Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

জাৰ্মানীৰ ব্লেক ফৰেষ্ট

Jona Mahanta, November 18, 2023November 22, 2023

(ইউৰোপ ভ্ৰমণৰ দশম খণ্ড)

                জুনৰ ৩০ তাৰিখে পেৰিচৰ  ‘গোল্ডেন টিউলিপ’ হোটেলত ব্ৰেকফাষ্ট কৰি ভ্ৰমণসূচীৰ  পৰৱৰ্তী স্থান জাৰ্মানী অভিমূখে ৰাওনা হ’লোঁ ৷আমি মধ্য ইউৰোপৰ বৃহৎ দেশ জাৰ্মানীৰ দক্ষিণ-পশ্চিমত অৱস্থিত ব্লেক ফৰেষ্ট অঞ্চললৈ গৈছিলোঁ ৷ ব্লেক ফৰেষ্ট পেৰিচৰ পৰা প্ৰায় ছশ কিলোমিটাৰ নিলগত ৷ এই অঞ্চল প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজিৰে ভৰপূৰ৷ আমাৰ বাছৰ চালক ডেভিদ আছিল এজন সুদক্ষ চালক ৷ লণ্ডনৰ স্থায়ী বাসিন্দা ডেভিদে ২৫ জুনৰ পৰা ৫ জুলাইলৈ প্ৰতি দিনে আমাক কঢ়িয়াই নিছিল ইউৰোপৰ এখন দেশৰ পৰা আনখন দেশলৈ ৷ তেওঁৰ মুখত  নাছিল ক্লান্তি বা বিৰক্তিৰ ভাব ৷ সুন্দৰ চেহেৰা, অতি প্ৰয়োজনতহে দুই এটা কথা কয় যদিও হাঁহিমুখীয়া ডেভিদ গাড়ী চলোৱাত পাৰ্গত ৷ তেওঁৰ গাড়ী চলোৱা শৈলী আছিল অতুলনীয় আৰু প্ৰশংসাৰ যোগ্য ৷ তেওঁৰ গাড়ী চলোৱাৰ পাৰদৰ্শিতাৰ বাবে এনে দীঘলীয়া যাত্ৰাতো আমাৰ অকণো আমনি লগা নাছিল ৷  

                 ইতিমধ্যে এই কেইদিনৰ ভিতৰতে আমাৰ গ্ৰুপৰ সদস্যসকলৰ মাজত আপোন ভাৱ গঢ়ি উঠিছিল ৷ আটাইৰে ভাষা, খাদ্যাভ্যাস¸ বেলেগ হলেও আমি যেন একেটা পৰিয়ালৰে ৷ যাত্ৰাৰ কালছোৱাত বিভিন্ন হাস্য মধুৰ কথা, অন্তাক্ষৰী আদিৰে সময়বোৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈছিল, দীঘলীয়া ভ্ৰমণৰ আমনি অনুভৱ কৰিব লগা হোৱা নাছিল ৷ মাজতে পথৰ কাষৰ এখন ৰেস্তোৰাঁত খোৱাৰ বাবে বাছ ৰখালে ৷ আমিও কিবা খাই লওঁ বুলি নামিলোঁ ৷ তাত দেখিলোঁ বিভিন্ন খাদ্য প্ৰস্তুত কৰি আমাৰ ইয়াত মিঠাইৰ দোকানত মিঠাই সজাই ৰখাৰ দৰেই থৈছে ৷ বিদেশত সময়ৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে অত্যন্ত সজাগ, সেয়ে হয়তো এনে ব্যৱস্থা ৷ সুন্দৰ সুন্দৰ পাত্ৰত বিভিন্ন খোৱা বস্তু ৰখা আছে ৷ প্ৰায়বোৰেই দেখাত মাংসৰে তৈয়াৰী ৷ নামবোৰ ফ্ৰান্স বা জাৰ্মানীত লিখা, একো ধৰিব নোৱাৰি ৷ এতিয়াহে পয়মাল হ’ল ৷ গো-মাংসৰ প্ৰচলন বেছি যেন লাগিল ৷ সেয়ে চেণ্ডউইচকে খাওঁ বুলি কিনিলোঁ যদিও তাতো মাংসৰ টুকুৰা ৷ ওলাই আহি কিছু আঁতৰত দোকান এখনত কল দেখি তাকেই খালোঁ ৷ বাহিৰলৈ ফুৰিবলৈ গ’লে এনে অভিজ্ঞতা হ’য়েই ৷  আমাক সদায় ভাৰতীয় ৰেস্তোৰাঁলৈকে নিছিল, সেইদিনা বাটত হয়তো ভাৰতীয় ৰেস্তোৰাঁ নাছিল বাবেই এনে হ’ল ৷    

                এই কেইদিন  ইউৰোপৰ নগৰীয়া জীৱন, মানৱ সৃষ্ট বৃহৎ অট্টালিকা আৰু ইতিহাস প্ৰসিদ্ধ ঠাইসমূহ ফুৰিলোঁ ৷ সেয়ে গছ-গছনিৰে ভৰা শান্ত  ব্লেক ফৰেষ্টৰ  আন এক পৰিৱেশৰ মাজত সোমাই ভাল লাগিল ৷ ওখ-চাপৰ বাট, পাহাৰ, ভৈয়াম, চৌদিশে মাথোঁ সেউজীয়া ৷ ৰাইন নদীৰ উপত্যকাত এক বৃহৎ অঞ্চল বিস্তৃত ব্লেক ফৰেষ্ট ৷ ঘাই পথৰ দুয়োকাষে এঢলীয়া সেউজীয়া দলিচাৰ দৰে ঘাঁহনি ৷ ঘাঁহনিৰ পাছতেই বিয়পি আছে ঘন শাৰী শাৰী গছ ৷ ইজোপাৰ পৰা সিজোপা গছৰ মাজত দূৰত্ব তেনেই কম হোৱা বাবে ওপৰত পাতৰ ঘন আস্তৰণ ৷ গছবোৰ ইমানেই ঘন যে বেলিৰ পোহৰ মাটিত আহি পৰিবলৈ কঠিন হৈ পৰে ৷ ঘন চিৰসেউজ অৰণ্য, চিত্ৰময় গাঁৱৰ বাবে পৰিচিত এই অঞ্চলক জাৰ্মান ভাষাত শ্বৱাৰ্জৱাল্ড (Schwarzwald) বুলি কোৱা হয় ৷ জাৰ্মানীক মুঠ ষোল্ল খন ৰাজ্যত ভাগ কৰা হৈছে ৷ এই অঞ্চল ‘বেডেন-ৱুৰ্টেমবাৰ্গ’ (Baden- Wurttemberg) ৰাজ্যত অৱস্থিত ৷ সুন্দৰ পৰ্বতমালা, হ্ৰদ, নদী, মনোমোহা উপত্যকা আৰু বন্যপ্ৰাণীৰ বাবে পৰিচিত এই অঞ্চলত প্ৰৱেশৰ সময়তে সতেজ বতাহ জাকে মন-প্ৰাণ সতেজ কৰি দিলে ৷ প্ৰায় ষাঠী শতাংশ অঞ্চল গছে আৱৰি থকা এই অঞ্চল সৌন্দৰ্যৰ বাবে বিশ্বজুৰি সুপৰিচিত ৷ ৰোমানসকলে এই অঞ্চলক ব্লেক ফৰেষ্ট নাম দিয়াৰ মূলতেই হৈছে ঘন ভাবে ভৰি থকা শংকুবৃক্ষ (Conifer) গছবোৰ, যিবোৰ আচলতে  গাঢ় সেউজীয়া, ক’লা নহয় ৷ কনিফাৰ গছৰ মূল বৈশিষ্ট্য হ’ল গছৰ গুটিবোৰ Cone ৰ দৰে, গছবোৰো পাইন গছৰ দৰেই ৷ গছবোৰ অতি ঘনকৈ থকা বাবে পাতৰ মাজেৰে সূৰুযৰ ৰশ্মি ভেদ কৰি অহাত বাধা পায় বাবে পোহৰ প্ৰায় দেখা নাযায়, সেয়ে ইয়াক ‘চিলভা নিগ্ৰা’ বুলিও কোৱা হয় ৷

                ব্লেক ফৰেষ্টৰ আন এটা আকৰ্ষণীয় তথা বিখ্যাত বস্তু হ’ল  ‘কাকু ক্লক’ (Cuckoo Clock) ৷ কাকু ক্লক এবিধ দেৱাল ঘড়ী ৷ ঘড়ীটোৰ বিশেষত্ব হ’ল প্ৰতি ঘণ্টাৰ মূৰে মূৰে এজনী মৰম লগা চৰাই এটা কাঠৰ ঘৰৰ পৰা ওলাই আহি কাকু-কু, কাকু-কু বুলি সময়ৰ জাননী দি পুনৰ নিজৰ ঠাইত সোমায় ৷ দ্ৰুবা চেণ্টাৰ নামৰ ঠাই এডোখৰলৈ সকলো পৰ্যটককে লৈ যায় য’ত এটা ঘৰৰ প্ৰথম মহলাটো এনে এটি  ঘড়ীৰ আকৃতিত সজোৱা হৈছে ৷ ঘৰটোৰ তলৰ বাহিৰৰ পৰাই দেখা যায় প্ৰতি ঘণ্টাত চৰাইজনী বাহিৰলৈ  ওলাই আহি সময়ৰ সংকেত দিয়ে ৷  ইয়াৰ লগতে থকা বিপণিখনত এনে বিভিন্ন ডিজাইনৰ ঘড়ী কিনিবলৈ পোৱা যায় ৷ অৱশ্যে যথেষ্ট দাম ৷ আমাৰ লগৰ বহুতেই স্মৃতি হিচাপে কিনিলে ৷

                 কাকু ক্লক প্ৰথমতে কোনে কেতিয়া বনাইছিল সেয়া সঠিক ভাৱে জনা নাযায় ৷ বিশ্বাস কৰা হয় যে অষ্টাদশ শতিকাত ব্লেক ফৰেষ্ট অঞ্চলৰ কৃষক সকলে কাঠ ব্যৱহাৰ কৰি কাকু ক্লক নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ শীতকালত কৃষকসকলে খেতি পথাৰত কাম নথকা বাবে জীৱিকাৰ আন পথ হিচাপে এই কাৰ্য বাচি লৈছিল ৷ কাকু ক্লকৰ উদ্ভাৱনৰ বিষয়ে বিভিন্ন জনে বিভিন্ন মত পোষণ কৰে যদিও ব্লেক ফৰেষ্ট কাকু ক্লকৰ বাবে জনাজাত ৷  আজিও জাৰ্মানীৰ এই অঞ্চলত একেটা পৰিয়ালৰ নামেৰে চলি আছে ৷ বহুতো কৰ্মশালাৰ দ্বাৰা বিভিন্ন মডেলৰ কাকু ক্লক উৎপাদন কৰা হয় ৷ জাৰ্মানীৰ বাভাৰিয়ান যুগৰ সময়ত মাত্ৰ কেইজনমান এনে ঘড়ী নিৰ্মাতা আছিল ৷ আজিকালি আধুনিক বা পৰম্পৰাগত বেটাৰী চালিত বিভিন্ন ধৰণৰ কাকু ক্লক উপলব্ধ যদিও এতিয়াও মূল যান্ত্ৰিক ‘এদিন’ আৰু ‘অাঠদিন’ কাকু ক্লকৰ শৈলী আছে ৷ এনে আপুৰুগীয়া পৰম্পৰাগত কাকু ক্লক উৎপাদনৰ বাবে নিখুঁত কলা আৰু পৰিশ্ৰমৰ প্ৰয়োজন ৷ উচ্চমানৰ কাকু ক্লক নিৰ্মাণৰ বাবে উপযুক্ত কাঠ বাচনি কৰি ঘড়ী বনোৱাৰ আগতে ভালদৰে শুকুৱাই লোৱাৰ উপৰিও বিভিন্ন শিল্পী যেনে কাঠকৰ্মী, চিত্ৰশিল্পী, খোদিতকাৰী আদি মিলিত হৈ কাকু ক্লক প্ৰস্তুত কৰা হয় ৷ 

                দ্ৰুবা চেণ্টাৰ নামৰ ঠাইডোখৰত সুন্দৰ জলপ্ৰপাত, ৰেস্তোৰাঁ আদিৰে ঠাইখনক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজোৱাৰ উপৰিও পৰিব্ৰাজকৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাই উপলব্ধ ৷ অতি  সুন্দৰ ব্যৱস্থাপনা ৷  চাৰিওফালে বহুতো স্থান আছে যিবোৰ চাই নিজৰ মনক তৃপ্তি  দিব পৰ যায় ৷ চৌদিশে মাথোঁ সেউজীয়া, প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি  ব্লেক ফৰেষ্টৰ হোটেললৈ আহোঁ ৷

                নিশাৰ আহাৰ কৰি হোটেল সোমাওঁতে সময়ত নিশা দহ বাজিছিল ৷ তেতিয়াও দূৰ আকাশত সুৰুযে জলমলাই আছিল ৷ দিনটোৰ দীঘলীয়া যাত্ৰাত ভাগৰ লাগিছিল বাবে শুবলৈ লৈছিলোঁ যদিও টোপনি নহাত নিশা এঘাৰ মান বজাত খিৰিকিৰে বাহিৰলৈ চাই দেখোঁ তেতিয়াও বাহিৰত পোহৰ হৈয়েই আছিল ৷ হোটেলৰ সন্মুখৰ পথত তেতিয়া ৰেস্তোৰাঁসমূহত অস্থায়ী চকী মেজেৰে সজাই সন্ধিয়াৰ আলহী আদৰিবলৈ সাজু হৈছেহে ৷ জুন মাহত মাত্ৰ চাৰি-পাঁচ ঘণ্টাহে এন্ধাৰে আৱৰে সেয়ে দিনটো দীঘলীয়া হোৱা বাবে  ফুৰা-চকা কৰিবলৈ বেছি সময় পোৱা যায় ৷ নিশা হোটেলতে কটাই পাছদিনা আমাৰ যাত্ৰা ভূ-স্বৰ্গ নয়নাভিৰাম চুইজাৰলেণ্ডলৈ ৷

( আগলৈ)

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes