(ইউৰোপ ভ্ৰমণৰ দশম খণ্ড)
জুনৰ ৩০ তাৰিখে পেৰিচৰ ‘গোল্ডেন টিউলিপ’ হোটেলত ব্ৰেকফাষ্ট কৰি ভ্ৰমণসূচীৰ পৰৱৰ্তী স্থান জাৰ্মানী অভিমূখে ৰাওনা হ’লোঁ ৷আমি মধ্য ইউৰোপৰ বৃহৎ দেশ জাৰ্মানীৰ দক্ষিণ-পশ্চিমত অৱস্থিত ব্লেক ফৰেষ্ট অঞ্চললৈ গৈছিলোঁ ৷ ব্লেক ফৰেষ্ট পেৰিচৰ পৰা প্ৰায় ছশ কিলোমিটাৰ নিলগত ৷ এই অঞ্চল প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজিৰে ভৰপূৰ৷ আমাৰ বাছৰ চালক ডেভিদ আছিল এজন সুদক্ষ চালক ৷ লণ্ডনৰ স্থায়ী বাসিন্দা ডেভিদে ২৫ জুনৰ পৰা ৫ জুলাইলৈ প্ৰতি দিনে আমাক কঢ়িয়াই নিছিল ইউৰোপৰ এখন দেশৰ পৰা আনখন দেশলৈ ৷ তেওঁৰ মুখত নাছিল ক্লান্তি বা বিৰক্তিৰ ভাব ৷ সুন্দৰ চেহেৰা, অতি প্ৰয়োজনতহে দুই এটা কথা কয় যদিও হাঁহিমুখীয়া ডেভিদ গাড়ী চলোৱাত পাৰ্গত ৷ তেওঁৰ গাড়ী চলোৱা শৈলী আছিল অতুলনীয় আৰু প্ৰশংসাৰ যোগ্য ৷ তেওঁৰ গাড়ী চলোৱাৰ পাৰদৰ্শিতাৰ বাবে এনে দীঘলীয়া যাত্ৰাতো আমাৰ অকণো আমনি লগা নাছিল ৷
ইতিমধ্যে এই কেইদিনৰ ভিতৰতে আমাৰ গ্ৰুপৰ সদস্যসকলৰ মাজত আপোন ভাৱ গঢ়ি উঠিছিল ৷ আটাইৰে ভাষা, খাদ্যাভ্যাস¸ বেলেগ হলেও আমি যেন একেটা পৰিয়ালৰে ৷ যাত্ৰাৰ কালছোৱাত বিভিন্ন হাস্য মধুৰ কথা, অন্তাক্ষৰী আদিৰে সময়বোৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈছিল, দীঘলীয়া ভ্ৰমণৰ আমনি অনুভৱ কৰিব লগা হোৱা নাছিল ৷ মাজতে পথৰ কাষৰ এখন ৰেস্তোৰাঁত খোৱাৰ বাবে বাছ ৰখালে ৷ আমিও কিবা খাই লওঁ বুলি নামিলোঁ ৷ তাত দেখিলোঁ বিভিন্ন খাদ্য প্ৰস্তুত কৰি আমাৰ ইয়াত মিঠাইৰ দোকানত মিঠাই সজাই ৰখাৰ দৰেই থৈছে ৷ বিদেশত সময়ৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে অত্যন্ত সজাগ, সেয়ে হয়তো এনে ব্যৱস্থা ৷ সুন্দৰ সুন্দৰ পাত্ৰত বিভিন্ন খোৱা বস্তু ৰখা আছে ৷ প্ৰায়বোৰেই দেখাত মাংসৰে তৈয়াৰী ৷ নামবোৰ ফ্ৰান্স বা জাৰ্মানীত লিখা, একো ধৰিব নোৱাৰি ৷ এতিয়াহে পয়মাল হ’ল ৷ গো-মাংসৰ প্ৰচলন বেছি যেন লাগিল ৷ সেয়ে চেণ্ডউইচকে খাওঁ বুলি কিনিলোঁ যদিও তাতো মাংসৰ টুকুৰা ৷ ওলাই আহি কিছু আঁতৰত দোকান এখনত কল দেখি তাকেই খালোঁ ৷ বাহিৰলৈ ফুৰিবলৈ গ’লে এনে অভিজ্ঞতা হ’য়েই ৷ আমাক সদায় ভাৰতীয় ৰেস্তোৰাঁলৈকে নিছিল, সেইদিনা বাটত হয়তো ভাৰতীয় ৰেস্তোৰাঁ নাছিল বাবেই এনে হ’ল ৷
এই কেইদিন ইউৰোপৰ নগৰীয়া জীৱন, মানৱ সৃষ্ট বৃহৎ অট্টালিকা আৰু ইতিহাস প্ৰসিদ্ধ ঠাইসমূহ ফুৰিলোঁ ৷ সেয়ে গছ-গছনিৰে ভৰা শান্ত ব্লেক ফৰেষ্টৰ আন এক পৰিৱেশৰ মাজত সোমাই ভাল লাগিল ৷ ওখ-চাপৰ বাট, পাহাৰ, ভৈয়াম, চৌদিশে মাথোঁ সেউজীয়া ৷ ৰাইন নদীৰ উপত্যকাত এক বৃহৎ অঞ্চল বিস্তৃত ব্লেক ফৰেষ্ট ৷ ঘাই পথৰ দুয়োকাষে এঢলীয়া সেউজীয়া দলিচাৰ দৰে ঘাঁহনি ৷ ঘাঁহনিৰ পাছতেই বিয়পি আছে ঘন শাৰী শাৰী গছ ৷ ইজোপাৰ পৰা সিজোপা গছৰ মাজত দূৰত্ব তেনেই কম হোৱা বাবে ওপৰত পাতৰ ঘন আস্তৰণ ৷ গছবোৰ ইমানেই ঘন যে বেলিৰ পোহৰ মাটিত আহি পৰিবলৈ কঠিন হৈ পৰে ৷ ঘন চিৰসেউজ অৰণ্য, চিত্ৰময় গাঁৱৰ বাবে পৰিচিত এই অঞ্চলক জাৰ্মান ভাষাত শ্বৱাৰ্জৱাল্ড (Schwarzwald) বুলি কোৱা হয় ৷ জাৰ্মানীক মুঠ ষোল্ল খন ৰাজ্যত ভাগ কৰা হৈছে ৷ এই অঞ্চল ‘বেডেন-ৱুৰ্টেমবাৰ্গ’ (Baden- Wurttemberg) ৰাজ্যত অৱস্থিত ৷ সুন্দৰ পৰ্বতমালা, হ্ৰদ, নদী, মনোমোহা উপত্যকা আৰু বন্যপ্ৰাণীৰ বাবে পৰিচিত এই অঞ্চলত প্ৰৱেশৰ সময়তে সতেজ বতাহ জাকে মন-প্ৰাণ সতেজ কৰি দিলে ৷ প্ৰায় ষাঠী শতাংশ অঞ্চল গছে আৱৰি থকা এই অঞ্চল সৌন্দৰ্যৰ বাবে বিশ্বজুৰি সুপৰিচিত ৷ ৰোমানসকলে এই অঞ্চলক ব্লেক ফৰেষ্ট নাম দিয়াৰ মূলতেই হৈছে ঘন ভাবে ভৰি থকা শংকুবৃক্ষ (Conifer) গছবোৰ, যিবোৰ আচলতে গাঢ় সেউজীয়া, ক’লা নহয় ৷ কনিফাৰ গছৰ মূল বৈশিষ্ট্য হ’ল গছৰ গুটিবোৰ Cone ৰ দৰে, গছবোৰো পাইন গছৰ দৰেই ৷ গছবোৰ অতি ঘনকৈ থকা বাবে পাতৰ মাজেৰে সূৰুযৰ ৰশ্মি ভেদ কৰি অহাত বাধা পায় বাবে পোহৰ প্ৰায় দেখা নাযায়, সেয়ে ইয়াক ‘চিলভা নিগ্ৰা’ বুলিও কোৱা হয় ৷
ব্লেক ফৰেষ্টৰ আন এটা আকৰ্ষণীয় তথা বিখ্যাত বস্তু হ’ল ‘কাকু ক্লক’ (Cuckoo Clock) ৷ কাকু ক্লক এবিধ দেৱাল ঘড়ী ৷ ঘড়ীটোৰ বিশেষত্ব হ’ল প্ৰতি ঘণ্টাৰ মূৰে মূৰে এজনী মৰম লগা চৰাই এটা কাঠৰ ঘৰৰ পৰা ওলাই আহি কাকু-কু, কাকু-কু বুলি সময়ৰ জাননী দি পুনৰ নিজৰ ঠাইত সোমায় ৷ দ্ৰুবা চেণ্টাৰ নামৰ ঠাই এডোখৰলৈ সকলো পৰ্যটককে লৈ যায় য’ত এটা ঘৰৰ প্ৰথম মহলাটো এনে এটি ঘড়ীৰ আকৃতিত সজোৱা হৈছে ৷ ঘৰটোৰ তলৰ বাহিৰৰ পৰাই দেখা যায় প্ৰতি ঘণ্টাত চৰাইজনী বাহিৰলৈ ওলাই আহি সময়ৰ সংকেত দিয়ে ৷ ইয়াৰ লগতে থকা বিপণিখনত এনে বিভিন্ন ডিজাইনৰ ঘড়ী কিনিবলৈ পোৱা যায় ৷ অৱশ্যে যথেষ্ট দাম ৷ আমাৰ লগৰ বহুতেই স্মৃতি হিচাপে কিনিলে ৷
কাকু ক্লক প্ৰথমতে কোনে কেতিয়া বনাইছিল সেয়া সঠিক ভাৱে জনা নাযায় ৷ বিশ্বাস কৰা হয় যে অষ্টাদশ শতিকাত ব্লেক ফৰেষ্ট অঞ্চলৰ কৃষক সকলে কাঠ ব্যৱহাৰ কৰি কাকু ক্লক নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ শীতকালত কৃষকসকলে খেতি পথাৰত কাম নথকা বাবে জীৱিকাৰ আন পথ হিচাপে এই কাৰ্য বাচি লৈছিল ৷ কাকু ক্লকৰ উদ্ভাৱনৰ বিষয়ে বিভিন্ন জনে বিভিন্ন মত পোষণ কৰে যদিও ব্লেক ফৰেষ্ট কাকু ক্লকৰ বাবে জনাজাত ৷ আজিও জাৰ্মানীৰ এই অঞ্চলত একেটা পৰিয়ালৰ নামেৰে চলি আছে ৷ বহুতো কৰ্মশালাৰ দ্বাৰা বিভিন্ন মডেলৰ কাকু ক্লক উৎপাদন কৰা হয় ৷ জাৰ্মানীৰ বাভাৰিয়ান যুগৰ সময়ত মাত্ৰ কেইজনমান এনে ঘড়ী নিৰ্মাতা আছিল ৷ আজিকালি আধুনিক বা পৰম্পৰাগত বেটাৰী চালিত বিভিন্ন ধৰণৰ কাকু ক্লক উপলব্ধ যদিও এতিয়াও মূল যান্ত্ৰিক ‘এদিন’ আৰু ‘অাঠদিন’ কাকু ক্লকৰ শৈলী আছে ৷ এনে আপুৰুগীয়া পৰম্পৰাগত কাকু ক্লক উৎপাদনৰ বাবে নিখুঁত কলা আৰু পৰিশ্ৰমৰ প্ৰয়োজন ৷ উচ্চমানৰ কাকু ক্লক নিৰ্মাণৰ বাবে উপযুক্ত কাঠ বাচনি কৰি ঘড়ী বনোৱাৰ আগতে ভালদৰে শুকুৱাই লোৱাৰ উপৰিও বিভিন্ন শিল্পী যেনে কাঠকৰ্মী, চিত্ৰশিল্পী, খোদিতকাৰী আদি মিলিত হৈ কাকু ক্লক প্ৰস্তুত কৰা হয় ৷
দ্ৰুবা চেণ্টাৰ নামৰ ঠাইডোখৰত সুন্দৰ জলপ্ৰপাত, ৰেস্তোৰাঁ আদিৰে ঠাইখনক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজোৱাৰ উপৰিও পৰিব্ৰাজকৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাই উপলব্ধ ৷ অতি সুন্দৰ ব্যৱস্থাপনা ৷ চাৰিওফালে বহুতো স্থান আছে যিবোৰ চাই নিজৰ মনক তৃপ্তি দিব পৰ যায় ৷ চৌদিশে মাথোঁ সেউজীয়া, প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি ব্লেক ফৰেষ্টৰ হোটেললৈ আহোঁ ৷

নিশাৰ আহাৰ কৰি হোটেল সোমাওঁতে সময়ত নিশা দহ বাজিছিল ৷ তেতিয়াও দূৰ আকাশত সুৰুযে জলমলাই আছিল ৷ দিনটোৰ দীঘলীয়া যাত্ৰাত ভাগৰ লাগিছিল বাবে শুবলৈ লৈছিলোঁ যদিও টোপনি নহাত নিশা এঘাৰ মান বজাত খিৰিকিৰে বাহিৰলৈ চাই দেখোঁ তেতিয়াও বাহিৰত পোহৰ হৈয়েই আছিল ৷ হোটেলৰ সন্মুখৰ পথত তেতিয়া ৰেস্তোৰাঁসমূহত অস্থায়ী চকী মেজেৰে সজাই সন্ধিয়াৰ আলহী আদৰিবলৈ সাজু হৈছেহে ৷ জুন মাহত মাত্ৰ চাৰি-পাঁচ ঘণ্টাহে এন্ধাৰে আৱৰে সেয়ে দিনটো দীঘলীয়া হোৱা বাবে ফুৰা-চকা কৰিবলৈ বেছি সময় পোৱা যায় ৷ নিশা হোটেলতে কটাই পাছদিনা আমাৰ যাত্ৰা ভূ-স্বৰ্গ নয়নাভিৰাম চুইজাৰলেণ্ডলৈ ৷
( আগলৈ)
