলিম ৷
ঠিক আছে, খেল ৷
তুমি খেলিবা দাদা ? আহা না, এই গাৰুটো তুমি লোৱা৷ এবাৰ মাৰা চোন মোলৈ চাওঁ ৷
ৰাবেয়াৰ আগৰ হাঁহি-ফূৰ্তি আৰু নাই ৷ সকলো সময়তে অকলে অকলে থাকে ৷ বহু ৰাতিলৈ তাইৰ ৰুমৰ লাইট জ্বলি থাকে ৷ ৰাতি সাৰে থাকি তাই কি কৰে কোনে জানে ৷ ৰাবেয়াৰ বাবে বৰ বেয়া লাগে ৷ বিয়াও নকৰালে শেষ পৰ্যন্ত ৷ মেঘৰ অাঁৰে অাঁৰে বেলাতো কম হোৱা নাই ৷ মই যিমান পাৰো তাইক আনন্দত ৰাখিবলৈ চেষ্টা কৰোঁ ৷ মাজে মাজে কওঁ,
ৰাবেয়া চিনেমা চাবি ?
নাই ৷
বল সকলোৱে মিলি চাই আহোঁ ৷ কিমান দিন যে হ’ল চিনেমা চোৱা নাই ৷
তই যা ৰুণু-ঝুনুক লগত লৈ ৷ ঘৰত কিমান কাম আছে ৷
কামবোৰ ৰুণু-ঝুনুই কৰিব পাৰিব ৷ তই আৰু মই দুয়ো গৈ চাই আহোঁ বল ৷
নাই অ’, মন যোৱা নাই ৷
তেতিয়াহলে বল অলপ ফুৰি আহোঁ ৷
ক’ত ?
তই য’ত যাবলৈ মন যায় ৷
আজি থাকক দে ৷
মই অস্বস্তিত চটফটাই উঠোঁ ৷নিজকে বৰ অপৰাধী যেন অনুভৱ কৰোঁ, এনে লাগে তাইৰ দুখ-কষ্টৰ বহুখিনিৰ ভাগীদাৰ যেন ময়ো ৷ ৰাবেয়াৰ পিনে চকু তুলি চাবলৈ লাজ পাওঁ ৷ এদিন ৰাবেয়াই নিজেই ক’লে, বল ভাইটি ফুৰি আহোঁ ৷
মই আনন্দতে ক’লো, বল আজি গোটেই দিন ফুৰিম ৷ ক’ত ক’ত যাবি ?
প্ৰথমতে যাম মোৰ এজন বন্ধুৰ ঘৰলৈ ৷ এখন ৰিক্সা ল ৷
ৰিক্সা গৈ যিটো ঘৰৰ সন্মুখত ৰ’ল দেখি চমকি উঠিলোঁ ৷ ৰাজপ্ৰাসাদ নেকি ? ঘৰৰ সন্মুখত কি প্ৰকাণ্ড ফুলৰ বাগিচা ! মই ক’লো, ৰাবেয়া তই ঠিক ঘৰলৈ আহিছ নে ? কাৰ ঘৰ এইটো ?
আবিদ হুচেইনৰ, এই যে সৰুতে মোক গাড়ীত উঠাইছিল ৷
ঘৰ কেনেকৈ চিনি পালি ?
তেওঁৰ লগতে আহিছিলোঁ ৷
আবিদ হুচেইন ঘৰত নাছিল ৷ এগৰাকী বিদেশী মহিলাই অতি আন্তৰিকতাৰে আমাক বহিবলৈ দিলে ৷ কি প্ৰয়োজনত গৈছোঁ বাৰে বাৰে সুধিলে ৷ সুন্দৰ বঙালী কয় ৷
ৰাবেয়াই ক’লে, একো প্ৰয়োজন নাই ৷ এনেই ফুৰিবলৈ আহিছোঁ ৷ সৰুকালত তেখেত মোৰ বৰ বন্ধু আছিল ৷
ভদ্ৰমহিলাগৰাকীয়ে কফি বনাই খুৱালে ৷ ওলাই অহাৰ সময়ত ডাঙৰ ডাঙৰ গোলাপ কাটি থোপা বনাই ৰাবেয়াক দিলে ৷ এজন অপৰিচিত বিদেশীৰ এনে ব্যৱহাৰ সঁচাকৈ আশা কৰা নাযায় ৷
বাহিৰলৈ আহি ৰাবেয়াই ক’লে, বল ভাইটি, এই ফুলখিনি মাৰ কবৰত দি আহোঁ ৷ এই তিনিটা তই দিবি আৰু বাকী তিনিটা মই দিম ৷অাহ যাওঁ ৷
দিনবোৰ ভালদৰেই পাৰ হৈ আছে ৷ কিটকিৰ চিঠি হঠাতে এদিন আহে৷ কেনে আছে ? ভালেই আছোঁ এই ধৰণৰ ৷ একঘেঁয়া জীৱনৰ মাজত এয়াই যেন এটা ব্যতিক্ৰম ৷ হঠাৎ এদিন মনচুৰৰ বাবা সন্ধিয়া ফুৰিবলৈ আহি বহু কথা-বতৰাৰ পিছত বাবাক ক’লে, আপোনাৰ ছোৱালী ৰুণুক যদি মনচুৰৰ বাবে দিয়ে বৰ ভাল পাম ৷ মনচুৰৰ নিজৰো খুব ইচ্ছা ৷ মনচুৰ সৰু থকাৰে পৰা আপুনি দেখিছে ৷ চিটাগং ষ্টিল মিলত চাকৰিও পাইছে, নশ টকা মান দৰমহা পায়, কোৱাৰ্টাৰ আছে ৷ মই ভাবোঁ আপোনাৰ ছোৱালীৰো মত আছে ৷
বাবাই লগে লগে বিয়াত মত দিলে ৷ আহিন মাহৰ বাৰ তাৰিখ বিয়াৰ দিন ঠিক হ’ল ৷ এক মিনিটতে ঘৰৰ পৰিৱেশ সলনি হৈ গ’ল ৷ বাবাৰ সকলো অসুস্থতা নিমিষতে নাইকিয়া হৈ গ’ল ৷ বিয়াৰ বিষয়ে আলোচনা কৰা, বিয়াৰ যোগাৰত এনেদৰে ব্যস্ত হৈ পৰিল যে এক মুহূত্তৰ্ৰ বাবেও অৱসৰ নোহোৱা হ’ল ৷
মন্টু তাৰ বন্ধুবোৰ লৈ আহি সকলো সময়তে হুলস্থূল কৰিছে ৷ গেট ক’ত বনাব, কেনেদৰে সজাব, কাৰ্ড কিমান ছপা কৰিব, নিমন্ত্ৰণৰ চিঠিৰ ভাষা আদি লৈ তাৰ ব্যস্ততাৰ শেষ নাই ৷ ৰাবেয়াক লৈ মই কিনা-কুটা কৰিবলৈ প্ৰায়েই ওলাই যাওঁ ৷ ঝুনু আনন্দত মতলীয়া ৷ শীতৰ আৰম্ভণিতে ঠাণ্ডা বাতাৱৰণত এনেয়ে উৎসৱৰ পৰিৱেশ, তাতে আকৌ বিয়াৰ উলহ-মালহ ৷
ৰুণুৰ চঞ্চলতা কমি গৈছে ৷ হৈ-চৈ কৰি থকা স্বভাৱ একেবাৰে নাই ৷ গোটেই দিন শুই শুই গান শুনে ৷ আমাৰ লগত যে ক’ৰবালৈ ওলাই যাব বা বাৰাণ্ডাত আহি বহিব তেনে একো নাই ৷ দুপৰীয়াটো পাৰ কৰে টোপনিত ৷ দেখি বৰ ভাল লাগে ৷ যদি কওঁ,
কি অ’ ৰুণু, বিয়াৰ আগতে সলনি হৈ গ’লি দেখোন ৷
যোৱা দাদা, কি যে কোৱা ভাল নালাগে ৷
তোৰ চিটাগঙৰ ঘৰলৈ গ’লে খাতিৰ কৰিবি তো ?
নাই নকৰোঁ, তোমাক বাহিৰত থিয় কৰাই ৰাখিম ৷
ৰুণুৰ চকু চলচলীয়া ৷ গোটেই শৰীৰত আসন্ন উৎসৱৰ লক্ষণ ৷ মনচুৰ প্ৰায়েই আহে ৷ এদিন মনচুৰে ৰুণু-ঝুনুৰ বাবে চিনেমাৰ টিকট লৈ আনিলে ৷ ৰুণু কোনোপধ্যেই চিনেমা চাব নাযায় ৷ ৰুণুই ক’লে, ‘নিনুক লৈ যাওক ৷’
নিনু নাযায়, মোৰ বাবেতো টিকট অনা নাই ৷ মই কিয় যাম ?
এই বয়সতে তাই কথাত পকা । এদিন তাই মনচুৰৰ লগত গোটেই দুপৰীয়া হাঁহি হাঁহি কথা পাতিছে ৷
আজি-কালি মনচুৰ অহা গম পালেই ৰুণু নিজৰ ৰুমত দৰ্জা বন্ধ কৰি সোমাই থাকে ৷ ৰাবেয়াই হাঁহি হাঁহি কয়, বেচেৰাৰ বহোতে বহোতে ভৰি ঝিন-ঝিনাই গৈছে, ৰুণু যা এবাৰ দৰ্শন দি আহ ৷
থাকক বহি, মই নাযাও ৷
কিয় নাযাৱ ?
সদায় সদায় নিলাজৰ দৰে আহে ৷ লাজো নাপায় ৷
বেচেৰা মনচুৰে ঝুনু আৰু নিনুৰ লগত কথা পাতিয়ে সময় কটায় ৷
চাওঁতে চাওঁতে বিয়াৰ দিন আহি পালে ৷ দুগৰাকী পেহী আহিল, বাবাৰ খুড়াৰ ল’ৰা ভায়েক, পৰিয়ালৰ সৈতে আহিল ৷ আলহী-অতিথিৰে ঘৰ ভৰি পৰিল ৷ মন্টই ক’ৰবাৰ পৰা এটা ৰেকৰ্ড প্লেয়াৰ আনিছে ৷ তাত সি দিনে-ৰাতিয়ে আধুনিক গান বজাইছে ৷ ল’ৰা-ছোৱালীৰ চিঞৰত একো শুনা নাযায় ৷ কলেজৰ পৰা সাত দিনৰ ছুটি ল’লোঁ ৷
তিনিদিন পিছত বিয়া৷ উশাহ লোৱাৰ সময় নাই ৷ দুপৰীয়াৰ টোপনি বাদ দি কিবা হিচাপ কৰি আছোঁ ৷ ৰাবেয়া কাষতে বহিল৷ ৰুণু-ঝুনু আৰু পেহীৰ ছোৱালী দুজনীয়ে লুডু খেলিছে ৷ বাবা নানাৰ ঘৰলৈ গৈছে ৷ এনেতে নিনু আহি হাঁহিমুখে ক’লে,
দাদা তোমাক মাতিছে ৷
কোনে ?
ইঞ্জিনিয়াৰ ভিনদেউ ৷
ৰুণু লাজতে ৰঙা পৰি গৈছে ৷ ৰাবেয়াই বহি বহিয়ে ক’লে, বেচেৰা অধৈৰ্য হৈ গৈছে ৷ মই চেণ্ডেল যোৰ পিন্ধি নামি আহিলোঁ ৷ বহা ৰুমত মনচুৰ মুখ তল কৰি বহি আছে ৷ মোক দেখি থিয় দিলে ৷
কিবা কবা ?
ঝুনুই দৰ্জাৰ ফাঁকৰ পৰা সুঁহুৰি মাৰিলে ৷ মনচুৰে ক’লে,
আপুনি অলপ বাহিৰলৈ আহিব ? খুব জৰুৰী ৷
মই আচৰিত হ’লোঁ ৷ কি হৈছে ?
ঘৰত নহয় ৷ আহক সেই চাহৰ দোকানখনতে বহোঁ ৷
মনচুৰৰ মুখখন শুকান, চকুৰ তলত ক’লা দাগ পৰিছে ৷ অস্বাভাৱিক চাৱনি ৷ চাহৰ দোকানত বহি কাঁহিবলৈ ধৰিলে ৷ মই ক’লোঁ,
কি হৈছে খুলি কোৱাঁ ৷
এই চিঠিখন পঢ়ক ৷
গোটা গোটা আখৰেৰে লিখা ৷ আধা খিলা কাগজৰ এখন চিঠি ৷ সবুজ নামৰ ল’ৰা এজনলৈ লিখা চিঠি ৷ সবুজৰ লগত চিনেমা যাব নোৱাৰিব ৷ ঘৰত সকলোৱে সন্দেহ কৰিব ৷ ৰুণুয়ে লিখিছে তিনি মাহমান আগতে ৷ মই স্তম্ভিত হৈ পৰিলোঁ ৷
ক’ত পালা এই চিঠিখন ?
সবুজে কালি ৰাতি মোক দি গৈছে৷
কথা ক’বলৈ মোৰ সময় লাগিল ৷ কিনো কম ?
এতিয়া মই কি কৰা বিচৰা ? বিয়াখন ভাঙি দিবলৈ বিচৰা ?
নাই, ইমান আয়োজন, কি…
তুমি ৰুণুৰ লগত এই বিষয়ে কথা পাতিব খোজা নেকি ?
নাই, কি কম মই ?
তেতিয়াহ’লে ?
আপোনালোকৰ যদি কোনো আপত্তি নাথাকে ঝুনুক মই বিয়া কৰাব পাৰোঁ ৷
সেইতো কেনেকৈ সম্ভৱ ! সকলো ৰুণুৰ নামত কৰা হৈছে ৷ হঠাৎ কেনেকৈ…
আপুনি ভালদৰে ভাবি চাওক ৷ তেনে কৰিলে সকলোৰে ৰক্ষা হয় ৷
সকলোৰে ৰক্ষাৰ কথা নহয় ৷ এজনী ছোৱালীয়ে এখন চিঠি লিখিছে, এই বয়সত অস্বাভাৱিক নহয় ৷
সবুজে মোক আৰু কৈছে…
কি কৈছে ?
নাই, সেই কথা মই আপোনাক কব নোৱাৰিম ৷
সিতো মিছাও কব পাৰে ৷
আপুনি ঝুনুৰ লগত…
নাই, নালাগে ৷
মই তেনেহ’লে ৰুণুৰ লগত কথা পাতোঁ ৷
নাই নালাগে ৷ ৰুণুক আৰু তুমি কি কবা ? যি ক’ব লাগে মই কম ৷
মই ৰুণুৰ মুখলৈ চাব পৰা নাই ৷ আসন্ন উৎসৱৰ আনন্দ তাইৰ চকু-মুখত ফুটি উঠিছে ৷ গোটেই ঘটনাটোৰ বাবে ৰুণুকেই দোষ দিয়া উচিত ৷ কিন্তু মই কোনোমতে সেইটো কৰিব পৰা নাই ৷ ৰুণুক মই বৰ ভাল পাওঁ ৷ এই কথাতো এই মুহূৰ্ততে তাইক জনোৱা উচিত ৷ কিন্তু কেনেকৈ কওঁ ভাবি বুকু ভাটি গৈছে ৷ ৰাবেয়াক জনালোঁ প্ৰথমতে ৷ ৰাবেয়াই প্ৰথমতে থতমত খালে ৷ শেষত কান্দিবলৈ ধৰিলে ৷ ৰাবেয়া বৰ টান ছোৱালী, তাইৰ চকুত পানী খুব কম দেখিছো ৷
ৰাবেয়াই ক’লে, তই ৰুণুক সকলো বিৱৰি ক ৷ তই তাইক কৰবাত বাহিৰলৈ লৈ যা ৷ মই বাবাক ক’ম ৷
ৰুণুক এখন চাইনিজ ৰেস্তোৰাঁলৈ লৈ গৈ ফেমিলি কেবিনত বহিলোঁ ৷ মোৰ মনত বৰ দুখ লাগিছিল, একো ক’ব পৰা নাই ৷ ৰুণুই প্ৰথমতে অাৰম্ভ কৰিলে ,
দাদা তুমি কিবা ক’বা ? নে শেষবাৰৰ বাবে কিবা ভাল খুৱাবা ?
নাই অ’ অলপ কথা আছে ৷
বুজিছো তুমি কি কবা ৷
কি বুজিছ ?
তুমি কিটকিৰ কিবা কথা ক’বা, হয় নে ?
কিটকিৰ কথা নহয় ৷ ৰুণু কিবা কাৰণত তোৰ বিয়াখন যদি ভাঙি যায়, মানে ধৰ বিয়াখন নহ’ল ৷
এইবোৰ কিয় কৈছা ? কি হৈছে ?
তই সবুজ নামৰ কোনোবা ল’ৰাক চিঠি লিখিছিলি ?
ৰুণুয়ে চকু কেইটা ডাঙৰ কৰি বহু সময় মোৰ পিনে চাই থাকিল ৷
লাহে লাহে ক’লে, অঁ লিখিছিলোঁ ৷ সেইবাবে কিবা হৈছে ?
অঁ, মনচুৰে তোক বিয়া কৰাব খোজা নাই ৷
কি কৈছে ?
সি ঝুনুক বিয়া কৰাবলৈ ৰাজী ৷
ৰুণুয়ে খুব স্বাভাৱিকভাবে কথা ক’বলৈ চেষ্টা কৰিলে ৷ কিন্তু মানুহৰ মন এবাৰ ভাঙি গ’লে যিমানেই চেষ্টা নকৰক কিয় স্বাভাৱিক হ’ব নোৱাৰে ৷ প্লেটৰ খোৱাখিনি লৰা-চৰা কৰি কৰি তাই চিনেমাৰ কথা উলিয়ালে ৷ কোনোবা বান্ধৱীয়ে কবি এজনৰ লগত বিয়া হৈ সদায় ৰাতি আধুনিক কবিতা শুনিব লগা হৈছে, সেই কথা খুব হাঁহি হাঁহি ক’বলৈ চেষ্টা কৰিছে ৷ ঝুনু কিয় যে ইমান শকত হৈছে এই কথা লৈয়ো উদ্বেগ প্ৰকাশ কৰিলে ৷ ’খোৱাখিনি জলা’ বুলি ৰুমাল উলিয়াই চকু মচিবলৈ ধৰিলে ৷ মই মনে মনে বহি থাকিলোঁ ৷ ৰুণুই ক’লে,
দাদা, তুমি মন বেয়া নকৰিবা ৷ তোমাৰ মন বেয়া দেখিলে মই সঁচাকৈ কান্দি দিম ৷
ক’ৰবালৈ ফুৰিব যাবি ৰুণু ?
ক’লৈ ?
সীতাকুণ্ডলৈ যাবি ? চন্দ্ৰনাথ পাহাৰৰ পৰা সাগৰখন বৰ ধুনীয়া দেখা যায় ৷
ৰুণুই কাতৰ মাতেৰে ক’লে,
যাম দাদা, কেতিয়ালৈ যাবা ?
ব’ল, কালিয়েই যাওঁ ৷
নালাগে, ঝুনুৰ বিয়াৰ পিছত যাওঁ ৷
ঝুনুৰ লগত এই ল’ৰাৰ বিয়া হ’বলৈ মই নিদিওঁ ৷
তুমি বুজি পোৱা নাই দাদা–
ভালকৈয়ে বুজিছোঁ ৷
বিয়াখন হ’লে ঝুনুই আনন্দই পাব ৷
পাওক ফূৰ্তি, এই লৈ মই আৰু কথা হ’ব নোখোজো ৰুণু ৷
ৰুণুক লগত লৈ ওলাই আহোতে সন্ধ্যা শেষ হৈ ৰাতিয়ে হ’ল ৷ দোকান, বাট-পথৰ লাইটবোৰ জ্বলি জকমকাই উঠিছে ৷ ৰুণুই খুব ক্লান্তভাৱে খোজকাঢ়িছে ৷ মই তাইক আৰু কি কম !
বাৰ আহিনত মনচুৰৰ লগত ঝুনুৰ বিয়া হৈ গ’ল ৷
বাবা আৰু ৰাবেয়াৰ প্ৰবল যুক্তিৰ সন্মুখত টিকিব নোৱাৰিলোঁ ৷ ঝুনু বেচ অবাক হৈছিল ৷ তাইক যদিও একো কোৱা নাই কিবা অনুমান কৰিব পাৰিছে যে বুজিব পাৰি ৷ ঝুনুই যিমান আপত্তি কৰিব বুলি ভাবিছিলো সিমান কৰা নাই বাবে আচৰিতো হৈছোঁ ৷ আত্মীয়-স্বজনে কি বুজিলে কোনে জানে ! কোনেও বিশেষ একো নক’লে৷ কেৱল মন্টু বিয়াৰ আগদিনাখন ঘৰ এৰি গুচি গ’ল ৷ তাৰ হেনো কৰবালৈ যোৱাটো অত্যন্ত জৰুৰী, বিয়াৰ পিছত উভতিব ৷বাবাই অলসভাৱে ইজি চেয়াৰত শুই শুই চিগাৰেট হুপিবলৈ ধৰিলে ৷
বিয়াত ৰুণুক আটাইতকৈ বেছি উল্লাসিত দেখা গ’ল ৷ গান গাই, কথা কৈ পৰিৱেশ জমাই ৰাখিলে ৷ সেইবাবে পেহীৰ ৰচকী ছোৱালীয়েও ধং কৰাৰ সুবিধা নাপালে ৷ বিয়া বহুত ৰাতি শেষ হ’ল ৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰ শুই পৰিল ৷ বৰঘৰীয়াই হৈ চৈ কৰি তাচ খেলিলে ৷ দিনটোৰ ভাগ-দৌৰত ভাগৰি পৰিছিলোঁ ৷ সকলো ভাগৰ আঁতৰাই ৰুণুৰ ৰুমলৈ আহিলোঁ ৷ টেবুল লেম্পত ছেদ দি ৰাখিছে, ৰুণুৰ মুখখন দেখা নাযায় ৷ মোৰ এটা দীঘলীয়া ছাঁ পৰিছে ৷ৰুণু বিচনাত বাগৰি আছে ৷ মই তাইৰ ওচৰত বহিলোঁ ৷ ৰুণুই আচৰিত হৈ ক’লে,
কোন ? অ’ দাদা ? কেতিয়া আহিছা ? কি হৈছে ?
একো হোৱা নাই ৷ তোৰ লগত অলপ কথা পাতো বুলি আহিলোঁ ৷
ৰুণুই বহু সময় মোৰ পিনে চাই থাকি ক’লে,
তোমাৰ গাত ধৰি শপত খাই কৈছোঁ, মোৰ অলপো বেয়া লগা নাই ৷ মই ঠিকেই আছোঁ ৷
সবুজক বিয়া কৰাবি, ৰুণু ?
নাই, নাই ৷
কিয় ?
কেতিয়াও নকৰোঁ ৷ সি এটা বদমাচ ৷
তেতিয়াহলে চিঠি কিয় লিখিছিলি ?
এনেই, ধেমালিতে, সি যে মোক লিখিছিল ৷
আহ ৰুণু, বাহিৰত ইমান ধুনীয়া জোনাক, অলপ খোজকাঢ়োঁ ব’ল ৷
ৰুণুই খিৰিকিৰে বাহিৰলৈ চালে ৷ সঁচাকৈ জোনাকৰ অপৰূপ সৌন্দৰ্যত সকলোবোৰ জিলিকি উঠিছে ৷ কোমল পোহৰত চাৰিওদিশ চিকমিকাই অাছে ৷ মই ক’লোঁ,
এইটো কি মাহ ৰুণু ?
অক্টোবৰ মাহ ৷
বাংলাত ?
বাংলাত নাজানো ৷ ফাগুন ?
নহয় আহিন ৷ আহিন মাহত আটাইতকৈ ধুনীয়া জোনাক হয় ৷ ব’ল, বাহিৰত গৈ চাওঁ ৷
বাহিৰলৈ আহিয়েই মন-প্ৰাণ জুৰাই গ’ল ৷ ৰিব্-ৰিব্ বতাহ, ফট্ফটীয়া জোনাক ৷ যেন সপোনপুৰী, বৰ ভাল লাগিল ৷
সেইজন কোন অ’ দাদা ? চিয়াৰত যে বহি আছে !
চাই দেখোঁ কোনোবা এজন মূৰ্তিৰ দৰে ইজিচিয়াৰত বহি আছে ৷ এখন হাত অৱসন্নভাৱে ওলমি আছে, আনখন হাত বুকুৰ ওপৰত ৷ বহি থকাৰ ভঙ্গীতে এনেকুৱা লাগিছে তেওঁ যেন বৰ অসুখী ৷
এইজনী ৰাবেয়া৷ ধৰিব পৰা নাই ৷
বলা চোন, বাৰ ওচৰলৈ যাওঁ ৷
নালাগে, তাইক অকলে থাকিব দে ৷ আহ আমি এইফালে যাওঁ ৷
সৰুতে যিদৰে মোৰ হাতৰ আঙুলিত ধৰি খেলিছিল তেনেদৰে ৰুণুই খোজকাঢ়ি কাঢ়ি মোৰ হাতত ধৰি ক’লে,
দাদা, তোমালোক মোৰ ওপৰত বিৰক্ত হৈছা নেকি ?
কিয় ?
চিঠি লিখা বাবে ৷
তোৰ মনে কি কয় ?
ৰুণুই একো নক’লে ৷ মনে মনে খোজকাঢ়ি থাকিল ৷ মই ক’লো, ‘ৰুণু সৰুৰ কথা তোৰ মনত পৰে নে ?’
কোনটো কথা ?
তই যে এদিন পলাইছিলি ৷
অঁ, মনত আছে ৷ ঝুনুই এটা কাপ ভাঙিয়েই দৌৰি পলাল আৰু মা আহি দেখি মোৰ গালত থাচ্ কৰি চৰ এটা মাৰিলে ৷
ৰুণুই কৈ কৈ হাঁহিব ধৰিলে ৷ মই ক’লোঁ,
তাৰ পিছত আমি কি যে সমস্যাত পৰিলোঁ ৷ তোৰ কোনো খবৰ নাই ৷ ৰাতিপুৱাৰ পিছত দুপৰীয়া হ’ল, সন্ধ্যা গৈ ৰাতি, তোৰ কোনো খবৰ নাই ৷ ঘৰত খোৱা-লোৱা বন্ধ৷ বাবাই গোটেই দিন ইফালে-সিফালে বিচাৰি ফুৰিছে ৷ নেদেখাকৈ চকুৰ পানী মচিছে ৷ মই থানাত খবৰ দিব গৈছোঁ ৷ মা কিন্তু স্বাভাৱিক, যেন একোৱেই হোৱা নাই ৷ ঝুনুই সন্ধিয়া ৰাবেয়াক সাৱটি ধৰি কান্দি কান্দি ক’লে,
ৰাবেয়াবা, কাপটো মই ভাঙিছোঁ, ৰুণুই ভঙা নাই ৷
তোৰ এই সকলো মনত আছে, ৰুণু ?
সকলো মনত আছে ৷ মই মনে মনে ছাদত বহি আছিলোঁ ৷ তোমালোক কোনেও ছাদত বিচাৰি অহা নাই ৷ গোটেই দিনতো অকলে অকলে বহি আছিলোঁ ৷ ৰাতি হোৱাৰ লগে লগে ভূতৰ ভয়ত নামি আহিছিলোঁ ৷
তাৰ পিছত কি হ’ল ক চোন, ৰুণু ?
