(ইউৰোপ ভ্ৰমণৰ দ্বাদশ খণ্ড)
তিনি জুলাইত ৰাতিপুৱাই চুইজাৰলেণ্ডৰ পৰা আমি ইটালীৰ ভেনিচলৈ বুলি ৰাওনা হ’লোঁ ৷ ইটালী পৰ্যটন দেশৰ অন্যতম অৰ্থনৈতিক খণ্ড ৷ বিশ্বৰ সৰ্বাধিক আন্তৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণৰ ক্ষেত্ৰত ইটালীৰ স্থান পঞ্চমত ৷ ইয়াৰ প্ৰাচীন স্থাপত্য, স্থানীয় সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে অতীজৰে পৰা ইটালী পৰ্যটকৰ আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছিল ৷ বৰ্তমান ইটালীত পৰ্যটকৰ আগ্ৰহৰ কাৰকসমূহ সংস্কৃতি, খাদ্য, ইতিহাস, ফেশ্বন, স্থাপত্য, শিল্প, ধৰ্মীয় স্থান, প্ৰাকৃতিক সৌন্দৰ্য, নৈশ জীৱন আদি ৷ ৰোমান সাম্ৰাজ্য, মধ্যযুগ, ৰেঁনেছাঁ আৰু ইটালীৰ ইতিহাসৰ পৰৱৰ্তী শতিকাবোৰে পৰ্যটকক আকৰ্ষণ কৰা বহুতো সাংস্কৃতিক সামগ্ৰী এৰি থৈ যায় ৷ ইটালীৰ সাংস্কৃতিক ঐতিহ্য বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৷ ইটালীক পশ্চিমীয়া সভ্যতাৰ অন্যতম জন্মস্থান আৰু সাংস্কৃতি মহাশক্তি হিচাপে গণ্য কৰা হয় ৷ ইটালীৰ শিল্পই শতিকাজুৰি কেইবাটাও ডাঙৰ আন্দোলনক প্ৰভাৱিত কৰিছে ৷ ইয়াৰ ফলতেই কেইবাজনো মহান চিত্ৰশিল্পী, স্থপতিবিদ আৰু ভাস্কৰ্যশিল্পীকে ধৰি কেইবাজনো মহান শিল্পীৰ সৃষ্টি হৈছে ৷
বাছেৰে ভেনিচলৈ গৈ থকা সময়ত বাৰে বাৰে অমিতাভ বচ্ছন আৰু জিনত আমন অভিনীত ‘The Great Gambler’ নামৰ চিনেমা খনত ভেনিচৰ কেনেলত গণ্ডোলাত গোৱা ‘দো লবজো কী হে দিল কী কাহানী’ গানৰ দৃশ্যাংশ চকুৰ আগত ভাঁহি উঠিছিল ৷ যি দৃশ্য দেখি এসময়ত মনতে ভাব হৈছিল কেতিয়াবা এই ঠাইবোৰ নিজ চকুৰে চোৱাৰ ভাগ্য হ’ব নে ! আজি যে সেয়া বাস্তৱত পৰিণত হ’ব গৈ আছে, সেই কথা ভাবিয়েই কিমান যে ভাল লাগিছিল সেয়া শব্দৰে প্ৰকাশ কৰা নাযায় ৷
‘ব্ৰিজ অব লিবাৰ্টি (Bridge of Liberty) পাৰ হৈ এড্ৰিয়াটিক সাগৰত ফেৰীৰে কিছু সময় আগবঢ়াৰ পাছতেই ৰিণিকি ৰিণিকি চকুত পৰিল ভেনিচ চহৰৰ ইতিহাস প্ৰসিদ্ধ অট্টালিকাসমূহ ৷ সকলোৰে চকু মাথোঁ দূৰৰ পৰা পানীৰ মাজৰ অট্টালিকাত ৷ চাওঁতে চাওঁতেই আহি পালোঁ ভেনিচৰ প্ৰাণকেন্দ্ৰ চেণ্ট মাৰ্ক স্কোৱাৰ ৷ প্ৰতি দিনে হাজাৰ হাজাৰ ভ্ৰমণকাৰীৰ সমাগম হয় এই স্থানত ৷ আমি ৰাতিপুৱা খুব সোনকালে গৈ পোৱা বাবে সেই স্থানত তেতিয়া যথেষ্ট মানুহৰ সমাগম হোৱা নাছিল ৷ ইউনিফৰ্ম পিন্ধা স্কুলীয়া ল’ৰা-ছোৱালী শাৰী পাতি ৰৈ থকাহে দেখিলোঁ ৷ জাকে জাকে পাৰ চৰাই যেনি-তেনি উৰি ফুৰিছে, যেন সিহঁতে ভ্ৰমণকাৰীক আদৰিবলৈকে ৰৈ আছে ৷ ফেৰীৰ পৰা নমাৰ পাছতেই আমাৰ মেনেজাৰ বিপুলে আমাক মাত্ৰ দুঘণ্টা সময় নিৰ্ধাৰিত কৰি দিলে ৷ দুঘণ্টাৰ পাছত নিৰ্দিষ্ট এটা ঠাইত আহিবলৈ কৈ আমাক নিজৰ ইচ্ছা অনুসৰি ভেনিচত ঘূৰা-ফুৰা কৰিবলৈ ক’লে ৷ ভেনিচৰ দৰে চহৰ এখন দুঘণ্টাত চাই শেষ কৰিব লাগিব, কি চাম ক’ত আৰম্ভ কৰিম ! গ্ৰুপৰ সদস্যসকলে নিজ নিজ ভাগেই আগবাঢ়িল ৷ বেছিভাগেই গণ্ডোলাৰে ভেনিচৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গ’ল যদিও আমি দুজনে খোজকাঢ়িয়ে ভেনিচ চহৰ চোৱাৰ সিদ্ধান্ত ল’লোঁ ৷ কেনেলৰ পানীৰ ৰঙ দেখি গণ্ডোলাত উঠাৰ হেঁপাহ দেখোন নাইকিয়া হ’ল ৷
‘কেনেল চহৰ’ (City of Canals), ‘ওপঙা চহৰ’ (Floating City) আৰু ‘চেৰেনিছিমা’ (Serenissima) নামেৰেও পৰিচিত ভেনিচ নিঃসন্দেহে ইটালীৰ অন্যতম চিত্ৰময় চহৰ ৷ উত্তৰ ইটালীৰ ভেনেটো (Veneto) অঞ্চলৰ ৰাজধানী ভেনিচ, এড্ৰিয়াটিক সাগৰৰ উত্তৰ সীমান্তত অগভীৰ লেগুনত অৱস্থিত ৷ এই লেগুনৰ আয়তন ৫৫০বৰ্গ কিলোমিটাৰ আৰু গড় গভীৰতা মাত্ৰ এক-দুই মিটাৰ মান ৷ ১১৮ টা সৰু সৰু দ্বীপেৰে গঠিত ভেনিচ এখন অনন্য চহৰ হোৱাৰ উপৰিও ভ্ৰমণৰ বাবে জনপ্ৰিয় গন্তব্যস্থান ৷ এই সৰু সৰু দ্বীপসমূহক ঠেক কেনেলসমূহে ইটো আনটোৰ পৰা পৃথক কৰি ৰাখিছে ৷ এই কেনেলবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ কেনেলটোৰ নাম হ’ল গ্ৰেণ্ড কেনেল যিটো দেখিবলৈ ইংৰাজীৰ ‘S’ আখৰটোৰ দৰে ৷ প্ৰায় চাৰিশৰো অধিক দলঙৰ দ্বাৰা এইসমূহ সংলগ্ন হৈ আছে, যানবাহনৰ বাবে কোনো পথৰ ব্যৱস্থা নাই ৷ অৰ্থাৎ ভেনিচৰ দৰে জনপ্ৰিয় পৰ্যটন স্থানত গাড়ী চলাচলৰ ব্যৱস্থা নাই ৷ ভেনিচ গোটেই চহৰখনেই অসাধাৰণ স্থাপত্যৰ নিদৰ্শন ৷ প্ৰতিটো সৰু-বৰ অট্টালিকাতে বিশ্বৰ বহুতো মহান শিল্পী যেনে জৰজৰ্নি (Giorgione), টিটিয়ান (Titian), ভেৰোনিজি (Veronese) আদিৰ দৰে শিল্পীৰ অনন্য কলাত্মক শিল্প চোৱাৰ সৌভাগ্য হয় ৷ সৰু সৰু দ্বীপত নিৰ্মিত এই চহৰখন লেগুনৰ পানীত ওপঙি থকা যেন লাগে, যিয়ে এক অবিস্মৰণীয় প্ৰাকৃতিক দৃশ্যৰ ৰচনা কৰিছে ৷ পঞ্চম শতিকাতে প্ৰতিষ্ঠা হোৱা ভেনিচ লাহে লাহে দশম শতিকাত এখন প্ৰধান সামুদ্ৰিক বন্দৰলৈ পৰিণত হৈছিল ৷ সময়ৰ লগে লগে বহু পৰিবৰ্তন হলেও প্ৰায় আঠ দশক জুৰি পূৰ্বৰ ভেনিচে আজিও নিজৰ স্থাপত্য আৰু শিল্পকৰ্মৰ ঐতিহ্য বজাই ৰাখিছে ৷ ইয়াৰ সৌন্দৰ্যই প্ৰতিজন পৰিব্ৰাজককে আকৰ্ষণ কৰাৰ উপৰিও বহু সাহিত্যিক, চিত্ৰশিল্পীক সৃষ্টিৰ প্ৰেৰণা যোগাই আহিছে ৷
ভেনিচলৈ গৈ মনতে প্ৰশ্ন হৈছিল, ইয়াত স্কুল, কলেজ, চিকিৎসা, নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কেনেকুৱা হ’ব পাৰে প্ৰকৃততে এখন মধ্যমীয়া চহৰত থকা সকলো ব্যৱস্থাই ইয়াত উপলব্ধ ৷ কিন্তু আমোদজনক কথাটো হ’ল আন চহৰত যিবোৰ সেৱা গাড়ীৰে আগবঢ়োৱা হয় সেইবোৰ ভেনিচত নাৱেৰে কৰা হয় ৷ টেক্সি, বাছ, পুলিচ, অগ্নিনিৰ্বাপক, এম্বুলেন্স আদিৰ দৰে সেৱাসমূহতো নাওৰ ব্যৱহাৰ কৰা হয় ৷ খোজকঢ়াটো ভেনিচৰ জীৱন শৈলীৰ এৰাই চলিব নোৱাৰা কাৰ্য ৷ সৰুৰে পৰাই ভেনিচবাসী যিকোনো বতৰ বা পৰিস্থিতিত খোজকঢ়াত অভ্যস্ত ৷ অৱশ্যে পানী পাৰ হ’বলগীয়া হোৱাৰ সময়ত অৰ্থাৎ প্ৰয়োজনত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ মূলতঃ মটৰব’টৰ সহায় লয় ৷ এনে নহয় যে প্ৰতিটো পৰিয়ালৰে ব্যক্তিগত নাও আছে ৷ বানপানী ইয়াৰ এক প্ৰাকৃতিক পৰিঘটনা যাৰ সৈতে ভেনিচবাসী জীয়াই থাকিবলগীয়া হয় ৷ যেতিয়া সাগৰত একুৱা আলটা (Acqua Alta) বেছি হয় তেতিয়া ইয়াৰ প্ৰভাৱ ভেনিচবাসীৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত পৰে ৷ দোকানসমূহ বন্ধ কৰিবলৈ বাধ্য হয় আৰু আচবাব, সঁজুলি আৰু সামগ্ৰীৰ ক্ষতি কৰে ৷ একুৱা আলটা হৈছে জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনাৰ ফলত সাগৰত উৎপত্তি হোৱা জোৱাৰ, বায়ুমণ্ডলীয় চাপ, বতাহৰ তীব্ৰতা আৰু দিশ আদিৰ পৰিবৰ্তনৰ ফলত সাগৰৰ পানী লাহে লাহে ওপৰলৈ উঠি গৈ কেইঘণ্টামানৰ বাবে ভেনিচৰ কিছু অংশ পানীৰে ডুবাই পেলায় আৰু লাহে লাহে কমি নোহোৱা হৈ যায় ৷ অৰ্থাৎ বৰষুণ নোহোৱাকৈও বা ৰ’দ দি থকা সময়তো ভেনিচত বানপানীৰ সৃষ্টি হ’ব পাৰে ৷ এনেদৰে বানপানী হ’লে পৰিব্ৰাজকৰ যাতায়তৰ বাবে বেঞ্চ পাৰি দিয়া হয় ৷ কথাটো শুনি মোৰ কৰ্মস্থলী ভাস্কৰ বিদ্যাপীঠ স্কুলৰ কথা মনলৈ আহিল ৷ বাৰিষা স্কুল চলি থকা সময়ত বৰষুণৰ বাবে জু-ৰোডত যেতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হয় তেতিয়া আমাৰ স্কুল চৌহদত ল’ৰা-ছোৱালীৰ সৈতে আমিও পানীৰ মাজত আৱদ্ধ হৈ পৰোঁ আৰু এনেদৰে বেঞ্চৰ সহায় ল’বলগীয়া হয় ৷ কিমান দিন যে এনে দুৰ্যোগৰ সন্মুখীন হৈছোঁ তাৰ লেখ নাই ৷
ভেনিচৰ কেনেলসমূহত আমি সচৰাচৰ ফটো, চিনেমা আদিত দেখা আটাইবোৰ নাও প্ৰকৃততে গণ্ডোলা নহয় ৷ যুগ যুগ ধৰি ভেনিচবাসীয়ে বহুতো ভিন্ন ধৰণৰ নাও তৈয়াৰ কৰি আহিছে, তাৰ কিছুমান আজিও ব্যৱহাৰ কৰি আছে যিসমূহ এসময়ত যাতায়তৰ একমাত্ৰ আহিলা আছিল ৷ বৰ্তমান অৱশ্যে গণ্ডোলা ভ্ৰমণকাৰীৰ প্ৰমোদ বিহাৰৰ বাবেহে ব্যৱহাৰ কৰা হয় ৷ গণ্ডোলা ভেনিচৰ আটাইতকৈ জনপ্ৰিয় আৰু আকৰ্ষণীয় নৌকা ৷ ইয়াৰ নিৰ্মাণৰ বৈশিষ্ট্যও সুকীয়া আৰু ইতিহাসো অতি আকৰ্ষণীয় ৷
জোৱাৰভাটা, অত্যধিক পৰ্যটক আৰু অট্টালিকাসমূহৰ নিচেই কাষেৰে জাহাজ অহা-যোৱা কৰি থকা বাবে ভেনিচবাসী বহুতো প্ৰত্যাহবানৰ সন্মুখীন হয় যদিও পৰ্যটকৰ বাবে ভেনিচ সপোনপুৰীতকৈ কম নহয় ৷ বহুবাৰ বিশ্বৰ আটাইতকৈ সুন্দৰ চহৰৰ স্থান দিয়াৰ উপৰিও ইউৰোপৰ অন্যতম ৰোমাণ্টিক চহৰ বুলিও কোৱা হয় ৷ ১৯৮৭ চনত ইউনেস্কোৱে ভেনিচক বিশ্বৰ ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰিছে ৷
ভেনিচ পৰিৱেশৰ সৌন্দৰ্য, স্থাপত্য আৰু শিল্পকৰ্মৰ বাবে বিখ্যাত হোৱাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ কলাত্মক কাৰ্যৰ বাবেও পৰিচিত ৷ অট্টালিকাসমূহ নিখুঁত কাৰুকাৰ্যৰ নিদৰ্শন ৷
‘চেণ্ট মাৰ্ক স্কোৱাৰ’ ভেনিচ ভ্ৰমণকাৰীৰ মুখ্য আকৰ্ষণ ৷ এই স্কোৱাৰ ভেনিচৰ প্ৰধান ৰাজহুৱা চৌহদ আৰু প্ৰাণকেন্দ্ৰ, যাক ভেনেচিয়ানসকলে ‘পিজা চান মাৰ্কো’ (Piazza San Marco) বুলি কয় ৷ ভেনিচ ৰিপাব্লিকৰ পূৰ্বৰ ৰাজনৈতিক আৰু ধৰ্মীয় কেন্দ্ৰ চেণ্ট মাৰ্ক স্কোৱাৰৰ পূব মূৰত অৱস্থিত চেণ্ট মাৰ্ক বেচিলিকা আৰু ড’জপেলেচ (Doge’s Palace) একেলগেই অৱস্থিত৷ যদিও বেচিলিকা, ড’জ পেলেচ এই স্কোৱাৰৰ মুখ্য আকৰ্ষণ আন আন কেইবাটাও অট্টালিকাই চৌহদটো আৱৰি আছে ৷ ইয়াৰ উপৰিও আছে প্ৰায় ৯৮.৬ মিটাৰ উচ্চতাৰে ভেনিচৰ আটাইতকৈ ওখ নিদৰ্শন বেচিলিকাৰ বেল টাৱাৰ বা Campanile ৷ ইয়াৰ ওপৰলৈ উঠি গৈ ভেনিচৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি যদিও আমি ওপৰলৈ যোৱা নাই ৷ গ্ৰেণ্ড কেনেলৰ সন্মুখতে অৱস্থিত এই বেল টাৱাৰটো এসময়ত চহৰখনৰ প্ৰৱেশ পথৰ সুৰক্ষাৰ বাবে প্ৰহৰী টাৱাৰ আৰু অহা-যোৱা কৰা জাহাজৰ গতি-বিধি লক্ষ্য কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল ৷
বেচিলিকাৰ টেৰেচত ব্ৰোঞ্জৰ চাৰিটা ঘোঁৰাৰ মূৰ্তিৰ এটা গোট আছে যাক Horses of Saint Mark বা Triumphal of Quadriga Hihpodrome of Constantinople বুলি কোৱা হয় ৷ নেপোলিয়নে লুটপাত কৰি ভেনিচৰ পৰা পেৰিচলৈ লৈ যোৱা এই বিখ্যাত ঘোঁৰা কেইটাৰ বিষয়ে পঢ়িছিলোঁ যদিও নিজৰ চকুৰে দেখাৰ সৌভাগ্য ঘটাত আবেগিক হৈ পৰিলোঁ ৷ প্ৰাচীন কালৰ এই ব্ৰোঞ্জৰ ভাস্কৰ্য কেইটাৰ নিৰ্মাণ সম্পৰ্কে ঠাৱৰকৈ জনা নাযায় ৷ কোৱা হয় দ্বিতীয় বা তৃতীয় শতিকাত নিৰ্মিত এই ভাস্কৰ্যকেইটা ৰোমৰ বিখ্যাত সম্ৰাট মাৰ্কাচ অৰেলিয়াচৰ অশ্বাৰোহীৰ মূৰ্তি ৷ অৱশ্যে এইটো নিশ্চিত যে ঘোঁৰাৰ এই ভাস্কৰ্য কেইটা বহুদিনৰ পৰা কনষ্টেণ্টিনোপলৰ হিপ’ড্ৰমত প্ৰদৰ্শিত হৈছিল ৷ ১২০৪ চনলৈকে তাতেই আছিল ৷ যেতিয়া চতুৰ্থ ক্ৰুচেডত বাইজেণ্টইন সাম্ৰাজ্যৰ ৰাজধানী কনষ্টেণ্টিনোপল ভেনিচ বাহিনীয়ে লুটপাত কৰিছিল ঘোঁৰা কেইটাও ভেনিচলৈ আনিছিল ৷ কনষ্টেণ্টিনোপলৰ পৰা ভেনিচলৈ অনাৰ সময়ত কঢ়িয়াবৰ সুবিধাৰ বাবে ঘোঁৰাকেইটা ডিঙিত কাটি আনিছিল ৷ সেয়ে প্ৰতিটো ঘোঁৰাৰ ডিঙিত বেল্ট বন্ধা ৷ ভেনিচলৈ আনি চেণ্ট মাৰ্ক বেচিলিকাৰ মুখাৱয়বত স্থাপন কৰা হয় ৷ ১৭৯৭ চনত নেপোলিয়নে ঘোঁৰাৰ মূৰ্তিকেইটা বেচিলিকাৰ পৰা বলপূৰ্বকভাৱে পেৰিচলৈ লৈ যায় ৷ ১৮১৫ চনত নেপোলিয়নৰ চূড়ান্ত পৰাজয়ৰ পিছত কেপ্তেইন ডুমাৰেস্কে ঘোঁৰাকেইটা আকৌ ভেনিচলৈ ঘূৰাই পঠিয়াই দিয়ে ৷ ১৯৮০ চনৰ আৰম্ভণিলৈকে চেণ্ট মাৰ্কৰ সন্মুখতে ঘোঁৰাকেইটা ৰখা হৈছিল, বায়ু প্ৰদূষণৰ ফলত চলি থকা ক্ষতিৰ ফলত সেই ঠাইত সঠিক প্ৰতিৰূপ তাত ৰাখি মূল ঘোঁৰা চাৰিটা বেচিলিকাৰ ভিতৰত প্ৰদৰ্শিত কৰা হৈছে ৷ বেচিলিকাৰ স্থাপত্য আৰু দেৱালত খোদিত কৰা জটিল শিল্পকৰ্ম প্ৰকৃততেই শলাগিবলগীয়া৷ গঠনটোৰ দুৱাৰত থকা সোণৰ চিত্ৰ, সোণৰ মোজাইক কৰা বিশাল গম্বুজ আৰু অত্যন্ত চহকী ভাৱে সজোৱা আচৰিত ধৰণৰ শিল্পকৰ্ম দেখি অভিভূত হৈ পৰিলোঁ ৷ এই শিল্পকৰ্মই প্ৰতিজন ভ্ৰমণকাৰীকে চমকিত কৰি তোলাৰ উপৰিও ভাবিবলৈ বাধ্য কৰে ইমান বছৰ আগতে কেনেদৰে এয়া সম্ভৱ হৈছিল যি সময়ত আজিৰ দৰে উন্নত মানৰ আহিলাতো নাছিল ৷
ড’জ পেলেচ নামেৰে জনাজাত প্ৰাসাদটো পূৰ্বতে ন্যায়ালয়ৰ প্ৰাসাদ, চৰকাৰৰ আসন আৰু ডুগেৰ চৰকাৰী বাসভৱন আছিল ৷ আকৰ্ষণীয় গথিক ডিজাইনৰ ড’জ পেলেচ, ভেনিচৰ বিখ্যাত শিল্পী টিনটৰেট্ৰোৰ কৰ্মৰাজিৰে ভেনিচৰ অন্যতম আকৰ্ষণীয় । ভেনিচৰ প্ৰতিটো শিল্পকৰ্ম আৰু শিল্পকৰ্মৰ আঁৰৰ বিষয়ে জানিবলৈ বহু সময়ৰ প্ৰয়োজন ৷ আমাৰ দৰে ভ্ৰমণকাৰীয়ে নিজ চকুৰে চাই সন্তোষ¸ লভাৰ বাহিৰে এই বিষয়ে জনা সম্ভৱ নহয় ৷
হতাশ আৰু হুমুনিয়াহৰ দলং বুলি পৰিচিত Bridge of Sighs য়ে ড’জ পেলেচৰ বিচাৰকক্ষক কাৰাগাৰৰ সৈতে সংযোগ কৰিছে ৷ এই দলং খন ড’জ পেলেচ আৰু কাৰাগাৰৰ মাজৰ সংকীৰ্ণ কেনেল ‘ৰিঅ’ ডি পালাজ্জো’ৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৷ চূণশিলেৰে নিৰ্মিত আৱদ্ধ বেৰক শৈলীৰ এই ব্ৰীজখনত দুখন খিৰিকি আছে ৷ কোৱা হয় এই খিৰিকিৰে মৃত্যুদণ্ডৰে দণ্ডিত বন্দীসকলে শেষবাৰৰ বাবে নিজৰ মৰমৰ চহৰখনক শেষ বাৰৰ বাবে চোৱাৰ উপৰিও তলত ৰৈ থকা পৰিয়ালৰ পৰা শেষ বিদায় লৈছিল ৷ ১৬১৪ চনত নিৰ্মাণ কৰা এই ব্ৰীজখন পাৰ হৈ যোৱা বন্দীসকলৰ ‘হুমুনিয়াহ’ ৰ বাবেই Bridge of Sighs নামেৰে নামকৰণ কৰা হৈছে ৷ অৱশ্যে এই পৰম্পৰাগত নামটো ঊনবিংশ শতিকাত ইংৰাজ কবি লৰ্ড বাইৰণৰ আৱিষ্কাৰ ৷
প্ৰকৃততে ভেনিচৰ ৰূপ-ঐশ্বৰ্যৰ বৰ্ণনা কৰা সম্ভৱ নহয় ৷ নৱজাগৰণৰ সময়ত ভেনিচ আছিল ইউৰোপৰ শক্তিশালী বাণিজ্যিক বন্দৰ আৰু তাৰ সদাগৰসকল আছিল অত্যন্ত ধনী ৷ সেয়ে তেওঁলোকে দেশ-বিদেশৰ নাম কৰা স্থপতি আৰু চিত্ৰশিল্পীসকলক আমন্ত্ৰণ কৰি আনি ভেনিচৰ কাৰুকাৰ্যখচিত অট্টালিকা, গীৰ্জা আদি নিৰ্মাণ কৰিছিল ৷ ভেনিচৰ দৰে চহৰ এখন চাবলৈ দুঘণ্টা সময় একোৱেই নহয় ৷ ভ্ৰমণত সময়ৰ প্ৰতি সজাগ হোৱা অতিকে প্ৰয়োজন, তাৰোপৰি গ্ৰুপৰ লগত গ’লেতো কথাই সুকীয়া ৷ আমি যিমান পাৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি কেইখনমান সৰু সৰু দলং পাৰ হৈ ব্যক্তিগত ঘৰ, দোকান আদিও চালোঁ ৷ ঘৰৰ দুৱাৰ খুলিয়েই কেনেল, তেওঁলোকৰ জীৱন শৈলীও আমাৰ বাবে এক সাঁথৰ ৷
কেনেলৰ মাজত অৱস্থিত ভেনিচৰ বিষয়ে দুটা মান কথা জানি আচৰিত হৈছিলোঁ ৷ ১৬৪৬ চনত বিশ্বৰ প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা মহিলাগৰাকীৰ জন্ম হেনো ভেনিচতে৷ ১৬৩৮ চনতে ভেনিচত বিশ্বৰ প্ৰথমটো ৰাজহুৱা কেচিনো মুকলি কৰা হৈছিল ৷ এইসমূহৰ পৰা বুজিব পাৰি পানীৰ মাজত সৰু সৰু দ্বীপেৰে গঠিত ভেনিচ অতীজৰে পৰা বিভিন্ন দিশতে যথেষ্ট আগবঢ়া ৷ ভেনিচ, গ্লাচেৰে তৈয়াৰ কৰা সামগ্ৰীৰ বাবেও বিখ্যাত ৷ গ্লাচেৰে নিৰ্মিত বিভিন্ন আকৰ্ষণীয় সামগ্ৰী দোকানত সজাই থোৱা দেখিলোঁ যদিও সময়ৰ অভাৱত আঁতৰৰ পৰাই চাই সন্তোষ লভিলোঁ ৷ ভেনিচৰ কিছু অংশ চাই বিপুলে বান্ধি দিয়া সময় সীমা উকলিবৰ হোৱাৰ সময়তে চেণ্ট মাৰ্ক স্কোৱেৰৰ নিদ্দিৰ্ষ্ট স্থানত উপস্থিত হ’লোঁ ৷ ইতিমধ্যে এই ঠাইত যথেষ্ট পৰিব্ৰাজক আহি উপস্থিত হোৱাৰ লগতে অস্থায়ী দোকান কিছুমানেৰে ভিৰৰ সৃষ্টি হ’বলৈ ধৰিছে ৷ বাকী সদস্যবোৰ আহি পোৱাৰ আগতে আমি দুখনমান তেনে দোকানত ভুমুকি মাৰি চিন স্বৰূপে সৰু সৰু দুটামান স্মৃতিচিহ্নৰ লগতে চেলফী ষ্টিক এডালো কিনিলোঁ ৷ এজন-দুজনকৈ বাকী সকলো সদস্য অহাত মটৰব’টেৰে ভেনিচৰ পৰা উভতিলোঁ ৷
বিশ্ব প্ৰসিদ্ধ কলাত্মক চহৰ ভেনিচ পৰিৱেশৰ এক ডাঙৰ সমস্যাত ভুগি আছে ৷ চহৰখনৰ মাটি বোকাময় হৈ পৰাৰ লগতে প্ৰতি বছৰে ১-২ মিলিমিটাৰকৈ ডুব গৈ আছে ৷ সাগৰীয় বতাহ, উপকূলীয় অঞ্চলৰ কল-কাৰখানা আদিৰ প্ৰদূষণে চহৰখনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আছে ৷ এই সমস্যাসমূহৰ ফলত চহৰখনত জনসংখ্যাও যথেষ্ট কমি গৈ আছে ৷ অৱশ্যে এইবিলাকৰ পৰা পৰিত্ৰাণৰ বিভিন্ন উপায় অৱলম্বন কৰি কিছু হ্ৰাস কৰা হৈছে যদিও বিশেষজ্ঞৰ মতে ভেনিচ নিৰাপদ নহয় ৷ আনকি অত্যধিক পৰিব্ৰাজকেও ভেনিচলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ একাংশ বিশেষজ্ঞৰ মতে কিছু বছৰ পাছত ভেনিচ এখন ভূতৰ চহৰত পৰিণত হ’ব পাৰে য’ত দিনত কেৱল পৰ্যটকেহে ভ্ৰমণ কৰিব ৷
ভেনিচৰ ভৱিষ্যত কি হ’ব সেই বিষয়ে একো ক’ব নোৱাৰিলেও ভেনিচ চাই এটা কথাই উপলদ্ধি কৰিছোঁ– ভেনিচৰ লগত তুলনা কৰিব পৰা আন ঠাই পৃথিৱীত হয়তো আৰু নাই ৷ ই অদ্বিতীয় আৰু একক ৷
(আগলৈ)
