Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

এৰি অহা দিনৰ স্মৃতি

Jona Mahanta, December 30, 2023
ৰাজীৱৰ লগত বিয়া হোৱাৰ পাছৰে পৰা পাপৰিৰ অষ্ট্ৰেলিয়াৰ স্থায়ী বাসিন্দা হৈ পৰা প্ৰায় পঁচিশ বছৰে হ’ল ৷ আজিকালি ল’ৰা-ছোৱালী আৰু ৰাজীৱৰ চুটি সকলো মিলাই আহোঁ বুলিয়েই আহিব নোৱাৰে ৷ পাঁচ বছৰ মান হ’ল আহিব পৰাই নাছিল ৷ এইবাৰ দেউতাকৰ অসুখৰ বাবে ততাতৈয়াকৈ পাপৰি অকলেই আহিছে ৷ পাপৰিয়ে হঠাৎতে অহা বাবে কাৰো বাবেই একোৱেই অনাও নহ’ল ৷ মাক-দেউতাকৰ বাবে কিবা কিনি আনো বুলি ওলাই গ’ল নতুনকৈ হোৱা জি.এছ ৰোডৰ মলখনলৈ ৷ 
মলত ঘূৰি ফুৰোতে পাপৰিৰ মনলৈ আহিছে ইমান সলনি হ’ল চহৰখন ৷ ইয়াৰ আগৰ বাৰ তাই অহাৰ সময়তকৈও বহুত সলনি হ’ল ৷ এনেতে পিছফালৰ পৰা কোনোবাই- এয়া পাপৰি হয়নে ? 
পাপৰিয়ে উভতি চাই দেখে প্ৰায় তাইৰ সমবয়সীয়া এগৰাকী যথেষ্ট শকত-আৱত মহিলা ৷ আগতে দেখা যেন লাগিছে যদিও মনত পেলাব নোৱাৰি, পাপৰিয়ে ক’লে–আপুনি...৷ 
তই মোক চিনি পোৱা নাই মই মণিষা ৷
- আৰে মণিষা তই বুলি পাপৰিয়ে মণিষাক সাৱটি ধৰি ক’লে মই ভাবিয়ে আছিলোঁ এই প্ৰকাণ্ড মলখনত ইমান মানুহ কিন্তু মোৰ চিনাকি এজনো নাই ৷ ইমান বছৰৰ পিছত তোক লগ পাইছোঁ আজি আৰু বজাৰ কৰাৰ ইচ্ছা একেবাৰে নোহোৱা হ’ল ৷ ব’ল দুয়োজনীয়ে কৰবাত বহি কথাকে পাতোঁ ৷ ইমান বছৰৰ মুৰত লগ পাই মোৰ কিমান ভাল লাগিছে তোক মই বুজাব নোৱাৰিম ৷ 
– ব’ল মলৰ ওপৰ মহলাত ৰেস্তোৰাঁখনলৈকে যাওঁ ব’ল ৷ 
ৰেস্তোৰাঁত দুকাপ চাহ লৈ দুয়ো বিভিন্ন কথা ভাগ-বতৰাৰ মাজতে পাপৰিয়ে ক’লে,–মণিষা আমাৰ লগৰ ল’ৰা-ছোৱালীবোৰৰ বিষয়ে ক’চোন কোন ক’ত থাকে কি কৰে ? মই কাৰোৱেই একো খবৰ নাপাওঁ জান নে মণিষা ৷ বিয়াৰ পাছতেই অষ্ট্ৰেলিয়া পালোঁগৈ দুদিনমানৰ বাবে আহোঁ মন থাকিলেও কাকো লগ কৰা নহয় ৷ কি যে যান্ত্ৰিক জীৱন এটাৰ মাজত সোমাই পৰিলোঁ আমি ৷ কিমান যে মধুৰ আছিল সেই দিনবোৰ ৷ 
বিভিন্ন কথাৰ মহলা মাৰি থাকোতে সময়বোৰ কেনেকৈ পাৰ হ’ল দুজনীয়ে গমেই নাপালে ৷ ঘড়ীটোলৈ চাই মণিষাই জপিয়াই উঠিল– পাপৰি মোৰ ছোৱালী পৰিনীতাক কলেজৰ পৰা আনিবলৈ গাড়ীখন পঠিয়াবৰে হ’ল ৷ ব’ল তোক মই নমাই থৈ যাম ৷
–নাই নালাগে মণিষা ৷ মই অলপ বজাৰ কৰোঁ ৷ তই যা, আকৌ এদিন লগ হ’ম ৷
– তেন্তে আজিলৈ তোক এৰো ৷ তই যোৱাৰ আগতে নিশ্চয় লগ হ’ম ৷
– ঠিক আছে মণিষা তই যেতিয়া সময় পাৱ আমাৰ লগৰ যিসকলৰ ফোন নম্বৰ তোৰ তাত আছে আটাইৰে নম্বৰবোৰ মোলৈ পঠিয়াই দিবি চোন ৷ এইবাৰ হয়তো লগ কৰিবলৈ সময় উলিয়াব নোৱাৰিম ৷ অন্ততঃ ফোন কৰি খবৰ এটা কৰিবতো পাৰিম ৷ বৰ মন যায় অ’ লগ পাবলৈ ৷ মাজে মাজে বৰ মনত পৰে ৷
হ’ব দে ৷ এতিয়া মই যাওঁ ফোনত কথা হ’ম বুলি কৈ মণিষাই ততাতৈয়াকৈ ওলাই গ’ল ৷ 

 মণিষাই পঠোৱা মোবাইল নম্বৰবোৰৰ মাজত পলাশৰ নম্বৰটো পাই পাপৰিয়ে যেন বহু দিনৰ পৰা বিচাৰি থকা কিবা এটাহে বিচাৰি পালে ৷ লগে লগেই পলাশলৈ ফোন এটা কৰো বুলি ভাবি ফোনটো হাতত লৈও পাপৰি থমকি ৰ’ল ৷ মনত জানো আছে তাৰ ? কলেজীয়া দিনতটো বহুত লৰা ছোৱালী লগ পোৱা যায় ৷ সকলোকে জানো মনত থাকে ? তাইওতো বহুতকে পাহৰি গৈছে কেইজনমানৰ নামবোৰ হে মনত আছে ৷ চেহেৰা বিলাকো চাগে ইমান দিনে বহুতৰে সলনি হ’ল ৷ তাই দেখোন সহপাঠী বহুতৰে নামেই নাজানিছিল ৷ সকলোৰে চাগে তেনেকুৱাই হয় ৷

মনত পাৰিবনে বাৰু তাইক পলাশৰ ? তাইতো একো লেখত লবলগীয়া ছোৱালী নাছিল৷ পাপৰিৰ নিজৰেই এতিয়া ভাবিলে হাঁহি উঠে ৷ কলেজত লৰাবোৰে যেতিয়া লগৰ ছোৱালীবোৰৰ লগত হাঁহি মাতি কথা পাতিছিল তাইৰ এনে ভাব হৈছিল হয়তো তাইৰ এনে কোনো গুণেই নাই যাৰ বাবে কোনোবা লৰা তাইৰ প্ৰতি আকৃষ্ট হ’ব ৷ কিন্তু কিয় জানো পলাশৰ প্ৰতি তাইৰ আছিল এক অজান অনুভূতি, সেইবাবে আজিও দেখোন পলাশক পাহৰিব পৰা নাই ৷ এই কথা পাপৰিয়ে নিজেই উপলব্ধি কৰিছিল যদিও কাকো ফুটাই কোৱা নাছিল মানে কব পৰা নাছিল ৷ আজিও তাই ভাবি পোৱা নাই ইমান বছৰ পাছত মোবাইল নম্বৰটো পালে বুলিয়েই তাই বাৰু কিয় অধীৰ হৈ পৰিছে তাৰ লগত কথা পাতিবলৈ ৷ ফোন কৰাতো ভাল হব জানো ? জানোচা মনত নাই বুলি কয়, তেতিয়া তাইৰ বাৰু নিজৰে কেনে লাগিব ? তথাপিও তাইৰ যে বৰ মন গৈছে পলাশৰ বিষয়ে জানিবলৈ ৷ সেইদিনা মণিষাক লগ পাওঁতে সুধিবলৈ মন গৈছিল যদিও সোধা নহ’ল ৷ এতিয়া বা ক’ত থাকে, কি কৰে, ল’ৰা-ছোৱালী কিমান ডাঙৰ হল…৷ কেতিয়াবা বাৰু পলাশৰ তাইৰ কথা জানিবলৈ মন যায়নে ? পলাশৰ জানো তাইক মনত আছে ? বিভিন্ন প্ৰশ্নই পাপৰিৰ মনত তোলপাৰ লগালে ৷
জীৱনৰ বিভিন্ন সময়ত বিভিন্ন জনক আমি লগ পাওঁ ৷ সকলোৰে কথা জানো মনত থাকে ! কিন্তু দুই এজনৰ কথা কিয় পাহৰিব নোৱাৰি কিয় জানো হাহাকাৰ কৰি উঠে মন এবাৰ লগ পাবলৈ, কথা পাতিবলৈ ? পলাশৰ লগততো তাইৰ কোনো ঘনিষ্ট সম্পৰ্কও নাছিল ৷ কলেজত পঢ়ি থকা সময়ত কোনোদিনেটো তাৰ লগত একেলগে বহি চাহ একাপো খোৱা নাছিল বা চিনেমা এখনো চোৱা নাছিল ৷ তেন্তে কিয় আজিও তাই পাহৰিব পৰা নাই পলাশক ? নম্বৰটো পাই কিয় মন গৈছে ইমান বছৰৰ পিছত তাৰ লগত কথা পাতিবলৈ, তাৰ বিষয়ে জানিবলৈ ৷ তাই বুজি পোৱা নাই এয়া পলাশৰ প্ৰতি তাইৰ প্ৰেম, ভালপোৱা নে বন্ধুত্ব ৷
ভাল হ’ব জানো কি বুলি ভাবিব পলাশে ? ভুল নুবুজে তো …..আদি বহুতো কথাই পাপৰিৰ মনৰ মাজত পাকঘূৰণি দি থাকিল ৷

তাই নিজৰ মনতে ভাবিলে বন্ধু বন্ধৱীৰ লগত কথা পাতত জানো কিবা বাধা থাকিব পাৰে ৷ একো ভুল টো কৰা নাই ৷ তাই মনটোক বান্ধি ৰাখিব নোৱাৰিলে হাতত থকা মোবাইলত নম্বৰতো কেতিয়ানো টিপি দিলে ধৰিবই নোৱাৰিলে ৷ তাইৰ বুকুখন দেখোন বৰকৈ ঢপ ঢপ কৰিছে ৷ কি কব তাই পলাশক !
মোবাইল বাজি বাজি এটা সময়ত “ আপুনি কল কৰা ব্যক্তিগৰাকীয়ে কোনো উত্তৰ দিয়া নাই ৷ কিছু সময় পাছত চেষ্টা কৰিব” বুলি কই বন্ধ হৈ গ’ল৷
পাপৰিৰ মনৰ মাজত চলি থকা প্ৰচণ্ড ধুমুহাৰ শাম কাটিল যদিও তাই মনত চলি থকা প্ৰশ্নবোৰ সাঁথৰ হৈয়ে ৰ’ল ৷

মোবাইলৰ স্ক্ৰীণত পাপৰি নাম দেখি পলাশ আচৰিত হৈছিল যদিও অফিচত মিটিং এখনত ব্যস্ত হৈ থকা বাবে ৰিচিভ কৰিব নোৱাৰিলে ৷ মিটিং শেষ কৰি নিজৰ ৰুমলৈ আহি পাপৰিলৈ ফোন কৰো বুলি ভাবোতেই তাৰ চকুৰ আগত ভাঁহি উঠিল কলেজীয়া জীৱনৰ বহু স্মৃতি ৷ প্ৰায় ত্ৰিশ টা বছৰ পাৰ হৈ গ’ল সিহঁতে কলেজ এৰা ৷ আজিও জানো তাইৰ মনত আছে তাক ! ইমান বছৰৰ পিছত তাই জানো ফোন কৰিব ? নে এয়া আন কোনোবা পাপৰি চলিহা ? কৰিবলগীয়া কাম বহুত আছে যদিও একেবাৰে মনটো কামত দিব পৰা নাই অফিচত ৷ বাৰে বাৰে তাৰ মনলৈ আহিল ত্ৰিশ বছৰ আগতে এৰি অহা পাপৰিজনীলৈ ৷ সেইদিনবোৰৰ বহুতো কথাই তাক আমনি কৰিব ধৰিলে ৷ তাই বাৰু এতিয়া দেখিবলৈ কেনে হৈছে ৷ দেখিলে বাৰু চিনি পামনে ? আগৰ দৰে মৰম লগা জনী হৈয়েই আছেনে বাৰু তাই ? কলেজৰ প্ৰায় সকলো ল’ৰাৰ তাইক লৈ কিমান যে জল্পনা-কল্পনা আছিল ৷ বৰ মন গৈছে তাইক চাবলৈ ৷ সৌ সিদিনাৰ কথা যেন লাগে পাপৰি কাৰ হ’ব বুলি এদিন সি আৰু সৌৰভে বেট লগাই এটকা এটা টছ্‌ কৰিছিল ৷ আজিও তাৰ ভালকৈ মনত আছে টছ্‌ত সিয়েই জিকিছিল তথাপিও জানো তাৰ মনৰ কথা পাপৰিক সি ক’ব পাৰিলে ? মনৰ কথা মনতেই থাকি গ’ল ৷ পলাশৰ হাঁহি উঠি গ’ল টছ্‌ত হৰাৰ পিছত সৌৰভক চাবলগীয়া হৈছিল ৷ হোষ্টেলৰ আন ল’ৰাবোৰে তাক জোকাই শেষ কৰিছিল ৷ কি যে ভাল লগা আছিল সেইদিনবোৰ আৰু জানো কেতিয়াবা ঘূৰি আহিব সেইদিনবোৰ ৷ ফোন নম্বৰটো মবাইলত চেভ্‌ কৰি সি ভবা পাপৰি নে আন কোনোবা বুলি প্ৰফাইল ফটোখন চালে ৷ হয় এয়া সি ত্ৰিশ বছৰ আগৰে পৰা তাৰ মনত সাঁচি ৰখা পাপৰিজনীয়ে হয় ৷ বয়সৰ আঁছোৰে তাইৰ সৌন্দৰ্য যেন আজিও ম্লান কৰিব পৰা নাই ৷ পলাশে সপোনটো ভবা নাছিল কলেজৰ এৰাৰ পিছত জীৱনৰ সোঁতত হেৰাই যোৱা পাপৰি জনীক যে কৰবাত বিচাৰি পাব ৷ কিয় জানো তাইৰ প্ৰতি তাৰ এটা বেলেগ আকৰ্ষণ আছিল সি আজিও বুজি নাপালে ৷ তাইক কোনো দিনে তাৰ মনৰ কথা খুলি কবলৈ নোৱাৰিলে ৷ মানে সাহস গোটাব নোৱাৰিলে ৷ দুদিন মান বহুত চেষ্টা কৰি লগ কৰিছিল যদিও তাইৰ গম্ভীৰ কথা বতৰাত সি তাইক একো কব নোৱাৰিলে ৷ আজিও তাৰ মনত তাইৰ বেলেগ এটা স্থান আছে ৷ কিয় জানো তাইক মনৰ পৰা আঁতৰাই পেলাব পৰা নাই ইমান বছৰে ৷ তাই বাৰু বুজি পাইছিল নেকি তাৰ মনৰ কথা ? নহলে তাই ইমান বছৰৰ পিছত তালৈ ফোন কৰিবনে ?
হঠাৎ তাৰ মনতো তাইৰ ওপৰত যেন খং অভিমানৰে ভৰি পৰিল ৷ যদি তাই তাৰ মনৰ কথা বুজি পাইছিল তেন্তে কিয় আন বন্ধু-বান্ধৱী নিচিনা তায়ো আঁতৰি গৈছিল তাৰ জীৱনৰ পৰা ? কিয় এবাৰো নিবিচাৰিলে ?

