( ইউৰোপ ভ্ৰমণৰ চতুৰ্দশ খণ্ড)
ফ্লোৰেন্সৰ পৰা আমি সেইদিনাই ইটালীৰ পিচালৈ ৰাওনা হ’লোঁ ৷ পিচা চহৰখন লিগুৰিয়ান ( Ligurian) সাগৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ আঁতৰত আৰু ফ্ল’ৰেন্সৰ পৰা ৮০ কিলোমিটাৰ পশ্চিমে আৰ্নো নদীৰ আৰ্দ্ৰ সমভূমিত অৱস্থিত ৷ পিচা বুলি ক’লেই মনলৈ আহে ‘পিচাৰ হেলনীয়া স্তম্ভ’ যিটো বিশ্বৰ অন্যতম পৰিচিত স্তম্ভ ৷ এই হেলনীয়া স্তম্ভটোৰ বাবেই যে পিচা চহৰখন বিশ্বৰ ভিতৰতে ইটালীৰ অন্যতম বিখ্যাত চহৰ হিচাপে পৰিগণিত হৈছে এই কথা সকলোৰে জ্ঞাত ৷ সাধাৰণতে যদিও পৰ্যটকসকলে চহৰখনলৈ এই হেলনীয়া স্তম্ভটো চাবলৈ আহে, আচলতে এই স্তম্ভটোৱেই পিচাৰ একমাত্ৰ হেলনীয়া স্তম্ভ নহয় ৷ সমগ্ৰ অঞ্চলটোত মাটিৰ কোমলতাৰ বাবে কেবাটাও হেলনীয়া স্তম্ভ আছে ৷ আন এটা উল্লেখনীয় হেলনীয়া স্তম্ভ হ’ল চেণ্ট নিকোলা গীৰ্জাৰ অষ্টভূজাকৃতি বেল টাৱাৰ বা ঘণ্টা স্তম্ভ ৷ পিচা, গ্ৰীক শব্দৰ পৰা লাভ কৰা এই নামটোৰ অৰ্থই হৈছে জলাশয়যুক্ত ভূমি ”৷ এই স্তম্ভটো হেলনীয়া হোৱাৰ মূলতেই হ’ল পিচাৰ জলাশয় ভূমি ৷
এসময়ৰ সৰু সাগৰীয় বন্দৰ ইটালীৰ টাস্কানীৰ পিচা দ্বাদশ শতিকাৰ পৰা আঞ্চলিক শক্তিশালী স্থানত পৰিণত হোৱাৰ লগে লগে চহৰখনৰ সামৰিক, বাণিজ্যিক আৰু ৰাজনৈতিক গুৰুত্ব বাঢ়ি আহে ৷ ইটালীৰ আন সমৃদ্ধিশালী মধ্যযুগীয় চহৰৰ দৰেই পিচাৰ শাসকসকলে নতুন সম্পদ নিৰ্মাণৰ পৰিকল্পনা কৰে ৷ অৱশেষত ‘পিয়াজ্জা ডেই মিৰাকলি’ (Piazza dei Mirocoli) নামেৰে চৌহদ এটা সজাৰ সিদ্ধান্ত লয় ৷ ‘পিয়াজ্জা ডেই মিৰাকলি’ আনুষ্ঠানিক ভাৱে পিয়াজ্জা ডেই ডুওমো (Piazza dei Duomo) আৰু ইংৰাজীত স্কোৱাৰ অব মিৰাকল (Square of Miracle) নামেৰে জনাজাত ৷ দেৱালেৰে আৱৰা প্ৰায় ৮.৮৭ হেক্টৰ মাটিৰ এই অঞ্চল ইউৰোপৰ মধ্যযুগীয় শিল্পৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল আৰু অন্যতম উন্নত জটিল স্থাপত্যৰ কেন্দ্ৰ ৷ এই চৌহদত চাৰিটা ধৰ্মীয় ভৱন আছে–কেথেড্ৰল, বেপ্টিষ্ট্ৰী, কবৰস্থান আৰু ওখ বেল টাৱাৰ বা ঘণ্টা স্তম্ভ ৷
প্ৰকৃততে পিচাৰ হেলনীয়া স্তম্ভ বা পিচা স্তম্ভটো এই স্থানত নিৰ্মাণ কৰা ‘চাণ্টা মাৰিয়া আছুণ্টা কেথেড্ৰল’ৰ (Duomo of Santa Maria Assunta) ঘণ্টা স্তম্ভহে ৷ শুদ্ধ বগা মাৰ্বলেৰে ৰোমান গথিক স্থাপত্য শৈলীৰে নিৰ্মিত এই কেথেড্ৰলটো বিশাল এডৰা সেউজীয়া ঘাহঁনিৰ মাজত দেখিবলৈ অতি সুন্দৰ ৷ ইয়াৰ স্থাপত্য শৈলীও যথেষ্ট চকুত লগা ৷ আমি সেই ঠাই গৈ পোৱা সময়ত স্কোৱাৰ অব মিৰাকলৰ ভিতৰত নিৰ্মাণ কৰা আটাইকেইটা নিদৰ্শন দুপৰীয়াৰ ৰ’দত জিলিকি উঠিছিল ৷ ইতিমধ্যে বহু পৰ্যটকে চাৰিওফালে ফটো উঠাত ব্যস্ত হোৱাও দেখিবলৈ পাইছিলোঁ ৷
মিৰাকল স্কোৱাৰত নিৰ্মাণ কৰা তিনিটা নিদৰ্শনৰ ভিতৰত হেলনীয়া স্তম্ভটো তৃতীয় বা শেষৰটো নিদৰ্শন ৷ পিচা স্তম্ভটো সাজি সম্পূৰ্ণ কৰিবলৈ প্ৰায় দুই শতিকা সময় লাগিছিল ৷ সঠিককৈ ক’বলৈ হ’লে ইয়াক নিৰ্মাণ কৰিবলৈ মুঠ ১৯৯ বছৰ সময় লাগিছিল ৷ ১১৭৩ চনত নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৩৭২ চনতহে সমাপ্ত হৈছিল ৷ আচলতে পিচা জনগণই প্ৰায়ে গুৰুত্বপূৰ্ণ যুদ্ধত যোগদান কৰিবলগীয়া হৈছিল, যাৰ ফলত নিৰ্মাতাসকলে কেইবাবাৰো নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছিল ৷ যুদ্ধ আৰু অৰ্থনৈতিক বিবাদৰ বাবেই হয়তো এই স্তম্ভটো ৰক্ষা পৰিছিল ৷ যুদ্ধ কোনো কাৰণতে এখন দেশৰ বাবে সৌভাগ্য হ’ব নোৱাৰে কিন্তু পিচাৰ হেলনীয়া স্তম্ভৰ বাবে ই ৰক্ষাকৱচ হিচাপে কাম কৰিছিল ৷ কিছুমান গাঁথনিগত গৱেষকৰ মতে প্ৰায় দুশ বছৰ ধৰি নিৰ্মাণৰ কাম অব্যাহত থকা বা দীঘলীয়া বিৰতিৰ বাবে লাহে লাহে হেলনীয়া হ’বলৈ ধৰা স্তম্ভটোৰ তলৰ মাটি থিতাপি ল’বলৈ সময় পাইছিল ৷ সেয়ে ই বাগৰি পৰাৰ পৰা ৰক্ষা পৰিছিল ৷
পৰ্যটকে পিচাৰ হেলনীয়া স্তম্ভ চাবলৈকেহে আহি এই স্থানত উপস্থিত হয় যদিও ‘স্কোৱাৰ অব মিৰাকল’ৰ প্ৰতিটো নিদৰ্শনৰ সৌন্দৰ্যই প্ৰতিজন পৰিব্ৰাজককে আপ্লুত কৰে ৷ ইয়াৰ স্থাপত্যই পিচাৰ গৌৰৱময় অতীতক সোঁৱৰায় ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালী দখল কৰি থকা জাৰ্মানসকলে এই স্তম্ভটো নিৰীক্ষণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিছিল ৷ আনহাতে শত্ৰুৰ নিৰীক্ষণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা ইটালীৰ সকলো অট্টালিকা ভাঙি পেলাবলৈ আমেৰিকাৰ সৈন্যসকললৈ নিৰ্দেশ আহিছিল ৷ কোৱা হয় যে যেতিয়া মিত্ৰশক্তিৰ সৈন্য আহিছিল তেতিয়া তেওঁলোকে স্কোৱাৰ অব মিৰাকলৰ সৌন্দৰ্যত ইমানেই আপ্লুত হৈছিল তেওঁলোকে এই চৌহদটো ধবংস কৰাৰ পৰা বিৰত থাকিল ৷
আঠমহলীয়া পিচা স্তম্ভটো যিহেতু কেথেড্ৰলৰ ঘণ্টা টাৱাৰ হিচাপে প্ৰতিনিধিত্ব কৰে ইয়াত ঘণ্টা থকাতো স্বাভাৱিক ৷ অষ্টম মহলাত প্ৰায় আঠ হাজাৰ পাউণ্ড ওজনৰ সাতটা ঘণ্টা আছিল ৷ এই ঘণ্টা কেইটাৰ প্ৰতিটোৰে একোটা নিৰ্দিষ্ট নাম আছিল ৷ প্ৰথম অৱস্থাত ঘণ্টা কেইটা ৰচীৰে টানি বজাইছিল ৷ অৱশ্যে এক শতিকা ধৰি ইয়াক বজোৱা নাই, ইয়াৰ কাৰণো নোহোৱা নহয় ৷ অভিযন্তা আৰু পুনৰ উদ্ধাৰকাৰীসকলৰ মতে ইয়াৰ ওজন আৰু ঘণ্টাৰ গতিবিধিয়ে স্তম্ভটো আৰু অধিক হেলনীয়া কৰিব পাৰে ৷ সেয়ে এশ বছৰৰো অধিক কাল ধৰি এই ঘণ্টা বজা নাই ৷আনকি কোৱা হয় ইয়াৰ ওজনে স্তম্ভটো প্ৰভাৱিত কৰিব পাৰে বুলি আশাঙ্কা কৰি পৰা ঘণ্টা কেইটা সেই স্থানৰ আঁতৰাই ৰখা হৈছে ৷
স্তম্ভৰ ওপৰলৈ বগাই উঠিবলৈ সৰ্পিল আকৃতিৰ চিৰি আছে ৷ চিৰি সংখ্যা ২৬০-৩০০ৰ ভিতৰত বুলি জানিব পাৰি ওপৰলৈ যোৱা আমাৰ পক্ষে সম্ভৱ নহ’ব বুলি ভাবি আমি স্তম্ভৰ শিখৰলৈ নগ’লো ৷ ইয়াত কোনো লিফ্টৰ ব্যৱস্থা নাই ৷ পিচাৰ এইটোয়েই আটাইতকৈ ওখ অট্টালিকা ৷
এই স্তম্ভৰ ব্যতিক্ৰমী ৰোমান স্থাপত্য আৰু অলৌকিকভাৱে হেলনীয়া হৈ থকাৰ বাবে বিশ্বৰ সাতটা আশ্চৰ্যৰ ভিতৰত অন্যতম হিচাপে ঘোষণা কৰা হৈছিল ৷ স্তম্ভটোক উলম্ব দিশলৈ আনিবলৈ অসংখ্য প্ৰচেষ্টা চলোৱা হৈছে ৷ এই প্ৰচেষ্টাবোৰৰ বেছিভাগেই বিফল হৈছিল আৰু কিছুমান চেষ্টাৰ ফলত হেলনীয়াৰ পৰিমাণ বাঢ়িহে গৈছিল ৷ শেহতীয়া ভাৱে চলোৱা প্ৰচেষ্টাৰ বাবে বৰ্তমান স্তম্ভটো কিছু পোন হৈ পৰে আৰু বিশেষজ্ঞৰ মতে কেইটামান দশকলৈ ই সুস্থিৰ হৈ থাকিব ৷
আমি পিচা স্তম্ভ, তলৰ পৰাই চাই সুন্দৰ ঘাঁহনি ডৰাতে কিছু সময় বহি স্কোৱাৰ অব মিৰাকলৰ মন মোহিত কৰা সৌন্দৰ্য উপভোগ কৰিলোঁ ৷ প্ৰৱেশদ্বাৰত স্মৃতিচিহ্ন হিচাপে কিনিব পৰা বিভিন্ন চকুত লগা সামগ্ৰীৰ দোকানেৰে ভৰা ৷ স্কোৱাৰৰ পৰা ওলাই আহি ভাবিলোঁ দুপদ মান কিবা কিনি লওঁ দুই এজনক উপহাৰ বুলি দিবলৈ ৷ দোকানসমূহত সোমাই আচৰিত হ’লোঁ, প্ৰায়বোৰ দোকানীয়ে দেখোন বঙালী ক’ব পাৰে ৷ কথা পাতি জানিব পাৰিলোঁ তেওঁলোক হেনো বাংলাদেশৰ, বহু বছৰ ধৰি তাত এনেদৰে ব্যৱসায় কৰি আছে ৷ বহুতৰ হেনো পাছপোৰ্টৰ সময়সীমা কেতিয়াবাই উকলিল ৷ আচৰিত লাগিল কথাটো শুনি ৷ দুপদ মান সৰু সৰু বস্তু কিনি উভতিলোঁ ৷
সেইদিনা পিচাৰ হোটেলত ৰাতিটো কটাই ৰোম অভিমুখে যাত্ৰা কৰিলোঁ ৷ এই কেইদিন একেলগে ঘূৰা-ফুৰা কৰি আমাৰ গ্ৰুপৰ সদস্যসকলৰ মাজত যথেষ্ট আত্মীয়তা গঢ়ি উঠিছে ৷ সেয়ে ‘হোটেল পিচা’ত ব্ৰেকফাষ্ট কৰাৰ সময়তে সদস্যসকলৰ এটা ওৱাটছ্ আপ গ্ৰুপ খোলা হ’ল যাতে ভৱিষ্যতে আমি ইজনে সিজনৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ ৷ আজিও মাজে মাজে ইয়াৰ জৰিয়তে আমাৰ মাজত কথা বতৰা হয় ৷
(আগলৈ)

পিচাৰ হেলনীয়া স্তম্ভ আৰু স্কোৱাৰ অৱ মিৰাকেলৰ বিষয়ে আগতেও সংক্ষিপ্ত ভাৱে জানিছিলোঁ। কিন্তু তুমি অলপ কথাখিনিৰ মাধ্যমেৰে বিশদ ভাৱে বৰ ধূনীয়াকৈ আমাক বুজাই দিলা। বৰ ভাল লাগিল।
অপূৰ্ব !