আৰু এটা চৰ খালোঁ ৷
চৰটো কোনে দিছিল মনত আছে ?
অঁ, দাদা তুমি ৷
দুয়ো ডাঙৰকৈ হাঁহিলোঁ ৷
কোন, কোনে হাঁহিছে ?
চাই দেখোঁ ৰাবেয়া, উদ্বিগ্ন হৈ অাহিছে ৷
অ’ তহঁতেহে, বৰ ভয় খালোঁ ৷ হঠাতে হাঁহিলি যে ৷ বুকুখন ধপধপাই গ’ল ৷
বহ, ৰাবেয়া, কথা পাতোঁ ৷
ৰাতি পুৱালেই ৷ সকলোৱে চাহ-তাহ খাব ৷ বহুত মানুহ, মই পাকঘৰলৈ যাওঁ ৷
বলা বা, ময়ো যাওঁ ৷
মই অকলে বহি থাকিলোঁ ৷
কাউৰীৰ কা-কা শুনা গৈছে ৷ আকাশখন লাহে লাহে পোহৰ হৈ আহিছে ৷
মনৰ সকলো অৱসাদ আঁতৰি গৈছে ৷ ঠিক ৰাতি পুৱাবৰ সময়তে ক্লান্তিবোৰ আঁতৰি যায় ৷ সুন্দৰ সুখৰ স্মৃতিবোৰ মনলৈ আহে ৷ কিটকিয়ে লিখিছে, যোৱাবাৰ নাৱত ছয় মাইল উত্তৰে ‘ক্যানসি’ চহৰলৈ ফুৰিবলৈ গৈছিলোঁ ৷
আমাৰ দেশৰ ঘিঞ্জি চাঁদপুৰৰ নিচিনা লেতেৰা ৷ ইয়াক আকৌ ‘চিটি’ বুলি কোৱা হয়, একেবাৰে লেতেৰা, বমি আহে ৷ কিন্তু চহৰখনৰ পৰা বাহিৰ ওলালেই নয়ন ভৰি উঠে ৷ নীলা সাগৰ, নীলা নীলা পাহাৰ, ঘন নীলা আকাশ ৷ আপুনি যদি আহে আপোনাৰ বৰ ভাল লাগিব ৷ সঁচাই কৈছোঁ ৷
আই. এ পৰীক্ষাত ৰুণুই ফেল কৰিলে ৷
আমি সকলোৱে আচৰিত হ’লো ৷ আমি আটাইকেইটা ভাই-ভনী পঢ়াত ভাল ৷ ৰুণুই সাতশৰো অধিক নম্বৰ পাই মেট্ৰিক পাছ কৰিছিল ৷ অংক আৰু ভূগোলত লেটাৰ মাৰ্ক পাইছিল ৷ ফেল কৰিব এই কথা ভবা নাযায় ৷ তাইৰ ৰোল নম্বৰ যেতিয়া বিচাৰি নাপাই কোনো ধাৰণা কৰিবও পৰা নাই তেতিয়া ৰুণুই ক’লে,
বিচাৰি লাভ নাই দাদা, মই ফেল কৰিছোঁ ৷
ফেল কিয় কৰিবি ?
বহীত একো লিখা নাই ৷ বুৰঞ্জীৰ বহীত সম্ৰাট বাবৰৰ ছবি আকি আহিছোঁ ৷
কাৰ ছবি ?
সম্ৰাট বাবৰৰ ৷
মই আচৰিত হ’লোঁ ৷ ৰুণু অৱশ্যে সলনি হৈছে ৷ কিন্তু ইমান লাহে লাহে সলনি হৈছিল মই ঠিক ধৰিব পৰা নাছিলোঁ ৷ কিতাপ লৈ হয়তো পঢ়িব বহিছে, মই কাষলৈ গৈছোঁ, হঠাতে কয়,
দাদা, অলপ শুনা ৷
কি ?
মানুহৰ মাংস যদি বজাৰত বিক্ৰী হ’লহেঁতেন তোমাৰ মাংস আটাইতকৈ সস্তা হ’লহেঁতেন, তুমি যি ক্ষীণ ৷
এনে ধৰণৰ কথা আগতে ৰুণুই নকৈছিল৷ আন এটা এনে ধৰণৰ কথাই কওঁ,
এদিন ৰাবেয়াৰ ওচৰলৈ গৈ কৈছে,
বা, এটা কথা শুনিবা ?
ক ৷
তোমাৰ মূৰটো খুৰাই পেলাম ৷
ৰাবেয়াই আচৰিত হৈ ক’লে,
কিয় ?
এনেই কৈছো, ধেমালি কৰিছোঁ ৷
ৰুণুৰ এনে ধৰণৰ কথাবাৰ্তা কোনো আচৰিত কথা নহয় ৷ ৰুণু সলনি হৈছে ৷ কথা-বতৰাও কমি আহিছে ৷ তাইৰ দৰে হুলস্থূল কৰা ছোৱালী মই কমেই দেখিছোঁ ৷ ঘৰত যিখিনি সময় থাকে গুণ গুণ কৰি গান গায় ৷ ৰেডিঅ’ কাণৰ কাষত লৈ বিছনাত ওপৰলৈ চাই শুই থাকে ৷ চিনেমাৰ কথাতো ক’বই নালাগে ৷ প্ৰত্যেক সপ্তাহতে চাব লাগে ৷ হাতত টকা পালেই খৰচ কৰে ৷ ৰাতি খোৱাৰ পিছত যদি ৰুণুই মোৰ ৰুমলৈ আহি ঘূৰা-ঘূৰি কৰে বা ঠিক হৈ থকা বিছনাখন আৰু ঠিক কৰে মই বুজি পাওঁ তাইৰ টকাৰ প্ৰয়োজন ৷
কি অ’ ৰুণু, টকা লাগে ?
নাই নালাগে ৷
সেইদিনা যে দহ টকা দিছিলোঁ, খৰচ কৰি পেলালি ?
অঁ ৷
আৰু লাগে ?
নাই নালাগে ৷
পেন্টৰ পকেটত মানিবেগ আছে, লৈ যা এখন নোট ৷ আৰে দহ টকা নিলি ? ডকাইত একেবাৰে ৷ ৰুণুই খিলখিলকৈ হাঁহি দৌৰি পলায় ৷
সেই ৰুণু এতিয়া ইমান সলনি হৈ গ’ল ৷ আমি কোনেও বুজিয়েই নাপালোঁ ৷ পৰীক্ষাৰ ৰিজাল্ট পায়ো তাইৰ কোনো প্ৰতিক্ৰিয়া নাই ৷ সেইদিনা শুনিলোঁ, খিৰিকিৰে মুখ উলিয়াই অ’ভাৰচিয়াৰ খুড়াক কৈছে,
খুড়া শুনিছে নে ?
কি মা ?
মোৰ পৰীক্ষাৰ ৰিজাল্ট দিছে ৷
কি ৰিজাল্ট ?
মই ফেল কৰিছোঁ খুড়া ৷
একমাত্ৰ বাবাই ৰুণুক ধৰিব পাৰিছিল ৷ প্ৰায়েই কয়, ৰুণুৰ কিবা অসুখ হৈছে যেন লাগে ৷ এদিন ৰুণুক আকাশী ৰঙৰ শাৰী এখন আনি দিলে ৷ চিনেমা চাবলৈ লৈ গ’ল ৷ মনটো ভাল লাগিব বুলি ঝুনুৰ ঘৰলৈ পঠালে ৷
ঝুনুৰ ঘৰৰ পৰা আহি ৰুণু অসুখত পৰিল ৷ প্ৰথমতে অলপ জ্বৰ, চৰ্দি ৷ শেষত শয্যাশায়ী ৷
এদিন-দুদিন কৰি পোন্ধৰ দিন পাৰ হ’ল, অসুখ নকমে ৷ ডাক্তৰে কেতিয়াবা কয় দুৰ্বলতা, কেতিয়াবা ৰক্তহীনতা, কেতিয়াবা আকৌ লিভাৰৰ সমস্যা৷ আচল অসুখ ধৰা নপৰিল ৷
ৰাতি তাই বৰ দিগদাৰী কৰে ৷ নিজেও অলপো নোশোৱে, আনকো শুব নিদিয়ে ৷ ৰাবেয়াই প্ৰায়েই গোটেই ৰাতি সাৰে থাকে ৷ মূৰত হাত বুলাই দিয়ে, গল্প পঢ়ি শুনায়, পিঠি খজুৱাই দিয়ে ৷ বহুৰাতি যেতিয়া ৰাবেয়াই কয়, ‘মই অলপ শোওঁ ৰুণু ?’
নাই নালাগে, শুলেই তুমি টোপনি যাবা ৷
তোৰ গাৰুত মূৰতো অলপ থওঁ ৷ বৰ মূৰ বিষাইছে ৷
নালাগে, তাতকৈ তুমি চাহ একাপ খাই আহা৷ শুব নোৱাৰিবা ৷
ভাইটিক মাতো ৷ সি বহি থাকিব তোৰ কাষত ৷
নাই তুমি বহি থাকিব লাগিব ৷
কলেজৰ পৰা আহি মই ৰুণুৰ কাষত বহিলোঁ ৷
জ্বৰ কমিছে নে ৰুণু ?
অ কমিছে ৷
কপালত হাত দিলো সাংঘাতিক জ্বৰ ৷ ম্লান চকুৰে তাই মোলৈ চাই আছে ৷ মই ক’লোঁ,
বহুত জ্বৰ, গা-বেয়া লাগিছে ?
নাই, লগা নাই ৷
মূৰত হাত বুলাই দিম ৷
দিয়া ৷
চিটাগং ভাল লাগিছিল নে ৰুণু ?
অঁ ৷
সাগৰ চাব গৈছিলি ?
নাই ৷
এবাৰ তহঁত আটাইকে লৈ সাগৰ চাবলৈ যাম ৷ কক্সবজাৰৰ হোটেলত থাকিম ৷ খুব ফূৰ্তি কৰিম ৷ কি কৱ ?
অঁ হ’ব ৷
জ্বৰত ৰুণুই চট্-ফট্ কৰিবলৈ ধৰিলে ৷ হঠাতে অপ্ৰাসঙ্গিকভাৱে ক’লে,
দাদা, ঝুনুই মোক এতিয়া অলপো দেখিব নোৱাৰে ৷
কিয় দেখিব নোৱাৰে ?
কি জানো কিয় ? মোৰ লগত কথাও নকয় ৷ কিন্তু মোৰ কি দোষ ?
ৰুণুৰ জ্বৰ বাঢ়িয়েই থাকিল ৷ মন্টু ডাক্তৰ আনিবলৈ গ’ল ৷ ৰুণু আচ্ছন্ন হৈ পৰি আছে ৷ ভাত খাই খাই ৰাবেয়াই ক’লে,
ভাইটি শুন, তোক কথা এটা কওঁ ৷
কি কথা ?
ৰুণু নাবাচিব যেন লাগিছে ৷
কি আবোল-তাবোল কথা কৈছ ?
কিয় জানো মোৰ মনলৈ আহিছে ৷ কালি ৰাতি ৰুণুৰ বাবে পানী গৰম কৰি লৈ গৈছোঁ, দেখো তাইৰ মূৰৰ কাষত এজনী ছোৱালী বহি আছে ৷
কি কৈছ এইবোৰ ?
অঁ সঁচা ৷ কোন যে বহি আছিল ক’ব নোৱাৰো, তথাপি মোৰ এনে লাগিল সেয়া মা ৷ ক্ষন্তেকৰ বাবেহে দেখিছিলোঁ ৷
যা-তা কথা কৱ ৷
নহয় অ’ ৷ একদম ঠিক ৷ মই ভয়তে বাবাক মাতি আনিছোঁ ৷
বাবাক কিবা কৈছ ?
নাই কোৱা ৷
চাওঁতে চাওঁতে ৰুণুৰ জ্বৰ বাঢ়ি আহিল ৷ ডাক্তৰ আহি ইনজেকশ্বন দুটা দিলে ৷ মূৰত পানী ঢালিব দিলে ৷ ৰুণুই ভ্ৰম বকিবলৈ ধৰিলে,
বৰ ভাল কৰিছেতো আপুনি, বৰ ভাল ৷ ঠিক আছে ৷
কি কৈছ ৰুণু?
ৰুণুই স্বাভাৱিক মানুহৰ দৰে ক’লে,
ক’ত দাদা, মইতো একো কোৱা নাই ৷ ৰাবেয়াক ক’লে,
বা, এক গিলাচ পানী আনা ৷ ভৰ্তি কৰি আনিবা, মই গোটেই পি খাম ৷
ৰুণুই এঢোক পানী খালে ৷ খুব স্বাভাৱিকভাৱে ক’লে,
বাবা !
কি মা ?
অলপ কোলাত লোৱা না ৷
বাবাই ৰুণুক কোলাত ল’লে ৷ বাবা কঁপিছে ৷ মই বাবাৰ এখন হাতত ধৰি দিলোঁ ৷ ৰুণু এইকেইদিনতে বৰ ক্ষীণাইছে ৷ বাবাৰ পিঠিত তাইৰ ক্ষীণ হাত দুখন ওলমি পৰিছে ৷ ৰুনুই ক’লে,
বাবা বাহিৰলৈ বলা ৷ বাহিৰলৈ যাম ৷
আটাইয়ে বাহিৰলৈ ওলাই আহিলোঁ ৷ সেই ৰাতিও সুন্দৰ জোনাক আছিল ৷ জামগছৰ পাত জোনাকৰ পোহৰত চিকমিকাই উঠিছিল ৷ চোতালত গছৰ পাতৰ ছাঁৰে ধুনীয়া নক্সা হৈছে ৷ ৰুণুই ফুচ-ফুচাই ক’লে,
বাবা কালি ৰাতি মই মাক দেখিছোঁ ৷ মা আহি মোৰ মূৰৰ কাষত বহিছিল ৷ মই কি মৰিম নেকি ?
নাই নমৰা মা ! কিয় মৰিবা ?
তোমালোকে মোক খং কৰিছা নেকি ?
কিয় খং কৰিম মা ?
বাবাই ৰুণুৰ পিঠিত চুমা খালে ৷ ৰুণুই ক’লে,
মই যে এজন ল’ৰাক চিঠি লিখিছিলোঁ ৷
ৰাবেয়াই ৰুণুক কোঁচত লৈ বহি আছে ৷ বাবা আৰু মন্টু গৈছে ডাক্তৰ আনিবলৈ ৷ ৰুণুই চকু ডাঙৰ ডাঙৰ কৈ মেলি আমালৈ চাই আছে ৷ তাইৰ হাতৰ আঙুলিবোৰ থৰ-থৰকৈ কঁপিছে ৷ সকলোৱে ধৰিব পাৰিছো, ৰুণুৰ মৃত্যু…৷
পাঁচ
ৰুণুৰ মৃত্যুৰ পিছত মনলৈ ভাব আহিল মাৰ মৃত্যুত মই ঠিক অনুভৱ কৰিব পৰা নাছিলোঁ ৷ মাৰ মৃত্যুৰ সময়ত আছিল বহুত দুঃচিন্তা, নিনুক ডাঙৰ কৰা, ঘৰ-সংসাৰ কেনেকৈ চলিব ৷ কিন্তু এতিয়া কোনো দুঃচিন্তা নাই ৷ ৰুণুৰ কথা এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাই ৷ এনে লাগে যেন গভীৰ শূণ্যতাৰ মাজলৈ সোমাই গৈ আছোঁ ৷ অসহ্যবোধ হোৱা বাবে দীঘলীয়া ছুটি লৈছোঁ ৷ দীঘলীয়া অৱসৰৰ সময়, পাৰ নহয় ৷ এবাৰ ভাবিলোঁ বাহিৰত কৰবালৈ যাওঁ ৷ কিমান দিন ৰুণুক লৈ যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ’ল ৷ সীতাকুণ্ডৰ চন্দ্ৰনাথ পাহাৰ, কক্সবজাৰ, দিনাজপুৰৰ পঁচাগড়– কিন্তু যোৱা নহ’ল ৷ এতিয়া অকলে অকলে কেনেকৈ যাম ?
একোৱেই ভাল নালাগে ৷ শুই শুই সময়বোৰ কটাইছোঁ ৷ বাবাই তেওঁৰ সৰু ৰুমটোৰ পৰা কেতিয়াও বাহিৰ নোলায় ৷ তেওঁৰ হাঁপানীৰ বেমাৰ বাঢ়িছে ৷ মন্টু কেতিয়া আহে কেতিয়া যায় একো গমকে নাপাওঁ ৷ মাত্ৰ নিনুৰ দপদপনি শুনা যায় ৷ তাই খেলে আপোন মনে ৷ পাগলৰ দৰে অকলে অকলে কথা পাতে ৷
এদিন ৰুণুৰ সৰু বাকচটো খুলি চালোঁ ৷ কি কি যে সজাই ৰাখিছে ৷ প্ৰথম দৰমহা পাই তাইক দহ টকা দিছিলোঁ ৷ নোটখনৰ ওপৰত লিখি দিছিলোঁ– ’মৰমৰ ৰুণুলৈ, ইচ্ছামতে খৰচ কৰিবলৈ৷’ ৰুণুই সেইখন খৰচ কৰা নাই ৷ যত্ন কৰি ৰাখি থৈছে ৷ এটা অতি সুন্দৰ মমৰ পুতলা ৷ আগে কেতিয়াও দেখা নাই ৷ ক’ৰ পৰা বা আনিছে ! তাইৰ নিজৰ ফটো কেইখনমান, কিটকিৰ কেমেৰাৰে তোলা ৷ স্কুলৰ খেলৰ প্ৰতিযোগিতাত পোৱা দুটা কাপ৷ এখন কবিতাৰ কিতাপ, তাত লিখা আছে ‘ৰাবেয়া বালৈ, ৰুণু ৷’ পাঁচ-ছয়খন মান বগা ৰুমাল ৷ প্ৰতিটি কোণত তাইৰ নিজৰ নামৰ প্ৰথম আখৰ ‘R’ লিখা ৷ পুৰণি ডায়েৰী এখন পালোঁ ৷ পঢ়ি পঢ়ি চকু তিতি গ’ল ৷
১৭-১-৭১
আজি ৰাবেয়াবাই মোক বকিছে ৷ মিটচেফ খোলা ৰাখিছিলোঁ আৰু মেকুৰীয়ে গাখীৰ খালে ৷ প্ৰথমতে খুব বেয়া লাগিছিল ৷ বায়ে সেই কথা ধৰিব পাৰিলে ৷ আবেলি মোক মাতি আনি বহুত গল্প ক’লে ৷ এটা গল্প এনে ধৰণৰ– এজন মাতাল মদাপী মদ খাই ৰাস্তাৰ নলাত বাগৰি পৰিছে ৷ মদাপী জনে বিৰক্ত হৈ কৈছে– বেটা নৰ্দমা, দিনত তই ৰাস্তাৰ কাষত থাক, ৰাতি ৰাস্তাৰ মাজলৈ আহ ৷ বাজনী যে কি, ইমান হহুৱাব পাৰে ৷
১৪-২- ৭১
কিটকিয়ে মোক এনে এটা কথা কৈছে মই শুনি আচৰিত ৷ সকলোকে কথাটো ক’বলৈ মন গৈছে কিন্তু ক’ব নোৱাৰো ৷ আল্লাৰ শপত দিছে ৷
৩০-৩-৭১
আজি এটা মজাৰ কথা হৈছে ৷ দুপৰীয়া মই শুই আছিলোঁ ৷ বাবা মনে মনে আহি ৰুমত সোমাই ক’লে, ৰাবেয়া, ৰুণুৰ কি হৈছে ? আজি-কালি তাই কিয় মন মাৰি থাকে ? মই ক’লো, ‘ৰাবেয়াবা তো ইয়াত নাই বাবা, আৰু ক’তা,মোৰতো একো হোৱা নাই ৷’ বাবাৰ মুখৰ অৱস্থা যি হৈছিল নহয় !
২২-৫-৭১
আজি দুপৰীয়া মনে মনে চিনেমা চাব গৈছিলোঁ ৷হে অাল্লা, গৈ দেখো চিনেমা হলৰ লবিত দাদা ৷ মোক দেখি ক’লে, কি ৰুণু চিনেমা চাবি নেকি ? তাৰপিছত নিজেই টিকট কিনিলে ৷ চিনেমাখন বৰ ভাল আছিল ৷
৫-৬-৭১
মন্টুটো যে আৰু তলে তলে !মোক কৈছে তিনিখন চিনেমা দেখাব ৷ যদি নেদেখুৱায় সকলো উদঙাই দিম ৷ তেতিয়া বুজিব ৷ মন্টু এটা কবিতা আজি ছপা হৈছে ৷ কবিতাটো সি কেৱল মাত্ৰ মোকেই দেখুৱাইছে ৷ খুব অশ্লীল, সেইবাবে দেখুৱাবলৈ সাহস কৰা নাই ৷
৯-৬-৭১
আজি সন্ধিয়া ৰাবেয়া বাই শুই শুই কান্দিছে ৷ তাই খুব লাজকুৰীয়া, তাইৰ কি হৈছে কাকো নকয় ৷ মোৰ যি বেয়া লাগিছে ৷ কান্দিবলৈ মন গৈছে ৷
৯-৭-৭১
নিনুৰ কাণ্ড-কাৰখানা দেখি আচৰিত হৈছোঁ ৷ সেইদিনা স্কুলৰ পৰা কান্দি কান্দি ঘৰলৈ উভতিছে ৷ মই সুধিলোঁ,
কি হৈছে ? কান্দিছ কিয় ?
তাই ফেঁকুৰি ফেঁকুৰি ক’লে,
তুমি জানা নে আজি ল’ৰাবোৰে এজন প্ৰফেচাৰক মাৰি পেলাইছে ৷ স্কুলৰ মেমে কৈছে ৷
তাতে তোৰ কি হৈছে ?
দাদাক যদি মাৰি পেলায়, তেওঁতো প্ৰফেচাৰ ৷
তাইৰ কথা শুনি নাহাঁহি নোৱাৰিলোঁ ৷ দাদাৰ প্ৰতি তাইৰ যি মৰম !
হতাশ আৰু বিষন্নতাই আঁৱৰি থকাৰ সময়তে কিটকিৰ চিঠি পালোঁ, দেশলৈ কেতিয়া উভতিব ক’ব পৰা নাই ৷ প্লেনৰ টিকট পালেই আহিব ৷
কিটকি সলনি হৈ গৈছে ৷
ওখ হৈছ নহয় ?
অঁ ।
আৰু ক্ষীণাইছও ৷
আপুনিও সলনি হ’ল ৷ কি যে গোঁফ ৰাখিছে ৷
বেয়া লাগিছে ?
অঁ, একেবাৰে জঘন্য ৷
ম্যানিলাৰ কথা ক ৷
তাৰ কথাতো চিঠিতেই লিখিছোঁ ৷
মুখেৰে শুনোঁ ৷
ৰাবেয়াই ট্ৰেত চাহ সজাই আনিলে ৷ কিটকিয়ে হাঁহি হাঁহি ক’লে,
ৰাবেয়া বা আগৰ দৰেই আছে !
নাই অ’, বহুত শকত হৈছোঁ ৷ এয়া চা হাতত কিমান জোৰ ৷
উস্, মোৰ ঘাৰ ভাঙি গৈছে৷ নিশ্চয় বোন ফ্ৰেকচাৰ হৈছে ৷
বোন ফ্ৰেকচাৰ হোৱা নাই ৷ হাৰ্টত আঘাত পাইছ নেকি ক ৷
ৰাবেয়া হাঁহি হাঁহি গুচি গ’ল ৷ কিটকিয়ে ক’লে,
ৰুণুৰ কথা কওক ৷
নাই নালাগে ৷ ৰুণুৰ কথা থাকক ৷
মন্টুৰ হেনো এখন কবিতাৰ কিতাপ ওলাইছে ৷
অ ‘কিছু কিংশুক’ নাম ৷ তোমাক নিশ্চয় দিব এক কপি ৷
কেনে হৈছে ?
মই নো কবিতা কি বুজো ! সকলোৱে কৈছে ভাল হোৱা বুলি ৷
আপোনাৰ প্ৰফেচাৰীৰ কি খবৰ ?
একো খবৰ নাই ৷ দৰমহা বাঢ়িছে ৷ বেঙ্কত কিছু জমা হৈছে ৷ খৰচ-পাতিতো বিশেষ নাই ৷
ৰাবেয়াবাই শেষত বিয়া নকৰালে ৷
নাই ৷
কিয় ?
ৰাবেয়াই কৰাব নুখুজিলে ৷ বাবাই বৰ চেষ্টা কৰিছিল ৷
কিটকি বহু সময় থাকিল আমাৰ ঘৰত ৷ দুপৰীয়া আমাৰ লগত ভাত খালে ৷ আবেলি চাহ খাই গ’ল ৷ কিটকিক বেলেগ লাগিল ৷ বৰ ধুনীয়া হৈছে দেখিবলৈ ৷ চকু আঁতৰাব নোৱাৰি ৷
গোটেই সন্ধিয়া কিটকিৰ কথা ভাবিলোঁ ৷ সৰুতে কিটকিয়ে মোৰ বাবে এক আন ধৰণৰ আকৰ্ষণ অনুভৱ কৰিছিল ৷ এতিয়া কৰে নে নাই কোনে জানে ! তাইক মুখামুখিকৈ কোৱাৰ সাহস মোৰ নাই, কিন্তু বৰ জানিবলৈ মন যায় ৷ ৰাতি দহ মান বজাত ৰাবেয়া মোৰ ৰুমলৈ আহিল
সাৰে আছ ?
ৰাবেয়াই মূৰ আঁচুৰি আঁচুৰি বিচনাত বহিল ৷ ফণীখন মুখেৰে কামুৰি বেণী গুঁঠিব ধৰিলে ৷
বৰ দীঘল চুলি তোৰ !
অঁ, কোনোবাই এডাল বেণী কাটি নি ফাঁচী ল’ব পাৰিব ৷
প্ৰেমৰ ফাঁচী বুলি ক ৷
কিটকি বৰ ধুনীয়া হৈছে ন ? কিটকিৰ মন পাইছ ?
‘ৰমণীৰ মন সহস্ৰ বছৰৰ সাধনাৰ ধন ৷’
তোৰ সাধনাও জানো কম ? পাঁচ বছৰ বহুত দীঘলীয়া সময় ৷
ৰাবেয়া কিছুসময় মনে মনে বহি থাকি ক’লে,
ভাইটি, এটা কামৰ বাবে আহিলোঁ ৷
কি কাম ?
মোক কলেজত নাম ভৰ্তি কৰি দে, অলপ পঢ়া-শুনা কৰোঁ ৷
ইমান দিন পিছত হঠাৎ ?
এনেই মন গ’ল ৷ আৰু এজন ঘৰুৱা শিক্ষক ৰাখি দিবি, চেষ্টা কৰি চাওঁ ৷
দিম, কিন্তু আৰু এৰি নিদিয় তো ?
নাই, নেৰো ৷
ছয়
ঝুনুৰ কেঁচুৱা হ’ব ৷ কোনোবাই গৈ তাইক যাতে লৈ আহে তাৰবাবে সকলোকে চিঠি লিখিছে ৷ তেওঁলোকে আহিব দিব নে নাই জানো ? একেবাৰে ভাল ব্যৱহাৰ নকৰে তেওঁলোকে ৷ ৰুণুৰ মৃত্যুৰ সময়ত আহিবও নিদিলে ৷ তথাপিও বাবা, ৰাবেয়াৰ লগত যাব আনিবলৈ ৷ যদি ঝুনু আহে বৰ ভাল লাগিব ৷ বহুদিন তাইক দেখা নাই ৷ চাবলৈ খুব মন যায় ৷
ৰাবেয়া কলেজত ভৰ্তি হ’ল ৷ বৰ উৎসাহেৰে ৰাতি ৰাতি পঢ়ে ৷ বন্ধ দিনৰ বাহিৰে আন দিনত তাইক পোৱাই নাযায় ৷ ৰবিবাৰে সেইকাৰণে বৰ ভাল লাগে ৷ সকলোৱে ৰবিবাৰৰ বাবে অপেক্ষা কৰি থাকোঁ ৷
মন্টু এখন দৈনিক বাতৰি কাকতৰ সহ-সম্পাদক হৈছে ৷ বৰ ভাল দৰমহা ৷ বি.এ ও পাছ কৰা নাই ৷ কিন্তু বৰ ভাল কৰিছে ৷ আচৰিত হোৱাৰ কথাই ৷ তাৰ দ্বিতীয়খন কিতাপ ‘শুধু ভালোবাসা’ ই সাহিত্য পুৰস্কাৰ পাইছে ৷ মন্টু এতিয়া নামজ্বলা ব্যক্তি ৷ বহুতেই তাৰ কাষলৈ আহে ৷মন্টু ঘৰত কমেই থাকে, বাবা গৈ তেওঁলোকৰ লগত কথা পাতে ৷ এই ক্ষেত্ৰত বাবাৰ উৎসাহ সীমাহীন ৷ কোন কাকতত কি লিখিলে এই লৈ বাবাই পৰম আগ্ৰহেৰে খবৰ ৰাখে ৷ সযত্নে পেপাৰৰ কাটিং কৰি ৰাখে ৷ মন্টুৰ পৰাই শুনিছোঁ, এদিন বাবাই হেনো কোনোবা এখন কিতাপৰ দোকানত সোমাই সুধিছে আপোনালোকৰ দোকানত ‘কিছু কিংশুক’ কবিতাৰ কিতাপখন আছে ৷
দোকানীয়ে উত্তৰ দিছে, নাই ৷
তেতিয়া হ’লে ‘শুধু ভালোবাসা’ কিতাপখন আছে ?
নাই সেইখনো নাই ৷
বাবাই খঙতে কৈছে,
ভাল ভাল কিতাপ নাই, আপোনালোক কেনে ধৰণৰ দোকানী ?
মন্টু লগত কবিতা লৈ আলোচনা কৰাতো তেওঁৰ বৰ আগ্ৰহ ৷ মন্টু এই লৈ বৰ লাজুক বাবে সুযোগ নাপায় ৷
সঁচা-মিছা নাজানো, শুনিছো বাবাই অ’ভাৰচিয়াৰ খুড়াৰ ডাঙৰ বোৱাৰীক হেনো প্ৰায়েই মন্টুৰ কবিতা আবৃত্তি কৰি শুনায় ৷ এই ছোৱালীজনীক বাবাই বৰ ভাল পায় ৷ ছোৱালীজনীৰ চেহেৰা ৰুণুৰ লগত বহুত মিলে ৷ পিছৰ পৰা দেখিলে ৰুণু বুলি ভুল হয় ৷
নিনুজনীও বৰ ডাঙৰ হ’ল ৷ সেইদিনা তাইক লৈ ৰাস্তাত ফুৰিবলৈ যাওঁতে দুজন ল’ৰাই চিঞৰিলে ৷ নিনুক কলোঁ,
নিনু, কোনোবা দুষ্ট ল’ৰাই তোক চিঠি-টিঠি লিখিলে নপঢ়াকৈ মোক দি দিবি ৷ নিনুই লাজতে ৰঙা পৰি মূৰ লৰালে ৷
সেইদিনা ৰবিবাৰ, সকলো ঘৰত থকাৰ কথা কিন্তু ঘৰত কোনো নাই ৷ বাবা আৰু ৰাবেয়া গৈছে ঝুনুক আনিবলৈ৷ মন্টু তাৰ অফিচত ৷ বাতৰি কাকতৰ অফিচৰ কাম হেনো পুলিচৰ কামৰ দৰে ৷ ছুটিৰ কোনো কথাই নাই ৷ ঘৰত মই আৰু নিনু ৷ মই ভিতৰত বহি খবৰ কাগজ পঢ়ি আছোঁ ৷ নিনুই ক’লে,
দাদা এজন ভদ্ৰলোক আহিছে ৷
কেনে ধৰণৰ ভদ্ৰলোক ?
বয়সীয়া, চকুত চশমা ৷
ওলাই আহি দেখোঁ ডাঙৰ মামা ৷ বহুদিন পিছত দেখিছোঁ যদিও চিনি পোৱাত অসুবিধা নহ’ল ৷ মামাই ক’লে,
মোক চিনি পাইছা নে ?
পাইছোঁ, ডাঙৰ মামা ৷
বহুদিনৰ পিছত দেখা হ’ল ৷ নিচিনিবও পাৰা ৷ তুমি ডাঙৰ হৈছা আৰু মই বুঢ়া ৷ কি কৰা এতিয়া ?
এখন কলেজত প্ৰফেচাৰ ৷
ভাল, ঘৰত আৰু কোনো নাই ? বৰ খালী খালী লাগিছে ৷
নাই ৷ বাবা আৰু ৰাবেয়া গৈছে চিটাগং ৷ আমাৰ এজনী ভনীৰ তাত বিয়া হৈছে ৷
মামাই মনে মনে শুনিলে ৷ তেওঁক দেখি মই আচৰিতে হৈছোঁ ৷ হঠাৎ কিয় বা আহিল ৷ মা জীয়াই থাকিলেও অহাৰ কিবা এটা কাৰণ বিচাৰি পোৱা যায় ৷ আগতে মামা আহিলে মা যে কিমান লাজ আৰু অপ্ৰস্তুত হৈছিল ৷ মামাই ক’লে,
আমাৰ বাবা–মানে তোমাৰ নানা সাত দিনমান হ’ল ঢুকাল ৷
কি হৈছিল ?
তেনে একো অসুখ হোৱা নাছিল ৷ বয়সতো তেওঁৰ কম হোৱা নাছিল নহয়, প্ৰায় নব্বৈৰ ওচৰা-ওচৰি ৷ আজি-কালিৰ দিনত কোনো ইমান দিন জীয়াই নাথাকে ৷
মামাই কৈ কৈ কিবা ভাবি অলপ হাঁহিলে ৷ ক’লে,
মই অহা বাবে আচৰিত হৈছা নহয় নে ?
নাই, কিয় আচৰিত হ’ম ? চাহ খাব ?
চাহ এৰি দিছোঁ ৷ ডায়বেটিছত ভুগিছোঁ ৷ ঠিক আছে, দিয়া বিনা চেনিৰ চাহ একাপ ৷
নিনুক চাহৰ কথা কৈ আহি মামাৰ ওচৰত বহাৰ লগে লগে মামাই ক’লে, বাবাই শেষৰ ফালে তোমালোকৰ কথা কিয় জানো খুব কৈছিল ? তেওঁ চিলেটত মোৰ সৰু ভাইৰ ঘৰত আছিল ৷ অসুখৰ খবৰ পাই আমি গৈছিলোঁ ৷ বাবাই প্ৰায়েই কৈছিল, ঢাকালৈ আহিয়েই তোমালোকৰ ঘৰলৈ আহিব ৷ আগতে কেতিয়াও কোৱা নাছিল ৷
মামাই চশমাৰ গ্লাচখন মচি মচি ক’লে,
বয়স হ’লে বহুত সলনি হৈ যায় ৷ নহয় নে ?
অঁ ৷
শিৰিণ আমাৰ সকলোৰে বৰ মৰমৰ আছিল ৷ বৰ গোঁৱাৰ আছিল তাই ৷ জানা নে ছোৱালীৰ দুটা বস্তু বৰ বেয়া, এটা হৈছে সাহস আৰু আনটো গোঁৱাৰামি ৷
মই একো নক’লো ৷ মামাই ক’লে,
শিৰিণৰ বহুত গুণ আছিল ৷ সাধাৰণতে ছোৱালীৰ নাথাকে ৷ যেতিয়া তাই ইয়ালৈ গুচি আহিল সকলোৱে বৰ দুখ পাইছিলোঁ ৷ গুণ বিকাশৰ বাবে পৰিৱেশৰ প্ৰয়োজন হয় ৷
নিনুই চাহ লৈ সোমাই আহিল ৷ মামাই চাহত মুখ দি চমকি উঠিল,
এই কি চাহত চেনি দি আনিলা যে !
নিনুই জিভাখন উলিয়াই দিলে ৷ মামাই ক’লে,
ঠিক আছে, ঠিক আছে ৷ এদিন অলপ অনিয়মেই হওক ৷ শুনিছোঁ তোমাৰ এজন ভাই হেনো বৰ নাম কৰিছে ৷ মই ভালদৰে চিনি নাপাওঁ ৷ কিটকিয়ে মোক ক’লে ৷ কিটকি মোৰ ভাগিন, জানা নহয় ?
হয় ৷
তোমাৰ বাবা আহিলে সকলোৱে আমাৰ ঘৰলৈ যাবা ৷ মই লৈ যাম ৷ তোমাৰ মাৰ বহুত গহনা আছিল ৷ সকলো এৰি আহিছিল ৷ সেইবোৰো লৈ আহিবা ৷
মামাই নিনুক ওচৰলৈ মাতি নি মৰম কৰিব ধৰিলে,
ফুলৰ নিচিনা ছোৱালী ৷ মা, তুমি আমাৰ ঘৰলৈ যাবা ? তোমাক এটা বস্তু দিম ৷
কি বস্তু ?
এটা ময়ূৰ ৷ হিলট্ৰাকত থকা মোৰ বন্ধু এজনে মোক দিছিল ৷
পেখম ধৰে ?
ধৰে বোধহয় ৷ মই অৱশ্যে পেখম ধৰা দেখা নাই ৷
মই ক’লোঁ,
মামা, মাৰ এখন পুৰণা ৰেকৰ্ড আছিল নেকি ?
অ, আছে এতিয়াও ৷ তোমাক লাগে নেকি ?
খুব শুনিবলৈ মন যায় ৷
নিশ্চয়, মাৰ গান শুনিবলৈ তো মন যাবই ৷
অৱশেষত ঝুনুক তেওঁলোকে আহিব দিলে ৷
তিনি বছৰ পিছত দেখিছোঁ ৷ মাক হোৱাৰ আগতে শৰীৰৰ যি অস্বাভাৱিকতা তাৰ বাবে যেন কিছু লাজ অনুভৱ কৰিছে ৷ সৰুকালৰ চঞ্চলতা কিছু কমিছে ৷ শকত হোৱা বাবে অলপ বগা লাগিছে ৷
দুপৰীয়া সিহঁত যেতিয়া আহি পাইছে মই কলেজত ৷ মন্টুই কাষৰ ঘৰৰ পৰা ফোন কৰিলে আহিবলৈ ৷ পৰীক্ষা সংক্ৰান্তত জৰুৰী মিটিং আছিল আহিব নোৱাৰিলোঁ ৷ কলেজত সকলো সময়তে ভাবি আছিলোঁ ঝুনু বা দেখিবলৈ কেনেকুৱা হৈছে ৷ সেইদিনাও এখন চিঠি পাইছোঁ, তুমিতো ভাবা বিয়া কৰাই ঝুনু সলনি হৈ গৈছে ৷ ঘৰৰ কাৰো লগত কোনো যোগাযোগ নাই ৷ সেয়ে ঘৰৰ একো খবৰে মোক নিদিয়া ৷ ৰাবেয়া বাৰ যে জ্বৰ হৈছিল সেই কথাও তুমি লিখা নাই ৷ বাবাৰ চিঠিৰ পৰা গম পালোঁ ৷ আৰু মই যে কিমান কান্দিছোঁ ! তোমালোক সকলোৱে মোক পৰ কৰি পেলাইছা ৷ মন্টুৰ কবিতাৰ কিতাপ ছপা হৈছে, মন্টুই মোলৈ পঠিওৱা নাই ৷ মই নিজে যেতিয়া এখন কিনিছোঁ, তাৰ দহ দিন পিছত সি মোলৈ পঠিয়াইছে ৷ কিয় ? আগে পঠালে কি নো ইমান ক্ষতি হ’লহেঁতেন ? মন্টুই তাৰ কিতাপত পেঞ্চিলেৰে লিখিছে, ‘ সুক্ৰন্দসী বান্ধৱী ঝুনুলৈ’, মই কি সুক্ৰন্দসী ? মন্টুক হাতৰ কাষত পালে কান্দিহে এৰিম ৷
সন্ধিয়া ঘৰলৈ আহি শুনিলোঁ, ঝুনু কাষৰ ঘৰত গৈছে ৷ চাহৰ কাপ হাতত লৈ বাৰাণ্ডাত বহি পেপাৰ পঢ়িছোঁ এনেতে তাই আহি পালে ৷ কিবা কথাত খুব হাঁহি হাঁহি আহি আছে ৷ মোক লক্ষ্যই কৰা নাই, ময়েই মাতিলোঁ, ঝুনু আহ এইফালে ৷
ঝুনুই প্ৰথমতে থতমত খালে ৷ কিবা বুজাৰ আগতে তাইৰ হাত লাগি মোৰ চাহৰ কাপ চিটিকি গ’ল ৷ পিছত ধৰিব পাৰিলোঁ তাই মোক সাৱটি ধৰি কান্দিছে ৷ প্ৰথম উত্তেজনা অলপ সময়ৰ ভিতৰতে গ’ল যদিও কান্দোন বন্ধ নহ’ল ৷ বহুদিনৰ পিছত নিজৰ ঘৰলৈ উভতি অহা, ৰুণুৰ মৃত্যু, নিজৰ জীৱনৰ অশান্তি সকলো মিলাই যি কান্দোন সেয়াতো কিছু দীৰ্ঘস্থায়ী হ’বই ৷ মই ক’লো, ঝুনু ল চাহ খা, তাৰ পিছত আৰু কান্দিবি ৷ মন্টুই তোক সুক্ৰন্দসী বুলি কি এনেই লিখিছে নে ?
কান্দক, ঝুনুই কান্দক ৷ বহুদিন এই ঘৰত কোনেও কন্দা নাই ৷ সেই কেতিয়াই ৰুণু ঢুকাল ৷ সকলোৱে খুব কান্দিলে ৷ বাবাই ডিঙি ফালি কান্দিলে, ৰাবেয়া আৰু মন্টুই সৰু ল’ৰা-ছোৱালীৰ দৰে কান্দিলে ৷ মোৰ ডিঙিত সাৱটি নিনুই উচুপি উচুপি টোপনিয়ে গ’ল ৷ তাৰপিছত এই ঘৰত ক’ত কন্দা-কটা ? নিনুয়ো আনকি ভুলতো নাকান্দে ৷ ৰাবেয়াই হয়তো কান্দে, কিন্তু মোৰ চকুত নপৰে ৷ কান্দক ঝুনুই ৷
মোৰ এনে ভাব হ’ল ঝুনুৰ লগে লগে যেন পুৰণি দিনবোৰ উভতি আহিছে ৷ আগৰ দৰেই হৈ-হাল্লা হ’ব ধৰিলে ৷ নিনুৰ চুলি ঘন হ’ব বুলি এদিন ঝুনুই বৰ উৎসাহেৰে নিনুৰ মূৰ তকলা কৰি দিলে ৷ নিনুই তাইৰ কটা চুলি পুতলাৰ বাকচত লুকাই থলে – এই লৈয়ো ফূৰ্তি হ’ল ৷ মন্টুই এটা ছন্দ লিখিলে– ‘নিনুৰ চুল’৷ নিজে ছবি আঁকি আলোচনীত ছপাই দিলে৷ নিনুয়ো মন্টুৰ বহীত মনে মনে লিখি থলে– ‘মন্টু ভাই বোকা / রোজ খায় তেলপোকা ৷’ ঝুনুই সকলোকে এদিন চিনেমা দেখুৱালে ৷ ৰবিবাৰে আমগছৰ তলত পিকনিক হ’ল ৷ বৰ সুখেৰে সময় পাৰ হ’ব ধৰিলে ৷
সেইদিনা সন্ধিয়া মূৰৰ বিষত অস্থিৰ হৈ শুই আছোঁ ৷ ঝুনুই আহি ক’লে,
মূৰত হাত বুলাই দিওঁ ৷
নালাগে এনেয়ে ভাল হ’ব ৷
অলপ দিওঁ দিয়া ৷
ঝুনু মূৰৰ কাষত বহিল ৷ কিবা কোৱা যেন লাগিল ৷ মনে মনে অপেক্ষা কৰিলোঁ ৷ ঝুনুৱে ইতস্ততঃ কৰি ক’লে,
দাদা, হস্পিতালত হেনো কেঁচুৱা সলনি হৈ যায় ৷
কেঁচুৱা সলনি ? কেনেকৈ ?
আচৰিত হৈ চালোঁ মই ৷
অ’ভাৰচিয়াৰ খুড়াৰ বোৱাৰীয়ে কৈছে, হস্পিতালত হেনো নম্বৰ দি সকলো কেঁচুৱা একেলগে ৰাখে ৷ নম্বৰৰ গণ্ডগোল হলেই এজনৰ কেঁচুৱা আন এজনৰ তালৈ যায় ৷
মই হাঁহি ক’লোঁ,
এই দুশ্চিন্তাত মৰিছ ? পাগল নেকি ?
সঁচা দাদা ৷ তেওঁৰ এগৰাকী বান্ধৱীৰ হেনো ধকধকীয়া বগা এজন ল’ৰা হৈছিল ৷ হস্পিতালৰ পৰা অহাৰ সময়ত যি এজন ল’ৰা আনি দিলে সেইজন নিগ্ৰোতকৈও ক’লা ৷
হস্পিতাললৈ যাব নিবিচাৰ, ঘৰতে ব্যৱস্থা কৰা যা ব৷ কিন্তু এইবোৰ বৰ বেয়া কথা ঝুনু ৷
দুজনেই মনে মনে থাকিলোঁ ৷ বুজিছোঁ ঝুনুৰ কেঁচুৱাৰ কথা ক’বলৈ মন গৈছে ৷ নিজেই সুধিলোঁ,
ল’ৰা হ’লে কি নাম ৰাখিবি ঝুনু ?
কি যে নহয় দাদা তুমি ৷
ক শুনো, কিবা এটা তো ভাবিছ মনে মনে ৷
মই যিটো ভাবিছো সেইটো ভাল নহয়, পুৰণি নাম ৷
কি নাম ?
কিংশুক ৷
এইটো তোৰ পুৰণি নাম ৷
দাদাৰ খালী ঠাট্টা ৷
ছোৱালী হ’লে কি ৰাখিবি ?
ছোৱালী হ’লে ৰাখিম –ৰাখী ৷
ধুনীয়া ৷
ৰাখী নামৰ মোৰ এজনী বান্ধৱী আছিল ৷ ইমান ভাল ছোৱালী ৷ এতিয়া ডাক্তৰ ৷ ময়ো মোৰ ছোৱালীক ডাক্তৰী পঢ়াম দাদা ৷
তেন্তে আমাৰ অসুখ-বিসুখ হ’লে চিন্তা নাই ৷ ভাগিনক খবৰ দিলেই হ’ল ৷
দাদা, ‘ইৰিত্ৰা’ নামটো তোমাৰ কেনে লাগে ?
নতুন ধৰণৰ নাম ৷ আধুনিক ৷
মন্টুই কৈছে ইৰিত্ৰা ৰাখিবলৈ ৷ দুয়োটা নামেই মোৰ ভাল লাগে ৷ কি কৰিম কোৱা চোন দাদা ?
দুই নম্বৰ ছোৱালীজনীৰ নাম ইৰিত্ৰা ৰাখিবি ৷
নাই, দুই নম্বৰ ছোৱালীজনীৰ নাম ৰাখিম ৰুণু–
ৰুণু ?
অঁ ৷ অলপ সময় ৰৈ ঝুনুই ক’লে, তেতিয়াহলে ৰুণুৰ নিচিনা লক্ষ্মী ছোৱালী হ’ব ৷
ৰুণুৰ কথা বৰ মনত পৰে, দাদা৷ তাইক চাবলৈ বৰ মন যায় ৷ মাজে মাজে ৰুণুৰ ফটোকে চাওঁ ৷ পাতল ওঠ চেপি হাঁহিৰ ভঙ্গীত তোলা ফটো ৷ ডাঙৰ ডাঙৰ চকু ৷ সৰু বাচ্ছাৰ চাৱনি ৷ সকলো মিলি কিবা যেন বৰ কৰুণ ফটো ৷ বেছি সময় চাই থাকিলে বুকুৰ ভিতৰত বেদনা অনুভৱ হয় ৷
খুব যত্নৰে কাগজত মেৰিয়াই মাৰ গানৰ ৰেকৰ্ডখন এজন লোকে আহি দি গ’ল ৷ ৰেকৰ্ডৰ লেবেলত মাৰ নাম– ‘মিছ শিৰিণ চুলতানা৷’ খুব অস্পষ্টভাৱে পঢ়িব পাৰি ৷ হিজ মাষ্টাৰ্চ ভয়চৰ কুকুৰৰ ছবিৰ ওপৰত ৰঙা চিয়াঁহিৰে হাতেৰে মাৰ নাম লিখা আছে ৷ হয়তো তেৱেঁই লিখিছে ৷
ঘৰত এটা হুলস্থূল পৰিৱেশৰ সৃষ্টি হ’ল ৷ ঝুনু কেঁচুৱা কোলাত লৈ আগৰ দৰেই জপিয়াব ধৰিলে ৷ শুনিবলৈ গ্ৰামোফোন নাই বাবে কান্দিবলৈ হে বাকী ৷
মন্টুই ৰেকৰ্ড প্লেয়াৰ আনিবলৈ গ’ল ৷ ৰাবেয়া কলেজত ৷ কলেজত কিবা ফাংশ্বন আছে ৷মন্টুই তাইকো খবৰ দি যাব ৷ বাবাক দেখি এনে লাগিল আমাৰ হুলস্থূল দেখি লাজ পাইছে ৷ নিনুই ইমান উৎসাহৰ কাৰণ ঠিক বুজি পোৱা নাই ৷ বাবাক ক’লো, ‘আজি এটা উৎসৱৰ নিচিনা কৰা হওক ৷ খুব ঘৰুৱাভাৱে সন্ধ্যাৰ পিছত মাৰ কথা আলোচনা কৰা হ’ব ৷ তাৰপিছত শুবলৈ যোৱাৰ আগে আগে ৰেকৰ্ড বজাম ৷’ বাবাই সংকোচ কৰি ক’লে, ‘এইবোৰতকৈ মিলাদ-টিলাদ…৷’ ঝুনুই লগে লগে বাতিল কৰি ক’লে, সেইবোৰ পিছত হ’ব, আজি দাদাই যি কৈছে সেয়েই হওক ৷
বাবাই জোতা পিন্ধি ফুল আনিব গ’ল ৷ ফুলৰ মালাৰে মাৰ ফটো সজোৱা হ’ব ৷ ঝুনুই ক’লে, ‘বাবা ধূপ আনিবা ৷ নাপালে আগৰবাতি ৷’
মই ৰেকৰ্ডখন লুকাই থলোঁ যাতে কোনেও আগতে শুনিব নোৱাৰে ৷ কাষৰ ঘৰৰ পৰা কিটকিক ফোন কৰিলোঁ ৷
হেল্লো কিটকি, মই…৷
ধৰিব পাৰিছোঁ আপুনি কোন ৷ কি কথা ?
মাহীক লৈ এবাৰ আহ না আমাৰ ঘৰলৈ ৷
কি কথা ?
আহি শুনিবি ৷
কওক না ৷
এটা সৰু-সুৰা ঘৰুৱা উৎসৱ
কিহৰ উৎসৱ ?
আহিলে দেখিবি ৷
কোৱা না ভাই ৷
মাৰ গানৰ ৰেকৰ্ড বজোৱা হ’ব ৷ মাৰ স্মৃতিত ঘৰুৱা আলোচনা ৷
সুন্দৰ আইডিয়া ৷ হ’ব, আমি আহিম ৷
কিটকি, মাৰ লগত তোলা মাহীৰ কিবা ফটো আছে নেকি ?
চাব লাগিব ৷
যদি পাৱ…৷
অ, মই লৈ যাম ৷ কিমান বজাত যাম ৷
ৰাতি আঠ বজাত ৷
সন্ধিয়া ৰাবেয়া ৰিক্সাৰ পৰা বৰ বিবৰ্ণ মুখেৰে নামি আহিল ৷ ভয়েৰে ক’লে, ঘৰত কি হৈছে ?
নাই, একো হোৱা নাই ৷ কি হ’ব ?
মন্টু এনে ল’ৰা, কলেজত মোৰ ক্লাছলৈ এখন কাগজত লিখি পঠিয়াইছে,
‘ঘৰলৈ আহ, অত্যন্ত জৰুৰী ৷’ মই ভয়তে মৰি গৈছোঁ ৷ কাৰ বা কি হ’ল !
নাই কাৰো একো হোৱা নাই ৷ মাৰ ৰেকৰ্ডখন দি গৈছে ৷
হয় নেকি ? তাকেই ক ৷
বাবাই দুডাল দামী জৰিৰ মালা আনিলে ৷ ‘ফুলৰ মালা নাপালোঁ, বহুত বিচাৰিলোঁ ৷’ মালা দুডাল বহুত দীঘল হ’ল ৷ ফটোত দিওঁতেই ওলমি মাটিত লাগিল ৷
বহা ৰুমটো সুন্দৰকৈ সজোৱা হ’ল ৷ চকী-মেজ আঁতৰাই মাটিতে বিছনা পাৰি দিয়া হ’ল ৷ ধূপ জ্বলাই ,স্মৃতি হিচাপে মাৰ পুৰণি পাৰ্কাৰ পেনটো ৰখা হ’ল ৷ ইয়াৰ বাহিৰে তেওঁৰ স্মৃতি হিচাপে আন একোৱেই নাছিল ঘৰত ৷
ঠিক আঠ বজাত কিটকি আৰু মাহী আহিল ৷ বহু কেইখন ফটোও আনিছে কিটকিয়ে ৷
অনুষ্ঠানটো যেনে হ’ব বুলি ভাবিছিলোঁ তেনে নহ’ল ৷ মাহীৰ লগত মাৰ সৰুতে তোলা ফটোবোৰ আটায়ে চালোঁ ৷
মাৰ কথা ক’বলৈ অনুৰোধ কৰাৰ লগে লগে মাহীয়ে নিজৰ কথাহে ক’ব ধৰিলে ৷ সৰুতে কেনেদৰে নাচিছিল, কেনেদৰে অভিনয় কৰিছিল ৷ ‘ইন্দ্ৰানী’ত তেওঁ কৰা অভিনয় দেখি কোন ডাইৰেক্টৰে চিনেমা কৰিবলৈ মাতিছিল আদি তেনে ধৰণৰ কথা ৷ বৰ বেয়া লাগিছিল ৷ শেষত কিটকিয়ে ক’লে, মা আপুনি অলপ জিৰণি লওক ৷ আমি মহাৰ পৰা শুনোঁ ৷
বাবাই থতমত খাই ক’লে,
নাই নাই মই কি ক’ম ? তোমালোকে কোৱা মই শুনোঁ ৷
নহয় মহা আপুনি ক’বই লাগিব ৷ আমি এৰি নিদিওঁ ৷
বাবাই বিব্ৰত হৈ ক’লে,
“তোমালোকৰ মা খুব ডাঙৰ ঘৰৰ ছোৱালী আছিল ৷ মোক তেওঁ নিজেই ইচ্ছা কৰিয়েই বিয়া কৰাইছিল ৷ তেতিয়া তেওঁৰ খুব বেয়া দিন চলি আছিল ৷ মই সাহস কৰি তেওঁক কৈছিলো, মোক বিয়া কৰাবলৈ ৷ মই তেওঁক বৰ পছন্দ কৰিছিলোঁ ৷ তেওঁ অবাক হৈছিল মোৰ কথা শুনি ৷ কিন্তু লগে লগে সন্মত হৈছিল ৷ মই কোনো দিনেই তেওঁক কেতিয়াও অনাদৰ কৰা নাই ৷ মোৰ এনে লাগে শেষ পৰ্যন্ত তেওঁ আনন্দতে আছিল ৷ মই নো আৰু কি কম ! তোমালোকে গানটোকে শুনা ৷ চকুত আকৌ কি পৰিল ! কি সমস্যা !”
বাবাই চকুৰ অদৃশ্য বস্তুতো লৈ ব্যস্ত হৈ পৰিল ৷ মন্টুই ৰেকৰ্ডখন বজাই দিলে ৷ পুৰণি ৰেকৰ্ড যদিও খুব সুন্দৰকৈ বাজিলে ৷ আমি আটায়ে শুনিবলৈ কাণ পাতি ৰ’লোঁ ৷ কম বয়সীয়া ছোৱালীৰ মিঠা মাতৰ সুৰীয়া গান ৷ “ এই তো এত পথ এত যে আলো…” আচৰিত লাগিছিল ৷ ভাবিবই পৰা নাই, আমাৰ মাই গান গাইছে ৷ ফ্ৰক পিন্ধা পৰীৰ দৰে এজনী ছোৱালী হাৰমনিয়ামৰ সন্মুখত বহি হাঁলি-জাঁলি গান গাইছে, এনে এখন ছবি চকুৰ আগত ভাঁহি উঠিল ৷
বাবাৰ পিনে চাই দেখোঁ বাবাৰ চকুৰ সেই অদৃশ্য বস্তুটো অশ্ৰুকণা হৈ মজিয়াত সৰি পৰিছে ৷
সাত
বাবাৰ হঠাৎ কিয় জানো ৰন্ধন প্ৰণালীৰ কিতাপ এখন লিখাত মন হৈছে ৷ বিভিন্ন ধৰণৰ ৰন্ধনৰ প্ৰক্ৰিয়া নোট বহী এখনত লিখি ৰাখিছে ৷ বজাৰৰ পৰা বিভিন্ন কিতাপ পত্ৰ কিনি আনিছে৷ এই ক্ষেত্ৰত তেওঁক সহায় কৰিছে নিনু আৰু অ’ভাৰচিয়াৰ খুড়াৰ বোৱাৰী ৷ মাজে মাজে দুই-এখন আঞ্জা ঘৰতো ৰান্ধে ৷ সেইদিনা ‘নোয়াপাতি মিষ্টি’ নামে এবিধ মিঠাই বনালে ৷ খাবলৈ ভাল হোৱা বুলি কোৱাত সৰু ল’ৰাৰ নিচিনাকৈ তেওঁৰ যি ফুৰ্তি ৷
ভালেই হৈছে ৷ কিবা এটা লৈ ব্যস্ত হৈ আছে ৷ ৰাবেয়াই নিজৰ পঢ়া-শুনা লৈ সাংঘাতিক ব্যস্ত ৷ তাইক দেখা পোৱাই সমস্যা হৈ পৰিছে ৷ যদি কওঁ, ‘আহ ৰাবেয়া অলপ কথা পাতোঁ ৷’ ৰাবেয়াই বাধা দি কয়, ‘দুদিন পিছতে মোৰ পৰীক্ষা, এতিয়া মই তোৰ লগত কথা পাতিম ! পাগল আৰু কাক কয় ৷’
মন্টুই ৰাতি ঘৰলৈ অহা বাদেই দিছে ৷ কেইজনমান ল’ৰা লগ হৈ হেনো ঘৰ এটা ভাড়া লৈছে ৷ তাতেই আড্ডা হয় ৷ সেইবাবে তাৰ বৰ বেছি ঘৰলৈ অহা নহয় ৷ হঠাতে কোনোবা এদিন আহি ওলায় ৷ আলহীৰ দৰে ঘূৰি ফুৰে ৷ বাবাক ক’ব, মুঠ কিমান ধৰণৰ ৰন্ধাৰ যোগাৰ হ’ল বাবা ?
এশ বাৰ বিধ ৷
বাপৰে, বাবা ইমান ? আজি এবিধ ৰান্ধা না বাবা, খাওঁ ৷ কি কি লাগিব কোৱা মই বজাৰৰ পৰা লৈ আহোঁ ৷
বাবাই মন্টুক লৈ বৰ উৎসাহেৰে ৰান্ধিবলৈ আৰম্ভ কৰে ৷
ঝুনু যোৱাৰ পিছৰে পৰা মই অকলশৰীয়া হৈ পৰিছোঁ ৷
সকলোৱে নিজৰ নিজৰ কাম লৈ ব্যস্ত হৈ আছে ৷ ঘৰত মোৰ তেনে কোনো কাম নাই ৷ শুই-বহিয়েই সময় কটাও ৷ সেইবাবে মই দেৰি কৰি ঘৰলৈ উভতোঁ ৷ সেইদিনা ৰাতি প্ৰায় এঘাৰ বজাত উভতিছোঁ ৷ ৰাবেয়াই মুখ ক’লা কৰি মোৰ ৰুমত বহি আছে ৷
কি হৈছে ৰাবেয়া ?
একো হোৱা নাই ৷ তই হাত-মুখ ধুই আহ, কম ৷
ক, শুনো কি হৈছে ৷
তই কলেজলৈ যোৱাৰ পিছতে মাহী আহিছিল ৷
কি কাৰণে ?
তই একো নাজান ?
নাজানোতো ৷
কিটকিৰ বিয়া ৷ কালি সকলো ঠিক হ’ব ৷ মাহীয়ে সকলোকে যাব কৈছে ৷ গাড়ী পঠাব ৷
হয় নেকি ?
এজন ৰিটায়াৰ্ড ডিষ্ট্ৰিক জাজৰ ল’ৰা ৷ ফৰেইন চাৰ্ভিছত আছে ৷ ফ্ৰান্সত পোষ্টিং ৷ ছুটিত আহিছে, বিয়া কৰাই যাব ৷ ম্যানিলাতে হেনো কিটকিৰ লগত দেখা-দেখি হৈছিল ৷ ল’ৰাজন তালৈ গৈছিল ৷ কিবা কাৰণত কিটকিৰ লগত চিনা-পৰিচয় হৈছিল ৷ কিটকিৰো ল’ৰা খুব পছন্দ ৷
এইবোৰ মোক শুনাই কি লাভ ৰাবেয়া ?
কোনো লাভ নাই ?
নাই ৷
কিয় এনে হ’ল ? মনে মনে আছ যে ?
মই মনে মনে থাকিলোঁ ৷ মোৰ আৰু কি কৰিবলগীয়া আছে ৷ মই কি কৰিব পাৰিম ? ৰাবেয়াই একেথৰে মোৰ পিনে চাই আছে ৷ কান্দিহে যেন পেলাব৷ ৰাবেয়াই মুখৰ ভিতৰতে ক’লে,
মোৰ আৰু থাকিবলৈ ভাল লগা নাই ৷ পাছ কৰিলেই মই ক’ৰবালৈ গুচি যাম ৷ অকলে অকলে থাকিম ৷ আৰু ভাইটি শুন ৷
ক ৷
তই এটা গাধ, ইডিয়ট ৷ তোৰ মুখত মই থুই থুই দিওঁ ৷
মই চাৰ্ট খুলি বাথৰুমৰ ফালে গ’লোঁ ৷ ৰাবেয়া মোৰ পিছে পিছে আহি ক’লে,
ভাইটি, তই মোক খং কৰিছ ? খং নকৰিবি– বেঙা, মোৰ কথাত কি খং কৰ ৷
আঠ
ভাইটি
যোৱা পৰহি সন্ধিয়া আহি পালোঁ এইখিনি ৷ স্কুলৰ চুপাৰিণ্টেণ্ডেণ্ট নিজেই ষ্টেচনলৈ আহিছিল ৷ বৰ ভাল মানুহ ৷ সকলো সময়তে মোক মা মা বুলি মাতিছে ৷ তেওঁৰ নিজৰ টকাৰে সজা স্কুল, নিজৰ মাটিতে দুমহলীয়া স্কুলঘৰ ৷ নিজৰ সমস্ত সঞ্চয় ঢালি দিছে বাবে প্ৰতিটো বস্তুৰ ওপৰত অসাধাৰণ মৰম ৷ আৰু যিহেতু মই এই স্কুলৰে এগৰাকী ময়ো মৰমৰ পাত্ৰী ৷
ট্ৰেইনৰ পৰা ভয়ে ভয়ে নামিছিলোঁ ৷ নতুন ঠাই, কাকোৱে চিনি-জানি নাপাওঁ ৷ কিন্তু তেওঁক লগ পাই সকলো ভয় আঁতৰি গ’ল ৷ কোনো কোনো মানুহক দেখিলে এনে লাগে যেন বহু দিনৰ চিনাকি ৷ ঠিক তেনেধৰণৰ ৷ তেওঁ প্ৰথমতে মোক তেওঁৰ ঘৰলৈ লৈ গ’ল ৷ ঘৰত তেওঁ আৰু সুৰমা– দুজনেই মাত্ৰ প্ৰাণী ৷ সুৰমা তেওঁৰ জীয়েক ৷ ৰাতি ভাত খোৱাৰ পাছত তেওঁ মোক হোষ্টেলত থৈ গ’ল ৷ সোঁতৰ গৰাকী ছাত্ৰী থাকে তাত ৷ মই তাৰ চুপাৰিণ্টেণ্ডেণ্ট ৷
সৰু এটা ৰঙা ইটাৰ ঘৰ ৷ সন্মুখত এখন ফুলৰ বাগিচা ৷ পিছফালে পুখুৰী ৷ মোৰ গোটেই মন জুৰাই গৈছে ৷
ভাইটি তহঁতৰ লগত যেতিয়া আছিলোঁ তেতিয়া এক বেলেগ ধৰণৰ শান্তি পাইছিলোঁ ৷ ইয়াত এনে লাগিছে জীৱনৰ সকলো কামনা-বাসনা যেন ইয়াতেই কেন্দ্ৰীভূত হৈ গৈছে ৷ মোক আৰু ইয়াতকৈ বেছি একো নালাগে ৷ কালি ৰাতি ছাদত গৈ বহিছিলোঁ অকলে অকলে ৷ কিয় জানো এনে লাগিছিল অকলে বহি নিৰ্জনত অলপ কান্দোঁ ৷ মাৰ কথা ভাবি, ৰুণুৰ কথা ভাবি অলপ চকুপানী পেলাওঁ ৷ কিন্তু অলপো চকুপানী নোলাল ৷ কিয় কান্দিম ক ? বহুত দুখ আছে মোৰ মনত ৷ ইমান দুখ আছে যদিও কোনেও কেতিয়াও গম নাপাব ৷ কিন্তু তথাপিও মই তোৰ দৰে ভাই পাইছোঁ, কিটকিৰ বিয়াৰ খবৰ পাই যিজনে মোকেই সান্ত্বনা দিয়ে ৷ ৰুণু-ঝুনু, মন্টু, নিনু মোৰ অতি মৰমৰ ৷ চাৰিওফালে ইমান থকাৰ পিছত কি কিবা দুখ থাকে ? মন্টুই, তাৰ এখন কবিতাৰ কিতাপ মোক উৎসৰ্গা কৰিছে ৷ কবিতাবোৰ হতাশ আৰু বেদনা লৈ লিখা ৷ মোৰ ভিতৰৰ সকলোখিনি সি যে কেনেকৈ দেখিলে ভাবি মই অবাক ৷ সেই যে দুটা শাৰী :
দিতে পারো একশো ফানুস এনে ?
আজন্ম সলজ্জ সাধ একদিন আকাশে কিছু ফানুস উড়াই৷
মোৰ বুকুৰ ভিতৰৰ সুপ্ত কথাটিকেই যেন সি কৈছে ৷ প্ৰাৰ্থনা কৰিছোঁ এদিন সি বহুত ডাঙৰ মানুহ হওক ৷
এনে কিয় হ’ল ভাইটি ? সকলো কিয় ওলট-পালট হৈ গ’ল ? ৰুণুৰ স্মৃতিয়ে কাঁটাৰ দৰে বিন্ধে ৷ আমাৰ হোষ্টেলৰ এজনী ছোৱালী, নাম সুশীলা পুৰকায়স্থ, অবিকল ৰুণুৰ নিচিনা দেখিবলৈ ৷ তাইক কালি মাতি আনি বৰ মৰম কৰিলোঁ, মন্টুৰ কবিতাৰ কিতাপখন পঢ়িব দিছোঁ ৷ তাই বেচেৰী অবাক হৈছে– তাইতো একোৱে নাজানে ৷ তাইক বুকুৰ মাজত সাৱটি গোটেই ৰাতি কান্দিবলৈ বৰ মন গৈছিল ৷
নিনুৰ কথাও বৰকৈ মনত পৰে ৷ ইমান কম বয়সতে কি দায়িত্বশীল হৈছে দেখিছ ? মই যিদিনা আহিছিলোঁ সেইদিনা দুপৰীয়া এটা বাকচ আনি মোৰ বিছনাৰ ওপৰত থলে ৷ মই সুধিলোঁ,
কি অ নিনু, বাকচত কি আছে ?
মোৰ কিতাপ-বহী আৰু কাপোৰ ৷ এইটোও তুমি লগত নিবা ৷
এইটো নি মই কি কৰিম ?
মইতো তোমাৰ লগত থাকিম ৷
কাণ্ড দেখিলি ছোৱালীৰ ? কাকো একো কোৱা নাই, নিজেই সকলো ভৰাই সাজু হৈছে ৷ মোৰ লগত যাব ৷ এইবোৰ দেখিলে মন ভৰি যায় ৷ এনে লাগে কিহৰ দুখ ? মৰমৰ বিশাল সাগৰত দুখবোৰ টুপ কৰি ডুবি যায় ৷ ময়ো কবি হৈ গ’লোঁ বুলি ভাবি মনে মনে হাঁহিছ ন ? সকলো মানুহেই তো কবি, অঁকৰা ৷ বাবাৰ কথাই নাভাৱ কিয় ? ৰাতি অকলে অকলে কলৰ তলত বহি গান গায়, ‘ও মন মন ৰে…৷’ মই ঠাট্টা কৰি কওঁ, ‘নৈশ সংগীত ৷’
সেইকাৰণেই কৈছোঁ সকলো মানুহ কবি ৷ কোনো কোনোৱে লিখিব পাৰে আৰু কোনো কোনোৱে নোৱাৰে ৷
তোৰ তো বহুত ডাঙৰ মানুহ হোৱাৰ সপোন আছিল ৷ হয় নে ভাইটি ? ঠিক ধৰিছো নে মই ? মই যদি তোক ডাঙৰ মানুহ কৰি দিওঁ কেনে লাগিব ? ৰেজিষ্টাৰ কৰি চেক এখন পঠাইছোঁ, দুই-এদিনৰ ভিতৰত পাই যাবি ৷ কিমান টকা আন্দাজ কৰ চোন ? তই যিমান ভাবিছ তাতকৈ বহুত বেছি ৷ চেক পালে গম পাবি ৷ ঠাট্টা নকৰিবি ৷ আগৰ দৰে জানো আছো ? এতিয়া ঠাট্টা-ধেমালি এইবোৰ এতিয়া অলপো নোৱাৰি ৷ টকাখিনি তোক দিলোঁ ৷ মোৰ আৰু কি আছে দিবলৈ ক ? তোৰ খুব ধনী হ’বলৈ ইচ্ছা আছিল ৷ সেই ইচ্ছা পূৰণ কৰিব পাৰিছোঁ বাবে বৰ ভাল লাগিছে ৷ তই যেতিয়া খুব সৰু আছিলি তোৰ এটা ফুটবল কিনিবলৈ বৰ ইচ্ছা হৈছিল ৷ মাক খোজাৰ সাহস তো নাছিল, তই আহি কানে কানে মোক কৈছিলি ৷ মই টকা ক’ত পাম ? কিমান যে কষ্ট পাইছিলোঁ মই ! এতিয়াও সৰু ল’ৰাবোৰে ফুটবল খেলা দেখিলে মোৰ বুকুখন বিষাই যায় ৷ তোৰ নিশ্চয় মনত নাই সেইবোৰ ৷ টকাখিনি তোৰ যেনেকৈ মন যায় খৰচ কৰিবি ৷ নিনু , ঝুনু, মন্টু আৰু বাবাকো ভাগ কৰি দিম বুলি ভাবিছিলোঁ ৷ কিন্তু সিহঁতক দিয়া আৰু তোক দিয়া একেই কথা সেইবাবে নিদিলোঁ ৷ ক’ৰ পৰা পাইছো ? তই আগতে ক ?
নাই অ’, চুৰি কৰা নাই ৷ মোক কোনেও ভিক্ষাও দিয়া নাই ৷ এয়া মোৰ নিজৰ টকা ৷ মা’ৰ কথা সময় আহিলে তোক কম বুলি কৈছিলোঁ নহয় ? এতিয়া কম, তেতিয়াহ’লে বুজিবি, কেনেকৈ কি হৈছে ? বাবাৰ লগত বিয়া হোৱাৰ আগতে মাৰ আবিদ হুচেইনৰ লগত বিয়া হৈছিল ৷ তেওঁলোকৰ এজনী ছোৱালীও হৈছিল ৷ এৰাএৰি হৈ গ’ল, কিহৰ বাবে হ’ল সেয়া তই জনাৰ দৰকাৰ নাই ৷ তাৰপিছতেই বাবাই মাক বিয়া কৰাই আনিলে ৷ বুজিবই পাৰিছ নিশ্চয় সেই ছোৱালীজনী মই ৷ খুব আচৰিত হৈছ ন ? মোৰ সেই বাবা ইমান দিন ঢাকাতেই আছিল ৷ সকলো এৰি এতিয়া বাহিৰলৈ গুচি গ’ল ৷ যোৱাৰ আগতে এই টকাখিনি মোক দি গৈছে ৷ সেই মানুহজনো বৰ ভাল আছিল ৷ আমাৰ ঘৰলৈ প্ৰায়েই আহিছিল ৷ দেখিছিলি কোনোবা দিনা ? নীলা ৰঙৰ কোট, ডিঙিত টিকটিকিয়া ৰঙা টাই ৷ মোক ‘ইমা’ বুলি মাতিছিল ৷ গল্পৰ নিচিনা লাগে নহয় ?
এঘাৰ বছৰ বয়সতে মই সকলো জানিছিলোঁ ৷ কেনে লাগিছিল মোৰ তেতিয়া ক চোন ? তহঁতৰ বাবাকে মই নিজৰ বাবা বুলি ভাবি আছিলোঁ, আৰু তেৱোঁ মোক কোনো দিনে জানিবই নিদিলে একো ৷ সেইযে এবাৰ মোক কলেজত মা-কালী বুলি কৈছিল, তহঁত সকলোৱে দুখ পালি ৷ বাবাই কি কৰিলে ক চোন ? তেওঁ ৰাতি মোক বাৰাণ্ডালৈ মাতি লৈ গ’ল ৷ ইতস্ততঃ কৰি ক’লে,
মা এইটো ৰাখা চোন ৷
কি বাবা ?
এইটো এটা ক্ৰীম, বৰ ভাল, বিশ টকা দাম ৷
চেপেটা মুখৰ এটা বটল ৷ মুখৰ ওপৰত লিখা Seven day beauty program . মোৰ চকু পানীৰে ভৰি পৰিছিল ৷ সেইটো মোৰ এতিয়াও আছে ৷ বহুত মুল্যৱান সেইটো ৷ বাবাই যেন বিশ টকাত বহুত ভালপোৱা কিনি আনিছে ৷ জনমে জনমে এনে এজন লোককে বাবা হিচাপে বিচাৰোঁ ৷ মানুহেতো কেতিয়াও বহুত কিবা একো নিবিচাৰে , ময়ো নিবিচাৰো ৷ মাজে মাজে এনে লাগে নিবিচৰাকৈয়ে বহুত পাইছোঁ ৷
কিটকিয়ে ভুল কৰিলে ৷ কি কৰিবি ? পাহৰি যাবলৈ নকওঁ ৷ পাহৰিবি কিয় ? ভালপোৱা কি পাহৰা যায় ? ৰুণুক কি আমি পাহৰিম ? পাহৰা উচিত নে ? কিটকি বৰ ভাল ছোৱালী ৷ তাই যেন সুখী হয় ৷ এতিয়াও তো তাইৰ বয়স হোৱা নাই ৷ একো বুজিয়েই নাপায় ৷ ভাবিলে বেয়া লাগে ৷
মাৰ কথা তোৰ মনত পৰে নে ভাইটি ? চেহেৰা মনত পেলাব পাৰ নে ? মই কিন্তু নোৱাৰোঁ ৷ বহুদিন সপোনতো দেখা নাই ৷ খুব চাবলৈ মন যায় ৷
জানো মাৰ প্ৰতি তহঁত আটাইৰে অভিমান আছে ৷ তহঁতৰ ধাৰণা মাই কাকোকে ভাল পাব নোৱাৰে ৷ হয়তো সঁচা, হয়তো সঁচা নহয় ৷ সৰু মাহীয়ে এদিন মাক সুধিছিল,
শিৰিণ, তুমি তোমাৰ ল’ৰা-ছোৱালী কেইটাক একেবাৰে দেখিব নোৱাৰা ৷
উত্তৰত মাই হাঁহি কৈছিল, ইহঁতক এনেদৰে ডাঙৰ কৰিছোঁ যাতে ভালপোৱাৰ অভাৱত ইহঁতে কোনোদিন কষ্ট নাপায় ৷
মা বৰ অসুখী আছিল অ’, ভাইটি ৷ ছোৱালীয়ে দুখ নেদেখুৱাই ঢাকি ৰাখে, মায়ো চিৰদিন তাকেই কৰিলে ৷ তহঁতে ধৰিবই নোৱাৰিলি ৷ ইমান গান পাগল মাই তেইশ বছৰে এটা গানো নাগালে ৷ প্ৰথম স্বামীক পাহৰিব নোৱাৰিলে ৷ যদি পাৰিলেহেঁতেন তেতিয়াহ’লে সুখৰ সোৱাদৰ তীব্ৰতা বুজি পালেহেঁতেন ৷ যাহওক যি গুচি গ’ল তেওঁ গ’লেই ৷ যি জীয়াই আছে তেওঁৰ কথাই ভাবোঁ ৷
অলপ আগতে তলত ঘণ্টা দিছে, খাবলৈ যোৱাৰ সংকেত ৷ মোৰ খোৱা ৰুমতে দি যায় ৷ তথাপি তললৈ গৈ এবাৰ চাই আহোঁ ৷ আজি আৰু নাখাওঁ ৷ গাটো ভাল লগা নাই ৷ অলপ জ্বৰ জ্বৰ লাগি আছে ৷ মাজে মাজে অসুখ হ’লে বেয়া নহয়– অসুখ হ’লে এনে কিছুমান চিন্তা আহে যিবোৰ আন সময়ত নাহে ৷
হোষ্টেলৰ কাষেৰে নদী এখন বৈ গৈছে ৷ সুন্দৰ নাম ৷ এই মুহূৰ্তত মনলৈ অহা নাই ৷ ৰাতি চাৰ্চ লাইটৰ পোহৰ পেলাই পেলাই লঞ্চ যায় ৷ বৰ ধুনীয়া দেখি ৷ এয়া দেখিছো পোহৰ পেলাই লঞ্চ গৈছে ৷ তহঁতে ঢাকাত থাকি এইবোৰ তো দেখা নাপাৱ ৷
আজি ইমানেই থাকক ৷ শৰীৰৰ পিনে লক্ষ্য ৰাখিবি ৷ বাজে চিগাৰেট নাটানিবি ৷ খাবি, দামী চিগাৰেট কম খাবি ৷ টকাৰ চিন্তা তো নাই ৷ সৰুতে তোৰ কপালত চুমা খাইছিলোঁ, এতিয়াতো তই ডাঙৰ হৈছ তথাপি দূৰৰ পৰা চুমা যাচিলোঁ ৷
তোৰ ৰাবেয়া বা ৷
ঠিকনা :
চুপাৰিণ্টেণ্ডেণ্ট, গাৰ্লচ হোষ্টেল
আদৰ্শ হাইস্কুল
ডাক : কলসহাৰ্টি
জিলা: ময়মনসিংহ
গভীৰ ৰাতি প্ৰায়েই টোপনি ভাঙি যায় ৷ অৰ্থহীন কিছুমান সপোন দেখি হঠাৎ সাৰ পাই উঠোঁ ৷ নিজৰ বিছনাতে যে শুই আছোঁ এই কথা মনলৈ আহিবলৈও সময় লাগে ৷ মূৰৰ কাষৰ খিৰিকি যেন ভৰিৰ পিনে গুচি গৈছে এনে ভাব হয় ৷ তৃষ্ণাবোধ কৰোঁ ৷ কাষৰ টেবুলতে পানী, হাতখন মেলি দিলেই পাওঁ, কিন্তু মন নাযায় ৷
কোনো কোনো ৰাতি সুন্দৰ জোনাক হয় ৷ গোটেই ঘৰখন কোমল জোনাকৰ মাজত ভাঁহি থাকে ৷ ভাবোঁ, অকলে অকলে বাহিৰত খোজকাঢ়িলে বৰ ভাল লাগিব ৷ আকৌ মূৰে-গায়ে চাদৰ মেৰিয়াই লওঁ যেন বাহিৰৰ জোনাকৰ পোহৰৰ লগত মোৰ কোনো যোগাযোগ নাই ৷
মাজে মাজে বৰষুণ আহে ৷ একঘেঁয়া কন্দোনৰ সুৰৰ দৰে শব্দ ৷ মই কাণ পাতি শুনোঁ ৷ বতাহত জাম গছৰ পাতৰ সৰ সৰ শব্দ ৷ আটাইবোৰ মিলি হৃদয়খনে হাহাকাৰ কৰি উঠে ৷ আদিগন্তবিস্তৃত শূণ্যতাত যে কি বিপুল বিষন্নতা অনুভৱ কৰোঁ ! খিৰিকিৰ সিফালৰ অন্ধকাৰৰ পৰা মোৰ সঙ্গীবোৰে মোক মাতে ৷ এদিন যাৰ সঙ্গ পাই আজি নিঃসঙ্গতাত ভুগিছোঁ ৷

(‘শঙ্খনীল কাৰাগাৰ’ ৰফিক কায়সাৰৰ এটি কবিতাৰ নাম ৷ কবিৰ অনুমতিক্ৰমে নামটো পুনৰ ব্যৱহাৰ কৰা হ’ল ৷)