উত্তৰ বিচাৰি নোপোৱা বহুত প্ৰশ্নই যেন হেঁচা মাৰি ধৰিছে তাক ৷ কোনে দিব এইবোৰৰ উত্তৰ ৷ সি বিচৰাৰ নিচিনাকৈ পাপৰিও বাৰু তাক বিচাৰিছিল নেকি ? তাৰ বৰ মন গৈছে আজি জানিবলৈ ? ফোন এটা কৰি সুধিব নেকি ? এতিয়া এইবোৰ কথাৰ কিবা মূল্য আছেনে ? তাৰ বাবে থাকিলেও তাই বাবে ? বৰ মন গৈছে তাৰ আজি এবাৰ তাইক লগ পাবলৈ অলপ সময় তাইৰ কাষত বহি কথা পাতিবলৈ ৷ কিছু সময় আন্তৰিকতাৰে কটাবলৈ ৷ কিন্তু এয়া জানো সম্ভৱ ?
–ছাৰ আজি ঘৰলৈ নাযায় নেকি?
চফিকুলৰ মাতত যেন সাৰ পাই উঠিল পলাশ ৷
– সকলো গৈ শেষ হল ৷ মই আপোনাৰ বাবে ৰৈ আছো ছাৰ ৷
–অ হয় নেকি?
আজি পলাশে একো কামেই কৰিব নোৱাৰিলে ৷ কেইটামান দৰকাৰী ফাইল চাব লগা আছিল ৷ ফাইল কেইটা ঘৰলৈ লৈ যোৱাই ভাল হব, কালি ৰাতিপুৱাই ৰিৰ্পট দিব লাগিব ৷ ফাইল কেইটা সামৰি চফিকুল গাড়ীত দিবলৈ কৈ পলাশ ওলাই আহিল অফিচৰ পৰা বহুতো উত্তৰ নোপোৱা প্ৰশ্নৰ উত্তৰ বিচাৰি ৷
ঘৰলৈ আহি পলাশে চাহ কাপ খাই অফিচৰ ফাইল লৈ বহিল যদিও কামত মন বহাব নোৱাৰিলে ৷ আজি ৰাতিপুৱাই মেঘালীয়ে সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী ৰিমজিমক লৈ দুদিনৰ বাবে মাকৰ ঘৰলৈ গ’ল ৷ তেওঁলোক থকা হ’লেও ছাগে পুৰণি স্মৃতিবোৰে তাক ইমানকৈ আমনি কৰিব নোৱাৰিলেহেঁতেন ৷ চিগাৰেট এটা জ্বলাই বাহিৰৰ বাৰাণ্ডাত বহি ভাবিলৈ ধৰিলে কি কৰা ভাল হ’ব ৷ হঠাতে সৰুতে আইতাকে কোৱা কথাষাৰ তাৰ মনলৈ আহিল ৷ এদিন ঠেহ পাতি মনে মনে বহি থাকোতে আইতাকে পলাশক কৈছিল–“ এনেদৰে থাকিব নাপাই নহয় তোমাৰ মনলৈ অহা কথা প্ৰকাশ কৰিব লাগে ৷ নিজৰ মনৰ ভিতৰত ৰাখি থলে মৃত্যুৰ পাছতো আত্মাই শান্তি নাপায় ৷” কথাষাৰ মনত পৰাৰ লগে লগে পলাশে স্থিৰ কৰিলে পাপৰিৰ প্ৰতি থকা মনত সাঁচি ৰখা কথা পাপৰিক ক’ব নহ’লে যে তাৰ আত্মাই শান্তি নাপাব ৷ আজি সি পাপিৰক সকলো কথা খুলি কব পাপৰিক পাবলৈ নহয় তাৰ নিজৰ মনৰ শান্তিৰ বাবে ৷ সি ভিতৰলৈ গৈ মবাইলটো হাতত লৈ আকৌ আগৰ ঠাইতে বহিল ৷

জোনা মহন্ত

Short Stories

Post navigation

Previous post
Next post

Comments (6)

  1. সঞ্জীৱ ডেকা says:
    June 15, 2024 at 12:54 pm

    “এৰি অহা দিনৰ স্মৃতি” চুটি গল্পটি পঢ়ি বৰ ভাল লাগিল। অতি সুন্দৰ । প্ৰায়বোৰেই কলেজীয়া জীৱনৰ এই স্মৃতি বোৰ কম বেছি পৰিমানে আদহীয়া জীৱনৰ সঙ্গী হয় ৰোমন্থনৰ ! মনটো উৰুঙা হয় !
    আমাৰ প্ৰয়াত CM গগৈ চাৰে কোৱাৰ দৰে – ” মিছা ক’লেনো কি হ’ব”।

    Reply
    1. Jona Mahanta says:
      June 15, 2024 at 4:28 pm

      গল্প নতুনকৈ লিখিব লৈছোঁ । পঢ়ি ভাল পোৱা বাবে ভাল লাগিল ।

      Reply
  2. সঞ্জীৱ ডেকা says:
    June 16, 2024 at 2:53 am

    তোমাৰ লিখনি আৰু শব্দ শৃংখল অনুধাৱন কৰিবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিছে । মই সাহিত্যৰ বিষয়ে বিশেষ একো নাজানো দেই।

    Reply
    1. Jona Mahanta says:
      June 16, 2024 at 6:16 am

      তুমি পঢ়ি সুন্দৰ সুন্দৰ মন্তব্যৰে অনুপ্ৰাণিত কৰিছা, সেয়াই লিখকৰ আনন্দ ।

      Reply
  3. সজীৱ ডেকা says:
    June 16, 2024 at 7:37 am

    তোমাৰ সৃষ্টি ৰাজী কাব্য সাহিত্যত চতিয়াই দিয়া পাঠকৰ বাবে………।

    Reply
    1. Jona Mahanta says:
      June 16, 2024 at 10:42 am

      social media ৰ মাধ্যমেৰ মাজে মাজে পাঠকৰ মাজলৈ দিওঁ

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে
  • উপলব্ধি
  • অৱলম্বন

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2025 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes