( ইউৰোপ ভ্ৰমণৰ অষ্টম খণ্ড)
ষোড়শ শতিকাত এণ্টৱাৰ্প নাগৰিকসকল সম্পদৰ বাবে বিখ্যাত আছিল ৷ এই ধনী ব্যৱসায়ীৰ ঘৰসমূহ সমগ্ৰ চহৰখনতে সংৰক্ষিত কৰা হৈছে ৷ কিন্তু ১৮৯১ চনত জুইয়ে কেইবাটাও পুৰণি অট্টালিকা ধ্বংস কৰি পেলাইছে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বোমাৰ ফলতো চহৰখনৰ যথেষ্ট ক্ষতিসাধন হৈছিল ৷ তাৰোপৰি নতুন উন্নয়নৰ বাবে অন্যান্য উল্লেখযোগ্য অট্টালিকাসমূহ ভাঙি পেলোৱা হৈছিল ৷ এণ্টৱাৰ্প চহৰখন মূলতঃ ৰেনেছাঁ শৈলীত নিৰ্মাণ কৰা হৈছে ৷ ১৯৩২ চনতে নিৰ্মিত ২৬ মহলীয়া অট্টালিকা কেবিচি টাৱাৰ ইউৰোপৰ আটাইতকৈ পুৰণি আকাশচুম্বী ঘৰ ৷ ই এণ্টৱাৰ্পৰ আটাইতকৈ ওখ অট্টালিকা ৷ এণ্টৱাৰ্প আমাৰ ভ্ৰমণত সন্নিবিষ্ট কৰা হোৱা নাছিল ৷ এণ্টৱাৰ্পৰ হোটেলত আমি মাত্ৰ নিশাটোহে কটালোঁ ৷ পিছদিনা ৰাতিপুৱা অৰ্থাৎ জুনৰ ২৮ তাৰিখে বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলচলৈ যাওঁ ৷
ব্ৰাছেলচ চহৰখন আয়তনত খুব বেছি ডাঙৰ নহয় যদিও ইউৰোপৰ অত্যন্ত ব্যয়বহুল চহৰ ৷ ইয়াৰ মূলতে হৈছে ব্ৰাছেলচ ইউৰোপীয় সংঘৰ (European Union) সংসদৰ স্থান আৰু প্ৰধান ব্যৱসায়িক কেন্দ্ৰ ৷ চকলেট আৰু বিয়েৰৰ বাবে বিখ্যাত ৷ ব্ৰাছেলচৰ কমিকৰ চৰিত্ৰ নিৰ্মাণৰ ইতিহাসো বহু পুৰণি ৷ চহৰখনৰ অট্টালিকাত কমিক বুকৰ চৰিত্ৰ অংকন কৰা দেখিবলৈ পোৱা যায় ৷ প্ৰথমতে আমি ব্ৰাছেলচৰ পৰিব্ৰাজকৰ অন্যতম আকৰ্ষণীয় এটমিয়াম (Atomium)লৈ যাওঁ ৷

এটমিয়াম হৈছে ১৯৫৮ চনত ব্ৰাছেলচত অনুষ্ঠিত হোৱা বিশ্ব মেলাৰ মূল পেভিলিয়ন হিচাপে নিৰ্মাণ কৰা স্মৃতিসৌধ ৷ ইয়াৰ উদ্দেশ্য আছিল ধাতু উদ্যোগক সন্মান জনোৱা ৷ আইফেল টাৱাৰৰ দৰে এই এটমিয়ামটোও অস্থায়ী ভাৱে কেৱল বিশ্ব মেলাৰ বাবেই নিৰ্মাণ কৰা হৈছিল ৷ এই গাঁথনিটো মাত্ৰ ছমাহৰ ভিতৰতে আঁতৰোৱাৰ পৰিকল্পনা আছিল যদিও বৰ্তমানো ই ব্ৰাছেলচৰ প্ৰতীক আৰু জনপ্ৰিয় পৰ্যটনস্থলী ৷ পৰমাণুৰ আৰ্হিত নিৰ্মিত এটমিয়ামত আঠটা ষ্টীলৰ গোলক আছে ৷ প্ৰতিটোকে মোটা টিউবেৰে সংযোগ কৰা হৈছে ৷ কিছুমান টিউবৰ ভিতৰেৰে চিৰি আৰু এস্কেলেটৰ আছে যিবোৰেৰে পৰ্যটকে এটা গোলকৰ পৰা আনটো গোলকলৈ যাব পাৰে ৷ অৱশ্যে আঠটা গোলকৰ পাঁচটাহে দৰ্শকৰ বাবে মুকলি ৷ এই গোলকত মিউজিয়াম, কলাকেন্দ্ৰ, সাংস্কৃতিক স্থান আৰু ৰেস্তোৰাঁ আছে ৷ ১০২ মিটাৰ উচ্চতাৰ এই নিদৰ্শনৰ পৰা চহৰখনৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবেও ই আকৰ্ষণীয় হৈ পৰিছে ৷ এটমিয়ামৰ পৰা আমি ব্ৰাছেলচৰ বিখ্যাত গ্ৰেণ্ড প্লেচলৈ যাওঁ ৷
ব্ৰাছেলচৰ প্ৰায় কেন্দ্ৰত গ্ৰেণ্ড প্লেচ (Grand Place) বা গ্ৰেণ্ড স্কোৱাৰ অৱস্থিত ৷ এই অঞ্চল সংস্কৃতি, বৈশিষ্টপূৰ্ণ স্থাপত্য আৰু কলাত্মক শৈলীৰ বৰ্ণিল মিশ্ৰণৰ এক অসাধাৰণ উদাহৰণ ৷ ই ব্ৰাছেলচৰ ৰাজনৈতিক, ঐতিহাসিক আৰু সাংস্কৃতিক কেন্দ্ৰ ৷ বৰ্তমান গ্ৰেণ্ড প্লেচত ব্ৰাছেলচৰ ঐতিহ্য টাউন হল, ৰজাৰ ঘৰ (King’ House), গিল্ড হাউচ, ব্যক্তিগত ভৱন, চহৰখনৰ আটাইতকৈ ডাঙৰ বজাৰ আদি আছে ৷ ডাচ ভাষাত যাক Grote Markt বুলি কোৱা হয় ৷ এই চৌহদৰ স্থাপত্য বৰ্ণনাতীত ৷ বজাৰ বুলি ক’লেই দোকানত আকৰ্ষণীয়কৈ সজাই থোৱা সামগ্ৰীবোৰলৈ চকু যায়েই বিশেষকৈ আমাৰ মহিলাসকলৰ ৷ সেয়ে প্ৰথমতেই দুখন মান দোকানত সোমালোঁ ৷ দোকানত বস্তুবোৰ অতি আকৰ্ষণীয় কিন্তু মই ঢুকি পোৱা দামৰ ভিতৰত একোৱেই নাপালোঁ ৷ ব্ৰাছেলচ চকলেটৰ বাবে বিখ্যাত, বিভিন্ন আকাৰৰ সুস্বাদু, আকৰ্ষণীয় চকলেটৰে বজাৰ ভৰা ৷ যথেষ্ট দাম যদিও তাকেই অলপ কিনিলোঁ ৷
বজাৰত ঘূৰি ফুৰোঁতে প্ৰায় সকলো দোকানতে সৰু ডাঙৰ বিভিন্ন জোখৰ সৰু নঙঠা ল’ৰা এজনে প্ৰস্ৰাৱ কৰি থকা মূৰ্তি এটা দেখি মূৰ্তিটোৰ বিষয়ে জানিবলৈ মন গ’ল ৷ দোকানৰ কৰ্মকৰ্তাক কিবা সুধিলেও তেওঁলোকে নিজৰ স্থানীয় ভাষা¸, ফ্ৰান্স বা জাৰ্মান ভাষা বাহিৰে বুজি নাপায় ৷ শেষত বিপুলক সুধি জানিব পাৰিলোঁ “Rebellious Sprit of City of Brussels” নামেৰে পৰিচিত এই মূৰ্তিৰ আঁৰৰ কাহিনী৷ মান্নেকেন পিচ (Manneken Pis) নামেৰে জনাজাত এই মূৰ্তি ব্ৰাছেলচৰ প্ৰতীক ৷ প্ৰথমতে ১৬১৯ চনত শিল্পী Jerome Duquesnoy প্ৰস্তুত কৰা মান্নেকেন পিচৰ মূৰ্তিটো বহুবাৰ চুৰি আৰু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বৰ্তমান সেইটোৰ অস্তিত্ব নাই ৷ বৰ্তমান মূৰ্তিটো ১৯৬৫ চনত সজা, যিটো ১৬১৯ চনত নিৰ্মিত মূৰ্তিৰ প্ৰতিমূৰ্তিহে ৷ বৰ্তমান ইয়াক ব্ৰাছেলচৰ চিটি মিউজিয়ামত ৰখা হৈছে ৷ মান্নেকেন পিচৰ আঁৰত বহুতো কিংবদন্তি আছে ৷ কোৱা হয় দ্বাদশ শতিকাৰ দুই বছৰীয়া ৰজা তৃতীয় গডফ্ৰেৰ কাহিনী ৷ প্ৰচলিত এই কাহিনী অনুসৰি এই ৰজাৰ সৈন্যৰ লগত বাৰ্থাউট (Berthout)ৰ সৈন্যসকলৰ যুদ্ধ হৈছিল ৷ যুদ্ধত সাহস আৰু মনোবল বাবে সৈনিকসকলে দুবছৰীয়া ৰজাক এটা পাচিত ভৰাই ওক গছত ওলমাই থৈছিল ৷ সৈন্যসকল ভয়াবহ বিপদত পৰাৰ সময়তে কণমানি ৰজাই ওপৰৰ পৰা বাৰ্থাউট সৈন্যৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ ফলত শত্ৰু পক্ষক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ মান্নেকেন পিচে আজিও এই বিজয়ৰ স্মৃতিক সজীৱ কৰি ৰাখিছে ৷ আন এটা কিংবদন্তি অনুসৰি চতুৰ্দশ শতিকাত ব্ৰাছেলচ বিদেশী শক্তিৰ দ্বাৰা আক্ৰান্ত হোৱা সময়ত আক্ৰমণকাৰীয়ে চহৰৰ দেৱাল বিস্ফাৰণৰ পৰিকল্পনা কৰিছিল ৷ জুলিয়ানস্কে নামৰ সৰু লৰা এজনে তেওঁলোকৰ ওপৰত চোৰাংচোৱাগিৰি কৰি আছি ল৷ তেওঁ জ্বলি থকা ফিউজত প্ৰস্ৰাৱ কৰাৰ ফলত চহৰখন বিপদৰ পৰা ৰক্ষা পৰিছিল ৷ ইয়াৰ বাহিৰেও মান্নেকেন পিচক লৈ বহু কাহিনী আছে ৷ কাহিনী যিয়েই নহওক ব্ৰাছেলচৰ চৌদিশে মান্নেকেন পিচৰ মূৰ্তি দেখিবলৈ পোৱা যায় ৷ মূলতে ই এটা ফোঁৱাৰা আছিল যিয়ে পঞ্চদশ শতিকাৰ পৰা খোৱাপানী বিতৰণত অপৰিহাৰ্য ভূমিকা পালন কৰিছিল ৷ ব্ৰাছেলচৰ বিভিন্ন অনুষ্ঠানৰ সময়ত মূৰ্তিটো বিভিন্ন বিলাসী কাপোৰেৰে সজোৱা হয় ৷ কোৱা হয় এহেজাৰতকৈ অধিক পোছাক আছে মান্নেকেন পিচৰ ৷ ব্ৰোঞ্জৰ এটা সৰু¸ মান্নেকেন পিচৰ মূৰ্তি ব্ৰাছেলচৰ স্মৃতি হিচাপে কিনিহে মনটো ভাল লাগিল ৷

আন এখন দোকানত বাহিৰৰ পৰাই দেখিলোঁ চকু থৰ হৈ যোৱা হাতেৰে কৰা বিভিন্ন ডিজাইনৰ এম্ৰোইডাৰী কৰা সামগ্ৰী৷ এম্ৰোইডাৰীৰ প্ৰতি মই বৰ আগ্ৰহী সৰু কিবা এখন হ’লেও কিনিম বুলি সোমাই গ’লোঁ দোকানখনলৈ ৷ কিন্তু দাম শুনি চকু কপালত উঠিল ৷ ঠোঁট-মুখ চেলেকি ওলাই আহিলোঁ ৷
বজাৰৰ মাজেৰে আগবাঢ়ি গৈয়েই গ্ৰেণ্ড প্লেচ ৷ এই বিশাল চৌহদটো অতি সমৃদ্ধিশালী আৰু জটিল স্থাপত্যৰ নিদৰ্শন ৷ ইয়াক বিশ্বৰ অন্যতম সুন্দৰ চৌহদ বুলি কোৱা হয় ৷ গ্ৰেণ্ড প্লেচৰ নিৰ্মাণৰ ইতিহাস একাদশ শতিকাতে আৰম্ভ হয় যদিও পৰৱৰ্তী সময়ত সঘনাই ইয়াৰ পৰিৱৰ্তন হয় ৷ মূলতঃ সপ্তদশ শতিকাৰ পৰা এই স্থান ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰত পৰিণত হয় ৷ বৰ্তমান গ্ৰেণ্ড প্লেচ ব্ৰাছেলচৰ আটাইতৈক গুৰুত্বপূৰ্ণ পৰ্যটন স্থলী আৰু স্মৰণীয় লেণ্ডমাৰ্ক ৷ ১৯৯৮ চনৰ পৰা ইউেনস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হয়্ ৷ বিভিন্ন উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠানৰ অায়োজন কৰা গ্ৰেণ্ড প্লেচৰ স্থাপত্য নেদেখিলে কল্পনা কৰা সম্ভৱ নহয় ৷
গ্ৰেণ্ড প্লেচৰ টাউন হলটো ব্ৰাবান্টাইন গথিক শৈলীৰ ৯৬ মিটাৰ ওখ ৷ ইয়াৰ চাদৰ ওপৰত বৰ্গক্ষেত্ৰ আকাৰৰ টাৱাৰটো সংকুচিত হৈ এটা শিখৰ যুক্ত অষ্টভূজলৈ পৰিণত হৈছে ৷ ইয়াৰ শিখৰত ব্ৰাছেলচ চহৰৰ পৃষ্ঠপোষক চেণ্ট মাইকেলৰ সোণ বৰণীয়া ধাতুৰ মূৰ্তি এটা থিয় হৈ আছে ৷ প্ৰথমতে যেতিয়া এই মূৰ্তিটো এই স্থানত স্থাপন কৰা হৈছিল তেতিয়া এই মূৰ্তিটো হেনো সোণৰ আছিল ৷ নব্বৈৰ দশকত ইয়াক আঁতৰাই তাৰ ঠাইত এটা প্ৰতিমূৰ্তি ৰখা হৈছে ৷ প্ৰকৃত মূৰ্তিটো বৰ্তমান ‘ব্ৰাছেলচ চিটি মিউজিয়াম’ত আছে ৷ টাউন হলটো অসমতাপূৰ্ণ, অট্টালিকাৰ টাৱাৰটো ঠিক মাজত নহয় আৰু বাওঁফালৰ অংশ আৰু সোঁফালটো সমান নহয় ৷ অৱশ্যে প্ৰথম দেখোঁতে ধৰিব নোৱাৰি, ভালদৰে মন কৰিলেহে গম পোৱা যায় ৷ কিংবদন্তি অনুসৰি অট্টালিকাৰ স্থপতিবিদগৰাকীয়ে এই ভুল আৱিষ্কাৰ কৰাৰ লগে লগে টাৱাৰৰ পৰা জপিয়াই মৃত্যুবৰণ কৰিছিল ৷
আন এটা উল্লেখনীয় নিদৰ্শন যিটো ‘কিংচ হাউচ’ নামে পৰিচিত ৷ দ্বাদশ শতিকাৰ পৰাই এই স্থানত এটা কাঠৰ অট্টালিকা আছিল যিটো ৰজাৰ ঘৰ আছিল ৷ সেই সময়ত তাত ৰুটি বিক্ৰী কৰা হৈছিল, সেয়েহে ইয়াৰ নাম ব্ৰেড হাউচ বা ব্ৰেড হল ৷ বহুবাৰ ভঙা-পতাৰ অন্তত নতুন কিংচ হাউচটো ঊনবিংশ শতিকাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ বৰ্তমানৰ এই ভৱনটোত “ব্ৰাছেলচ চিটি মিউজিয়াম” য’ত অন্যান্য ভাস্কৰ্যৰ লগতে টাউন হলৰ মূল ভাস্কৰ্যসমূহো ৰখা হৈছে ৷ ইয়াৰ উপৰিও গ্ৰেণ্ড প্লেচত বিভিন্ন আটকধুনীয়া অট্টালিকা আছে যিসমূহে ব্ৰাছেলচৰ অসাধাৰণ স্থাপত্যৰ পৰিচয় বহন কৰি আছে ৷
ব্ৰাছেলচৰ গ্ৰেণ্ড স্কোৱাৰৰ অতুলনীয় স্থাপত্য চাই আমি সেইদিনাই পেৰিচলৈ ৰাওনা হ’লোঁ ৷
(আগলৈ)
