Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

আলোকনগৰী পেৰিচত দুনিশা

Jona Mahanta, November 13, 2023November 22, 2023

( ইউৰোপ ভ্ৰমণৰ নৱম খণ্ড)

Eiffel Tower

পেৰিচত পূৰ্ব নিৰ্ধাৰিত হোটেল ‘গোল্ডেন টিউলিপ’ত অলপ জিৰণি লৈ নিশাৰ আহাৰ কৰি প্ৰতি নিশাই বিদ্যুতৰ কৃত্ৰিম পোহৰত তিৰবিৰাই উঠা আইফেল টাৱাৰলৈ চাবলৈ ওলালোঁ ৷ আইফেল টাৱাৰৰ অপূৰ্ব দৃশ্য লগতে নিশাৰ পেৰিচৰ সৌন্দৰ্য উপভোগ কৰি হোটেললৈ উভতিলোঁ ৷

অতীজৰে পৰা পেৰিচ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় চহৰ হৈ আহিছে ৷ ব্যৱসায়-বাণিজ্য, অধ্যয়ন, সংস্কৃতি, মনোৰঞ্জন, চিত্ৰকলা, সাহিত্য আদি সকলো ক্ষেত্ৰতে পেৰিচৰ অৰিহণা উল্লেখনীয় ৷ কেৱল ফ্ৰান্সৰ বাবেই নহয় সমগ্ৰ ইউৰোপৰ বাবেও উল্লেখযোগ্য জল আৰু স্থলপথ উভয়ৰে সংযোগস্থলত অৱস্থিত পেৰিচৰ ভৌগোলিক অৱস্থানে ইয়াৰ বৃদ্ধিৰ ওপৰত নিৰন্তৰ প্ৰভাৱ পেলাই আহিছে ৷ ৰোমান প্ৰশাসনৰ অধীনত, খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে পেৰিচৰ প্ৰাধান্য দৃঢ়ভাৱে প্ৰতিষ্ঠিত হয় আৰু আধুনিক ফ্ৰান্সে গঢ় লোৱাৰ লগে লগে পেৰিচ ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হৈ পৰে ৷ পেৰিচ, আইল-ডি-ফ্ৰান্স অঞ্চলৰ কেন্দ্ৰত অৱস্থিত ৷

পেৰিচ বুলি ক’লেই যদিও আমাৰ মনলৈ আহে আইফেল টাৱাৰ, প্ৰকৃততে পেৰিচ এখন ঐতিহ্যময় ইতিহাস সমৃদ্ধ চহৰ ৷ ফ্ৰান্সৰ ৰাজধানী পেৰিচ ইউৰোপৰ এখন প্ৰধান চহৰ হোৱাৰ উপৰিও শিল্প, ফেশ্বন, সংস্কৃতি আদিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে লেখত ল’বলগীয়া চহৰ ৷ দুদিনৰ ভ্ৰমণকালত পেৰিচৰ দৰে চহৰ এখনৰ বিষয়ে বিশেষ জনা সম্ভৱ নহয় মাত্ৰ কিছুমান আকৰ্ষণীয় তথা বিখ্যাত স্মৃতিসৌধ নিজৰ চকুৰে চাই মনতে পেৰিচলৈ অাহিছোঁ বুলি শান্তি লাভ কৰাৰ বাহিৰে ৷

পেৰিচ সদায় ইতিহাসৰ কেন্দ্ৰবিন্দু হৈ আহিছে ৷ সমগ্ৰ মহানগৰীখনত সিঁচৰিত হৈ আছে প্ৰতিটো যুগৰ স্মৃতিসৌধ, ভৰি আছে অসাধাৰণ স্থাপত্য শৈলীৰ নিদৰ্শন ৷ আটাইতকৈ প্ৰাচীন কীৰ্তিচিহ্নৰে পৰা আৰম্ভ কৰি শেহতীয়া অট্টালিকালৈকে যিকোনো ব্যক্তিয়েই নিজৰ ভাল লগা কিবা এটা বিচাৰি পায় ৷ এইসমূহ কেৱল অতীতৰ সাক্ষীয়েই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত স্থাপত্যৰ কৃতিত্বও ৷ ইয়াৰে কিছুমান বিশেষকৈ আইফেল টাৱাৰ ইমানেই শক্তিশালী প্ৰতীক যে ইয়াক প্ৰায়েই সংবাদ মাধ্যমত দেখা পোৱা যায় ৷ পেৰিচৰ এই ধুনীয়া কীৰ্তিচিহ্নসমূহৰ বিখ্যাত শিল্পকৰ্মসমুহ চাবলৈ সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ পৰা কলাপ্ৰেমীসকলৰ পেৰিচলৈ আগমণ ঘটে ৷ পেৰিচক ইমান আকৰ্ষণীয় আৰু মনোমোহা কৰি তোলাৰ প্ৰধান কাৰণটোয়ে হ’ল ইয়াৰ স্থাপত্য ৷ কাঁচেৰে নিৰ্মিত অত্যাধুনিক অট্টালিকা ‘লুই ভিটন ফাউণ্ডেশ্বন’(Louis Vuitton Foundation)ৰ পৰা আৰম্ভ কৰি ঐতিহাসিক ‘হাউছমেনিয়ান’(Haussmannian) এপাৰ্টমেণ্টলৈকে পেৰিচ বিভিন্ন স্থাপত্য শৈলীৰে ভৰি আছে ৷ স্থাপত্য প্ৰেমীসকলৰ নিজৰ প্ৰিয় যুগ বা শৈলী যিয়েই নহওক কিয়, নিজৰ আবেগক সন্তুষ্ট কৰিবলৈ প্ৰতিজন পৰিব্ৰাজকৰ বাবেই কিবা নহয় কিবা ইয়াত আছে ৷ পেৰিচ কেৱল স্মৃতিসৌধ, মিউজিয়াম আৰু কেফেৰ বাবেই পৰিচিত নহয় ৷ ইয়াৰ উপৰিও পেৰিচ এখন আচৰিত ধৰণে ধুনীয়া চহৰ ৷

পেৰিচ কেৱল কংক্ৰিটৰ দ্বাৰা নিৰ্মিত নহয়, ধুনীয়া ধুনীয়া সেউজীয়া ঠায়ো আছে ৷ চহৰখন বীচ আৰু ওক গছৰ ডাঙৰ ডাঙৰ গছেৰে আবৃত ৷ ‘পেৰিচৰ হাওঁফাওঁ’ বুলি কোৱা এই গছসমূহে অতি ঔদ্যোগিক অঞ্চলটোৰ বায়ু বিশুদ্ধ কৰাত সহায় কৰে ৷

বিদ্যুতৰ আৱিষ্কাৰ হোৱাৰ আগৰে পৰা বহুতো ৰাজহুৱা লাইটৰ বাবে পেৰিচ যুগ যুগ ধৰি লাইটৰ চহৰ হিচাপে পৰিচিত হৈ আহিছে ৷ আলোক উজ্জ্বলতাৰ বাবে ‘আলোক নগৰী’ হিচাপে পৰিচিত পেৰিচে আজিও নিজৰ এই পৰিচয় বজাই ৰাখিবলৈ সক্ষম হৈছে ৷ পেৰিচ বিখ্যাত হোৱাৰ আন এটা কাৰণ হৈছে ই ‘চিটি অৱ লাভ’ নামেও জনাজাত ৷ প্ৰাচীন ইতিহাসৰ পৰা আধুনিক যুগলৈকে পেৰিচ প্ৰেম উদযাপন কৰা বা মোহনীয় আৱেগ বিহবল বিচৰা মানুহৰ বাবে এক গন্তব্যস্থান হৈয়েই আছে ৷

পেৰিচৰ মাজেৰে বৈ যোৱা দুয়োফালে পাৰ বন্ধা চেন (Seine) নদীত নৌকাবিহাৰৰ সময়ত সৌন্দৰ্য উপভোগ কৰি ৰোমান্তিক হৈ পৰা উদাহৰণ হয়তো বহুতো আছে ৷ চেন নদীৰ দুয়ো পাৰে ইয়াৰ আটাইতকৈ বিখ্যাত আকৰ্ষণীয় স্থান, নদীৰ পাৰৰ মনোমোহা চৌপাশ, ঐতিহ্যমণ্ডিত চুবুৰী, ঐতিহাসিক ফুটব্ৰিজবোৰ কেনেলৰ কাষেৰে পাৰ হৈ যায় ৷ ১৯৫০ চনত প্ৰথমবাৰৰ বাবে দৰ্শনীয় ক্ৰুজ আৰম্ভ হৈছিল আৰু বৰ্তমান এই নাওবোৰেই নিজেই পানীৰ ওপৰত এক অভিনৱ দৃশ্য সৃষ্টি কৰে ৷ ঘণ্টাজোৰা এই ক্ৰুজ কেইবাটাও কোম্পানীয়ে ‘Seine River Sight Seeing cruze’ নামেৰে পৰিচালনা কৰে ৷ ইয়াৰে অধিকাংশই আইফেল টাৱাৰৰ তলৰ পৰাই ৰাওনা হয় ৷ আমিও এই ঠাইৰ পৰা ক্ৰুজত গৈ আইফেল টাৱাৰ, লুভ মিউজিয়াম, নট্ৰে ডেম কেথেড্ৰল, প্লেচ ডি লা কনকৰ্ড, গ্ৰেণ্ড আৰু পেটিট পাল-আইছ আৰু মিউজিয়াম ডি’অৰ্চে আদিৰ দৰে বিখ্যাত আকৰ্ষণীয় স্থানসমূহকে ধৰি পেৰিচৰ মন্ত্ৰমুগ্ধকৰ মনপৰশা স্থানসমূহ প্ৰত্যক্ষ কৰিলোঁ ৷

আইফেল টাৱাৰ আৰু চেন নদীত ক্ৰুজৰ পৰা উভতি আহি পাৰতে মাটিত কাপোৰ পাৰি ৰখা বিভিন্ন ফটোৰ মাজত আমাৰ নৌকা বিহাৰৰ ফটো দেখি আচৰিত হ’লোঁ ৷ আচলতে কিছুমান লোকে ব্যৱসায়ৰ বাবে ক্ৰুজলৈ যোৱা সময়তে পৰিব্ৰাজকসকলৰ ফটো তোলে ৷ পৰিব্ৰাজকৰ ক্ৰুজৰ সময় ছোৱাত প্ৰিণ্ট উলিয়াই এনেদৰে ৰাখে যাতে ক্ৰুজৰ পৰা উভতি আহি তেওঁলোকৰ চকুত পৰে আৰু কিনি লয় ৷ অৱশ্যে এনে ব্যৱসায় পাছত আমি হংকঙতো দেখিবলৈ পাইছিলোঁ ৷

পেৰিচলৈ যোৱা হয়তো এনে এজন ব্যক্তি নাই যিয়ে আইফেল টাৱাৰ চোৱা নাই ৷ মাত্ৰ ২০ বছৰ বাবে নিৰ্মাণ কৰা আইফেল টাৱাৰৰ অপৰিসীম জনপ্ৰিয়তা আৰু গুস্তাভ আইফেলৰ বৈজ্ঞানিক পৰীক্ষাৰ বাবেই ১৩৪ বছৰে গৌৰৱেৰে থিয় হৈ আছে ৷ ১৮৮৯ চনত উন্মোচন হোৱাৰ পাছৰে পৰা কীৰ্তিস্তম্ভটোয়ে একেৰাহে ৪০ বছৰ ধৰি মানৱ সৃষ্ট বিশ্বৰ উচ্চতম গাঁথনি হিচাপে স্বীকৃতি পাই আছিল ৷ আইফেল টাৱাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক সময়ৰ পৰাই বতৰ্কিৰ মাজত সোমাই পৰিছিল, শেষত আইফেল টাৱাৰে ইয়াৰ অতি উগ্ৰ সমালোচকৰো হৃদয় আৰু মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান আইফেল টাৱাৰে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক আকৰ্ষণ কৰাৰ উপৰিও প্ৰতি বছৰে লক্ষ লক্ষ দৰ্শকে ভ্ৰমণ কৰে ৷ আইফেল টাৱাৰ নিৰ্মাণ কৰা কোম্পানীটো ধাতুৰে দলং, ৰেলৱে ষ্টেচন আদি নিৰ্মাণৰ উপৰিও বহুতো বিশ্ববিখ্যাত স্মৃতিসৌধ নিৰ্মাণ কৰাৰ বাবে জনাজাত ৷ এইসমূহৰ ভিতৰত এটা উল্লেখনীয় স্মৃতিসৌধ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্ক চহৰৰ ‘ষ্টেচু অৱ লিবাৰ্টি’ (Statue of Liberty) যিটো ১৮৮৬ চনত আমেৰিকাৰ স্বাধীনতা ঘোষণাৰ এশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ফ্ৰান্সৰ পৰা উপহাৰ হিচাপে দিয়া হৈছিল ৷

ফৰাচী বিপ্লৱৰ শতবাৰ্ষিকী উদযাপনৰ বাবে ফ্ৰান্স চৰকাৰে ১৮৮৯ চনৰ আন্তৰ্জাতিক প্ৰদৰ্শনীৰ আয়োজন কৰিছিল আৰু ইয়াৰ বাবে উপযুক্ত স্মৃতিসৌধৰ ডিজাইনৰ বাবে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৷ এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা এশৰো অধিক প্ৰতিদ্বন্দ্বীৰ ভিতৰত শতবাৰ্ষিকী সমিতিয়ে বিখ্যাত দলং অভিযন্তা গুস্তাভ আইফেলৰ (Gustave Eiffle) কোম্পানীৰ প্ৰকল্পটো নিৰ্বাচিত কৰিছিল ৷ প্ৰায় সম্পূৰ্ণৰূপে মুকলি জালিৰে তৈয়াৰী ‘পিটোৱা লোহা’ (Wrought Iron)ৰে নিৰ্মিত ৯৮৪ ফুট উচ্চতাৰ স্তম্ভৰ ধাৰণাটোৱে নান্দনিক ভিত্তিত বিস্ময়, সন্দেহৰ লগতে জনসাধাৰণৰ মাজত¸ বিৰোধিতাৰ সৃষ্টি কৰিছিল ৷ আৰম্ভণিতে কোনেও ইয়াক শিল্পকৰ্মৰ নিদৰ্শন বুলি গণ্য কৰা নাছিল ৷ ফ্ৰান্সত হ’বলগীয়া বিশ্বমেলাৰ প্ৰস্তুতি বুলিয়েই ধৰি লৈছিল ৷ সেই সময়ত বহুতেই এই নিদৰ্শনটো নিৰ্মাণৰ ক্ষেত্ৰত বিৰোধিতা কৰি ‘Artists Against Mr . Eiffel’s Tower’ শীৰ্ষক এখন পত্ৰত নিজৰ উদ্বেগ প্ৰকাশ কৰিছিল ৷ জনসাধাৰণে মত পোষণ কৰিছিল পেৰিচৰ দৰে সুন্দৰ চহৰ এখনত এটা লোহাৰ টাৱাৰে চহৰখনৰ সৌন্দৰ্যত ব্যাঘাত কৰিব ৷ ভাৰলেনে আইফেল টাৱাৰটোক “বেফ্ৰয়ৰ কংকাল”(Skeleton of Beffroi) বুলি অভিহিত কৰি কৈছিল, এই বিশাল টাৱাৰটোৰ অশুভ ৰূপটোৱে চহৰখনক বিকৃত কৰাটো নিশ্চিত ৷ প্ৰদৰ্শনীৰ ‘আদৰণি তোৰণ’ হিচাপে নিৰ্মাণ কৰা এই বৃহৎ আকাৰৰ টাৱাৰটো মাত্ৰ দুই বছৰ, দুই মাহ আৰু পাঁচ দিনত সম্পূৰ্ণ কৰিছিল ৷
আইফেল টাৱাৰ বগাবলৈ আৰম্ভ কৰাৰ লগে লগে মোৰ মন এক অতুলনীয় অনুভূতিৰে ভৰি পৰিছিল ৷ ইয়াৰ তিনিটা স্তৰ বগাই একেবাৰে শীৰ্ষত উপনীত হৈ শিখৰৰ পৰা দেখা পেৰিচৰ অতুলনীয় সৌন্দৰ্য উপভোগ কৰাৰ অভিজ্ঞতাই সুকীয়া যাক শব্দৰে প্ৰকাশ কৰাৰ মোৰ বাবে এক বৃথা চেষ্টা ৷ যিমানেই ওপৰলৈ যোৱা যায় সিমানেই চহৰখনে যেন নিজকে প্ৰকাশ কৰে ৷ ইফালে সিফালে থকা স্মৃতিসৌধবোৰ ওলাই পৰে, ৰাস্তাবোৰত গাড়ীবোৰ পৰুৱাৰ লানি নিচিগা শাৰী যেন লাগে আৰু আনকি প্ৰাকৃতিক দৃশ্যও সলনি হ’বলৈ আৰম্ভ কৰে ৷
আইফেল টাৱাৰ তিনিটা স্তৰেৰে গঠিত ৷ প্ৰথম মহলা, দ্বিতীয় মহলা আৰু শিখৰ বা শীৰ্ষ স্তৰ ৷ তিনিওটা স্তৰলৈ যাবলৈ পৰ্যায় ক্ৰমে লিফ্‌টৰ ব্যৱস্থা আছে ৷ এই ব্যৱস্থা অৱশ্যে বিনামূলীয়া নহয় ৷ লিফ্‌টসমূহ পোনে পোনে ওপৰলৈ নগৈ নিৰ্দিষ্ট কোণলৈ গতি কৰে অৱশ্যে লিফ্‌টৰ ভিতৰত থকা অৱস্থাত এই কথা অনুভৱ কৰা নাযায় ৷ লিফ্‌টৰ উপৰিও দ্বিতীয় মহলালৈ চিৰি বগাই যোৱাৰ ব্যৱস্থাও আছে ৷ তৃতীয় স্তৰলৈ অৱশ্যে লিফ্‌টৰেই যাব লাগে ৷ শীৰ্ষ স্তৰ বা তৃতীয় স্তৰলৈ চিৰিৰে বগাই যোৱাৰ অনুমতি নাই ৷ নিসন্দেহে চিৰিৰে বগোৱা মোৰ বাবে অসম্ভৱ কাৰ্য সেয়ে আমি লিফ্‌টেৰে ওপৰলৈ যাওঁ ৷ প্ৰথম মহলাত প্ৰদৰ্শনী, কাঁচৰ মজিয়া, স্মৃতিগ্ৰন্থৰ দোকান, ৰেস্তোৰাঁ আদি আছে ৷ দ্বিতীয় মহলাতো দোকান, ৰেস্তোৰাঁ আৰু এটা পৰ্যবেক্ষণ স্থান আছে ৷
আইফেল টাৱাৰ গুস্তাভ আইফেলৰ নামেৰে নামকৰণ কৰিলেও গুস্তাভ আইফেলে টাৱাৰটোৰ ডিজাইন কৰা নাছিল ৷ আচলতে আইফেল কোম্পানীৰ অভিযন্তা মৰিছ ক’চলিন (Maurice Koechlin), এমিল ন’গুৱেৰ (Emile Nouguier) আৰু স্থপতিবিদ ষ্টিফেন ছ’ভেষ্ট্ৰে (Stephen Sauvestre) মূল ডিজাইন আঁকিছিল আৰু পৰিকল্পনা কৰিছিল ৷ গুস্তাভ আইফেলে টাৱাৰৰ ২৭৫ মিটাৰ উচ্চতাত তেওঁ নিজৰ বাবে এটা ব্যক্তিগত কোঠা অন্তৰ্ভুক্ত কৰিছিল য’ত তেওঁ থমাচ এডিচনৰ দৰে বিখ্যাত অতিথিসকলক আতিথ্য দিছিল ৷ বৰ্তমান অৱশ্যে এইকোঠা জনসাধাৰণৰ বাবে মুকলি যিটো চকী-মেজ, আচবাবেৰে সুসজ্জিত ৷
দিনত দেখা আইফেল টাৱাৰ আমি ফটো বা চিনেমা আদিত দেখাৰ দৰেই ৷ কিন্তু ৰাতি সম্পূৰ্ণ বেলেগ হৈ পৰে ৷ সূৰুযে মেলানি মগাৰ লগে লগে পোহৰৰ চহৰ পেৰিচ জিলিকি উঠে ৷ সেই সময়তে বহু মাইল দূৰৰ পৰাই তিৰবিৰাই উঠে ‘আয়ৰণ লেডী’ নিজৰ আটাইতকৈ ধুনীয়া সোণালী সাজযোৰ পিন্ধি ৷ পেৰিচ গৈ পোৱাৰ কিছু সময় পাছতেই আমাক লৈ গৈছিল ৰাতিৰ আইফেল টাৱাৰ চাবলৈ ৷ মনে মনে ভাবিছিলোঁ ৰাতি কি চাম ! তালৈ গৈহে অনুভৱ কৰিছিলোঁ জীৱনত কেতিয়াও পাহৰিব নোৱাৰা মহীয়ান কৰি তোলা বিৰল দৃশ্যৰ মাদকতা ৷ বুজিব পাৰিছিলোঁ কিয় প্ৰতিদিনে হাজাৰ হাজাৰ লোকে পকেটৰ মোটা ধন ভাঙি আহি ভিৰ কৰেহি পেৰিচৰ আইফেল টাৱাৰ চাবলৈ ৷ চকুৰে দেখা সেই দৃশ্যৰ বৰ্ণনা কৰাৰ ধৃষ্টতা মোৰ নাই ৷ ১৯৮৫ চনৰ ৩১ ডিচেম্বৰত আইৰণ লেডীয়ে প্ৰথমবাৰৰ বাবে পিন্ধিছিল সোণালী কাপোৰ, সামৰি লৈছিল হালধীয়া-কমলা ৰঙৰ স্পটলাইট ৷ যাৰ ফলত নিশা হৈ পৰে আয়ৰণ লেডী বিশ্ব সুন্দৰী ৷
আইফেল গুস্তাভৰ পৰামৰ্শ অনুসৰিয়েই বৰ্তমানো আইফেল টাৱাৰ সাত বছৰৰ মূৰে মূৰে ৰং কৰা হয় যাতে মামৰে নধৰে ৷ কোৱা হয় ইয়াক ৰং কৰিবলৈ দহ টা হাতীৰ ওজনৰ সমান ৰঙৰ প্ৰয়োজন হয় ৷


কিছুমান শিল্পকৰ্ম যুগ যুগ ধৰি জীয়াই থাকে ৷ বহু ভিন্ন সৃষ্টি, বিখ্যাত শিল্পীৰ চিত্ৰ, ভাস্কৰ্য, স্থাপত্যৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পেৰিচলৈ যোৱা প্ৰতিজন পৰিব্ৰাজকৰ লুভ্ৰ [(Louvre)ৰ মিউজিয়াম চোৱাৰ হেঁপাহ কৰে ৷ ফ্ৰান্সৰ এই বিখ্যাত ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু আৰ্ট গেলেৰিটো পেৰিচৰ ৰাজপ্ৰাসাদ ‘লুভ্ৰ প্ৰাসাদত’ (Louvre Palace) অৱস্থিত যি স্থানত দ্বাদশ শতিকাতে ফিলিপ অগাষ্টাছই নিৰ্মাণ কৰা দুৰ্গ আছিল ৷ মহান শিল্প সংগ্ৰাহক প্ৰথম ফ্ৰান্সিছে পুৰণি দুৰ্গটো ভাঙি সেই ঠাইত ৰাজকীয় বাসগৃহ ‘লুভ্ৰ’ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ বিভিন্ন সময়ত পৰৱৰ্তী ফৰাচী ৰজাসকলে এই ৰাজকীয় বাসগৃহত বিভিন্ন সংযোজন কৰিছিল ৷ সপ্তদশ শতিকাৰ শেষভাগত চতুৰ্দশ লুয়ে নিজৰ দৰবাৰ স্থানান্তৰিত কৰাত এই ৰাজকীয় প্ৰাসাদ পৰিত্যক্ত হৈ পৰে ৷ ১৭৯৩ চনত এই বাসগৃহটো মিউজিয়ামলৈ ৰাপান্তৰিত কৰি জনসাধাৰণৰ বাবে মুকলি কৰে ৷ তাৰ পিছতো ধাৰাবাহিকভাৱে বিভিন্ন সময়ত এই মিউজিয়ামত বিভিন্ন সংযোজন কৰা হয় ৷ কোৱা হয় ইয়াত প্ৰদৰ্শিত শিল্পকৰ্মসমূহ ত্ৰিশ ছেকেণ্ডৰ বাবে চাবলৈও এশ দিনৰ প্ৰয়োজন ৷ এনে এটি বিখ্যাত মিউজিয়াম চোৱাৰ প্ৰৱল ইচ্ছা থকা সত্বেও আমাৰ ভিতৰলৈ গৈ চোৱাৰ সৌভাগ্য নহ’ল ৷ দীঘলীয়া শাৰী অতিক্ৰম কৰি মিউজিয়ামৰ ভিতৰত প্ৰৱেশ কৰিবলৈও বহু সময়ৰ প্ৰয়োজন ৷ সেয়ে কাঁচৰ পিৰামিড সদৃশ মুখ্য প্ৰৱেশ দ্বাৰ আৰু মিউজিয়ামৰ বিশাল বিল্ডিংটোকে বাহিৰৰ পৰাই চালোঁ ৷ প্ৰতি দিনে হাজাৰ হাজাৰ দৰ্শনাৰ্থী আহে এই মিউজিয়ামলৈ, ইয়াৰ অধিকাংশই লিওনাৰ্ডো ডা ভিঞ্চিৰ বিশ্ব বিখ্যাত মনালিছাৰ বাবেই আহে ৷

প্লেচ ডি লা কনকৰ্ড


তাৰপৰা আমি পেৰিচৰ আটাইতকৈ ডাঙৰ আৰু অন্যতম ৰাজহুৱা চৌহদ প্লেচ ডি লা কনকৰ্ড (Place de la Concorde)লৈ যাওঁ ৷ এই স্থান ফৰাচী বিপ্লৱৰ সময়ৰ বৃহৎ সমাৱেশৰ অন্যতম স্থান ৷ বৰ্তমান ১৮৩৬ চনতে নিৰ্মাণ কৰা লুক্সৰ অবেলিস্ক ( Luxor Obelisk), চাৰিওফালে বিখ্যাত হোটেল আৰু কীৰ্তিচিহ্নস্বৰূপ দুটা ফোৱাৰা আছে ৷ প্ৰায় প্ৰতিগৰাকী পৰ্যটককে এই স্থান দেখুৱায় ৷ প্ৰকৃততে এই স্থান ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ যাক সেই সময়ত Place de la Revolution বুলি কোৱা হৈছিল ৷ ১৭৯২ -১৭৯৩ চনত ফৰাচী বিপ্লৱৰ সময়ত পেৰিচত ২৪৯৮ জন লোকক গেলোটিনৰ দ্বাৰা শিৰচ্ছেদ কৰা হৈছিল ৷ এই স্থানতে ১১১৯ জন লোকৰ শিৰচ্ছেদ কৰিছিল ৷ এই সকলৰ মাজত ফৰাচী সম্ৰাট ষোড়শ লুই আৰু আৰু ৰাণী মেৰী এণ্টোৱানেটকে আদি কৰি বহু কেইজন প্ৰখ্যাত লোকৰ গিলোটিনৰ দ্বাৰা শিৰচ্ছেদ কৰা হৈছিল ৷ ১৮৩৬ চনত লুই ফিলিপে এই ৰাজনৈতিক ঘটনা সোঁৱৰাই নিদিয়াৰ উদ্দেশ্যেৰে অবেলিক্স স্থাপন কৰিছিল ৷
ফ্ৰান্সৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আন এটি স্মৃতিসৌধ ড’ম ডেছ ইনভালিডেছ (Dome Des Invalides) লৈ গৈছিলোঁ ৷ আইফেল টাৱাৰ নিৰ্মাণৰ আগলৈকে ই পেৰিচৰ আটাইতকৈ ওখ অট্টালিকা আছিল ৷ ১৬৭৭ চনতে চতুৰ্দশ লুইৰ নিৰ্দেশত ৰাজকীয় চেপেল হিচাপে নিৰ্মাণ কৰা ড’ম ডেছ ইনভালিডেছ বিভিন্ন সময়ত বিভিন্ন কামত বৱহাৰ কৰা হৈছিল ৷ ফৰাচী সশস্ত্ৰবাহিনীয়ে এই স্থানক আশ্ৰয় শিবিৰ, চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰিছিল যদিও এই অট্টালিকাটো ইমান গুৰুত্বপূৰ্ণ হোৱাৰ মূলতে হ’ল নেপোলিয়ন বোনাপাৰ্টৰ সমাধিস্থল ৷ ১৮২১ চনৰ ৫ মে’ত নিৰ্বাসনত নেপোলিয়নৰ মৃত্যুৰ পিছত তেওঁক চেণ্ট হেলেনাত সমাধিস্থ কৰা হৈছিল ৷ প্ৰথম লুই ফিলিপৰ ফৰাচী চৰকাৰে নেপোলিয়নৰ মৃতদেহ ঘূৰাই পঠিয়াবলৈ কৰা অনুৰোধ মৰ্মে ব্ৰিটিশ চৰকাৰৰ পৰা অনুমতি লাভ কৰে ৷ ১৮৪০ চনৰ ১৫ ডিচেম্বৰত ৰাজ্যিক অন্তোষ্টিক্ৰিয়া কৰা হয় শেষত ১৮৬১ চনৰ ২ এপ্ৰিলত ড’ম ডেছ ইনভালিডেছত সমাধিস্থ কৰা হয় ৷ ইয়াৰ উপৰিও তাত আছে সামৰিক মিউজিয়াম ৷ ৰোমৰ চেণ্ট পিটাৰ বেচিলিকাৰ পৰা অনুপ্ৰাণিত এই স্মৃতিসৌধটো ফৰাচী ধ্ৰুপদী স্থাপত্যৰ এটি সুন্দৰ নিদৰ্শন ৷ গম্বুজৰ ওপৰত সোণৰ কাৰুকাৰ্য খচিত ৷

‘আৰ্ক ডি ট্ৰায়’মফি’


পেৰিচত পৰিব্ৰাজকৰ আন এটা অন্যতম আকৰ্ষণীয় বিখ্যাত স্মৃতিস্তম্ভ ‘আৰ্ক ডি ট্ৰায়’মফি’ (Arc de Triomphe) ৷ এই স্মৃতিস্তম্ভটো ৰোমৰ টাইটাছ তোৰণৰ আৰ্হিত নেপোলিয়নৰ নিৰ্দেশত ফৰাচী সৈন্যৰ সৰ্ববৃহৎ সামৰিক সফলতাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল ৷ ইয়াক সম্পূৰ্ণ কৰিবলৈ ত্ৰিশ বছৰ সময় লাগিছিল ৷ সম্পূৰ্ণ হোৱাৰ পূৰ্বে নেপোলিয়নৰ মৃত্যু হোৱাত ১৮৩৬ চনত ফৰাচী ৰজা লুই ফিলিপে এই তোৰণখন উদ্ধোধন কৰিছিল ৷ এই তোৰণ দেখিবলৈ ইণ্ডিয়া গেটৰ দৰে, দেৱালত খোদিত কৰা আছে যুদ্ধৰ জেনেৰেলসকলৰ নাম লগতে যুদ্ধৰ নাম ৷ ফৰাচীসকলৰ গৌৰৱৰ এই স্থানত প্ৰতি সন্ধিয়া চাৰে ছয় বজাত জ্বলি উঠে স্মৃতি শিখা ৷
ৰাতি লাইটৰ পোহৰত জিলিকি উঠা পোহৰৰ চহৰখনৰ সৌন্দযৰ্ৰ লগতে পেৰিচৰ শতিকা পুৰণি বিখ্যাত চেম্পছ বজাৰৰ বিলাসী ব্ৰেণ্ডৰ দোকানৰ মাজে মাজে ঘূৰি ফুৰি আমাৰ পেৰিচ ভ্ৰমণ সামৰিলোঁ ৷
পিছদিনা আমি জাৰ্মানীৰ ব্লেক ফৰেষ্টলৈ যাওঁ ।

(আগলৈ)

Travelblog

Post navigation

Previous post
Next post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Poet
Lyricist & Author

Recent Posts

  • স্মৃতি সুঁৱৰি
  • মই যাজ্ঞসেনী
  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • June 2025
  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2026 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes