(ইউৰোপ ভ্ৰমণৰ একাদশ খণ্ড)
জুলাই মাহৰ এক তাৰিখে জাৰ্মানীৰ ব্লেক ফৰেষ্টত আমি নিশা কটোৱা Mercure Am Franziskaner Villingen হোটেলত ব্ৰেকফাষ্ট কৰি ভ্ৰমণবিলাসীৰ সপোনৰ চহৰ চুইজাৰলেণ্ড অভিমূখে যাত্ৰা কৰিলোঁ ৷ ভ্ৰমণবিলাসীসকলৰ সপোনৰ গন্তব্যস্থানসমূহৰ ভিতৰত অন্যতম চুইজাৰলেণ্ড ৷ মন্ত্ৰমুগ্ধকৰ পাহাৰৰ দৃশ্যাৱলী, গভীৰ আলপাইন হ্ৰদ, পৰিপাটি ফাৰ্ম আৰু সৰু সৰু গাঁওৰ বিচ্ছিন্ন ঘাঁহনিৰ উপত্যকাৰে ভৰা এই দেশ ৷ পুৰণি আৰু নতুনৰ সংমিশ্ৰণেৰে সমৃদ্ধিশালী চহৰৰ দেশ চুইজাৰলেণ্ড প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱন শৈলী দুয়োটাৰ বাবেই বিখ্যাত ৷ যাৰ নামেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক যুগ যুগ ধৰি আকৰ্ষিত কৰি আহিছে ৷ মধ্য ইউৰোপত অৱস্থিত চুইজাৰলেণ্ড, আয়তনত সৰু, মাত্ৰ ৪১,২৮৫ বৰ্গ কিলোমিটাৰ ৷ ইয়াৰ মুঠ আয়তন স্কটলেণ্ডৰ আধা ৷ আয়তনত সৰু হলেও চুইজাৰলেণ্ডৰ ভূ-প্ৰকৃতিৰ উপাদানৰ অস্বাভাৱিক বৈচিত্ৰ্য আছে ৷ উত্তৰ- পশ্চিমত জুৰা (Jura) পৰ্বতমালা, দক্ষিণ- পূবে আল্পচ পৰ্বত আৰু দুয়োখন পৰ্বতৰ মাজত মধ্য মালভূমি ৷ ইয়াৰ প্ৰশাসনিক ৰাজধানী বাৰ্ণ (Bern) আৰু ল’জান (Lausanne) ইয়াৰ ন্যায়িক কেন্দ্ৰ ৷ ১২৯১ চনত হাবছবাৰ্গ বংশৰ বিৰুদ্ধে কেণ্টনৰ মিত্ৰতাৰে চুইজাৰলেণ্ড গঠন কৰা হৈছিল ৷ অৱশ্যে ১৮৪৮ চনত যেতিয়া নতুন সংবিধান গ্ৰহণ কৰা হৈছিল তেতিয়াহে বৰ্তমানৰ জাতিটো গঠন হৈছিল ৷ ১৮৪৮ চনৰ আগলৈকে অভ্যন্তৰীণ সংঘাত যথেষ্ট আছিল ৷
ঊনবিংশ শতিকাৰ পৰা চুইজাৰলেণ্ডৰ পাহাৰৰ মাজে মাজে সমতল ভূমিত কিছু খেতি কৰে যদিও সেয়া যথেষ্ট নহয় ৷ বিভিন্ন সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব লগা হয় ৷ চুইজাৰলেণ্ডৰ মূল সম্পদেই হ’ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ৷ মোহনীয় প্ৰাকৃতিক সৌন্দৰ্যই বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে ৷ প্ৰকৃতিৰ অৱদানসমূহ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখি সজাই পৰাই ৰখাৰ উপৰিও পৰ্যটকৰ সুবিধাৰ বাবে অত্যাধুনিক ব্যৱস্থা কৰিছে, ফলস্বৰূপে পৰ্যটনে দেশখনক চহকী কৰি ৰাখিছে ৷
ইউৰোপৰ কেন্দ্ৰত অৱস্থিত চুইজাৰলেণ্ড বহুতো প্ৰধান নদীৰ উৎস ৷ ইয়াৰ ভিতৰত ৰ’ণ, ইউৰোপৰ অন্যতম আৰু দীঘল ৰাইন নদী উল্লেখযোগ্য ৷ ৰাইন নদী আল্পচ পৰ্বতমালাৰ এখন সৰু নদী হিচাপে আৰম্ভ হয় আৰু শ্বাভহাউজেনৰ ওচৰত বিখ্যাত ৰাইন জলপ্ৰপাতৰ সৃষ্টি হয় ৷ কোৱা হয় এইটো ইউৰোপৰ আটাইতকৈ শক্তিশালী জলপ্ৰপাত ৷ এই জলপ্ৰপাত চাবলৈ প্ৰায় প্ৰতিজন পৰ্যটকে যায় ৷ আমাকো এই জলপ্ৰপাতটো চাবলৈ নিছিল ৷ জলপ্ৰপাতটো দেখি মোৰ অনুভৱ হ’ল, এনে জলপ্ৰপাত আমাৰ উত্তৰ পূব অঞ্চলতে বহুত আছে ৷ মাত্ৰ পৰ্যটকৰ আকৰ্ষণীয় কৰি সজাই তোলা হোৱা নাই ৷ ৰাইন নদীৰ এই জলপ্ৰপাতৰ দাঁতি কাষৰীয়া অঞ্চল ইমান সুন্দৰকৈ সজাই পৰিব্ৰাজকৰ আকৰ্ষণীয় কৰি ৰখা হৈছে প্ৰতিজন লোকেই সেই পৰিৱেশত কিছু সময় কটাবলৈ ভাল পায় ৷ প্ৰকৃতিৰ পৰিৱেশত অকণো ব্যাঘাত নকৰাকৈ সকলো আধুনিক সা-সুবিধাৰে আকৰ্ষণীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিছে ৷ আঁতৰৰ পৰা চোৱাৰ উপৰিও নাৱেৰে গৈ ওচৰৰ পৰাও চাব পাৰি ৷ ময়ো নাৱেৰে গৈ জলপ্ৰপাতৰ ওচৰ পালোঁগৈ ৷ এই ঠাইত মই আধা লিটাৰ পানী এবটল আমাৰ টকাৰ হিচাপত তিনিশ টকাৰো বেছি দি কিনিছিলোঁ ৷ ৰাইন নদীখন ছয়খন দেশ চুইজাৰলেণ্ড, প্ৰিন্সিপালিটি অৱ লিচেনষ্টেইন, অষ্ট্ৰীয়া, জাৰ্মানী আৰু নেদাৰলেণ্ডৰ মাজেৰে বৈ ৰটাৰ্ডামত উত্তৰ সাগৰত মিলিত হৈছে ৷ ই ১২০০ কিলোমিটাৰৰো অধিক বিস্তৃত হৈ আছে ৷
বহুতো ভিন্ন সংস্কৃতিৰ সংমিশ্ৰণৰ চুইজাৰলেণ্ড বিলাসী ব্ৰেণ্ডেৰ ঘড়ী আৰু সুস্বাদু মিল্কি চকলেটৰ বাবেও জনাজাত ৷ ছুইজাৰলেণ্ড যিবোৰ বস্তুৰ বাবে বিখ্যাত সেইসমূহৰ ভিতৰত চকলেট অন্যতম ৷ অৱশ্যে আজিকালি চুইজাৰলেণ্ডৰ কিছুমান বিখ্যাত চকলেটৰ ব্ৰেণ্ড পৃথিৱীৰ বিভিন্ন ঠাইত পোৱা যায় ৷ অৰ্থাৎ চুইজাৰলেণ্ডলৈ নগ’লেও এনে চকলেটৰ সোৱাদ ল’ব পাৰি ৷ ইয়াৰ চকলেট অনন্য হোৱাৰ মূলতে হৈছে ‘আলপাইন গাখীৰ’৷ আলপাইন গাখীৰ হ’ল পাহাৰৰ উচ্চ উচ্চতাৰ ফাৰ্মৰ পৰা পোৱা গাখীৰ যিয়ে চুইজাৰলেণ্ডৰ চকলেটক এক সমৃদ্ধ সুগন্ধি দিয়ে ৷ উন্নত মানৰ গাখীৰৰ বাবেই বিখ্যাত সামগ্ৰীৰ ভিতৰত আন এবিধ হ’ল পনিৰ ৷ কোৱা হয় ইয়াত উন্নত মানৰ বহু বিভিন্ন ধৰণৰ পনিৰ প্ৰস্তুত কৰা হয় ৷ পনিৰৰ পৰা প্ৰস্তুত কৰা চুইছ ফণ্ডু (Swiss Fondue) আৰু ৰেক্লেট (Raclette) চুইজাৰলেণ্ডৰ জনপ্ৰিয় খাদ্য ৷
চুইজাৰলেণ্ডৰ এঞ্জেলবাৰ্গ (Engelberg) চহৰত আমাৰ পূৰ্ব নিৰ্ধাৰিত হোটেল টেৰেচ (Terrace) আহি পাওঁতে আবেলি হ’ল ৷ হোটেলখন সুৰঙ্গ সদৃশ মাটিৰ তলৰ পথ এটাৰে সোমাই লিফটেৰে উঠি টিলা এটাৰ ওপৰত অৱস্থিত ৷ সাধাৰণতে ভ্ৰমণত আমি যিমান পাৰি কম ওজন নিবলৈ চেষ্টা কৰোঁ ৷ কিন্তু এইবাৰৰ ভ্ৰমণ আছিল দীঘলীয়া আৰু ঠাণ্ডা-গৰম দুই ধৰণৰ দেশ ভ্ৰমণ ৷ সেইবাবে বাকচ অলপ ডাঙৰ আছিল ৷ যিকিনহওক নিজৰ বয়-বস্তু নিজেই কঢ়িয়াই কোনোমতে হোটেল পালোঁ ৷
সেইদিনা হোটেলত মজাৰ কাণ্ড এটা হ’ল ৷ আমাৰ গাইড বিপুলে নিজৰ ইচ্ছা মতে ফুৰা-চকা কৰি আমাক আটাইকে আঠ বজাত হোটেলৰ ডাইনিং হলত ৰাতিৰ আহাৰ খাবলৈ ক’লে ৷ তাৰ পিছত হোটেলৰ অডিটৰিয়ামত নাচ-গানৰ অনুষ্ঠান ইচ্ছুকসকলে উপভোগ কৰিব পাৰিব ৷ আমি হোটেলৰ কৰা গৈ অলপ ফুৰি আহি বিচনাত দীঘল দিওঁতে কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ ৷ সাৰ পাই দেখো চাৰে আঠ বাজিছে, দৌৰাদৌৰিকৈ গৈ দেখো ডাইনিং হল সম্পূৰ্ণ খালী ৷ হোটেলৰ পৰিচাৰ কেইগৰাকীয়ে বাচন-বৰ্তন সামৰি আছে ৷ তেওঁলোকে আমাক দেখি আচৰিত আৰু অপ্ৰস্তুত হোৱা যেন লাগিল ৷ দেখিলোঁ ভাত আৰু দাইল অলপ আছে দুটা পাত্ৰত দুয়ো তাকেই অলপ খাই ৰাতিটো কটালোঁ ৷ বুজিবলৈ বাকী নাথাকিল গ্ৰুপ ভ্ৰমণত সময়ৰ প্ৰতি সচেতনতা কিমান গুৰুত্বপূৰ্ণ ৷
চুইজাৰলেণ্ড ভ্ৰমণকাৰীৰ মূল আকৰ্ষণেই হৈছে আল্পচ পৰ্বতৰ শৃংগ মাউণ্ট টিটলিচ ৷ সাগৰ পৃষ্ঠৰ পৰা ৩২৩৮ মিটাৰ উচ্চতাত থিয় হৈ থকা ই মধ্য চুইজাৰলেণ্ড আৰু বাৰ্নিজ অবেৰলেণ্ডৰ মাজত থকা পৰ্বতমালাৰ সৰ্বোচ্চ শিখৰ ৷ এই শিখৰলৈ এঞ্জেলবাৰ্গৰ পৰা যাব পাৰি ৷ আমি থকা টেৰেচ হোটেলৰ তেনেই ওচৰত টিটলিচলৈ যাৱা কেবল কাৰ ষ্টেচন ৷ খোজকাঢ়ি যাবলৈ পোন্ধৰ মিনিট মান সময় লাগে ৷
২ জুলাইত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমাৰ যাত্ৰা টিটলিচলৈ ৷ মাত্ৰ আঠমহীয়া কেঁচুৱা থকা পৰিয়ালটোৰ বাহিৰে আমি আন সকলোৱে আহি বাছত উঠিলোঁ ৷ ইতিমধ্যে আমাক নিৰ্ধাৰিত কৰি দিয়া সময়ত আমাৰ গাড়ী টিটলিচলৈ যাবলৈ ষ্টাৰ্ট দিছে ৷ এনেতে কণমানি কেঁচুৱাৰ দেউতাক জনে দৌৰি দৌৰি আহি বিপুলক অলপ সময়ৰ বাবে অপেক্ষা কৰিবলৈ অনুৰোধ কৰিলে ৷ তেওঁলোক আহিবলৈ ওলাওঁতেই হেনো কণমানিটোয়ে পায়খানা কৰা বাবে দেৰি হৈছে ৷ বিপুলে ৰবলৈ মান্তি নহ’ল ৷ পাছত আন গাড়ীলৈ আহিবলৈ কৈ আমাক টিটলিচৰ কেবল ষ্টেচনলৈ লৈ গ’ল ৷ মোৰ মনত আজিও কথাষাৰে প্ৰতিক্ৰিয়া কৰে ৷ সময় অতিকৈ মূল্যৱান যদিও সেইদিনা দুই-তিনি মিনিটৰ বাবে ৰৈ দিব পৰা গ’লহেঁতেন যেন মোৰ বোধ হয় ৷ যিকিনহওক পাছত তেওঁলোকে আন ব্যৱস্থা কৰি টিটলিচ আহি পোৱাত মোৰ মনটো বৰ ভাল লাগিছিল ৷
টিটলিচলৈ তিনিখলপীয়া ঘূৰ্ণনশীল কেবল কাৰেৰে যোৱাৰ ব্যৱস্থা আছে ৷ সেয়ে সকলো লোকেই যাব পাৰে ৷ বিশ্বৰ প্ৰথমখন ঘূৰ্ণনশীল কেবল কাৰ Titlis Rotairৰ পৰা বিভিন্ন কোণৰ পৰা শৃংগবোৰ উপভোগ কৰাৰ আনন্দই সুকীয়া ৷ এই কেবল কাৰৰ শেষ অংশই হিমবাহৰ ওপৰলৈ লৈ যায় য’ত বৰফেৰে ভৰা পাহাৰৰ প্ৰাকৃতিক দৃশ্যই আপ্লুত কৰে ৷ সমগ্ৰ ইউৰোপৰ ভিতৰতে সৰ্বোচ্চ ওলমি থকা দলং Cliff Walk ৰে পাৰ হৈ প্ৰকৃতিৰ অনন্য সৃষ্টি চাই তবধ মানিলোঁ ৷ তাত বৰফ কাটি কৃত্ৰিম ভাৱে নিৰ্মাণ কৰা বৰফৰ গুহাৰ ভিতৰত বৰফৰ ভাস্কৰ্যৰ লগতে বৰফৰ গুহাত এস্কিমোসকলে বৰফৰ ঘৰ ‘ইগ্লু’ত কেনেদৰে বাস কৰে তাৰেই কিছু আভাস পালোঁ ৷ কেবল কাৰেৰে ওপৰলৈ উঠি যাওঁতে ওপৰৰ পৰা দেখা সেউজীয়া সমতল ভূমি, হ্ৰদ, নদী, পাহাৰৰ নৈসৰ্গিক দৃশ্যই প্ৰতিজন পৰ্যটককে মোহিত কৰে ৷
‘দেশৰ হূদয়’ বুলি কোৱা লুচাৰ্ণ (Lucerne) নামৰ এখন চহৰলৈও গৈছিলোঁ ৷ লুচাৰ্ণ, চাৰিওফালে পাহাৰেৰে আৱৰা চিত্ৰময় হ্ৰদেৰে মনোমোহা চহৰ ৷ ইয়াৰ প্ৰকৃতিৰ অবৰ্ণনীয় সৌন্দৰ্যই মোহিত কৰিলে ৷ লুচাৰ্ণ মধ্যযুগীয় স্থাপত্যৰ বাবেও বিখ্যাত ৷ লুচাৰ্ণ চহৰখনক সংযোগ কৰিবলৈ ৰইচ (Reuss) নদীৰ ওপৰত চৰ্তুদশ শতিকাতে কাঠেৰে নিৰ্মাণ কৰা চেপেল দলংখনৰ বাবে বেছিকৈ পৰিচিত ৷
লুচাৰ্ণ চহৰৰ আন এটা দৰ্শনীয় স্থান প্ৰাকৃতিক শিলত খোদিত কৰা গৌৰৱময় ‘সিংহ স্মৃতিসৌধ’৷ লুচাৰ্ণৰ প্ৰতীক হিচাপে জনাজাত এই আঘাতপ্ৰাপ্ত সিংহৰ স্মৃতিসৌধটোৱে ফৰাচী বিপ্লৱৰ প্ৰতিনিধিত্ব কৰে ৷ এই স্মৃতিসৌধ ফৰাচী বিপ্লৱৰ সময়ত ফৰাচী ৰাজপৰিয়ালক পলায়নত সহায় কৰি বীৰত্বপূৰ্ণ মৃত্যুক সাৱটি লোৱা চুইজাৰলেণ্ডৰ সৈনিকসকলৰ স্মৃতিত নিৰ্মিত ৷ সিংহৰ তলত যুদ্ধত অংশগ্ৰহণ কৰা সৈনিকৰ নাম খোদিত কৰা আছে ৷ আমেৰিকাৰ বিশিষ্ট লেখক মাৰ্ক টোৱেইনে (Mark Twain) পৃথিৱীৰ আটাইতকৈ শোকময় শিলৰ টুকুৰা বুলি অভিহিত কৰিছে ৷
ঘড়ী নিৰ্মাণৰ ক্ষেত্ৰত চুইজাৰলেণ্ডে আধিপত্য বিস্তাৰ কৰি আহিছে ৷ টেগ হিউয়াৰ, ৰ’লেক্স, ৰেডো, ওমেগা আদিৰ দৰে বিখ্যাত ব্ৰেণ্ডৰ ঘড়ী চুইজাৰলেণ্ডতে তৈয়াৰী ৷ লুচাৰ্ণতে আমাক চুইজাৰলেণ্ডৰ বিখ্যাত Bucherer নামৰ পাঁচমহলীয়া দোকান এখনত ঘড়ী কিনিবলৈ দেখুৱাই দিছিল ৷ অত্যন্ত দামৰ ঘড়ী, আমাৰ সামৰ্থ্যৰে কিনিব পৰা বিধৰ ঘড়ী চকুত নপৰিল বাবে কিনা নহ’ল ৷ কাষতে থকা প্ৰকাণ্ড মল এটাত সোমাই ল’ৰা-ছোৱালী আৰু জোৱাইৰ বাবে জেকেটকে ল’লোঁ ৷
চুইজাৰলেণ্ডৰ মূল সম্পদ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ৷ বৰফেৰে আবৃত পাহাৰে আগুৰি থকা সাধুকথাৰ দেশ চুইজাৰলেণ্ডৰ দৰে দেশ এখন দুদিনত উপভোগ কৰা সম্ভৱ নহয় ৷ যুগ যুগ ধৰি ইয়াৰ অতুলনীয় সৌন্দৰ্যই পৰিব্ৰাজকক আকৰ্ষণ কৰি আহিছে ৷ প্ৰাকৃতিক পৰিৱেশত কোনো ব্যাঘাত নোহোৱাকৈ পৰিব্ৰাজকক আকৰ্ষণ কৰিব পৰাকৈ কিছুমান অত্যাধুনিক ব্যৱস্থা আৰু সুবিধা কৰি দিয়াৰ ফলত অধিক আকৰ্ষণীয় হৈ পৰিছে ৷ প্ৰকৃততে পৰ্যটকৰ বাবেই দেশখন চহকী হৈ আছে ৷ চুইজাৰলেণ্ডত দুনিশা কটালোঁ যদিও তাৰ প্ৰাকৃতিক পৰিৱেশত আৰু থকাৰ হেঁপাহ থাকি গ’ল ৷
(আগলৈ)
